Class 11 Assamese Question Answer Chapter 9

আপুনি Class 11 Arts বা Class 11 Science ৰ শিক্ষাৰ্থী নেকি? বৰ্তমান আপুনি বাৰু Class 11 Assamese Question Answer বিছাৰি ইয়াত আহিছে নেকি, তেন্তে একাদশ শ্ৰেণীৰ অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ পাবলৈ লিংকত ক্লিক কৰক।

আজি আমি Assamese Medium ত আলোচনা কৰিম Class 11 Assamese Question Answer Chapter 9 লগতে আপুনি পাৱ Class 11 Assamese Question Answer Chapter 9 PDF Notes.

Class 11 Assamese Question Answer Chapter 9 | বিয়াৰ প্ৰেজেণ্ট প্রশ্ন উত্তৰ

ইয়াত আমি Class 11 Assamese Question Answer Chapter 9 ৰ অতি চমু প্রশ্ন উত্তৰ, চমু প্রশ্ন উত্তৰ, ব্যাখ্যা কৰা আদিৰ উপৰিও কিছু অতিৰিক্ত প্রশ্ন উত্তৰ আলোচনা কৰিবলৈ প্ৰয়াস কৰা ।

Watch FREE Video Classes

অতি চমু প্ৰশ্ন (মূল্যাংক-১)

১। চৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্পৰ পুথিখনৰ নাম কি?
উত্তৰঃ চৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্পৰ পুথিখনৰ নাম-‘পৰশমণি’৷

২। কোনখন উপন্যাসৰ বাবে চৈয়দ আব্দুল মালিকে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰঃ ‘অঘৰী আত্মাৰ কাহিনী’ উপন্যাসৰ বাবে চৈয়দ আব্দুল মালিকে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ৷

৩। চৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্ৰমণ কাহিনীৰ নাম লিখা৷
উত্তৰঃ চৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্ৰমণ কাহিনী -‘মাজত মাথোঁ হিমালয়’৷

৪। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক কেন্দ্ৰ কৰি চৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম কি?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক কেন্দ্ৰ কৰি চৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম-‘ৰূপতীৰ্থৰ যাত্ৰী’৷

৫। ‘বিয়াৰ প্ৰেজেণ্ট’ গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম কি?
উত্তৰঃ ‘বিয়াৰ প্ৰেজেণ্ট’ গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম বিনীতা ৷

চমু প্ৰশ্ন (মূল্যাংক-২/৩)

১। “তেৱেঁই আগবাঢ়ি আহিল আৰু মোৰ মুখলৈ চাই সুধিলে-‘আমাৰ তাৰে নোহোৱানে’?” -কোনে কাক কথাষাৰ সুধিছিল?
উত্তৰঃ “তেৱেঁই আগবাঢ়ি আহিল আৰু মোৰ মুখলৈ চাই সুধিলে-‘আমাৰ তাৰে নোহোৱানে’?” -এই কথাষাৰ কনকেশ্বৰ ঠাকুৰে নাজিয়াক সুধিছিল৷

২। নাজিয়াই কাৰ বিয়া খাবলৈ গৈছিল?
উত্তৰঃ নাজিয়াই সম্পৰ্কীয় মোমায়েক নগৰৰ বিখ্যাত মানুহ ৰিটায়াৰ্ড হাকিম আহমেদ চাহেবৰ নুমলীয়া জীয়েকৰ বিয়া খাবলৈ গৈছিল।

৩। নাজিয়াই কিয় হস্পিতাললৈ যাবলগীয়া হ’ল?
উত্তৰঃ কনকেশ্বৰ ঠাকুৰৰ সৰু জীয়েক হস্পিতালত আছিল ৷ চিকিৎসাৰ বাবে টকাৰ অসুবিধা হোৱাৰ বাবে ঠাকুৰ গাঁৱলৈ যাবলৈ ওলোৱাত জীয়েকক হস্পিতালত ৰখিবলৈ নাজিয়া হস্পিতালত যাব লগা হৈছিল ৷

৪। কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেচন কৰাবলৈ ক’ৰপৰা পইচা পালে?
উত্তৰঃ কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেচন কৰাবলৈ নাজিয়াৰপৰা পইচা পালে ৷

৫। “আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ’ব” -‘আমাৰ দুজন’ বুলি ইয়াত কাৰ কাৰ কথা কোৱা হৈছে?
উত্তৰঃ “আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ’ব” -‘আমাৰ দুজন’ বুলি ইয়াত নাজিয়া আৰু নাজিয়াৰ গিৰিয়েকৰ কথা কোৱা হৈছে ৷

দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫)

১। কি পৰিস্থিতিত কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পাইছিল?
উত্তৰঃ নাজিয়াই সম্পৰ্কীয় মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল আৰু বিয়া ঘৰলৈ বুলি ৰিক্সা এখন ল’ব ওলাওঁতেই কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পালে ৷ তেওঁৰ সৰু জীয়েকৰ অসুখ আৰু অপাৰেচনৰ বাবে হস্পিতালত আছে আৰু তেজৰ প্ৰয়োজন হোৱাত টকাৰ অসুবিধা হোৱা হেতুকে গাঁৱলৈ টকাৰ যোগাৰৰ বাবে যাবলৈ বাছ আস্থানলৈ যাওঁতে নাজিয়াই লগ পালে ৷

২। নাজিয়াই বিয়ালৈ কিয় অকলে গৈছিল?
উত্তৰঃ নাজিয়াৰ মোমায়েকৰ জীয়েকৰ বিয়ালৈ পতি-পত্নী দুয়োৰে যোৱা ইচ্ছা আছিল ৷ কিন্তু আৰ্থিক অনাটনৰ বাবে অকল নাজিয়াই হে যাব পাৰিলে। কিয়নো- ৰিক্সা ভাড়া,বাছৰ ভাড়া আৰু বিয়াৰ উপহাৰৰ দাম হিচাপ কৰি দেখিলে যে হাতত থকা দুশ টকাৰে দুজন মানুহ যোৱাটো সম্ভৱ নহয় ৷

৩। কি পৰিস্থিতিৰ বাবে নাজিয়াই বিয়ালৈ বুলি ওলাই বিয়ালৈ নগ’ল?
উত্তৰঃ নাজিয়াই সম্পৰ্কীয় মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল আৰু বিয়া ঘৰলৈ বুলি ৰিক্সা এখন ল’ব ওলাওঁতেই কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পালে। তেওঁৰ সৰু জীয়েকৰ অসুখ আৰু অপাৰেচনৰ বাবে হস্পিতালত আছে আৰু তেজৰ প্ৰয়োজন হোৱাত টকাৰ অসুবিধা হোৱা হেতুকে গাঁৱলৈ টকাৰ যোগাৰৰ বাবে যাবলৈ বাছ আস্থানলৈ যাওঁতে নাজিয়াই লগ পালে ৷ নাজিয়াই কনকেশ্বৰ বৰুৱাৰ মুখত সকলো কথা শুনি বিয়ালৈ নগৈ হস্পিতাললৈ গ’ল ৷

৪। বিনীতাৰ অপাৰেচন কেনেকৈ ততাতৈয়াকৈ হৈ গ’ল বৰ্ণনা কৰা?
উত্তৰঃ নাজিয়াই সম্পৰ্কীয় মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল আৰু বিয়া ঘৰলৈ বুলি ৰিক্সা এখন ল’ব ওলাওঁতেই কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পালে ৷ তেওঁৰ সৰু জীয়েকৰ অসুখ আৰু অপাৰেচনৰ বাবে হস্পিতালত আছে আৰু তেজৰ প্ৰয়োজন হোৱাত টকাৰ অসুবিধা হোৱা হেতুকে গাঁৱলৈ টকাৰ যোগাৰৰ বাবে যাবলৈ বাছ আস্থানলৈ যাওঁতে নাজিয়াই লগ পালে ৷ নাজিয়াই কনকেশ্বৰ বৰুৱাৰ মুখত সকলো কথা শুনি বিয়ালৈ নগৈ হস্পিতাললৈ গ’ল৷টকা এশ ঠাকুৰৰ হাতত দি অপাৰেচনৰ দিহা কৰিবলৈ দিলে৷যথাসময়ত বিনীতাৰ অপাৰেচন ততাতৈয়াকৈ হৈ গ’ল ৷

৫। ‘বিয়াৰ প্ৰেজেণ্ট’ গল্পটোত মানৱবোধৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা৷
উত্তৰঃ আনৰ দুখত দুখী হৈ সহায়ৰ হাত আগবঢ়োৱাটোৱে হ’ল প্ৰকৃত মানৱতাবোধ ৷ ‘বিয়াৰ প্ৰেজেণ্ট’ গল্পটোত এই মানৱতাবোধ সুন্দৰভাৱে প্ৰকাশ পাইছে ৷ নাজিয়াই সম্পৰ্কীয় মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল আৰু বিয়া ঘৰলৈ বুলি ৰিক্সা এখন ল’ব ওলাওঁতেই কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পালে ৷ তেওঁৰ সৰু জীয়েকৰ অসুখ আৰু অপাৰেচনৰ বাবে হস্পিতালত আছে আৰু তেজৰ প্ৰয়োজন হোৱাত টকাৰ অসুবিধা হোৱা হেতুকে গাঁৱলৈ টকাৰ যোগাৰৰ বাবে যাবলৈ বাছ আস্থানলৈ যাওঁতে নাজিয়াই লগ পালে ৷ নাজিয়াই কনকেশ্বৰ বৰুৱাৰ মুখত সকলো কথা শুনি বিয়ালৈ নগৈ হস্পিতাললৈ গ’ল৷টকা এশ ঠাকুৰৰ হাতত দি অপাৰেচনৰ দিহা কৰিবলৈ দিলে ৷ যথাসময়ত বিনীতাৰ অপাৰেচন ততাতৈয়াকৈ হৈ গ’ল ৷

অতিৰিক্ত প্ৰশ্ন

১। চৈয়দ আব্দুল মালিকৰ জন্ম কিমান চনত?
উত্তৰঃ চৈয়দ আব্দুল মালিকৰ জন্ম ১৯১৯ চনত ৷

২। চৈয়দ আব্দুল মালিকৰ কেইখনমান উপন্যাসৰ নাম লিখা ৷
উত্তৰঃ চৈয়দ আব্দুল মালিকৰ কেইখনমান উপন্যাসৰ নাম- ৰথৰ চকৰি ঘূৰে, সূৰুযমুখীৰ স্বপ্ন, পহুমৰা হাবিৰ বাট, জেতুকা পাতৰ দৰে, ৰূপতীৰ্থৰ যাত্ৰী, ধন্য নৰ তনু ভাল, অঘৰী আত্মাৰ কাহিনী আদি ৷

৩। চৈয়দ আব্দুল মালিকৰ কেইখনমান চুটিগল্প সংকলনৰ নাম লিখা ৷
উত্তৰঃ চৈয়দ আব্দুল মালিকৰ কেইখনমান চুটিগল্প সংকলন- এজনী নতুন ছোৱালী, ৰঙাগড়া, প্ৰাণাধিকা, মৰম মৰম লাগে আদি ৷

৪। চৈয়দ আব্দুল মালিকৰ কেইখনমান গৱেষণামূলক গ্ৰন্থৰ নাম লিখা ৷
উত্তৰঃ চৈয়দ আব্দুল মালিকৰ কেইখনমান গৱেষণামূলক গ্ৰন্থৰ নাম- অসমীয়া জিকিৰ আৰু জাৰি, আজান ফকীৰ আৰু সুৰীয়া জিকিৰ, চুফী আৰু চুফীবাদ আদি ৷

৫। চৈয়দ আব্দুল মালিকে কিমান চনত “চোভিয়েট দেশ নেহৰু বঁটা” লাভ কৰিছিল?
উত্তৰঃ চৈয়দ আব্দুল মালিকে ১৯৬৫ চনত “চোভিয়েট দেশ নেহৰু বঁটা” লাভ কৰিছিল৷

৬। চৈয়দ আব্দুল মালিকে কিমান চনত সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?
উত্তৰঃ চৈয়দ আব্দুল মালিকে ১৯৭২ চনত সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ৷

৭। চৈয়দ আব্দুল মালিকৰ মৃত্যু কিমান চনত হৈছিল?
উত্তৰঃ চৈয়দ আব্দুল মালিকৰ মৃত্যু 2000 চনত হৈছিল ৷

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment