Class 11 Biology Chapter 2 Question Answer in Assamese

যিহেতু Class 11 Science ৰ পৰীক্ষা সমাগত তাৰ প্রতি লক্ষ্য ৰাখিয়ে আজি আমি আপোনালোকৰ বাবে Class 11 Biology Chapter 2 Question Answer in Assamese অৰ্থাৎ একাদশ শ্ৰেণীৰ জীৱ বিজ্ঞানৰ প্ৰথম গোট পাঠ: ২ জীৱৰ বৰ্গকৰণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আপুনি যদি Class 11 Biology পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে তেন্তে এই লিখনিয়ে আপোনাক কিছু পৰিমাণে সহায় কৰিব।

ইয়াত আজি Assamese Medium ত আমি Class 11 Biology Chapter 2 Question Answer in Assamese অৰ্থাৎ দ্বিতীয় অধ্যায়ত যি প্ৰশ্ন দিয়া আছে তাৰ আলোচনা কৰিব গৈ আছো। তলত আপুনি Class 11 Biology Chapter 2 Question Answer in Assamese পাব। ইয়াৰ ওপৰিও Class 11 Biology Chapter 2 Question Answer in Assamese PDF ডাউনলোড কৰিব পাৰিব।

Watch FREE Video Classes

Class 11 Biology Chapter 2 Question Answer in Assamese

Class 11 Biology Chapter 2 Question Answer in Assamese | অনুশীলনীৰ প্ৰশ্নোত্তৰ

১: সময়ৰ সোতত বিভিন্ন বৰ্গীকৰণ পদ্ধতিসমূহৰ পৰিৱৰ্তন কেনেদৰে হৈ আহিছে আলোচনা কৰা ?
উওৰ : প্ৰথম অৱস্থাত লিনিয়ছে গোটেই জীৱজগতক দুটা ৰাজ্যত ভাগ কৰিছিল । যেনে ―
ক) প্লেন্টি ৰাজ্য
খ) এনিমেলিয়া ৰাজ্য

কিন্তু বহুদিন প্ৰচলিত এই দুই পদ্ধতিয়ে একোষকেন্দ্ৰীয় জীৱ আৰু সংকোষকেন্দ্ৰীয় জীৱ , এককোষী জীৱ আৰু বহুকোষী জীৱ , সালোকসংশ্লেষণ কৰিব পৰা জীৱ (শেলাই) আৰু সালোকসংশ্লেষণ নকৰা জীৱ (ভেকুৰ ) আদি জীৱৰ ভাগবোৰৰ মাজত পাৰ্থক্য দেখুৱাব পৰা নাছিল । আনহাতে বহুসংখ্যক জীৱ , উদ্ভিদ আৰু প্ৰাণী এই দুয়োটা ভাগত অন্তৰ্ভুক্ত কৰিব নোৱাৰাকৈ বাদ পৰি গৈছিল । বৰ্গীকৰণৰ দুই ৰাজ্য পদ্ধতিত দেখা দিয়া উক্ত অসুবিধা সমুহ দূৰ কৰিবলৈ আৰ্নষ্ট হেকেল নামৰ বিজ্ঞানীজনে দুই ৰাজ্যৰ অন্তৰ্ভূক্ত এককোষী অনুজীৱখিনিক তাৰ পৰা উলিয়াই আনি এখন নতুন ৰাজ্যত অন্তৰ্ভুক্ত কৰে । তেওঁ এই নতুন এককোষী অনুজীৱৰ ৰাজ্যখনক প্ৰতিষ্ঠা নাম দিয়া হয় । প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্ভুক্ত অনুজীৱ সমূহক আকৌ প্ৰকৃত কোষকেন্দ্ৰ থকা বা নথকাৰ ওপৰত ভিত্তি কৰি এইচ . এফ . ক’পলেণ্ডে তিনিৰাজ্যৰ সলনি চাৰিৰাজ্য ‘মনেৰা’ নাম দিয়ে । অৱশেষত আৰ . এইচ . হোৱাইটেকাৰ নামৰ আমেৰিকাৰ বিজ্ঞানীজনে ক’প লেণ্ডৰ চাৰিৰাজ্য বৰ্গীকৰণ পদ্ধতিৰ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰি এটা নতুন পাচ ৰাজ্য বৰ্গীকৰণ পদ্ধতি প্ৰকাশ কৰে । তেওঁ পৰপুষ্ট পুষ্টি পদ্ধতিৰ ওপৰত ভিত্তি কৰি ভেকুৰখিনি উদ্ভিদ জগতৰ পৰা পৃথক কৰি সম্পূৰ্ণ এক নতুন ৰাজ্যত অন্তৰ্ভূক্ত কৰে । এই পঞ্চ ৰাজ্যটোক ভেঁকুৰ ৰাজ্য বোলে । এনেদৰে সময়ৰ সো‍ঁতত বিভিন্ন বৰ্গীকৰণৰ পদ্ধতিসমূহৰ পৰিৱৰ্তন হৈ আহিছে ।

২: নিম্নেলিখিত কেইটাৰ দুটাকৈ অৰ্থনৈতিক গুৰুত্ব বৈশিষ্ট্য ব্যৱহাৰৰ বিষয়ে লিখা ।
১) পৰপুষ্ট ,
২) আৰ্কিবেক্টেৰিয়া

উওৰ :
১) পৰপুষ্ট :
ক) গাখীৰৰ পৰা দৈ বনোৱাত সহায় কৰে ।
খ) মাহজাতীয় শস্যৰ শিপাত নাইট্ৰ’জেন জাতীয় টেমুনা সৃষ্টি কৰি খেতিডৰা অধিক উন্নত কৰি তোলে ।

(২) আৰ্কিবেক্টেৰিয়া :
ক) মিথেনোজেন বেক্টেৰিয়াবোৰে গোবৰৰ পৰা মিথেন গেছ প্ৰস্তুত কৰাত সহায় কৰে।
খ) মিথেনোজেন বেক্টেৰিয়াই ঘাঁহ পাগুলা জন্তু যেনে ― গৰু , মহৰ অন্ত্ৰত বাস কৰি খাদ‍্য হজম কৰাত সহায় কৰে।

৩: ডায়েটমৰ কোষবেৰৰ বৈশিষ্ট্য কি ?
উওৰ : ডায়েটমৰ কোষবেৰত ছিলিকন ডাই – অক্সাইড থাকে ।

৪: এলগেল ব্লুম আৰু ৰেডটাইড শব্দ দুটাই কি বুজায় ?
উওৰ : আমি জানো যে নীল হৰিৎ শেলাইবোৰ হ’ল ― সালোক সংশ্লেষণ কৰিব পৰা স্বপুষ্ট আৱৰণেৰে আবৃও হৈ থাকে । ‍সাধাৰণতে পুখুৰী, খাল , বিল আদিত নীৰ হৰিৎ শেলাইবোৰে পানীৰ উপৰিভাগত সাধাৰণভাৱে ওফন্দি এক আৱৰণৰ সৃষ্টি কৰে ইয়াকে এলগেল ব্লুম’ বোলে ।

আনহাতে সাগৰীয় সালোক সংশ্লেষণকাৰী প্ৰটিষ্টা ৰাজ্যৰ এবিধ জীৱ হ’ল গ’নিঅলেক্স। গনিঅ’ লেক্স নামৰ ৰঙা ডিন’ফ্লেজেলেটবোৰ ইমান দ্ৰুতভাৱে প্ৰজনন কৰে যে সিহঁতে সাগৰ খনেই ৰঙচুৱা কৰি তোলে । এই পৰিঘটনাটোকে ‘ৰেডটাইড’ বোলে ।

৫: ভাইৰাছতকৈ ভাই’ৰইড কি কাৰণে পৃথক ?
উওৰ : ভাইৰাছৰ প্ৰ’টিন আচ্ছাদন আছে । ইয়াৰ উপৰিও নিউক্লিক এচিড RNA বা DNA থাকে । আনহাতে , ভাইৰইডৰ প্ৰটিন আচ্ছাদন নাথাকে । লগতে নিউক্লিক এচিড RNA বোৰ নিম্ন আনবিক ভাৰসম্পন্ন হয় ।

৬: প্ৰ’ট’য’ৱাৰ চাৰিটা প্ৰধান ভাগৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা ।
উওৰ : প্ৰ’ট’য’ৱাৰ প্ৰধান চাৰিটা ভাগ হ’ল ―
ক) এমিবীয় প্ৰ’ট’য’ৱা: ইহঁতে অলৱণযুক্ত পানী , সাগৰীয় লুণীয়া পাণী বা সেমেকা মাটিত বাস কৰে ; কূট পদৰ সহায়ত চলাচল কৰি খাদ্য চিকাৰ কৰে । ইহঁত পৰজীৱী প্ৰাণী । যেনে ― এন্টামিবা ।
খ) ফ্লেজেলাযুক্ত প্ৰ’ট’যৱা: এনেবোৰ প্ৰ’ট’যৱা মুক্ত নাইবা পৰজীৱী হ’য় । ইহঁতৰ দেহত ফ্লেজেলা থাকে। যেনে ― ট্ৰিপান’চ’নাৰ ।
গ) চিলিয়াযুক্ত প্ৰ’ট’যৱা: এইবোৰ জলজ জীৱ । দেহত চলাচলৰ বাবে চিলিয়া থাকে । ইহঁতৰ গালেট নামৰ এটা গহ্বৰ থাকে যিটো কোষৰ পৃষ্ঠভাগত খোল খাই থাকে । পানীত চিলিয়াবোৰৰ সঞ্চালনে খাদ্যবস্তু বিলাক গালেটৰ ফালে ঠেলি দিয়াত সহায় কৰে ।যেনে ― পেৰামেছিয়াম ।
ঘ) স্প’ৰ’যৱা: এই শ্ৰেণীৰ জীৱবিলাক বৰ্ণাঢ্য ; কাৰণ ইহঁতৰ জীৱন চক্ৰটোত এটা সংক্ৰামক স্পৰ গঠন হোৱা পৰ্যায় এটা উপলব্ধ হয় । যেনে ― প্লাডম’ ডিয়াম ।

৭: উদ্ভিদবিলাক স্বপুষ্ট । তুমি এনেকুৱা কিছুমান উদ্ভিদৰ কথা জানানে যিবোৰ আংশিকভাৱে পৰিপুষ্ট ?
উওৰ : জানো ; এনেকুৱা কিছুমান উদ্ভিদৰ নাম হ’ল ―
ক) ড্ৰচেৰা
খ) ইউট্টিকুলেৰিয়া
গ) কাচ্কটা ।

৮: ফাইক’বায়ন্ট আৰু মাইক’বায়ন্ট আৰু শব্দ দুটাই কি বুজায় ?
উওৰ : লাইকেনত ভেকুঁৰৰ উপাদানক মাইক’বায়ন্ট আৰু শেলাইৰ উপাদানক ফাইক’বায়ন্ট বোলে ।

৯: নিম্নলিখিত কেইটাৰ অধিক ভেকুঁৰ ৰাজ্যৰ শ্ৰেণীসমূহৰ তুলনা কৰা – ক) পুষ্টিসাধনৰ উপায় খ) প্ৰজননৰ উপায়
উওৰ : ক) পুষ্টিসাধনৰ উপায় :
১) ফাইক’মাইচিটিচ্ : অবিকল্পী পৰজীৱী ।
২) এচিকোমাইচিটিচ্ : বেছি ভাগ মৃতজীৱী ।
৩) বেচিডিঅ’মাইচিটিচ্ : পৰজীৱী আৰু মৃতজীৱী ।
৪) ডিউটেৰমাইচিটিচ্ : পচনকাৰী ।

খ) প্ৰজনৰ উপায় :
১) ফাইক’মাইচিটিচ্ : চলৰেণু আৰু অচলৰেণুৰ দ্বাৰা অযৌন প্ৰজনন হয় । যৌন প্ৰজননো আছে।
২) এচিকোমাইচিটিচ্: অযৌন প্ৰজনন কনিডিয়াৰ দ্বাৰা হয় ।যৌন প্ৰজননো হয়। ডিঅ’স্পৰ বোলে।
৩) বেচিডিঅ’মাইচিটিচ্ : অযৌন ৰেণু দেখা পোৱা নাযায় । যৌন ৰেণুবোৰ বেছি নাই ।
৪) ডিউটেৰমাইচিটিচ্ : এই শ্ৰেণীৰ ভেকুৰে অকল কনিডিয়াৰ দ্বাৰা প্ৰজনন সম্পন্ন কৰে যৌন প্ৰজনন ।

১০: ভাইৰাছ জীৱ নে জড় ? যুক্তিৰে মতামত দাঙি ধৰা ।
উওৰ : ভাইৰাছ জীৱ আৰু জড়ৰ মধ্যাৱস্থা ।কিয়নো প্ৰথমতে ভাইৰাছ এক ধৰণৰ জীৱ;
যুক্তি ―
ক) ভাইৰাছে বংশবৃদ্ধি কৰে ,
খ) ভাইৰছৰ দেহত বৃদ্ধি হয় ,
গ) ভাইৰছ সংক্ৰামক ,
ঘ) ভাইৰাছৰ বংশগতি নিৰ্ণেয়ক পদাৰ্থ বা থাকে ।দ্বিতীয়তে , ভাইৰাছ এক ধৰণৰ জড় বস্তু ;

যুক্তি ―
ক) ভাইৰাছৰ দেহ কোষেৰে গঠিত নহয় ,
খ) ভাইৰাছক স্ফটিকলৈ ৰূপান্তৰ হয় ,
গ) ভাইৰাছৰ দেহত কোনো শৰ্কৰা বা শেতসাৰ নাথাকে ,
ঘ) ভাইৰাছৰ শ্বসন আৰু পুষ্টি আছে।ওপৰৰ দুয়ো ধৰণৰ যুক্তিৰ আলমত আমি ভাইৰাছ যে জড় আৰু জীৱৰ মধ্যাৱস্থা সেই কথা প্ৰমাণিত কৰিব পাৰো ।

Download PDF Question AnswerBuy PDF Notes

ওপৰত আমি Class 11 Biology Chapter 2 Question Answer in Assamese আলোচনা কৰিলোঁ আৰু লগতে Class 11 Biology Chapter 2 Question Answer PDF দিয়াৰ প্ৰয়াস কৰিছোঁ।যদি আপুনি এই অধ্যায়ৰ প্ৰশ্ন উত্তৰ পাইছে আৰু তৃতীয় অধ্যায়ৰ প্ৰশ্ন উত্তৰ অৰ্থাৎ Class 11 Biology Chapter 3 Question Answer in Assamese পাব বিচাৰে তেন্তে লিংকত ক্লিক কৰক।

Leave a Comment