Class 11 Assamese Chapter 2 Question Answer | অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ

আপুনি Assamese Medium ৱেবচাইটৰ পৰা Class 11 Assamese Chapter 1 Question Answer পঢ়িছে নেকি? এতিয়া আপুনি Class 11 Assamese Chapter 2 Question Answer বিচাৰি ইয়াত আকৌ আহিছে নেকি?

যদি আহিছে তেন্তে আপুনি ঠিকে কৰিলে, কাৰণ আমি Assamese MediumClass 11 Assamese ৰ সম্পূৰ্ণ সমাধান এই ৱেবচাইটৰ জৰিয়তে আপোনালোকৰ সৈতে আলোচনা কৰিব প্ৰয়াস কৰিছো।

আপুনি যদি Class 11 Arts বা Class 11 Science বা Class 11 Commerce ৰ শিক্ষাৰ্থী তেন্তে আপুনি Class 11 Assamese পঢ়িবৈ লাগিব আৰু আপোনাৰ বাবেই আজি আমি Class 11 Assamese Chapter 2 Question Answer লৈ আহিছোঁ।

Class 11 Assamese Chapter 2 Question Answer । অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ প্ৰশ্ন উত্তৰ

আজিৰ আলোচ্য বিষয় হল Class 11 Assamese Chapter 2 Question Answer তথা অসমীয়া মাধ্যমৰ একাদশ শ্ৰেণীৰ অসমীয়া বিষয়ৰ দ্বিতীয় অধ্যায় ‘অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ প্ৰশ্ন উত্তৰ’। ইয়াত আমি Class 11 Assamese Chapter 2 ৰ অতি চমু প্ৰশ্ন, চমু প্ৰশ্ন, কিছু দীঘল প্ৰশ্ন উত্তৰ লগতে লেখকৰ পৰিচয়ৰ পৰা কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে।

(ক) অতি চমু প্ৰশ্ন ( প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১ )

১। অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ’ শীৰ্ষক পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে ?
উত্তৰঃ অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ’ শীৰ্ষক পাঠটি পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনী ‘মোৰ সোঁৱৰণী’ৰ পৰা সংগ্ৰহ কৰা হৈছে ৷

২। মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল?
উত্তৰঃ মহাত্মা গান্ধীয়ে ১৯২১ চনৰ ২১ আগষ্টত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল৷

৩। পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম লিখা।
উত্তৰঃ ‘মোৰ সোঁৱৰণী’ পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনী ।

৪। আগৰৱালা পকী’ ক’ত অৱস্থিত?
উত্তৰঃ ‘আগৰৱালা পকী’ তেজপুৰত অৱস্থিত৷

৫। গান্ধীজীৰ সন্মানাৰ্থে ‘পকী’ ৰ সন্মুখত আয়োজিত মজ্লিচত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম লিখা ৷
উত্তৰঃ গান্ধীজীৰ সন্মানাৰ্থে ‘পকী’ৰ সন্মুখত আয়োজিত মজ্লিচত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম হ’ল পদ্মনাথ গোহাঞিবৰুৱা ৷

চমু প্ৰশ্ন (মূল্যাংক -২ অথবা ৩)

১। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা ।
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম হ’ল – ‘গাঁওবুঢ়া’ ‘টেটোন তামুলী’

২। পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনীৰ নাম লিখা ।
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনীৰ নাম – ‘বিজুলী’, আসাম বন্তি’, ‘ঊষা’ ।

৩। পদ্মনাথ গোহঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম লিখা ।
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম হ’ল – ‘শ্ৰীকৃষ্ণ’, ভানুমতী, আৰু ‘লহৰি’ ।

৪। মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক কি বুলি সম্বোধন কৰি চিঠি লিখিছিল?
উত্তৰঃ মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক ‘Dear Sir’ বুলি সম্বোধন কৰি,’Your Excellency’ৰ ঠাইত উকাকৈ অকল ‘Your’ বুলি চিঠিখনত লিখিছিল ৷

৫। অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ’ শীৰ্ষক পাঠটিত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম লিখা ৷
উত্তৰঃ অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ’ শীৰ্ষক পাঠটিত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম – তৰুণ ফুকন,পদ্মনাথ গোহাঞিবৰুৱা ৷

দীঘল প্ৰশ্ন (মূল্যাংক -৪/৫)

১। পদ্মনাথ গোহাঞিবৰুৱাই মহাত্মা গান্ধীৰ কোনবোৰ কাৰ্যৰ কাৰণে গান্ধীজীক লগ পাবলৈ উদগ্ৰীৱ হৈ পৰিছিল?
উত্তৰঃ গান্ধীজীৰ কীৰ্তি কাহিনীৰ কথা বহুত দিনৰপৰাই গোহাঞিবৰুৱাই শুনি আছিল ৷ দক্ষিণ আফ্ৰিকাবাসী ভাৰত সন্তানৰ দুখ-নিৰ্যাতন মোচন আৰু অভাৱ অভিযোগ নিৰাকৰণৰ অৰ্থে গান্ধীজীৰ অসাধাৰণ কাৰ্য-কলাপ আৰু কৃতিত্বৰ বিষয়েপঢ়ি-শুনি তেখেতৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা-ভক্তি গোহাঞিবৰুৱাৰ অন্তৰত উপচি পৰিছিল ৷ আমেৰিকাৰ খ্ৰীষ্টিয়ান মিচনেৰী সম্প্ৰদায়ে গান্ধীজীৰ মানৱজাতিৰ মংগলাৰ্থে কৰা অলৌকিক আত্মোৎসৰ্গত বিস্ময় মানি তেখেতক অশেষ প্ৰশংসা কৰিছিল ৷ সেই সম্প্ৰদায়ৰ পুৰোহিত পাদ্ৰীসকলে গান্ধীজীক যীশুখ্ৰীষ্টতকৈও ওপৰ খাপত আসন দিয়া দেখি পদ্মনাথ গোহাঞিবৰুৱা স্তম্ভিত হৈছিল ৷ ভাৰতবৰ্ষলৈ উলটি আহি গান্ধীজীয়ে পৰাধীন স্বজাতি ভাৰতবাসীৰ উদ্ধাৰৰ অৰ্থে বিবিধ বিষয়ক নৈতিক, দৈহিক, সামাজিক, ৰাজনৈতিক দেশহিতকৰ কাৰ্যত আত্মনিয়োগ কৰে ৷ সেয়েহে গান্ধীজীয়ে গৱৰ্ণৰ জেনেৰেল লৰ্ড ৰীডিং চাহাবলৈ ভাৰতবাসীৰ হৈ এখন পত্ৰ লিখে ৷ সেই পত্ৰত গৱৰ্ণৰ জেনেৰেলক ‘Dear Sir’ বুলি সম্বোধন কৰি, ‘Your Excellency’ৰ ঠাইত উকাকৈ অকল ‘Your’ বুলি লিখা কথাবোৰে গোহাঞিবৰুৱাক বিস্ময়ত পেলাইছিল ৷ গান্ধীজী ভাৰত পৰ্যটনৰ কথা শুনি তেওঁক লগ পাবলৈ পদ্মনাথ গোহাঞিবৰুৱাই উদগ্ৰীৱভাৱে বাট চাই ৰ’ল ৷

২। গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা ।
উত্তৰঃ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ অপ্ৰতিদ্বন্দ্ববী নেতা মহাত্মা গান্ধীয়ে ১৯২১ চনৰ আগষ্ট মাহত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰে ৷ ২১ তাৰিখে তেওঁ তেজপুৰত উপস্থিত হয় ৷ সেইদিনা ৰাতিপুৱা প্ৰায় ৯.৩০ বজাত গান্ধীভাৰী জাহাজখন তেজপুৰ ঘাটত ৰ’ল ৷ পদ্মনাথ সহিতে গোটেই ৰাইজে গান্ধীৰ সম্ভাষণ যাচিলে ৷ গান্ধীয়ে গোহাঞিবৰুৱাক ঘৰতে সূতা কাটি বৈ উলিওৱা খদ্দৰ কাপোৰ ব্যৱহাৰৰ বাবে পৰামৰ্শ দিয়ে ৷ তেজপুৰীয়া ৰাইজে শোভাযাত্ৰাৰে গান্ধীক আগবঢ়াই নি আগৰৱালা পকীত জা-জলপানেৰে আপ্যায়ন কৰিলে ৷ কিছুসময় পিছত গান্ধীয়ে স্বৰাজ আৰু অসহযোগ সম্পৰ্কে এটা দীঘলীয়া ভাষণ দি অসমৰ পৰা বিদায় লয় ৷

৩। গান্ধীজীৰ আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ মাজৰ কথোপকথনখিনি তোমাৰ ভাষাত বুজাই লিখা ।
উত্তৰঃ ১৯২১ চনৰ ২১ আগষ্টৰ দিনা মহাত্মা গান্ধী যেতিয়া তেজপুৰৰ জাহাজ ঘাটত উপস্থিত হয়, গোহাঞিবৰুৱাই তৎক্ষণাৎ জাহাজত উঠি গান্ধীৰ চাপিল৷গান্ধীৰ লগত অসম কংগ্ৰেছৰ নেতা তৰুণ ফুকন আহিছিল ৷ ফুকনে গান্ধীজীক “তেজপুৰৰ আগৰণুৱা দেশহিতৈষী অসমীয়া নেতা,ৰায়চাহাব পদ্মনাথ গোহাঞিবৰুৱা” বুলি পৰিচয় কৰাই দিলে ৷ শুনিয়েই গান্ধী জিকাৰ খাই উঠি ক’লে, ” আচৰিত, ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে ৷” ফুকনে তেতিয়া বুজাই ক’লে যে গোহাঞিবৰুৱা যদিও চৰকাৰী কৰ্মচাৰী তেওঁ কিন্তু ৰাইজৰ হকেহে মাত মাতে ৷ তেতিয়া গান্ধীয়ে ক’লে,”যি হওঁক, আশা কৰোঁ খিতাপৰ কিৰীটিয়ে পাক ঘূৰণি খুৱাই আপোনাক ৰাইজৰ প্ৰতিকূলমুখীয়া নকৰক যেন ৷ “তেতিয়া গোহাঞিবৰুৱাই মূৰ দোঁৱাই সৈমান হ’ল ৷ পদ্মনাথে সেইদিনা পিন্ধি যোৱা কাপোৰ দেখি গান্ধীয়ে শলাগিলে আৰু লাৰি চাই চেলেং কাপোৰৰ সূতা স্বদেশীনে বুলি সুধাত গোহাঞিবৰুৱাই উত্তৰ দিলে, “সূতা ঘৰত কটা নহয়, দোকানৰ পৰা কিনি আনি ঘৰত বোৱা কাপোৰহে ৷ “তেতিয়া গান্ধীয়ে ঘৰতে সূতা কাটি বৈ উলিয়াব পৰা খদ্দৰ কাপোৰ ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়ায় ৷ এই দৰেই দুয়োজনৰ মাজত ভাবৰ আদান-প্ৰদান চলিছিল৷

৪। গান্ধীজীৰ অসম ভ্ৰমণৰ সময়ত ক’ত কোনে মজলিচ বৈঠকৰ আয়োজন কৰিছিল বুজাই লিখা৷
উত্তৰঃ ১৯২১ চনৰ ২১ আগষ্টৰ দিনা যেতিয়া মহাত্মা গান্ধী অসম ভ্ৰমণৰ বাবে আহিছিল তেতিয়া গান্ধীজীৰ সন্মানাৰ্থে ‘আগৰৱালা পকী’ৰ সন্মুখত সন্ধিয়া সাত বজাৰ পৰা বহল ঘাঁহনি চোতালত দলিচা, সতৰঞ্চি, ত্ৰিপাল, নগাঢাৰি পাৰি মজ্লিচ বৈঠক পতা হৈছিল৷নিৰ্ধাৰিত কাৰ্যতালিকা অনুসৰি, টাউনৰ গণ্যমান্য লোকসকল, দূৰৈৰপৰা আহি অভ্যৰ্থনাত যোগ দিয়াৰাইজৰ নেতা-শ্ৰেণী,ৰাইজৰ এভাগ আৰু টাউনবাসী সৰ্বসাধাৰণ মানুহ চাপি ধীৰে-শাঁতে যথাযোগ্য ঠাইত আসন লৈছিল৷মজ্লিচত কিন্তু গোহাঞিবৰুৱাৰ বাদে আন কোনো চৰকাৰী চাকৰিয়াল, পেন্সনীয়া, গৱৰ্ণমেণ্ট খিতাপধাৰী লোক অংশ লোৱা নাছিল ৷

৫। “আচৰিত,ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে ৷” _ এই কথাষাৰ কোনে কি প্ৰসংগত কৈছিল বুজাই লিখা৷
উত্তৰঃ গান্ধীজী অসম পৰ্যটনলৈ আহোঁতে তেজপুৰ জাহাজঘাটত নমাৰ পিছত মি: ফুকনে গোহাঞিবৰুৱাক তেজপুৰৰ আগৰণুৱা দেশহিতৈষী অসমীয়া নেতা বুলি পৰিচয় কৰাই দিছিল৷তেতিয়া মহাত্মা গান্ধীয়ে কৈছিল,”আচৰিত,ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে৷”তেতিয়া মি: ফুকনে গান্ধীজীক বুজাই কৈছিল যে,’ৰায়চাহাব’ খিতাপ গোহাঞিবৰুৱাক চৰকাৰে দিয়া হয় যদিও আচলতে তেওঁ ৰাইজৰ উন্নতিৰ হকেহে কাম কৰে ৷

লেখকৰ পৰিচয় আৰু কিছু প্ৰশ্ন উত্তৰ

১। ‘ৰায়চাহাব’ খিতাপেৰে বিভূষিত ব্যক্তিগৰাকীৰ নাম কি?
উত্তৰঃ ‘ৰায়চাহাব’ খিতাপেৰে বিভূষিত ব্যক্তিগৰাকীৰ নাম পদ্মনাথ গোহাঞিবৰুৱা ৷

২। পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম কিমান চনত হৈছিল?
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম ১৮৭১ চনত হৈছিল৷

৩। পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা আলোচনী কেইখনৰ নাম লিখা৷
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা আলোচনী কেইখনৰ নাম- ‘বিজুলী’, ‘আসাম বন্তি’, ‘ঊষা’৷

৪। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা উপন্যাস দুখনৰ নাম লিখা৷
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা উপন্যাস দুখনৰ নাম – ‘ভানুমতী’ আৰু ‘লাহৰি’

৫। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা নাটক কেইখন কি কি?
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা নাটক কেইখন হ’ল – ‘গাঁওবুঢ়া’, ‘টেটোন তামুলী’, ‘জয়মতী’, ‘গদাধৰ’, ‘সাধনী’ আৰু ‘লাচিত বৰফুকন’ ৷

৬। পদ্মনাথ গোহাঞিবৰুৱাৰ তত্ত্বমূলক গ্ৰন্থ খনৰ নাম লিখা৷
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাৰ তত্ত্বমূলক গ্ৰন্থ খনৰ নাম – ‘শ্ৰীকৃষ্ণ’ ৷

৭। ‘মোৰ সোঁৱৰণী’ কাৰ আত্মজীৱনী?
উত্তৰঃ ‘মোৰ সোঁৱৰণী’ পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনী৷

৮। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি গৰাকীৰ নাম কি?
উত্তৰঃ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি গৰাকীৰ নাম পদ্মনাথ গোহাঞিবৰুৱা৷

৯। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া আৰু ক’ত হৈছিল?
উত্তৰঃ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ১৯১৭ চনত শিৱসাগৰত হৈছিল৷

১০। পদ্মনাথ গোহাঞিবৰুৱাৰ মৃত্যু কিমান চনত হৈছিল?
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাৰ মৃত্যু ১৯৪৬ চনত হৈছিল৷

শেষ বাক্য

আপুনি যদি বৰ্তমান ইয়ালৈকে পঢ়ি আছে, তেন্তে নিশ্চয় আপুনি Class 11 Assamese Chapter 2 Question Answer গোটেই খিনি পঢ়িছে। যদি এই লিখনিয়ে আপোনাক কিছু পৰিমাণে সহায় কৰিছে তেন্তে অনুগ্ৰহ কৰি আপোনাৰ আন আন বন্ধু বান্ধৱী সকলৰ সৈতে Share কৰক।

Class 6 – Class 12 লৈকে যিকোনো সমস্যাৰ সমাধান আপুনি Assamese Medium ৱেবছাইটত পাব। আপোনাৰ যদি এই ৱেবচাইট ব্যৱহাৰ কৰোঁতে কিবা অসুবিধা পাইছে তেন্তে নিশ্চয় Comment Section ত জনাব। ইয়াৰ উপৰিও আপুনি আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব বিচাৰিলে আপুনি Assamese Medium Facebook Page বা Assamese Medium Instagram PageFollow কৰিব পাৰিব।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment