Class 11 Assamese Chapter 1 Question Answer

আপুনি Class 11 Arts বা Class 11 Science ৰ শিক্ষাৰ্থী নেকি? আপুনি বাৰু Class 11 Assamese Chapter 1 Question Answer বিচাৰি আছে নেকি তেন্তে চিন্তাৰ কোনো কাৰণ নাই, আজি আমি Assamese Medium ত আলোচনা কৰিম Class 11 Assamese Chapter 1 Question Answer লগতে আপুনি পাৱ Class 11 Assamese Chapter 1 Question Answer PDF Notes.

ইয়াত আমি Class 11 Assamese Chapter 1 Question Answer ৰ অতি চমু প্রশ্ন উত্তৰ, চমু প্রশ্ন উত্তৰ, ব্যাখ্যা কৰা আদিৰ উপৰিও কিছু অতিৰিক্ত প্রশ্ন উত্তৰ আলোচনা কৰিবলৈ প্ৰয়াস কৰা ।

পাঠভিত্তিক প্রশ্নোত্তৰ | Class 11 Assamese Chapter 1 Question Answer

Class 11 Assamese Chapter 1 Question Answer

ক) অতি চমু প্রশ্ন | ধনৰ ব্যৱহাৰ Class 11 Assamese

১) কৃপণ লোকৰ দুই ধর্ম কি কি?
উত্তৰঃ কৃপণ লোকৰ দুই ধৰ্ম হ’ল— লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা ৷

(২)অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ কি?
উত্তৰঃ অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ হ’ল— আয় অনুসৰি খৰচ কৰা।

(৩)দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা?
উত্তৰঃ আয় অলপ, খৰচ সৰহ- সেয়াই হ’ল দৰিদ্ৰ হোৱা চিন।

(8) মানুহৰ ঋণ কেতিয়া হয় ?
উত্তৰঃ আৰ্জনতকৈ সৰহ খৰচ কৰিলে মানুহৰ ঋণ হয়।

(৫) কি খৰচ গুপ্ত শত্ৰুৰ নিচিনা?
উত্তৰঃ খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা।

খ) চমু প্রশ্ন উত্তৰ | ধনৰ ব্যৱহাৰ Class 11 Assamese

(১) ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি?
উত্তৰঃ ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ হ’ব পাৰে— প্ৰথমতে, ধনেৰে মানুহে সুখ-সম্পদৰ আহিলা পাতি গোটাই ল’ব পাৰে। ভোজনৰ বাবে ভালবস্তু, পিন্ধনৰ বাবে ভাল কাপোৰ, বসবাস কৰিবলৈ ভাল ঘৰৰ লগতে হাতী-ঘোঁৰা, গাড়ী-দোলা, বন্দী-বেটী আদি কৰি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ’লে গোটাই আনি উপভোগ কৰিব পাৰি

দ্বিতীয়তে, ধনেৰে আনৰ উপকাৰ সাধিব পাৰি; ভাত নোহোৱাৰ ভাত, কাপোৰ-নোহোৱাৰ কাপোৰৰ অভাৱ ধনেৰে পূৰাব পাৰি। মানুহ বিপদত পৰিলে ধনেৰে উদ্ধাৰ কৰিব পাৰি। তাৰোপৰি বিদ্যালয়, চিকিৎসালয় আদি স্থাপন কৰি জনসাধাৰণৰ কল্যাণ সাধন কৰিব পাৰি।

(২)কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে?
উত্তৰঃ কৃপণসকলৰ বিবেচনাত ধনৰ মূল্য সৰহ, কামৰ মূল্য অলস, গতিকে এওঁলোকে সৰহ কামৰ বিনিময় কাম অতিত পৰিমাণৰ ধন যাচে বা একেবাৰে ধন নিদিবলৈ ফাঁকি কথাৰ আশ্রয় লয়। সেয়েহে, তেওঁলোকে আনলোকে ধন খৰচ কৰিলেও সহ্য কৰিব নোৱাৰে। কোনো মানুহে ডাঙৰ সকাম পাতি সৰহকৈ ধন ভাঙিবলৈ ওলালে কৃপণ লোকসকলে তেনে কামত বিধি-পথালি কৰে আৰু অনেক আসোঁৱাহ দেখুৱায়। এই বিলাক উপায় অবলম্বন কৰি কামত বাধা দিব নোৱাৰিলে মিছা কথাৰে কুৎসা ৰটনা কৰে।

(৩)লেখকৰ মতে কি দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে?
উত্তৰঃ লেখকৰ মতে সজ আৰু অসজ বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে। কোনোরে যদি দয়া বৃত্তি লৈ কোনো ক্ষেত্ৰত ভাল কৰিব বিচাৰে, তেতিয়াও ধনৰ আৱশ্যক হয়। আকৌ অহংকাৰ বা লোভ দেখুৱাবলৈও ধনৰ প্ৰয়োজন হয়।

(৪) কি দুটা কাৰণত মানুহে কৃপণালি কৰে?
উত্তৰঃ কৃপণ মানুহে সাধাৰণতে দুটা কাৰণত কৃপণালি কৰা দেখা যায়—

  1. ধন এটা চামে উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ মনেৰে কৃপণালি কৰে।
  2. কিছুমানে সন্তান-সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ’বৰ মনেৰে কৃপণালি কৰে।

(৫) কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা লিখা।
উত্তৰঃ কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পার্থক্য দুটা হ’ল—

  1. কৃপণ সকলে খৰচ কৰিবলৈ টান পায় আকৌ ধোঁৱাখুলীয়া সকলে জমা ৰাখিবলৈ‌ টান পায়।
  2. ভোগ-উপভোগ কৃপণসকলৰ নীতি বৰ্হিভূত কাম আকৌ ধোঁৱাখুলীয়া সকলে ভোগ উপভোগ কৰিয়েই সর্বস্বান্ত হয়।

গ) দীঘল প্রশ্ন উত্তৰ | ধনৰ ব্যৱহাৰ Class 11 Assamese

১) অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পর্কে কেনে ধাৰণা কৰে লিখা।
উত্তৰঃ অশিক্ষিত মানুহে বাহ্যিক জাক-জমকতাত সহজে ভোল যায়। কোনো লোকক ধুমধামকৈ খৰচ কৰা দেখিলে তেওঁলোকে বিস্ময় মানে আৰু তেনেকৈ খৰচ কৰা মানুহক ‘বৰলোক’ বুলি ভাবি লয়। খৰচ কৰা মানুহৰ যোগ্যতা, সামর্থ আদি বিষয়ত অশিক্ষিত মানুহে বিচাৰ বিবেচনা কৰিব নোৱাৰে। আনকি চোৰেও চুৰ কৰা ধন খৰচ কৰি এই লোকসকলৰ চকুত চমক লগাব পাৰে। অতি সাধাৰণ অশিক্ষিত এই লোকসকলৰ মনত ধন ধৰচ কৰাটোৱে এটা মহতালিৰ কৰ্ম। সিহঁতে ধনীক ঈশ্বৰ সদৃশ দেখে। অশিক্ষিত সকলৰ দৃষ্টিত ধনীৰ অত্যাচাৰবোৰ হ’ল প্ৰতাপ, কুকামবোৰ হ’ল ধেমালি আৰু মাৰ কিল বোৰ হ’ল আদৰ। সিহঁতৰ ভাল-বেয়া বোধ নাই, মান-অপমানৰ জ্ঞান নাই। ধনীসকলৰ আদেশমতেই নিৰক্ষৰ লোকসকলে উঠা বহা কৰাও দেখা যায়।

(২)অসজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালী কেনেকুৱা হয় আলোচনা কৰা।
উত্তৰঃ অসজ বৃত্তিধাৰী কৃপণ লোকসকলে অন্য মানুহৰ ওপৰত সুবিধা ভোগৰ সুযোগ বিচাৰি থাকে। এই লোকসকলে তেওঁলোকৰ অসজ বৃত্তিবোৰ আনৰ খৰচত সন্তুষ্ট কৰিবলৈ সদায় যত্ন কৰে। ভালবস্তু খাবলৈ সিহঁতৰ বৰ অভিলাষ, কিন্তু নিজৰ ধন খৰচ কৰি ভালবস্তু কেতিয়াও নাখায়। নিজৰ ঘৰত সিহঁতৰ সদায় শাক ভাতৰ ব্যৱস্থা, কিন্তু লোকৰ ঘৰত উপাদেয় বস্তু নহলে ভোজনে নকৰে।নিজৰ ঘৰত সদায় ভাতৰ লগত এখন আঞ্জাৰে পেট পূৰায় অথচ আনৰ ঘৰত পাঁচখন আঞ্জা বিচাৰে। নিজৰ কামৰ বাবে এদিন বাট খোজ কাঢ়ি যাব পাৰে, লোকৰ কামত বাহন নহ’লে এখোজো নলৰে। আন মানুহৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায়, ভালৰো ভাল পিন্ধে, কিন্তু নিজৰ খৰচত চলিব লাগিলে মোটা চাউলৰ ভাত খায় আৰু চৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়। খাৱন-পিন্ধন সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাংকোপ মৰা কথা। এই লোকসকলে নিজৰ ঘৰৰ আচল অৱস্থা কেতিয়াও পোহৰলৈ আনিব নিবিচাৰে কাৰণ তেনেহ’লে আনৰ ঘৰত ডাকোপ মাৰিবলৈ বা দম্ভালি কৰিবলৈ বাট নাথাকিব। এনে কৃপণে সামান্য বস্তুক-ভৰকীয়া বা ফুটনি মৰা নাম দিয়ে, ভগা খাটক-পালেং, ভগা কাঁহীক মাইহাং আৰু ফটা-কথাঁক নিহালি বুলি বর্ণনা কৰে।

(৩) মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা।
উত্তৰঃ মানুহে ঋণক পাপৰ লগত তুলনা কৰে, আনকি ঋণ লোৱা কামটোৱে পাপ বুলি কোৱা হয়। পাপী মানুহে তেওঁলোকৰ কৰ্মৰ বাবে সকলোৰে পৰা যেনেকৈ লাঞ্ছনা গঞ্জনা ভূগিব লগা হয়, তেনেকৈ ঋণী মানুহেও সমাজত নানা জনৰ পৰা গৰিহণা পায়, আত্ম মান মৰ্যাদা হেৰুৱায়। তেওঁলোকৰ মনৰ পৰা সুখ শান্তি আঁতৰি যায় । ঋণক ব্যাধিৰ লগতো তুলনা কৰিব পাৰি কাৰণ ব্যাধিৰ লগত ঋণৰ বহুখিনি সামঞ্জস্য দেখিবলৈ পোৱা যায়। ব্যাধিয়ে যেনেকৈ মানুহৰ তেজ মাংস ক্ষয় কৰে, ঋণে তেনেকৈ অৱস্থা ক্ষয় কৰে অর্থাৎ অনুক্রমে অৱস্থাহীন কৰি নিয়ে। ব্যাধি এবাৰ হ’লৈ গুচাবলৈ টান, ঋণো এবাৰ হ’লৈ গুচাবলৈ টান। ব্যাধি অনুক্রমে বাঢ়ি যায়, ঋণো অনুক্রমে বাঢ়ি যায়। ব্যাধি থাকিলে শৰীৰৰ উদ্‌গতি নহয়, ঋণ থাকিলে অৱস্থাৰ উদ্‌গতি নহয়৷ গতিকে মানুহে পৰা পক্ষত ব্যাধি সদৃশ এই ঋণ নোলোৱাই ভাল। যাৰ বাবে পাপী লোকৰ দৰে ব্যৱহাৰ সহ্য কৰিব লগা হয়। ঋণৰ বাবেই জীৱনৰ সকলো সুখ শান্তি হেৰুৱাই অথাই সাগৰত কবকাই ফুৰিব লগা হয়।

(৪)লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণ লোকৰ সংজ্ঞা সম্বন্ধে আলোচনা কৰা ।
উত্তৰঃ পাঠটিৰ আৰম্ভণিতে লেখকে কৃপণ লোকৰ সংজ্ঞা এনেদৰে দিছে— ‘পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঞ্জে। এই বিলাক মানুহক সাধাৰণ কথাত কৰাইচ, কট্‌কিনা বা কৃপণ বোলে।” তেখেতৰ মতে কৃপণ লোক সকলক নিধনী বুলিও কব পাৰি। কাৰণ চকুৰে দৰ্শন নকৰিলে, ভৰি থাকিও খোজ কঢ়া কাৰ্যটো নকৰিলে যিদৰে সিহঁতৰ সেই দুই ইন্দ্ৰিয় নাই বুলি ধৰিব পাৰি, তেনেকৈ ধন থাকিও ধনৰ সৎ ব্যৱহাৰ নকৰিলে, তেনে লোকক নিধনী বোলাটো যুক্তিৰ দোষ নিশ্চয় নহ’ব। তেখেতৰ মতে কৃপণৰ ধন, ধন নহয়, ল’ৰাই ওমলা খোলা কাটি। এঠাইত আকৌ তেখেতে কৈছে যে খৰচত হাত টান হ’লৈ মানুহক কটূকিনা বা কৃপণ বোলে।

৫। ‘ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ’—ব্যাখ্যা কৰা।
উত্তৰঃ উদ্ধৃতি দিয়া শাৰীটো আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ ৰচিত ‘ধনৰ ব্যৱহাৰ’ নামৰ পাঠটিৰ ।

ইয়াত কৃপণৰ এটা শ্ৰেণীৰ বিষয়ে কবলৈ গৈ বৰাদেবে উক্ত কথাষাৰি কৈছে। তেখেতৰ মতে, এই শ্ৰেণী কৃপণে কেৱল ধনৰ নিমিত্তেই ধন গোটায়। এই লোকসকলৰ অন্য কোনো অভিপ্রায় নাথাকে। ধনেৰে নিজ জীৱনটো যে সুখ স্বাচ্ছন্দ্যৰে ভৰাই তুলিব পাৰি সেইবিলাক কথালৈ এইলোক সকলে অকণো চিন্তা নকৰে। আনৰ উপকাৰ সাধন কৰাটোৱো এই লোকসকলৰ উদ্দেশ্য নহয় ৷ ধনৰ পৰিমাণ বৃদ্ধি কৰিব পাৰিলেই সিহঁতৰ আনন্দৰ পৰিমাণো বাঢ়ি যায়। স্বয়ং ধনেই তেওঁলৈ কৰ সুখ। ধনৰ নামত উপাউল হয়, ধনৰ আন ব্যৱহাৰ সিহঁতে নাজানে, ধন চকুৰে চাহ থাকিয়ে তেওঁলোকে পৰম সুখ লাভ কৰে।

অতিৰিক্ত প্রশ্নোত্তৰ | Class 11 Assamese Chapter 1 Question Answer

(ক)অতি চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)

(১) অসমীয়া সাহিত্যত সত্যনাথ বৰাদেৱ আৰু কি নামেৰে পৰিচিত আছিল?
উত্তৰঃ ‘বেকন’ নামেৰে।

(২) সত্যনাথ বৰাদেৱে ৰচনা কৰা ব্যাকৰণখনিৰ নাম কি ?
উত্তৰঃ বহল ব্যাকৰণ।

(৩) সত্যনাথ বৰা দেৱৰ প্ৰথম গ্ৰন্থখনৰ নাম কি আৰু গ্ৰন্থখন কিমান চনত প্ৰকাশ কৰা হৈছিল?
উত্তৰঃ সত্যনাথ বৰাদেৱৰ প্ৰথম গ্ৰন্থখনৰ নাম ‘গীতাৱলী’ আৰু গ্ৰন্থখন প্ৰকাশ পাইছিল চনত।

(৪) অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ক প্রথম গ্ৰন্থখনৰ নাম কি আৰু গ্ৰন্থখনৰ ৰচক কোন?
উত্তৰঃ অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ক প্ৰথম গ্ৰন্থখনৰ নাম হ’ল- ‘অকাশ ৰহস্য’ আৰু গ্ৰন্থখনৰ ৰচক হ’ল সত্যনাথ বৰা।

(৫) সত্যনাথ বৰাদেৱৰ ৰচিত সমালোচনামূলক পুথি এখনৰ নাম লিখা ?
উত্তৰঃ ‘সাহিত্য বিচাৰ।

৬। সত্যনাথ বৰাৰ এখন প্ৰবন্ধ পুথিৰ নাম লিখা।
উত্তৰঃ সত্যনাথ বৰাৰ এখন প্ৰবন্ধ পুথি- ‘চিন্তাকলি’।

(খ) চমু আৰু দীঘল প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২/৩/৪ আৰু ৫)

(১)ধনেৰে কি ধৰণৰ সুখ-সম্পদৰ আহিলাপাতি গোটাব পাৰি?
উত্তৰঃ ধনেৰে ভোজনৰ বাবে ভাল বস্তু, পিন্ধনৰ বাবে ভাল কাপোৰ, বাস কৰিবলৈ ঘৰৰ লগতে হাতী-ঘোঁৰা, গাড়ী-দোলা, বন্দী-বেটী আদি গোটাব পাৰি।

(২)উত্তম ভোজন, উত্তম পিন্ধন, দান-দক্ষিণা আদিক কৃপণে কি বুলি বিবেচনা কৰে?
উত্তৰঃ কৃপণে উত্তম ভোজনক খঁক, উত্তম পিন্ধনক গপ আৰু দান-দক্ষিণাক ধনৰ অপব্যয় মাথোন বুলি বিবেচনা কৰে।

(৩) কৃপণ সকলে ল’ৰা-জোবালী, তিৰোতাসকলৰ প্ৰতি কেনে ব্যৱহাৰ কৰে?
উত্তৰঃ কৃপণসকলে ল’ৰা-ছোৱালী তিৰোতাক ধনতকৈ হীন বুলি ভাবে। তেওঁলোকে নিজে যেনেকৈ খৰচৰ ভয়ত ধন বান্ধি থৈ দুখভোগ কৰে, ল’ৰা-ছোৱালীকো সেইদৰে খাৱন পিন্ধনত দুখ দিয়ে। এক শ্রেণীৰ কৃপণে আকৌ সন্তান সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ’বৰ মনেৰে কৃপণালি কৰে।

(8) পৃথিৱীত কিমান শ্ৰেণীৰ কৃপণ দেখা যায়। আলোচনা কৰা।
উত্তৰঃ পৃথিৱীত বহুতো শ্রেণীৰ কৃপণ দেখা যায়। এক শ্রেণীৰ কৃপণ আছে তেওঁলোকে কেবল ‘লাজ ঢকা’ আৰু প্ৰাণ প্ৰৱৰ্তোৱা এই দুই কাৰ্যৰ বাহিৰে আন কোনো কার্যতে ধন ভাঙিব নিবিচাৰে। তেওঁলোকৰ বিবেচনাত ভাল আহাৰ গ্ৰহণ কৰাটো এক, ভাল কাপোৰ পিন্ধাটো গ্রুপ আৰু দান দক্ষিণা কৰাটো ধনৰ অপব্যয়। লোকৰ উপকাৰৰ অৰ্থে ধন খৰচ কৰিলে তেওঁলোকৰ মনত সেয়া ধনন অত্যাচাৰ। উৎসব পার্বনত ধন ভঙাটো তেওঁলোকৰ মতে উদ্ভগুলি কৰা। ল’ৰা-ছোৱালী তিৰোতাসকলো ধনতকৈ তুচ্চা। কৃপণসকলৰ বিবেচনাত ধনব মূল্য সৰহ, কামৰ মূল্য অলপ।

আকৌ এক শ্ৰেণীৰ কৃপণ আছে এই লোক সকলে নিজৰ অসজ বৃত্তিবোৰ আনৰ খৰচত সন্তুষ্ট কৰিবলৈ যত্ন কৰে। মুঠতে লোকৰ ওপৰত পালে ভালৰো ভাল খাই, ভালৰো ভাল পিদ্ধে কিন্তু নিজৰ খৰচত চলিব লাগিলে মোটা চাউলৰ ভাত খায় আৰু চৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়। কিন্তু সিহঁতে নিজৰ ঘৰৰ অৱস্থা সম্পর্কে কেতিয়াও দাংকোপ মাৰিবলৈ নাপাহৰে।

কিছুমান কৃপণ আছে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ মনেৰে কৃপণালি কৰে আৰু কিছুমানে সন্তান সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থকৰ মনেৰে কৃপণালি কৰে। এই দুয়ো শ্ৰেণীৰ কৃপণে কিমান ধন হ’লে অভিপ্রায় দূৰ হ’ব সেই কথা নাজানে।

কৃপণৰ আৰু এটা শ্ৰেণী দেখা যায় যি সকলে কেৱল ধৰে নিমিত্তেই ধন গোটায়, আন একো তেওঁলোকৰ অভিপ্রায় নাই, ধনৰ পৰিমাণ বাঢ়িলেই সিহঁতৰ আনন্দৰ পৰিমাণ বাঢ়ে। ধনৰ ব্যৱহাৰ তেওঁলোকে নাজানে, ধন চকুৰে চাই থকাটোৱে সিহতৰ পৰম সুখৰ বিষয়। ওপৰত উল্লেখ কৰা শ্রেণীকেইটাৰ উপৰিও আৰু এক শ্ৰেণীৰ কৃপণ আছে যি কোনো এটা সংকল্প কৰি থোৱা ডাঙৰ কামত খৰচ কৰিবলৈ কৃপণালি কৰি ধন গোটাই আৰু কামৰ জোখাৰে ধন গোট খালে তেতিয়া তাক মুকলি হাতে খৰচ কৰে। অৱশ্যে প্ৰকৃতাৰ্থত এওঁলোকক কৃপণ কোৱাটো উচিত নহ’ব।

(৫)ধোঁৱাখুলীয়া (ধুৱাখুলীয়া) লোকৰ জীৱন প্ৰণালী কেনেকুৱা ? আলোচনা কৰা।
উত্তৰঃ সৰহকৈ খৰচ কৰা লোকক ধুৱাখুলীয়া বুলি কোৱা হয়। ধুঁৱাখুলীয়া সকলে ধনৰ উচিত ব্যৱহাৰ নাজানে। তেওঁলোকৰ বাবে ধন হাতত থকাটো এটা অসহনীয় বোজা, এটা বিষম আহুকাল। এই ধন খৰচ কৰাৰ বাবে প্ৰয়োজনীয় কাৰণ নাথাকিলে তেওঁলোকে তাক বাছি বিচাৰি বা নিজাকৈ সাজি লয়। এনে লোক সকলৰ মাজত দুটা অৱস্থা সচৰাচৰ দেখিবলৈ পোৱা যায়। এওঁলোকে এটা সময়ত ধনী এটা সময়ত দৰিদ্ৰৰ জীৱন কটায়, এটা সময়ত নানান ভোগ বিলাস কৰে আৰু এটা সময়ত লোণে ভাতে খাই ভোক নিবাৰণ কৰে। আকৌ এটা সময়ত এওঁলোকে আনক বৰভোজ দিয়ে, আন সময়ত নিজে গৈ আনৰ দূৱাৰত পাতে। খৰচী মানুহে নিজে সঞ্চয় কৰি কোনো ডাঙৰ কাম কৰা দূৰৈৰ কথা, আনকি হঠাৎ অহা কোনো বিপদৰ পৰা হাত সাৰিবলৈ তেওঁলোকৰ হাতত আৱশ্যকীয় পৰিমাণৰ ধন নাথাকে। গোটেই জীৱনটো ধন উপাৰ্জন কৰিও এওঁলোকে পৰৰ ভাতলৈ আশা পালিবলগীয়া হয়। খৰচী মানুহে নিজৰ অভাৱৰ বাবে উমান নাপায়, তেওঁলোকে প্রয়োজনতকৈ বেছি খৰচ কৰে। যদি কোনো এটা বস্তুৰ এসেৰৰ প্ৰয়োজন তেওঁলোকে দহসেৰ কিনি এনেয়ে ধনৰ অপব্যয় কৰে। ধুৱাখুলীয়া মানুহে খিতাপ দেখুৱাই ভাল পায়। ইহঁতে নিজে খৰচ কৰি ভালপোৱাৰ দৰে, আনকো তেনে কৰিবলৈ উদ্‌গনি যোগায়। এইলোকসকলে ভৱিষ্যতৰ চিন্তা একেবাৰে নকৰে, এশবাৰ পানীত পৰি কক্ বকাই ফুৰিলেও, তাৰ পৰা কোনো শিক্ষা নলয়। নিজৰ ইচ্ছামতে চলা এই লোকসকলৰ কেতিয়াও স্বভাৱৰ শুধৰণি নহয়।

(৬) অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰৰ বিষয়ে বহলাই আলোচনা কৰা।
উত্তৰ: আয় অনুসৰি খৰচ কৰাটোৱে অৰ্থ ব্যৱহাৰৰ মূলমন্ত্র। এজন মানুহে যিমানখিনি উপার্জন কৰিব তাৰ লগত সংগতি ৰাখিহে খৰচৰ পৰিমাণ নিৰ্ধাৰণ কৰিব লাগে। আয় অলপ, খৰচ সৰহ সেয়াই দৰিদ্ৰতাৰ চিন। কোনো এজন পণ্ডিতে কৈছে যে উৎপন্নৰ আধা সাঁচিলে মানুহ ধনী হ’ব পাৰে আৰু তেহাই (এক তৃতীয়াংশ) সাঁচিলে নিধৰুৱা হৈ সুখেৰে খাই লৈ থাকিব পাৰে, এই কথা সৰহ আৰ্জন আৰু অলপ আর্জন দুয়োটাতে খাটে। .

আমি কেতিয়াও সলাব বা কমাব নোৱাৰা কৰি খৰচৰ নিৰিখ বান্ধি লোৱা উচিত নহয়। কোনো কাৰণত যদি আমাৰ আয় টুটি আহে, সেই অনুপাতে খৰচো কমাই অনা দৰকাৰ। খৰচৰ বিষয়ত আমি কেতিয়াও আনৰ বিষয়ে ভাবি লাজ বা দ্বিধা অনুভৱ কৰিব নালাগে। কাৰণ প্ৰত্যেক মানুহে নিজৰ ভিতৰুৱা অৱস্থাৰ কথা নিজেহে জানে।

দুখীয়া মানুহে ধনৱন্ত হ’লে, যেনেকৈ বৰ কথা ক’বলৈ লাজ নকৰে, তেনেকৈ ধনী মানুহেও দুখৰ দিনত সেই ধৰণৰ অভিজাত্যৰ বাহাদুৰী দেখুৱা ৰীতি এৰিবলৈ লাজ কৰিব নালাগে। বহুত মানহে নিজৰ ভিতৰুৱা অৱস্থা ঢাকিবলৈ আভিজাত্যৰ বাহাদুৰী আগৰ দৰে ৰাখে। এই কথা অনুচিত। নিজৰ আৰ্থিক দুৰাৱস্থাৰ কথা আনৰ আগত ইনাই বিনাই কৈ ফুৰাটো যিদৰে উচিত নহয়, তাক ঢাকিবলৈ মিছাৰ আশ্ৰয় লোৱাটোৱো উচিত নহয়। তাৰ সলনি সেইবোৰ এৰি নিজৰ খৰচ কমাবলৈ যত্ন কৰিব লাগে। বাহ্যিক জাকজমকতাত ডুব গৈ নিজকে বিপদত পেলোৱাটো নিশ্চয় মহামূৰ্খৰ কামহে হ’ব।

(৭) কেনেকুৱা ধৰণৰ সাদৃশ্যতাৰ বাবে সত্যনাথ বৰা দেৱক অসমীয়া সাহিত্যৰ ‘বেকন’ হিচাপে জনা যায়।
উত্তৰঃ সত্যনাথ বৰাৰ গদ্যৰ বহুতো বিষয়ত ইংৰাজ দার্শনিক, লেখক বেকনৰ সৈতে মিল দেখা যায়। বেকনৰ দৰেই বৰাদেৱৰ বাক্যবোৰে চুটি চুটি আৰু সাবগর্ভ অন্য কথাত সংক্ষিপ্ত সাগৰ্ভৰ্তা উভয় লেখকৰে সাধাৰণ বৈশিষ্ট্য। আকৌ সত্যনাথ বৰাদেৱেও বেকনৰ দৰেই কম কথাৰেই সৰহ অৰ্থ প্ৰকাশ কৰিব পাৰে। উভয়ৰে ৰচনা বিষয়ানুগ। প্রগল্‌ভতা বা শব্দ বহুল্যৰ পৰা উভয়েই মুক্ত। দুয়োটাৰে ৰচনা বিদ্বজনোচিত। এনে ধৰণৰ সাদৃশ্যৰ বাবেই সত্যনাথ বৰাদেৱক অসমীয়া সাহিত্যৰ ‘বেকন’ নামে জনা যায়।

গ) ব্যাখ্যা কৰা

(ক) বাজত বৰ চুৰিয়াৰ ফেৰ, ভিতৰত ঢকুৱাৰ বেৰ উত্তৰঃ উদ্ধৃতি দিয়া শাৰীটো আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ ৰচিত ‘ধনৰ ব্যৱহাৰ’ নামৰ পাঠটিৰ।
উত্তৰঃ এই ফকৰাটো সাধাৰণতে ভৰকাল দৰিদ্ৰৰ ক্ষেত্ৰত কোৱা হয়। সত্যনাথ বৰাদেৱে কিন্তু ইয়াক এক শ্ৰেণীৰ কৃপণক বুজাবলৈ ব্যৱহাৰ কৰিছে। এই লোকসকলে নিজৰ অসজ বৃত্তিবোৰ আনৰ খৰচত সন্তুষ্ট কৰিবলৈ বিচাৰে। ভালবস্তু খাবলৈ সিহঁতৰ বৰ অভিলাষ, কিন্তু নিজৰ ধন খৰচ কৰি কেতিয়াও ভাল বস্তু নাখায়। নিজৰ ঘৰত সদায় এখন আঞ্জা, লোকৰ ঘৰত পাঁচখন বিচাৰে, নিজৰ কামত খোজ কাঢ়ি এদিনৰ বাট যায়, লোকৰ কামত বাহন নহ’লে এখোজো নলবে। খাৱন পিন্ধন সম্পর্কে এই শ্ৰেণীৰ মানুহৰ কিন্তু সদায় ডাংকোপ মৰা কথা। সিহঁতে কেতিয়াও নিজৰ প্ৰকৃত অৱস্থাৰ কথা আন আগত প্ৰকাশ নকৰে, কাৰণ তেনে কৰিলে তেওঁলোকৰ দম্ভালি মৰাত অসুবিধা হ’ব। এই শ্ৰেণীৰ কৃপণে ভগা খাটক পালেং, ভগা কাহীক মাইহাং আৰু ফটা কঁথাক নিহালি বুলিহে ব্যাখ্যা কৰি ভালপায়। ফকৰাটোত কোৱা হৈছে যে ডাঙৰ দেখুৱাবালৈ দৰিদ্ৰই পাটৰ বৰ কাপোৰৰ চুৰিয়া পিন্ধে অথচ সিহঁত ঘৰৰ চাৰি বেৰ তামোলৰ ঢকুৱাৰে ঢকা থাকে। অসজ কৃপণবোৰৰ দত্তালিবোৰ এনেকুৱা বাবে সত্যনাথ বৰা দেৱে এই ফকৰাটোৱে উল্লেখ কৰিছে।

(খ) “কৃপণৰ ধন, ধন নহয়, ল’ৰাই ওমলা খোলাকটি”।
উত্তৰঃ উদ্ধৃতি দিয়া শাৰীটো আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ ৰচিত ‘ধনৰ ব্যৱহাৰ’ নামৰ পাঠটিৰ। কৃপণবিলাকৰ ধনৰ ব্যৱহাৰ প্ৰসংগত সত্যনাথ বৰাদেৱে উক্ত বাক্য শাৰীৰ উল্লেখ কৰিছে। কৃপণ বিলাকে ধন কেৱল সঞ্চয় কৰিব জানে। ধনৱন্ত হৈয়ো অষ্টম দৰিদ্ৰৰ নিকাৰ ভোগে ভোগৰ নিমিত্তে যে ধন এই কথা কৃপণ বিলাকে নামানে। মুঠতে কৃপণ বিলাকে ধনৰ উচিত ব্যৱহাৰ নাজানে। সেয়েহে, সত্যনাথ বৰাদেৱে কৃপণৰ ধনক মূল্যহীন ওমলা খোলাকটিৰ লগত তুলনা কৰিছে।

(গ) খুচৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা সিগ’ম নোপোৱকৈ মানুহৰ অনিষ্ট কৰে।
উত্তৰঃ উদ্ধৃতি দিয়া শাৰীটো আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ ৰচিত ‘ধনৰ ব্যৱহাৰ’ নামৰ পাঠটিৰ। ধনৰ ব্যৱহাৰৰ ক্ষেত্ৰত খুচৰীয়া খৰচৰ পৰা হ’ব পৰা অনিষ্টৰ কথা বুজাবলৈ সত্যনাথ বৰাদেৱে ওপৰোক্ত বাক্যশাৰী ব্যৱহাৰ কৰিছে। আচলতে মানুহে যেতিয়া খৰচ কমাবলৈ চেষ্টা কৰে তেতিয়া তেওঁলোকৰ প্ৰথমতে ডাঙৰ ডাঙৰ খৰচ বিলাকলৈ হে চকু যায়। আচলতে এদিন এটা ডাঙৰ খৰচ কৰিলে মানুহৰ বিশেষ অসুবিধা নহয় কিন্তু সৰু সৰু খৰচ সৰহকৈ কৰিলে মানুহ অনুক্রমে দুখীয়া হৈ যায়। খুচুৰীয়া খৰচ সহজতে চকুত নপৰে, খুচুৰীয়া খৰচৰ গতি চোৰাং। কিন্তু খুচুৰীয়া খৰচ যদি বছৰেকত একগোট কৰা হয় তেতিয়া ডাঙৰ খৰচতকৈও ডাঙৰ হৈ পৰে। সি গুপ্ত শত্ৰুৰ লেখিয়া গম নোপোৱাকৈ মানুহৰ অনিষ্টসাধন কৰে।

(৮) “ধন ঘটিবলৈ উজু, কিন্তু ৰাখিবলৈ টান” —এই । সাৰমৰ্ম ব্যাখ্যা কৰা।
উত্তৰঃ প্রশ্নোধৃত বাক্যাংশফাঁকি সাহিত্য সৌৰভৰ অন্তৰ্গত সত্যনাথ বৰাদেৱে ৰচনা কৰা প্ৰৱন্ধ ‘ধনৰ ব্যৱহাৰ’ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

‘ধন ঘটিবলৈ উজু, কিন্তু ৰাখিবলৈ টান’ – এই কথাষাৰ প্ৰায় মানুহে কয়। কাৰণ জগতৰ সকলো মানুহে ধন আৰ্জে, তাৰে ভিতৰত কোনোবাই চৰকাৰী চাকৰি, কোনোবাই ব্যৱসায়, আৰু কোনোবাই ঠিকাদাৰ, আন কোনোবাই দিন হাজিৰা কৰিও ধন আর্জে। সকলোৰে মূলতে কিন্তু ‘পৰিশ্ৰম’ মূল কথা। এই সকলো মানুহে ধন আর্জে যদিও তাৰে দুই চাৰিজনহে ধনৱন্ত হয়। বহুতে ভাবে যে যিয়ে সৰহ আৰ্জন কৰে তাৰ পক্ষে ধনৱন্ত হোৱা টান কথা নহয়। কিন্তু ‘কেতিয়াবা দেখা যায় এই সৰহ আৰ্জন কৰা মানুহেও ঋণৰ বোজা কঢ়িয়াই মৃত্যু বৰণ কৰিবলগা হয়। আন কোনোবাই অলপীয়া আৰ্জনেৰে ধনৱন্ত হৈ সুখেৰে জীৱন অতিবাহিত কৰা দেখা যায়। কাৰণ তেওঁলোকৰ পৰিশ্ৰমৰ লগতে আছে বিচক্ষণতা। ধনৰ নামত উদ্বাউল নহয় তেওঁলোক। আয় অনুসৰি খৰচ কৰাটোৱে অৰ্থ ব্যৱহাৰৰ মূল মন্ত্র। এজন মানুহে যিমানখিনি। উপার্জন কৰিব তাৰ লগত সংগতি ৰাখিহে খৰচৰ পুৰিমাণ নিৰ্ধাৰণ কৰিব লাগে। অন্যথা এহাতে কষ্টৰে আৰ্জা উপার্জন অন্যহাতে পানীত পৰাৰ সম্ভাৱনা অধিক। সেইবাবে কোৱা হয় ধন ঘটিবলৈ সহজ কিন্তু ৰাখিবলৈ টান।

Download Now: Class 11 Assamese Question Answer PDF

4 thoughts on “Class 11 Assamese Chapter 1 Question Answer”

  1. Pingback: Class 11 Assamese Chapter 2 Question Answer | অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ » Assamese Medium

  2. Pingback: Class 11 Assamese Chapter 3 Question Answer | গৌৰৱৰ প্ৰশ্ন উত্তৰ » Assamese Medium

  3. Pingback: Class 11 Assamese Chapter 4 Question Answer | কিতাপৰ কথা- প্ৰফুল্ল দত্ত গোস্বামী » Assamese Medium

  4. আপোনালোকে বৰ সুন্দৰ কৈ প্ৰশ্ন উত্তৰ সমূহ উপস্থাপন কৰিছে । মই বৰ উপকৃত হলো। ধৈনবাদ

Leave a Comment

Your email address will not be published.