উদ্যোগী হওঁ আহাঁ

HSLC 2024 Final Exam ৰ বাবে Class 10 Assamese বিষয়ৰ বাবে এক নতুন অধ্যায় সংযোগ কৰিছে যাৰ নাম হল “উদ্যোগী হওঁ আহাঁ” আৰু আপুনি যদি উদ্যোগী হওঁ আহাঁ প্ৰশ্ন উত্তৰ বিছাৰি Assamese Medium লৈ আহিছে তেন্তে কোনো ভুল কাম কৰা নাই।

Watch FREE Video Classes

আমি এই ৱেবচাইটৰ জৰিয়তে আপোনালোকৰ বাবে ষষ্ট শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো বিষয়ৰ প্ৰশ্ন উত্তৰ বিনামূল্য দিবলৈ প্ৰয়াস কৰি আছোঁ।

সেইবাবেই আজি আমি আপোনালোকৰ বাবে উদ্যোগী হওঁ আহাঁ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ যিয়ে আপোনাক আগন্তুক HSLC 2024 Final Exam ত সহায় কৰিব।

উদ্যোগী হওঁ আহাঁ সকলো প্ৰশ্ন উত্তৰ 2024

এই লিখনিত আমি আপোনালোকৰ বাবে উদ্যোগী হওঁ আহাঁ অধ্যায়ৰ ভাৱ বিষয়ক প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ, কিছু গুৰুত্বপূৰ্ণ চমু টোকা লগতে Assamese Grammar সমন্বিত সকলো প্ৰশ্ন উত্তৰ দিবলৈ প্ৰয়াস কৰিছো। আশা কৰোঁ এই লিখনিয়ে আপোনাক যথেষ্ট সহায় কৰিব।

ভাৱ-বিষয়ক প্ৰশ্ন উত্তৰ

১। (ক) দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী-শিক্ষক গৰাকীৰ নাম কি?
উত্তৰঃ দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষক গৰাকী নাম হল-প্ৰকাশ গোস্বামী।

(খ) শ্ৰেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল?
উত্তৰঃ শ্ৰেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল- এজন ব্য়ক্তিয়ে কেনেকৈনো নিজকে এজন উদ্য়োগী ব্য়ক্তি হিচাপে গঢ়ি তুলিব পাৰে।

(গ) এজন উদ্দোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যবধান কি?
উত্তৰঃ এজন উদ্য়োগী অৰ্থাৎ আন্ট্ৰাপিনিওৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্য়ৱধান হল এলাহ।

(ঘ) এজন সফল উদ্যোগী হ’বলৈ কি কি গুণৰ প্ৰয়োজন?
উত্তৰঃ এজন সফল উদ্য়োগী হবলৈ ধৈৰ্য্য়, একাগ্ৰতা, নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি এই গুণবোৰৰ প্ৰয়োজন।

(ঙ) ককা ক’লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি?
উত্তৰঃ ক’কা কলা কোম্পানীৰ বিজ্ঞাপনটো যত কোৱা হয় – ‘ Eat cricket, sleep cricket, dream cricket, drink cricket.’ উদ্য়োগী হব বিচৰা এজন ছাত্ৰ বা ব্য়ক্তিৰ বাবে এই বিজ্ঞাপনটো অতি গুৰুত্বপূৰ্ণ।

(চ) নাৰায়ণ মূর্ত্তী কোন
উত্তৰঃ নাৰায়ণ মূৰ্ত্তী ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্য়োগী বা আন্ট্ৰাপিনিওৰ।

(ছ) বিজিতে ছাৰক উদ্যোগী সম্পর্কে কি কৈছিল?
উত্তৰঃ বিজিতে ছাৰক উদ্য়োগী সম্পৰ্কে কৈছিল যে – উদ্য়োগীসকল হল এনে ব্য়ক্তি যিয়ে নিজে ব্য়ৱসায় বা উদ্য়োগী আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্ম সংস্থান দিবলৈ সক্ষম হয়।

(জ) প্রথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব?
উত্তৰঃ প্ৰথম অৱস্থাত এজন উদ্য়োগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈও সাজু থাকিব লাগিব।

(ঝ) টমাচ আলভা এডিছনে ইলেকট্রিক বাঘ তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল? ।
উত্তৰঃ টমাচ আলভা এডিছনে ইলেকট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ মন্তব্য় কৰিছিল ”মই বিফল হোৱা নাই। মাত্ৰ বুজিলোঁ যে ১০০০০ ধৰণে ই কাম নকৰে”।

চমুকৈ বুজাই লিখা

(ক) উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান ।’শিক্কষকগৰাকীয়ে কিয় এনেদৰে ক’লে বুজাই লিখা।
উত্তৰঃ উদ্য়োগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচাৰ।’ ইয়াৰ অৰ্থ এয়ে যে এজন উদ্য়োগী অৰ্থাৎ আন্ট্ৰাপিনিওৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্য়ৱধান হল এলাহ। আচলতে সকলোতকৈ সহজ কাম হল এজন উদ্য়োগী বা আন্ট্ৰাপিনিওৰ হোৱা। কিয়নো ইয়াৰ বাবে কোনো বিশ্ববিদ্য়ালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হল এজন সফল উদ্য়োগী হোৱা।

(খ) সফল উদ্যোগী হ’বলৈ কিয় কঠিন?
উত্তৰঃ এজন সফল উদ্য়োগী হবৰ বাবে লাগিব ধৈৰ্য্য়, একাগ্ৰতা, নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলোৰে এই গুণবোৰ নাথাকে। সেইবাবে সফল উদ্য়োগী হোৱাটো টান বুলি কৈছে।

(গ) এজন উদ্যোগী হ’বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্রচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা।
উত্তৰঃ সকলোৱে প্ৰথমে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে। বহুতৰে চাইকেলৰ পৰা পৰি হাত-ভৰিৰ ছাল-বাকলি এৰাই যায়। কাৰোবাৰ কাৰোবাৰ পৰি হাত-ভৰিও ভাঙে। যিসকলে ছালবাকলি যোৱাৰ পাছত বা হাত-ভৰিভঙাৰ পাছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে, তেওঁলোকে আৰু জীৱনত কোনোদিনে চাইকেল চলাব নোৱাৰে। যিসকলে ছালবাকলি এৰোৱাৰ পাছতো চেষ্টা কৰি যায়, প্ৰথমে তলত চলাব পৰা হয়, তাৰ পাছত লাহে লাহে জাঁপ মাৰি ওপৰত উঠি ‘হাফ পেদেল’ মাৰি চলাব পৰা হয় আৰু এদিন ‘ফুল পেদেল’ মাৰি চলাব পৰা হৈ লগৰীয়াৰ লগত জোৰেৰে চলোৱা, লাহে লাহে চলোৱা প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। এজন উদ্য়োগী হবলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম। বহুতেই প্ৰথম বিফলতাতে এৰি দিয়ে, কোনোবাই তিনিবাৰ বিফল হলে এৰি দিয়ে। কিন্তু যিয়েই এৰি নিদি লাগি থাকে তেৱেঁই এদিন এজন সফল উদ্য়োগী হয়গৈ।

(ঘ) উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা ।
উত্তৰঃ নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্য়ক্তিয়েই একো একোজন উদ্য়োগী বা entrepreneur । সেই হিচাপত জুবিন, পাপনৰ দৰে এজন শিল্পী, এখন ৰেষ্টোঁৰা বা ধাবাৰ মালিক, এখন গেলামালৰ দোকানৰ মালিক নতুবা এখন বিউটি পাৰ্লাৰ চলোৱা ব্য়ক্তি সকলোৱেই একো একো গৰাকী উদ্য়োগী।

৩। ইন্‌ফ’চিচ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা।
উত্তৰঃ ইন্ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্ত্তী।
ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্য়োগী বা আন্ট্ৰাপিনিওৰ। কিন্তু তেওঁ কোনো সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাছিল। কৰ্ণাটকৰ এক নিম্ন মধ্য়বিত্ত পৰিয়ালত তেওঁৰ জন্ম হৈছিল। সৰুৰে পৰা এজন উদ্য়োগী হোৱাৰ তেওঁৰ দুৰ্বাৰ হেঁপাহ আৰু হাবিয়াস আছিল। সেয়ে অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পাছতে তেওঁৰ চাকৰি ত্য়াগ কৰি Softronics নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে। কিন্তু প্ৰতিষ্ঠা কৰাৰ ডেৰ বছৰৰ পাছতে দেউলীয়া হৈ কোম্পানীটো বন্ধ হৈ যায়। কোম্পানীটো বন্ধ হৈ যোৱাৰ পাছত নাৰায়ণ মূৰ্ত্তীদেৱে পুনৰ চাকৰিত যোগদান কৰে যদিও অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধুৰ লগ লাগি আৰু Infosys নামৰ কোম্পানী আৰম্ভ কৰে। এই কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্ত্তীক তেওঁৰ পত্নীয়ে দহ হাজাৰ টকা নিজৰ সাচতীয়া ধনৰ পৰা আগবঢ়াই দিয়ে। নিজৰ ঘৰৰ পৰা দহ হাজাৰ টকা মূলধনেৰে আৰম্ভ কৰা ইনফচিচ প্ৰথম অৱস্থাত বহুতো বাধা, ঘাত-প্ৰতিঘাতৰ সন্মুখীন হব লগা হৈছিল, নব্বৈৰ দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতিক মুকলি কৰি দিয়াত ইনফচিচৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আহে। সময়ৰ শৰ সময়ত মৰাৰ পাছত নাৰায়ণ মূৰ্ত্তী আৰু তেওঁলোকৰ কোম্পানীয়ে পাছলৈ ঘূৰি চাব লগা নহল। ধৈৰ্য্য় আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষা কৰি সময়ৰ শৰ সময়ত মৰাত আজি নাৰায়ণ মূৰ্ত্তী বিশ্বৰ ভিতৰত এজন সফল আৰু নামজ্বলা উদ্য়োগী।

৪। “ছাৰ, এজন উদ্যোগী হ’বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ’ব লাগিব ?”—এইদৰে কোনে সুধিছিল। তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা।
উত্তৰঃ এইদৰে প্ৰীতমে সুধিছিল।
তুমি কোনটো দিশত উদ্য়োগী হবলৈ বিচাৰিছা তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব। এখন ধাবা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক-পাচলিৰ দোকান খুলি স্বাবলম্বী হবৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্ত এইবোৰ ব্য়ৱসায়তো কৃতকাৰ্য্য় হবৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন, টি.ভি. ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা Skill থকাটো প্ৰয়োজন। কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্য়ৱসায়ত কৃতকাৰ্য্য়তা লাভ কৰিব নোৱাৰি।

৫। “এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়।”—কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা।
উত্তৰঃ এজন উদ্য়োগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। প্ৰথম অৱস্থাত এজন উদ্য়োগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈও সাজু থাকিব লাগিব। সকলোৱে প্ৰথমে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে। বহুতৰে চাইকেলৰ পৰা পৰি হাত-ভৰিৰ ছাল-বাকলি এৰাই যায়। যিসকলে ছালবাকলি যোৱাৰ পাছত বা হাত-ভৰি ভঙাৰ পাছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে, তেওঁলোকে আৰু জীৱনত কোনোদিনে চাইকেল চলাব নোৱাৰে। যিসকলে ছালবাকলি এৰোৱাৰ পাছতো চেষ্টা কৰি যায়, প্ৰথমে তলত চলাব পৰা হয়, তাৰ পাছত লাহে লাহে জাঁপ মাৰি ওপৰত উঠি হাফ পেদেল মাৰি চলাব পৰা হয় আৰু এদিন ফুল পেদেল মাৰি চলাব পৰা হৈ লগৰীয়াৰ লগত জোৰেৰে চলোৱা, লাহে লাহে চলোৱা প্ৰতিযোগিতাত অৱৰ্তীণ হয়। এজন উদ্য়োগী হবলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম। বহুতেই প্ৰথম বিফলতাতে এৰি দিয়ে, কোনোবাই দুবাৰত এৰি দিয়ে, কোনোবাই তিনিবাৰ বিফল হলে এৰি দিয়ে। কিন্তু যিয়েই এৰি নিদি লাগি থাকে তেৱেঁই এদিন এজন সফল উদ্য়োগী হয়গৈ। এজন উদ্য়োগী হবৰ বাবে কোনো শিক্ষাগত অৰ্হতা প্ৰয়োজন নাই। এখন ধাবা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক-পাচলিৰ দোকান খুলি স্বাবলম্বী হবৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্তু এইবোৰ ব্য়ৱসায়তো কৃতকাৰ্য্য় হবৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন, টি.ভি. ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা Skill থকাটো প্ৰয়োজন। বৰ্তমান সময় প্ৰযুক্তি, তথ্য়প্ৰযুক্তি আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্য়ৱস্থাৰ সময়। গতিকে এনেবোৰ বিষয়ত উদ্য়োগী হব বিচাৰিলে এনে বিষয়ৰ শিক্ষা, জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰাটো অতিকে গুৰুত্বপূৰ্ণ।

৬। “ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল।”— ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ’ব পাৰিছিল, বৰ্ণনা কৰা।
উত্তৰঃ ভাৰতৰ সৰ্বতোকালৰ এজন সফল উদ্য়োগী ধীৰুভাই আম্বানীৰ হাতত মূলধনো আছিল নতুবা তেওঁৰ ভাল শিক্ষাগত অৰ্হতাও নাছিল। মেট্ৰিকতে শিক্ষা সমাপ্ত কৰা ধীৰুভায়ে প্ৰথমে পেট্ৰল ডিপোত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ কামৰ বাবে ডিপোটোৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিল। উদ্য়োগী হৈ নিজকে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হাবিয়াসৰ বাবে তেওঁৰ চাকৰি বাদ দি ব্য়ৱসায় কৰিবৰ বাবে সিদান্ত ললে। ‘মন কৰিলে চন, বাকৰি মাটিতে ধন’। ব্য়ৱসায়ৰ বাবে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেচি মুনাফা আৰ্জন কৰি তাৰ লাভাংশৰ ভাগ অংশীদাৰসকলৰ মাজতো বিতৰণ কৰিলে। মূলধনৰ অভাব উদ্য়োগী হোৱাৰ কেতিয়াও অন্তৰায় বা বাধা হব নোৱাৰে। পেট্ৰল পাম্পৰ চাকৰি বাদ দি মোম্বাইৰ এটা ৩৫০ বৰ্গফুটৰ কোঠাৰ পৰা ধীৰুভাই আম্বানীয়ে কাপোৰৰ ব্য়ৱসায় আৰম্ভ কৰে। কোঠাটোত সম্বল বুলিবলৈ এখন টেবুল, তিনিখন চকী, আৰু এটা টেলিফোন। তাৰ পৰা তেওঁ “ৰিলায়েঞ্চ কমাৰচিয়েল কৰ্পোৰেচন” স্থাপন কৰে আৰু পৰৱৰ্তী সময়ত ইয়েই বিখ্য়াত ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ হয়গৈ। ধীৰুভাই আম্বানীয়ে কৈছিল নতুন ধাৰণা বা চিন্তাৰ ওপৰত কাৰো একাধিপত্য় নাই। ডাঙৰকৈ ভাবা, খৰতকীয়াকৈ ভাবা, আনতকৈ আগতকৈ ভাবা। বহুতো মানুহৰ এক ধাৰণা আছে যে উদ্য়োগী হোৱাৰ গুণ জন্মগত আৰু উদ্য়োগী গঢ়িব নোৱাৰি। কিন্তু এই ধাৰণা এক ভ্ৰান্ত ধাৰণা। উপযুক্ত প্ৰশিক্ষণ আৰু অভিৰোচনৰ দ্বাৰা উদ্য়োগী গঢ়ি তুলিব পাৰি। ইয়াৰ বাবে কেৱল এজন ব্য়ক্তিৰ থাকিব লাগিব আত্মবিশ্বাস, ইচ্ছাশক্তি, আগ্ৰহ, দক্ষতা, স্বাধীনচিতীয়া আৰু সৃষ্টিশীল মন।

৭। ছাত্র-ছাত্রীসকলক উদ্যোগী হিচাপে মানসিক ভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায় ?
উত্তৰঃ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ লগতে সহায় কৰিবৰ বাবে সৰহ সংখ্য়ক মহাবিদ্য়ালয়, বিশ্ববিদ্য়ালয়, অভিযান্ত্ৰিক মহাবিদ্য়ালয়তে উদ্য়োগী কোষ গঠন কৰা হৈছিল আৰু এই কোষসমূহে নিয়মিত ভাবে কৰ্মশালা, প্ৰশিক্ষণ আদিৰ আয়োজন কৰে। সেয়েহে ছাত্ৰ অৱস্থাৰে পৰা কেৱল চাকৰিৰ আশাত পঢ়াৰ পৰিৱৰ্তে সমান্তৰালভাৱে এই কৰ্মশালা প্ৰশিক্ষণ আদিত যোগদান কৰি নিজকে উদ্য়োগী হিচাবে মানসিক ভাবে প্ৰস্তুত কৰি ৰখা উচিত। জন বিস্ফোৰণৰ বাবে চৰকাৰে সকলোকে চাকৰি দিয়া অসম্ভৱ। প্ৰতিদহজন ছাত্ৰৰ মাত্ৰ এজনেহে হয়তো চৰকাৰী চাকৰি পাব, কিছু সংখ্য়কে বেচৰকাৰী খণ্ডত চাকৰি পাব, সৰহ সংখ্য়কে কিন্তু উদ্য়োগী হৈ নিজৰ জীৱিকা আৰ্জন কৰিব লাগিব। গতিকে ছাত্ৰ-ছাত্ৰী সকলে সোনকালে নিজকে মানসিক ভাবে প্ৰস্তুত কৰি তাৰ বাবে প্ৰস্তুত হলে সেয়া নিজৰ বাবে আৰু সমাজৰ বাবে মংগলজনক।

চমু টোকা লিখা

(a) টমাচ আলভা এডিচন, ৰাডাৰফৰ্ড, আলেকজেণ্ডাৰ গ্ৰাহামবেল, চেষ্টাৰ কাৰ্লচন, বিল, গেট্চ, উইলিয়াম শ্বেইক্সপীয়েৰ, জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত।

উত্তৰঃ টমাচ আলভা এডিচনঃ থমাছ আলভা এডিচন এজন আমেৰিকান আৱিষ্কাৰক আৰু ব্যৱসায়ী আছিল যি বৈদ্যুতিক আৰু যান্ত্ৰিক অভিযান্ত্ৰিক ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে বহুলভাৱে জনাজাত। ১৮৪৭ চনৰ ১১ ফেব্ৰুৱাৰীত ওহাইঅ’ৰ মিলানত তেওঁৰ জন্ম হয় আৰু ১৯৩১ চনৰ ১৮ অক্টোবৰত নিউ জাৰ্চীৰ ৱেষ্ট অৰেঞ্জত তেওঁৰ মৃত্যু হয়।

এডিচন ব্যৱহাৰিক উদ্দীপিত লাইট বাল্ব উদ্ভাৱনকৰাৰ বাবে সৰ্বাধিক জনাজাত, যি আমাৰ ঘৰ আৰু চহৰবোৰআলোকিত কৰাৰ ধৰণত বৈপ্লৱিক পৰিৱৰ্তন আনিছিল। তেওঁ বহুতো পৰীক্ষা-নিৰীক্ষা চলাইছিল আৰু লাইট বাল্বৰ ডিজাইনত গুৰুত্বপূৰ্ণ উন্নতি কৰিছিল, যাৰ ভিতৰত আছে বাণিজ্যিকভাৱে উৎপাদন কৰিব পৰা এক দীৰ্ঘম্যাদী ফিলামেণ্ট বিকশিত কৰা। বৈদ্যুতিক লাইট বাল্বৰ ওপৰত তেওঁৰ কামে বৈদ্যুতিক পোহৰৰ ব্যাপক গ্ৰহণৰ ভেটি স্থাপন কৰিছিল আৰু সমাজত গভীৰ প্ৰভাৱ পেলাইছিল।

লাইট বাল্বৰ উপৰিও, এডিছনে বিভিন্ন আৱিষ্কাৰ আৰু উদ্ভাৱনৰ বাবে এক হাজাৰৰো অধিক পেটেন্ট ৰাখিছিল। তেওঁৰ কিছুমান উল্লেখযোগ্য সৃষ্টিৰ ভিতৰত আছে ফোনোগ্ৰাফ, ৰেকৰ্ডিং আৰু বেক ধ্বনি বজোৱাৰ বাবে এক প্ৰাৰম্ভিক সঁজুলি; চলচ্চিত্ৰ উদ্যোগৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা চলচ্চিত্ৰ কেমেৰা; আৰু কাৰ্বন মাইক্ৰ’ফোন, প্ৰাৰম্ভিক টেলিফোনৰ এক অত্যাৱশ্যকীয় উপাদান।

ৰাডাৰফৰ্ডঃ আৰ্নেষ্ট ৰাডাৰফৰ্ড, যাক নেলছনৰ লৰ্ড ৰাডাৰফৰ্ড বুলিও জনা যায়, এজন বিশিষ্ট পদাৰ্থবিজ্ঞানী আৰু বিংশ শতিকাৰ আৰম্ভণিৰ আটাইতকৈ প্ৰভাৱশালী বিজ্ঞানীসকলৰ এজন আছিল। ১৮৭১ চনৰ ৩০ আগষ্টত নিউজিলেণ্ডৰ ব্ৰাইটৱাটাৰত তেওঁৰ জন্ম হয় আৰু ১৯৩৭ চনৰ ১৯ অক্টোবৰত ইংলেণ্ডৰ কেমব্ৰিজত তেওঁৰ মৃত্যু হয়।

তেওঁ 1909 চনত বিখ্যাত সোণৰ পাত পৰীক্ষা কৰিছিল, যাৰ ফলত পৰমাণুৰ পাৰমাণৱিক আৰ্হি বিকাশ হৈছিল।

সোণৰ ফইল পৰীক্ষাত, ৰাডাৰফৰ্ড আৰু তেওঁৰ সহযোগীসকলে সোণৰ পাতল পাতৰ পাতল চাদৰত আলফা কণা (ধনাত্মক ভাৱে চাৰ্জ কৰা কণা) বোমাবর্ষণ কৰিছিল। এই আৰ্হিটোৱে আধুনিক পাৰমাণৱিক তত্ত্বৰ বিকাশৰ ভেটি স্থাপন কৰিছিল।

পাৰমাণৱিক পদাৰ্থ বিজ্ঞানত তেওঁৰ অৱদানৰ উপৰিও ৰাডাৰফৰ্ডে উপাদানসমূহৰ পৰিৱৰ্তনসম্পৰ্কীয় গুৰুত্বপূৰ্ণ আৱিষ্কাৰ কৰিছিল।

আৰ্নেষ্ট ৰাডাৰফৰ্ডৰ কামে পাৰমাণৱিক পদাৰ্থ বিজ্ঞানত অধিক উন্নতিৰ পথ প্ৰশস্ত কৰে আৰু পৰৱৰ্তী দশকবোৰত পাৰমাণৱিক শক্তি আৰু পাৰমাণৱিক বোমাৰ বিকাশৰ মঞ্চ নিৰ্ধাৰণ কৰে।

বিল গেট্চঃ ১৯৫৫ চনৰ ২৮ অক্টোবৰত জন্মগ্ৰহণ কৰা উইলিয়াম হেনৰী গেটছ (iii) বিল গেটছ এজন আমেৰিকান ব্যৱসায়িক প্ৰতিষ্ঠান, ছফ্টৱেৰ বিকাশক আৰু সমাজহিতৈষী। তেওঁ 1975 চনত পল এলেনৰ সৈতে বিশ্বৰ অন্যতম বৃহৎ আৰু সফল প্ৰযুক্তি প্ৰতিষ্ঠান মাইক্ৰছফ্ট কৰ্পোৰেচন সহ-প্ৰতিষ্ঠা কৰে।

গেটছে ব্যক্তিগত কম্পিউটাৰৰ বিকাশ আৰু ছফ্টৱেৰৰ জনপ্ৰিয়কৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ প্ৰথম সফল ব্যক্তিগত কম্পিউটাৰ অপাৰেটিং চিষ্টেম, MS-DOS সৃষ্টি কৰাত সহায় কৰিছিল। পিছত, তেওঁ মাইক্ৰছফ্ট উইণ্ডোচ (Microsoft Windows)ৰ বিকাশৰ নেতৃত্ব দিয়ে, যি বিশ্বব্যাপী PC ৰ বাবে প্ৰভাৱশালী অপাৰেটিং চিষ্টেম হৈ পৰে।

গেটছে ২০ চনলৈকে মাইক্ৰছফ্টৰ চিইঅ’ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ২০১৪ চনলৈকে কোম্পানীৰ অধ্যক্ষ আৰু সৰ্ববৃহৎ অংশীদাৰ হিচাপে আছিল।

মাইক্ৰছফ্টত তেওঁৰ পূৰ্ণ-সময়ৰ স্থিতি এৰি যোৱাৰ পিছত, গেটছে তেওঁৰ মনোযোগ পৰোপকাৰৰ ফালে স্থানান্তৰ িত কৰে। 2000 চনত, তেওঁ আৰু তেওঁৰ তেতিয়াৰ পত্নী মেলিণ্ডা গেটছে বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচন স্থাপন কৰে, যি হৈছে বিশ্বৰ অন্যতম বৃহৎ দাতব্য সংগঠন।

চেষ্টাৰ কাৰ্লচনঃ চেষ্টাৰ কাৰ্লচন (ফেব্ৰুৱাৰী 8, 1906 – ছেপ্টেম্বৰ 19, 1968) এজন আমেৰিকান পদাৰ্থবিজ্ঞানী, আৱিষ্কাৰক আৰু উদ্যোগী আছিল যি ইলেক্ট্ৰফটোগ্ৰাফীৰ প্ৰক্ৰিয়া উদ্ভাৱন কৰাৰ বাবে সৰ্বাধিক জনাজাত, যি জেৰোগ্ৰাফী বা ফটোকপিকৰাৰ আধাৰ হৈ পৰিছিল।

তেওঁ কম বয়সৰ পৰাই বিজ্ঞানৰ প্ৰতি আগ্ৰহী আছিল আৰু ১৯৩০ চনত কেলিফৰ্ণিয়া ইনষ্টিটিউট অৱ টেকনলজীৰ (কেলটেক) পৰা পদাৰ্থ বিজ্ঞানত ডিগ্ৰী অৰ্জন কৰিছিল।

কেইবা বছৰৰ গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষাৰ পিছত, কাৰ্লচনে 1938 চনত ইলেক্ট্ৰফটোগ্ৰাফী উদ্ভাৱন কৰে, যাক জেৰোগ্ৰাফী বুলিও কোৱা হয়। কাৰ্লছনৰ প্ৰক্ৰিয়াটোত এটা চেলেনিয়াম-আৱৰণ যুক্ত ড্ৰাম ব্যৱহাৰ কৰা হৈছিল যাক চাৰ্জ কৰা হৈছিল, মূল দস্তাবেজৰ জৰিয়তে পোহৰৰ সংস্পৰ্শলৈ আহিছিল, আৰু তাৰ পিছত ডুপ্লিকেট প্ৰস্তুত কৰিবলৈ পাউডাৰ টোনাৰেৰে বিকশিত কৰা হৈছিল।

চেষ্টাৰ কাৰ্লছনৰ আৱিষ্কাৰে সমাজৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল, দস্তাবেজৰ নকল দ্ৰুত, সুবিধাজনক আৰু সুলভ কৰি কাৰ্যালয়ৰ কামসলনি কৰিছিল। জেৰোগ্ৰাফী এক বিলিয়ন ডলাৰৰ উদ্যোগত পৰিণত হয়, আৰু জেৰক্স কৰ্পোৰেচন ডকুমেণ্ট মেনেজমেণ্ট আৰু প্ৰিণ্টিং প্ৰযুক্তিৰ ক্ষেত্ৰত এক বিশ্বব্যাপী নেতা হৈ পৰে।

উইলিয়াম শ্বেইক্সপীয়েৰঃ শ্বেইক্সপীয়েৰৰ জন্ম হৈছিল লণ্ডনৰ পৰা ১১০ মাইল দূৰৈত অৱস্থিত এখন শুৱনি আৰু ৰোমান্টিক ঠাই ষ্ট্ৰেটফৰ্ড-আপন-এভনত, ১৫৬৪ চনত। দেউতাক জন শ্বেইক্সপীয়েৰ আছিল এজন চহকী ব্য়ৱসায়ী। মাক মেৰী আৰ্ডেন আছিল ধনী কৃষকৰ জীয়াৰী। মাক দেউতাকৰ প্ৰথম সন্তান উইলিয়ামে ষ্ট্ৰেটফৰ্ড প্ৰামাৰ স্কুলত স্কুলীয়া শিক্ষা আৰম্ভ কৰে। স্কুলত তেওঁ লেটিন ভাষা আৰু সাহিত্য় অধ্য়য়ন কৰে। সেই সময়ত লেটিন এটা অতি গুৰুত্বপূৰ্ণ সংযোগী ভাষা আছিল। ছাত্ৰ হিচাপে তেওঁ অধ্য়য়নপিপাসু মনৰ ছাত্ৰ আছিল। উইলিয়ামৰ চৈধ্য় বছৰমান বয়সত দেউতাকৰ ব্য়ৱসায়ত হাত আগবঢ়ায়। ১৫৮২ চনত তেওঁ এনি হেথাৱেৰ লগত বিবাহপাশত আৱদ্ধ হয়। চুযানা, জুদিথ আৰু হেমনেট নামৰ তিনিটা সন্তানৰ পিছতে লণ্ডনলৈ উঠি আহে। ইয়াৰ পাছতে তেওঁ সাহিত্য়িক জীৱন আৰম্ভ হয়।

জুবিন গাৰ্গঃ ১৯৭২ চনৰ ১৮ নৱেম্বৰ মেঘালয়ৰ তুৰাত জুবিন গাৰ্গৰ জন্ম হৈছিল। জুবিন গাৰ্গ হৈছে ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা। অসমীয়া, হিন্দী ভাষা, বঙালী, বড়ো, কোচ-ৰাজবংশী, কমতাপুৰী, গোৱালপাৰীয়া, চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই-আহোম, নেপালী, বিষ্ণুপ্ৰিয়া মণিপুৰী, তামিল, ইংৰাজী আদি বিভিন্ন ভাষাত তেওঁ কণ্ঠদান কৰিছিল। ১৯৯২ চনত জুবিনৰ প্ৰথমটো এলবাম অনামিকা মুক্তি পায়ইছিল। ইয়াৰ লগে লগেই পেছাদাৰী সংগীত জগতখনত জড়িত হৈ পৰে। বঙালী চিনেমা শুধু তুমিৰ কাৰণে জুবিনে ২০০৫ চনত শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰিছিল। হিন্দীৰ য়া আলি গীতটোৰ বাবে জুবিনে ২০০৭ চনত গ্লবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য় সংগীত শিল্পীৰ বঁটা লাভ কৰিছে। আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে ২০১৪ চনত জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা আগবঢ়োৱা হয়।

অংগৰাগ পাপন মহন্তঃ অংগৰাগ “পাপন” মহন্ত, যাক সাধাৰণতে পাপন বুলি জনা যায়, এগৰাকী ভাৰতীয় (অসম) গায়ক, সুৰকাৰ আৰু ৰেকৰ্ড প্ৰযোজক। ১৯৭৫ চনৰ ২৪ নৱেম্বৰত ভাৰতৰ অসমত তেওঁৰ জন্ম হৈছিল। পাপন তেওঁৰ প্ৰাণৱন্ত আৰু সুমধুৰ কণ্ঠৰ বাবে জনাজাত আৰু ভাৰতীয় সংগীত উদ্যোগলৈ তেওঁৰ অৱদানৰ বাবে জনপ্ৰিয়তা অৰ্জন কৰিছে।

পাপনে সংগীতত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল অসমবাসী লোকগীত গাই। তেওঁ 2004 চনত তেওঁৰ প্ৰথম এলবাম “জুনাকী ৰাতি”ৰ দ্বাৰা স্বীকৃতি লাভ কৰে, যিয়ে তেওঁৰ বহুমুখী গীতশৈলী প্ৰদৰ্শন কৰে। তেওঁ অসমত কেইবাটাও সফল এলবাম মুকলি কৰিছে আৰু হিন্দী, বঙালী আৰু তামিল ৰ দৰে অন্যান্য ভাষাতো গান গাইছে।

তেওঁৰ একক কামৰ উপৰিও, পাপনে বলীউডৰ বিভিন্ন সংগীত পৰিচালক আৰু সুৰকাৰৰ সৈতে সহযোগিতা কৰিছে, “বৰফি!” আৰু “দম লগা কে হাইছা”ৰ দৰে চলচ্চিত্ৰত হিট গানৰ বাবে কণ্ঠ দান কৰিছে। তেওঁ এজন বিচাৰক আৰু পৰামৰ্শদাতা হিচাপে ভাৰতত জনপ্ৰিয় সংগীত ৰিয়েলিটি শ্ব’ৰ অংশ হৈ আহিছে, আৰু উদ্যোগটোত তেওঁৰ উপস্থিতি প্ৰতিষ্ঠা কৰিছে।

৯। সমার্থক শব্দ লিখা : প্রভাত, কঠিন, এলেহুৱা, ডাঙৰ, চেষ্টা, লগৰীয়া, লক্ষ্য, নিৰৱচ্ছিন্ন, হাবিয়াস, সপোন।
উত্তৰঃ

  • প্ৰভাত – ৰাতিপুৱা
  • কঠিন – টান
  • এলেহুৱা – ৰিহাকুৰীয়া
  • ডাঙৰ – বৰ
  • চেষ্টা – প্ৰয়াস
  • লগৰীয়া – বন্ধু
  • লক্ষ্য় – উদ্দেশ্য়
  • নিৰৱচ্ছিন্ন –
  • হাবিয়াস – আনন্দ
  • সপোন – স্বপ্ন

১০। বিপৰীতার্থক শব্দ লিখা- নতুন, ক্ষুদ্র, সফল, কর্মহীন, এলেহুৱা, সহজ, সপোন, সুবিধা, আৰম্ভ, জন্ম, সমান।
উত্তৰঃ

  1. নতুন – পুৰণি
  2. ক্ষুদ্ৰ – ডাঙৰ
  3. সফল – বিফল
  4. কৰ্মহীন – কৰ্মহীনতা
  5. এলেহুৱা –
  6. সহজ – টান
  7. সপোন – দিঠক
  8. সুবিধা – অসুবিধা
  9. আৰম্ভ – শেষ
  10. জন্ম – মৃত্য়ু
  11. সমান – অসমান

১১। তুমি কথা-বতৰা পাতোঁতে সাৱধান হবা।
মনে পঢ়া-শুনা কৰি আছে।
গাড়ী দুখন অগা-পিছাকৈ গৈ আছে।
ওপৰৰ বাক্যকেইটাৰ দৰে তলত দিয়া যুৰীয়া শব্দবোৰেৰে বাক্য সাজা: ল’ৰা-ছোৱালী, হাত-ভৰি, খুৱাই-বুৱাই, জীৱন-জীৱিকা, পা-পইচা।
উত্তৰঃ

  1. লৰা – ছোৱালী ঃ লৰা – ছোৱালীবোৰে পথাৰত খেলি আছে।
  2. হাত – ভৰিঃ ৰামে হাত – ভৰি ধুই কিতাপ পঢ়ি আছে।
  3. খুৱাই – বুৱাইঃ সীতাক খুৱাই – বুৱাই স্কুল পঠালো।
  4. জীৱন – জীৱিকাঃ সেই পৰিয়ালটো বহুত কষ্টৰে জীৱন – জীৱিকা কৰি আছে।
  5. পা – পইচাঃ মানুহৰ জীৱনত পা – পইচা বহুত প্ৰয়োজন হয়।

ভাব সম্প্রসাৰণ কৰা

ক) যি মূলা বাঢ়ে তাৰ দুপাততে চিন।
খ) শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে।

ক) যি মূলা বাঢ়ে তাৰ দুপাততে চিন।
উত্তৰঃ ‘যি মূলা বাঢ়ে, তাৰ দুপাততে চিন’ – অৰ্থাৎ মূলাশাক এজোপা দুপতীয়া হৈ থাকোতেই তাৰ ভাল বেয়া স্বৰূপ পৰিস্ফুট হৈ উঠে। তেতিয়াই গম পোৱা যায় যে পুলিটো বাঢ়িব নে লেৰেলি যাব।
ঠিক এইদৰে, মানৱ জীৱনৰ ক্ষেত্ৰতো এই কথাষাৰ খাপ খায়। এজন লোকৰ সৰুকালতেই তেওঁৰ ভৱিষ্য়ত জীৱনটো প্ৰতিফলিত হয়। এই ক্ষেত্ৰত আমি উদাহৰণস্বৰূপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে কব পাৰো তেখেতৰ বাল্য়কালতেই তেখেতৰ পাণ্ডিত্য়পূৰ্ণ কবি প্ৰতিভাৰ উমান পোৱা গৈছিল।
সেয়েহে কোৱা হয় যে যি মূলা বাঢ়ে, তাৰ দুপাততে চিন।

খ) শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে।

উত্তৰঃ শ্ৰম বিমুখ লোকে যে জীৱনত উন্নতি কৰিব নোৱাৰে তাক বুজাবলৈ উক্ত প্ৰবচনটো অসমীয়া ভাষাৰ বহলভাৱে ব্য়ৱহাৰ হয়।

হাঁহ কুকুৰা শিয়ালৰ প্ৰিয় খাদ্য়। কিন্তু হাঁহ-কুকুৰাবোৰ আপোনা-আপোনিকৈ শিয়ালৰ ওচৰত ধৰা নিদিয়ে। শিয়ালে নিজ চেষ্টাৰে এইবোৰ ধৰিব লাগে। নানান ফন্দিও কৰিব লগা হয়। সেয়ে শিয়াল এজনীয়ে যদি চেষ্টা নকৰি গোটেই দিনটো শুই থাকে, তেন্তে সি হাঁহ ধৰিব নোৱাৰি নেখাই মৰিব লাগিব। ঠিক তেনেকৈ মানুহে জীৱনৰ সুখ – শান্তিত থাকিবলৈ হলে তেওঁ পৰিশ্ৰম কৰিব লাগে। নিজে ধন অৰ্জন কৰিব লাগিব। কিন্তু তাকে নকৰি যদি আলস্য়ত দিন পাৰ কৰে, তেন্তে সি কেতিয়াও জীৱনত উদগটি কৰিব নোৱাৰে। সেয়ে উদগতিৰ বাবে পৰিশ্ৰমৰ প্ৰয়োজন।

১৩। লিংগ পৰিৱৰ্তন কৰা: শিক্ষক, ছাৰ, ছাত্র, পুৰুষ, বন্ধু ।
উত্তৰঃ

  • শিক্ষক – শিক্ষয়ত্ৰী
  • ছাৰ – বাইদেউ
  • ছাত্ৰ – ছাত্ৰী
  • পুৰুষ – মহিলা
  • বন্ধু – বান্ধৱী

Watch Video Class

8 thoughts on “উদ্যোগী হওঁ আহাঁ”

Leave a Comment