Translate into English for 2024। ইংৰাজী লৈ অনুবাদ কৰা

Class 10 English Grammar ৰ অতি গুৰুত্বপূৰ্ণ এটা বিষয় হল Translate into English অৰ্থাৎ ইংৰাজী লৈ অনুবাদ কৰা। সেই কাৰণে আজি আমি Assamese Medium ৰ ছাত্ৰ ছাত্ৰীৰ বাবে লৈ আহিছোঁ Translate into English for 2024 যাক আমি সহজেই ইংৰাজী লৈ অনুবাদ কৰা বুলিও জানো।

তেন্তে আহক মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধবী সকল, আজি আমি আলোচনা কৰো Important Translation for HSLC 2024 Exam.

অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ কৰা, ই HSLC 2024 পৰীক্ষাৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন I হাইস্কুল শিক্ষান্ত পৰীক্ষাত বাধ্যবাতামূলক প্ৰশ্নৰ ভিতৰত অসমীয়াৰ পৰা ইংৰাজী লৈ অনুবাদ কৰা এটা প্ৰশ্ন থাকেই I 

Translate into English 2023

Translate into English for HSLC 2024 Exam

ইয়াত প্ৰথমে আমি HSLC 2006 ৰ পৰা HSLC 2022 পৰীক্ষাত সুধা সকলো Translation আপোনালোকৰ বাবে যোগান ধৰিছো আৰু বাবে প্ৰয়োজনীয় কিছু Translation যি আগন্তুক HSLC 2024 Exam ৰ বাবে প্ৰয়োজনীয় তাক যোগ কৰিছোঁ।

Translate into English HSLC – 2006

আমাৰ বিদ্যালয়ৰ সন্মুখত এখন খেলপথাৰ আছে।
There is a playground in front of our school.

আমি মাজে সময়ে তাত খেলা-ধূলা কৰোঁ।
 We play there occasionally.

শিক্ষকসকলে আমাক খেলিবলৈ উৎসাহ দিয়ে।
The teachers inspire us to play.

আমাৰ প্ৰধান শিক্ষকে কয়, “তোমালোকে খেলত ভাগ লব লাগে। স্বাস্থ্যৰ বাবে উপকাৰী।
Our headmaster says, “You should take part in games and sports. It is useful for health.”

সপ্তাহত এদিনকৈ আমাক খেলিবলৈ দিয়া হয়।
We are allowed to play one day in a week.

মই ফুটবল অথবা ভলীবল খেলোঁ।
I play football or volleyball.

আন কিছুমানে ক্ৰিকেট খেলে।
Some others play cricket.

বন্ধৰ দিনত আমি ইয়ালৈ খেলিবলৈ  আহোঁ।
We come here to play in holidays.

দুই-এজন ডেকা শিক্ষকেও আমাৰ  লগত খেলিবলৈ আহে।
A few young teachers also come to play with us.

Translate into English HSLC – 2007

আমি এখন গাঁৱত বাস কৰোঁ।
We live in a village.

গাওঁখন চহৰৰ পৰা বেছি আঁতৰত নহয়।
The village is not far from the town.

ঘৰত মোৰ মাকদেউতা আৰু ভনী এজনী আছে।
I have in my home my parents and a sister.

দেউতাই আমাৰ নিজৰ মাটীত খেতি কৰে।
Father does cultivation in our own land.

তেখেতক সহায় কৰিবলৈ দুজন বনুৱাৰ ৰাখিছে।
He has also kept two labours to help him.

আমাৰ লাগতীয়াল বহুতো বস্তু আমি কিনিব নালাগে।
We need not buy many of the things essential for us.

সেইবোৰ আমাৰ পথাৰতে উৎপন্ন  ‌হয়।
They are produced in our fields./ Those are grown in our field.

আমাৰ এটা মাছ পোহা পুখুৰীও আছে।
We have also a fishery.

কালদিয়া নৈখন আমাৰ ঘৰৰ মাজেদি বৈ গৈছে।
The river Kaldia flows by our village.

মাজে সময়ে আমি নৈত মাছ ধৰোঁ।
Occasionally we catch fish in the river.

Translate into English HSLC – 2008

বেলি পূবত উঠে আৰু পশ্চিমত মাৰ যায়।
The sun rises in the east and sets in the west.

তোমালোক এতিয়া কি কৰি আছা?
What are you doing now?

আমি সদায় নদীৰ পাৰত ফুৰোঁ।
We always walk on the river bank.

ছোৱালীজনীয়ে গান গাই আছে।
The girl is singing.

তুমি গাড়ী চলাব পাৰা নে?
Can you drive a car?

তেওঁৰ ভাগৰ লাগিছে।
He is tired.

ৰাটোক বুধিয়ক যেন লাগে।
The boy seems to be intelligent.

যোৱামাহত মই তিতাবৰলৈ গৈছিলোঁ।
I went to Titabar last month.

তাত মোৰ মাকদেউতা থাকে।
My parents live there.

তেওঁলোক তাত জন্মৰ পৰাই আছে।
They have been there since they were born.

Translate into English HSLC – 2009

আজি দেওবাৰ। আমাৰ দেউতাও ঘৰত থাকিব। তেখেত চৰকাৰী চাকৰিয়াল। মই আৰু মোৰ ভাইটো আজি  চিৰিয়াখানা চাবলৈ যাম। যোৱা কালি আমি দেউতাৰ পৰা অনুমতি বিচাৰিলোঁ। তেখেতে ক’লে, “আৰু কোনোবা যাবনে কি?” মই কলো যে আমাৰ লগত অইন কোনো নাযায়। আমি দুয়োজন একেলগে  যাম। তেতিয়া দেউতাই ক’লে—“তেনেদৰে যাব নোৱাৰা। মই তোমালোকক গাড়ীৰে লৈ যাম।

Today is Sunday. Our father also will be at home. He is a government employee. My brother and I shall go to visit the zoo today. Yesterday we sought permission from father. He said, “Will someone else go with you?” I told that no one else go with us. We two would go together. Then father said, “You cannot go like that. I shall take you by car.”

Translate into English HSLC – 2010

 ৰাজীৱ আৰু মই একে শ্ৰেণীতে পঢ়োঁ।
Rajib and I read in the same class.

ৰাজীৱৰ দেউতাক আমাৰ শিক্ষক।
Rajib’s father is our teacher.

তেখেতে আমাক বিজ্ঞান শিকায়।
His father teaches us Science.

আজি মই স্কুললৈ যাব পৰা নাছিলো।
Today I could not go to school.

মোৰ মাৰ অসুখ হৈছিল।
My mother was ill.

মই ডাক্তৰ মাতিবলৈ গৈছিলো।
I went to call a doctor.

আবেলি মই ৰাজীৱক লগ পাবলৈ লো।
I went to meet Rajib in the evening.

শ্ৰেণীত কি শিকোৱা মই জানিব খুজিছিলো।
I wanted to know what was taught in the class.

ৰাজীৱৰ দেউতাকে মোক সুধিলে, “আজি তুমি স্কুললৈ যোৱা নাই, নহয়নে?”
Rajib’s father said to me, “You haven’t gone to school today, have you?

মই তেখেতক ক’লো যে মোৰ মাৰ অসুখ।
 I told him that my mother was ill.

Translate into English HSLC – 2011

ললিতা এজনী মেধাবী ছাত্ৰী।
Lalita is a meritorious student.

এবছৰ আগতে তাইৰ মোমায়েকে এখন ইংৰাজী অভিধান তাইক উপহাৰ দিছিল।
Her maternal uncle presented her with an English dictionary a year ago.

তেওঁ তাইক কৈছিল – “এটা ভাষা শিকাত অভিধান এখন প্ৰয়োজনীয় আহিলা,নহয় নে?
He said to her, “A dictionary is an essential tool in learning a language, Isn’t it?”

যদি তুমি নতুন শব্দ এটা পোৱা,অভিধানত শব্দটো চাবা আৰু তাৰ অৰ্থ আৰুব্যৱহাৰ শিকিবা।
 If you find a new word, you look it up in the dictionary and learn its meaning and usage.

অভিধান কেনেকৈ ব্যৱহাৰ কৰিব লাগে তেওঁ তাইক শিকালে।
He taught her how to use a dictionary.

উপহাৰটো সঁচাকৈ ললিতাক অনুপ্ৰাণিত কৰিলে।
 The present has really inspired Lalita.

তেতিয়াৰে পৰা অভিধানখন পঢ়া কোঠাত  তাইৰ সংগী হৈ আছে।
The dictionary has been her helper in her study room since then.

এতিয়া পৰীক্ষাৰ কাৰণে তাই খুউব পঢ়ি আছে।
Now she is reading very much for the examination.

Translate into English HSLC – 2012

সজ নাগৰিকসকল দেশ এখনৰ সম্পদ।
Good citizens are the resources of a country.

দেশখনৰ উন্নতি তেওঁলোকৰ ওপৰত  নিৰ্ভৰ কৰে।
The development of a country depends on them.

ছাত্ৰ অৱস্থা হ’ল প্ৰস্তুতিৰ সময়।
Students’ life is the time for preparation.

এই সময়তে ছাত্ৰ-ছাত্ৰীসকলে সজ অভ্যাসবোৰ অনুশীলন কৰা উচিত।
It is during this time that the students should practice good habits.

তেতিয়াহে তেওঁলোক ভৱিষ্যতে সুনাগৰিক হ’ব পাৰিব।
Then only they can be good citizens in the future.

এই ক্ষেত্ৰত শিক্ষকসকলে ছাত্ৰ  ছাত্ৰীক সহায় কৰিব পাৰে।
Teachers may help the students in this regard.

Translate into English HSLC – 2013

গছৰ পাতবোৰ সেউজীয়া।
Leaves are green.

গছে আমাক ফুল, ফল আৰু ছাঁ দিয়ে।
Trees give us flowers, fruit, and shade.

জ্ঞানী লোকে কয়, “এজোপা গছ দহজন পুতেকৰ সমান।”
The wise man says, “A tree is equal to ten sons.”

তুমি গছৰ যতন কৰানে?
Do you take care of trees?

পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ আমি গছৰ যতন কৰিবলৈ লাগিব।
We must take care of trees to keep the earth green.

গছ আৰু প্ৰাণীবোৰ ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল।
Trees and animals are dependent on each other.

Translate into English HSLC – 2014

অসম এখন ধুনীয়া প্ৰদেশ।
Assam is a beautiful province.

ই ভাৰতবৰ্ষৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত।
It is situated in the northeastern part of India.

শ্ৰীমন্ত শঙ্কৰদেৱ অসমৰ মহানতম ব্যক্তি।
Srimanta Sankardev is the noblest person of Assam.

মানুহে সদায় লগৰীয়া মানুহক ভাল পাব লাগে।
One should always love one’s fellowmen.

তুমি মটৰ গাড়ী চলাব জানানে?
Do you know how to drive a car?

শিক্ষক জনে ৰমেনক কলে,”আলিবাট পাৰ হওঁতে সাৱধান হবা।”
The teacher said to Ramen, “Be careful while crossing the road.”

Translate into English HSLC – 2015

মায়ে মোক সুধিছিল, “সচাঁ কথা কৈছানে?”
Mother said to me, “Are you speaking the truth?”

মই সাঁতুৰিব নোৱাৰাৰ নিচিনাই।
I can hardly swim.

তুমি কেতিয়াবা সিংহ দেখিছানে?
Have you ever seen a lion?

যিজন মানুহ আজি আমাৰ স্কুললৈ আহিছিল তেখেতক মই চিনি পাওঁ।
The man who came to our school I know him.

মই নহালৈকে তুমি ৰ’বা।
Wait until I come.

Translate into English HSLC – 2016

এইখন কিতাপ মোৰ আৰু সেইখন তোমাৰ।
This book is mine and that’s yours.

সোন এবিধ মূল্যবান ধাতু।
Gold is a valuable metal.

অনুগ্ৰহ কৰি তেওঁক দৰ্জাখন খুলিব কোৱা।
Please tell him to open the door.

তেওঁ যেতিয়া আহিছিল মই বাতৰি কাকত পঢ়ি আছিলোঁ।
I was reading a newspaper when he came.

আলিবাট পাৰ হওঁতে সাবধান বা।

Be careful while crossing the road.

Translate into English HSLC – 2017

পৃথিৱীখন ঘূৰণীয়া।
The earth is round.

তেওঁ লোকক ভিতৰলৈ আহিব দিয়া।
Let them come in.

তুমি নিতৌ কিমান সময় লিখা পঢ়া কৰা ?
How much time do you spend daily in your study?

আজি ৰাতি বৰষুণ দিব পাৰে।
It may rain tonight.

বুঢ়া মানুহজনে বৰ লাহে লাহে কথা কয়।
The old man speaks very slowly.

Translate into English HSLC – 2018

মীনা যেনেকুৱা বুদ্ধিয়ক, লীলাও তেনেকুৱা।
Lila is as intelligent as Mina.

জোনে ৰাতিহে পোহৰ দিয়ে।
Moon gives light at night.

তুমি কালি স্কুললৈ গৈছিলানে?
Did you go to school yesterday?

সি ককায়েকক খুব ভাল পায়।
He loves his brother very much.

ৰিণ্টুৱে কৈছিল, “এইটো কি সুন্দৰ পুতলা!”
Rintu said, “What a beautiful toy it is !”

Translate into English HSLC – 2019

যদুৱে মোক সুধিছিল, “ৰাজু ইংৰাজীত ভালনে?
Jadu asked me, “Is Raju good in English?”

দোকমোকালিতে শোৱাৰ পৰা উঠাটো তেওঁৰ অভ্যাস।
Getting up early in the morning is his habit. / It’s his habit to get up early in the morning.

মিছা কথা কোৱা উচিত নহয়।
One should not tell a lie.

সৌ গছডাল ইমান ওখ!
How much tall the tree is!

কিতাপখন টেবুলৰ ওপৰত আছে।
The book is on the table.

Translate into English HSLC – 2020

আকাশত মেঘ নাছিল।

There were no clouds in the sky.

শিক্ষকজনে কৈছিল,”সদায় সচাঁ কথা বা।

The teacher said, “Always speak the truth.

তুমি নৈখন সাঁতুৰি পাৰ পাৰিবানে?

Can you swim across the river?

প্ৰতিজ্ঞা ৰক্ষা কৰিব লাগে।

The promise has to be kept.

মৌ খাবলৈ মিঠা।

Honey is sweet to eat.

মোৰ এটা কলমৰ প্ৰয়োজন।

I need a pen.

Translate into English HSLC – 2021

1. অৰুণাচলৰ প্ৰাকৃতিক দৃশ্য মনোৰম
Answer— The landscape of Arunachal is picturesque.

2. ইটানগৰ অৰুনাচলৰ ৰাজধানী চহৰ।
Answer— Itanagar is the capital city of Arunachal.

3. ৰাজীব গান্ধী বিশ্ববিদ্যালয় অৰুণাচলৰ ৰোনো হিলচত অৱস্থিত।
Answer— Rajiv Gandhi University is located at Rono Hills in Arunachal.

4. নানা জাতি-উপজাতিৰ লোক এইখন প্ৰদেশত বাস কৰে।
Answer— People of different castes and tribes live in this province.

5. অৰুণাচলক সূৰ্য উঠাৰ দেশ বুলি কোৱা হয়।
Answer— Arunachal is called the land of rising sun.

6. তুমি কেতিয়াবা অৰুণাচললৈ গৈছানে?
Answer— Have you ever been to Arunachal?

Translate into English HSLC – 2022

1. অসমৰ চাহপাত জগত বিখ্যাত।
Answer— Tea from Assam is world famous.

2. মানুহজন সিমান চহকীও নহয় নাইবা সিমান দুখীয়াও নহয়।
Answer— The man is neither so rich nor poor.

3. গুৱাহাটীত এখন চিৰিয়াখানা আছে।
Answer— There is a zoo in Guwahati.

4. ৰমেন ক’ত থাকে তুমি জানানে?
Answer— Do you know where Ramen lives?

5. চোৰটোক গাঁৱৰ পৰা খেদি দিয়া হৈছিল।
Answer— The thief was driven out from the village.

Important Updates: Translate Into English for 2024

১। আমাৰ বিদ্যালয়ৰ সন্মুখত এখন খেলপথাৰ আছে
There is a playground in front of our school.
২। আমি মাজে সময়ে তাত খেলা-ধূলা কৰোঁ।
We play there occasionally.
৩। শিক্ষকসকলে আমাক খেলিবলৈ উৎসাহ দিয়ে।
The teachers inspire us to play.
৪। আমাৰ প্ৰধান শিক্ষকে কয়, “তােমালােকে খেলত ভাগ লব লাগে। ই স্বাস্থ্যৰ বাবে উপকাৰী।”
Our headmaster says, “You should take part in games and sports. It is useful for health.”
৫। সপ্তাহত এদিনকৈ আমাক খেলিবলৈ দিয়া হয়।
We are allowed to play one day a week.
৬। তেওঁ এজন ডেকা মানুহ
He is a young man.
৭। গীতা এজনী ভাল ছোৱালী
Geeta is a good girl.
৮। আমি গুৱাহাটীত থাকো
We live in Guwahati.
৯। চন্দ্ৰ উঠিছে
The moon is up.
১০। গৰু উপকাৰী জন্তু
The cow is a useful animal.

১১। মানুহ মৰণশীল
Man is mortal.
১২। মােৰ অসমত জন্ম হৈছিল।
I was born in Assam.
১৩। বর্তমান মােৰ বাসস্থান গুৱাহাটীত।
At present, my residence is in Guwahati.
১৪। গুৱাহাটী অসমৰ আটাইতকৈ ডাঙৰ চহৰ।
Guwahati is the largest city in Assam.
১৫। ইয়াৰে এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত মই পঢ়ি আছোঁ।
I am reading in an Assmese medium school here.
১৬। মােৰ দেউতা আমাৰ বিদ্যালয়ৰে অধ্যক্ষ।
My father is the principal of our school.
১৭। আমাৰ বিদ্যালয়খনৰ উন্নতিৰ বাবে দেউতাই পৰিশ্ৰম কৰে।
Father labors hard for the development of the school.
১৮। সিংহ পশুবিলাকৰ ৰজা
The lion is the king of beasts.
১৯। কুকুৰ বিশ্বাসী জন্তু
A dog is a faithful animal.
২০। লৰাবিলাকে মিঠাই ভাল পায়
Boys are fond of sweets.

২১। গাখীৰ বগা
Milk is white.
২২। পানীৰ সোৱাদ নাই
Water has no taste.
২৩। এই আঙঠিটোৰ সোনখিনি উজ্জ্বল
The gold of this ring is bright.
২৪। এপাল গৰু পথাৰত আছে
A herd of cows is in this field.
২৫। মই এজাক চৰাই দেখিছিলো
I saw a flock of birds.
২৬। সি মোক এদম কিতাপ দিছিল
He gave me a pile of books.
২৭। সাধুতা এটা মহৎ গুণ
Honestly is a great virtue.
২৮। দয়া পৰম ধৰ্ম
Kindness is a virtue.
২৯। তোমাৰ ফলাফল কেতিয়া ওলাব?
When will your result be out?
৩০। আপুনি মোক আগৰ চাৰিআলিত নমাই দিবনে?
Will you drop me at the next crossing?

৩১। আপুনি মোক ৫০০ টকা ধাৰ দিবনে?
Will you lend me Rs. 500
৩২। আপুনি গুৱাহাটীৰ পৰা কেতিয়া ঘূৰিব?
When will you return from Guwahati?
৩৩। আমি এখন গাঁৱত বাস কৰোঁ।
We live in a village.
৩৪। গাওঁখন চহৰৰ পৰা বেছি আঁতৰত নহয়।
The village is not far from the town.
৩৫। ঘৰত মােৰ মাক-দেউতা আৰু ভনী এজনী আছে।
I have in my home my parents and a sister.
৩৬। দেউতাই আমাৰ নিজৰ মাটীত খেতি কৰে।
Father does cultivation in our own land.
৩৭। তেখেতক সহায় কৰিবলৈ দুজন বনুৱাৰ ৰাখিছে।
He has also kept two laborers to help him.
৩৮। আমাৰ লাগতীয়াল বহুতাে বস্তু আমি কিনিব নালাগে।
We need not buy many of the things essential for us.
৩৯। সত্যই সৌন্দৰ্য
Truth is beauty.
৪০। ৰুমী এজনী মৰম লগা ছোৱালী
Rumi is a lovely girl.

৪১। ৰুমী আৰু বিনীতা একেটা শ্ৰেণীত পঢ়ে
Rumi and Vinita read in the same class.
৪২। যোৱা বছৰ তেওঁলোকে দিল্লীলৈ গৈছিল
They went to Delhi last year.
৪৩। ৰীতা মোৰ বান্ধৱী
Rita is my friend.
৪৪। তেওঁ এজন সাধু লোক
He is an honest man.
৪৫। মনিয়ে লাহে লাহে খোজ কাঢ়ে
Moni walks slowly.
৪৬। হৰিয়ে খৰকৈ লিখে
Hori writes quickly.
৪৭। তেওঁ বৰ বুধিয়ক
He is very clever.
৪৮। মই সদায়ঘণ্টা বজাৰ আগতেই স্কুলত গৈ পাও
I always reach school before the bell rings.
৪৯। আজি আমাৰ বিদ্যালয়ত এখন তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হব
A debate competition will be held today in our school.
৫০। মইও তাতে অংশগ্ৰহণ কৰিম
I shall also participate there.

৫১। মই ইংৰাজীত কম বুলি সিদ্ধান্ত লৈছোঁ
I have decided to speak in English.
৫২। যোৱা বছৰ তৰ্ক প্ৰতিযোগিতাত মই প্ৰথম হৈছিলোঁ
I became first in the debate competition last year.
৫৩। আমাৰ খুৰাদেওক ২০০১ চনত গুৱাহাটীলৈ বদলি কৰা হৈছিল
Our uncle was transfered to Guwahati in 2001.
৫৪। তেওঁ প্ৰায়েই আমাৰ ঘৰলৈ আহে
He often comes to our house.
৫৫। তােমাৰ দেউতাৰা কালি আমাৰ গাঁৱলৈ আহিছিল।
Yesterday your father came to our village.
৫৬। তেখেতে এইখন গাঁৱত জন্মগ্রহণ কৰিছিল।
He was born in this village.
৫৭। তেখেত মােৰ দেউতাৰ বন্ধু।
He is my father’s friend.
৫৮। তােমালােক এতিয়া দিল্লীত থাকা, নহয় জানাে?
Now you live in Delhi, don’t you?
৫৯। তুমি অসমীয়া লিখিব পাৰানে?
Can you write Assamese?
৬০। অহা বহাগ বিহুত আমাৰ গাঁৱলৈ আহিবা।
Please come to our village in the next Bihu.

৬১। আমাৰ গাঁৱত বিহু মঞ্চত পতা নহয়।
The Bihu is not celebrated on the stage in our village.
৬২। কিছুমান ডেকা-গাভৰুৱে পথাৰত নাচে আৰু গান গায়।
Some youths dance and sing in the field.
৬৩। আমাৰ স্কুলত আজি এখন তর্ক প্রতিযােগিতা হ’ব।
There will be held a debating competition in our school today.
৬৪। ময়াে তাত অংশ গ্রহণ কৰিম।
I shall also take part in it.
৬৫। মই ইংৰাজীতে ক’ম বুলি ঠিক কৰিছোঁ।
I have decided to take part in it.
৬৬। প্রধান শিক্ষকক আজি মই এই বিষয়ে কম।
Today I shall tell the Headmaster about this.
৬৭। এনেবােৰ কথাত তেখেতে সদায় আমাক উৎসাহ দিয়ে।
He always encourages us in such
৬৮। এনেবােৰ কথাত তেখেতে সদায় আমাক উৎসাহ দিয়ে।
He always encourages us in such matters.
৬৯। যােৱা বছৰৰ তর্ক প্রতিযােগিতাত মই প্রথম হৈছিলোঁ।
I stood first in the last year’s debating competition.
৭০। মােৰ মাক-দেউতাই বৰ আনন্দ পাইছিল।
My parents felt very glad.

৭১। আমাৰ গাওঁ খন এটা পিচপৰা অঞ্চলত।
Our village is situated in a backward area.
৭২। আপুনি গুৱাহাটী লৈ কেনেকৈ যাব?
How will you go to Guwahati?
৭৩। তেওঁ অহা কালিলৈ আহিবনে?
Will he come tomorrow?
৭৪। তোমাৰ পৰিক্ষা কেতিয়া আৰম্ভ হ’ব?
When will your examination start?
৭৫। তেওঁ তেওঁৰ প্ৰতিজ্ঞা ৰাখিবনে?
Will he keep his promise?
৭৬। আপুনি কালিলৈ কামটো শেষ কৰিবনে?
Will you finish this work by tomorrow?
৭৭। তুমি আহিলে এই বিহুনৃত্য উপভােগ কৰিব পাৰিবা।
If you come, you can enjoy the Bihu dance.
৭৮। তােমাক লগ পালে মই বৰ আনন্দ পাম।
If I meet you, I shall be glad. NEW
৭৯। তােমাৰ চিঠিখন কালি পালাে।
Yesterday I received your letter.
৮০। এইমাত্র তােমালৈ এখন চিঠি লিখিছাে।
I have written a letter to you just now.

৮১। আজিকালি কিছুমান ল’ৰা ছােৱালীয়ে খেলাৰ সলনি টেলিভিছন চায়।
Nowadays some children instead of playing watch television programs.
৮২। তুমি চিঠি লিখি ভালপােৱা, নহয় নেকি?
You like writing letters, don’t you?
৮৩। যদি গৰমৰ বন্ধত আহা, তােমাৰ লগত শ্বিলঙলৈ যাম।
If you come on summer vacation, I will go to Shillong with you.
৮৪। শ্বিলঙৰ জলবায়ু গুৱাহাটীৰ জলবায়ুতকৈ ভাল।
The climate of Shillong is better than that of Guwahati.
৮৫। আমাৰ ইয়াত কিছুদিন ধৰি বৰষুণ দি আছে।
It has been raining here for some days.
৮৬। আমাৰ এখন বৰ ধুনিয়া বাগিছা অাছে
We have a very beautiful garden.
৮৭। কিতাপ খন মেজৰ ওপৰত অাছে
The book is on the table.
৮৮। আমি নগৰত থাকো
We live in town.
৮৯। মই কলমেৰে লিখোঁ
I write with a pen.
৯০। কোঠাৰ ভিতৰলৈ নাহিবা
Don’t come into the room.

৯১। মোৰ ওচৰতে বহা
Please sit by me.
৯২। আকাশলৈ চোৱা
Look at the sky.
৯৩। আমাৰ গাঁওত এখন পুৰণি প্ৰাথমিক বিদ্যালয় আছে
There is an old primary school in our village.
৯৪। আপুনি এই কামটো কৰিব পাৰিবনে?
Will you be able to do this work?
৯৫। আপুনি অনুগ্ৰহ কৰি মোৰ লগত বজাৰলৈ আহিবনে?
Will you please come with me shopping?
৯৬। আপুনি মোক এই ঘটনাটোত সহায় কৰিবনে?
Will you help me in this matter?
৯৭। আপোনাক এই দুখত কোনে সহায় কৰিব?
Who will help you in this trouble?
৯৮। আপুনি কেতিয়া বিয়া কৰাব?
When will you marry?
৯৯। ৰাস্তাটো কোনে পৰিষ্কাৰ কৰিব?
Who will clean this road?
১০০। আপুনি একাপ চাহ খাবনে?
Will you have a cup of tea?

১০১. ৰাম সাধু ল’ৰা।
Ram is an honest boy.
১০২. কোঠাটোত তিনিজনী ছোৱালী আছে।
There are three girls in the room.
১০৩. বাছখন এইমাত্ৰ আহি পাইছে।
The bus has arrived just now.
১০৪. তেওঁ আহি পোৱাৰ লগে লগে ৰেলখন এৰিলে।
The train left as soon as he came.
১০৫. তাই ৰাতিপুৱাৰে পৰা পঢ়ি আছে।
She has been reading since morning.
১০৬. ৰমেনৰ দেউতাক যোৱা বছৰ ঢুকাইছে।
Ramen’s father passed away last year.
১০৭. তোমালোক অহাৰ সময়ত মই ইংৰাজী পঢ়ি আছিলোঁ‌।
I was reading English when you came.
১০৮. আমি খেলপথাৰ পোৱাৰ আগতে খেল আৰম্ভ হৈছিল।
The game started before we reached the playground.
১০৯. মই তাইক সুধিলোঁ‌, “গীতা, ক’লৈ যোৱা?”
I said to her, “Where are you going, Gita?”
১১০. তাই ক’লে, “ডাক্তৰৰ ওচৰলৈ।”
She said, “To the doctor”.

শেষ বাক্য

আজি আমি এইখিনিতে যি কেইটা Translate into English for 2024 ৰ বাবে বাক্য যোগ কৰিছোঁ তাৰ মাজৰ পৰাই HSLC 2024 পৰীক্ষাত সুধিব বুলি আমি ধাৰণা কৰিছোঁ। সেয়ে আপোনালোকে ইয়াত উল্লেখ কৰা Translate into English for 2024 চালেই পৰীক্ষাৰ বাবে যথেষ্ট বুলি আমি ভাবো। আপুনি আমাৰ আলোচ্য বিষয়সমূহ অতি সহজেই পাবৰ বাবে Assamese Medium Facebook PageFollow কৰিব পাৰে।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

8 thoughts on “Translate into English for 2024। ইংৰাজী লৈ অনুবাদ কৰা”

Leave a Comment