Class 11 Assamese Question Answer Chapter 12

আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো Assamese Medium ৱেবছাইটৰ আন এক গুৰুত্বপূৰ্ণ লিখনি লৈ যত আমি আপোনাৰ বাবে আজি আলোচনা কৰিব গৈ আছোঁ Class 11 Assamese Question Answer Chapter 12 অৰ্থাৎ একাদশ শ্ৰেণীৰ অসমীয়া বিষয়ৰ ১২তম অধ্যায় “ধনবৰ আৰু ৰতনী” ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ।

Watch FREE Video Classes

আপুনি যদি Class 11 (Arts, Science অথবা Commerce) ত পঢ়ি আছে অথবা পঢ়াই আছে তেন্তে আপোনালোকৰ বাবে Class 11 Assamese Question Answer Chapter 12 নামৰ লিখনিটোৱে বহুত উপকাৰ কৰিব।

ইয়াত আমি Class 11 Assamese Question Answer ত বহু কেইটা অধ্যায়ৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিছো, তলত দিয়া লিংকৰ পৰা আপুনি পঢ়িব পাৰে।

Class 11 Assamese Question Answer Chapter 12 for Final Exam

এই লিখনি (Class 11 Assamese Question Answer Chapter 12) ত অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ, ব্যাখ্যা, Assamese Grammar ৰ কিছু প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত সুধা কিছু গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্ন উত্তৰ আপোনালোকৰ বাবে লৈ অহাৰ প্ৰয়াস কৰা হৈছে। তেন্তে আহক, কোনো সময় নষ্ট নকৰাকৈ আজি আমি Class 11 Assamese Question Answer Chapter 12 আলোচনা কৰোঁ।

Class 11 Assamese Question Answer Chapter 12

অতি চমু প্ৰশ্নঃ (মূল্যাংক-১)

১। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি এখনৰ নাম লিখা৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি এখনৰ নাম- কদমকলি ৷

২। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম- মোৰ জীৱন সোঁৱৰণ ৷

৩। অসমীয়া সাহিত্যত চুটি গল্পৰ জনক বুলি কাক কোৱা হয়?
উত্তৰঃ অসমীয়া সাহিত্যত চুটি গল্পৰ জনক বুলি লক্ষ্মীনাথ বেজবৰুৱাক কোৱা হয় ৷

৪। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম লিখা৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম- সুৰভি ৷

৫। ‘বাঁহী’ আলোচনীখন কোনে সম্পাদনা কৰিছিল?
উত্তৰঃ ‘বাঁহী’ আলোচনীখন লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰিছিল ৷

চমু প্ৰশ্ন (মূল্যাংক ২/৩)

১। মালিতা কি? ইংৰাজীত ইয়াক কি বুলি কোৱা হয়?
উত্তৰঃ মালিতা হৈছে আখ্যানমূলক গীত ৷ ইংৰাজীত ইয়াক বেলাড বুলি কোৱা হয় ৷

২। ধনবৰ আৰু ৰতনী কোন?
উত্তৰঃ ধনবৰ আৰু ৰতনী এহাল প্ৰেমিক-প্ৰেমিকা ৷ ধনবৰৰ ঘৰ দিখৌমুখত আৰু ৰতনীৰ ঘৰ ধনশিৰিমুখত ৷

৩। ” বোপাই মোৰ লুইত ঐ! সামৰি লোৱা মোক” – বুলি কোনে কিয় কৈছে?
উত্তৰঃ উক্ত কথাষাৰৰ বক্ত্বা ধনবৰ ৷ তেওঁৰ প্ৰেমিকা ৰতনীৰ বিৰহ সহিব নোৱাৰি জীয়াই থাকিবলৈ অনিচ্ছা প্ৰকাশ কৰি ব্ৰহ্মপুত্ৰৰ পাৰত বিলাপ কৰিছে ৷

৪। ” ৰতনীক তুলিলে মাকে বাপেকে
ধনাইৰ কাল শতৰু কৰি”
– ৰতনীক কিয় ধনাইৰ কাল শতৰু বুলি কোৱা হৈছে?

উত্তৰঃ ধনবৰ আৰু ৰতনীৰ মাজত থকা গভীৰ প্ৰেমৰ কথা গম পাই ৰতনীৰ মাক-বাপেকে ধনবৰৰ পৰা ৰতনীক আঁতৰাই লৈ গৈছিল ৷ সেই বেজাৰতে ধনবৰ ভাগি পৰিছিল আৰু ব্ৰহ্মপুত্ৰৰ বুকুত নিজকে দান দিছিল ৷ সেই বাবেই ৰতনীক ধনবৰৰ কাল শতৰু বুলি কোৱা হৈছে ৷

৫। ” পাৰতে কান্দিছে ধনবৰ দুখীয়া” – ধনবৰে কিয় কান্দিছে?
উত্তৰঃ এবাৰ মাক বাপেকৰ সৈতে ধনশিৰিমুখৰ ৰতনী কিছুদিন ধনবৰ হঁতৰ ঘৰত আছিলগৈ ৷ সেই সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে৷তেওঁলোকৰ প্ৰেমৰ কথা গম পাই ৰতনীক মাক-বাপেকে লৈ গ’ল ৷ ইফালে ৰতনীৰ বিৰহত ধনবৰ ভাগি পৰিল ৷ ব্যৰ্থ প্ৰেমৰ বুজা সহিব নোৱাৰি ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত কান্দিবলৈ ধৰিলে ৷

দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫)

১। ‘ধনবৰ আৰু ৰতনী’ কবিতাটোৰ কাহিনীভাগ সংক্ষেপে বৰ্ণনা কৰা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘ধনবৰ আৰু ৰতনী’ কবিতাটো এটা মালিতা ৷ এই মালিতাত ধনবৰ আৰু ৰতনী নামৰ প্ৰেমিক-প্ৰেমিকাহালৰ অবিচল প্ৰেমৰ কাৰুণ্য সাংগীতিক ভাষাত প্ৰকাশ পাইছে ৷ ধনবৰৰ ঘৰ দিখৌমুখত আৰু ৰতনীৰ ঘৰ ধনশিৰিমুখত ৷ মাক-বাপেকৰ সৈতে ৰতনী আহি কিছুদিন ধনবৰহঁতৰ ঘৰত আছিল ৷ সেই সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে৷ধনবৰে ৰতনীক নিজৰ হৃদয়ত নিগাজীকৈ ঠাই দিলে ৷ এদিন মাক-বাপেকৰ সৈতে ৰতনী নিজ ঘৰলৈ উভতি গ’ল ৷ ৰতনীৰ অনুপস্থিতিত ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত বহি কান্দি কান্দি বিলাপ কৰিবলৈ ধৰিলে৷ৰতনী যোৱাৰ পিছত ধনবৰৰ বুকু উদং হৈ পৰিল ৷ ৰতনীৰ অবিহনে তেওঁ জীয়াই থাকিবলৈ অপাৰগ হ’ল ৷ সেইবাবে ধনবৰ লুইতৰ বুকুতেই জাহ গ’ল ৷ ধনবৰৰ আত্মজাহে পৃথিৱীত শোকৰ বিননি এৰি থৈ গ’ল ৷

২। ‘ধনবৰ আৰু ৰতনী’ কবিতাটোত ধনবৰে কেনেদৰে বিলাপ কৰিছে?
উত্তৰঃ ‘ধনবৰ আৰু ৰতনী’ কবিতাটোৰ মাজেৰে ধনবৰ আৰু ৰতনীৰ মাজত থকা গভীৰ প্ৰেমৰ ভাষ্য প্ৰকাশ পাইছে ৷ ধনবৰে ৰতনীক নিজৰ হৃদয়ত নিগাজীকৈ ঠাই দিছিল ৷ কিন্তু ৰতনী যেতিয়া ধনবৰহঁতৰ ঘৰ এৰি গুছি গৈছিল তেতিয়া ধনবৰৰ মনত আঘাত লাগিছিল ৷ সি ৰতনীৰ বিৰহত ব্ৰহ্মপুত্ৰৰ পাৰত বিলপ কৰিবলৈ ধৰিলে ৷ বুকুৰ মাধুৰী লৈ উজাই অহা ৰতনীয়ে যাবৰ পৰত শাহটো সামৰি ধনবৰলৈ খোলাটো এৰি গ’ল বুলি ধনৰে বিলাপ কৰিছ৷ৰতনীৰ সৈতে গভীৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠাৰ পিছতো পিতৃ মাতৃক মনাব নোৱাৰা ধনবৰে কেনেকৈ জীয়াই থাকে বুলি প্ৰশ্ন কৰিছে ৷ ধনবৰৰ বুকু শুদা কৰি মাক-বাপেকৰ সৈতে ঘূৰি যোৱা ৰতনীক কালশতৰু বুলি অভিহিত কৰিছে আৰু কবিতাটোৰ শেষৰ ফালে “যাগে ৰতনী! নাহিবি নাহিবি, বিচাৰি নাহিবি মোক ৷” বুলি ৰতনীৰ প্ৰতি গভীৰ অভিমান প্ৰকাশ কৰিছে ৷

৩। ৰতনীৰ প্ৰতি ধনবৰৰ প্ৰেমৰ প্ৰকাশ কিদৰে ঘটিছে বৰ্ণনা কৰা ৷
উত্তৰঃ ‘ধনবৰ আৰু ৰতনী’ কবিতাটো এটা মালিতা ৷ মালিতাটোৰ মাজেৰে ধনবৰৰ কাৰুণ্যতা প্ৰকাশ পাইছে ৷ ধনশিৰিমুখৰ ৰতনী মাক-বাপেকৰ সৈতে কিছুদিন ধনবৰহঁতৰ ঘৰত থকাৰ সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে ৷ দুয়োৰে মাজত থকা প্ৰেমৰ কথা গ’ম পাই ৰতনীক মাক-বাপেকে ঘৰলৈ লৈ গ’ল ৷ ধনবৰ ভাগি পৰিল৷সি লুইতৰ পাৰত বহি বিলাপ কৰিবলৈ ধৰিলে ৷ ৰতনীৰ অবিহনে ধনবৰৰ জীৱন যেন বৃথা৷মনৰ বেজাৰত সেন্দূৰী টিঙত বহি উটি যোৱা ৰতনীক কালশতৰু বুলি কৈ৷কিয়নো প্ৰথমে ভালপোৱা দি পিছত বুকুৰ কামিহাড় ভাঙি ৰতনী আঁতৰি গৈছে ৷ যাৰ বাবে ধনবৰৰ জীয়াই থকাৰ হেঁপাহ নোহোৱা হৈছে ৷ লুইতৰ পাৰত বিননি জুৰি অৱশেষত ৰতনীৰ বেজাৰতে ধনবৰ লুইতৰ বুকুত জাহ গৈছে ৷

৪। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ

ক) গঙাতে উৰিল ঐ গঙাৰে চিলনী,
বালিতে উৰিল ঐ ঘোঁৰা,
সেন্দূৰী টিঙতে বহি উটি গ’লে
ৰতনী ধনাইৰি পৰা ৷

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ‘ধনবৰ আৰু ৰতনী’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ৷

ৰতনীৰ প্ৰতি ধনবৰৰ মনত উন্মেষ হোৱা গভীৰ প্ৰেমৰ ছবি কবিতাফাঁকিৰ মাজেৰে প্ৰকাশিত হৈছে ৷

ধনশিৰিমুখৰ ৰতনী মাক-বাপেকৰ সৈতে কিছুদিন ধনবৰহঁতৰ ঘৰত থকাৰ সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে ৷ দুয়োৰে মাজত থকা প্ৰেমৰ কথা গ’ম পাই ৰতনীক মাক-বাপেকে ঘৰলৈ লৈ গ’ল ৷ ধনবৰ ভাগি পৰিল৷সি লুইতৰ পাৰত বহি বিলাপ কৰিবলৈ ধৰিলে ৷ ৰতনীৰ অবিহনে ধনবৰৰ জীৱন যেন বৃথা৷মনৰ বেজাৰত সেন্দূৰী টিঙত বহি উটি যোৱা ৰতনীক কালশতৰু বুলি কৈ ৷ কিয়নো প্ৰথমে ভালপোৱা দি পিছত বুকুৰ কামিহাড় ভাঙি ৰতনী আঁতৰি গৈছে ৷ যাৰ বাবে ধনবৰৰ জীয়াই থকাৰ হেঁপাহ নোহোৱা হৈছে ৷ লুইতৰ পাৰত বিননি জুৰি অৱশেষত ৰতনীৰ বেজাৰতে ধনবৰ লুইতৰ বুকুত জাহ গৈছে ৷ ধনবৰৰ বিলাপত ৰতনীৰ প্ৰতি গভীৰ প্ৰেম প্ৰকাশ পাইছে ৷

খ) ফুটুকাৰ তলতে যখিনী ছোৱালী ৷
টুকটুক চাপৰি বায়
ধনাইৰ ছাঁতে ৰতনী নাই ঐ
কোনে তাৰ মুখলৈ চায়৷

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ‘ধনবৰ আৰু ৰতনী’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ৷

ৰতনীৰ প্ৰতি ধনবৰৰ মনত উন্মেষ হোৱা গভীৰ প্ৰেমৰ ছবি কবিতাফাঁকিৰ মাজেৰে প্ৰকাশিত হৈছে ৷

অসমীয়া ৰূপকথাৰ যখিনী ছোৱালীৰ উল্লেখেৰে কবিয়ে পংক্তিটোত এক চহা ৰূপ দান কৰিছে ৷ ৰতনীৰ বিৰহত কাতৰ হৈ পৰা ধনবৰে লুইতৰ পাৰত ৰৈ ৰৈ বিলাপ কৰিছে ৷ ৰতনীৰ অবিহনে তাৰ জীৱন বৃথা যেন অনুভৱ হৈছে ৷ ৰতনীকে মনে প্ৰাণে ভালপোৱাৰ পিছত ৰতনীয়ে দিয়া বুকুভঙা বেদনাক কবিয়ে লোক সংগীতৰ সুৰেৰে কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে ৷

অতিৰিক্ত প্ৰশ্ন

১। লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্যৰসাত্মক পুথি কেইখনৰ নাম লিখা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্যৰসাত্মক পুথি কেইখনৰ নাম- কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভতনি, কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি, বৰবৰুৱাৰ বুলনি ৷

২। লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ পুথি কেইখনৰ নাম লিখা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ পুথি কেইখনৰ নাম- সুৰভি, সাধুকথাৰ কুঁকি, জোনবিৰি, কেহোঁকলি ৷

৩। লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথি কেইখনৰ নাম লিখা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথি কেইখনৰ নাম- বুঢ়ী আইৰ সাধু,জুনুকা, ককাদেউতা আৰু নাতি ল’ৰা ৷

৪। লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনী পুথি কেইখনৰ নাম লিখা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনী পুথি কেইখনৰ নাম- দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত, শ্ৰী শ্ৰী শংকৰদেৱ, মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ৷

৫। লক্ষ্মীনাথ বেজবৰুৱাৰ আলোচনামূলক গ্ৰন্থ কেইখনৰ নাম লিখা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ আলোচনামূলক গ্ৰন্থ কেইখনৰ নাম- The Religion of Love and Devotion, শ্ৰীকৃষ্ণকথা, কামত কৃতিত্ব লভিবৰ সংকেত, ভাগৱত কথা ৷

৬। লক্ষ্মীনাথ বেজবৰুৱা কিমান চনৰ অসম সাহিত্য সভাৰ সভাপতি আছিল? এই অধিৱেশন ক’ত হৈছিল?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ১৯২৪ চনৰ অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সভাপতি আছিল ৷

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment