Class 10 Science MCQ Chapter 12 in Assamese

আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো Assamese Medium ৱেবচাইটৰ আন এক গুৰুত্বপূৰ্ণ আলোচনাত। আজি আমি Class 10 Science MCQ Chapter 12 in Assamese আপোনালোকৰ বাবে লৈ আহিছোঁ যিয়ে আপোনাক আগন্তুক HSLC Final Exam 2023 ত সহায় কৰিব।

Watch FREE Video Classes

ইয়াৰ আগতে আমি Class 10 Science MCQ for HSLC 2023 কিছু আলোচনা কৰিছো। আপোনাৰ প্ৰয়োজন হলে লিংকত ক্লিক কৰি পঢ়িব পাৰে। তেন্তে আজি আহক আমি Class 10 Science MCQ Chapter 12 in Assamese আলোচনা কৰোঁ।

Class 10 Science MCQ Chapter 12 in Assamese | বিদ্যুৎ

1. এটা বালৰ বিভৱ 220 v আৰু ক্ষমতা 100w । যদি বালটোৰ বিভৱ 110v হয়, তেন্তে ইব্যয় কৰা ক্ষমতা কিমান ?
(a) 100W
(b) 75W
(c) 50W
(d) 25W
উত্তৰ : (d) 25 W

2. দুডাল পৰিবাহী একে পদাৰ্থৰে নিৰ্মিত, সমান দীঘল আৰু সমান ব্যাসৰ, আৰু ইহঁতৰ এডালক শ্ৰেণীৱদ্ধভাৱে আৰু আন ডালক সমান্তৰালভাৱে বৰ্ত্তনী এটাত সংযোগ কৰা হ’ল। দুয়োটাতে উৎপন্ন হোৱা তাপৰ অনুপাত
(a) 1:2
(b) 2:10
(c) 1:4
(d) 4:1
উত্তৰ: (c) 1:4

3. বৈদ্যুতিক শক্তিৰ এছ.আই. একক—
(a) বাট
(b) বাট/ছেকেণ্ড
(c) কিলোৱাট/ঘণ্টা
(d) কিলোৱাট/ ছেকেণ্ড
উত্তৰঃ (c) কিলোৱাট/ঘণ্টা

4. বৈদ্যুতিক আধানৰ এছ.আই. এককহ’ল
(a) কুলম্ব
(c) এম্পিয়াৰ
(b) ওম
(d) ভল্ট
উত্তৰ: (a) কুলম্ব

5.এছ.আই. পদ্ধতিত বিদ্যুৎক্ষেত্ৰৰ প্ৰাৱল্যৰ একক
(a) নিউটন/এম্পিয়াৰ
(b) নিউটন/মিটাৰ²
(c) নিউটন /কুলম্ব
(d) নিউটন
উত্তৰ: (c) নিউটন /কুলম্ব।

6. এছ.আই. পদ্ধতিত বিদ্যুৎপ্ৰৱাহ, ৰোধ আৰু আধানৰ একক হ’ল-
(a) এম্পিয়াৰ, ওম আৰু কুলম্ব
(b) এম্পিয়াৰ, কুলম্ব আৰু ওম
(c) কুলম্ব, ওম আৰু এম্পিয়াৰ
(d) কুলম্ব, এম্পিয়াৰ আৰু ওম
উত্তৰ : (a) এম্পিয়াৰ, ওম আৰু কুলম্ব

7. কুলম্ব ইলেক্ট্ৰ’নীয় আধানৰ মান হৈছে—
(a) 6.023 x 10²³
(b) 1.602×10–¹⁹
(c) 6.24 x 10¹⁸
(d) 9 x 10⁹
উত্তৰ : (b) 1.602 x 10-¹⁹

8. প্ৰৱাহ জোখা আহিলাটো হ’ল—
(a) ভ’ল্টমিটাৰ
(b) গেলভেন’মিটাৰ
(c) এমিটাৰ
(d) থার্মমিটাৰ
উত্তৰ: (c) এমিটাৰ

9. ভল্টেজ জোখা আহিলাটো হ’ল—
(a) এমিটাৰ
(c) থার্মমিটাৰ
(b) ভল্টমিটাৰ
(d) গেলভেন’মিটাৰ
উত্তৰঃ (b) ভল্টমিটাৰ

10. কুলম্বৰ সূত্ৰৰ সমানুপাতিক ধ্ৰুৱক তলৰ কোনটোৰ ওপৰত নিৰ্ভৰ কৰে—
(a) আধান
(c) একক
(b) আধানৰ মাজৰ দূৰত্ব
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (c) একক

11. এটা বস্তুৰ মুঠ আধান -1 কুলম্ব হ’লে বস্তুটোত থকা অতিৰিক্ত ইলেক্ট্ৰ’নৰ সংখ্যা—
(a) 1.6 x 10-¹⁹
(b) 6.24 x 10²⁴
(d) 6.24 x 10¹⁸
(c) 6.24×10-¹⁹
উত্তৰ : (d) 6.24 x 10¹⁸

12. দুটা আধানৰ মাজৰ বল F। এতিয়া প্ৰত্যেকটো আধানৰ পৰিমাণ আধা কৰি সিহঁতৰ মাজৰ দূৰত্ব যদি দুগুণ কৰা হয়, তেতিয়া আধান দুটাৰ মাজৰ নতুন বল হব—
(a) 2F
(c) 4F
(b) F
(d) 16F
উত্তৰ : (d) 16F

13. যদি কুলম্বৰ সূত্ৰৰ সমানুপাতিক ধ্ৰুৱটো N হয়, তেন্তে বায়ুত 1 মিটাৰ দূৰত্বত ৰখা দুটা কুলম্ব আধানৰ মাজৰ বল হ’ব—
(a) XN
(c) 2XN
(b) 1.5XN
(d) 10⁹XN
উত্তৰ : (d) 10⁹XN

14. ধনাত্মক আধান এটাক নিম্ন বিভৱৰ পৰা উচ্চ বিভৱলৈ স্থানান্তৰ কৰিলে তাৰ স্থিতিশক্তি—
(a) বাঢে
(b) কমে
(c) একেই থাকে
(d) কি হয় জনা নাযায়
উত্তৰ: (a) বাঢে

15. বৈদ্যুতিক বিভৱ এটা—
(a) ভেক্টৰ ৰাশি
(b) স্কেলাৰ ৰাশি
(c) ভেক্টৰো নহয় স্কেলাৰো নহয়
(d) কেতিয়াবা ভেক্টৰ আৰু কেতিয়াবা স্কেলাৰ
উত্তৰ: (b) স্কেলাৰ ৰাশি

16. বৈদ্যুতিক প্রাবল্য হ’ল-
(a) একক ধনাত্মক আধানৰ ওপৰত প্ৰয়োগ কৰা বল
(b) একক কণাত্মক আধানৰ ওপৰত প্ৰয়োগ কৰা বল
(c) একক ধনাত্মক আধানৰ ওপৰত কৰা কাৰ্য
(d) একক ঋণাত্মক আধানৰ ওপৰত কৰা কাৰ্য
উত্তৰ: (a) একক ধনাত্মক আধানৰ ওপৰত প্ৰয়োগ কৰা বল

17. এখন বৈদ্যুতিক ক্ষেত্ৰত মুক্ত ধনাত্মক আধান এটাৰ গতিৰ দিশ—
(a) উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ
(b) নিম্ন বিভৱৰ পৰা উচ্চ বিভৱলৈ
(c) আধানটোৱে গতি নকৰে
(d) যিকোনো দিশত মুক্তভাৱে গতি কৰে ৷
উত্তৰ: (a) উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ

18. ভুল উক্তিটো চিনাক্ত কৰা :
(a) এছ.আই. পদ্ধতিত পদাৰ্থৰ আপেক্ষিক ৰোধৰ একক ওম মি.
(b) পৰিবাহী তাঁৰ এডালৰ ৰোধ তাঁৰডালৰ প্রস্থচ্ছেদৰ সমানুপাতিক
(c) ধাতৱ তাঁৰ এডালৰ মাজেৰে বিদ্যুৎ প্ৰৱাহ হ’লে অকল ইলেকট্রনে গতি কৰে
(d) শ্রেণীৱদ্ধ সজ্জাত প্ৰতিটো ৰোধকৰ মাজেৰে একে বিদ্যুৎপ্ৰৱাহ চালিত হয়
উত্তৰ: (b) পৰিবাহী তাঁৰ এডালৰ ৰোধ তাঁৰডালৰ প্রস্থচ্ছেদ সমানুপাতিক

19. 0.5 কুলম্ব আধান এটা A বিন্দুৰ পৰা B বিন্দুলৈ নিলে তাৰ স্থিতিশক্তি বৃদ্ধি হয 1 জুল। A আৰু B বিন্দুৰ মাজৰ বিভৱভেদ হ’ব-
(a) 5 ভল্ট
(b) 0.5 ভ’ল্ট
(c) 2 ভ’ল্ট
(d) 10 ভল্ট
উত্তৰ : (c) 2 ভ’ল্ট।

20. এডাল তাঁৰৰ মাজেৰে 1 এম্পিয়াৰ প্ৰবাহ বৈ আছে। তাঁৰডালৰ যিকোনো বিন্দুৰ মাজেৰে 1 মিনিটত পাৰ হৈ যোৱা আধানৰ পৰিমাণ
(a) 0.1 কুলম্ব
(b) 0.6 ম’ল
(c) 1 কুলম্ব
(d) 60 কুলম্ব
উত্তৰ : (d) 60 কুল

21. ধনাত্মকভাৱে আহিত বস্তুৰ গাত ওপৰঞ্চি ইলেক্ট্রন ঘাটি থাকে আৰু ঋণাত্মকভাৱে আহিত বস্তুৰ গাত ওপৰঞ্চি – থাকে।
(a) ইলেক্ট্রন
(b) প্ৰ’টন
(c) নিউট্রন
(d) পজিট্রন
উত্তৰ : (a) ইলেক্ট্ৰ’ন

22. এটা পদাৰ্থৰ ৰোধকতা এছ আই একক—(HSLC ’15)
(a) Ω
(b) Ωm
(c) Ωm¹
(d) Ωm²
উত্তৰ : (b) Ωm

23. S2 ৰোধৰ তাঁৰ এডাল চাৰিটা সমান অংশত ভাগ কৰা হ’ল। অংশ চাৰিটা সমান্তৰাল সজ্জাতসংযোগ কৰা হ’ল। সমান্তৰাল সজ্জাৰ সমতুল্য ৰোধ R ৰে বুজালে 252: R হ —(HSLC ’15)
(a) 16
(b) 1/4
(c) 1/8
(d) 8
উত্তৰ: (a) 16

24. দুডাল তাঁৰৰ দৈৰ্ঘ্য, ৰোধ, ৰোধাংক—-প্ৰতিটোৰ ক্ষেত্ৰত অনুপাতৰ মান 1:2 তাঁৰ দুডালৰব্যাসৰ অনুপাত কিমান হ’ব ? (HSLC ’16)
(a) 1:2
(c) 4:1
(b) 1:4
(d) 1 : √2
উত্তৰ : (a) 1:2

25. এটা বৈদ্যুতিক বাল্ব 220 V আৰু 100W চিহ্নিত কৰা আছে। যেতিয়া ইয়াক 110V ত ব্যৱহাৰ কৰা হয়, তেতিয়া ইয়াৰ ক্ষমতা হ’ব (HSLC-2018)
(a) 75 W
(b) 25 W
(c) 100 W
(d) 50 W
উত্তৰ : (c) 100 W

26. বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক 1 kWh মানে (HSLC-2019)
(i) 36 x 10⁶ J
(ii) 3.6 × 10⁶ J
(iii) 3.6 x 10⁵ J
(iv) 36 x 10⅝ J
উত্তৰ : (ii) 3.6 x 10⁶ J

27. তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক নিৰ্দেশ নকৰে ? (HSLC-2020)
(i) IR²
(ii) I²R
(iii) V²/ R
(iv) VI
উত্তৰ : (i) IR²

28. বিদ্যুৎ আধানৰ এছ, আই, একক হ’ল(HSLC-2022)
(i) কুলম্ব
(ii) ভল্ট
(iii) ৱাট
(iv) জুল
উত্তৰ : (i) কুলম্ব

29. তলৰ কোনটোৱে কোনো বৰ্ত্তনাত বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে ?
(a) I²R
(b) lR²
(c) V. I.
(d) v²/R
উত্তৰ : (b) IR²

30. সদৃশ আধানৰ মাজৰ স্থিতি বৈদ্যুতিক বল—— আৰু বিসদৃশ আধানৰ মাজৰ বল –
(a) ঋণাত্মক, ধনাত্মক
(b) ঋণাত্মক, ঋণাত্মক
(c) ধনাত্মক, ধনাত্মক
(d) ধনাত্মক, ঋণাত্মক
উত্তৰ: (d) ধনাত্মক, ঋণাত্মক

31. এক মাইক্ৰ’এম্পিয়াৰ বিদ্যুৎপ্ৰৱাহ বৈ যোৱাৰ বাবে এক ছেকেণ্ডত কিমান সংখ্যক ইলেকট্রন চালিতহ’ব লাগিব ? (HSLC-2017)
(a) 6.25 x 10¹⁵
(b) 6.25 x 10⁹
(c) 6.25 x 10¹²
(d) 6.25 x 10⁶
উত্তৰ : (c) 6.25 x 10¹²

32. R ৰোধযুক্ত তাঁৰ এডালক 5টা সমান টুকুৰাত ভাগ কৰা হৈছে। এতিয়া টুকুৰাকেইটা সমান্তৰালকৈ সংযোগ কৰা হ’ল। যদি সমতুল্য ৰোধৰ পৰিমাণ R হয় তেতিয়া R/R অনুপাত হ’ব –
(a) 1/25
(b) 1/5
(c) 5
(d) 25
উত্তৰ : (d) 25

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment