Class 10 Science MCQ Chapter 11 in Assamese

আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো Assamese Medium ৱেবচাইটৰ আন এক গুৰুত্বপূৰ্ণ আলোচনাত। আজি আমি Class 10 Science MCQ Chapter 11 in Assamese আপোনালোকৰ বাবে লৈ আহিছোঁ যিয়ে আপোনাক আগন্তুক HSLC Final Exam 2023 ত সহায় কৰিব।

Class 10 Science MCQ Chapter 11 in Assamese

ইয়াৰ আগতে আমি Class 10 Science MCQ for HSLC 2023 কিছু আলোচনা কৰিছো। আপোনাৰ প্ৰয়োজন হলে লিংকত ক্লিক কৰি পঢ়িব পাৰে। তেন্তে আজি আহক আমি Class 10 Science MCQ Chapter 11 in Assamese আলোচনা কৰোঁ।

Watch FREE Video Classes

Class 10 Science MCQ Chapter 11 in Assamese | মানুহৰ চকু আৰু বাৰেণীয়া পৃথিবী

1. 25 ছে.মি ন্যূনতম দূৰত্ব নিয়মীয়া দৃষ্টিৰ সদ্য স্পষ্টকৈ দেখা যায়
(a) প্রাপ্তবয়স্কৰ
(c) কৈশোৰৰ
(b) শিশুৰ
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (a) প্রাপ্তবয়স্কৰ

2. চকুৰ কি অঙ্গৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্যৰ পৰিবৰ্তন হয়?
(a) চকুৰ মণি
(b) অক্ষিপট
(c) চিলিয়াৰী
(d) চকুৰ পতা
উত্তৰঃ (c) চিলিয়াৰী

3. চকুৰ কৰ্ণিয়াৰ পিছফালে কি থাকে
(a) চকুৰ মণি
(c) ৰেটিনা
(b) ইৰিচ
(d) নেত্রোদ
উত্তৰ : (b) ইৰিচ

4. চকুৰ পতাই কি নিয়ন্ত্ৰণ কৰে –
(a) চকুৰ মাণৰ আকাৰ
(b) ৰেটিনাৰ আকাৰ
(c) নেত্ৰোদৰ আকাৰ
(d) কর্ণিয়াৰ আকাৰ
উত্তৰ : (a) চকুৰ মণিৰ আকাৰ

5. অক্ষিগোলকৰ ব্যাস হ’ল প্ৰায়
(a) 2.1 cm
(c) 2.3 cm
(b) 2.2 cm
(d) 2.4cm
উত্তৰ : (c) 2.3 cm

6. চকুৰ সৈতে জড়িত অংশবিলাকে কি ৰূপান্তৰ কৰে —-
(a) পোহৰক স্নায়বিক সংকেতলৈ
(b) পোহৰক চুম্বকীয় সংকেতলৈ
(c) পোহৰক বৈদ্যুতিক সংকেতলৈ
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (c) পোহৰক বৈদ্যুতিক সংকেতলৈ

7. নেত্ৰদানৰ বাবে চকুযোৰ কিমান সময়ৰ ভিতৰত আতৰাব লাগে
(a) 10-12 ঘন্টা
(b) 6-7 ঘন্টা
(c) 4-5 ঘন্টা
(d) 2-3 ঘন্টা
উত্তৰ : (c) 4-5 ঘন্টা

8. তলৰ কোনবিধ ৰোগীয়ে নেত্ৰদান কৰিব পাৰে
(a) মধুমেহ
(b) উচ্চৰক্তচাপ
(c) এজমা
(d) কেটেৰেক্ট
উত্তৰ: (d) কেটেৰেক্ট

9. সূৰ্যৰ পোহৰ কেইটা ৰঙেৰে গঠিত
(a) পাচটা
(b) ছয়টা
(c) সাতটা
(d) আঠটা
উত্তৰ: (c) সাতটা

10. ৰামধেনু সূৰ্যৰ কি দিশত সৃষ্টি হয়
(a) ওপৰত
(b) তলত
(c) সন্মুখত
(d) বিপৰীত দিশত
উত্তৰ: (d) বিপৰীত দিশত

11. আকাশৰ ৰং নীলা হোৱাৰ কাৰণ কি
(a) পোহৰৰ প্ৰতিফলন
(b) পোহৰৰ প্ৰতিসৰণ
(c) পোহৰৰ বিক্ষেপন
(d) ওপৰৰ এটাও নহয়
উত্তৰ: (c) পোহৰৰ বিক্ষেপন

12. দীঘল তৰংগ দৈৰ্ঘ্যৰ পোহৰ কি
(a) নীলা
(b) হালধীয়া
(c) সেউজীয়া
(d) ৰঙা
উত্তৰ: (d) ৰঙা

13. মায়পিয়া গ্ৰস্ত ৰোগীৰ বাবে কি লেন্স ব্যৱহাৰ কৰিব লাগে –
(a) উত্তল লেন্স
(b) সমতল লেন্স
(c) অৱতল লেন্স
(d) ওপৰৰ এটাও নহয
উত্তৰ : (c) অৱতল লেন্স

14. চকুৰ প্ৰতিবিম্ব কত গঠন হয় –
(a) ৰেটিনা
(b) কর্ণিয়া
(c) নেত্রোদ
(d) ইৰিচ
উত্তৰ: (a) ৰেটিনা

15. কোন অংশৰে চকুত পোহৰ সোমায়
(a) ৰেটিনা
(b) কর্ণিয়া
(c) নেত্রোদ
(d) ইৰিচ
উত্তৰঃ (b) কর্ণিয়া

16. চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্‌ছৰ ফ’কাছ দৈৰ্ঘৰ পৰিবর্তন হয়?(HSLC-2020)
(i) চকুৰ মণি
(ii) অক্ষিপট
(iii) চিলিয়াৰী পেশী
(iv) চকুৰ পতা
উত্তৰ : (iii) চিলিয়াৰী পেশী

17. ৰামধেনু. (HSLC-2022)
(i) সূৰ্যৰ একে দিশত সৃষ্টি হয়
(ii) সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয
(iii) সূৰ্যৰ দিশৰ ওপৰত নিৰ্ভৰ নকৰে
(iv) ওপৰৰ এটাও নহয়
উত্তৰ : (ii) সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়

18. নিয়মীয়া দৃষ্টিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব হ’ল— (HSLC-2019 )
(i) ২৫ মিটাৰ
(ii) ২৫ ছে. মি.
(iii) ২.৫ ছে. মি
(iv) ২.৫ মিটাৰ (4)
উত্তৰ : (ii) ২৫ ছে. মি.

19. মানুহৰ চকুৱে চকুৰ লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফ’কাছ কৰিব পাৰে। ইয়াৰ কাৰণ হ’ল –
(a) প্ৰেছ’বায়’পিয়া
(b) উপযোজন ক্ষমতা
(c) নিকট দৃষ্টিগ্রস্ততা
(d) দূৰ দৃষ্টিগ্ৰস্ততা
উত্তৰ: (b) উপযোজন

20. মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান-
(a) কর্ণিয়া
(c) চকুৰ মণি
(b) চকুৰ পতা
(d) অক্ষিপট
উত্তৰ : (d) অক্ষিপট


Leave a Comment