Class 11 Assamese Question Answer Chapter 11

আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো Assamese Medium ৱেবছাইটৰ আন এক গুৰুত্বপূৰ্ণ লিখনি লৈ যত আমি আপোনাৰ বাবে আজি আলোচনা কৰিব গৈ আছোঁ Class 11 Assamese Question Answer Chapter 11 অৰ্থাৎ একাদশ শ্ৰেণীৰ অসমীয়া বিষয়ৰ ১১তম অধ্যায় “বৰগীত: জয় জয় যাদৱ- শংকৰদেৱ” ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ।

আপুনি যদি Class 11 (Arts, Science অথবা Commerce) ত পঢ়ি আছে অথবা পঢ়াই আছে তেন্তে আপোনালোকৰ বাবে Class 11 Assamese Question Answer Chapter 11 নামৰ লিখনিটোৱে বহুত উপকাৰ কৰিব।

ইয়াত আমি Class 11 Assamese Question Answer ত বহু কেইটা অধ্যায়ৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিছো, তলত দিয়া লিংকৰ পৰা আপুনি পঢ়িব পাৰে।

Class 11 Assamese Question Answer Chapter 11 for Final Exam

এই লিখনি (Class 11 Assamese Question Answer Chapter 11) ত অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ, ব্যাখ্যা, Assamese Grammar ৰ কিছু প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত সুধা কিছু গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্ন উত্তৰ আপোনালোকৰ বাবে লৈ অহাৰ প্ৰয়াস কৰা হৈছে। তেন্তে আহক, কোনো সময় নষ্ট নকৰাকৈ আজি আমি Class 11 Assamese Question Answer Chapter 11 আলোচনা কৰোঁ।

Class 11 Assamese Question Answer Chapter 11

অতি চমু প্ৰশ্ন(মূল্যাংক-১)

১। শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো?
উত্তৰঃ শংকৰদেৱৰ প্ৰথম বৰগীত ‘মন মেৰি ৰাম চৰণহি লাগু’ ৷

২। শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম কি?
উত্তৰঃ শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম ভক্তি ৰত্নাকৰ ৷

৩। শংকৰদেৱে কেইখন নাট ৰচনা কৰিছিল?
উত্তৰঃ শংকৰদেৱে ছয়খন নাট ৰচনা কৰিছিল ৷

৪। বৰগীতবোৰ কি ভাষাত ৰচিত?
উত্তৰঃ বৰগীতবোৰ ব্ৰজাৱলী ভাষাত ৰচিত ৷

৫। শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য কি?
উত্তৰঃ শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য কৃষ্ণ ভক্তিৰ মহিমা প্ৰকাশ ৷

চমু প্ৰশ্ন (মূল্যাংক-২/৩)

১। ‘ শ্ৰুতমাত্ৰাখিলত্ৰাতা’ শব্দটোৰ অৰ্থ কি? ইয়াৰদ্বাৰা কাৰ কথা কোৱা হৈছে?
উত্তৰঃ ‘ শ্ৰুতমাত্ৰাখিলত্ৰাতা’ শব্দটোৰ অৰ্থ শুনা বা শ্ৰৱণ কৰা মাত্ৰকে পৃথিৱীৰ সকলোকে উদ্ধাৰ কৰোঁতা ৷ ইয়াৰদ্বাৰা ভগৱানৰ কথা কোৱা হৈছে ৷

২। বৰগীতটিত উল্লেখ থকা দুজন অসুৰৰ নাম লিখা৷
উত্তৰঃ বৰগীতটিত উল্লেখ থকা দুজন অসুৰৰ নাম-কেশী আৰু মুৰ ।

৩। বৰগীতটিত ভগৱান শ্ৰীকৃষ্ণক কিয় ‘মহদানন্দ কন্দ’ বুলি কোৱা হৈছে?
উত্তৰঃ বৰগীতটিত ভগৱান শ্ৰীকৃষ্ণক ‘মহদানন্দ কন্দ’ বুলি কোৱা হৈছে কাৰণ তেওঁ মহৎ বা পৰম আনন্দৰ মূল কাৰণ ৷

৪। শ্ৰীকৃষ্ণই কোন অৱতাৰত কেনেদৰে বেদসমূহ উদ্ধাৰ কৰিছিল?
উত্তৰঃ শ্ৰীকৃষ্ণই মৎস্য অৱতাৰত প্লাৱনৰ পৰা সৃষ্টি হোৱা প্ৰলয়ংকৰী জলৰপৰা বেদসমূহ উদ্ধাৰ কৰিছিল ৷

৫। বৰগীতটিত শ্ৰৱণ আৰু স্মৰণৰ মহিমা কবিয়ে কেনেদৰে প্ৰকাশ কৰিছে?
উত্তৰঃ বৰগীতটিত শ্ৰৱণ আৰু স্মৰণৰ মহিমা সম্পৰ্কে কবিয়ে কৈছে যে, ভগৱানৰ নাম শ্ৰৱণ বা স্মৰণ কৰা মাত্ৰেই সকলোবোৰ দুখ-কষ্ট মোচন হয় ৷ তেওঁৰ নাম উচ্চাৰণে জগতক বিপদৰ পৰা উদ্ধাৰ কৰি ভক্তৰ মনোকামনা পূৰ্ণ কৰে ৷

দীঘল প্ৰশ্ন(মূল্যাংক-৪/৫)

১। শংকৰদেৱৰ ” জয় জয় যাদৱ জলনিধিজা ” বৰগীতটিৰ মূলভাব লিখা ৷
উত্তৰঃ শংকৰদেৱৰ ” জয় জয় যাদৱ জলনিধিজা ” বৰগীতটি ভগৱান শ্ৰীকৃষ্ণৰ জয় ধ্বনিৰে আৰম্ভ কৰা হৈছে ৷ বৰগীতটিৰ মাধ্যমৰে ভগৱান শ্ৰীকৃষ্ণৰ নাম শ্ৰৱণ আৰু স্মৰণৰ মহিমা প্ৰকাশ কৰাৰ লগতে তেওঁৰ পৰম কৰুণাময় ৰূপ অংকন কৰিছে ৷ তেওঁৰ নাম শ্ৰৱণ আৰু স্মৰণ কৰা মাত্ৰেই জগতৰ সকলোৰে মনোকামনা সিদ্ধি হয় ৷ কেশী, মধু, মুৰ আদি অসুৰক বধ কৰি তেওঁ জগতত শান্তি প্ৰতিষ্ঠা কৰিছিল ৷ পীতবস্ত্ৰ পৰিধান কৰা শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যই শৰৎকালৰ জোনৰ সৌন্দৰ্যকো চেৰ পেলাই বুলি উল্লেখ কৰি ভগৱানৰ চৰণ কমলত সেৱা জনাইগুৰুজনাই নিজৰ নামেৰে ভণিতা পেলাই বৰগীতটি সামৰণি মাৰিছে ৷

২। বৰগীতটোৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ পৰম মংগলময় ৰূপ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা ৷
উত্তৰঃ বৰগীতটোৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ পৰম মংগলময় ৰূপ প্ৰকাশিত হৈছে ৷ বৰগীতটিত উল্লেখ কৰা অনুসৰি ভগৱান শ্ৰীকৃষ্ণ ‘শ্ৰুতমাত্ৰাখিলত্ৰাতা’ ৷ অৰ্থাৎ স্মৰণ আৰু শ্ৰৱণ কৰা মাত্ৰকে তেওঁ পৃথিৱীৰ সকলোকে উদ্ধাৰ কৰে ৷ প্ৰলয় জলৰপৰা মৎস্য অৱতাৰ ধাৰণ কৰি বেদসমূহক উদ্ধাৰ কৰিছিল ৷ কেশী, মধু, মুৰ আদি অপৰাজেয় অসুৰে নানা অত্যাচাৰেৰে যেতিয়া জগতবাসীৰ শান্তি ভংগ কৰিছিল, তেতিয়াই তেনে অসুৰক বধ কৰি জগতত শান্তি প্ৰতিষ্ঠা কৰিছিল ৷ শৰৎকালৰ জোনৰ সৌন্দৰ্যকো চেৰ পেলোৱা সেই মংগলময় মূৰুতি শ্ৰীকৃষ্ণৰ চৰণত কবিয়ে প্ৰণিপাত জনাইছে ৷

৩। বৰগীতটিৰ শ্ৰীকৃষ্ণৰ অপৰূপ শাৰীৰিক অৱয়বৰ বৰ্ণনা কিদৰে কৰিছে বুজাই লিখা ৷
উত্তৰঃ বৰগীতটিৰ মাজেৰে শ্ৰীকৃষ্ণৰ অপৰূপ অৱয়বৰ বৰ্ণনা কৰা হৈছে ৷শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যক শৰতৰ জোনৰ লগত তুলনা কৰিছে৷’ শাৰদ ইন্দু নিন্দি’ বুলি উল্লেখ কৰি কবিয়ে কৈছে যে, পীতাম্বৰৰ সৌন্দৰ্য মাধুৰীৰ ওচৰত শৰতৰ জোনৰ সৌন্দৰ্যও ম্লান পৰি গৈছে ৷ এনেদৰে কবিয়ে অনন্ত নাগৰ ফণাত শয়ন কৰোঁতা কৃষ্ণৰ অপৰূপ শাৰীৰিক সৌন্দৰ্যৰ প্ৰশস্তি কৰিছে ৷

৪। বৰগীতটিৰ ভাৱ-ভাষাৰ সৌন্দৰ্য সম্পৰ্কে আলোচনা কৰা ৷
উত্তৰঃ সাধাৰণতে কবিতা এটাৰ ভাৱ, ভাষা, ছন্দ, অলংকাৰ, ব্যঞ্জনা আদিৰ মাজেৰে কাব্যিক সৌন্দৰ্য প্ৰকাশিত হয় ৷ শ্ৰীমন্ত শঙ্কৰদেৱ ৰচিত ‘ জয় জয় যাদৱ জলনিধিজা’ বৰগীতটি এটা বেদ-উপনিষদৰ মৰ্মাৰ্থপূৰ্ণ ভক্তিমূলক গীত৷গীতটো আশোৱাৰী ৰাগত বন্ধা ৷ বিষয়বস্তুৰ মহত্ত্ব, সুৰৰ গাম্ভীৰ্য, ভক্তি ভাৱৰ প্ৰকাশ আদি বৈশিষ্ট্যই কবিতাটিক অনন্য সৌষ্ঠৱ দান কৰিছে ৷ বৰগীতটিত ব্যৱহৃত ভাষা হৈছে ব্ৰজাৱলী ৷ কিন্তু শ্ৰীমন্ত শঙ্কৰদেৱৰ সংস্কৃত ভাষাত থকা গভীৰ দখলে বৰগীতটিৰ সৌন্দৰ্য দুগুণ চৰাইছে ৷ অলংকাৰ প্ৰয়োগেও বৰগীতটোক বিশেষ মাত্ৰ প্ৰদান কৰিছে ৷ যেনে- ‘জগত বন্ধুবিধু মাধৱ মধুৰিপু মধুৰ মূৰুতি মুৰনাশী’ ৷ তেনেদৰে কবিয়ে বৰগীতটোত শৰতৰ জোনৰ লগত তুলনা কৰি শ্ৰীকৃষ্ণৰ সৌন্দৰ্য মাধুৰী অধিক সুন্দৰ ৰূপত তুলি ধৰিছে ৷

৫। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ

ক) জগজনজীৱন অজন জনাৰ্দন দনুজদমন দুখহাৰী৷
মহানন্দ কন্দ পৰমানন্দ নন্দনন্দন বনচাৰী ৷

উত্তৰঃ কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত বৰগীত পাঠটোৰ পৰা তুলি দিয়া হৈছে ৷
ভগৱান শ্ৰীকৃষ্ণৰ ৰূপৰ বৰ্ণনা কৰিবলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকি অৱতাৰণা কৰিছে ৷
ভগৱান শ্ৰীকৃষ্ণ সমস্ত চৰাচৰৰ অধিপতি, জগতৰ সকলোৰে জীৱন স্বৰূপ ৷ সেই ভগৱন্তই সকলোকে পালন কৰি থকাৰ উপৰিও পৃথিৱীৰ পৰা দুষ্কৃতিক নাশ কৰি ধৰ্ম প্ৰতিষ্ঠা কৰে ৷ তেওঁৰ নাম স্মৰণে জগতৰ সকলো দুখ দূৰ কৰে৷নন্দৰ পুত্ৰৰূপে ধৰাত জন্ম গ্ৰহণ কৰা ভগৱন্ত জগতৰ পৰম আনন্দ স্বৰূপ ৷ তেওঁৰ অপাৰ মহিমাই সকলো পাপ নাশ কৰে আৰু জগতত শান্তি প্ৰৱাহিত কৰে ৷

অতিৰিক্ত প্ৰশ্ন

১। শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তি কি?
উত্তৰঃ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তি ‘কীৰ্তন ঘোষা’ ৷

২। শংকৰদেৱ ৰচিত চাৰি প্ৰকাৰৰ গীত কি কি?
উত্তৰঃ শংকৰদেৱ ৰচিত চাৰিপ্ৰকাৰৰ গীত-বৰগীত, ভটিমা, টোটয়, চপয় ৷

৩। শংকৰদেৱ ৰচিত ছয়খন নাট কি কি?
উত্তৰঃ শংকৰদেৱ ৰচিত ছয়খন নাট- পত্নীপ্ৰসাদ, কালিয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম-বিজয় ৷

৪। শংকৰদেৱৰ অনুবাদমূলক গ্ৰন্থ কি কি?
উত্তৰঃ শংকৰদেৱৰ অনুবাদমূলক গ্ৰন্থ- ভাগৱত, উত্তৰাকাণ্ড ৰামায়ণ ৷

৫। শংকৰদেৱে ৰচনা কৰা দুখন নাম-প্ৰসংগমূলক গ্ৰন্থৰ নাম লিখা৷
উত্তৰঃ শংকৰদেৱে ৰচনা কৰা দুখন নাম-প্ৰসংগমূলক গ্ৰন্থৰ নাম- কীৰ্তন ঘোষা আৰু গুণমালা ৷

৬। শংকৰদেৱে ৰচনা কৰা কাব্যসমূহ কি কি?
উত্তৰঃ শংকৰদেৱে ৰচনা কৰা কাব্যসমূহ- হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলি-ছলন, অমৃত-মন্থন, অজামিল উপাখ্যান, কুৰুক্ষেত্ৰ ৷

৭। শংকৰদেৱ ৰচিত ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থকেইখনৰ নাম লিখা ৷
উত্তৰঃ শংকৰদেৱ ৰচিত ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থকেইখনৰ নাম- ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি নৱসিদ্ধ সংবাদ, অনাদিপাতন ৷

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment