আপুনি যদি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ Class 6 ৰ শিক্ষাৰ্থী তেন্তে আপুনি আজি ইয়াত Class 6 Assamese Chapter 15 Question Answer [মহো-হো গীত প্ৰশ্ন উত্তৰ] বিনামূলীয়াকৈ পাব।
আনকি আপুনি যদি অসমীয়া মাধ্যমৰ বিদ্যালয়ত চাকৰি কৰি আছে তেন্তে আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীৰ বাবে মহো-হো গীত প্ৰশ্ন উত্তৰ [Class 6 Assamese Chapter 15 Question Answer] লিখাৰ প্ৰয়োজন নাই, ইয়াৰ পৰাই দিব পাৰিব।
ইয়াৰ আগতে আমি Class 6 Assamese Question Answer ত বহু কেইটা অধ্যায়ৰ আলোচনা কৰিছো, আপুনি বিচাৰিলে তলত দিয়া লিংকত ক্লিক কৰি পঢ়িব পাৰে।
- You Can Also Read:
মহো-হো গীত প্ৰশ্ন উত্তৰ। Class 6 Assamese Chapter 15 Question Answer 2023
Class 6 Assamese Chapter 15 Question Answer ত আমি ক্ৰিয়া-কলাপৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিছো। ইয়াত আছে অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ আৰু Assamese Grammar সমন্ধীয় কিছু প্ৰশ্ন উত্তৰ দিয়াৰ প্ৰয়াস কৰা হৈছে। আশা কৰোঁ এই লিখনিয়ে আপোনাক বহুত সহায় কৰিব।
ক- পাঠভিত্তিক ক্ৰিয়া
১) মহো-হো গীতটো শুদ্ধ উচ্চাৰণেৰে পদ্য হিচাপে পঢ়া আৰু আটায়ে মিলি অংগ-ভংগীৰে পৰিৱেশন কৰা ।
উত্তৰ— ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
২) পাঠত দিয়া মহো-হো গীতটোৰ অন্ত্যধ্বনি মিল থকা শব্দবোৰ বাছি উলিয়াই লিখা ।
— উদাহৰণ- হৌ-লউ
উত্তৰ—
অন্ত্যধ্বনি মিল থকা শব্দবোৰ | |
মহ্ মহওঁতে | ঘহাওঁতে |
পৰিল | মৰিল |
ভাইৰে | খাইৰে |
নুণ | দোন |
কড়ি | লৰি-চৰি |
যাওঁতে | পাওঁতে |
মালা | ভালা |
চাকা | টাকা |
মিকি | সিকি |
পাটে | ঘাটে |
৩) পাঠত দিয়া মহো-হো গীতটোত দুবিধ কৃষি-সঁজুলিৰ নাম আছে । সঁজুলি দুবিধ কি কি ? সঁজুলি দুবিধৰ ছবি আঁকা ।
উত্তৰ— পাঠত উল্লেখ থকা কৃষি-সঁজুলি দুবিধ হ’ল- সীৰলু আৰু মৈ ।
৪) উত্তৰ দিয়া ।
ক) মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে হাতে কি লৈছে ?
উত্তৰ— মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে হাতে টাঙোন লৈছে ।
খ) হিদাল গছত গা ঘহাওঁতে কি হ’ল ?
উত্তৰ— হিদাল গছত গা ঘহাওঁতে বাগৰি পৰিল আৰু সকলোবোৰ মহ মৰিল ।
গ) মহ খেদিবলৈ যোৱা ল’ৰাহঁতক গৃহস্থই চাউলৰ সলনি কি দিছে ?
উত্তৰ— মহ খেদিবলৈ যোৱা ল’ৰাহঁতক গৃহস্থই চাউলৰ সলনি কড়ি দিছে ।
ঘ)‘টাকা’ আৰু ‘সিকি’ মানে কি ?
উত্তৰ— ‘টাকা’ মানে হ’ল এটকীয়া মুদ্ৰা আৰু ‘সিকি’ মানে হ’ল পঁচিশ পইচাৰ মুদ্ৰা ।
ঙ) মহো-হো গীতটোত উল্লেখ থকা নৈখনৰ নাম কি ?
উত্তৰ— মহো-হো গীতটোত উল্লেখ থকা নৈখনৰ নাম বুঢ়াদিয়া নদীৰ নাম উল্লেখ আছে ।
খ- ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
৫) তলৰ পদবোৰত কি কি বিভক্তি যুক্ত হৈছে লিখা ।
পদ | বিভক্তি |
মাকোক টেপৰত ৰূপাৰ সিৰালে সোণাৰ বুঢ়াদিয়াৰ ঘাটে |
উত্তৰ—
পদ | বিভক্তি |
মাকোক | ওক |
টেপৰত | অত |
ৰূপাৰ | ৰ |
সিৰালে | এ |
সোণাৰ | ৰ |
বুঢ়াদিয়াৰ | ৰ |
ঘাটে | এ |
৬) মহো-হো গীতটোত থকা পাঁচটা বিশেষ্য পদ আৰু পাঁচটা ক্ৰিয়াপদ বাছি উলিয়াই তাৰ মান্যৰূপবোৰ লিখা ।
উত্তৰ—
বিশেষ্য পদ | মান্যৰূপ |
টকান | টাঙোন |
হিদেলি | হিদল |
নুণ | লোণ |
সোনাৰ | সোনৰ |
টাকা | টকা |
ক্ৰিয়াপদ | মান্যৰূপ |
লউ | ল |
দিলাক | দিলে |
গেল | গ’ল |
কইৰলু | কৰিলোঁ |
নহল | নহ’ল |
৭) বাক্য ৰচনা কৰা ।
চকচকীয়া চিকমিকীয়া সিকি সীৰলু টাঙোন |
চকচকীয়া → হলিৰাম মহাজনৰ গাড়ীখন সদায় চকচকীয়া হৈ থাকে ।
চিকমিকীয়া → অনিলে পূজালৈ বুলি নীলা চিকমিকীয়া কাপোৰ এযোৰ কিনিছে ।
সিকি → হৰিৰ মাকে সাঁচি থোৱা পুৰণি মুদ্ৰাবোৰৰ ভিতৰত দুটা ১৯২১ চনৰ সিকিও আছে।
সীৰলু → নাঙলৰ সিৰলুৰ পৰশত পথাৰখন জিপাল হৈ উঠিছে ।
টাঙোন → ৰাইজৰ টাঙোনৰ কোবত চোৰকেইতাই সঁচা কথা কৈ পেলালে ।
৮) পাঠত দিয়া মহো-হো গীতটোৰ পৰা তলত দিয়া শব্দবোৰৰ মান্য অসমীয়াৰ ৰূপবোৰ লিখা ।
টকান……………. মাইৰবা…………..
গাছত……………. নুণ………………
দিলাক…………… দেইখবা…………..
মাকোক্………….. কইৰলু……………
উত্তৰ—
শব্দ | মান্য অসমীয়াৰ ৰূপ |
টকান | টাঙোন |
গাছত | গছত |
মাকোক | মাকক |
মাইৰবা | মাৰিবলৈ |
নুণ | নিমখ |
দিলাক | দিলে |
দেইখবা | দেখিবলৈ |
কইৰলু | কৰালোঁ |
গ- জ্ঞান সম্প্ৰসাৰণ
জানো আহা
খৰালিকালত বহুদিন বৰষুণ নহ’লে মানুহৰ বহুত অসুবিধা হয়।কুঁৱাবোৰ শুকাই যায়, পথাৰত চিৰাল-ফাঁট দিয়ে। তেতিয়া মানুহে ভেকুলী দুটা ধৰি আনি দৰা-কইনা সজাই সিহঁতৰ মাজত বিয়া পাতি দিয়ে।এনেদৰে ভেকুলীৰ বিয়া পাতিলে বৰষুণ দিয়ে বুলি লোকসমাজে বিশ্বাস কৰে। এই বিয়াত মানুহৰ বিয়াৰ প্ৰায়বোৰ আচাৰ-অনুষ্ঠান সংক্ষিপ্ত ৰূপত পালন কৰা হয়। তলত উজনি অসমত ভেকুলী বিয়াত গোৱা দুফাকিমান বিয়ানাম তুলি দিয়া হ’ল। (ক) চোৱা পানী খহুলী ভেকুলীৰ চোৱা পানী বিয়াখন পাতিছে চোৱা পানী ৰাইজে বেৰি বেৰি চায় ৰাম ৰাম ।। …………………………………………… (খ) চোৱা পানী বায়ু দেৱক চোৱা পানী মেঘে নমুৱালে চোৱা পানী সাতদিন বৰষুণ দি ৰাম ৰাম ।। ……………………………………………… (গ) চোৱা পানী খহুলী ভেকুলী চোৱা পানী চকুৰে সুন্দৰী চোৱা পানী কিবাহেই পালে ৰাম ৰাম ।। |
৯) তুমি দেখা যি কোনো এটা লোক উৎসৱৰ বিষয়ে বৰ্ণনা কৰা ।
উত্তৰ—
মহো-হো উৎসৱ
এই উৎসৱতো প্ৰধানকে নামনি অসমত আঘোণ মাহৰ পূৰ্ণিমাৰ নিশা পালন কৰা হয়। সেই নিশা চেমনীয়া ল’ৰাবোৰে হাতত টাঙোন লৈ মহ খেদা বা মহো-হো উৎসৱ পাতে । এজনে কল চোঁচনি আদি পিন্ধি ভালুকৰ বেশ ধৰে আৰু প্ৰতিঘৰ মানুহৰ চোতালে চোতালে মহো-হো গীত গাই ফুৰে । গৃহস্থক তেওঁলোকে গীতৰ মাজেদিয়ে আশীৰ্বাদ দিয়ে । গৃহস্থই সেৱা কৰে আৰু ল’ৰাহঁতক টকা, চাউল আদি দিয়ে । তাৰে পাছদিনা ল’ৰাবোৰে এটা লগভাত খায় ।
১০) শ্ৰেণীকোঠাৰ বাহিৰত শিক্ষকৰ সহায়ত লোক উৎসৱ সম্পৰ্কীয় আকস্মিক বক্তৃতা আৰু কুইজ প্ৰতিযোগিতা পাতা ।
উত্তৰ— ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকৰ সহায় লৈ নিজে কৰা ।
১১) তলত উল্লেখ কৰা লোক গীতসমূহৰ যিকোনো দুটাৰ বিষয়ে টোকা যুগুত কৰা । তুমি নিলিখা আৰু তোমাৰ সহপাঠীয়ে লিখা বিষয়ৰ টোকা সংগ্ৰহ কৰা আৰু পঢ়া ।
(ক) নাওখেলৰ গীত
(খ) আই সবাহৰ গীত
(গ) আইনাম
(ঘ) টোকাৰী গীত
(ঙ) গৰখীয়া গীত
(চ) সুবচনী নাম
(ছ) হাউখেলৰ গীত
উত্তৰ— (ক) নাওখেলৰ গীত: নাও খেলৰ গীত বিবিধ বিষয়ক লোকগীতৰ অন্তৰ্গত। একেৰাহে নাও বাই গৈ থকা নাৱৰীয়াৰ মনটো যেতিয়া আমনিয়ে হেঁচি ধৰে তেতিয়া সেই আমনি পাহৰিবলৈ গীতৰ বকলা মেলে। এইদৰে নাওখেলৰ গীত প্ৰয়োগ হোৱাৰ পৰা পিছলৈ ই নাও খেলৰ গীত নামেৰে জনাজাত হয় । এনে এফাঁকি গীত হ’ল-
কানাই পাৰ কৰ ৰে, বেলিৰ দিকে চাৱা।
নষ্ট গৈল দুধেৰ ভাণ্ডাৰ ৰজাৰ গৈল বয়া।।
(খ) আই সবাহৰ গীত: কাৰোবাৰ আই ওলালে অৰ্থাৎ বসন্ত ৰোগ হ’লে মহিলাসকলে শৰাই, বগা কাপোৰ, বগা ফুল আদিৰে আই সবাহ পাতি আই সবাহৰ গীত গায় । জনবিশ্বাস মতে তেনে কৰিলে বসন্তৰ দেৱী তুষ্ট হয় আৰু ৰোগীৰ কষ্টৰ উপশম ঘটায়। এনে এফাকি গীত হ’ল —
“গধূলিতে আই আহে পদূলিলৈ চাই ।
মহামায়া আই আহে সোণৰ বংশী বাই ।।”
উল্লেখযোগ্য যে আই সবাহৰ গীতৰ মাজত বসন্ত ৰোগৰ অধিষ্ঠাত্রী দেৱীক দুৰ্গাদেৱীৰে এটা ৰূপ বুলি ধৰি লোৱা হয় ।
(ঘ) টোকাৰী গীত: এই গীত টোকাৰী বাদ্য সংগত কৰি গোৱা হয় বাবে ইয়াক টোকাৰী গীত বোলা হয়। টোকাৰী গীত অসমীয়া লোক-সাহিত্যৰ এক বৈশিষ্ট্যপূৰ্ণ কলা। এই গীতসমূহত তন্ত্ৰ আৰু দেহ-তত্ত্বৰ চৰ্চা হৈছে। কোনো ৰচকে যদি গীতৰ মাজেৰে শিৱ-পাৰ্বতীৰ গুণ গাইছে, কোনোৱে দেহটোকে টোকাৰীৰ লগত ৰিজাইছে। টোকাৰী গীত বহু পুৰণি কালৰে পৰা অসমীয়া সমাজ জীৱনত প্ৰচলিত আৰু এতিয়াও ই শেষ হৈ যোৱা নাই । এনে এফাঁকি গীত হ’ল-
এই দেহাটি এৰি তই
কোন দিন যাবি ভাই।
সুখৰ সংসাৰ শেষ হৈ আহিছে
ভাবি চোৱা নাই।।
জানো আহা
লোকগীতসমূহ অনাখৰী (নিৰক্ষৰ) গ্ৰাম্য লোকৰ সৃষ্টি। মৌখিক ৰূপত সৃষ্টি হোৱা লোকগীতবোৰ যুগে যুগে ইজনৰ মুখৰ পৰা সিজনৰ মুখলৈ বাগৰি আহি আছে। এনেদৰে মুখ বাগৰি যাওঁতে স্থান, কাল, পাত্ৰভেদে গীতবোৰৰ অলপ তাৰতম্য ঘটে। আখৰ চিনি নোপোৱা মানুহৰ এই সুন্দৰ সৃষ্টিবোৰৰ মাজত লোকজীৱনৰ সুখ-দুখ, হাঁহি-কান্দোন, আৱেগ-অনুভূতি নিহিত হৈ থাকে। অনাখৰী লোকসমাজত সৃষ্টি হোৱা আইনাম, ধাইনাম, বিয়ানাম, বিহুগীত আদি প্ৰায়বোৰ গীতকে লোকগীত বুলিব পাৰি। যুগ-যুগান্তৰে চলি অহা এই গীতবোৰ সাম্প্ৰতিক কালত লিপিবদ্ধ কৰি পুথি আকাৰে ছপা কৰা হৈছে। বৰ্তমানো নিৰক্ষৰ লোকসমাজত অলিখিত ৰূপত লোকগীত সচিত হৈ আছে। |
ঘ- প্ৰকল্প
তোমাৰ অঞ্চলত প্ৰচলিত লোকগীতবোৰ সংগ্ৰহ কৰি লিপিবদ্ধ কৰা আৰু শ্ৰেণীত পৰিৱেশন কৰা ।
উত্তৰ— ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।