মহৎ লোকৰ বাণী যদিও Assamese Medium অৰ্থাৎ এই ৱেবচাইটৰ বাবে প্ৰয়োজনীয় বস্তু নহয় কিন্তু ই আন আন দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু। আমি যিহেতু Assamese Medium ত কেৱল ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষাৰ বিষয় বস্তু আলোচনা কৰো সেই দিশৰ পৰা ইয়াৰ কোনো গুৰুত্ব নাই বুলিয়ে কব লাগিব।
- Also Read:
কিন্তু আপুনি জনে নে ছাত্ৰ ছাত্ৰী কেৱল আনুষ্ঠানিক শিক্ষা দান কৰিলেই সি ভাল মানুহ নহয়। এজন ছাত্ৰ ৰ জ্ঞানৰ পৰিসৰ সীমিত হব নে লগে। “মহৎ লোকৰ বাণী” (Mohot Lukor Bani) য়ে বহুত সময়ত ছাত্ৰ ছাত্ৰীক উৎসাহ যোগায়। ই ছাত্ৰ ছাত্ৰীক নিৰৱিচ্ছিন্ন ভাৱে নিজৰ পঢ়া শুনা ঠিক কৰি ৰখাত উৎসাহ যোগায়।
সেয়েহে মহৎ লোকৰ বাণীৰ প্ৰয়োজন আছে বুলি ভাবি মই আজি ইয়াত গুণগত কিছু মহৎ লোকৰ বাণী আপোনালোকৰ সৈতে ভাগ বতৰা কৰিলোঁ।
আশা কৰো আপুনি এই মহৎ লোকৰ বাণী সমূহ নিজেও পঢ়িব বা আনকো পঢ়িব দিব আৰু যদি আপোনাৰ কিবা কবলগীয়া আছে তেন্তে Assamese Medium Facebook Page ক Follow কৰি আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰে।






কিছু মহৎ লোকৰ বাণী
- ভুল আঁতৰাই সত্য প্ৰতিষ্ঠা কৰাটোৱেই শিক্ষাৰ মূল লক্ষ্য: চক্রেটিছ
- এজন বিশ্বাসী বন্ধু হৈছে জীৱনৰ মহৌষধ: টিৰুক কুৰাল
- জগতত জীয়াই থাকিবলৈ প্ৰেম আৰু সাহসৰ অতি প্ৰয়োজন: আব্ৰাহাম লিংকন
- শিক্ষাই জ্ঞান, জ্ঞানেই শক্তি: চক্রেটিছ
- সকলো কথাতে সাধুতা বজাই ৰাখিব লাগে: হজৰত মহম্মদ
- শিশুৰ সৰলতা হেৰুৱাই নে পেলোৱা জনেই প্ৰকৃত মহৎ মানুহ: মেঞ্চিয়াছ
- আদৰ্শহীন মানুহ গুৰি বঠা নোহোৱা নাৱৰ দৰে: মহাত্মা গান্ধী
- ভুলে কেতিয়াবা গৌৰৱ উজ্জ্বল ভৱিষ্যতক বিনাশ কৰে: নেহেৰু
- কাম কৰিবলৈ মানুহৰ জন্ম হৈছে। যি মানুহে কাম নকৰে, তেওঁ মানুহেই নহয়: জোছেফ কনৰাত
- ভিৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যু বৰণ কৰায়েই শ্ৰেষ্ঠ: মহাত্মা গান্ধী
- অতি সাধু হোৱা বিপদজনক: বৰ্ণাডশ্বো
- স্বাধীনতা আমাৰ জন্মগত অধিকাৰ: তিলক
- পঢ়নৰ পৰা দূৰৈৰ মানিক হাততে পোৱা যায়: সত্যনাথ বৰা
- বিশ্ব পুথিৰ উপদেশ শিলৰ ৰেখা: সত্যনাথ বৰা
- বন্ধুত্ব হৈছে দেহত বাস কৰা এটা আত্ম: এৰিষ্টটল
- নিৰক্ষৰতা মানেই জ্ঞানবিহীনতা নহয়: ৰবীন্দ্ৰনাথ ঠাকুৰ
- মৰমে মৰমৰ জন্ম দিয়ে: ছফোপলছ
- জ্ঞানী লোক অসম্ভৱ ৰ ফালে ধাৱিত নহয়: মেচিজাৰ
- জ্ঞান মানুহক দিব নোৱাৰি উপলব্ধি কৰিব পাৰি: চক্রেটিছ
- আমাৰ চিন্তাভাৱনাৰ পৰাই চৰিত্ৰ গঠন হয়: আনন্দ চন্দ্ৰ আগৰৱালা
- যি কণী চুৰি কৰিব পাৰে , তেওঁ হাতীও চুৰি কৰিবলৈ সমৰ্থ: জৰ্জ হাবাৰ্ট ।
- প্ৰত্যেক দিনাই জীৱনৰ শেষ দিন বুলি কাম কৰি যোৱা: জিম কৰবেট
- মোক মৰমৰ আৰু কাম এই দুটাই দিয়া: টমাছ মৰিছ
- আশা আছে বাবে পৃথিৱী ইমান ধুনীয়া: হেম বৰুৱা।
- . খাবৰ বাবে, পিন্ধিবৰ বাবে মানুহে সুন্দৰভাৱে যিহকে কৰে, সেয়া কৃষ্টি: ৰাভা
- ভিক্ষা কৰাৰ কথা কেতিয়াও মনলৈ নানিবা: মহাত্মা গান্ধী
- সকলো অংকৰ যোগফলৰ যোগফলেই হল অনন্তকাল: লক্ৰেতিয়াছ
- পাপ আমাৰ শত্ৰু, পুণ্য ইয়াৰ বন্ধু: মহাবীৰ
- খং হৈছে এবিধ বিষ যি মানুহৰ মৃত্যু ও ঘটাব পাৰে: ছেইণ্ট আগষ্টন
- ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যু বৰণ কৰাই ভাল: প্লেটো
- পৃথিৱীত আটাইতকৈ বেয়া কাম হল আনৰ সুনাম নষ্ট কৰা: ৰামকৃষ্ণ
- ৰাজনীতি বিদৰ বাবে সত্য ৰ সংজ্ঞা পৃথক: মাইক কিনছেল
- সাহস প্ৰতিফলিত হয় কাৰ্য্যত: ভগ হল
- গুণ কেতিয়াও ধৰ্মৰ সমান সন্মানী় নহয়: মাৰ্ক টোৱেইৰ
- শান্ত সাগৰত দক্ষ নাৱিকৰ সৃষ্টি নহয়: ফুগাজি
- ধৰ্ম মানুহৰ মনত থাকে আঠুত নাথাকে: ছক্ৰেটিছ
- দেশে বিচাৰে স্বাধীনতা, জাতিয়ে বিচাৰে মুক্তি, জনগণে বিচাৰে বিপ্লৱ: মাও-চে-তুং
- আনক আঘাত দিলে, সেই আঘাত এদিন নিজে ভোগ কৰিবা: তুলসী দাস
- মানুহৰ মন পেৰাশুটৰ দৰেই, খোল খালেহে সি ক্ৰীয়াশীল হয়: থমাছ দেবাৰ
- প্ৰতিভাৰ নিৰানৱবৈ ভাগেই হল অধ্যৱসায়: টমাছ আলভা এডিচন
- ধন উপাৰ্জন কৰিবলৈ গৈ মই সময় নষ্ট কৰিব নোৱাৰোঁ: আগাচিছ
- মুক্তি বিচৰা সকলৰ দীক্ষাৰ প্ৰয়োজন হয়: ৰবীন্দ্ৰনাথ ঠাকুৰ
- বহুকেইজন চিকিৎসকৰ সহায়ত মই মৰিবলৈ ওলাইছো: আলেকজেণ্ডাৰ দা গ্ৰেড
- স্বাধীন হোৱা মানেই মুক্ত হোৱা নহয়: ৰবীন্দ্ৰনাথ ঠাকুৰ
- আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনাটো ঘটে তেতিয়া যেতিয়া আমি আমাৰ মনটোক জোকাৰি দিব পৰা এজন মানুহ লগ পাও: এমাৰছন
- ৰাজনীতি হল ৰক্তপাত নকৰাকৈ কৰা যুদ্ধ আৰু যুদ্ধ হল ৰক্তপাত কৰা ৰাজনীতি: মাও চে টুং
- মৰিবা, কিন্তু নামাৰিবা: মহাত্মা গান্ধী
- মই ভাল পাওঁ কাৰণে সকলো বুজি পাওঁ: লিও টলষ্টয়
- মুকলি আৰু সত্য আলোচনা ই হল সত্যৰ আটাইতকৈ ডাঙৰ: জি. কেম্পোৱেল
- ধুনীয়া মহিলা হল মূল্যবান অলংকাৰ কিন্তু এগৰাকী মহান মহিলা হল সম্পদ: হাদি
- প্ৰেমৰ আৰম্ভণী আৰু পৰিশেষত প্ৰেমিকে সদায়েই গভীৰ নি:সংগতাবোধক অনুভৱ কৰে: লা ব্ৰুয়েৰ ।
- হাঁহি হ’ল দেহ – মনক প্ৰশান্ত কৰিব পৰা এটা মহৌষধ, আৰু তাৰ কোনো পা্বক্ৰিয়া নাই: কালাৰ্ইল
- জ্ঞান দুই প্ৰকাৰৰ । একোতা বিযয় সম্পৰ্কে হয় আমি নিজে জাঁনো, অথবা সেই বিষয়ে যাৱতীয় তথ্য ক’ত পোৱা যাব পাৰে, সেই কথা আমি জানোঁ: ছেমুৱেল জনছন
- যিজন মানুহে পিছফালৰ পৰা তোমাক ছুৰীৰে আঘাত নকৰি সম্নুখৰ পৰা কৰে, তেওঁকেই ভাল বন্ধু বুলি ক’ব পাৰি: লিওনাড লুই লেভিনছন
- নাৰী আৰু পূৰুষে অপলক দৃষ্টিৰে পৰস্পৰলৈ চাই থকাতো প্ৰেম নহয় । দুয়োজনে একেতা দিশলৈ চাই থকাটোৱেই প্ৰেম : ফ্ৰাচোঁৱা ছাৰ্গা
- একমাত্ৰ প্ৰাণীৰ প্ৰতি থকা ঘৃণাই জঘন্য পাপ নহয় । তাতোকৈ জঘন্য পাপ হ’ল কাৰোবাৰ প্ৰতি থকা অৱজ্ঞাহে: জৰ্জ বানাৰ্ড শ্ব
- প্ৰৌঢ়ই সকলোকে বিশ্বাস কৰে, মাজবয়সীয়াই সকলোকে সন্দেহৰ চকুৰে চায় আৰু তৰুণে জানে সকলোখিনিয়েই: অক্সাৰ ৱাইল্ড
- সাফল্যৰ উচ্চতম শৃংগত যদি আৰোহণ কৰিবলৈ ইচ্ছা কৰিছা, তেন্তে নিম্নতম পৰ্যায়ৰ পৰা সাধনা আৰম্ভ কৰা: ছাইৰাছ
- আপুনি পূৰুষেই হওক বা মহিলাই হওক, এই পৃথিৱীত সাহসৰ অবিহনে একোৱেই কৰিব নোৱাৰে । সন্মানৰ পিছত সাহসেই হ’ল শ্ৰেষ্ঠ মানৱ প্ৰমূল্য: জেম্ছ এলেন
- মহিলাক ভুল নুবুজিব । মহিলাই সকলোকে ক্ষমা কৰি দিয়ে । অন্যথা মানৱ জাতি কাহানিবাই নিঃশেষ হৈ গ’লহেঁতেন: ৰবাৰ্ট এ. হেইনলেন
- হতাশাগ্ৰস্ত লোকক প্ৰলোভিত কৰিবলৈ কেতিয়াও আগ নাবাঢ়িবা: শ্বেক্সপীয়েৰ
- মানুহৰ সাহস অনুপাতে জীৱনৰ বিস্তৃতি ঘটে বা জীৱন সংকুচিত হয় । সাহসেই সফলতাৰ চাবি – কাঠী: এনিছ নিন্
- সভ্যতাৰ লক্ষ্য হ’ল ৰাজনীতিক অন্তঃসাৰ কৰি তোলা আৰু বিজ্ঞান – কলাক জীনৱৰ অবিচ্ছেদ্য অংগ কৰি তোলা: আৰ্থাৰ চিঞ্জলা
- কেনেকৈ প্ৰত্যাখান কৰিব লাগে তাক জনাতো কেনেকৈ সন্মতি জনাব লাগে , তাৰ পমানে গুৰুত্বপূৰ্ণ: বাল্টাজাৰ গ্ৰেছিয়ান
- পূৰণি বন্ধুৱেই হ’ল মানুহৰ সুন্দৰতম দাপোণ: জৰ্জ হাবাৰ্ট
- নিজক আৰু পৃথিীখনক ভাল পাবলৈ শিকাতো হ’ল জীৱনজোৰা এক প্ৰেম – কাহিনীৰ মধুৰ আৰম্ভণি = অক্সাৰ ৱাইল্ড ।
- আপুনি সন্মান কৰা মানুহজন মোক দেখুৱাই দিয়ক , আপুনি কেনেধৰণৰ মানুহ মইআপোনাক জনাই দিম: থমাছ কাৰ্লাইন ।
- বন্ধুক সদায় এখন ছবিৰ দৰে ভাবিবা । ছবি এখন চাবলৈ যেনেদৰে উপযুক্ত পোহৰৰ দৰকাৰ , তেনেদৰে বন্ধুকো উপযুক্ত ধৰণে চাবা: জেনি জেৰম চাৰ্চিল ।
- একমাত্ৰ প্ৰতিকাৰহীন চৰম নৈৰাশ্যৰ ভেটিতহে আত্মাৰ আৱাস আৱাস নিৰাপদভাৱে নিৰ্মাণ কৰিব পাৰি: বাট্ৰাণ্ড ৰাছেল ।
- পৃথিৱীত যি যি মহত কাৰ্য সংঘটিত হৈছে , সকলোখিনিয়েই সম্ভৱ হৈছে প্ৰত্যাখাৰ দ্বাৰাহে: মাৰ্টিন লুঠাৰ ।
- জীৱনত কোনো সুোগ – সুবিধা নাপালোঁ বুলি কোনো মহত লোকে আপত্তি কৰাৰ উদাহৰণ নাই: আৰ . ডব্লিউ . এমাৰছন ।
- জীৱাই থকাৰ বাবে পৃথিৱীখন অতি ভয়াৱহ ঠাই । এয়া অসত মানুহৰ বাবে হোৱা নাই , হৈছে নিবনুৱা সকলৰ বাবেহে: আইনষ্টাইন ।
- তোমাৰ অন্তৰৰ পৱিত্ৰখিনি তোমাৰ মুখাৱয়বত ফূুটি উঠে । অন্তৰ পৱিত্ৰ কৰি ৰখাই হ’ল আত্মা আৰু শৰীৰৰ বাবে প্ৰথম কৰণীয়: চেইন্ট জে’ৰম ।
- তুমি যেতিয়া যন্ত্ৰণা ভোগ কৰা , তেতিয়া ঈশ্বৰক ধন্যবাদ দিবা , কাৰণ য়ন্তৰণা হ’ল জীৱাই থকাৰ নিশ্চিত লক্ষণ: এলবাৰ্ট হুবাৰ্ড ।
- যি জাতিৰ সাহিত্য নাই সেই জাতি জীৱাই থাকিও মৰাৰ দৰে: তুলসী দাস ।
- জীৱনত কি কৰিব , সেয়া বুজি নোপোৱা সাধাৰণ লোকেহে আন এটা জন্ম কামনা কৰে: আনাটোলে ফ্ৰান্স ।
- তোমাৰ গোপনীয়তা যদি আনে ৰক্ষা কৰাতো বিচাৰা , তেন্তে প্ৰথমে নিজে গোপনীয়তা ৰক্ষা কৰি চলাতো প্ৰয়োজন: চেনেকা ।
- তুমি যদি এখন জাহাজ নিৰ্মাণ কৰিব খুজিছা , তেন্তে কাঠৰ শক্তিৰ হিচাপ লোৱাৰ আগতে লোৱাৰ আগতে সাগৰৰ বিশালতা আৰু ভয়াৱহতালৈ দৃষ্টি দিয়া উচিত: এন্টইন দ্য ছেইন্ট
- সুখী হোৱাৰ প্ৰাথমিক চিন্তানো কি ? মোৰ মতে মানুহজন আচলতে যি , সেয়া হ’বলৈ ইচ্ছা কৰাই হ’ল সুখী হোৱাৰ আৱশ্যকীয় চৰ্তসমূহৰ প্ৰথমটো: ইৰাছমাছ ।
- বিশ্বব্ৰক্ষ্মাণ্ড আৰু মানুহৰ মুৰ্খামি – এই দুযোতাই হ’ল অসীম । এই দুই অসীমৰ ভিতৰত প্ৰথমটো বিষয়ত মোৰ স্পষ্ট ধাৰণা নাই: এলবাৰ্ট আইনষ্টাইন।
- সাহসী মানুহৰ বাবে সৌভাগ্য আৰু দুৰ্ভাগ্য তেওঁৰ সোহাঁত আৰু বাওঁহাত মাত্ৰ । নিজৰ সুবিধাৰ বাবে তেওঁ দুয়োকে সমানে ব্যৱহাৰ কৰে: চিয়েনাৰ চেন্ট কেপেৰিন
- যিতো শক্তিয়ে পৃথিৱীখন শাসন কৰে , সেইটো হ’ল মানুহৰ আচৰণ । সেই আচৰণ নৈতিক আৰু অনৈতিক দুয়োটাই হ’ব পাৰে: নিকোলাছ মূৰে বাটলাৰ ।
- বিবেক হ’ল এনে এক পৱিত্ৰ ঠাই – যত একমাত্ৰ ঈশ্বৰেহে বিচাৰক হিচাপে প্ৰৱেশ কৰিব পাৰে: লেমেন্নেইচ ।
- অতীতৰ ঋণ পৰিশোধ কৰাৰ একমাত্ৰ উপায় হ’ল ভৱিষ্যতটোক আমাৰ ওচৰত ঋণী কৰি ৰখা: জন বুকান ।
- যিহেতু যুদ্ধ আৰম্ভ হয় মানুহৰৰ মনৰ , সেয়েহে মানুহৰ মনৰ ভিতৰতে প্ৰথমে শান্তি সুৰক্ষিত কৰি তুলিব লাগিব: ইউনেস্ক ‘ ৰ সংবিধান ।
- একমাত্ৰ কাম আৰু আদৰ্শতে জীৱন উতসৰ্গ নকৰিবা । মানৱিক সম্পৰ্কই হ’ল জীৱনৰ শ্ৰেষ্ঠ সম্পদ । সেয়া মই বৰ পলমকৈ গম পালোঁ: কাথাৰিণ্ড চুছন্নাছপ্ৰিচাৰ্ড
- যেতিয়া সকলো মানুহেই একে ধৰণে চিন্তা কৰে , তেতিয়া বুজিব লাগে যে কোনো এজন মানুহেই গভীৰভাৱে চিন্তা নকৰে: ওৱাল্টাৰ লিপমেন ।
- তুচ্ছ আৰু গুৰুত্বহীন কথাবোৰত অতিশয় ব্যস্ত হৈ থকাটোৱেই হ’ল পুখী হোৱাৰ প্ৰধান উপায়: এডৱাৰ্ড নিউটন ।
- সৰ্বসাধাৰণ জনতাৰ সহ্য গুণ অসাধাৰণ । জনতাই সকলোকে ক্ষমা কৰি দিয়ে – প্ৰতিভাশালী বা মহতজনক কোনো দিনে ক্ষমা নকৰে: অস্কাৰ ৱাইল্ড ।
- সময়ৰ সদ্ব্যব্যৱহাৰৰ অৰ্থ হ’ল আটাইতকৈ গুৰুত্বপূৰ্ণ কামখিনি বাছি উলিওৱা উচিত মতে কাম কৰি যোৱা: লী ইয়াকুকা ।
- কাইলৈৰ কথা নাভাবিবা । দৃষ্টি নিবদ্ধ কৰা কেৱল আজিৰ দিনটোৰ ওপৰত । আজিৰ দিনটোৰ পৰম বিস্ময়েই তোমাৰ কাৰণে যথেষ্ট: খলিল জিব্ৰান ।
- তৰাবোৰ বহু দূৰত থাকে কাৰণেই আমি সিহঁতক সুন্দৰ আৰু নিষ্কলংক যেন দেখোঁ । কাৰণ সিহঁতৰ ব্যক্তিগত জীৱনৰ বিষয়ে আমি একো নাজানোঁ:হাইনৰিখহাইনে
- এজন পূৰুষ বা মহিলাৰ বংশ – পৰিচয় জনাৰ একমাত্ৰ উপায়টো হ’ল কাজিয়াৰ সময়ত তেও দেখুওৱা আচৰণখিনি: জৰ্জ বানাৰ্ড শ্ব
- নিজৰ বিষয়ে ভবাটো কেতিয়াও অপৰাধ হ’ব নোৱাৰে । মই এটা কথা সদায় জানোঁ, প্ৰকৃততে নিজৰ বিষয়ে নভবা মানুহজনে একোকেই নাভাবে: অস্কাৰ ৱাইল্ড
- আমি যি জানোঁ, সেইখিনি ঝাঁনো বুলি জনা আৰু আমি নাজানোঁ, তাক নাজানোঁ বুলি জনাটোৱেই হ’ল প্ৰকৃত জ্ঞান: থৰো
- কোনোদিনে প্ৰলোভনৰ সন্মুখীন নোহোৱালৈকে তেওঁনো কিমান অসত, সেয়া কোনোদিনেই বুজি নাপায়: জৰ্জ বিলিঙ্ছ
- যি মানুহে নিজৰ অকৃতকাৰ্যতাৰ কাৰণে আনক দোষাৰোপ কৰে, তেনে মানুহে নিজৰ কৃতকাৰ্যতাৰ কাৰণেও আনকেই কৃতিত্ব দিয়া উচিত: হাৱাৰ্ড নিউটন
- নম্ৰতা সজ ব্যৱহাৰৰ অনুমান: সত্যনাথ বৰা
- জ্ঞানৰ শেষ পৰীক্ষা প্ৰমাণ বা যুক্তিৰ সন্ধান নহয় । বিশ্বাস কৰিবলৈ শিকাই হ’ল তাৰ বুনিয়াদ: কালাৰ্ইল
- অতি জ্ঞানীজনে সদায় নিজৰ পথ নিজে নিৰ্ধাৰন কৰে: ইউৰিডিছ
- সোণৰ দ্ৰাবক সুৱগা, কামৰ দ্ৰাবক অভ্যাস: সত্যনাথ বৰা
- ব্যাপক জ্ঞান নথকা লোকৰ হাতত বিদ্যাৰ ক্ষমতা পৰা অনুচিত: গুনাভিৰাম বৰুৱা
- আনক আঘাত দিলে, সেই আঘাত এদিন নিজে ভোগ কৰিবা: তুলসী দাস
- মানুহৰ মন পেৰাশুটৰ দৰেই, খোল খালেহে সি ক্ৰীয়াশীল হয়: থমাছ দেবাৰ
- প্ৰতিভাৰ নিৰানৱবৈ ভাগেই হল অধ্যৱসায়: টমাছ আলভা এডিচন
- ধন উপাৰ্জন কৰিবলৈ গৈ মই সময় নষ্ট কৰিব নোৱাৰোঁ: আগাচিছ
- মুক্তি বিচৰা সকলৰ দীক্ষাৰ প্ৰয়োজন হয়: ৰবীন্দ্ৰনাথ ঠাকুৰ
- বহুকেইজন চিকিৎসকৰ সহায়ত মই মৰিবলৈ ওলাইছো: আলেকজেণ্ডাৰ দা গ্ৰেড
- সময়েই ধন৷: বেঞ্জামিন ফ্ৰেঙ্কলিন৷
- খং নকৰিবা নিজৰে সৰ্বনাশ হ’ব৷ অহংকাৰ নকৰিবা পতন হ’ব, কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ’বা, ফাঁকি নিদিবা, ফাঁকত পৰিবা৷: বিবেকানন্দ ৷
- আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা, কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ’ব তুমি নাজানা: হজৰত মহম্মদ ৷
- পৰিস্থিতি যিমানেই ভয়লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত৷: পিয়েৰ টেলহাৰ্ড
- সফলতাৰ পিছে পিছে দৌৰি নুফুৰিবা, যদি তুমি সচাঁকৈয়ে সফল হ’ব বিচাৰিছা তেন্তে ক্ষন্তেক জিৰণি লোৱা আৰু ভাবা তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা৷ দেখিবা এইবেলি সফলতাই তোমাক খেদি ফুৰিছে৷: ডেভিদ ফ্ৰষ্ট ৷
- এগৰাকী সফল আৰু এগৰাকী অসফল ব্যক্তিৰ মাজত থকা মূল পাৰ্থক্যটো হ’ল সফল ব্যক্তিগৰাকীয়ে তেওঁৰ ভূলৰ পৰাই সদায়েই শিক্ষা লৈ আগবাঢ়ে: ডেল কাৰ্নেগী৷
- উশাহ লৈ থকা মানেইতো জীয়াই থকা নহয়৷: মেথিউ
- প্ৰেম হৈছে এনে এক জীৱনপুষ্প যি প্ৰস্ফুটিত হয় অভাৱনীয়, অপৰিকল্পিতভাৱে, কোনোৱে নজনাকৈয়ে, প্ৰকৃতিৰ সকলো নিয়ম উলংঘা কৰি৷: ডি এইছ লৰেঞ্চ
- কৰ্মৰ মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে: বেইলী
- যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভূল কৰা নাই ইয়াৰ অৰ্থ হ’ল যে তেওঁ শিকিবলৈ কোনো চেষ্টা কৰা নাই : এৰিষ্ট’টল৷
- নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা: বেঞ্জামিন ফ্ৰেংকলিন৷
- এজন মানুহে গোটেই দিনটো যি চিন্তা কৰে তেওঁ সেয়াই৷ সচাঁকৈয়ে! তাতকৈ অন্য ধৰণৰ হোৱাটো বাৰু তেওঁৰ বাবে কেনেকৈ সম্ভৱ? :এমাৰ্চন৷
- নীৰৱতা হ’ল জীৱনৰ এক অমূল্য বস্তু, যাৰ ভিতৰত বহু বস্তুৱে জন্মলাভ কৰে: থমাছ কাৰ্লাইল৷
- মানুহৰ মন সদায় একে ঠাইতেই থাকে৷ কিন্তু এই মন বোলা অতি শক্তিশালী বস্তুটোৱে স্বৰ্গক নৰক আৰু নৰকক স্বৰ্গ কৰি তোলে: কবি জন মিল্টন৷
- ক্রোধ মানুহৰ প্রধান শত্রু। ক্রোধ কৰা মানুহে যুদ্ধৰ বাহিৰে অন্য কামত ভাগ লব নোঁৱাৰে: বাইবেল
- সকলো বস্তু কিনিছা কিনা। পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা: যতীন্দ্র নাথ দুৱৰা
- সত্যক কেতিয়াও ঢাকি ৰাখিব নালাগে কাৰণ সত্যই অন্ধকাৰক ঘৃণা কৰে: মহাত্মা গান্ধী
- অকণমান সাহসৰ অভাৱতেই পৃথিবীৰ বহুতো প্রতিভাৰ অপচয় ঘটে: ছিডনি স্মিথ
- যি নিজৰ দেশক ভাল নাপাই সি একোকে ভাল নাপায়: বাইৰণ
- এটা বন্দুকৰ গুলীতকৈ এটোপাল চিঞাহীৰ মূ্ল্য বেছি: চেইন্ট টেৰেজা
- আমি যি কাম কৰো সেয়াই পৰম পিতাৰ কাম: স্বামী বিবেকানন্দ
- আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্র গঠন হয়: আনন্দ চন্দ্র আগৰৱালা
- ভাষাৰ বাপেক ভাৱ আৰু ককাক জ্ঞান: কমলা কান্ত ভট্টাচার্য্য
- শিক্ষাই মানুহৰ শ্রেষ্ঠ সম্পদ: চক্রেটিজ
- প্ৰত্যেক ধৰ্মই আমাক কয় কৰ্ম, বিশ্বাস , অৰ্চনা – এই তিনিটা মানুহৰ প্ৰধান লাগতিয়াল বস্তু — ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ
- আমি কেৱল যুক্তিৰ সহায়েৰে সত্যত উপনীত হʼব নোৱাৰোঁ, সত্যত উপনীত হʼবলৈ হৃদয়ৰো সহায় লাগে — ব্লেইছ পাছকেল
- কৃতকাৰ্যতাই মানুহক বিনয়ী, সহিষ্ণু আৰু মৰমিয়াল কৰি তোলে। ব্যৰ্থতাই মানুহক নিষ্ঠুৰ আৰু তিক্ততাপূৰ্ণ কৰে — ছমাৰছেট মম
- তুমি জীৱনক ভাল পোৱানে? যদি জীৱনক ভাল পোৱা সময়ৰ অপচয় নকৰিবা ; কাৰণ সময়ৰ সমষ্টিয়েই জীৱন — বেঞ্জামিন ফ্ৰেংকলিন
- কিতাপে বিশ্ব ব্ৰহ্মাণ্ডক ইয়াৰ আত্মা প্ৰদান কৰে, মনক ডেউকা প্ৰদান কৰে, কল্পনাক উৰাৰ সক্ষমতা আৰু সকলোকে জীৱনময় কৰি তোলে — প্লেট’
- ৬) কেতিয়াবা তুমি আনৰ চকুতহে নিজক পৰিষ্কাৰকৈ দেখা পাব পাৰা। সেইবাবে আমাৰ জীৱনত সমালোচক সকলৰ এটা ভূমিকা থাকে। তেওঁলোকৰ চকুতহে আমাৰ ভুল শুদ্ধ ধৰা পৰে — এলেন ডিজেনাৰ্ছ
- ব্যৰ্থতাৰ বহুতো কাৰণৰ ভিতৰত এটা অতি সাধাৰণ কাৰণ হ’ল মানুহে সমসাময়িকভাবে পৰাজয়ৰ সন্মুখীন হ’লেই মানুহে কামটো কৰিবলৈ এৰি দিয়ে। কম বেছি পৰিমাণৰ সকলো মানুহে এইটো কৰে — নেপোলিয়ন হিল
- যি মানুহে আন মানুহৰ বিষয়ে বেছি কথা জানে তেওঁ এজন বিদ্বান। যি মানুহে আনক শাসন কৰে তেওঁ ক্ষমতাশালী ; কিন্তু যিজন মানুহে নিজক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰিছে তেওঁ হ’ল আটাইতকৈ শক্তিশালী মানুহ — লাও জু
- সাহসেই হৈছে প্ৰথম আৰু প্ৰধান মানৱীয় যোগ্যতা। কাৰণ ইয়াৰ পৰাই আন সকলো যোগ্যতা আৰু সম্ভাৱনাৰ সৃষ্টি হয় — উইনষ্টাইন চাৰ্চিল
- ক্ষুদ্ৰতম কামটো কৰিবৰ সময়তো সেই কামটোতে ঢালি দিবা তোমাৰ সমস্ত হৃদয়, মন, বুদ্ধি আৰু আত্মা। কৃতকাৰ্যতাৰ সেইটোৱে হ’ল গোপন ৰহস্য — স্বামী বিবেকানন্দ
- কৰ্মই উপাসনা হাঁহিয়েই জীৱন । – বিষ্ণুপ্ৰসাদ ৰাভা
- ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক । – ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
- স্কুল মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু – মহাত্মা গান্ধী
- শিক্ষাৰ উদ্দেশ্য হ’ল মানুহক মানুহ ৰূপে গঢ়ি তোলা, মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন। – ৰাজা ৰামমোহন ৰায়
- কিতাপ নথকা ঘৰ, খিৰিকী নথকা কোঠালিৰ দৰে। – এইচ. মেনন
- আনে কি কৰিছে ভবাতকৈ নিজে কি কৰিছোঁ ভৱাহে বেছি দৰকাৰ। – ৰাজা ৰামমোহন ৰায়
- অন্য মানুহে খাবলৈহে জীয়াই থাকে, আনহাতে মই জীয়াই থাকিবলৈহে খাওঁ। – চক্ৰেটিছ
- আমি গোটোৱা সকলোবোৰ সম্পত্তিৰ ভিতৰত জ্ঞান মাথো অবিনাশী। – চক্ৰেটিছ
- খং নকৰিবা, নিজৰ সৰ্বনাশ হ’ব, অহংকাৰ নকৰিবা, পতন হ’ব, কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ’বা, ফাঁকি নিদিবা, ফাঁকত পৰিবা। – স্বামী বিবেকানন্দ
- ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা, মানুহক নুজুখিবা। – ৰবীন্দ্ৰনাথ ঠাকুৰ
- সচেতনতা আৰু জাগৰণৰ মাজত পাৰ্থক্য হ’ল- সচেতনতা হ’ল ইন্ধন, জাগৰণ এক প্ৰকাৰ অগনি ; যি অগনিয়ে দুষ্কৃতিক পুৰি ন সৃষ্টিৰ ন গজালি গজাত সহায় কৰে — ভূপেন হাজৰিকা
- যদি তুমি কিবা বস্তু পছন্দ নকৰা তেতিয়াহ’লে সেই বস্তুটো সলাই পেলোৱা। আৰু যদিহে তাক সলাই পেলাব পৰা নাযায় তেন্তে নিজৰ দৃষ্টিভংগীক সলাই পেলাবলৈ যত্ন কৰা — মায়া এঞ্জেল’
- আমাৰ জীৱনলৈ কিছুমান মানুহ আশীৰ্বাদ হৈ আহে আৰু কিছুমান মানুহ আহে শিক্ষা হৈ — মাদাৰ টেৰেছা
- শান্তি বলপূৰ্বকভাবে প্ৰতিষ্ঠিত কৰিব নোৱাৰি, ইয়াক কেৱল পাৰস্পৰিক বুজাপৰাৰ মাজেৰেহে পাব পাৰি — এলবাৰ্ট আইনষ্টাইন
- ইতিবাচক দৃষ্টিভংগীয়ে মানুহৰ সপোন সাকাৰ কৰি তোলাত আটাইতকৈ বেছি ভূমিকা গ্ৰহণ কৰে। কাৰণ ইতিবাচক চিন্তাৰ পৰাই ইতিবাচক শক্তিৰ জন্ম হয় — ডেভিড বেইলী
- বিশ্বাস হৈছে এনে এটা শক্তি যি এটা বস্তুক নিজৰ লগত সকলো পৰিস্থিতিৰ মাজতো ধৰি ৰখাত সহায় কৰে। বিশ্বাসেই মানুহৰ জীৱনৰ গতিপথক সলনি কৰিব পাৰে — চি এছ লিৱিছ
- কৰ্মই উপাসনা হাঁহিয়েই জীৱন — বিষ্ণুপ্ৰসাদ ৰাভা
- ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক — ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
- স্কুল মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু — মহাত্মা গান্ধী
- শিক্ষাৰ উদ্দেশ্য হ’ল মানুহক মানুহ ৰূপে গঢ়ি তোলা, মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন — ৰাজা ৰামমোহন ৰায়
- কিতাপ নথকা ঘৰ, খিৰিকী নথকা কোঠালিৰ দৰে — এইচ. মেনন
- সময়েই হ’ল মানুহৰ আটাইতকৈ মূল্যবান সম্পদ, কাৰণ সময় এবাৰ গ’লে কেতিয়াও ঘূৰি নাহে। – টমাচ্ আলভা এডিচন
- কৃতকাৰ্য হ’বলৈ হলে তোমাৰ ভীষণ অধ্যাৱসায় আৰু প্ৰৱল ইচ্ছা শক্তি থাকিব লাগিব। – স্বামী বিবেকানন্দ
- যেতিয়ালৈকে মানৱ আত্মাক শক্তিশালী কৰিব নোৱাৰি তেতিয়ালৈকে শিক্ষা সম্পূৰ্ণ নহয়। – মহাত্মা গান্ধী
- পৰিশ্ৰমেই হ’ল মানুহৰ একমাত্ৰ পৰিত্ৰাণ। যি মানুহে নিজে বাছি লোৱা কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব পাৰে সেই মানুহৰ মনলৈ আত্মবিশ্বাস আপোনা-আপুনি আহে। – হোমেন বৰগোহাঞি
- আমাক এনে শিক্ষাৰ প্ৰয়োজন যাৰ দ্বাৰা আমাৰ সৎ চৰিত্ৰ গঠন হয় আৰু যাৰ দ্বাৰা মানসিক বল বৃদ্ধি হয়, যাৰ দ্বাৰা বুদ্ধিমত্তা প্ৰসাৰিত হ’ব আৰু যাৰ সহায়ত আমি নিজৰ ভৰিত নিজে থিয় দি আত্মনির্ভৰশীল হ’ব পাৰো। – স্বামী বিবেকানন্দ
- এখন ভাল কিতাপ নষ্ট কৰা আৰু এজন ভাল মানুহক হত্যা কৰা একে কথা। – মিল্টন
- জীৱনটোও একপ্ৰকাৰৰ পৰ্বত আৰোহণ। অসীম দুখ-কষ্ট আৰু দুৰ্লংঘ বাধা আছে বাবেই সি ৰোমাঞ্চকৰ। – হোমেন বৰগোহাঞি
- একমাত্ৰ পৰিশ্ৰমী লোকেহে বিজয়ী হ’ব পাৰে। – হোমাৰ
- এলাহ মানুহৰ বাবে অভিশাপ। এলাহে ব্যক্তিৰ আৰু জাতিৰ অন্তঃসত্তা নাইকিয়া কৰে আৰু লোহাত মামৰে ধৰাৰ দৰে ব্যক্তি আৰু জাতিৰো ক্ষতি কৰে। – ছেমুৱেল স্মাইলছ
- মানুহৰ প্ৰকৃত পৰিচয় জন্ম লৈ নহয়, কৰ্মলৈহে। – মহাবীৰ
- এজন মানুহৰ যিমানেই প্ৰতিভা নাথাকক কিয় যদি তেওঁ পৰিশ্ৰম নকৰে তেন্তে তেওঁৰ সেই সুপ্ত প্ৰতিভাই কেতিয়াও ভাল ফলাফল নিদিয়ে। – টমাছ আলভা এডিছন
বিদ্যাসাগৰ ঈশ্বৰচন্দ্রৰ বাণী
- শিক্ষা হ’ল ডাঙৰ সম্পদ, শিক্ষা অকল আমাৰ নিজৰ উপকাৰ নকৰে, শিক্ষাই গোটেই সমাজৰ উন্নয়ন সাধন কৰে। – ঈশ্বৰচন্দ্র
- সদায় সত্য কথা ক’বা, যিয়ে সত্য কথা কয় তাক সকলোৱে ভাল পায়। – ঈশ্বৰচন্দ্র
- যি অৱস্থাত আছে, তেওঁ যদি সেই অৱস্থাতেই সন্তুষ্ট থাকে, তেনেহলে কাৰোবাৰ ওচৰত অপমানিত হ’ব নালাগে। – ঈশ্বৰচন্দ্র
- মানুহ যিমান ডাঙৰ নহওক কিয়, সদায় তাৰ অতীতৰ কথা মনত ৰখা উচিত। অতীতৰ পৰা শিক্ষা লৈ ভবিষ্যৎতৰ ফালে আগবঢ়া প্রয়োজন। – ঈশ্বৰচন্দ্র
- মা-দেউতাৰ সেৱাই শ্রেষ্ঠ পূজা আৰু সন্তানৰ প্রধান ও পবিত্র কর্তব্য।- ঈশ্বৰচন্দ্র
- আমাৰ নিজৰ স্বার্থ দেখাৰ আগত সমাজ আৰু দেশৰ স্বার্থ দেখা উচিত। সেয়াই হৈছে প্রকৃত বিবেক ধর্ম। – ঈশ্বৰচন্দ্র
- যি ব্যক্তি যি দেশত জন্ম গ্রহণ কৰে, সেই দেশৰ উন্নয়নৰ বাবে সদায় কাম কৰা তাৰ বাবে প্রধান ধর্ম আৰু তাৰ জীৱনৰ সর্ব প্রধান কর্ম। – ঈশ্বৰচন্দ্র
- পৰিশ্রম নকৰিলে স্বাস্থ্যৰক্ষা ও সুখলাভ নহয়, যিজন ব্যক্তি পৰিশ্রম কৰে, তেওঁ কেতিয়াওঁ কষ্ট নাপায়। – ঈশ্বৰচন্দ্র
- কোনো বিষয়ে প্রস্তাব কৰা সহজ, কিন্তু সেই কাম কৰা কঠিন। – ঈশ্বৰচন্দ্র
- দুখ নথকা জীৱন, মাজি নথকা নৌকাৰ দৰে। – ঈশ্বৰচন্দ্র
সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বাণী
- কলেজত হুমোৱা সহজ হৈছে কিন্তু কঠিন হৈছে শিক্ষিত হোৱা। – সৰ্বপল্লী ৰাধাকৃষ্ণন
- জীৱনৰ আনন্দ আৰু সুখ কেৱল মাত্র জ্ঞান ও বিজ্ঞানৰ দ্বাৰা সম্ভৱ। – সৰ্বপল্লী ৰাধাকৃষ্ণন
- যেতিয়া আমি ভাবো আমি চব জানো, তেতিয়াই আমাক শিকিব লাগিব। – সৰ্বপল্লী ৰাধাকৃষ্ণন
- আদর্শ শিক্ষক সেই সকল যিসকলে শিক্ষার্থীক চিন্তা কৰিবলৈ শিকায়। – সৰ্বপল্লী ৰাধাকৃষ্ণন
- এনেকুৱা শিক্ষাৰ প্রয়োজন যি পৃথিৱীৰ মানুহৰ বাবে কল্যাণ হয়। – সৰ্বপল্লী ৰাধাকৃষ্ণন
- আমি এনেকুৱা শিক্ষা বিচাৰো, যি নৱপ্রজন্মক সামাজিক আৰু অর্থনীতিৰ ক্ষেত্রত পৰিবর্তন আনিবলৈ সক্ষম হ’ব। – সৰ্বপল্লী ৰাধাকৃষ্ণন
- কোন ব্যক্তিই সম্পূর্ণ হ’ব নোৱাৰে যদি তাৰ মাজত যুক্তিবাদ ও অধ্যাত্মিক বোধ জাগ্রত না হয়। – সৰ্বপল্লী ৰাধাকৃষ্ণন বাণী
- মানুহক ভাল কৰা মানুহক মানুহ হিচাপে গঢ়ি তোলা আমাৰ সকলোৰে কর্তব্য। আৰু সেয়া যদি আমি কৰিব বিচাৰো তেনেহলে প্রেম বা ভালপোৱাৰ মাধ্যমেৰে কৰিব পাৰি। – সৰ্বপল্লী ৰাধাকৃষ্ণন
- এজন শিক্ষৰ কর্তব্য হ’ব শিক্ষার্থী সকলক গণতান্ত্রিক দেশৰ উপযুক্ত নাগৰিক হিচাপে গঢ়ি তোলা। – সৰ্বপল্লী ৰাধাকৃষ্ণন
- শিক্ষক সকলৰ চাব লাগিব যে শিক্ষার্থী যেন সৎ চৰিত্রৰ অধিকাৰী হয়। – সৰ্বপল্লী ৰাধাকৃষ্ণন
- শিক্ষার্থীৰ মাজত জ্ঞান বিলোৱাই শিক্ষক সকল কাম নহয়, কল্যাণ কাম সমূহৰ বাবে তেওঁলোকক উৎসাহিত কৰিব লাগিব। – সৰ্বপল্লী ৰাধাকৃষ্ণন বাণী
- শিক্ষক সকলৰ কর্মশক্তি প্রকাশ কৰাৰ স্বাধীনতাই হ’ব আদর্শ। – সৰ্বপল্লী ৰাধাকৃষ্ণন বাণী
মহৎ লোকৰ বাণীৰ শেষ বাক্য হিচাপে
আচলতে আমি ইয়াত Assamese Medium ৰ ছাত্ৰ ছাত্ৰীৰ বাবে সকলো শ্ৰেণীৰ যিকোনো সমাধান আলোচনা কৰোঁ কিন্তু শিক্ষাৰ অংগ হিচাপে ছাত্ৰ ছাত্ৰীৰ বাবে আমি আনুষঙ্গিক কিছু কথা আলোচনা কৰোঁ। সেইবাবে আজি আমি মহৎ লোকৰ বাণী কিছু ইয়াত সন্নিবিষ্ট কৰিছোঁ।
ইয়ে যদিও আপোনাক পাঠ্য পুথিৰ কোনো সমাধান দিব নোৱাৰে তথাপি আপোনাৰ শিক্ষাৰ এক অবিচ্ছেদ্য অংশ। কেতিয়াবা এটি মাত্ৰ মহৎ লোকৰ বাণী আৰু আপোনাৰ জীৱনৰ পৰিৱৰ্তন হব পাৰে।
সেই আশাৰে আমি আজি মহৎ লোকৰ বাণী আলোচনা কৰিলোঁ। ভৱিষ্যত ত আৰু বেছিকৈ মহৎ লোকৰ বাণী ইয়াত সংযোজন কৰা হব। আপুনি যদি পঢ়িব খোজে আহিব পাৰে আৰু আনকো পঢ়াৰ সুযোগ কৰি দিবলৈ আনৰ সৈতে ভাগ বতৰা কৰিব পাৰে।
আপোনালোকৰ এই মহৎ প্রচেষ্টা পঢ়ুৱৈৰ জীৱন যুদ্ধত সহায় হওক তাৰেই শুভকামনাৰে ৷
Thank You So Much For Your Valuable Comment