যিহেতু Class 11 Science ৰ পৰীক্ষা সমাগত তাৰ প্রতি লক্ষ্য ৰাখিয়ে আজি আমি আপোনালোকৰ বাবে Class 11 Biology Chapter 3 Question Answer in Assamese অৰ্থাৎ একাদশ শ্ৰেণীৰ জীৱ বিজ্ঞানৰ প্ৰথম গোট পাঠ: ৩ উদ্ভিদ ৰাজ্য প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আপুনি যদি Class 11 Biology পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে তেন্তে এই লিখনিয়ে আপোনাক কিছু পৰিমাণে সহায় কৰিব।
- Also Read:

ইয়াত আজি আমি Class 11 Biology Chapter 3 Question Answer in Assamese অৰ্থাৎ 3rd অধ্যায়ত যি প্ৰশ্ন দিয়া আছে তাৰ আলোচনা কৰিব গৈ আছো। তলত আপুনি Class 11 Biology Chapter 3 Question Answer in Assamese পাব। ইয়াৰ ওপৰিও Class 11 Biology Chapter 3 Question Answer in Assamese PDF ডাউনলোড কৰিব পাৰিব।
Class 11 Biology Chapter 3 Question Answer in Assamese | অনুশীলনীৰ প্ৰশ্নোত্তৰ
১: শেলাইৰ বৰ্গীকৰণৰ ভিত্তি কি ?
উওৰ : (ক) ৰঞ্জক দ্ৰব্য
(খ) সঞ্চিত দ্ৰব্য
(গ) ফ্লেজেলা
২: স্ত্ৰীধানী ধাৰণা কৰা তিনিটা উদ্ভিদ গোটৰ নাম লিখা ।
উওৰ : (ক) মাছ ,
(খ) ঢেঁকীয়া আৰু
(গ)নগ্নবীজী উদ্ভিদ ।
৩: তলত দিয়াবোৰৰ সূএ গুণতাউল্লেখ কৰা: মছৰ প্ৰাংকুৰ কোষ, দ্বিবীজপত্ৰী উদ্ভিদৰ প্ৰাথমিক ভ্ৰূণপোষ কোষকেন্দ্ৰ, মছৰ পাতৰ কোষ, ঢেঁকীয়াৰ প্ৰথেলাছ কোষ, মাৰ্কেনচিয়াৰ গেমা কোষ, একবীজপত্ৰী উদ্ভিদৰ ভাজক কোষ, প্ৰহৰিতাৰ ডিম্বানু আৰু ঢেঁকীয়াৰ যোজন কোষ ।
উওৰ : (ক) মছৰ প্ৰাংকুৰ কোষ ― এগুণক
(খ) দ্বিবীজপত্ৰী উদ্ভিদ প্ৰাথমিক ভ্ৰূণপোষ কোষকেন্দ্ৰ ― ত্ৰিগুণক
(গ) মছৰ পাতৰ কোষ ― এগুণক
(ঘ) ঢেঁকীয়াৰ প্ৰথেলাছ কোষ ― এগুণক
(ঙ) মাৰ্কেনচিয়াৰ গেমা কোষ ― এগুণক
(চ) একবীজপত্ৰী উদ্ভিদৰ ভাজক কোষ ― দ্বিগুণক
(ছ) প্ৰহৰিতাৰ ডিম্বানু ― এগুণক
(জ) ঢেঁকীয়াৰ যোজন কোষ ― দ্বিগুণক ।
৪: শেলাই আৰু নগ্নবীজী উদ্ভিদৰ অৰ্থনৈতিক গুৰুত্বৰ বিষয়ে এটি টোকা লিখা ।
উওৰ : শেলাই অৰ্থনৈতিক গুৰুত্ব : শেলাইক আমি খাদ্য হিচাপে, শিল্পত, খনিজ বস্তু উৎপাদন, পশু খাদ্য, ঔষধ হিচাপে, বৈজ্ঞানিক গৱেষণা , নবীকৰণ শক্তি অন্যান্য বিভিন্ন কাৰ্যৰে ব্যৱহাৰ কৰো । যিয়ে অৰ্থনৈতিক গুৰুত্বৰ বহল প্ৰভাৱ পেলায় । যেনে―
(ক) খাদ্য হিচাপে : বিভিন্ন দেশত শেলাইক বিভিন্ন ধৰণে বিশেষকৈ “ছালাড’ ‘চুপ’ খাদ্য হিচাপে ব্যৱহাৰ কৰে । অনেক শেলাইৰ পৰা শ্বেতসাৰ , ভিটামিন , প্ৰ’টিন আদি নিষ্কাষণ কৰা হয় ইত্যাদি ।
(খ) শিল্পত : ৰঙা আৰু বাদামী শেলাইৰ কোষবেৰত পোৱা বহু শৰ্কৰা কিছুমানে যেনে ― এলগিন , কেৰ’জিন , এগাৰ আদিৰ শিল্প সম্বন্ধীয় ব্যৱহাৰ আছে । এলগিনৰ ব্যৱহাৰ হয় ফ্লিম প্ৰস্তুত কৰণৰ বাবে , কৃত্ৰিম সূতা প্ৰস্তুত কৰিবৰ বাবে , ৰবৰ জোৰা দিবৰ বাবে আৰু অন্যান্য কামত । কেৰজিনৰ ব্যৱহাৰ হয় প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰণৰ বাবে , এগাৰ ব্যৱহাৰ হয় খাদ্য ঘণ কৰিবৰ বাবে আৰু জীৱাণুৰ তৰল কৰ্ষণ মাধ্যম গোট মৰাবলৈ ।
(গ) খনিজ বস্তু উৎপাদন : আয়’ডিন , পটাছ , জিং , কপাৰ , ক’বাল্ট আদি নিষ্কাষণ কৰা হয় বাদামী শেলাইৰ পৰা । কিছুমান বাদমী শেলাই সাৰ হিচাপে ব্যৱহাৰ কৰা হয় ।
(ঘ) পশু খাদ্য : অনেক জাতিৰ বাদামী শেলাইক পশু খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় । এনে শেলাইত ভিটামিন , প্ৰ’টিন আৰু খনিজ লোণৰ প্ৰাচুৰ্যৰ বাবে গাখীৰ , কণী , মাংসৰ উৎপাদন বৃদ্ধি পায় ।
(ঙ) ঔষধ হিচাপে : ক্লৰে’লিন নামৰ এন্টিবায়টিক ক্লৰেলা নামৰ শেলাইৰ পৰা উৎপাদন কৰা হয় । পেষ্ট , বড়ি আৰু অয়েনমন্ট আদি প্ৰস্তুত কৰিবৰ বাবে এগাৰ ব্যৱহাৰ কৰা হয় ।
৫: তলত দিয়াবোৰৰ পাৰ্থক্য লিখা : (ক) ৰঙা শেলাই আৰু মুগা শেলাই (খ) প্ৰহৰিতা আৰু মাছ
উওৰ : ৰঙা শেলাই :
(১) পৰাশ্ৰয়ী বা পৰজীৱী হিচাপে বাস কৰে ।
(২) ৰঙা শেলাই এককোষী ।
(৩) ৰঞ্জক কণা ফাইক’হৰিথ্ৰিন , ফাইক’চায়ায়নিন ক্লৰ’ফিল – a , ক্লৰ’ফিল – b , জেনফিল আৰু কেৰ’টিন থাকে । আৰু
মুগা শেলাই :
(১) পৰাশ্ৰয়ী বা অন্তৰ উদ্ভিদ হিচাপে বাস কৰে ।
(২) মুগা শেলাই বহুকোষী ।
(৩) ৰঞ্জক কণা ক্লৰ’ফিল a , ক্লৰ’ফিল c , b কেৰ’টিন আৰু ফিউক জেন্থন থাকে ।
(খ) প্ৰহৰিতা আৰু মাছ
উওৰ : প্ৰহৰিতা :
(১) প্ৰহৰিতাৰ দেহটো সমকায় ।অসংখ্য সূএৰে গঠিত ।
(২) জল , স্থল , উভয়ত বাহ কৰে ।
(৩) প্ৰ’ট’নিমা বা প্ৰাংকুৰ পৰ্যায় দেখা পোৱা নাযায় ।
মাছ :
(১) মছৰ দেহটো সমকায় নহয় । সেউজীয়া ।
(২) স্থলত বাস কৰে ।
(৩) প্ৰ’ট’নিমা বা প্ৰাংকুৰ পৰ্যায় দেখা পোৱা যায় ।
৬: নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদ উভয়তে বীজ পোৱা যায়, তৎসত্ত্বেত্ত সিহঁতক বেলেগ গোটত ৰখা হৈছে । কিয় ?
উওৰ : কিয়নো নগ্নবীজী উদ্ভিদৰ বীজ (ডিম্বক) ফলত্বকৰে আগুৰি নাথাকে অৰ্থাৎ নগ্ন অৱস্থাত থাকে । আনহাতে, গুপ্তবীজী উদ্ভিদৰ বীজ (ডিম্বক) ফলত্বকৰে আগুৰি থাকে । আকৌ নগ্নবীজী উদ্ভিদ বিলাক একবীজপত্ৰী হোৱা দেখা যায় । আনহাতে গুপ্তবীজী উদ্ভিদ বিলাক একবীজপত্ৰী আৰু দ্বিবীজপত্ৰী দুই শ্ৰেণীত পোৱা যায় ।
৭: অসম ৰেণুপ্ৰসূ কি ?
উওৰ : যিবিলাক ঢেঁকীয়া বৰ্গ উদ্ভিদৰ ৰেণুৰ আকাৰ ভিন্ন যেনে ― সৰু আৰু ডাঙৰ হোৱা দেখা যায় তেনেবোৰ উদ্ভিদৰ ৰেণুক অসমৰেণুপ্ৰসূ বোলা হয় ।
৮: উপযুক্ত উদাহৰণৰ সৈতে তলত দিয়া শব্দকেইটাৰ চমু ব্যাখ্যা দিয়া ।
ক) প্ৰাংকুৰ ,
খ) শুক্ৰানুকোষ ,
গ) স্ত্ৰীধানী
উওৰ : ক) প্ৰাংকুৰ : মছৰ জীৱনচক্ৰত প্ৰভাৱী অৱস্থা হৈছে লিংগধৰ , যাক দুটা পৰ্য্যায়ত ভগাব পাৰি । তাৰে প্ৰথম পৰ্য্যায়টোক প্ৰট’নিমা পৰ্য্যায় বোলে ; যি ৰেণুৰ পৰা পোনে পোনে সৃষ্টি হয় । লিংগধৰ উদ্ভিদৰ এই অংশটো শেলাইৰ দৰে সূএকাৰ , মাটিত পৰি থকা , শাখাযুক্ত , মুকুলবিশিষ্ট ।
খ) শুক্ৰানুকোষ : শুক্ৰানুকোষ হৈছে পুৰুষ যৌন অংগ । দেখাত গোলাকাৰ হোৱা দেখা যায় । ইয়াত বীজকোষ থাকে ।বিশেষকৈ ব্ৰায়’ফাইটা আৰু টেৰিড’ফাইটাত বিৰাজমান ।
গ) স্ত্ৰীধানী : স্ত্ৰীধানী হৈছে স্ত্ৰী যৌন অংগ ।আকাৰত ফ্লাক্সৰ দৰে ।বিশেষকৈ ব্ৰায়’ফাইটা , টেৰিড’ফাইটা আৰু নগ্নবীজী উদ্ভিদত বিৰাজমান ।
৯: দ্বিবীজপত্ৰী উদ্ভিদত একবীজপত্ৰী উদ্ভিদৰ পৰা কেনেকৈ পৃথক কৰিবা ।
উওৰ :
১)একবীজপত্ৰী :
ক) শাক – বন জাতীয় হয় ।
খ) মূল গুচ্ছমূল জাতীয় ।
গ) সাধাৰণতে শাখাহীন ।
ঘ) পাতৰ সিৰাবিন্যাস সমান্তৰাল ।
ঙ) পুষ্পপত্ৰৰ সংখ্যা তিনি বা তাৰ গুণিতক ।
চ) বীজপত্ৰ এখন ।
২) দ্বিবীজপত্ৰী :
ক) বৃক্ষ জাতীয় হয় ।
খ) মূল মূখ্যমূল জাতীয় ।
গ) সাধাৰণতে শাখাযুক্ত ।
ঘ) পাতৰ সিৰাবিন্যাস জালাকাৰ ।
ঙ) পুষ্পপত্ৰৰ সংখ্যা চাৰি বা পাঁচ বা তাৰ গুণিতক ।
চ) বীজপত্ৰ দুখন ।
১০: 1 নং স্তম্ভৰ লগত 2 নং স্তম্ভৰ যোৰা পাতা
স্তম্ভ 1 | স্তম্ভ ২ |
(ক) ক্লেমাইভ’মনাছ | (ক) নগ্নবীজী উদ্ভিদ |
(খ) ছাইকাছ | (খ) ঢেঁকীয়া উদ্ভিদ |
(গ) ছিলাজিনেলা | (গ) শেলাই |
উওৰ :
স্তম্ভ 1 | স্তম্ভ ২ |
(ক) ক্লেমাইভ’মনাছ | (গ) শেলাই |
(খ) ছাইকাছ | (ক) নগ্নবীজী উদ্ভিদ |
(গ) ছিলাজিনেলা | (খ) ঢেঁকীয়া উদ্ভিদ |
১১: নগ্নবীজী উদ্ভিদৰ মূখ্য চৰিত্ৰসমূহৰ বৰ্ণনা দিয়া ।
উওৰ : নগ্নবীজী উদ্ভিদৰ মূখ্য চৰিত্ৰসমূহৰ হ’ল ―
ক) নগ্নবীজী উদ্ভিদৰ বীজ ফলত্বকৰ দ্বাৰা আবৃত হৈ নাথাকে ।
খ) নগ্নবীজী উদ্ভিদৰ দেহ মূল , কাণ্ড আৰু পাতত বিভক্ত ।
গ) ফুলবোৰ একলিংগ হয় ।
ঘ) মূল স্থানিকমূল প্ৰকৃতিৰ হয় ।
ঙ) বেছিভাগেই কাষ্ঠল , বহুবৰ্ষজীৱী , চিৰহৰিৎ , বৃক্ষজাতীয় উদ্ভিদ , কিছুমান গুল্মজাতীয় হয় ।
ওপৰত আমি Class 11 Biology Chapter 3 Question Answer in Assamese আলোচনা কৰিলোঁ আৰু লগতে Class 11 Biology Chapter 3 Question Answer PDF দিয়াৰ প্ৰয়াস কৰিছোঁ। যদি আপুনি এই অধ্যায়ৰ প্ৰশ্ন উত্তৰ পাইছে আৰু Class 11 Biology Chapter 4 Question Answer in Assamese পাব বিচাৰে তেন্তে লিংকত ক্লিক কৰক।