Class 11 Assamese Question Answer Chapter 16

আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো Assamese Medium ৱেবছাইটৰ আন এক গুৰুত্বপূৰ্ণ লিখনি লৈ যত আমি আপোনাৰ বাবে আজি আলোচনা কৰিব গৈ আছোঁ Class 11 Assamese Question Answer Chapter 16 অৰ্থাৎ একাদশ শ্ৰেণীৰ অসমীয়া বিষয়ৰ ১৬তম অধ্যায় “এখন চিঠি” ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ।

Watch FREE Video Classes

আপুনি যদি Class 11 (Arts, Science অথবা Commerce) ত পঢ়ি আছে অথবা পঢ়াই আছে তেন্তে আপোনালোকৰ বাবে Class 11 Assamese Question Answer Chapter 16 নামৰ লিখনিটোৱে বহুত উপকাৰ কৰিব।

ইয়াত আমি Class 11 Assamese Questiona Answer ত বহু কেইটা অধ্যায়ৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিছো, তলত দিয়া লিংকৰ পৰা আপুনি পঢ়িব পাৰে।

Class 11 Assamese Question Answer Chapter 16 for Final Exam

এই লিখনি (Class 11 Assamese Question Answer Chapter 16) ত অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ, ব্যাখ্যা, Assamese Grammar ৰ কিছু প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত সুধা কিছু গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্ন উত্তৰ আপোনালোকৰ বাবে লৈ অহাৰ প্ৰয়াস কৰা হৈছে। তেন্তে আহক, কোনো সময় নষ্ট নকৰাকৈ আজি আমি Class 11 Assamese Question Answer Chapter 16 আলোচনা কৰোঁ।

Class 11 Assamese Question Answer Chapter 16

অতি চমু প্ৰশ্ন (মূল্যাংক-১)

১। ‘এখন চিঠি’ কবিতাটো হেম বৰুৱাৰ কোনখন পুথিৰ পৰা লোৱা হৈছে?
উত্তৰঃ এখন চিঠি’ কবিতাটো হেম বৰুৱাৰ ‘মন-ময়ূৰী’ কবিতাপুথিৰ পৰা লোৱা হৈছে ৷

২। হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম লিখা ৷
উত্তৰঃ হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম-পছোৱা ৷

৩। চেলা গিৰিপথ ক’ত আছে?
উত্তৰঃ চেলা গিৰিপথ অৰুণাচল প্ৰদেশত চীন সীমান্তত আছে।

৪। কবিয়ে কেনে মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈছে?
উত্তৰঃ যি মৃত্যুৱে আন দহজনক জীৱন দিয়ে সেই মৃত্যুক কবিয়ে আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈছে ৷

৫। ‘এখন চিঠি’ কবিতাটোত উল্লেখ কৰা সৈনিক জনৰ পত্নীৰ নাম কি?
উত্তৰঃ ‘এখন চিঠি’ কবিতাটোত উল্লেখ কৰা সৈনিক জনৰ পত্নীৰ নাম- মমতা ৷

চমু প্ৰশ্ন (মূল্যাংক-২/৩)

১। ‘এখন চিঠি’ কবিতাত সৈনিকজন যুদ্ধলৈ যাবৰ সময়ত তেওঁৰ পত্নীয়ে কি কৰিছিল?
উত্তৰঃ ‘এখন চিঠি’ কবিতাত সৈনিকজন যুদ্ধলৈ যাবৰ সময়ত পত্নীৰ মানসিক অৱস্থা অতিশয় বেদনাসিক্ত আছিল ৷ তেওঁ দুচকু চকুলোৰে উপচি পৰিছিল ৷

২। ‘এখন চিঠি’ কবিতাত সৈনিকজনে যুদ্ধক্ষেত্ৰৰ কেনে বিৱৰণ আগবঢ়াইছে?
উত্তৰঃ ‘এখন চিঠি’ কবিতাটোত এজন সৈনিকে এখন চিঠিৰ মাধ্যমেৰে পত্নীলৈ লিখিছে পত্নীৰপৰা লৈ অহা বিদায় মুহূৰ্তত মৰ্মান্তুদ কাহিনী ৷ হেজাৰ হেজাৰ ফুট ওখ পৰ্বতৰ মাজত থাকি তেওঁৰ সকলো কল্পনাই ছাঁই হৈ গৈছে ৷ সেই পৰ্বতবোৰ তেওঁলোকৰ মৰমৰ মৰিশালি, য’ত সৈনিকৰ তেজৰ চেঁকুৰা জিলিকি থাকে৷তাত প্ৰতিধ্বনিত হয় তেওঁলোকৰ অন্তৰৰ জুই শিখা ৷ ই এখন মহাকাব্যৰ দৰে ৷ ইয়াতে মৌন ভাষাৰে লিখা থাকে শ শ সৈনিকৰ তেজৰ বুৰঞ্জী৷ইয়াৰ পৰাই শুনা যায় শত্ৰুৰ কামানৰ গৰ্জন, দেখা যায় ধোঁৱা আৰু ধোঁৱা ৷

৩। সৈনিকজনে মৃত্যুক কেনেদৰে গ্ৰহণ কৰিছে?
উত্তৰঃ সৈনিকজনে মৃত্যুক দেৱতাৰ আশীৰ্বাদ পাৰিজাত ফুলৰ লগত তুলনা কৰিছে ৷ সেই মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ ৷ আত্মাৰ যিদৰে মৰণ নাই, দেশৰ হকে প্ৰাণ ত্যাগ কৰা বীৰ সকলো মৃত্যুৰ পিছত অমৰত্ব লাভ কৰে ৷

৪। নিজৰ সন্তান দুটাক কি কথাৰে বুজনি দিবলৈ সৈনিকজনে কৈছে?
উত্তৰঃ সৈনিকজনে চিঠিত পত্নীক অনুৰোধ কৰিছে যে, শত্ৰুৰ কামানৰ আঘাতত যদি তেওঁৰ কেনেবাকৈ মৃত্যু হয় ঘৈণীয়েকে যাতে তেওঁলোকৰ ল’ৰা দুটাৰ সম্পূৰ্ণ দায়িত্ব লয় ৷ সিহঁতে যাতে কেতিয়াও পিতৃৰ অভাৱবোধ কৰি মনোকষ্ট ভুগিব লগা নহয় তাৰ প্ৰতি মমতাক অতি সতৰ্ক হ’বলৈ কৈছে ৷

৫। সৈনিকজনে চিঠিখন সেইদিনাই ডাকত দিব নোৱাৰাৰ কাৰণ কি?
উত্তৰঃ সৈনিকজনে চিঠিখন সেইদিনাই ডাকত দিব নোৱাৰাৰ কাৰণ – শত্ৰু সৈন্যক বাধা দিবলৈ চেলা গিৰিপথলৈ যোৱাৰ হঠাৎ জৰুৰী আদেশ অহাৰ বাবে ৷

দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫)

১। ‘এখন চিঠি’ কবিতাত পত্নীৰ প্ৰতি সৈনিকজনৰ কেনে মনোভাৱ প্ৰকাশ পাইছে?
উত্তৰঃ ‘এখন চিঠি’ কবিতাটোত এগৰাকী সৈনিকে তেওঁৰ পত্নীলৈ এখন চিঠি লিখিছে। সাংসাৰিক স্নেহৰ মধুৰ প্ৰকাশ কবিতাত ব্যঞ্জিত হৈছে৷পত্নীৰ পৰা বিদায় লৈ অহা মৌন ক্ষণৰ কথা সৈনিকজনে চিঠিখনৰ জৰিয়তে সোঁৱৰণ কৰিছে ৷ ওখ পৰ্বতমালাৰ মাজত থাকি তেওঁৰ সকলো কল্পনা ছাঁই হৈ গৈছে ৷ আদেশ পালেই যিকোনো মুহূৰ্ততে যুদ্ধলৈ যাবলৈ তেওঁ সাজু এই কথা চিঠিখনত ব্যক্ত কৰিছে৷

২। সৈনিকৰ দেশ প্ৰেম ‘এখন চিঠি’ কবিতাটোত কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা ৷
উত্তৰঃ ‘এখন চিঠি’ কবিতাটোত সৈনিক জীৱনৰ যুদ্ধক্ষেত্ৰৰ পৰিস্থিতি আৰু দেশৰ প্ৰতি উৎসৰ্গিত জীৱনৰ মহত্ত্বও প্ৰতিভাত হৈছে ৷ সৈনিকৰ মৃত্যু স্বৰ্গীয় পাৰিজাত ফুল সদৃশ ৷ য’ত দেৱতাৰ আশীৰ্বাদ থাকে৷ভৱিষ্যত পুৰুষক সেই আদৰ্শৰদ্বাৰা উদ্বুদ্ধ কৰিবলৈও কবিতাটোৰ মাজেৰে প্ৰয়াস কৰা হৈছে ৷

৩। ‘এখন চিঠি’ কবিতাত যুদ্ধক্ষেত্ৰৰ ভয়াৱহতা কেনেদৰে প্ৰকাশ পাইছে লিখা ৷
উত্তৰঃ ‘এখন চিঠি’ কবিতাত এনেকুৱা এটা ভয়াবহ পৰিস্থিতিৰ অৱতাৰণা কৰিছে য’ত যিকোনো সময়তে যুদ্ধক্ষেত্ৰলৈ যাবলৈ সাজু হ’ব লাগিব ৷ শত্ৰু সৈন্যই কোন সময়ত আক্ৰমণ কৰে তাৰ কোনো ঠিক নাই৷প্ৰতি মুহূৰ্ততে যেন মৃত্যুৱে আগচি ধৰিব এনেকুৱা এটা পৰিস্থিতি ৷ আৰু এই পৰিস্থিতিৰ লগত যুঁজিবলৈ আৰু দেশৰ বাবে প্ৰাণ দিবলৈ সৈনিক সদায় সাজু ৷

৪। ‘তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল’ কথাষাৰৰ মৰ্মাৰ্থ বুজাই লিখা৷
উত্তৰঃ কবি হেম বৰুৱাৰ ‘এখন চিঠি’ কবিতাটো এটা অতি মৰ্মস্পৰ্শী কবিতা ৷ ষাঠিৰ দশকত ৰচিত এই কবিতাটো সুদূৰ মেঘাচ্ছন্ন পৰ্বতৰ মোহনাত ৰৈ এজন সৈনিকে তেওঁৰ প্ৰাণপ্ৰিয়া মমতালৈ লিখা চিঠিৰ মৰ্ম প্ৰকাশ পাইছে ৷ সৈনিক জীৱনত কামৰ কোনো নিৰ্দ্দিষ্ট সময় নাথাকে ৷ মৰমৰ আত্মীয় ইষ্ট কুটুম্বলৈও মৰম যাঁচি, খা-খবৰ দিব বা বিচাৰি চিঠি এখন লিখিবলৈ বা লিখি ডাকত দিবলৈও সময় নোপোৱা আদি কৰ্মব্যস্ত সৈনিক জীৱনৰ কথা চিঠিখনৰ মাজেদি প্ৰকাশ পাইছে ৷ সৈনিকগৰাকী পত্নীৰ পৰা বিদায় লৈ অহাৰ সময়ত পত্নীৰ মানসিক অৱস্থা অতিশয় বেদনাসিক্ত আছিল ৷ তেওঁৰ দুচকু চকুলোৰে উপচি পৰিছিল ৷ সেই সময়ত পত্নীৰ অৱস্থা দেখি সৈনিকগৰাকীও মৌন আৰু নিথৰ হৈ পৰিছিল ৷

প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা

ক) এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই
লেখি যোৱা তেজৰ বুৰঞ্জী ৷

উত্তৰঃ উপৰোক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত হেম বৰুৱাৰ ৰচিত ‘এখন চিঠি’ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ৷

সৈনিকৰ জীৱন আৰু যুদ্ধক্ষেত্ৰ যে এখন মহাকাব্য সদৃশ তাকেই কবিতাফাঁকিৰ জৰিয়তে বুজাবলৈ যত্ন কৰা হৈছে ৷

এজন সৈনিকৰ জীৱন সহজ নহয় ৷ তেওঁৰ অন্তৰত লুকাই থাকে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা হাজাৰ মৰ্মস্পৰ্শী বেদনা ৷ মহাকাব্যত যিদৰে শত শত জনৰ তেজৰে লিখা বুৰঞ্জী থাকে, এই সৈনিকসকলৰ জীৱনো তেনেকুৱা ৷ প্ৰতি মূহূৰ্ততে যুদ্ধৰ বাবে সাজু থাকিব লগা হয়৷কোন সময়ত শত্ৰুৰ হাতত নিজকে আত্মসমৰ্পণ কৰিব লগা হয় তাৰ ঠিকনা নাই ৷

খ) মৃত্যুৱে যদি অভিনন্দন জনায়
সেই মৃত্যু পাৰিজাত ফুল
তাত দেৱতাৰ আশীৰ্বাদ আছে ৷

উত্তৰঃ উপৰোক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত হেম বৰুৱাৰ ৰচিত ‘এখন চিঠি’ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ৷

কবি বৰুৱাই মৃত্যুক দেৱতাৰ আশীৰ্বাদ পাৰিজাত ফুলৰ লগত তুলনা কৰিছে উক্ত কবিতাফাঁকিৰ জৰিয়তে ৷

এজন সৈনিক হোৱা সচাঁকৈয়ে বহুত টান ৷ তেওঁলোকৰ জীৱন দেশমাতৃৰ বাবে উৎসৰ্গিত ৷ যিকোনো মুহূৰ্তত শত্ৰুপক্ষৰ লগত হোৱা আক্ৰমণত প্ৰাণ যাব পাৰে৷তাৰ বাবে সৈনিকসকল সদায়ে সাজু ৷ তেওঁলোকৰ বাবে মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ ৷ আত্মাৰ যিদৰে মৃত্যু নাই সৈনিকৰ মৃত্যুও তেনেকুৱা, অৰ্থাৎ মৰিও অমৰ৷কবিয়ে তেনে মৃত্যুক দেৱতাৰ আশীৰ্বাদ পাৰিজাত ফুল আখ্যা দি সৈনিকৰ জীৱনৰ মহত্ত্ব প্ৰকাশ কৰিছে ‘এখন চিঠি’ কবিতাটোৰ জৰিয়তে ৷

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment