বৰগীত Class 10 মূলভাব, কবিৰ পৰিচয় আৰু প্ৰশ্ন উত্তৰ

মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ সকল স্বাগতম জনাইছোঁ দশম শ্ৰেণীৰ অসমীয়া বৰগীত লৈ। আজি আমি Assamese Medium ত আলোচনা কৰিম “বৰগীত Class 10 ৰ মূলভাৱ, কবিৰ পৰিচয়, অতিৰিক্ত প্ৰশ্ন উত্তৰৰ লগতে প্ৰশ্ন মালাৰ উত্তৰ সমূহৰ বিষয়ে। পোন প্ৰথমে কবিতাৰ মূলভাৱ লৈ যোৱাৰ আগতে কবিতাটো জনা বা পঢ়া অতি প্ৰয়োজন।

 হৰি হেৰৰে বাপ পশিললা শৰণে ।
 নেৰিবা বান্ধৱ মােক জীৱনে মৰণে ।। 
 সনক সনন্দ যােগী যাহাকু ধিয়ায় । 
 সকল নিগমে যাক বিচাৰি নপায় ।। 
 সহস্র বয়নে যাৰ নপাৱন্ত সীমা ।। 
 অধমে জানিবাে কেনে তােমাৰ মহিমা ।। 
 আতুৰ ভৈলােহে হৰি বিষয় বিকলে । 
 কৰিয়ে উদ্ধাৰ মােক চৰণ কমলে ।। 
 তােমাৰ চৰণ দুই মােৰ মহা ধন ।
 ভকত জনেৰ নিজ তুমিসে জীৱন ।।
 কৃপাৰ সাগৰ কৃপা কৰা এক বাৰ । 
 কাতৰ কৰিয়া লৈলাে শৰণ তােমাৰ ।। 
 কৃপা কৰা নাৰায়ণ ছােড় মােহ পাশ ।
 কহয় মাধৱ হৰি দাসকু দাস ।।

বৰগীত Class 10 কবিৰ পৰিচয়

বৰগীত Class 10 Assamese Medium (MIL) ৰ কবি হল শ্ৰী শ্ৰী মাধৱদেৱ। নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্রীশ্রীমাধৱদেৱৰ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত ১৪৮৯ চনত জন্ম হয় । তেওঁৰ পিতৃ গােবিন্দগিৰী ভূঞা আৰু মাতৃ  মনােৰমা ।


১৫৬৮ চনত গুৰু  শংকৰদেৱৰ মৃত্য়ুৰ পাছত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ সম্পূৰ্ণ দায়িত্বভাৰ মাধৱদেৱ কান্ধ পাতি লৈ দক্ষতাৰে  সেই কাৰ্য চলাই নিছিল । ধৰ্ম প্ৰচাৰ কালত তেওঁ বৈষ্ণৱ ধৰ্মৰ ৰম্যপুৰুপী বিখ্যাত ‘বৰপেটা সত্ৰ’ প্ৰতিষ্ঠা কৰে। অসাধাৰণ প্ৰতিভাৰ অধিকাৰী এইজনা মহাপুৰুষে ১৫৯৬ চনত কোচবিহাৰৰ ভেলাদাঙ্গণত ইহলীলা সম্বৰণ কৰে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত বৈষ্ণৱ ধৰ্মক সাধাৰণ মানুহৰ অধিক কাষ চপাই নিয়াৰ অৰ্থে মাধৱদেৱে তেওঁৰ ৰচনাৰাজিত ঘৰুৱা ভাৱ – ভাষা ব্যৱহাৰ কৰি তাৰ জৰিয়তে জনসাধাৰণক বৈষ্ণৱ ধৰ্মৰ তত্ত্বসমূহ সহজে বুজি পােৱাত সহায় কৰিছিল । এই গীতটি মাধৱদেৱৰ দাস্য ভক্তিৰ উৎকৃষ্ট ও নিদর্শন । 

গুৰুজনাই জীৱিত কালত ৰচনা কৰা সাহিত্য সম্ভাৰ হ’লঃ নামঘোষা, বৰগীত, ৰাজসূয় যজ্ঞ, দধিমথন বা অৰ্জুন ভঞ্জন, ভূমি-লেটোৱা, চোৰধৰা, পিম্পৰা-গুচুৱা, ভোজনবিহাৰ, গুৰু ভটিমা, ভক্তি ৰত্নৱালী, জন্ম ৰহস্য আদি।

 আখ্যানমূলক ৰচনা: — ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ । 
 তত্ত্বমূলক ৰচনা — জন্মৰহস্য, ভক্তি - ৰত্নাৱলী, নামমালিকা । 
 নাট —  অর্জুন-ভঞ্জন বা দধিমথন । 
 ঝুমুৰা - চোৰধৰা, পিম্পৰা - গুচোৱা, ভূমি - লেটোৱা, ভােজনবিহাৰ । 

মাধৱদেৱৰ সাহিত্যৰ সৌন্দর্য উপলব্ধি কৰাত পাঠটোৱে ছাত্ৰ – ছাত্ৰীক সহায় কৰিব বুলি আশা কৰা হৈছে ।  বৰগীত Class 10 [Borgeet class 10] ৰ সাৰাংশ বা পাঠবোধ আমি অসমীয়া মাধ্যমৰ (Assamese Medium) ছাত্ৰ ছাত্ৰীসকলে বুজি পালে বা জানিলে অতি সহজ সৰল ভাষাত প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব পাৰিব।


বৰগীত Class 10 মুলভাৱ | বৰগীত মূলভাব লিখা

হৰিয়েই ভকতৰ জীৱনৰ সবস্ব, তেঁৱেই সকলোৰে পৰম বান্ধৱ। তেঁওৰ অভয় চৰণত শৰণেৰে সংসাৰ নিকাৰৰ পৰা মুক্তিদানৰ কাকুতি কবিতাটোৰ মুলভাৱ।
        কবি সংসাৰিক মুখৰ থলীৎ এই সংসাৰৰ সকলো যন্ত্ৰণাৰ উৎস । সাংসাৰিক মায়াই জীৱক বিষয় মুখত নিমগ্ন কৰে আৰু জীৱ নানা পাপৰ্কমৎ ৰত হয়। আৰু জীৱন এনেদৰে হৈ পৰে যন্ত্ৰণাদায়ক। মৃত্যু পযন্ত জীৱই ভোগ কৰে সংসাৰৰ যন্ত্ৰণা। দূখ যন্ত্ৰণাত জীৱই যি কোনো এটা সময়ত জীৱনৰ ক্ষণস্থায়িত্ব উপলব্ধি কৰে। আৰু তাৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি হাহাকাৰ কৰি ঘূৰে। আত্মপোলব্ধিৰে বুজি উঠে যে এই সংসাৰৰ যন্ত্ৰণাৰ পৰা মুক্তিৰ পথ দেখুৱাব পাৰে কেৱল শ্ৰী হৰিয়ে। কবিৰ ক্ষেত্ৰতো  এই একেটা কথাই প্ৰযোজ্য।

          হৰিৰ মহিমা অপাৰ। সনক, সনন্দ সিদ্ধ মহামুনিগণেও হৰিৰ মহিমা বুজিবৰ বাবে গভীৰ ধ্যানত নিমগ্ন হৈছিল। তেওঁৰ প্ৰকৃত মহিমা কৈ ওৰ পেলাব নোৱাৰিলে নিগম শাস্ত্ৰসমূহেও। যি অনন্ত নাগ হৰিৰ বিশ্ৰামস্থলী সেই নাগৰ সহস্ৰ মুখেত তেওঁৰ মহিমা বণনা কৰি শেষ কৰিব নোৱাৰে। জ্ঞানীলেোক সকলে চলাথ কৰিও বিচাৰি নোপোৱা শ্ৰী হৰিৰ ওচৰ পেটো অসাধ্য কাম। বিষয় বিকলত আতুৰ হৈ কই পোৱা মানুহেও আনকি তেওঁৰ চৰণকমলত আশ্ৰয় লৈ সেই কণ্ঠৰ পৰা মুক্তি লাভ কৰে। হৰিৰ চৰণযুগল হল পৰম ধন আৰু ভকতৰ বাবে হৰিয়েই হল জীৱন স্বৰূপ। হৰিৰ কৃপা লাভ কৰিব পাৰিলে এই সংসাৰৰ মানুহে মোহ পাশৰ পৰা মুক্তি লাভ কৰিব পাৰে।
             মহাপুৰুষজনাৰ দাস্যভক্তি কবিতাটোত হৰিৰ মহিমাৰ বিষয়ে সুন্দৰভাৱে ফুটি উঠিছে।

বৰগীত Class 10 PDF Download


বৰগীত Class 10 ৰ শব্দৰ্থ আৰু অতিৰিক্ত কিছু কথা

 ছোড়  - ছিঙি দিয়া
 ধিয়ায় - ধ্যান কৰে
 নিগম - নিগম শাস্ত্ৰ 

বৰগীতঃ

বৰগীত মানে কি? মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত এক নির্দিষ্টসংখ্যক গীতক বৰগীত আখ্যা দিয়া হয় । উচ্চ মানবিশিষ্ট সাৱলীল ভাষাৰ স্ততিমূলক তথা উপদেশপূর্ণ বৰগীতসমূহ শাস্ত্রীয় ৰাগযুক্ত আৰু আধ্যাত্মিক । ভাৱ – গধুৰ । শংকৰদেৱে বাৰকুৰি গীত ৰচিছিল যদিও বর্তমান ‘ একুৰি চৈধ্যটা ’ পােৱা গৈছে । মাধৱদেৱৰ ভণিতা থকা মুঠ ১৫৭ – টা বৰগীত পােৱা যায় । ইয়াৰ উপৰি ভাৱ আৰু ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা ১৯১ – টা বা নকুৰি এঘাৰটা বুলি পণ্ডিতসকলে অনুমান কৰিছে । 

বৰগীতৰ লক্ষণঃ 

  1. বৰগীতসমূহ শাস্ত্রীয় ৰাগ – তালযুক্ত গীত ।
  2. বৰগীতৰ ভাষা ব্ৰজাৱলী । 
  3. বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্রকাশক ।
  4. শংকৰ – মাধৱে লিখা গীতসমূহকহে বৰগীত বােলা হয় । নামধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত । 
  5. বৰগীতসমূহ মূলতঃ ভক্তিৰস প্রধান যদিও তাত দাস্য , শান্ত , বাৎসল্য আদি ৰসৰে সমাৱেশ ঘটিছে । 
  6. মাধৱদেৱৰ বৰগীতসমূহ ঘাইকৈ শিশুকৃষ্ণৰ লীলা বিষয়ক । অসমীয়া সমাজৰ ঘৰুৱা পৰিৱেশৰ চিত্র । একোখনি ইয়াত চিত্রিত হৈছে । 

ব্ৰজাৱলী ভাষা : 

        ব্ৰজাৱলী ভাষা এক প্রকাৰ কৃত্রিম সাহিত্যিক ভাষা । শংকৰদেৱৰ সময়ত অসম , বঙ্গ আৰু উৰিষ্যাত এটা কৃত্রিম উপভাষাৰ মাধ্যমত ভগৱান কৃষ্ণৰ লীলা বিষয়ক গীতপদৰ সৃষ্টি হৈছিল । এই সাহিত্যিক ভাষাক ব্রজবুলি , ব্রজবােল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বােলা হয় । পশ্চিমা হিন্দীৰ অপভ্রংশ ব্রজভাষাৰ লগত ইয়াৰ কোনাে সম্পর্ক নাই । ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী । তাৰ লগত ভােজপুৰী , নেৱাৰী , আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্রণেৰে ই ঠাই বিশেষে একোটা স্বতন্ত্র ৰূপ লাভ কৰে । ব্ৰজাৱলী = ভাষাটো এহাতে শক্তিশালী আৰু স্বৰধ্বনিৰ অধিক প্রয়ােগৰ বাবে শ্রুতিমধুৰ ।


বৰগীত Class 10 প্ৰশ্ন উত্তৰ সমূহ | বৰগীত Class 10 Question Answer

১) চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়াঃ [বৰগীত Class 10 Short Questions]

ক) ”…নেৰিবা বান্ধৱ মোক জীৱনে মৰণে” – কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে  কাক অনুৰোধ কৰিছে ?
উঃ  কবিয়ে ভগৱাণক জীৱনে মৰণে নেৰিবৰ কাৰণে অনুৰোধ কৰিছে ।


খ) ”……সনক সনন্দ যোগী  যাহাকু  ধিয়ায় ” সনক ,  সনন্দ  আদি যোগীসকলে কাক ধ্য়ান কৰে বুলি কৈছে ।    
উঃ  সনক , সনন্দ আদি যোগীসকলে হৰি অথণ্য়   ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে।

(গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে?
উঃ কবি সাংসাৰিক দুখ, বিষয় বাসনাত আতুৰ হোৱা বুলি  কৈছে।

(ঘ) বৰগীতটি কোনে ৰচনা কৰা?
উত্তৰঃ বৰগীতটি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা ।

(ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে  ?
উত্তৰঃ বৰগীতটি বসন্ত ৰাগত বন্ধা আছে।

(চ) কবিয়ে ‘বান্ধৱ’ বুলি কাক সম্বোধন কৰিছে।
উত্তৰঃ কবিয়ে হৰিক ‘বান্ধৱ’ বুলি সম্বোধন কৰিছে।

(ছ) ‘মোহ-পাশ” মানে কি?
উত্তৰঃ ‘মোহ-পাশ” মানে মায়াৰ বান্ধোন অৰ্থাৎ  আকাংক্ষা, জাগতিক লোভ আদি মায়াজালৰ বন্ধন। 


উত্তৰ দিয়াঃ

2) বৰগীতটিৰ মূলভাৱ লিখা।

উত্তৰঃ হৰিয়েই ভকতৰ জীৱনৰ সবস্ব, তেঁৱেই সকলোৰে পৰম বান্ধৱ। তেঁওৰ অভয় চৰণত শৰণেৰে সংসাৰ নিকাৰৰ পৰা মুক্তিদানৰ কাকুতি কবিতাটোৰ মুলভাৱ।
        কবি সংসাৰিক মুখৰ থলীৎ এই সংসাৰৰ সকলো যন্ত্ৰণাৰ উৎস । সাংসাৰিক মায়াই জীৱক বিষয় মুখত নিমগ্ন কৰে আৰু জীৱ নানা পাপৰ্কমৎ ৰত হয়। আৰু জীৱন এনেদৰে হৈ পৰে যন্ত্ৰণাদায়ক। মৃত্যু পযন্ত জীৱই ভোগ কৰে সংসাৰৰ যন্ত্ৰণা। দূখ যন্ত্ৰণাত জীৱই যি কোনো এটা সময়ত জীৱনৰ ক্ষণস্থায়িত্ব উপলব্ধি কৰে। আৰু তাৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি হাহাকাৰ কৰি ঘূৰে। আত্মপোলব্ধিৰে বুজি উঠে যে এই সংসাৰৰ যন্ত্ৰণাৰ পৰা মুক্তিৰ পথ দেখুৱাব পাৰে কেৱল শ্ৰী হৰিয়ে। কবিৰ ক্ষেত্ৰতো  এই একেটা কথাই প্ৰযোজ্য।

          হৰিৰ মহিমা অপাৰ। সনক, সনন্দ সিদ্ধ মহামুনিগণেও হৰিৰ মহিমা বুজিবৰ বাবে গভীৰ ধ্যানত নিমগ্ন হৈছিল। তেওঁৰ প্ৰকৃত মহিমা কৈ ওৰ পেলাব নোৱাৰিলে নিগম শাস্ত্ৰসমূহেও। যি অনন্ত নাগ হৰিৰ বিশ্ৰামস্থলী সেই নাগৰ সহস্ৰ মুখেত তেওঁৰ মহিমা বণনা কৰি শেষ কৰিব নোৱাৰে। জ্ঞানীলেোক সকলে চলাথ কৰিও বিচাৰি নোপোৱা শ্ৰী হৰিৰ ওচৰ পেটো অসাধ্য কাম। বিষয় বিকলত আতুৰ হৈ কই পোৱা মানুহেও আনকি তেওঁৰ চৰণকমলত আশ্ৰয় লৈ সেই কণ্ঠৰ পৰা মুক্তি লাভ কৰে। হৰিৰ চৰণযুগল হল পৰম ধন আৰু ভকতৰ বাবে হৰিয়েই হল জীৱন স্বৰূপ। হৰিৰ কৃপা লাভ কৰিব পাৰিলে এই সংসাৰৰ মানুহে মোহ পাশৰ পৰা মুক্তি লাভ কৰিব পাৰে।

) বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।

উত্তৰঃকবি মাধৱদেৱ হৈছে অসমীয়া বৈষ্ণৱ সাহিত্যৰ অন্যতম হোতা। ১৪৮৯ চনত তেওঁ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত জন্ম গ্ৰহন কৰিছিল। তেঁওৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুসৰণ কৰি বাৰদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল। আহোম বগদেউৰ কোষৰ বলি হৈ ১৫৪৬ চনতে তেওঁ কোচবিহাৰলৈ উভটি আহে । 


১৫৬৮ চনত গুৰু  শংকৰদেৱৰ মৃত্য়ুৰ পাছত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ সম্পূৰ্ণ দায়িত্বভাৰ মাধৱদেৱ কান্ধ পাতি লৈ দক্ষতাৰে  সেই কাৰ্য চলাই নিছিল । ধৰ্ম প্ৰচাৰ কালত তেওঁ বৈষ্ণৱ ধৰ্মৰ ৰম্যপুৰুপী বিখ্যাত ‘বৰপেটা সত্ৰ’ প্ৰতিষ্ঠা কৰে। অসাধাৰণ প্ৰতিভাৰ অধিকাৰী এইজনা মহাপুৰুষে ১৫৯৬ চনত কোচবিহাৰৰ ভেলাদাঙ্গণত ইহলীলা সম্বৰণ কৰে। গুৰুজনাই জীৱিত কালত ৰচনা কৰা সাহিত্য সম্ভাৰ হ’লঃ নামঘোষা, বৰগীত, ৰাজসূয় যজ্ঞ, দধিমথন বা অৰ্জুন ভঞ্জন, ভূমি-লেটোৱা, চোৰধৰা, পিম্পৰা-গুচুৱা, ভোজনবিহাৰ, গুৰু ভটিমা, ভক্তি ৰত্নৱালী, জন্ম ৰহস্য আদি।


ব্যাখ্যাকৰাঃ


(
ক) সহজে বয়নে যাৰ নপাৱন্ত সীমা।
       
অধমে জানিবো কেনে তোমাৰ মহিমা।

উত্তৰঃ

 প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত ‘বৰগীত’ নামৰ পাঠটিৰ পৰা উদ্ধত কৰা হৈছে।
সংগতিঃ– উক্ত কথাফাকিত হৰিৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে কবিতাফাকিৰ ব্যাখ্যা কৰিছে।

ব্যখ্যাঃ এই সংসাৰৰ একমাত্ৰ প্ৰাণকৰ্তা হৈছে শ্ৰী হৰি তেওঁৰ মহিমা অপাৰ। সিদ্ধ মহামুণিৰ ধ্যান কৰিও শ্ৰী হৰিৰ মহিমা আয়ত্ত কৰিব পৰা নাই। নিগম নিগম শাস্ত্ৰই তেওঁৰ মহিমাৰ অন্ত পেলাব নোৱাৰে। অনন্ত নাগ হৰিৰ বিশ্ৰামস্হলী। সেই নাগৰ সহস্ৰ  মুখেও তেওঁৰ মহিমাৰ কথা বৰ্ণাই শেষ কৰিব পৰা নাই। তেনেস্থলত কৰি হৈ সাধাৰণ প্ৰাণী, তেওঁৰ কাৰণে হৰিৰ মহিমা জানিব পৰাটো অতিকৈ কঠিন।
      কবিয়ে বুজি উঠিছে যে হৰিৰ কৃপাৰ অবিহনে তেওঁৰ মহিমা আয়ত্ত কৰাটো সম্ভব নহয়।


(খ) আতুৰ ভৈলোহি হৰি বিষয় বিকলে ।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে ।
উত্তৰঃ

প্ৰসংগ  ঃ উক্ত কবিতাফাঁকি  আমাৰ পাথ্যপুথিত অন্তগত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।
সংগতি ঃ উক্ত কবিতাফাঁকিৰ দ্ধাৰা সংসাৰৰ  মায়া পাশাৰ মুক্তিপথ  দেখুৱালৈ হৰিক প্ৰাথনা জনোৱা কথা কোৱা হৈছে । 


ব্যাখ্যা ঃ  মানুহ হল  সংসাৰিক এই সংসাৰৰ  সকলো মন্ত্ৰশাৰ উৎস।  বৈষ্ণয়িক মুখৰ ঠাই  এই সংসাৰ সন্তেকীয়া সুখ সম্পদে মানুূহৰ এনেকৈ গ্ৰাস কৰে যে তেওঁলোকে সন্তেকীয়া সুখক জীৱনৰ একমাত্ৰ সত্য় বুলি ভুল কৰে । কিছুমান বাসনাত নিমগ্ন হৈ মানুহে  নানা পাপকৰ্মত লিপ্ত হয় , ফলত জীৱন হৈ পৰে যন্ত্ৰণাময় । জীৱনে মৃত্য়ু পযন্ত ভোগ কৰে এই যন্ত্ৰণা ।  দুখ বেদনাত জৰ্জৰিত হৈ মানুহে  উপলব্ধি কৰে যে মানৱ জীৱন ক্ষণস্থায়ী । এই যন্ত্ৰনাৰ মুক্তি পাবৰ বাবে মানুহে হাহাকাৰ কৰি ফুৰিছে । নিৰূপায় হৈ কবিয়ে হৰিৰ চৰনত শৰন লৈছে  । কাৰন কবিয়ে বিশ্বাস কৰে সংসাৰৰ সমস্ত যন্ত্ৰণাৰ পৰা মুক্ত দিব পাৰে একমাত্ৰ শ্ৰী হৰিয়ে।


গ)  তোমাৰ চৰন দুই মোৰ মহা ধন ।
     ভকত জনৰ নিজ তুমিসে    জীৱন । 

উত্তৰঃ   

প্ৰসংগঃ-  উক্ত কথাফাঁকি আমাৰ পঠ্য়পুথিত অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰছিত বৰগীত নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।
সংগতিঃ-  উক্ত পদফাঁকিৰ জৰিয়তে মহাপুৰুষজনাই কৈছে যে , ভগৱানৰ চৰণতে ভক্তসকলে প্ৰকৃত জীৱন আৰু ভক্তসকলৰ বাবে ভগৱানৰ চৰণ দুখনেই হল অমূল্য় সম্পদ।

ব্য়াখ্য়াঃ– কবিৰ মতে সংসাৰৰ মায়া মোহৰ পৰা মুক্ত হবলৈ   হলে ভগৱানৰ চৰনত শৰন লোৱাৰ  বাহিৰে   অন্য় কোনো উপাই নাই, সৰ্বব্য়াপ্তী   নিকাৰ ভগৱানেই জগতৰ সৃস্তিকৰ্তা পালনকৰ্তা তেওঁ  সকলোৰ  উৰ্দ্ধত, গতিকে হৰিৰ চৰনত শৰন লাভ কৰা মানে জগতৰ মূল্যৱান সম্পদ লাভ কৰাৰ সন্মান। ভক্তৰ বাবে ভগৱানেই পৰম আশ্ৰয়, সেইবাবে ভক্তৰ জীৱন ভগৱনতেই সমৰ্পিত । হৰিৰ চৰনেই হৈছে  প্ৰকৃত ভকতৰ মহাধন আৰু হৰিয়েই ভকতৰ জীৱনৰ সৰ্বস্ব ।

  
৫)   সনক সনন্দ যোগী যাহাকু ধিয়ায় ।
       সকল   নিগমে যাক বিচাৰি নাপাই ।।
– তাপৰ্য বিচাৰ কৰা ।

উত্তৰঃ   

আগৰ দিনৰ শাস্ত্ৰ সমূহত ভগৱানৰ বিভিন্ন মহিমাৰ বিষয়ে বৰ্ণনা পোৱা গৈছিল। কিন্তু এই শাস্ত্ৰত দাঙি ধৰা বৰ্ণনা সমূহ অধ্যয়ন কৰিয়েই ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰাটো সম্ভৱ নাছিল। ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হলে ভগৱানক একান্ত মনেৰে আৰাধনা কৰিব লাগিব। সেই বাবে সনক, সনন্দ যোগী সকলেও ভগৱানৰ স্বৰূপ উপলব্ধিৰ বাবে একান্ত মনেৰে ভগৱানক ধ্যান কৰিছিল। অৰ্থাৎ কবিয়ে কৈছে যে ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হলে গভীৰ জপ কৰাত কৈ বা শাস্ত্ৰ আদি অধ্যয়নত নিমগ্ন হোৱাতকৈ শুদ্ধভাৱে ভগৱানক প্ৰাৰ্থনা কৰিব লাগে।


৬) বৰগীতৰ চাৰিটা লক্ষণ বিষয়ে লিখা?
উত্তৰ : বৰগীতৰ চাৰিটা লক্ষণ হল –
       ক) বৰগীত সমূহ হল শাস্ত্ৰীয় ৰাগ – তালযুক্ত গীত।
       খ)  বৰগীত সমূহৰ ৰচনাশৈলী ব্ৰজাৱলী ভাষাৰ।
       গ) বৰগীত সমূহ চৈধ্য প্ৰসংগৰ অন্তগৰ্ত।
       ঘ) বৰগীত সমূহ হল ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক গীত।


বৰগীত Class 10   ভাষা বিষয়ক

১) তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ
শব্দ - - আধুনিক শব্দ
নপাৱন্ত - - নাপায়
কেনে - - কিদৰে, কেনেকৈ
ভৈলোহো - - হলোঁ
ভূমিসে--তুমিয়েই, তুমিহে
জনেৰ - - সকলৰ, জনৰ
কহয় - - কয়

2) ব্ৰজাৱলী ভাষাৰ বৈশিষ্ঠ্যসমূহ উল্লখ কৰা।

উত্তৰ: ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য সমূহ হল :-

  1. ব্ৰজাৱলী ভাষাৰ মূল ভেটি হল মৈথিলী ভাষা।
  2. পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই।
  3. ব্ৰজাৱলী হল মধ্যযুগীয় বৈষ্ণৱ কবি সকলে ব্যৱহাৰ কৰা এক কৃত্ৰিম সাহিত্যিক ভাষা।
  4. ব্ৰজাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰিও প্ৰচুৰ স্বৰধ্বনি প্ৰয়োগ হোৱা বাবে ই অতি শ্ৰুতিমধুৰ হৈ পৰিছে।
  5. এই ভাষাই উৰিষ্যা, বংগ আৰু অসমত থলুৱা ভাষাৰ মিশ্ৰণেৰে কিছু সুকীয়া স্থান গ্ৰহণ কৰিছে।

এতিয়ালৈকে আমি বৰগীত Class 10 ৰ সাৰাংশ, কবিৰ পৰিচয় আৰু সম্পুৰ্ণ প্ৰশ্ন উত্তৰ আলোচলা কৰিলোঁ। এতিয়া আমি আপোনাৰ বাবে লৈ আহিছোঁ বৰগীত Class 10 ৰ অতিৰিক্ত কিছু প্ৰশ্ন উত্তৰ।


অতি চমু প্ৰশ্নোত্তৰ


ক) মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্ত কি?
উত্তৰঃ মাধবদেৱৰ বৰগীত সমূহৰ মূল বিষয়বস্তু শিশু কৃষ্ণৰ লীলা।

খ) মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ মাধবদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থ হল ভক্তি ৰত্নাৱলি।

গ) নামঘোষাৰ অন্য এটা নাম কি?
উত্তৰঃ নামঘোষাৰ অন্য এটা নাম হল হেজাৰী ঘোষা।

ঘ) মাদৱদেৱৰ নাটসমূহক সাধাৰণতে কি বুলি কোৱা হয়?
উত্তৰঃ মাধবদেৱৰ নাট সমূহক সাধাৰণতে ঝুমুৰা বুলি কোৱা হয়।

ঙ) মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কিমান?
উত্তৰঃ মাধবদেৱৰ ৰচিত বৰগীতৰ সংখ্যা ১৫৭ টা।

চ) মাধৱদেৱাৰ পিতৃ-মাতৃৰ নাম কি আছিল?
উত্তৰঃ মাধবদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা ভুঞা।

ছ) মাদৱদেৱৰ কেতিয়া আৰু ক’ত জন্ম হৈছিল?
উত্তৰঃ মাধবদেৱৰ ১৪৮৯ চনত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত জন্ম হৈছিল।

) ঝুমুৰা কাক বোলে
উত্তৰঃ ঝুমুৰা মানে একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটক। মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ’ল- অৰ্জুন ভঞ্জন(পূৰ্ণাংগ নাট), চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা আৰু ভোজন বাহাৰ।


অতিৰিক্ত প্ৰশ্নোত্তৰঃ

২) চমু প্ৰশ্নোত্তৰ :

ক) বৰগীতৰ বিষয়বস্ত কি?
উত্তৰঃ বৰগীতৰ বিষয়বস্ত সাংসাৰিক কামনা – বাসনাযুক্ত বা শৃংগাৰ ভাববিশিষ্ট হব নোৱাৰে। ইয়াৰ বিষয়বস্ত শিশু শ্ৰী কৃষ্ণ বা বাল – গোপালৰ লীলা খেলা বিষয়ক আছিল।

খ) বৰগীত কাক বোলে?
উত্তৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত উচ্চ মানবিশিষ্ট সাৱলীল  ভাষাৰ স্তুতি মূলক তথা উপদেশপুৰ্ণ শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱ গধুৰ গীত সমূহকে বৰগীত বুলি কোৱা হয়।

গ) মাধৱদেৱৰ বৰগীতসমূহৰ প্ৰধান বিষয়বস্তু কি?
উত্তৰঃ মাধবদেৱৰ বৰগীত সমূহৰ বিষয়বস্তু হল – বাল গোপালৰ লীলা খেলা। তেওঁৰ বৰগীত সমূহত শিশু কৃষ্ণৰ চৌৰা চাতুৰী সমূহ সুন্দৰকৈ বৰ্ণনা কৰাৰ লগতে যশোদাৰ চিৰন্তন মাতৃত্বৰ ছবিও সুন্দৰকৈ ফুটাই তোলা হৈছে। মাধবদেৱৰ বৰগীত সমূহত এফালে বাৎসল্য আৰু আনফালে দাসত্ব ভাৱ সুন্দৰকৈ প্ৰকাশ পাইছে।

(খ) অসমত সংগীতৰ প্ৰাচীন তত্বৰ কি নিদৰ্শন পোৱা যায়?
উত্তৰ :- অসমৰ বিভিন্ন স্থানত আৱিষ্কৃত হোৱা ভগ্নাৱশেষ, স্থাপত্য আদিত নৃত্যৰ মুদ্ৰা আৰু বিদ্যাধৰ – বিদ্যাধৰীৰ মূৰ্তি পোৱা গৈছে।

(গ) নাটঘৰ প্ৰতিষ্ঠা কিয় কৰা হৈছে?
উত্তৰ :- পুৰণি মন্দিৰবোৰৰ সৈতে নৃত্য গীত অভিনয়ৰ কাৰণে একোটাকৈ নাটঘৰ প্ৰতিষ্ঠা কৰা হৈছিল। এই নাটঘৰবোৰে ৰজা ঘৰিয়া পৃষঠপোষকতা লাভ কৰিছিল। অসমৰ ভালেমান প্ৰাচীন মঠ – মন্দিৰত নিয়মিতভাৱে নৃত্য গীতৰ চৰ্চা হৈছিল।

(ঘ) অসমৰ ওজাপালিৰ ঐতিহ্য কেতিয়াৰ?
উত্তৰ :- অসমত ওজাপালিৰ ঐতিহ্য অতি প্ৰাচীন। এই পৰম্পৰা প্ৰাক শংকৰী যুগৰে পৰা অসমত প্ৰচলিত হৈ আহিছে।

(ঙ) চৰ্যাগীতৰ সৈতে বৰগীতৰ সাদৃশ্য কোনখিনি?
উত্তৰ :- চৰ্যাগীতসমূহে দৰাচলতে প্রতিকধৰ্মী ভাষাত ৰচিত ধৰ্ম সাধনৰ গীত। এই গীতৰ ভাৱ আৰু বিষয়বস্তুৰ সৈতে শঙ্কৰদেৱ মাধৱদেৱ বিৰচিত বৰগীতৰ যথেষ্ট সাদৃশ্য আছে।

(চ) চৰ্যাগীত আৰু গীতিৰামায়ণৰ সৈতে বৰগীতৰ কোন দিশত সাদৃশ্য পৰিলক্ষিত হয়?
উত্তৰ :- চৰ্যাগীতত থকা ভালেমান ৰাগ বৰগীততো সন্ধালনিভাৱে পোৱা যায়। চৰ্যাগীতত সন্নিবিষ্ট ৰাগৰ ভিতৰত পটমঞ্জাৰি, গবড়া, অৰু, গুৰ্জৰী, গঞ্জৰ, কচু গঞ্জৰী প্ৰভৃতি ৰাগে বৰগীততো আছে।

শঙ্কৰদেৱৰ সমসাময়িক কবি দুৰ্গাবৰ বিৰচিত গীতিৰামায়ণতো বিবিধ ৰাগ সন্নিবিষ্ট হৈছে। গতিকে অসমৰ ৰাগ সংগীতৰ ইতিহাস যথেষ্ঠ পুৰণি।

(ছ) বৰগীতত শাস্ত্ৰীয় আৰু থলুৱা ৰাগৰ সমন্বয় কেনেদৰে ঘটিছে?
উত্তৰ :- শঙ্কৰদেৱ আৰু মাধৱদেৱ বিৰচিত বৰগীতত সন্নিৱষ্ট ৰাগসমূহে ভাৰতীয় ৰাগ – তালৰ সৈতে সাদৃশ্য থাকিলেও বৰগীতৰ কেইবাটাও ৰাগত পৰম্পৰাগত থলুৱা সংগীতৰ লগে লগে চৰ্যাত ব্যবহৃত সুৰৰ সাদৃশ্য দেখা যায়।

(জ) বৰগীতসমূহ কেনেদৰে পৰিৱশন কৰা হয়?
উত্তৰ :- ভাৰতীয় সঙ্গীত শাস্ত্ৰৰ নীতি অনুসৰি বৰগীতসমূহ নিৰ্ধাৰিত ৰাগ অনুসৰি পৰিৱেশন কৰা হয়।

(ঝ) অসমত থলুৱা সংগীতে কেতিয়াৰে পৰা ৰাজ পৃষ্ঠপোষকতা লাভ কৰে?
উত্তৰ :- স্বৰ্গদেউ ৰুদ্ৰসিংহৰ সময়ৰে পৰাই অসমৰ থলুৱা সংগীতে ৰজাঘৰীয়া পৃষ্ঠপোষকতা লাভ কৰিবলৈ সক্ষম হয়। ৰুদ্ৰসিংহ নিজে এগৰাকী সংগীত অনুৰাগী আছিল আৰু গীতো ৰচনা কৰিছিল।

(ঞ) কেতিয়াৰপৰা অসমত নৃত্য গীত চৰ্চাৰ কাৰণে অনুকূল পৰিৱেশৰ সৃষ্টি হয়?
উত্তৰ :- আহোম ৰজাৰ ৰাজত্বকালত নৃত্য গীত চৰ্চাৰ কাৰণে অনুকূল পৰিৱেশৰ সৃষ্টি হৈছিল। প্ৰায়বোৰ প্ৰাচীন মন্দিৰৰ লগতে নৃত্য গীত চৰ্চাৰ কাৰণে একোটাকৈ নাটঘৰ প্ৰতিষ্ঠা কৰা হৈছিল।


চমু টোকা লিখাঃ

(ক) ভটিমা 

উত্তৰঃ ভটিমাঃ ‘ভাট’ নামৰ একশ্ৰেণীৰ ভ্ৰাম্যমাণ গায়কে গোৱা গাম্ভীৰ্য্যসূচক প্ৰশস্তি গীতবোৰেই হৈছে ভটিমা। শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে তিনি প্ৰকাৰৰ ভটিমা ৰচনা কৰিছিল – নাট ভটিমা, দেৱ ভটিমা, আৰু ৰাজ ভটিমা। নাটৰ আৰম্ভণি আৰু শেষত গোৱা ভটিমাই নাট ভটিমা। দেৱ ভটিমা ত দেৱতাৰ প্ৰশস্তি আৰু ৰাজ ভটিমাত ৰজাৰ গুণ গৰিমা বৰ্ণনা কৰা হয়। এই তিনি শ্ৰেণীৰ লগতে মাধবদেৱে আৰু একশ্ৰেণীৰ ভটিমা ৰচনা কৰিছিল, সেই হৈছে ‘গুৰু ভটিমা।’


শেষ বাক্য: মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়ালৈকে আমি আলোচনা কৰিলোঁ দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা বৰগীত Class 10 ৰ সম্পূৰ্ণ বিষয়বস্তু আৰু অতিৰিক্ত প্ৰশ্ন উত্তৰ। ইয়াৰ উপৰিও যদি আপোনাৰ কিবা প্ৰশ্ন আছে comment section ত  জনাবলৈ নাপাহৰিব।


16 thoughts on “বৰগীত Class 10 মূলভাব, কবিৰ পৰিচয় আৰু প্ৰশ্ন উত্তৰ”

  1. তৃষ্ণামণি চৌধুৰী

    অণিৰিক্ত প্ৰশ্নোত্তৰ এই কেইটা নেকি আৰু নাই?

    1. অতিৰিক্ত প্ৰশ্নোত্তৰৰ কোনো সীমা নেথাকে, আমি বৰ্তমান সময়ৰ বাবে এই খিনি লিখিছোঁ, পিছলৈ আৰু যোগ কৰা হব। আপুনি যদি প্ৰশ্ন বিচাৰি পাইছে কিন্তু উত্তৰ লিখাত অসুবিধা পাই আছে, তেন্তে আপুনি Comment কৰিব পাৰে, আমি আপোনাৰ প্ৰশ্নৰ উত্তৰ যথা সময়ত দিবলৈ প্ৰয়াস কৰিম।

    2. নৱদ্বীপ ৰায়

      নমস্কাৰ বাইদেউ
      আপোনাৰ পৰা আগলৈ এনেদৰে উত্তৰ বিলাক পাম বুলি আশা কৰিলো

  2. তৃষ্ণামণি চৌধুৰী

    অতিৰিক্ত প্ৰশ্নোত্তৰ এই কেইটা নেকি আৰু নাই?

  3. Pingback: ছাত্ৰ জীৱন আৰু সমাজসেৱা | Class 10 Assamese

  4. Pingback: Class 10 Assamese Chapter 12 | পাৰস্যত এভুমুকি » Assamese Medium

  5. Pingback: Class 10 Assamese Chapter 8 » Assamese Medium

  6. Pingback: ছাত্ৰ জীৱন আৰু সমাজসেৱা | Class 10 Assamese Chapter 6

  7. শৰণ
    চৰণ
    কমলে
    ভৈলহো
    অধমে
    এই কেইটা শব্দৰ অৰ্থ লগে !

Leave a Comment

Your email address will not be published.