Class 11 Assamese

আপুনি HSLC Final Exam দিছে নেকি? আপুনি বৰ্তমান সময়ত একাদশ শ্ৰেণীৰ শিক্ষাৰ্থী নেকি? যদি হয়, তেন্তে আজি আপুনি সঠিক স্থানত আহিছে। আমি ইয়াত Class 11 Assamese তথা একাদশ শ্ৰেণীৰ অসমীয়াৰ সম্পূৰ্ণ সমাধান দিবলৈ প্ৰয়াস কৰিছো।

Class 11 Assamese তথা একাদশ শ্ৰেণীৰ অসমীয়াত সৰ্বমুঠ ১৬ টা অধ্যায় আছে। আজি আমি Assamese Medium ৰ জৰিয়তে Class 11 Assamese সকলো অধ্যায় সমূহৰ পাঠ্যভিত্তিক প্ৰশ্ন উত্তৰ দিয়াৰ উপৰিও কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ প্ৰয়াস কৰিছো। আশা কৰোঁ আপোনালোকে এই লিখনি সমূহৰ পৰা উপকৃত হব।

আমি ইয়াত একাদশ শ্ৰেণীৰ অসমীয়াৰ সম্পূৰ্ণ সমাধান কৰিবলৈ প্ৰয়াস কৰিছো, যদি আপোনালোকে এই লিখনি পঢ়ি ভাল পাইছে তেন্তে আনৰ সৈতে Share কৰিবলৈ নেপহৰিব। যদি আপুনি আমাৰ লিখাসমূহ বুজাত কিবা অসুবিধা পাইছে তেন্তে অনুগ্ৰহ কৰি Comment Section ত জনাব। আমি আপোনাৰ যিকোনো সমস্যাৰ সমাধান যথা সময়ত দিবলৈ প্ৰয়াস কৰিম।

ইয়াৰ ওপৰিও আপুনি যদি আমাৰ Video Class সমূহ চাব খোজে তেন্তে Assamese Medium YouTube Channel ত চাব পাৰিব। আপুনি ইচ্ছা কৰিলে Assamese Medium Facebook PageFollow কৰি আমাৰ সৈতে পোনপতীয়াকৈ যোগাযোগ কৰিব পাৰে।

Class 11 Assamese Full Syllabus Solution 2022

তলৰ লিংকত আমি Class 11 Assamese ৰ সকলো অধ্যায় সমূহৰ সমাধন দিছোঁ, আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি তলৰ লিংকত ক্লিক কৰি পঢ়িব পাৰে।

Class 11 ধনৰ ব্যৱহাৰ প্রশ্ন উত্তৰ
Class 11 অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ প্রশ্ন উত্তৰ
Class 11 গৌৰৱ প্রশ্ন উত্তৰ
Class 11 কিতাপৰ কথা প্রশ্ন উত্তৰ
Class 11 গিবন প্রশ্ন উত্তৰ
Class 11 কে’ম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান প্রশ্ন উত্তৰ
Class 11 অসমৰ পুৰণি খেল-ধেমালি প্রশ্ন উত্তৰ
প্ৰণয় বৰদলৈএভাৰেষ্টৰ সপোন আৰু বিভীষিকা প্রশ্ন উত্তৰ
চৈয়দ আব্দুল মালিক
বিয়াৰ প্ৰেজেণ্ট প্রশ্ন উত্তৰ
মাধৱ কন্দলি
ৰাৱণক বিভীষণৰ সজ উপদেশ প্রশ্ন উত্তৰ
শংকৰদেৱ
বৰগীত প্রশ্ন উত্তৰ
লক্ষ্মীনাথ বেজবৰুৱা
ধনবৰ আৰু বতনী প্রশ্ন উত্তৰ
চন্দ্ৰকুমাৰ আগৰাৱালা
বনকুঁৱৰী প্রশ্ন উত্তৰ
দেৱকান্ত বৰুৱা
লাচিত ফুকন প্রশ্ন উত্তৰ
ভৱানন্দ দত্ত
ৰাজপথ প্রশ্ন উত্তৰ
হেম বৰুৱা
এখন চিঠি প্রশ্ন উত্তৰ

Class 11 Assamese Chapter 9 Question Answer
Class 11 Assamese Chapter 10 Question Answer
Class 11 Assamese Chapter 11 Question Answer
Class 11 Assamese Chapter 12 Question Answer
Class 11 Assamese Chapter 13 Question Answer
Class 11 Assamese Chapter 14 Question Answer
Class 11 Assamese Chapter 15 Question Answer
Class 11 Assamese Chapter 16 Question Answer

উপৰোক্ত লিংক আমি Class 11 Assamese ৰ অধ্যায় সমূহৰ সকলো প্ৰশ্ন উত্তৰ দিবলৈ প্ৰয়াস কৰিছো, আমি এই প্ৰশ্ন উত্তৰসমূহ সময়ে সময়ে আপডেট কৰি থাকো। গতিকে আপুনি ইয়াত সম্পূৰ্ণ শুদ্ধ আৰু সহজ সৰল প্ৰশ্ন উত্তৰ পাব বুলি আমি আশাবাদী।


Class 11 Assamese Question Answer For 2023 Final Exam

ধনৰ ব্যৱহাৰ প্রশ্ন উত্তৰ

ক) অতি চমু প্রশ্ন | ধনৰ ব্যৱহাৰ Class 11 Assamese

১) কৃপণ লোকৰ দুই ধর্ম কি কি?
উত্তৰঃ কৃপণ লোকৰ দুই ধৰ্ম হ’ল— লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা ৷

(২)অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ কি?
উত্তৰঃ অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ হ’ল— আয় অনুসৰি খৰচ কৰা।

(৩)দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা?
উত্তৰঃ আয় অলপ, খৰচ সৰহ- সেয়াই হ’ল দৰিদ্ৰ হোৱা চিন।

(8) মানুহৰ ঋণ কেতিয়া হয় ?
উত্তৰঃ আৰ্জনতকৈ সৰহ খৰচ কৰিলে মানুহৰ ঋণ হয়।

(৫) কি খৰচ গুপ্ত শত্ৰুৰ নিচিনা?
উত্তৰঃ খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা।

খ) চমু প্রশ্ন উত্তৰ | ধনৰ ব্যৱহাৰ Class 11 Assamese

(১) ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি?
উত্তৰঃ ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ হ’ব পাৰে— প্ৰথমতে, ধনেৰে মানুহে সুখ-সম্পদৰ আহিলা পাতি গোটাই ল’ব পাৰে। ভোজনৰ বাবে ভালবস্তু, পিন্ধনৰ বাবে ভাল কাপোৰ, বসবাস কৰিবলৈ ভাল ঘৰৰ লগতে হাতী-ঘোঁৰা, গাড়ী-দোলা, বন্দী-বেটী আদি কৰি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ’লে গোটাই আনি উপভোগ কৰিব পাৰি

দ্বিতীয়তে, ধনেৰে আনৰ উপকাৰ সাধিব পাৰি; ভাত নোহোৱাৰ ভাত, কাপোৰ-নোহোৱাৰ কাপোৰৰ অভাৱ ধনেৰে পূৰাব পাৰি। মানুহ বিপদত পৰিলে ধনেৰে উদ্ধাৰ কৰিব পাৰি। তাৰোপৰি বিদ্যালয়, চিকিৎসালয় আদি স্থাপন কৰি জনসাধাৰণৰ কল্যাণ সাধন কৰিব পাৰি।

(২)কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে?
উত্তৰঃ কৃপণসকলৰ বিবেচনাত ধনৰ মূল্য সৰহ, কামৰ মূল্য অলস, গতিকে এওঁলোকে সৰহ কামৰ বিনিময় কাম অতিত পৰিমাণৰ ধন যাচে বা একেবাৰে ধন নিদিবলৈ ফাঁকি কথাৰ আশ্রয় লয়। সেয়েহে, তেওঁলোকে আনলোকে ধন খৰচ কৰিলেও সহ্য কৰিব নোৱাৰে। কোনো মানুহে ডাঙৰ সকাম পাতি সৰহকৈ ধন ভাঙিবলৈ ওলালে কৃপণ লোকসকলে তেনে কামত বিধি-পথালি কৰে আৰু অনেক আসোঁৱাহ দেখুৱায়। এই বিলাক উপায় অবলম্বন কৰি কামত বাধা দিব নোৱাৰিলে মিছা কথাৰে কুৎসা ৰটনা কৰে।

(৩)লেখকৰ মতে কি দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে?
উত্তৰঃ লেখকৰ মতে সজ আৰু অসজ বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে। কোনোরে যদি দয়া বৃত্তি লৈ কোনো ক্ষেত্ৰত ভাল কৰিব বিচাৰে, তেতিয়াও ধনৰ আৱশ্যক হয়। আকৌ অহংকাৰ বা লোভ দেখুৱাবলৈও ধনৰ প্ৰয়োজন হয়।

(৪) কি দুটা কাৰণত মানুহে কৃপণালি কৰে?
উত্তৰঃ কৃপণ মানুহে সাধাৰণতে দুটা কাৰণত কৃপণালি কৰা দেখা যায়—

  1. ধন এটা চামে উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ মনেৰে কৃপণালি কৰে।
  2. কিছুমানে সন্তান-সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ’বৰ মনেৰে কৃপণালি কৰে।

(৫) কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা লিখা।
উত্তৰঃ কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পার্থক্য দুটা হ’ল—

  1. কৃপণ সকলে খৰচ কৰিবলৈ টান পায় আকৌ ধোঁৱাখুলীয়া সকলে জমা ৰাখিবলৈ‌ টান পায়।
  2. ভোগ-উপভোগ কৃপণসকলৰ নীতি বৰ্হিভূত কাম আকৌ ধোঁৱাখুলীয়া সকলে ভোগ উপভোগ কৰিয়েই সর্বস্বান্ত হয়।

গ) দীঘল প্রশ্ন উত্তৰ | ধনৰ ব্যৱহাৰ Class 11 Assamese

১) অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পর্কে কেনে ধাৰণা কৰে লিখা।
উত্তৰঃ অশিক্ষিত মানুহে বাহ্যিক জাক-জমকতাত সহজে ভোল যায়। কোনো লোকক ধুমধামকৈ খৰচ কৰা দেখিলে তেওঁলোকে বিস্ময় মানে আৰু তেনেকৈ খৰচ কৰা মানুহক ‘বৰলোক’ বুলি ভাবি লয়। খৰচ কৰা মানুহৰ যোগ্যতা, সামর্থ আদি বিষয়ত অশিক্ষিত মানুহে বিচাৰ বিবেচনা কৰিব নোৱাৰে। আনকি চোৰেও চুৰ কৰা ধন খৰচ কৰি এই লোকসকলৰ চকুত চমক লগাব পাৰে। অতি সাধাৰণ অশিক্ষিত এই লোকসকলৰ মনত ধন ধৰচ কৰাটোৱে এটা মহতালিৰ কৰ্ম। সিহঁতে ধনীক ঈশ্বৰ সদৃশ দেখে। অশিক্ষিত সকলৰ দৃষ্টিত ধনীৰ অত্যাচাৰবোৰ হ’ল প্ৰতাপ, কুকামবোৰ হ’ল ধেমালি আৰু মাৰ কিল বোৰ হ’ল আদৰ। সিহঁতৰ ভাল-বেয়া বোধ নাই, মান-অপমানৰ জ্ঞান নাই। ধনীসকলৰ আদেশমতেই নিৰক্ষৰ লোকসকলে উঠা বহা কৰাও দেখা যায়।

(২)অসজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালী কেনেকুৱা হয় আলোচনা কৰা।
উত্তৰঃ অসজ বৃত্তিধাৰী কৃপণ লোকসকলে অন্য মানুহৰ ওপৰত সুবিধা ভোগৰ সুযোগ বিচাৰি থাকে। এই লোকসকলে তেওঁলোকৰ অসজ বৃত্তিবোৰ আনৰ খৰচত সন্তুষ্ট কৰিবলৈ সদায় যত্ন কৰে। ভালবস্তু খাবলৈ সিহঁতৰ বৰ অভিলাষ, কিন্তু নিজৰ ধন খৰচ কৰি ভালবস্তু কেতিয়াও নাখায়। নিজৰ ঘৰত সিহঁতৰ সদায় শাক ভাতৰ ব্যৱস্থা, কিন্তু লোকৰ ঘৰত উপাদেয় বস্তু নহলে ভোজনে নকৰে।নিজৰ ঘৰত সদায় ভাতৰ লগত এখন আঞ্জাৰে পেট পূৰায় অথচ আনৰ ঘৰত পাঁচখন আঞ্জা বিচাৰে। নিজৰ কামৰ বাবে এদিন বাট খোজ কাঢ়ি যাব পাৰে, লোকৰ কামত বাহন নহ’লে এখোজো নলৰে। আন মানুহৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায়, ভালৰো ভাল পিন্ধে, কিন্তু নিজৰ খৰচত চলিব লাগিলে মোটা চাউলৰ ভাত খায় আৰু চৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়। খাৱন-পিন্ধন সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাংকোপ মৰা কথা। এই লোকসকলে নিজৰ ঘৰৰ আচল অৱস্থা কেতিয়াও পোহৰলৈ আনিব নিবিচাৰে কাৰণ তেনেহ’লে আনৰ ঘৰত ডাকোপ মাৰিবলৈ বা দম্ভালি কৰিবলৈ বাট নাথাকিব। এনে কৃপণে সামান্য বস্তুক-ভৰকীয়া বা ফুটনি মৰা নাম দিয়ে, ভগা খাটক-পালেং, ভগা কাঁহীক মাইহাং আৰু ফটা-কথাঁক নিহালি বুলি বর্ণনা কৰে।

(৩) মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা।
উত্তৰঃ মানুহে ঋণক পাপৰ লগত তুলনা কৰে, আনকি ঋণ লোৱা কামটোৱে পাপ বুলি কোৱা হয়। পাপী মানুহে তেওঁলোকৰ কৰ্মৰ বাবে সকলোৰে পৰা যেনেকৈ লাঞ্ছনা গঞ্জনা ভূগিব লগা হয়, তেনেকৈ ঋণী মানুহেও সমাজত নানা জনৰ পৰা গৰিহণা পায়, আত্ম মান মৰ্যাদা হেৰুৱায়। তেওঁলোকৰ মনৰ পৰা সুখ শান্তি আঁতৰি যায় । ঋণক ব্যাধিৰ লগতো তুলনা কৰিব পাৰি কাৰণ ব্যাধিৰ লগত ঋণৰ বহুখিনি সামঞ্জস্য দেখিবলৈ পোৱা যায়। ব্যাধিয়ে যেনেকৈ মানুহৰ তেজ মাংস ক্ষয় কৰে, ঋণে তেনেকৈ অৱস্থা ক্ষয় কৰে অর্থাৎ অনুক্রমে অৱস্থাহীন কৰি নিয়ে। ব্যাধি এবাৰ হ’লৈ গুচাবলৈ টান, ঋণো এবাৰ হ’লৈ গুচাবলৈ টান। ব্যাধি অনুক্রমে বাঢ়ি যায়, ঋণো অনুক্রমে বাঢ়ি যায়। ব্যাধি থাকিলে শৰীৰৰ উদ্‌গতি নহয়, ঋণ থাকিলে অৱস্থাৰ উদ্‌গতি নহয়৷ গতিকে মানুহে পৰা পক্ষত ব্যাধি সদৃশ এই ঋণ নোলোৱাই ভাল। যাৰ বাবে পাপী লোকৰ দৰে ব্যৱহাৰ সহ্য কৰিব লগা হয়। ঋণৰ বাবেই জীৱনৰ সকলো সুখ শান্তি হেৰুৱাই অথাই সাগৰত কবকাই ফুৰিব লগা হয়।

(৪)লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণ লোকৰ সংজ্ঞা সম্বন্ধে আলোচনা কৰা ।
উত্তৰঃ পাঠটিৰ আৰম্ভণিতে লেখকে কৃপণ লোকৰ সংজ্ঞা এনেদৰে দিছে— ‘পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঞ্জে। এই বিলাক মানুহক সাধাৰণ কথাত কৰাইচ, কট্‌কিনা বা কৃপণ বোলে।” তেখেতৰ মতে কৃপণ লোক সকলক নিধনী বুলিও কব পাৰি। কাৰণ চকুৰে দৰ্শন নকৰিলে, ভৰি থাকিও খোজ কঢ়া কাৰ্যটো নকৰিলে যিদৰে সিহঁতৰ সেই দুই ইন্দ্ৰিয় নাই বুলি ধৰিব পাৰি, তেনেকৈ ধন থাকিও ধনৰ সৎ ব্যৱহাৰ নকৰিলে, তেনে লোকক নিধনী বোলাটো যুক্তিৰ দোষ নিশ্চয় নহ’ব। তেখেতৰ মতে কৃপণৰ ধন, ধন নহয়, ল’ৰাই ওমলা খোলা কাটি। এঠাইত আকৌ তেখেতে কৈছে যে খৰচত হাত টান হ’লৈ মানুহক কটূকিনা বা কৃপণ বোলে।

৫। ‘ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ’—ব্যাখ্যা কৰা।
উত্তৰঃ উদ্ধৃতি দিয়া শাৰীটো আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ ৰচিত ‘ধনৰ ব্যৱহাৰ’ নামৰ পাঠটিৰ ।

ইয়াত কৃপণৰ এটা শ্ৰেণীৰ বিষয়ে কবলৈ গৈ বৰাদেবে উক্ত কথাষাৰি কৈছে। তেখেতৰ মতে, এই শ্ৰেণী কৃপণে কেৱল ধনৰ নিমিত্তেই ধন গোটায়। এই লোকসকলৰ অন্য কোনো অভিপ্রায় নাথাকে। ধনেৰে নিজ জীৱনটো যে সুখ স্বাচ্ছন্দ্যৰে ভৰাই তুলিব পাৰি সেইবিলাক কথালৈ এইলোক সকলে অকণো চিন্তা নকৰে। আনৰ উপকাৰ সাধন কৰাটোৱো এই লোকসকলৰ উদ্দেশ্য নহয় ৷ ধনৰ পৰিমাণ বৃদ্ধি কৰিব পাৰিলেই সিহঁতৰ আনন্দৰ পৰিমাণো বাঢ়ি যায়। স্বয়ং ধনেই তেওঁলৈ কৰ সুখ। ধনৰ নামত উপাউল হয়, ধনৰ আন ব্যৱহাৰ সিহঁতে নাজানে, ধন চকুৰে চাহ থাকিয়ে তেওঁলোকে পৰম সুখ লাভ কৰে।

অতিৰিক্ত প্রশ্নোত্তৰ | Class 11 Assamese Chapter 1 Question Answer

(ক)অতি চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)

(১) অসমীয়া সাহিত্যত সত্যনাথ বৰাদেৱ আৰু কি নামেৰে পৰিচিত আছিল?
উত্তৰঃ ‘বেকন’ নামেৰে।

(২) সত্যনাথ বৰাদেৱে ৰচনা কৰা ব্যাকৰণখনিৰ নাম কি ?
উত্তৰঃ বহল ব্যাকৰণ।

(৩) সত্যনাথ বৰা দেৱৰ প্ৰথম গ্ৰন্থখনৰ নাম কি আৰু গ্ৰন্থখন কিমান চনত প্ৰকাশ কৰা হৈছিল?
উত্তৰঃ সত্যনাথ বৰাদেৱৰ প্ৰথম গ্ৰন্থখনৰ নাম ‘গীতাৱলী’ আৰু গ্ৰন্থখন প্ৰকাশ পাইছিল চনত।

(৪) অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ক প্রথম গ্ৰন্থখনৰ নাম কি আৰু গ্ৰন্থখনৰ ৰচক কোন?
উত্তৰঃ অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ক প্ৰথম গ্ৰন্থখনৰ নাম হ’ল- ‘অকাশ ৰহস্য’ আৰু গ্ৰন্থখনৰ ৰচক হ’ল সত্যনাথ বৰা।

(৫) সত্যনাথ বৰাদেৱৰ ৰচিত সমালোচনামূলক পুথি এখনৰ নাম লিখা ?
উত্তৰঃ ‘সাহিত্য বিচাৰ।

৬। সত্যনাথ বৰাৰ এখন প্ৰবন্ধ পুথিৰ নাম লিখা।
উত্তৰঃ সত্যনাথ বৰাৰ এখন প্ৰবন্ধ পুথি- ‘চিন্তাকলি’।

(খ) চমু আৰু দীঘল প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২/৩/৪ আৰু ৫)

(১)ধনেৰে কি ধৰণৰ সুখ-সম্পদৰ আহিলাপাতি গোটাব পাৰি?
উত্তৰঃ ধনেৰে ভোজনৰ বাবে ভাল বস্তু, পিন্ধনৰ বাবে ভাল কাপোৰ, বাস কৰিবলৈ ঘৰৰ লগতে হাতী-ঘোঁৰা, গাড়ী-দোলা, বন্দী-বেটী আদি গোটাব পাৰি।

(২)উত্তম ভোজন, উত্তম পিন্ধন, দান-দক্ষিণা আদিক কৃপণে কি বুলি বিবেচনা কৰে?
উত্তৰঃ কৃপণে উত্তম ভোজনক খঁক, উত্তম পিন্ধনক গপ আৰু দান-দক্ষিণাক ধনৰ অপব্যয় মাথোন বুলি বিবেচনা কৰে।

(৩) কৃপণ সকলে ল’ৰা-জোবালী, তিৰোতাসকলৰ প্ৰতি কেনে ব্যৱহাৰ কৰে?
উত্তৰঃ কৃপণসকলে ল’ৰা-ছোৱালী তিৰোতাক ধনতকৈ হীন বুলি ভাবে। তেওঁলোকে নিজে যেনেকৈ খৰচৰ ভয়ত ধন বান্ধি থৈ দুখভোগ কৰে, ল’ৰা-ছোৱালীকো সেইদৰে খাৱন পিন্ধনত দুখ দিয়ে। এক শ্রেণীৰ কৃপণে আকৌ সন্তান সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ’বৰ মনেৰে কৃপণালি কৰে।

(8) পৃথিৱীত কিমান শ্ৰেণীৰ কৃপণ দেখা যায়। আলোচনা কৰা।
উত্তৰঃ পৃথিৱীত বহুতো শ্রেণীৰ কৃপণ দেখা যায়। এক শ্রেণীৰ কৃপণ আছে তেওঁলোকে কেবল ‘লাজ ঢকা’ আৰু প্ৰাণ প্ৰৱৰ্তোৱা এই দুই কাৰ্যৰ বাহিৰে আন কোনো কার্যতে ধন ভাঙিব নিবিচাৰে। তেওঁলোকৰ বিবেচনাত ভাল আহাৰ গ্ৰহণ কৰাটো এক, ভাল কাপোৰ পিন্ধাটো গ্রুপ আৰু দান দক্ষিণা কৰাটো ধনৰ অপব্যয়। লোকৰ উপকাৰৰ অৰ্থে ধন খৰচ কৰিলে তেওঁলোকৰ মনত সেয়া ধনন অত্যাচাৰ। উৎসব পার্বনত ধন ভঙাটো তেওঁলোকৰ মতে উদ্ভগুলি কৰা। ল’ৰা-ছোৱালী তিৰোতাসকলো ধনতকৈ তুচ্চা। কৃপণসকলৰ বিবেচনাত ধনব মূল্য সৰহ, কামৰ মূল্য অলপ।

আকৌ এক শ্ৰেণীৰ কৃপণ আছে এই লোক সকলে নিজৰ অসজ বৃত্তিবোৰ আনৰ খৰচত সন্তুষ্ট কৰিবলৈ যত্ন কৰে। মুঠতে লোকৰ ওপৰত পালে ভালৰো ভাল খাই, ভালৰো ভাল পিদ্ধে কিন্তু নিজৰ খৰচত চলিব লাগিলে মোটা চাউলৰ ভাত খায় আৰু চৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়। কিন্তু সিহঁতে নিজৰ ঘৰৰ অৱস্থা সম্পর্কে কেতিয়াও দাংকোপ মাৰিবলৈ নাপাহৰে।

কিছুমান কৃপণ আছে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ মনেৰে কৃপণালি কৰে আৰু কিছুমানে সন্তান সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থকৰ মনেৰে কৃপণালি কৰে। এই দুয়ো শ্ৰেণীৰ কৃপণে কিমান ধন হ’লে অভিপ্রায় দূৰ হ’ব সেই কথা নাজানে।

কৃপণৰ আৰু এটা শ্ৰেণী দেখা যায় যি সকলে কেৱল ধৰে নিমিত্তেই ধন গোটায়, আন একো তেওঁলোকৰ অভিপ্রায় নাই, ধনৰ পৰিমাণ বাঢ়িলেই সিহঁতৰ আনন্দৰ পৰিমাণ বাঢ়ে। ধনৰ ব্যৱহাৰ তেওঁলোকে নাজানে, ধন চকুৰে চাই থকাটোৱে সিহতৰ পৰম সুখৰ বিষয়। ওপৰত উল্লেখ কৰা শ্রেণীকেইটাৰ উপৰিও আৰু এক শ্ৰেণীৰ কৃপণ আছে যি কোনো এটা সংকল্প কৰি থোৱা ডাঙৰ কামত খৰচ কৰিবলৈ কৃপণালি কৰি ধন গোটাই আৰু কামৰ জোখাৰে ধন গোট খালে তেতিয়া তাক মুকলি হাতে খৰচ কৰে। অৱশ্যে প্ৰকৃতাৰ্থত এওঁলোকক কৃপণ কোৱাটো উচিত নহ’ব।

(৫)ধোঁৱাখুলীয়া (ধুৱাখুলীয়া) লোকৰ জীৱন প্ৰণালী কেনেকুৱা ? আলোচনা কৰা।
উত্তৰঃ সৰহকৈ খৰচ কৰা লোকক ধুৱাখুলীয়া বুলি কোৱা হয়। ধুঁৱাখুলীয়া সকলে ধনৰ উচিত ব্যৱহাৰ নাজানে। তেওঁলোকৰ বাবে ধন হাতত থকাটো এটা অসহনীয় বোজা, এটা বিষম আহুকাল। এই ধন খৰচ কৰাৰ বাবে প্ৰয়োজনীয় কাৰণ নাথাকিলে তেওঁলোকে তাক বাছি বিচাৰি বা নিজাকৈ সাজি লয়। এনে লোক সকলৰ মাজত দুটা অৱস্থা সচৰাচৰ দেখিবলৈ পোৱা যায়। এওঁলোকে এটা সময়ত ধনী এটা সময়ত দৰিদ্ৰৰ জীৱন কটায়, এটা সময়ত নানান ভোগ বিলাস কৰে আৰু এটা সময়ত লোণে ভাতে খাই ভোক নিবাৰণ কৰে। আকৌ এটা সময়ত এওঁলোকে আনক বৰভোজ দিয়ে, আন সময়ত নিজে গৈ আনৰ দূৱাৰত পাতে। খৰচী মানুহে নিজে সঞ্চয় কৰি কোনো ডাঙৰ কাম কৰা দূৰৈৰ কথা, আনকি হঠাৎ অহা কোনো বিপদৰ পৰা হাত সাৰিবলৈ তেওঁলোকৰ হাতত আৱশ্যকীয় পৰিমাণৰ ধন নাথাকে। গোটেই জীৱনটো ধন উপাৰ্জন কৰিও এওঁলোকে পৰৰ ভাতলৈ আশা পালিবলগীয়া হয়। খৰচী মানুহে নিজৰ অভাৱৰ বাবে উমান নাপায়, তেওঁলোকে প্রয়োজনতকৈ বেছি খৰচ কৰে। যদি কোনো এটা বস্তুৰ এসেৰৰ প্ৰয়োজন তেওঁলোকে দহসেৰ কিনি এনেয়ে ধনৰ অপব্যয় কৰে। ধুৱাখুলীয়া মানুহে খিতাপ দেখুৱাই ভাল পায়। ইহঁতে নিজে খৰচ কৰি ভালপোৱাৰ দৰে, আনকো তেনে কৰিবলৈ উদ্‌গনি যোগায়। এইলোকসকলে ভৱিষ্যতৰ চিন্তা একেবাৰে নকৰে, এশবাৰ পানীত পৰি কক্ বকাই ফুৰিলেও, তাৰ পৰা কোনো শিক্ষা নলয়। নিজৰ ইচ্ছামতে চলা এই লোকসকলৰ কেতিয়াও স্বভাৱৰ শুধৰণি নহয়।

(৬) অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰৰ বিষয়ে বহলাই আলোচনা কৰা।
উত্তৰ: আয় অনুসৰি খৰচ কৰাটোৱে অৰ্থ ব্যৱহাৰৰ মূলমন্ত্র। এজন মানুহে যিমানখিনি উপার্জন কৰিব তাৰ লগত সংগতি ৰাখিহে খৰচৰ পৰিমাণ নিৰ্ধাৰণ কৰিব লাগে। আয় অলপ, খৰচ সৰহ সেয়াই দৰিদ্ৰতাৰ চিন। কোনো এজন পণ্ডিতে কৈছে যে উৎপন্নৰ আধা সাঁচিলে মানুহ ধনী হ’ব পাৰে আৰু তেহাই (এক তৃতীয়াংশ) সাঁচিলে নিধৰুৱা হৈ সুখেৰে খাই লৈ থাকিব পাৰে, এই কথা সৰহ আৰ্জন আৰু অলপ আর্জন দুয়োটাতে খাটে। .

আমি কেতিয়াও সলাব বা কমাব নোৱাৰা কৰি খৰচৰ নিৰিখ বান্ধি লোৱা উচিত নহয়। কোনো কাৰণত যদি আমাৰ আয় টুটি আহে, সেই অনুপাতে খৰচো কমাই অনা দৰকাৰ। খৰচৰ বিষয়ত আমি কেতিয়াও আনৰ বিষয়ে ভাবি লাজ বা দ্বিধা অনুভৱ কৰিব নালাগে। কাৰণ প্ৰত্যেক মানুহে নিজৰ ভিতৰুৱা অৱস্থাৰ কথা নিজেহে জানে।

দুখীয়া মানুহে ধনৱন্ত হ’লে, যেনেকৈ বৰ কথা ক’বলৈ লাজ নকৰে, তেনেকৈ ধনী মানুহেও দুখৰ দিনত সেই ধৰণৰ অভিজাত্যৰ বাহাদুৰী দেখুৱা ৰীতি এৰিবলৈ লাজ কৰিব নালাগে। বহুত মানহে নিজৰ ভিতৰুৱা অৱস্থা ঢাকিবলৈ আভিজাত্যৰ বাহাদুৰী আগৰ দৰে ৰাখে। এই কথা অনুচিত। নিজৰ আৰ্থিক দুৰাৱস্থাৰ কথা আনৰ আগত ইনাই বিনাই কৈ ফুৰাটো যিদৰে উচিত নহয়, তাক ঢাকিবলৈ মিছাৰ আশ্ৰয় লোৱাটোৱো উচিত নহয়। তাৰ সলনি সেইবোৰ এৰি নিজৰ খৰচ কমাবলৈ যত্ন কৰিব লাগে। বাহ্যিক জাকজমকতাত ডুব গৈ নিজকে বিপদত পেলোৱাটো নিশ্চয় মহামূৰ্খৰ কামহে হ’ব।

(৭) কেনেকুৱা ধৰণৰ সাদৃশ্যতাৰ বাবে সত্যনাথ বৰা দেৱক অসমীয়া সাহিত্যৰ ‘বেকন’ হিচাপে জনা যায়।
উত্তৰঃ সত্যনাথ বৰাৰ গদ্যৰ বহুতো বিষয়ত ইংৰাজ দার্শনিক, লেখক বেকনৰ সৈতে মিল দেখা যায়। বেকনৰ দৰেই বৰাদেৱৰ বাক্যবোৰে চুটি চুটি আৰু সাবগর্ভ অন্য কথাত সংক্ষিপ্ত সাগৰ্ভৰ্তা উভয় লেখকৰে সাধাৰণ বৈশিষ্ট্য। আকৌ সত্যনাথ বৰাদেৱেও বেকনৰ দৰেই কম কথাৰেই সৰহ অৰ্থ প্ৰকাশ কৰিব পাৰে। উভয়ৰে ৰচনা বিষয়ানুগ। প্রগল্‌ভতা বা শব্দ বহুল্যৰ পৰা উভয়েই মুক্ত। দুয়োটাৰে ৰচনা বিদ্বজনোচিত। এনে ধৰণৰ সাদৃশ্যৰ বাবেই সত্যনাথ বৰাদেৱক অসমীয়া সাহিত্যৰ ‘বেকন’ নামে জনা যায়।

গ) ব্যাখ্যা কৰা

(ক) বাজত বৰ চুৰিয়াৰ ফেৰ, ভিতৰত ঢকুৱাৰ বেৰ উত্তৰঃ উদ্ধৃতি দিয়া শাৰীটো আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ ৰচিত ‘ধনৰ ব্যৱহাৰ’ নামৰ পাঠটিৰ।
উত্তৰঃ এই ফকৰাটো সাধাৰণতে ভৰকাল দৰিদ্ৰৰ ক্ষেত্ৰত কোৱা হয়। সত্যনাথ বৰাদেৱে কিন্তু ইয়াক এক শ্ৰেণীৰ কৃপণক বুজাবলৈ ব্যৱহাৰ কৰিছে। এই লোকসকলে নিজৰ অসজ বৃত্তিবোৰ আনৰ খৰচত সন্তুষ্ট কৰিবলৈ বিচাৰে। ভালবস্তু খাবলৈ সিহঁতৰ বৰ অভিলাষ, কিন্তু নিজৰ ধন খৰচ কৰি কেতিয়াও ভাল বস্তু নাখায়। নিজৰ ঘৰত সদায় এখন আঞ্জা, লোকৰ ঘৰত পাঁচখন বিচাৰে, নিজৰ কামত খোজ কাঢ়ি এদিনৰ বাট যায়, লোকৰ কামত বাহন নহ’লে এখোজো নলবে। খাৱন পিন্ধন সম্পর্কে এই শ্ৰেণীৰ মানুহৰ কিন্তু সদায় ডাংকোপ মৰা কথা। সিহঁতে কেতিয়াও নিজৰ প্ৰকৃত অৱস্থাৰ কথা আন আগত প্ৰকাশ নকৰে, কাৰণ তেনে কৰিলে তেওঁলোকৰ দম্ভালি মৰাত অসুবিধা হ’ব। এই শ্ৰেণীৰ কৃপণে ভগা খাটক পালেং, ভগা কাহীক মাইহাং আৰু ফটা কঁথাক নিহালি বুলিহে ব্যাখ্যা কৰি ভালপায়। ফকৰাটোত কোৱা হৈছে যে ডাঙৰ দেখুৱাবালৈ দৰিদ্ৰই পাটৰ বৰ কাপোৰৰ চুৰিয়া পিন্ধে অথচ সিহঁত ঘৰৰ চাৰি বেৰ তামোলৰ ঢকুৱাৰে ঢকা থাকে। অসজ কৃপণবোৰৰ দত্তালিবোৰ এনেকুৱা বাবে সত্যনাথ বৰা দেৱে এই ফকৰাটোৱে উল্লেখ কৰিছে।

(খ) “কৃপণৰ ধন, ধন নহয়, ল’ৰাই ওমলা খোলাকটি”।
উত্তৰঃ উদ্ধৃতি দিয়া শাৰীটো আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ ৰচিত ‘ধনৰ ব্যৱহাৰ’ নামৰ পাঠটিৰ। কৃপণবিলাকৰ ধনৰ ব্যৱহাৰ প্ৰসংগত সত্যনাথ বৰাদেৱে উক্ত বাক্য শাৰীৰ উল্লেখ কৰিছে। কৃপণ বিলাকে ধন কেৱল সঞ্চয় কৰিব জানে। ধনৱন্ত হৈয়ো অষ্টম দৰিদ্ৰৰ নিকাৰ ভোগে ভোগৰ নিমিত্তে যে ধন এই কথা কৃপণ বিলাকে নামানে। মুঠতে কৃপণ বিলাকে ধনৰ উচিত ব্যৱহাৰ নাজানে। সেয়েহে, সত্যনাথ বৰাদেৱে কৃপণৰ ধনক মূল্যহীন ওমলা খোলাকটিৰ লগত তুলনা কৰিছে।

(গ) খুচৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা সিগ’ম নোপোৱকৈ মানুহৰ অনিষ্ট কৰে।
উত্তৰঃ উদ্ধৃতি দিয়া শাৰীটো আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ ৰচিত ‘ধনৰ ব্যৱহাৰ’ নামৰ পাঠটিৰ। ধনৰ ব্যৱহাৰৰ ক্ষেত্ৰত খুচৰীয়া খৰচৰ পৰা হ’ব পৰা অনিষ্টৰ কথা বুজাবলৈ সত্যনাথ বৰাদেৱে ওপৰোক্ত বাক্যশাৰী ব্যৱহাৰ কৰিছে। আচলতে মানুহে যেতিয়া খৰচ কমাবলৈ চেষ্টা কৰে তেতিয়া তেওঁলোকৰ প্ৰথমতে ডাঙৰ ডাঙৰ খৰচ বিলাকলৈ হে চকু যায়। আচলতে এদিন এটা ডাঙৰ খৰচ কৰিলে মানুহৰ বিশেষ অসুবিধা নহয় কিন্তু সৰু সৰু খৰচ সৰহকৈ কৰিলে মানুহ অনুক্রমে দুখীয়া হৈ যায়। খুচুৰীয়া খৰচ সহজতে চকুত নপৰে, খুচুৰীয়া খৰচৰ গতি চোৰাং। কিন্তু খুচুৰীয়া খৰচ যদি বছৰেকত একগোট কৰা হয় তেতিয়া ডাঙৰ খৰচতকৈও ডাঙৰ হৈ পৰে। সি গুপ্ত শত্ৰুৰ লেখিয়া গম নোপোৱাকৈ মানুহৰ অনিষ্টসাধন কৰে।

(৮) “ধন ঘটিবলৈ উজু, কিন্তু ৰাখিবলৈ টান” —এই । সাৰমৰ্ম ব্যাখ্যা কৰা।
উত্তৰঃ প্রশ্নোধৃত বাক্যাংশফাঁকি সাহিত্য সৌৰভৰ অন্তৰ্গত সত্যনাথ বৰাদেৱে ৰচনা কৰা প্ৰৱন্ধ ‘ধনৰ ব্যৱহাৰ’ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

‘ধন ঘটিবলৈ উজু, কিন্তু ৰাখিবলৈ টান’ – এই কথাষাৰ প্ৰায় মানুহে কয়। কাৰণ জগতৰ সকলো মানুহে ধন আৰ্জে, তাৰে ভিতৰত কোনোবাই চৰকাৰী চাকৰি, কোনোবাই ব্যৱসায়, আৰু কোনোবাই ঠিকাদাৰ, আন কোনোবাই দিন হাজিৰা কৰিও ধন আর্জে। সকলোৰে মূলতে কিন্তু ‘পৰিশ্ৰম’ মূল কথা। এই সকলো মানুহে ধন আর্জে যদিও তাৰে দুই চাৰিজনহে ধনৱন্ত হয়। বহুতে ভাবে যে যিয়ে সৰহ আৰ্জন কৰে তাৰ পক্ষে ধনৱন্ত হোৱা টান কথা নহয়। কিন্তু ‘কেতিয়াবা দেখা যায় এই সৰহ আৰ্জন কৰা মানুহেও ঋণৰ বোজা কঢ়িয়াই মৃত্যু বৰণ কৰিবলগা হয়। আন কোনোবাই অলপীয়া আৰ্জনেৰে ধনৱন্ত হৈ সুখেৰে জীৱন অতিবাহিত কৰা দেখা যায়। কাৰণ তেওঁলোকৰ পৰিশ্ৰমৰ লগতে আছে বিচক্ষণতা। ধনৰ নামত উদ্বাউল নহয় তেওঁলোক। আয় অনুসৰি খৰচ কৰাটোৱে অৰ্থ ব্যৱহাৰৰ মূল মন্ত্র। এজন মানুহে যিমানখিনি। উপার্জন কৰিব তাৰ লগত সংগতি ৰাখিহে খৰচৰ পুৰিমাণ নিৰ্ধাৰণ কৰিব লাগে। অন্যথা এহাতে কষ্টৰে আৰ্জা উপার্জন অন্যহাতে পানীত পৰাৰ সম্ভাৱনা অধিক। সেইবাবে কোৱা হয় ধন ঘটিবলৈ সহজ কিন্তু ৰাখিবলৈ টান।

অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ প্রশ্ন উত্তৰ

(ক) অতি চমু প্ৰশ্ন ( প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১ )

১। অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ’ শীৰ্ষক পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে ?
উত্তৰঃ অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ’ শীৰ্ষক পাঠটি পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনী ‘মোৰ সোঁৱৰণী’ৰ পৰা সংগ্ৰহ কৰা হৈছে ৷

২। মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল?
উত্তৰঃ মহাত্মা গান্ধীয়ে ১৯২১ চনৰ ২১ আগষ্টত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল৷

৩। পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম লিখা।
উত্তৰঃ ‘মোৰ সোঁৱৰণী’ পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনী ।

৪। আগৰৱালা পকী’ ক’ত অৱস্থিত?
উত্তৰঃ ‘আগৰৱালা পকী’ তেজপুৰত অৱস্থিত৷

৫। গান্ধীজীৰ সন্মানাৰ্থে ‘পকী’ ৰ সন্মুখত আয়োজিত মজ্লিচত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম লিখা ৷
উত্তৰঃ গান্ধীজীৰ সন্মানাৰ্থে ‘পকী’ৰ সন্মুখত আয়োজিত মজ্লিচত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম হ’ল পদ্মনাথ গোহাঞিবৰুৱা ৷

চমু প্ৰশ্ন (মূল্যাংক -২ অথবা ৩)

১। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা ।
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম হ’ল – ‘গাঁওবুঢ়া’ ‘টেটোন তামুলী’

২। পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনীৰ নাম লিখা ।
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনীৰ নাম – ‘বিজুলী’, আসাম বন্তি’, ‘ঊষা’ ।

৩। পদ্মনাথ গোহঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম লিখা ।
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম হ’ল – ‘শ্ৰীকৃষ্ণ’, ভানুমতী, আৰু ‘লহৰি’ ।

৪। মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক কি বুলি সম্বোধন কৰি চিঠি লিখিছিল?
উত্তৰঃ মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক ‘Dear Sir’ বুলি সম্বোধন কৰি,’Your Excellency’ৰ ঠাইত উকাকৈ অকল ‘Your’ বুলি চিঠিখনত লিখিছিল ৷

৫। অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ’ শীৰ্ষক পাঠটিত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম লিখা ৷
উত্তৰঃ অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ’ শীৰ্ষক পাঠটিত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম – তৰুণ ফুকন,পদ্মনাথ গোহাঞিবৰুৱা ৷

দীঘল প্ৰশ্ন (মূল্যাংক -৪/৫)

১। পদ্মনাথ গোহাঞিবৰুৱাই মহাত্মা গান্ধীৰ কোনবোৰ কাৰ্যৰ কাৰণে গান্ধীজীক লগ পাবলৈ উদগ্ৰীৱ হৈ পৰিছিল?
উত্তৰঃ গান্ধীজীৰ কীৰ্তি কাহিনীৰ কথা বহুত দিনৰপৰাই গোহাঞিবৰুৱাই শুনি আছিল ৷ দক্ষিণ আফ্ৰিকাবাসী ভাৰত সন্তানৰ দুখ-নিৰ্যাতন মোচন আৰু অভাৱ অভিযোগ নিৰাকৰণৰ অৰ্থে গান্ধীজীৰ অসাধাৰণ কাৰ্য-কলাপ আৰু কৃতিত্বৰ বিষয়েপঢ়ি-শুনি তেখেতৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা-ভক্তি গোহাঞিবৰুৱাৰ অন্তৰত উপচি পৰিছিল ৷ আমেৰিকাৰ খ্ৰীষ্টিয়ান মিচনেৰী সম্প্ৰদায়ে গান্ধীজীৰ মানৱজাতিৰ মংগলাৰ্থে কৰা অলৌকিক আত্মোৎসৰ্গত বিস্ময় মানি তেখেতক অশেষ প্ৰশংসা কৰিছিল ৷ সেই সম্প্ৰদায়ৰ পুৰোহিত পাদ্ৰীসকলে গান্ধীজীক যীশুখ্ৰীষ্টতকৈও ওপৰ খাপত আসন দিয়া দেখি পদ্মনাথ গোহাঞিবৰুৱা স্তম্ভিত হৈছিল ৷ ভাৰতবৰ্ষলৈ উলটি আহি গান্ধীজীয়ে পৰাধীন স্বজাতি ভাৰতবাসীৰ উদ্ধাৰৰ অৰ্থে বিবিধ বিষয়ক নৈতিক, দৈহিক, সামাজিক, ৰাজনৈতিক দেশহিতকৰ কাৰ্যত আত্মনিয়োগ কৰে ৷ সেয়েহে গান্ধীজীয়ে গৱৰ্ণৰ জেনেৰেল লৰ্ড ৰীডিং চাহাবলৈ ভাৰতবাসীৰ হৈ এখন পত্ৰ লিখে ৷ সেই পত্ৰত গৱৰ্ণৰ জেনেৰেলক ‘Dear Sir’ বুলি সম্বোধন কৰি, ‘Your Excellency’ৰ ঠাইত উকাকৈ অকল ‘Your’ বুলি লিখা কথাবোৰে গোহাঞিবৰুৱাক বিস্ময়ত পেলাইছিল ৷ গান্ধীজী ভাৰত পৰ্যটনৰ কথা শুনি তেওঁক লগ পাবলৈ পদ্মনাথ গোহাঞিবৰুৱাই উদগ্ৰীৱভাৱে বাট চাই ৰ’ল ৷

২। গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা ।
উত্তৰঃ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ অপ্ৰতিদ্বন্দ্ববী নেতা মহাত্মা গান্ধীয়ে ১৯২১ চনৰ আগষ্ট মাহত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰে ৷ ২১ তাৰিখে তেওঁ তেজপুৰত উপস্থিত হয় ৷ সেইদিনা ৰাতিপুৱা প্ৰায় ৯.৩০ বজাত গান্ধীভাৰী জাহাজখন তেজপুৰ ঘাটত ৰ’ল ৷ পদ্মনাথ সহিতে গোটেই ৰাইজে গান্ধীৰ সম্ভাষণ যাচিলে ৷ গান্ধীয়ে গোহাঞিবৰুৱাক ঘৰতে সূতা কাটি বৈ উলিওৱা খদ্দৰ কাপোৰ ব্যৱহাৰৰ বাবে পৰামৰ্শ দিয়ে ৷ তেজপুৰীয়া ৰাইজে শোভাযাত্ৰাৰে গান্ধীক আগবঢ়াই নি আগৰৱালা পকীত জা-জলপানেৰে আপ্যায়ন কৰিলে ৷ কিছুসময় পিছত গান্ধীয়ে স্বৰাজ আৰু অসহযোগ সম্পৰ্কে এটা দীঘলীয়া ভাষণ দি অসমৰ পৰা বিদায় লয় ৷

৩। গান্ধীজীৰ আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ মাজৰ কথোপকথনখিনি তোমাৰ ভাষাত বুজাই লিখা ।
উত্তৰঃ ১৯২১ চনৰ ২১ আগষ্টৰ দিনা মহাত্মা গান্ধী যেতিয়া তেজপুৰৰ জাহাজ ঘাটত উপস্থিত হয়, গোহাঞিবৰুৱাই তৎক্ষণাৎ জাহাজত উঠি গান্ধীৰ চাপিল৷গান্ধীৰ লগত অসম কংগ্ৰেছৰ নেতা তৰুণ ফুকন আহিছিল ৷ ফুকনে গান্ধীজীক “তেজপুৰৰ আগৰণুৱা দেশহিতৈষী অসমীয়া নেতা,ৰায়চাহাব পদ্মনাথ গোহাঞিবৰুৱা” বুলি পৰিচয় কৰাই দিলে ৷ শুনিয়েই গান্ধী জিকাৰ খাই উঠি ক’লে, ” আচৰিত, ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে ৷” ফুকনে তেতিয়া বুজাই ক’লে যে গোহাঞিবৰুৱা যদিও চৰকাৰী কৰ্মচাৰী তেওঁ কিন্তু ৰাইজৰ হকেহে মাত মাতে ৷ তেতিয়া গান্ধীয়ে ক’লে,”যি হওঁক, আশা কৰোঁ খিতাপৰ কিৰীটিয়ে পাক ঘূৰণি খুৱাই আপোনাক ৰাইজৰ প্ৰতিকূলমুখীয়া নকৰক যেন ৷ “তেতিয়া গোহাঞিবৰুৱাই মূৰ দোঁৱাই সৈমান হ’ল ৷ পদ্মনাথে সেইদিনা পিন্ধি যোৱা কাপোৰ দেখি গান্ধীয়ে শলাগিলে আৰু লাৰি চাই চেলেং কাপোৰৰ সূতা স্বদেশীনে বুলি সুধাত গোহাঞিবৰুৱাই উত্তৰ দিলে, “সূতা ঘৰত কটা নহয়, দোকানৰ পৰা কিনি আনি ঘৰত বোৱা কাপোৰহে ৷ “তেতিয়া গান্ধীয়ে ঘৰতে সূতা কাটি বৈ উলিয়াব পৰা খদ্দৰ কাপোৰ ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়ায় ৷ এই দৰেই দুয়োজনৰ মাজত ভাবৰ আদান-প্ৰদান চলিছিল৷

৪। গান্ধীজীৰ অসম ভ্ৰমণৰ সময়ত ক’ত কোনে মজলিচ বৈঠকৰ আয়োজন কৰিছিল বুজাই লিখা৷
উত্তৰঃ ১৯২১ চনৰ ২১ আগষ্টৰ দিনা যেতিয়া মহাত্মা গান্ধী অসম ভ্ৰমণৰ বাবে আহিছিল তেতিয়া গান্ধীজীৰ সন্মানাৰ্থে ‘আগৰৱালা পকী’ৰ সন্মুখত সন্ধিয়া সাত বজাৰ পৰা বহল ঘাঁহনি চোতালত দলিচা, সতৰঞ্চি, ত্ৰিপাল, নগাঢাৰি পাৰি মজ্লিচ বৈঠক পতা হৈছিল৷নিৰ্ধাৰিত কাৰ্যতালিকা অনুসৰি, টাউনৰ গণ্যমান্য লোকসকল, দূৰৈৰপৰা আহি অভ্যৰ্থনাত যোগ দিয়াৰাইজৰ নেতা-শ্ৰেণী,ৰাইজৰ এভাগ আৰু টাউনবাসী সৰ্বসাধাৰণ মানুহ চাপি ধীৰে-শাঁতে যথাযোগ্য ঠাইত আসন লৈছিল৷মজ্লিচত কিন্তু গোহাঞিবৰুৱাৰ বাদে আন কোনো চৰকাৰী চাকৰিয়াল, পেন্সনীয়া, গৱৰ্ণমেণ্ট খিতাপধাৰী লোক অংশ লোৱা নাছিল ৷

৫। “আচৰিত,ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে ৷” _ এই কথাষাৰ কোনে কি প্ৰসংগত কৈছিল বুজাই লিখা৷
উত্তৰঃ গান্ধীজী অসম পৰ্যটনলৈ আহোঁতে তেজপুৰ জাহাজঘাটত নমাৰ পিছত মি: ফুকনে গোহাঞিবৰুৱাক তেজপুৰৰ আগৰণুৱা দেশহিতৈষী অসমীয়া নেতা বুলি পৰিচয় কৰাই দিছিল৷তেতিয়া মহাত্মা গান্ধীয়ে কৈছিল,”আচৰিত,ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে৷”তেতিয়া মি: ফুকনে গান্ধীজীক বুজাই কৈছিল যে,’ৰায়চাহাব’ খিতাপ গোহাঞিবৰুৱাক চৰকাৰে দিয়া হয় যদিও আচলতে তেওঁ ৰাইজৰ উন্নতিৰ হকেহে কাম কৰে

লেখকৰ পৰিচয় আৰু কিছু প্ৰশ্ন উত্তৰ

১। ‘ৰায়চাহাব’ খিতাপেৰে বিভূষিত ব্যক্তিগৰাকীৰ নাম কি?
উত্তৰঃ ‘ৰায়চাহাব’ খিতাপেৰে বিভূষিত ব্যক্তিগৰাকীৰ নাম পদ্মনাথ গোহাঞিবৰুৱা ৷

২। পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম কিমান চনত হৈছিল?
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম ১৮৭১ চনত হৈছিল৷

৩। পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা আলোচনী কেইখনৰ নাম লিখা৷
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা আলোচনী কেইখনৰ নাম- ‘বিজুলী’, ‘আসাম বন্তি’, ‘ঊষা’৷

৪। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা উপন্যাস দুখনৰ নাম লিখা৷
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা উপন্যাস দুখনৰ নাম – ‘ভানুমতী’ আৰু ‘লাহৰি’

৫। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা নাটক কেইখন কি কি?
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা নাটক কেইখন হ’ল – ‘গাঁওবুঢ়া’, ‘টেটোন তামুলী’, ‘জয়মতী’, ‘গদাধৰ’, ‘সাধনী’ আৰু ‘লাচিত বৰফুকন’ ৷

৬। পদ্মনাথ গোহাঞিবৰুৱাৰ তত্ত্বমূলক গ্ৰন্থ খনৰ নাম লিখা৷
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাৰ তত্ত্বমূলক গ্ৰন্থ খনৰ নাম – ‘শ্ৰীকৃষ্ণ’ ৷

৭। ‘মোৰ সোঁৱৰণী’ কাৰ আত্মজীৱনী?
উত্তৰঃ ‘মোৰ সোঁৱৰণী’ পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনী ৷

৮। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি গৰাকীৰ নাম কি?
উত্তৰঃ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি গৰাকীৰ নাম পদ্মনাথ গোহাঞিবৰুৱা ৷

৯। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া আৰু ক’ত হৈছিল?
উত্তৰঃ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ১৯১৭ চনত শিৱসাগৰত হৈছিল ৷

১০। পদ্মনাথ গোহাঞিবৰুৱাৰ মৃত্যু কিমান চনত হৈছিল?
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাৰ মৃত্যু ১৯৪৬ চনত হৈছিল ৷

গৌৰৱৰ প্ৰশ্ন উত্তৰ

অতি চমু প্ৰশ্ন (মূল্যাংক -১)

১ । কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম লিখা ৷
উত্তৰঃ কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব’ ৷

২। ‘ডিভাইন কমেডি’ কাৰ ৰচনা?
উত্তৰঃ ‘ডিভাইন কমেডি’ ডাণ্টেৰ ৰচনা ৷

৩ । নেপোলিয়ন বোনাপাৰ্ট কোন দেশৰ বীৰ আছিল ?
উত্তৰঃ নেপোলিয়ন বোনাপাৰ্ট ফ্ৰান্সৰ বীৰ আছিল।

৪। মৈথিলী জৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ ‘টনাটনি’ কৰে ?
উত্তৰঃ মৈথিলী জৰু বঙালীয়ে বিদ্যাপতি পণ্ডিতক লৈ ‘টনাটনি’ কৰে ৷

৫। জাপানীবিলাকে নিজৰ দেহৰ গঢ় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে?
উত্তৰঃ জাপানীবিলাকে নিজৰ দেহৰ গঢ় ককেচিয়ানবিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে ৷

চমু প্ৰশ্ন (মূল্যাংক – ২/৩)

১। সৌভাগ্যৰপৰা গৌৰৱ কেনেকৈ ওপজে ?
উত্তৰঃ সৌভাগ্যৰ বাবে উচ্চবংশৰ মৰ্যাদা,ধন-সম্পতি আৰু মান-মৰ্যাদা লাভ কৰে৷ এজন ধনী ব্যক্তি বা উচ্চবংশৰ লোকক বৰ্তমান সমাজত এক শ্ৰেণীৰ লোকে যথেষ্ট মান সন্মান কৰে৷

২ । ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্হায়ী হয়নে ? বুজাই লিখা ৷
উত্তৰঃ ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্হায়ী নহয়৷কাৰণ শৰীৰৰ পতনৰ লগে লগে ৰূপৰো পতন ঘটে ৷

৩। বিশ্বামিত্ৰৰ দুখৰ কাৰণ কি আছিল বুলি পাঠটোত কোৱা হৈছে ?
উত্তৰঃ বিশ্বামিত্ৰৰ দুখৰ কাৰণ জন্ম আছিল বুলি পাঠটোত কোৱা হৈছে৷

৪। শুদ্ধোধনৰ নাম মানুহে কিয় জানে?
উত্তৰঃ শুদ্ধোধন বুদ্ধৰ বাপেক হোৱা বাবে মানুহে জানে৷

৫। দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব পাৰেনে?
উত্তৰঃ দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব নোৱাৰে ৷

দীঘল প্ৰশ্ন (মূল্যাংক – ৪/৫)

১। “ধনেই ধৰ্মৰ মূল,মন নহ’লে যায় জাতি কুল” -কথাষাৰ বুজাই লিখা ৷
উত্তৰঃ ধন-সম্পতি এনেকুৱা এটা নিচা যাৰ বাবে মানুহে নিজক লৈ গৌৰৱ,অহংকাৰ কৰে ৷ তেওঁলোকৰ মানত ধনেই সৰ্বেসৰ্বা ৷ ধন থাকিলে সকলো বস্তু কিনিব পাৰি অথচ মান-সন্মানকো নিজৰ কৰি ৰাখিব পাৰে ধনৰ বলত৷ধন থাকিলে বন্ধু লগত থাকে,সেয়া লাগিলে স্বাৰ্থপৰ ব্ন্ধুৱে হওঁক ৷ ধনীক সাধাৰণ মানুহে ভয় কৰে,ভক্তি কৰে আৰু সন্মান কৰে ৷ সেয়েহে কোৱা হৈছে,”ধনেই ধৰ্মৰ মূল,মন নহ’লে যায় জাতি কুল”৷

২। ‘গৌৰৱ’ প্ৰৱন্ধটোত প্ৰকৃত গৌৰৱৰ কাৰণ কি বুলি কোৱা হৈছে?
উত্তৰঃ প্ৰকৃত গৌৰৱৰ কাৰণ জ্ঞান,আত্মসংযম আৰু আত্মদানৰ পৰা ওলায় ৷ এই গুণবিলাকে মানুহক অমৰ কৰে৷ছক্ৰেটিছৰ জ্ঞান, হৰিশ্চন্দ্ৰৰ ন্যায়, প্ৰহ্লাদৰ আত্মসংযম আৰু জয়মতীৰ আত্মদান ইতিহাসৰো গৌৰৱৰ বিষয় ৷ ছেক্সপীয়েৰ, কবীৰ, শংকৰদেৱ, মাধৱদেৱ, কালিদাস, ব্যাস আদিৰ ৰচনাৰাজিয়ে আজিও গোটেই বিশ্বত স্থান দখল কৰি আছে ৷ এই গৌৰৱৰ কাৰণ স্বৰ্গীয় আৰু চিৰস্থায়ী৷

৩। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা- “বিজেতাই মানুহক হে পৰাস্ত কৰে,মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে”৷
উত্তৰঃ উপৰোক্ত গদ্যাংশফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত ‘গৌৰৱ’ পাঠটোৰপৰা তুলি দিয়া হৈছে ৷ বলীয়ে নিজৰ দেহৰ বলত সকলো জয় কৰিব পাৰিলেও কিন্তু মন জয় কৰিব নোৱাৰে৷উপৰোক্ত বাক্যফাঁকিয়ে তাৰেই অৱতাৰণা কৰিছে ৷
বল হ’ল শৰীৰৰ এটি গৌৰৱৰ কাৰণ৷বলে মানুহক সাহস, স্ফূৰ্তি আৰু আনন্দ দিয়ে৷বল থাকিলে মানুহে আনৰ ওপৰত প্ৰভুত্ব চলাব পাৰে আৰু আনৰ পৰা ভয়,ভক্তি আকৰ্ষণ কৰিব পাৰে ৷ দেশ জয় কৰা বীৰসকলক গৌৰৱৰ পাত্ৰ বুলি ভবা হয় ৷ কিন্তু বিজেতাই প্ৰথম দিন দেশ জয় কৰে, দ্বিতীয় দিন ৰাখে, তৃতীয় দিন আনে জয় কৰি লয়৷আলেকজেণ্ডাৰে দেশ জয় কৰিছিল, কিন্তু প্লেটোৱেহে মানুহৰ মন জয় কৰিছিল৷নিউটন, ডাৰউইনৰ নিজৰ ভাব আনৰ মনত সুমুৱাই দি আনৰ মন জয় কৰিছে আৰু তেওঁলোকৰ নিচিনাকৈ ভাবিবলৈ সমৰ্থ কৰাইছে ৷ চুকাফা আৰু নৰনাৰায়ণৰ ৰাজ্য নাই কিন্তু শংকৰদেৱৰ ৰাজ্য কোনেও ধ্বংস কৰিব পৰা নাই৷আকবৰৰ ৰাজ্য কেতিয়াবাই চাৰখাৰ হ’ল কিন্তু গৌতম বুদ্ধৰ হোৱা নাই ৷ সেয়েহে কোৱা হৈছে, “বিজেতাই মানুহক হে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে”৷

৪। জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী হয়নে?বুজাই লিখা৷
উত্তৰঃ জন্ম,ধন আৰু মান সৌভাগ্যৰপৰা আহে৷জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী নহয়৷ধন থাকিও যদি প্ৰয়োজনত খৰচ কৰা নহয়, দান কৰা নহয়, ধাৰ নিদিয়ে তেন্তে সেই ধন কি কামৰ? টকা থাকে মানে বাহিৰৰ পৰা মান-সভ্ৰম নিজেই আহি লগ ধৰে ৷ সংসাৰত আহি যদি সৎ কৰ্ম নকৰি অসৎ কৰ্মত ধন ভাঙিব লগা হয় এই কু-সংগীবোৰৰ পৰা বাচি থাকিব নোৱাৰিলে ধন আৰু মান কেতিয়াও স্থায়ী হৈ থাকিব নোৱাৰে ৷

৫।প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা – “ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে৷”
উত্তৰঃ উপৰোক্ত গদ্যাংশফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত ‘গৌৰৱ’ পাঠটোৰপৰা তুলি দিয়া হৈছে ৷ ৰূপে মানুহক কিদৰে নিজৰ মায়াজালত বন্দী কৰিব পাৰে তাৰে অৱতাৰণা উপৰোক্ত বাক্যফাঁকিৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰা হৈছে ৷
শৰীৰৰ এটা প্ৰধান অংশ হ’ল ৰূপ৷ৰূপৰ সহায়তো মানুহে জগত জিনিব পাৰে ৷ মহাদেৱৰ নিচিনা প্ৰধান যোগীকো ভগৱানৰ বিশ্ব-বিমোহন ৰূপে বলিয়া কৰিছিল ৷ ৰাম-ৰাৱণৰ যুদ্ধৰ কাৰণো সীতাৰ ৰূপ-লাৱণ্য ৷ গ্ৰীক-ট্ৰজান যুদ্ধৰ কাৰণ ৰূপ৷ডাণ্টেৰ ‘ডিভাইন কমেডি’ ৰূপৰ পৰাই ওলাইছে৷হিৰোৰ লাৱণ্যৰ প্ৰভাৱত লিয়েণ্ডাৰে হেলিস্পট সাগৰ সাতুঁৰি পাৰ হৈছিল ৷ সাপ যেনেকৈ যোগীৰ মন্ত্ৰত মুগ্ধ হয়,মানুহো তেনেকৈ ৰূপত মুগ্ধ হয় ৷ ৰূপৰ বলতে বহুতে বহুত ঠাইত মান আৰু ভক্তি পায় ৷ মহাপুৰুষ শংকৰদেৱৰ ৰূপ আৰু শান্ত মূৰ্তিয়ে তেওঁৰ প্ৰতিদ্বন্দ্বীৰ পৰাও ভক্তি আৰু শ্ৰদ্ধা আকৰ্ষণ কৰিছিল ৷ ৰূপৰ প্ৰভাৱতে মহম্মদক বধ কৰিবলৈ উদ্যত শত্ৰুৰ হাতৰ তৰোৱাল খহি পৰিছিল ৷ গতিকে সেইকাৰণে ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে বুলি কোৱা হৈছে ৷

অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ | Class 11 Assamese Chapter 3 Question Answer

১। কালিৰাম মেধি কিমান চনত জন্ম হয়?
উত্তৰঃ কালিৰাম মেধি ১৮৭৮ চনত জন্ম হয় ৷

২। ‘মহাপুৰুষ শংকৰদেৱৰ বাণী’ কাৰ ৰচনা?
উত্তৰঃ ‘মহাপুৰুষ শংকৰদেৱৰ বাণী’ কালিৰাম মেধিৰ ৰচনা ৷

৩। কালিৰাম মেধিৰ মৃত্যু কিমান চনত হৈছিল?
উত্তৰঃ কালিৰাম মেধিৰ মৃত্যু ১৯৫৪ চনত হৈছিল ৷

৪। কালিৰাম মেধিয়ে সম্পাদনা কৰা কেইখনমান গ্ৰন্থৰ নাম লিখা ৷
উত্তৰঃ কালিৰাম মেধিয়ে সম্পাদনা কৰা কেইখনমান গ্ৰন্থৰ নাম- ‘অংকাৱলী’, ‘প্ৰহ্লাদ চৰিত’, ‘মহাপুৰুষ শংকৰদেৱৰ বাণী’ ৷

৫। কালিৰাম মেধি অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল আৰু এই অধিৱেশন কেতিয়া হৈছিল?
উত্তৰঃ কালিৰাম মেধি অসম সাহিত্য সভাৰ বৰপেটা অধিৱেশনৰ সভাপতি আছিল আৰু এই অধিৱেশন ১৯১৯ হৈছিল ৷

৬। হোমাৰৰ মহাকাব্য দুখনৰ নাম লিখা ৷
উত্তৰঃ হোমাৰৰ মহাকাব্য দুখনৰ নাম- ‘ইলিয়াড’ আৰু ‘ওডিছি’

কিতাপৰ কথা প্রশ্ন উত্তৰ

অতি চমু প্ৰশ্ন উত্তৰ

১। ছপাখানা আৰু কাগজ আৱিষ্কাৰ কোন দেশৰ আৱিষ্কাৰ ?
উত্তৰ: ছপাখানা আৰু কাগজ আৱিষ্কাৰ চীন দেশৰ আৱিষ্কাৰ ৷

২। গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে ?
উত্তৰ: গুৰুৰ স্থান আজিৰ যুগত কিতাপে কাঢ়ি লৈছে ৷

৩। ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিহা দিছিল ?
উত্তৰঃ ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে দিহা দিছিল এইদৰে,” কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব ৷ “

৪। বিদ্যাৰ অনুশীলন নহ’লে কি হয় ?
উত্তৰঃ বিদ্যাৰ অনুশীলন নহ’লে মানুহৰ মন ভীৰুতা আৰু কু-সংস্কাৰে আৱৰি ৰাখে ৷

৫। কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে বিদেশত প্ৰচলিত যোজনা আছে ?
উত্তৰঃ কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে চীনদেশত প্ৰচলিত যোজনা –

কিতাপ মেলা মানেই লাভ ৷
বিদ্বান লোকে চোৰাং কাম নকৰে ৷
আলবানিয়াত প্ৰচলিত যোজনা-
যি পঢ়িব আৰু লিখিব পাৰে তাৰ চকু চাৰিটা ৷

চমু প্ৰশ্ন উত্তৰ

১। হেলেন কেলাৰৰ আত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰিছিল?
উত্তৰঃ হেলেন কেলাৰে কেঁচুৱা দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি হেৰুৱাইছিল৷ তেওঁ কলা মানুহৰ কাৰণে বিশেষকৈ সজা কিতাপহে পঢ়িব পাৰে৷ অথচ এইগৰাকী মহিলাই সাহিত্যৰ প্ৰতি এনে প্ৰীতি প্ৰকাশ কৰিছে৷ এনেবোৰ কাৰণে মানুহক কিতাপ পঢ়িবলৈ অনুপ্ৰেৰণা যোগাইছিল৷

২। আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সৰ্ন্দভত অসমীয়া মানুহক কোৱা কথাখিনি বৰ্ণনা কৰা ৷
উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সৰ্ন্দভত অসমীয়া মানুহক মন্তব্য কৰিছিল, হেৰা মিত্ৰসকল, বিদ্যা উপকাৰৰ বাদে আন একো নহয়৷ সভ্য আৰু সুখী হ’ব বিচাৰিলে ইংৰাজৰ দৰে কৃষি আৰু শিল্প কৰিব লাগে৷অজ্ঞানী হোৱাৰ বাবে এইবোৰ একো বুজি নোপোৱা আৰু বুজিবলৈও চেষ্টা নকৰা৷বিদ্যা আৰু জ্ঞানেই উন্নতিৰ মূল৷

৩। দেশ আৰু জাতিক গ্ৰন্থ অধ্যয়নে কিদৰে উপকৃত কৰে, প্ৰৱন্ধটিৰ আধাৰত বিচাৰ কৰা ৷
উত্তৰঃ গ্ৰন্থ জ্ঞানৰ ভাণ্ডাৰ৷ একো একোখন কিতাপে যি পোহৰ দিয়ে, সেই পোহৰত ৰাইজে যেতিয়া নিজৰ পথ বিচাৰি পায়, তেতিয়া শাসনযন্ত্ৰ কঁপি উঠে৷ সত্যৰ বিম্ব দাঙি ধৰাত কিতাপে সহায় কৰে৷ভীৰুতা আৰু কু-সংস্কাৰ আঁতৰ কৰে৷ এইদৰে গ্ৰন্থই দেশ আৰু জাতিৰ উপকাৰ সাধন কৰে৷

৪। সাহিত্যৰ প্ৰতি থকা প্ৰীতিয়ে জীৱনক কেনেদৰে উদ্ভাসিত কৰিব পাৰে, হেলেন কেলাৰৰ আত্মজীৱনীৰ আঁত ধৰি বিচাৰ কৰা ৷
উত্তৰঃ হেলেন কেলাৰে কেঁচুৱা দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি হেৰুৱাইছিল৷ তেওঁ কলা মানুহৰ কাৰণে বিশেষকৈ সজা কিতাপহে পঢ়িব পাৰে৷ অথচ এইগৰাকী মহিলাই সাহিত্যৰ প্ৰতি এনে প্ৰীতি প্ৰকাশ কৰিছে৷ এনেবোৰ কাৰণে মানুহক কিতাপ পঢ়িবলৈ অনুপ্ৰাণিত কৰিছিল৷

৫। ”… কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে সি বিবেচনাকে হত্যা কৰে । ”- কথাষাৰ ব্যাখ্যা কৰা।
উত্তৰঃ একো একোখন কিতাপে যেতিয়া মানুহৰ ভয়, কু-সংস্কাৰ এন্ধাৰ আঁতৰ কৰি জ্ঞানৰ আলোকেৰে আলোকিত কৰে তেতিয়া ৰাইজে নিজৰ পথ বিচাৰি পায় আৰু শাসনযন্ত্ৰ কঁপাই তোলে ৷ তেতিয়াই কিতাপ পুৰি পেলোৱা হয়, লেখকক শাস্তি দিয়া হয়৷ বিবিধ অত্যাচাৰ চলাৰ পিছতো সেই পোহৰৰ আভা লোপ নাপায়, লুকাই নাথাকে, ৰাইজে নিজৰ গন্তব্যস্থান পাবই৷সত্যৰ বিম্ব দাঙি ধৰা এনে কিতাপ ধ্বংস কৰিলে কি হয় তাকে মিল্টনে মন্তব্য কৰিছিল, “কিতাপ এখন ধ্বংস কৰাতকৈ বৰং মানুহ এজনকে হত্যা কৰা; যি মানুহ এজনক হত্যা কৰে সি ভগৱানৰ প্ৰতিৰূপ বিবেচনা সম্পন্ন প্ৰাণী এটিকে হত্যা কৰে; কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে বিবেচনাকে হত্যা কৰে ৷

দীঘল প্ৰশ্ন উত্তৰ

১। “অনাখৰী চহা লোকেও কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক অশ্ৰদ্ধা নেদেখুৱায় ৷” পাঠটিৰ সহায়ত আলোচনা কৰা ৷
উত্তৰঃ সাধাৰণতে চহা লোকসকলৰ বুজ-বিবেচনা অলপ কম৷ কিন্তু কিবা এটা নতুন কথা জানিবলৈ তেওঁলোকো আগ্ৰহী৷ তেওঁলোকে যদিও কিতাপ পঢ়িব নাজানে, সেই কিতাপৰ পৰা পোৱা জ্ঞান আনৰপৰা শুনি বুজি নিজৰ প্ৰয়োজনীয় কামত প্ৰয়োগ কৰে৷ জ্ঞানৰ কাৰণে কিতাপৰ প্ৰয়োজন, সেই জ্ঞানে সংসাৰৰ জটিলতা বুজিবলৈ সহায় কৰে; তদুপৰি বোধ, চিন্তা, অনুভূতি আদিও বৃদ্ধি কৰে৷ সেয়েহে অনাখৰী চহা লোকে কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক শ্ৰদ্ধা জনায়৷

২। “ কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব৷” কথাখিনিৰ তাৎপৰ্য বিশ্লেষণ কৰা ৷
উত্তৰঃ আজিৰ যুগত বিভিন্ন ধৰণৰ কিতাপ ওলাইছে৷ বৰ্তমান সভ্যতাৰ বিভিন্ন আভাস এই কিতাপবোৰৰ পৰাই পোৱা যায়৷ পাঠ্যপুথি আৰু বোৱা-কটা, ৰন্ধা-বঢ়া আদি কেনেকৈ কৰিব লাগে তাৰ সংকেত দিয়া কিতাপৰ পৰা সাধাৰণ উপন্যাস আৰু ভ্ৰমণ কাহিনীলৈ অলেখ কিতাপ পোৱা যায়৷সময়ৰ লগে লগে তাৰে কিছুমান লোপ পায়, কিছুমান বাচে আৰু মানৱ জাতিৰ সম্পত্তি হৈ পৰে৷ ইয়াৰ আটাইবোৰ পঢ়া সম্ভৱ নহয়,পঢ়িবৰ দৰকাৰো নহয়৷ এই কাৰণেই ইংৰাজ দাৰ্শনিক বেকনে এইদৰে দিহা দিছিল, “ কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব৷”

৩। “হে মোৰ অসমিয়া মিত্ৰ সকল, বিদ্যা জেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহই;” – কথাষাৰৰ যুক্তি-যুক্ততা বিচাৰ কৰা৷
উত্তৰঃ পূৰ্বতে আমাৰ দেশত আজিৰ দৰে বিদ্যাৰ অনুশীলন নাছিল৷ সেই হেতুকে মানুহৰ মন ভয় আৰু কু-সংস্কাৰে আৱৰি ৰাখিছিল৷ বিদ্যা আৰু জ্ঞানেই যে উন্নতিৰ মূল সেই কথা সাধাৰণ ৰাইজে জনা নাছিল৷ দেশবাসীৰ এই অজ্ঞান এন্ধাৰ লক্ষ্য কৰি আনন্দৰাম ঢেকিয়াল ফুকনে এইদৰে মন্তব্য কৰিছিল – “হে মোৰ অসমিয়া মিত্ৰ সকল, বিদ্যা জেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহই; যদি সভ্য আৰু সুখি হ’ব খোজা তেন্তে কৃসি আৰু সিল্প কৰমত ইংৰাজৰ দৰে পাৰ্গত হ’বলৈ পুৰুসাৰ্থ কৰা৷ তোমালোক নিচই অগিয়ান আৰু সেই বিদ্যাৰ ভু নোপোৱা আৰু জানিবলৈকো স্ৰম নকৰা৷…”

৪। “কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলায় ৷” পাঠটোৰ সহায়ত বুজাই লিখা ৷
উত্তৰঃ যিমানেই বিদ্যাৰ অনুশীলন হয়,সিমানেই কিতাপৰ সমাদৰ বাঢ়ে; সিমানেই ৰাইজেও নিজৰ অভাৱ-অভিযোগ বুজি উঠে৷ৰাইজ সজ্ঞান আৰু সজীৱ হ’লে ৰাষ্ট্ৰ শাসনত কেৰোণ নালাগে, শাসন ৰাইজৰ ওপৰত মহাভাৰ হৈ পৰাৰ ভয় নাথাকে৷ স্বামী বিবেকানন্দ, ৰাজা ৰামমোহন ৰায়, মহাত্মা গান্ধী আদিৰ দৰে লোকৰ ৰচনাই আমাৰ জাতীয় জাগৰণ বহুতো বেগী কৰিছে; ইউৰোপত ৰুছো৷মাৰ্ক্স আদি চিন্তাবিদৰ ৰচনাই সমাজ পৰিৱৰ্তনত প্ৰেৰণা যোগাইছে৷ একো একোখন কিতাপে যি পোহৰ দিয়ে সেই পোহৰত ৰাইজে যেতিয়া নিজৰ পথ বিচাৰি পায়, তেতিয়াই শাসনযন্ত্ৰ কঁপি উঠে৷সেয়েহে কোৱা হৈছে যে কিছুমান কিতাপৰ ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পৰিলক্ষিত হয়৷

৫। “আজি যন্ত্ৰৰ যুগত গুৰুৰ স্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে ৷ এতিয়া কিতাপেই গুৰু ৷” কথাখিনি পাঠটিৰ সহায়ত আলোচনা কৰা ৷
উত্তৰঃ আগৰ দিনত গুৰুগৃহত থাকি ছাত্ৰই জ্ঞান লাভ কৰিছিল৷ সেইকালত কিতাপ-পত্ৰৰ অভাৱ থকাত ছাত্ৰই গুৰুৰ মুখৰ পৰা যি ওলায় তাৰ ওপৰতে নিৰ্ভৰ কৰিছিল৷ বৰ্তমান জগত ছপাখানা, কিতাপ-আলোচনীৰ জগত৷কিতাপ আওকাণ কৰি আমি জীয়াই থাকিব নোৱাৰোঁ৷ কিতাপ লাজে জ্ঞানৰ কাৰণে৷ জ্ঞান-বিদ্যাৰে চহকী, জীৱনৰ চেপাত পোৱা তিতা-কেঁহাৰে বহুতো লোকে তেওঁলোকৰ অভিজ্ঞতাবোৰ কিতাপত লিপিৱদ্ধ কৰি থৈ গৈছে৷ কিতাপ মানৱ জাতিৰ উমৈহতীয়া সম্পত্তি৷ যুগে যুগে কিতাপে মানুহৰ মন আকৰ্ষণ কৰি আহিছে৷ ধৰ্মপুথি, আত্মজীৱনী, উপন্যাস আদিৰ পৰা আৰম্ভ কৰি ৰন্ধা-বঢ়া, বোৱা-কটা আদি বিবিধ কিতাপে জনসাধাৰণৰ মাজত সমাদৰ লাভ কৰিছে৷ বৰ্তমান সময়ত কিতাপেই গুৰু৷ সেই হেতুকে আজি যন্ত্ৰৰ যুগত গুৰুৰ স্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে ৷

অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ | Class 11 Assamese Chapter 4 Question Answer

১। প্ৰফুল্ল দত্ত গোস্বামীৰ জন্ম কিমান চনত হৈছিল?
উত্তৰঃ প্ৰফুল্ল দত্ত গোস্বামীৰ জন্ম ১৯১৪ চনত হৈছিল ৷

২। ‘কেঁচা পাতৰ কঁপনি’ কাৰ উপন্যাস?
উত্তৰঃ ‘কেঁচা পাতৰ কঁপনি’ প্ৰফুল্ল দত্ত গোস্বামীৰ উপন্যাস ৷

৩। প্ৰফুল্ল দত্ত গোস্বামীৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা ৷
উত্তৰঃ প্ৰফুল্ল দত্ত গোস্বামীৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ’ল- ‘এই যুগৰ সাহিত্য’, ‘সাহিত্য আৰু জীৱন’, ‘অসমীয়া জন সাহিত্য’, ‘ইউৰোপৰ মনীষা’, ‘মোৰ ৰাচিয়া ভ্ৰমণ’, ‘মাণিক চন্দ্ৰ বৰুৱা’, ‘নিতে নৱৰূপ তাৰ’, ‘বুৰঞ্জী আৰু সংস্কৃতি’ ৷

৪। প্ৰফুল্ল দত্ত গোস্বামীৰ দুখন উপন্যাসৰ নাম লিখা ৷
উত্তৰঃ প্ৰফুল্ল দত্ত গোস্বামীৰ দুখন উপন্যাসৰ নাম – ‘শেষ ক’ত, ‘কেঁচা পাতৰ কঁপনি’৷

৫। প্ৰফুল্ল দত্ত গোস্বামীৰ আত্মজীৱনীখনৰ নাম লিখা ৷
উত্তৰঃ প্ৰফুল্ল দত্ত গোস্বামীৰ আত্মজীৱনীখনৰ নাম ‘মনৰ পক্ষী উভতি উৰে’,৷

৬। প্ৰফুল্ল দত্ত গোস্বামীৰ মৃত্যু কিমান চনত হৈছিল?
উত্তৰঃ প্ৰফুল্ল দত্ত গোস্বামীৰ মৃত্যু ১৯৯৪ চনত হৈছিল ৷

৭। “…..কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে, বিবেচনাকে হত্যা কৰে৷” – কথাষাৰ ব্যাখ্যা কৰা ৷
উত্তৰঃ একো একোখন কিতাপে যেতিয়া মানুহৰ ভয়, কু-সংস্কাৰ এন্ধাৰ আঁতৰ কৰি জ্ঞানৰ আলোকেৰে আলোকিত কৰে তেতিয়া ৰাইজে নিজৰ পথ বিচাৰি পায় আৰু শাসনযন্ত্ৰ কঁপাই তোলে ৷ তেতিয়াই কিতাপ পুৰি পেলোৱা হয়, লেখকক শাস্তি দিয়া হয়৷ বিবিধ অত্যাচাৰ চলাৰ পিছতো সেই পোহৰৰ আভা লোপ নাপায়, লুকাই নাথাকে, ৰাইজে নিজৰ গন্তব্যস্থান পাবই ৷ সত্যৰ বিম্ব দাঙি ধৰা এনে কিতাপ ধ্বংস কৰিলে কি হয় তাকে মিল্টনে মন্তব্য কৰিছিল, “কিতাপ এখন ধ্বংস কৰাতকৈ বৰং মানুহ এজনকে হত্যা কৰা; যি মানুহ এজনক হত্যা কৰে সি ভগৱানৰ প্ৰতিৰূপ বিবেচনা সম্পন্ন প্ৰাণী এটিকে হত্যা কৰে; কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে বিবেচনাকে হত্যা কৰে ৷”