Class 6 Science Chapter 13 Question Answer in Assamese

আজি যদি আপুনি Class 6 Science Chapter 13 Question Answer in Assamese তথা অসম জাতীয় বিদ্যালয়ৰ ষষ্ট শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ ১৩তম অধ্যায় “যাতায়াত ব্যৱস্থা, দৈৰ্ঘ্যৰ জোখ আৰু গতি” ৰ প্ৰশ্ন উত্তৰ বিচাৰি আছে তেন্তে Assamese Medium নামৰ এই শিক্ষামূলক ৱেবচাইটৰ জৰিয়তে প্ৰকাশ হোৱা এই লিখনিত পাব।

যাতায়াত ব্যৱস্থা পাঠটোৰ মূলকথা

যাতায়াত ব্যৱস্থাই মানুহৰ কৰ্ম জীৱনত বিশেষ প্রভাৱ পেলায়। আজি কালি বিভিন্ন ধৰণৰ যাতায়াত ব্যৱস্থা হৈছে। যেনে জলপথ, স্থলপথ, বায়ুপথ। এই যাতায়াত ব্যৱস্থাবোৰ দিনক দিনে উন্নত হৈ গৈ আছে। আজিৰ পৰা প্ৰায় পাঁচশ বা ছয়শ বছৰ আগতে মানুহে খোজকাঢ়ি পৃথিৱীৰ বিভিন্ন ঠাই ঘূৰি ফুৰিছিল। এইক্ষেত্ৰত যথেষ্ঠ কষ্ট আৰু অসুবিধা হৈছিল। সেই কষ্ট আৰু অসুবিধাবোৰ দূৰ কৰাৰ বাবে মানুহে দিনে ৰাতিয়ে চিন্তা কৰি কৰি বিভিন্ন উপায় অৱলম্বন কৰিবলৈ ল’লে। আগৰ দিনত এঠাইৰ পৰা আন ঠাইলৈ বস্তু হাতেৰে কঢ়িয়াই নিছিল। যেতিয়া চঁকাৰ আৱিষ্কাৰ হ’ল, তেতিয়া এই অসুবিধাবোৰো লাহে লাহে কমি আহিব ধৰিলে। তাৰ পিছত ঠেলা, গৰু-গাড়ী, মটৰ চাইকেল, আদি আৱিষ্কাৰ হ’ব ধৰিলে। এনেকৈ মানুহে বিভিন্ন ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম আৰু আধ্যাত্মিক চিন্তাৰে মানুহৰ সমস্যা লাঘৱ কৰি আছে।

Class 6 Science Chapter 13 Question Answer in Assamese

Class 6 Science Chapter 13 Question Answer in Assamese [Textual]

এই লিখনিৰ জৰিয়তে আজি আমি আপোনালোকৰ বাবে Class 6 Science Chapter 13 Question Answer in Assamese ত পাঠ্যপুথিৰ সকলো প্ৰশ্ন উত্তৰ যোগান ধৰাৰ ওপৰিও আমি কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ লিখি এক সুন্দৰ PDF Notes প্ৰস্তুত কৰিছো।আপুনি বিচাৰিলে Class 6 Science Chapter 13 Question Answer in Assamese PDF ডাউনলোড কৰিব পাৰিব।

এতিয়া আহক আমি প্ৰথমতে Class 6 Science Chapter 13 Question Answer in Assamese আলোচনা কৰোঁ।

শুদ্ধ উত্তৰটো বাছি উলিওৱাঁ

(i) তলত দিয়া এককবোৰৰ কোনটো দৈৰ্ঘ্যৰ একক নহয় ?
a) আঙুল ।
b) ছেমি. ।
c) ইঞ্চি ।
d) ঘণ্টা ।
উত্তৰঃ (d) ঘণ্টা ।

(ii) তলত দিয়া এককবোৰৰ কোনটো মানক একক ?
a) মিটাৰ ।
b) আঙুল ।
c) বেগেত ।
d) হাত ।
উত্তৰঃ (a) মিটাৰ ।

(iii) এছ আই একক পদ্ধতিত দৈৰ্ঘ্যৰ একক—
a) ফুট ।
b) ছেমি ।
c) মিটাৰ ।
d) কিল মিটাৰ ।
উত্তৰঃ (c) মিটাৰ ।

(iv) 10 ছেমি. 4 মিমি. মানে—
a) 10.4 ছেমি. ।
b) 14 মিমি. ।
c) 104 মিমি. ।
d) প্ৰথম আৰু তৃতীয় উত্তৰ ।
উত্তৰঃ (d) প্ৰথম আৰু তৃতীয় উত্তৰ ।

(v) মিটাৰতকৈ ডাঙৰ একক –
a) মিমি ।
b) ছেমি. ।
c) কিমি.।
d) দ্বিতীয় আৰু তৃতীয় উত্তৰ ।
উত্তৰঃ (c) কিমি.।

(vi) তলত দিয়া এককবোৰৰ কোনটো সময়ৰ একক নহয়—
a) ঘণ্টা ।
b) মিনিট ।
c) ছেকেণ্ড ।
d) ছেমি. ।
উত্তৰঃ (d) ছেমি. ।

(vii) ফুটতকৈ ডাঙৰ একক –
a) য়ার্ড ।
b) ইঞ্চি ।
c) মাইল ।
d) প্ৰথম আৰু তৃতীয় উত্তৰ ।
উত্তৰঃ (d) প্ৰথম আৰু তৃতীয় উত্তৰ।।

চমু উত্তৰ দিয়া

(a) পেট্ৰ’ল বা ডিজেলেৰে চলা তিনিবিধ বাহনৰ নাম লিখা।
উত্তৰঃ পেট্ৰ’ল বা ডিজেলেৰে চলা তিনিবিধ বাহন হ’ল— মটৰ চাইকেল, মটৰ গাড়ী, ট্ৰাক আদি ।

(b) এক বেগেত বা এবেগেত মানে কি ?
উত্তৰঃ এক বেগেত মানে হ’ল হাতৰ তলুৱাখন মেলি দিলে বুঢ়া আঙুলিৰ পৰা বিপৰীতফালে থকা মধ্যমা আঙুলি দুটাৰ মূৰৰ মাজৰ দূৰত্ব।

(c) এক ইঞ্চিত 2.54 ছেমি. হ’লে এক ফুটত কিমান ছেমি. হ’ব ?
উত্তৰঃ 1 ইঞ্চি = 2.54 ছেমি.
1 ফুট = 12 ইঞ্চি
∴ 1 ফুট = 12 × 2.54 ছেমি.
= 30.48 ছেমি.

(d) আঙুল-বেগেত-হাত আদি এককবোৰ ব্যৱহাৰ কৰাত অসুবিধা কি ?
উত্তৰঃ আঙুল, বেগেত, হাত আদি এককবোৰ ব্যৱহাৰ কৰাত অসুবিধা হ’ল— সকলো মানুহৰ হাতৰ জোখ একে নহয়। গতিকে ইযাৰ দ্বাৰা সঠিক জোখ পাব নোৱাৰি।

(e) মানক একক কি ?
উত্তৰঃ সকলেৱে মানি লোৱা এককবোৰক মানক একক (standard unit) বোলে।

(f) মাপনী-ফিটা ব্যৱহাৰৰ সুবিধাবোৰ কি ?
উত্তৰঃ মাপনী-ফিটা ব্যৱহাৰৰ সুবিধাবোৰ হ’ল ―

  • মাপনী ফিটাৰে সঠিক জোখ পাব পাৰি।
  • মাপনী ফিটা সকলোৱে ব্যৱহাৰ কৰিব পাৰে।
  • মাপনী ফিটাত মিমি, ছেমি., মিটাৰ আদি সকলো একক উপলব্ধ।

(g) সৰল ৰৈখিক গতি আৰু বৃত্তীয় গতি কি ?
উত্তৰঃ কোনো বস্তুৱে সৰলৰেখাত গতি কৰিলে, সেই গতিক সৰলৰৈখিক গতি বোলে।
আকৌ অলপ দীঘল ৰচী এডালৰ এমূৰত সৰু শিলগুটি এটা ভালদৰে বান্ধি লৈ ৰচীডালত আনটো মূৰত ধৰি ঘূৰালে, শিলগুটিটোৱে এটা বৃত্তাকাৰ গতি লাভ কৰিব। এনে গতিক বৃত্তীয় গতি বোলে।

(h) বৃত্তীয় গতিৰ তিনিটা উদাহৰণ দিয়া।
উত্তৰঃ বৃত্তীয় গতিৰ তিনিটা উদাহৰণ হ’ল—

  1. পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ ঘূৰণ।
  2. সূৰ্যৰ চাৰিওফালে গ্ৰহবোৰৰ ঘূৰণ ।
  3. চিলিংফেন এখনৰ মূৰত বেলুন এটা বান্ধি দিলে বেলুনৰ গতি।

(i) পর্যাবৃত্ত গতিৰ তিনিটা উদাহৰণ দিয়া।
উত্তৰঃ পর্যাবৃত্ত গতিৰ তিনিটা উদাহৰণ হ’ল—

  • দোলনাত উঠি দুলি থকা শিশু এটাৰ গতি।
  • ঘড়ীৰ কাটাৰ গতি।
  • দোলক এটাৰ গতি।

(j) ঘড়ীৰ ছেকেণ্ড, মিনিট আৰু ঘণ্টাৰ কাঁটাকেইডালে এপাক ঘুৰিবলৈ কিমান সময় লয় ?
উত্তৰঃ

  1. ঘড়ী এটাৰ ছেকেণ্ডৰ কাঁটাডালে এপাক ঘূৰিবলৈ এক মিনিট সময় লাগে।
  2. ঘড়ী এটাৰ মিনিটৰ কটাডালে এপাক ঘূৰিবলৈ এক ঘণ্টা সময় লাগে।
  3. ঘড়ী এটাৰ ঘণ্টাৰ কাঁটাডালে এপাক ঘূৰিবলৈ বাৰ ঘণ্টা সময় লাগে।

(k) আমাৰ পৃথিৱীখন কি কি গতিৰে গতিশীল ?
উত্তৰঃ আমাৰ পৃথিৱীখন বৃত্তীয় আৰু পর্যাবৃত্ত গতিৰে গতিশীল।

তিনিটা বা চাৰিটা বাক্যত উত্তৰ দিয়াঁ

(a) বেঁকা ৰেখাৰ দীঘ কেনেদৰে জুখিবা লিখাঁ।
উত্তৰঃ বেকা ৰেখা এডালৰ দীঘ জুখিবলৈ হ’লে এডাল সূতা আৰু এটা আলপিন লাগিব। প্রথমতে সূতাডালৰ এটা মূৰে আলপিনটো গাঁঠি লৈ ৰেখাডালৰ এটা মূৰে পুতি দিয়া হ’ল। এতিয়া সুতাডাল ৰেখাডালৰ ওপৰেৰে ভাঁজ কৰি পাৰি দিয়া হ’ল আৰু য’ত ৰেখাডাল শেষ হৈছে তাত সূতাডালত চিয়াহীৰে এটা চিন দিয়া হ’ল।

এতিয়া সূতাডাল ফিটাৰে জুখিলে ৰেখাডালৰ জোখ পোৱা যাব।

(b) এক মাইল আৰু এক কিল’মিটাৰৰ মাজত কোনটো ডাঙৰ হিচাপ কৰি দেখুওৱা।
উত্তৰঃ 1 মাইল = 5280 ফুট = 5280×30 ছেমি.
= 158400 ছেমি.
∴ 1 কি.মি. = 1000 মিটাৰ = 1000 x 100 ছেমি.
= 100000 ছেমি.
158400 > 100000
158400 – 100000 = 58400
∴ 1 কি.মিটাৰতকৈ 1 মাইল, 58400. ছেমি. বা 584 মিটাৰ ডাঙৰ।

(c) দৈৰ্ঘ্যৰ জোখ লওঁতে ল’বলগীয়া সাৱধানতাসমূহ কি কি ?
উত্তৰঃ দৈৰ্ঘ্যৰ জোখ লওঁতে ল’বলগীয়া সাৱধানতাবোৰ হ’ল—

  • জোখ লোৱা বস্তুটোৰ ওপৰত স্কেলপাত পোনকৈ ধৰিব লাগে।
  • বস্তুটোৰ এটা মূৰ স্কেলপাতৰ 0 (শূন্য) এককৰ সমান হ’ব লাগিব।

(d) সকলো সময়তে গতিশীল হৈ থকা তিনিবিধ বস্তুৰ নাম লিখাঁ ।
উত্তৰঃ সকলো সময়তে গতিশীল হৈ থকা তিনিবিধি বস্তু হ’ল ― পৃথিৱী, চন্দ্ৰ, ঘড়ী।

(e) সকলো সময়তে স্থিতিশীল পাঁচবিধ বস্তুৰ নাম লিখা।
উত্তৰঃ সকলো সময়তে স্থিতিশীল পাঁচবিধ বস্তু হ’ল— মাটি, শিল, গছ-গছনি, বহী, কিতাপ।

অতিৰিক্ত প্রশ্নোত্তৰ

১। ঘূর্ণন গতি কাক বোলে ?
উত্তৰঃ আমাৰ চৌপাশত অলেখ ঘূৰি থকা বস্তু আমি দেখা পাওঁ। যান বাহনৰ চকা, ফেনৰ ঘূৰণ আদি আমি সদায় দেখা পাওঁ। এই ধৰণৰ গতিক ঘূর্ণন গতি বোলে।

২। পর্যাবৃত্ত গতি কি ?
উত্তৰঃ কিছুমান বস্তুৱে এক নির্দিষ্ট গতিত ঘূৰণীয়াকৈ সদায় ঘূৰি থাকে। বস্তুটোৰ এই গতিটোক পর্যাবৃত্ত গতি বোলে। যেনে চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে ঘূৰে।

৩। দোলক কি ?
উত্তৰঃ এক মিটাৰ দীঘল টান সূতা এডালৰ এমূৰে শিলগুটি এটা বান্ধি এডাল ষ্টেণ্ডত ওলোমাই থৈ লৰাই থাকিলে ই গতি কৰিব। ইয়াকে দোলক বোলে। কাষত চিত্ৰ দিয়া হ’ল।

৪। আন্তর্জাতিক একক পদ্ধতি কি ?
উত্তৰঃ 1969 চনত বিজ্ঞানীসকলে শুদ্ধ জোখ-মাখৰ বাবে এক উমৈহতীয়া একক পদ্ধতি গ্ৰহণ কৰে। ইয়াকে আন্তর্জাতিক একক পদ্ধতি বোলে।

৫। 1 ইয়ার্ড = কিমান ফুট
উত্তৰঃ 1 ইয়ার্ড = 3 ফুট।

৬। 1 মাইল = কিমান কি.মি.
উত্তৰঃ 1 মাইল = 1.584 কি.মি.

Class 6 Science Chapter 13 Question Answer PDF in Assamese

Download PDF Notes

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment