Class 10 Science Chapter 4 Question Answers Assamese Medium

আমি Class 10 Science Chapter 4 (কাৰ্বন আৰু ইয়াৰ যৌগ) ৰ সম্পূৰ্ণ ধাৰণা আলোচনা কৰিছোঁ আৰু এতিয়া আমি ইয়াত আজি Class 10 Science Chapter 4 Question Answers Assamese Medium আলোচনা কৰিব প্ৰয়াস কৰি আছো।

আমি কেৱল Assamese Medium ৰ ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষামূলক বিষয়বস্তু যোগান ধৰি আছো। আমি আগতে ইয়াত Class 10 Science ৰ বহুত কেইটা গুৰুত্বপূৰ্ণ অধ্যায় আলোচনা কৰিছোঁ। যদি আপুনি পঢ়িব খোজে বা Class 10 Science Question Answers ডাউনলোড কৰিব খোজে তেন্তে তলত দিয়া লিংকৰ পৰা কৰিব পাৰিব।

Class 10 Science Chapter 4 Question Answers Assamese Medium

Class 10 Science Chapter 4 Question Answers Assamese Medium ত বহুতো প্ৰকাৰৰ প্ৰশ্ন আছে যেনে: অতি চমু প্ৰশ্ন, চমু প্ৰশ্ন, বৰ্ণনা মূলক প্ৰশ্ন আৰু কিছু কাৰণ বৰ্ণনামূলক প্ৰশ্ন দিয়া আছে এই অধ্যায়ত। আমি ইয়াত সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ সম্পূৰ্ণ প্ৰয়াস কৰা হৈছে। আহক জানি লওঁ Class 10 Science Chapter 4 Question Answers Assamese Medium ৰ সবিশেষ।

Class 10 Science Chapter 4 Question Answers Assamese Medium

Class 10 Science Chapter 4 MCQ for HSLC 2024 Exam

1. চাৰিটা কাৰ্বনৰ যৌগ বিউটান’নত থকা কাৰ্য্যকৰী মূলক হ’ল-
(a) কার্বক্সিলিক এছিড
(b) এলড্‌হিাইড্
(c) কিট’ন
(d) এলক’হল
উত্তৰ: (c) কিট’ন

2. ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত) ক’লা পৰে কিয়?
(a) খাদ্য ভালদৰে নিসিজিল
(b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়
(c) ইন্ধনটো সিক্ত
(d) ইন্ধনটো সম্পূৰ্ণকৈ দহন হয়
উত্তৰ : (b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয

3. কার্বন পৰমাণুৰ যোজ্যতা সদায়েই –
(a) এক
(b) দুই
(c) তিনি
(d) চাৰি
উত্তৰ: (d) চাৰি

4. মিথেনে সূৰ্যৰ বিক্ষিপ্ত পোহৰত ক্ল’ৰিণেৰে বিক্ৰিয়া কৰি মিথেনৰ —— উৎপন্ন কৰে।
(a) ক্ল’ৰ যৌগ
(b) হাইড্ৰ’ যৌগ
(c) অক্সাইড যৌগ
(d) ওপৰৰ এটাও নহয
উত্তৰ: (a) ক্ল’ৰ যৌগ

5. সমগনীয় শ্রেণী এটাৰ সকলোবোৰ যৌগই এক ধৰণৰ –—–দেখুৱায়।
(a) ৰাসায়নিক সংহতি
(b) ৰাসায়নিক বিক্ৰিয়া
(c) ৰাসায়নিক ধৰ্ম
(d) ওপৰৰ এটাও নহয
উত্তৰ : (c) ৰাসায়নিক ধর্ম

6. সংপৃক্ত হাইড্ৰ’কাৰ্বনবোৰক——-বুলিও কোৱা হয়।
(a) এলকেন
(b) এলকাইন
(c) এলকিন
(d) এলিন
উত্তৰ: (a) এলকেন

7. মুক্ত শৃংখল কার্বন যৌগবোৰক –— যৌগ বুলিও কোৱা হয় ৷
(a) চক্রীয় এলিফেটিক
(b) অচক্রীয় এলিফেটিক
(c) অচক্রীয় এলোফেটিক
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (b) অচক্রীয় এলিফেটিক

8. তলৰ কোনটো চক্রীয় যৌগ –
(a) C8H12
(c) C2H12
(b) C4H12
(d) C2H5
উত্তৰ : (c) C6 H12

9. সহযোগী বান্ধনীৰ গঠন হয়
(a) ইলেকট্ৰনৰ বিতৰণৰ দ্বাৰা
(b) ইলেকট্ৰনৰ ত্যাগৰ দ্বাৰা
(c) ইলেকট্ৰনৰ ভাগ-বতৰাৰ দ্বাৰা
(d) ওপৰৰ এটাও নহয
উত্তৰ: (c) ইলেকট্ৰনৰ ভাগবতৰাৰ দ্বাৰা

10. শস্যজাতীয় তেলৰ পৰা নিকেল অনুঘটকৰ উপস্থিতিত বনস্পতি ঘি প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো হ’ল –
(a) হাইড্রজেনেচন
(b) অক্সিজেনেচন
(c) কার্বনেচন
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (a) হাইড্ৰজেনেচন

11. ৰন্ধন তেলে ব্ৰ’মাইন পানীৰ ৰং-
(a) নীলা কৰে
(b) ক’লা কৰে
(c) ৰঙা কৰে
(d) হালধীয়া কৰে
উত্তৰ: (c) ৰঙা কৰে

12. বিউটেনে কি শৃংখল দেখুৱায়
(a) বন্ধ শৃংখল
(b) মুক্ত শৃংখল
(c) সৰল শৃংখল
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (b) মুক্ত শৃংখল

13. প্ৰ’পেনৰ অণু এটাত…….(HSLC ’15)
(a) 10 সহযোজী বান্ধনি থাকে
(b) 9 সহযোজী বান্ধনি থাকে হৈছে
(c) 8 সহযোজী বান্ধনি থাকে
(d) 11 সহযোজী বান্ধনি থাকে
উত্তৰ : (a) 10 সহযোজী বান্ধনি থাকে

14. সংপৃক্ত হাইড্ৰ’কাৰ্বনত থকা বান্ধনিবোৰ হৈছে—
(a) এক আৰু দ্বি-বান্ধনি
(b) কেৱল দ্বি-বান্ধনি
(c) কেৱল এক বান্ধনি
(d) এক আৰু ত্ৰি-বান্ধনি
উত্তৰ: (c) কেৱল এক বান্ধনি

15. এলকিনবোৰৰ সাধাৰণ আণৱিক সংকেত
(a) CnH2n-2
(b) CnH2n
(c) CnH2n+2
(d) CnH2n-3
উত্তৰ : (b) CnH2n

16. সমগণীয় শ্ৰেণী এটাৰ প্ৰতিটো অনুক্ৰমনীয় যৌগ ইয়াৰ সন্নিহিত যৌগৰ পৰা এটা—
(a) -CH2 মূলক
(b) -CH3 মূলক
(c) CH4 মূলক
(d) -CH মূলকৰ দ্বাৰা পৃথক হৈ থাকে
উত্তৰ : (a) CH2 মূলক

17. মিথেনৰ C-H বান্ধনিবোৰ দিশাভিমুখী হৈ থাকে—
(a) এটা ঘনক
(b) এটা সামান্তৰিক
(c) এটা চতুর্ফলক
(d) এটা আয়তক্ষেত্ৰৰ কোণ চাৰিটাৰ ফালে
উত্তৰ: (c) এটা চতুৰ্ফলক

18. কাৰ্বনৰ ইলেক্টনীয় বিন্যাস হৈছে—
(a) 2.8
(c) 2.4
(b) 2.1
(d) 2.7
উত্তৰ: (c) 2.4

19. এলকেনে অংশগ্ৰহণ কৰা বিক্ৰিয়াটো হৈছে—
(a) বহুযোগীকৰণ বিক্রিয়া
(b) যোগাত্মক বিক্রিয়া
(c) প্রতিস্থাপন বিক্রিয়া
(d) জাৰণ বিজাৰণ বিক্রিয়া
উত্তৰঃ (c) প্রতিস্থাপন বিক্রিয়া

20. ইথেন (C2H) অণু এটাত
(a) 6 সহযোজী বান্ধনি আছে
(b) 7 সহযোজী বান্ধনি আছে
(c) 8 সহযোজী বান্ধনি আছে
(d) 9 সহযোজী বান্ধনি আছে
উত্তৰ: (b) 7 সহযোজী বান্ধনি আছে

21. বন্ধ শৃংখল দেখুৱায়
(a) ছাইক্ল’হেক্সেন
(c) বিউটেন
(b) হাইক্ল’মিথেন
(d) পেন্টেন
উত্তৰ: (a) ছাইক’হেক্সেন

22. জৈৱ যৌগবোৰ বান্ধ খাই থকা বলবিধ হ’ল
(a) আয়নিক
(b) সহযোগী
(c) ভান ডাৰৱাল
(d) ওপৰৰ এটাও নহয
উত্তৰঃ (c) ভানডাৰৱাল

23. নেথেলিনৰ গলনাংক হ’ল-
(a) 393K
(b) 383K
(c) 353K
(d) 363K
উত্তৰ : (c) 353K

24. বেনজিনৰ উতলাংক হ’ল
(a) 393K
(c) 353K
(b) 383K
(d) 363K
উত্তৰ : (c) 353K

25. জৈৱ যৌগবোৰক উত্তপ্ত কৰিলে কেনে পৰিৱৰ্তন হয়–
(a) কম আনৱিক ভৰৰ
(b) উচ্চ আনৱিক ভৰৰ
(c) কম পাৰমাণৱিক ভৰৰ
(d) উচ্চ পাৰমাণৱিক ভৰৰ
উত্তৰ : (a) কম আনৱিক ভৰৰ

প্রশ্নাৱলী পাঠ্যপুথিৰ পৃষ্ঠা নং 61

1. কার্বন ডাই-অক্সাইড (C02) ৰ ইলেক্ট্রন বিন্দু গঠন কি হ’ব?
উত্তৰ: কার্বন ডাই-অক্সাইড (CO2)ৰ ইলেক্ট্রন বিন্দু গঠন হ’ল

কার্বন পৰমাণুৰ বহিৰতম কক্ষত চাৰিটা (4) ইলেক্ট্রন থাকে। সেয়েহে ই সম্রান্ত গেছ নিয়নৰ বিন্যাস লাভ কৰিবলৈ হ’লে চাৰিটা (4) ইলেক্ট্রন গ্রহণ কৰিব লাগিব, অর্থাৎ ইয়াৰ বহিৰতম কক্ষত আঠটা ইলেক্ট্রন হ’ব লাগিব।
অক্সিজেনৰ বহিৰতম কক্ষত ছটা (6) ইলেক্ট্রন থাকে। সেয়েহে ই নিকটৱৰ্তী সম্ভ্রান্ত গেছ নিয়নৰ বিন্যাস লাভ কৰিবলৈ দুটা (2) ইলেক্ট্রন গ্রহণ কৰিব লাগিব, অর্থাৎ বহিৰতম কক্ষত আঠটা (৪) ইলেক্ট্রন হ’ব লাগিব।
সেয়েহে কার্বন আৰু অক্সিজেনে ওপৰত দেখুওৱা ধৰণে কার্বন ডাই-অক্সাইডৰ এটা অণু গঠন কৰিবলৈ সিহঁতৰ যােজক ইলেক্ট্রনসমূহ ভাগ বতৰা কৰি লয়।

2. আঠটা ছালফাৰ পৰমাণুৰে গঠিত এটা ছালফাৰ অনুৰ ইলেক্ট্ৰন বিন্দু গঠন কি হব।

2. আঠটা ছালফাৰ পৰমাণুৰে গঠিত এটা ছালফাৰ অনুৰ ইলেক্ট্ৰন বিন্দু গঠন কি হব।
উত্তৰ: ছালফাৰৰ বহিৰতম কক্ষত 6 টা ইলেক্ট্রন আছে। সেয়েহে ই নিকটৱৰ্তী সম্রান্ত গেছ আর্গনৰ বিন্যাস লাভ কৰিবলৈ 2টা ইলেক্ট্রন গ্ৰহণ কৰিব লাগে। অর্থাৎ ইয়াৰ বহিৰতম কক্ষত ৪ টা ইলেক্ট্রন হ’ব লাগে। সেয়েহে দেখুওৱা ধৰণে ছালফাৰৰ ৪টা পৰমাণুৱে বলয়ৰ আকৃতিত লগ লাগি এটা ছালফাৰৰ অণু গঠন কৰিছে।
তলত দেখুওৱা ধৰণেও ছালফাৰ (S8)ৰ অণুবােৰে মুকুটৰ আকৃতিত সংযুক্ত হয়।

প্রশ্নাৱলী পাঠ্যপুথিৰ পৃষ্ঠা নং 68

1. পেন্টেনৰ বাবে কেইটা গঠন সমযােগী আঁকিব পাৰিব?
উত্তৰ: পেন্টেন (C5H10) ৰ বাবে তিনিটা গঠন সমযােগী আঁকি পৰা যায়।

2. কার্বনৰ কোন দুটা ধৰ্মৰবাবে আমিআমাৰ চাৰিওফালে অজস্র কার্বন-যৌগ দেখা পাওঁ ?
উত্তৰ: কার্বনৰ নিম্নোক্ত ধর্ম দুটাৰ বাবে আমাৰ চাৰিওফালে অজস্র কার্বন-যৌগ দেখা পাওঁ।

  • কেটিনেচন: কার্বন পৰমাণু এটাই এই অনন্য ধর্ম (কেটিনেচন)ৰ বাবে আন কার্বন পৰমাণুৰ সৈতে বান্ধনি সৃষ্টি কৰি শৃংখলৰ আকাৰত বৃহৎ সংখ্যক অণু (যৌগ) গঠন কৰিব পাৰে।
  • চতুর্সহযােজ্যতা: কার্বনৰ যােজ্যতা চাৰি (4) হােৱা বাবে ই আন চাৰিটা কার্বন পৰমাণু অথবা হাইড্রজেন, অক্সিজেন, নাইট্র’জেন, ছালফাৰ, ক্ল’ৰিণ আদি একযােজী মৌলৰ লগতসহযােজী বান্ধনি গঠন কৰিব পাৰে।

3. চাইক্লপেণ্টেনৰ সংকেত আৰু ইলেক্ট্ৰনীয় বিন্দু গঠন কি হব লিখা?
উত্তৰ: চাইক্লপেণ্টেনৰ সংকেত হল C5H10 গতিকে ইয়াৰ ইলেক্ট্ৰনীয় বিন্দু গঠন হব-

4. তলৰ যৌগবোৰ ৰ গঠন আঁকি দেখুওৱা – i) ইথন’য়িক এচিড ii) ব্ৰ’ম’পেণ্টেন iii) বিউটান’ন iv) হেক্সানেল

উত্তৰ:

5. তলৰ যৌগবোৰৰ নাম লিখা

উত্তৰ:

i) ব্ৰ’ম’ইথেন
ii) মিথানেল
iii) হেক্সাইন

প্রশ্নাৱলী পাঠ্যপুথিৰ পৃষ্ঠা নং 71

1. ইথানলক ইথানয়িক এছিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া?
উত্তৰ: ইথানলক ক্ষাৰীয় পটেছিয়াম পাৰমেংগানেট বা আম্লিক পটেছিয়াম ড্রাইক্ৰমেটৰ সৈতে উত্তপ্ত কৰি ইথানয়িক এছিড প্রস্তুত কৰা হয়। ইয়াত পটেছিয়াম পাৰমেংগানেট আৰু পটেছিয়াম ড্রাইক্ৰমেট জাৰক পদার্থৰ দৰে কাম কৰে। তলত দিয়া ধৰণে ৰাসায়নিক বিক্রিয়াটো সংঘটিত হয়। ।
CH3CH2OH + ক্ষৰীয় KMnO4+ আম্লিক K2Cr307+ তাপ ——–> CH3COOH

ইথানলৰ পৰা ইথানয়িক এছিডলৈ ৰূপান্তৰণ এক জাৰণ বিক্রিয়াকৰণঃ

  • ইথানয়িক এছিডৰ ইথানলতকৈ এটা বেছি অক্সিজেন পৰমাণু থাকে, অর্থাৎইয়াত অক্সিজেন আহৰণ কৰা হয়।
  • ইথানয়িক এছিডৰ ইথানলতকৈ দুটা হাইড্রজেন পৰমাণু কম থাকে, অর্থাৎ বিক্রিয়াটোত হাইড্রজেনৰ অপসাৰণ ঘটে।

2. লােহা জোৰা দিয়া সময়ত (welding) অক্সিজেন আৰু ইথাইন দহন কৰা হয়। ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয়?
উত্তৰ: অসংপৃক্ত হাইড্র’কার্বন ইথাইন আৰু বায়ুৰ মিশ্রণ এটা দহন কৰিলে অসম্পূর্ণ দহন ঘটি কলা ধোঁৱা আৰু এলান্ধু নির্গত হয়। গতিকে লােহা জোৰা দিয়াৰ বাবে আৱশ্যক হােৱা সঠিক উষ্ণতা প্রাপ্ত নহয়। কিন্তু যেতিয়া ইথাইন আৰু অক্সিজেনৰ মিশ্রণ। এটাৰ দহন ঘটে তেতিয়া সম্পূর্ণ দহন হােৱাৰ ফলত পৰিষ্কাৰ নীলা শিখা নির্গত হয় আৰু লােহা জোৰা দিয়াৰ বাবে প্রয়ােজন হােৱা উষ্ণতা প্রাপ্ত হয়।

প্রশ্নাৱলী পাঠ্যপুথিৰ পৃষ্ঠা নং 74

1. পৰীক্ষাৰ সহায়ত এলকহল আৰু কার্বক্সিলিক এছিডৰ মাজৰ প্ৰভেদ কিদৰে দেখুৱাব পাৰি?
উত্তৰ: ছ’ডিয়াম হাইড্র’কার্বনেট পৰীক্ষাৰ দ্বাৰা এলকহ’ল আৰু কার্বক্সিলিক এছিডৰ মাজৰ প্রভেদ দেখুৱাব পৰা যায়।
দুটা পৃথক পৰীক্ষানলীত এলকহল আৰু কার্বক্সিলিক এছিড লৈ দুয়ােটাতে ছ’ডিয়াম হাইড্রজেন কার্বনেটৰ এক জুলীয়া দ্ৰৱ মিহলােৱা হ’ল। এলক’হলে ছ’ডিয়াম হাইড্রজেন কার্বনেটৰ (NaHCO3) সৈতে কোনাে বিক্রিয়া নকৰিলে কিন্তু কার্বক্সিলিক এছিড থকা পৰীক্ষা নলীটোত কার্বন ডাই-অক্সাইড নির্গমনৰ বাবে বুৰবুৰণি দেখিবলৈ পােৱা যাব।

CH3CH2OH + NaHCO3 —–> No Reaction (কোনাে বিক্রিয়া সংঘটিত হােৱা নাই আৰু কোনাে বুৰবুৰণি উঠা নাই।)

CH3COOH + NaHCO3 ———-> CH3COONa + H2O +CO2

2. জাৰক দ্রব্য কি ?
উঃ যিবােৰ দ্ৰব্যই আন যৌগক অক্সিজেন দিবলৈ সক্ষম তাকে জাৰক দ্রব্য বুলি কোৱা হয়। উদাহৰণস্বৰূপেঃ ক্ষাৰীয় পটাছিয়াম পাৰমেংগানেট (KMnO4) বা আম্লিক পটেছিয়াম ডাইক্ৰমেটে (K2Cr207)

প্রশ্নাৱলী (পাঠ্যপুথিৰ পৃষ্ঠা নং 76)

1. অপমার্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় ক’ব পাৰিবানে?
উঃ অপমার্জক ব্যৱহাৰৰ দ্বাৰা পানীৰ কঠিনতা পৰীক্ষা কৰিব পৰা নাযায়। অপমাজকে কঠিন আৰু কোমল দুয়ােবিধ পানীতে ফেন উৎপন্ন কৰে আৰু কার্যক্ষম হয়। অপমার্জকৰ আহিত মেৰুবােৰে কঠিন পানীত থকা কেলছিয়াম আৰু মেগনেছিয়াম আয়নৰ লগত অদ্ৰৱণীয় অধঃক্ষেপ সৃষ্টি নকৰে। যিহেতু চাবােন এটুকুৰাই কেৱল কোমল পানীতহে ফেন উৎপন্ন কৰে, সেয়ে অপমাজকৰ তুলনাত পানীৰ কঠিনতা পৰীক্ষা কৰিবলৈ চাবােন এটুকুৰাহে ব্যৱহাৰ কৰাটো বাঞ্ছনীয়।

2. কাপােৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অৱলম্বন কৰে। সাধাৰণতে চাবােন ঘঁহিকাপােৰখন শিল এচলাত থুকুছে বা ভৰিৰে গচকে, ব্রাছ কৰে নাইবা কাপােৰ ধােৱা যন্ত্রত (Washing Machine) ভৰাই জোকাৰি দিয়ে। কাপােৰ পৰিষ্কাৰকৰিবলৈ কিয় জোকাৰিব লাগে ?
উ: চাবােনে কণাপুঞ্জ বা মাইছেল বুলি কোৱা অণুৰ ঘূপ বা পুঞ্জ সৃষ্টি কৰে যিবােৰে তেলতীয়া মলিবােৰ কেন্দ্ৰত জমা কৰে। এই কণাপুঞ্জবােৰ কাপোৰবােৰৰ ওপৰ ভাগত ওলমি থাকে যিয়ে পানীত অবদ্ৰৱ বা ইমালচন সৃষ্টিকৰে। কণাপুঞ্জবােৰ দ্ৰৱটোত অৱদ্ৰৱ হিচাপে থাকে আৰু আয়ন বিকৰ্ষণৰ বাবে অধঃক্ষিপ্ত নহয়, সেয়ে চাবােনৰ দ্ৰৱত (পানীত) কাপােৰবােৰ বুৰাই থুকুছি, ঘঁহি বা জোকাৰি কণাপুঞ্জত থকা মলিবোেৰ সহজে ধুই আঁতৰ কৰিব পৰা যায়। জোকাৰণিয়ে চাবােনৰ কণাপুঞ্জবােৰক মলিবােৰ পানীত দ্ৰৱীভূত কৰাত তথা কাপােৰ ধুই পৰিষ্কাৰ কৰাত সহায় কৰে।

অনুশীলনীৰ প্ৰশ্ন উত্তৰ: Class 10 Science Chapter 4 Assamese Medium

1. ইথেন (C2H6) অণু এটাত ——–
(a) 6টা সহযােজী বান্ধনি আছে (b) 7টা সহযােজী বান্ধনি আছে (c) ৪টা সহযােজী বান্ধনি আছে (d) 9 টা সহযােজী বান্ধনি আছে

উ: (b) 7টা সহযােজী বান্ধনি আছে।

2. চাৰিটা কার্বনৰ যৌগ বিউটান’নত থকা কার্যকৰী মূলক হ’ল ——
(a) কার্বক্সিলিক এছিড (b) এলডিহাইড (c) কিটন (d) এলকহল

উ: (c) কিটন।

3. ৰন্ধনৰ সময়ত ব্যৱহাৰ কৰা বৰ্তনৰ তলফালে কলা পৰে কিয়নো —
a) ইন্ধনৰ ভালদৰে নিসিজিলে। b) ইন্ধনৰ সম্পূৰ্ণ দহন নহলে। c) ইন্ধন সিক্ত হলে। d) ইন্ধনৰ সম্পূৰ্ণ দহন হলে।

উ: b) ইন্ধনৰ সম্পূৰ্ণ দহন নহলে।

4. CH3CI ৰ উদাহৰণ লৈ সহযােজী বান্ধনিৰ স্বৰূপ (Nature) বাখ্যা কৰা।
উ: সহযােজী বান্ধনি হ’ল দুটা পৰমাণুৰ মাজত ইলেক্ট্রনিৰ ভাগবতৰাৰ দ্বাৰা গঠন হােৱা এক ৰাসায়নিক বান্ধনি যত দুয়ােটা পৰমাণুৱে এনেদৰে ইলেক্ট্রনৰ ভাগবতৰা কৰে যাতে পৰমাণু দুটাই সিহঁতৰ নিকটৱৰ্তী সম্ভান্ত্র গেছৰ স্থিৰ ইলেক্ট্রনীয় বিন্যাস লাভ কৰে।
CH3CIৰ বান্ধনি গঠনত ব্যৱহৃত সহযােজী বান্ধনিৰ প্রকৃতি তলত দেখুওৱা হ’ল:

  • কার্বনৰ পাৰমাণৱিক সংখ্যা 6 হয়। ইয়াৰ যােজক কক্ষত চাৰিটা ইলেক্ট্রন থাকে!ই অষ্টক সম্পূর্ণ কৰিবলৈ চাৰিটা ইলেক্ট্রন গ্রহণণা কৰিব নােৱাৰে বা চাৰিটা ইলেক্ট্রন ত্যাগ কৰি ডুপলেটত উপনীত হ’বও নােৱাৰে যিহেতু উভয়কে যথেষ্ট শক্তিৰ প্ৰয়ােজন হয়।
  • হাইড্রজেনৰ পাৰমাণৱিক সংখ্যা হ’ল এক (1) ইয়াৰ যােজক কক্ষত মাত্র এটা ইলেক্ট্রন থাকে। ইয়াক নিজৰ কক্ষ সম্পূর্ণ কৰিবলৈ এটা ইলেক্ট্রনৰ প্রয়ােজন।
  • ক্ল’ৰিণৰ পাৰমাণৱিক সংখ্যা হ’ল 17। ইয়াৰ ইলেক্ট্রনীয় বিন্যাস হ’ল 2.8.7। ইয়াৰ যােজক ইলেক্ট্রন হ’ল 7 টা। ইয়াক নিজৰ অষ্টক সম্পূর্ণ কৰিবলৈ আৰু এটা ইলেক্ট্রনৰ প্রয়ােজন। সেয়েহে অষ্টক সম্পূর্ণ কৰিবলৈ CH3CIৰ গঠনত কার্বনে ইয়াৰ চাৰিটা যােজক ইলেক্ট্রনিক তিনিটা হাইড্রজেন পৰমাণু আৰু এটা (1) ক্লৰিণ পৰমাণুৰ সৈতে ভাগ বতৰা কৰে। CH4CI ত চাৰিডাল সহযােজী একবান্ধনি থাকে (তিনিডাল C-H আৰু এডাল C-CI সহয়ােজী বান্ধনি)।

5. তলত দিয়া বিলাকৰ ইলেক্ট্ৰন বিন্দু গঠন লিখা: a) ইথানয়িক এছিড b) H2S c) প্রপান’ন d) F2
উ:

6. সমগণীয় শ্রেণী কি? উদাহৰণদি বুজাই লিখা।
উ: সমগণীয় শ্রেণী হ’ল কার্বন যৌগসমূহৰ এটা গােট যত কার্বন শৃংখল এটাত হাইড্রজেন পৰমাণুবােৰ একে কার্যকৰীমূলক দ্বাৰা প্রতিস্থাপিত হয়। এইবােৰৰ কার্বন পৰমাণুৰ সংখ্যা বেলেগে বেলেগ হয় কিন্তু কার্যকৰী মূলকবােৰ একে হয়।

সমগণীয় শ্রেণীৰ যৌগবােৰৰ বৈশিষ্ট্যসমূহ হ’ল:

  • একে সমগণীয় শ্রেণীভুক্ত যৌগবােৰক একেটা সাধাৰণ সংকেতৰ দ্বাৰা উপস্থাপন কৰিব পৰা যায়।
  • এইবােৰ একে কার্যকৰীমূলকৰ অন্তর্ভুক্ত।
  • এইবােৰৰ ৰাসায়নিক ধর্মসমূহ (কেৱল কার্যকৰীমূলকৰ দ্বাৰা নিৰ্ধাৰিত) একে হয় কিন্তু ভৌতিক ধৰ্মৰ ক্ষেত্ৰত প্ৰভেদ থাকে।
  • একে সমগণীয় শ্রেণীভুক্ত যৌগবােৰ এটা কার্বন পৰমাণু আৰু দুটা হাইড্রজেন পৰমাণুৰ দ্বাৰা সিহঁতৰ পৰৱর্তী যৌগটোৰ পৰা পৃথক হয়, অর্থাৎ CH2 ৰ দ্বাৰা।
  • দুটা পশ্চাদ্বর্তী সমগণৰ পাৰমাণৱিক ভৰ পৃথক হয়।

7. ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এছিডৰ পার্থক্য লিখা।
উ: ইথানল আৰু ইথানয়িক এছিডৰ পার্থক্য:: ভৌতিক ধৰ্মৰ ওপৰত ভিত্তি কৰি

ইথানলইথানয়িক এছিড
উত্তেজনাকাৰী গােন্ধবিশিষ্ট।ভিনেগাৰৰ বৈশিষ্ট্যগত এক উগ্ৰ গােন্ধযুক্ত।
শীতকালত গােট নামাৰে।শীতকালত 17°Cচেলছিয়াছৰ তলত ই গােট মাৰে।
সাধাৰণ উষ্ণতাত ই বাষ্পীভূত হয়।সাধাৰণউষ্ণতাত বাষ্পীভূত নহয়।

ইথানল আৰু ইথানয়িক এছিডৰ পার্থক্য:: ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তিকৰি

ইথানল ইথানয়িক এছিড
ধাতৱ কার্বনেট বা ধাতৱ হাইড্রজেন কার্বনেটৰ সৈতে বিক্রিয়া নকৰে।ধাতৱ কার্বনেট বা ধাতৱ হাইড্রজেন কার্বনেটৰ কৰি কার্বন ডাই-অক্সাইড উৎপন্ন কৰে। ।
ইথানয়িক + ধাতৱ —–> ধাতৱ + কার্বন + পানী

8. পানীত চাবােন দিলে কিয় ফেন উঠে? বেলেগ দ্ৰাৱক যেনে-ইথানলত ফেন উঠিবনে?
উ: চাবােনৰ অণুবােৰ ৰাসায়নিকভাৱে পৃথক বা স্বকীয় বৈশিষ্ট্যপূর্ণ দুটা অংশৰে তৈয়াৰী, এটা জলকর্ষীমূৰ আৰু আনটো জলবিকর্ষী। জলাকর্ষী অংশটো হ’ল ধ্ৰুৱীয় মেৰু আৰু ইয়াত এটা আয়নীয় অংশ থাকে, আনহাতে জলবিকর্ষী অংশটো হ’ল এক দীঘল হাইড্র’কার্বন শৃংখল থকা অনাৱীয় মেৰু।
জলকর্ষী অংশটো পানীত দ্ৰৱণীয় কিন্তু তেলত অদ্ৰৱণীয়। আনহাতে জলবিকর্ষী অংশটো পানীত অদ্ৰৱণীয় কিন্তু তেলত দ্ৰৱণীয়। যেতিয়া এখন মলিন কাপােৰ চাবােন পানীত (দ্ৰৱ) জুবুৰিওৱা হয় তেতিয়া মলি থকা তেলসমূহ জলবিকর্ষী অংশৰ অনাধ্ৰুৱীয় মেৰুৰ সৈতে সংলগ্ন হৈ পৰে। ইয়াৰ ফলস্বৰূপে মলিৰ কণিকাসমূহৰ চাৰিওফালে অণুসমূহৰ এটা পুঞ্জ গঠন কৰে যত জলবিকর্ষী পুচ্ছ সমূহ পুঞ্জটোৰ ভিতৰৰ মূৰ কৰি আৰু আয়নবোৰ পুঞ্জটোৰ বাহিৰৰ ফালে থাকে। এনেদৰে ফেনৰ উৎপন্ন হয় ।
চাবোন কেৱল পানীতহে কনাপুঞ্জ বা ফেন সৃষ্টি কৰে। ইথানলৰ দৰে আন দ্ৰাৱকত এনেধৰণৰ কনাপুঞ্জ গঠন নহয়। এই কাৰণেই মলিন কাপোৰ ধুবলৈ কেৱল পানী ব্যৱহাৰ কৰা হয়

9.প্রায় সকলাে ক্ষেত্রতে কার্বন আৰু ইয়াৰ যৌগসমূহক ইন্ধন হিচাপে ব্যৱহাৰ হয় কিয় ?
উ: কার্বন আৰু ইয়াৰ যৌগবােৰক প্রায় সকলাে ক্ষেত্রতে ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় কাৰণ অক্সিজেনৰ উপস্থিতিত কার্বন দহন কৰিলে কার্বন ডাই-অক্সাইডৰ লগতে অধিক পৰিমাণৰ তাপ আৰু পােহৰ উৎপন্ন হয়; অর্থাৎ কার্বন আৰু ইয়াৰ যৌগসমূহৰ কেলৰি মান অতি উচ্চ হয়।

10. কঠিন পানীত চাবােন ব্যৱহাৰ কৰিলে গেদ (Scum) কিদৰে সৃষ্টি হয় ব্যাখ্যা কৰা।
উ: কঠিন পানীত কেলছিয়াম আৰু মেগনেছিয়ামৰ দ্ৰৱণীয় লৱণ থাকে। যেতিয়া কঠিন পানীৰ লগত চাবােন ব্যৱহাৰ কৰা হয়। কঠিন পানীত থকা কেলছিয়াম আৰু মেগনেছিয়ামৰ আয়নে চাবােনত থকা দীর্ঘ শৃংখলযুক্ত কার্বক্সিলিক এছিড মূলকৰ লগত বিক্রিয়া কৰি দৈৰ দৰে বগা অদ্ৰৱণীয় অধঃক্ষেপ সৃষ্টি কৰে। ইয়াকে চাবােনৰ গেদ বুলি কোৱা হয়।

11. নীলা আৰু ৰঙা লিটমাছ কাগজেৰে চাবােন পৰীক্ষা কৰিলে কি দেখিবা?
উঃ যিহেতু চাবােন ক্ষাৰীয় প্ৰকৃতিৰ সেয়ে ই ৰঙা লিটমাছ কাগজৰ ৰং নীলালৈ সলনি কৰিব, কিন্তু নীল লিটমাছ কাগজখনৰ ৰঙটো অপৰিৱৰ্তিত হৈ থাকিব; অর্থাৎ ই নীলা হৈয়ে থাকিব।

12. হাইড্ৰজেনেচন কাক বোলে? ইয়াৰ উদ্দোগিক প্ৰয়োগ কি?
উঃ পেলাডিয়াম বা নিকেল অনুঘটকৰ উপস্থিতত অসংপৃক্ত হাইড্ৰকাৰ্বনৰ লগত হাইড্ৰজেন যোগ হৈ সংপৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন হোৱা প্ৰক্ৰিয়াক হাইড্ৰজেনেচন বোলে।

হাইড্র’জেনেচনৰ ঔদ্যোগিক প্রয়ােগ:
সাধাৰণতে ৰন্ধনৰ বাবে ব্যৱহৃত উদ্ভিদজাত তেলবােৰ দীঘল অসংপৃক্ত কার্বন শৃংখলমুক্ত। যেতিয়া নিকেল অনুঘটকৰ উপস্থিতিত এই উদ্ভিদজাত তেলবােৰৰ মাজেৰে হাইড্রজেন গেছ পাৰ হৈ যায় তেতিয়া অসংপৃক্ত তেলবােৰ সংপৃক্ত গােটা চর্বিলৈ সলনি হয়।

এনেদৰে প্রাকৃতিকভাৱে উপলব্ধ হােৱা উদ্ভিদজাত তেলৰ হাইড্র’জেনেচন সম্পন্ন কৰি বনস্পতি ঘিৰ পণ্য উৎপাদন কৰা হয়।

13.তলৰ কোনবিলাক হাইড্র’কার্বনে যােগাত্মাক বিক্রিয়া দেখুৱায় – C2H6, C3H8, C3H6, C2H2 আৰু CH4?
উঃ কেৱল অসংপৃক্ত হাইড্ৰ’কার্বনে যােগাত্মক বিক্রিয়া দেখুৱায়। ইয়াৰে C3H6 (প্রপিন) আৰু C2H2 (ইথাইন) হ’ল অসংস্কৃত হাইড্র’কার্বন। সেয়েহে এই দুটা হাইড্র’কার্বনে যােগাত্মাক বিক্রিয়া দেখুৱাব।

14. মাখন (butter) আৰু খােৱাতেলৰ (Cooking oil) মাজত পার্থক্য দেখুৱাব পৰা এটা পৰীক্ষা বর্ণনা কৰা।
উঃ মাখন আৰু খােৱাতেলৰ মাজত ৰাসায়নিকভাৱে পার্থক্য দেখুৱাবলৈ ব্র’মিনৰ পানীৰ পৰীক্ষাটো ব্যৱহাৰ কৰিব পাৰে।

মাখন হ’ল এবিধ সংপৃক্ত কার্বন যৌগ আৰু খােৱাতেল হ’ল এবিধ অসংপৃক্ত কার্বন যৌগ। ব্ৰমিনৰ মুগা ৰং অদৃশ্য হৈ পৰে যেতিয়া তাক অসংপৃক্ত হাইড্র’কার্বনৰ সৈতে যােগ কৰা হয়, ইয়াৰ বিপৰীতে সংপৃক্ত হাইড্র’কার্বন আৰু ব্ৰমিনৰ মাজত কোনাে বিক্রিয়া সংঘটিত হােৱা পৰিলক্ষিত নহয়। যিটো পৰীক্ষানলীত ব্ৰ’মিন পানীৰ ৰং নাইকিয়া হৈ পৰে। সেই পৰীক্ষানলীটোত খােৱাতেল আছে, আনহাতে যিটো পৰীক্ষানলীত ব্ৰমিন পানীৰ মুগা ৰং অপৰিৱর্তিত হৈ থাকে, সেই পৰীক্ষানলীটোত মাখন আছে।

15. চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া বৰ্ণনা কৰা।
উঃ চাবােনৰ অণু এটা ৰাসায়নিকভাৱে পৃথক দুটা অংশৰে তৈয়াৰী। সাধাৰণতে জলাকর্ষীৰা জলস্নেহী পুচ্ছ অংশটো ধ্রুবীয় মেৰু আৰু ইহাইড্র’কার্বনত দ্ৰৱীভূত হয়, কিন্তু ই পানীত অদ্ৰৱণীয়। আনহাতে, জলঘৃণী পুচ্ছ অংশটো হ’ল আয়নীয় মূৰ থকা অনা ধ্ৰুৱীয় মেৰু। ই পানীত দ্ৰৱণীয় কিন্তু তেলত অদ্ৰৱণীয়।

যেতিয়া এখন মলিন কাপােৰ চাবােন পানীত জুবুৰিয়াই দিয়া হয় মলিত থকা তেলবােৰ নিজেই জলঘৃণী অংশটোৰ সৈতে সংলগ্ন হৈ পৰে। ইয়াৰ ফলত অণুসমূহৰ এটা পুঞ্জৰ সৃষ্টি হয় য’ত জলঘৃণী পুচ্ছ পুঞ্জটোৰ ভিতৰৰ মূৰ কৰি আৰু আয়নীয় মেৰুবােৰ পুঞ্জটোৰ বাহিৰত থাকে। এনে ধৰণে পুঞ্জীভূত হােৱা গঠনক মাইছেল বা কণাপুঞ্জ বুলি কোৱা হয় যিয়ে তেল আৰু পানীৰ মাজত এক সেঁতুৰ দৰে ক্ৰিয়া কৰি এক সুস্থিৰ অবদ্ৰৱৰ সৃষ্টিত সহায় কৰে আৰু তেলেতীয়া মলিবােৰ মাইছেলৰ কেন্দ্ৰত আহি জমা হয়। মাইছেলবােৰ অবদ্ৰৱ হিচাপে থাকে আৰু আয়ন-আয়ন বিকর্ষণৰ বাবে অধঃক্ষিপ্ত নহয়।

তেলেতীয়া মলিসমূহ জমা হৈ থকা মাইছেলবােৰ কাপােৰৰ ওপৰত ৰৈ যায়, আৰু কাপােৰবােৰ চাবােন পানীত ডুবাই থুকুচি বা জোকাৰি দি কাপােৰৰ ওপৰৰ পৰা চাবােনৰ মাইছেলবােৰ আঁতৰ কৰা হয়। এনেদৰে মলিন কাপােৰৰ পৰা । চাবােনৰ মলিবােৰ আঁতৰ হয় আৰু আমি মলি বা ধূলিমুক্ত পৰিষ্কাৰ কাপােৰ পাওঁ।

Leave a Comment