Class 6 Science Chapter 11 Question Answer in Assamese

মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধৱীসকল আজি যদি আপুনি Class 6 Science Chapter 11 Question Answer in Assamese তথা অসম জাতীয় বিদ্যালয়ৰ ষষ্ট শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ ১১তম অধ্যায় “চৌপাশৰ পৰিৱৰ্তনবোৰ” ৰ প্ৰশ্ন উত্তৰ বিচাৰি আছে তেন্তে Assamese Medium নামৰ এই শিক্ষামূলক ৱেবচাইটৰ জৰিয়তে প্ৰকাশ হোৱা এই লিখনিত পাব।

চৌপাশৰ পৰিৱৰ্তনবোৰ পাঠটোৰ মূলকথা

প্ৰকৃতিত নিজে নিজে কিছুমান অৱস্থাৰ পৰিৱৰ্তন হৈ থাকে। যাক আমি ভৌতিক পৰিৱৰ্তন বুলি কওঁ। যেনে হঠাৎ বতাহ বলিছে, বৰষুণ আহিছে, গছৰ পুলিটো লাহে-লাহে ডাঙৰ হৈ আহিল, ফুলৰ পৰা ফল হ’ল ইত্যাদি। আকৌ দুটা বা ততোধিক মৌলৰ সংমিশ্ৰণৰ ফলত এক নতুন যৌগ পোৱা যায়। তেতিয়াও তাক আমি ভৌতিক পৰিৱৰ্তন বুলি ক’ব পাৰোঁ যদিহে তাৰ ৰাসায়নিক গঠন একে থাকে। যেনে নিমখ পানীত মিহলালে পানী লুণীয়া হয়। কিন্তু প্রয়োজন সাপেক্ষে আমি পুনৰ তাক পৃথককৈ পাব পাৰো।

Class 6 Science Chapter 11 Question Answer in Assamese

Class 6 Science Chapter 11 Question Answer in Assamese [Textual]

এই লিখনিৰ জৰিয়তে আজি আমি আপোনালোকৰ বাবে Class 6 Science Chapter 11 Question Answer in Assamese ত পাঠ্যপুথিৰ সকলো প্ৰশ্ন উত্তৰ যোগান ধৰাৰ ওপৰিও আমি কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ লিখি এক সুন্দৰ PDF Notes প্ৰস্তুত কৰিছো।আপুনি বিচাৰিলে Class 6 Science Chapter 11 Question Answer in Assamese PDF ডাউনলোড কৰিব পাৰিব।

এতিয়া আহক আমি প্ৰথমতে Class 6 Science Chapter 11 Question Answer in Assamese আলোচনা কৰোঁ।

শুদ্ধ উত্তৰটো বাছি উলিওৱা

(i) সর্বোচ্চ পৰিমাণৰ দ্ৰাৱ দ্ৰৱীভূত হৈ থকা দ্ৰৱটো হ’ল—
a) সংপৃক্ত দ্ৰৱ ।
b) গাঢ় দ্ৰৱ ।
c) লঘু দ্ৰৱ ।
d) প্রলম্বন ।
উত্তৰঃ (a) সংপৃক্ত দ্ৰৱ ।

(ii) উষ্ণতা বাঢ়িলে পদাৰ্থৰ দ্ৰাৱ্যতা ―
a) বাঢ়ে ।
b) কমে ।
c) নাবাঢ়েও, নকমেও ।
d) বাঢ়িবও পাৰে, কমিবও পাৰে ।
উত্তৰঃ (a) বাঢ়ে ।

(iii) এটা বস্তু দহন কৰাৰ পাছত ৰোৱা অৱশেষখিনিৰ ভৰ বস্তুটোৰ ভৰতকৈ –
a) কম ।
b) বেছি ।
c) কমিবও পাৰে, বাঢ়িবও পাৰে ।
d) বেছিও নহয়, কমো নহয়-একে থাকে ।
উত্তৰঃ (a) কম ।

২। নিম্নোক্তবোৰৰপৰা ওলোটা দিশত হ’ব পৰা প্ৰক্ৰিয়া চিনাক্ত কৰা—
a) চাউলৰ পৰা ভাত ৰন্ধা।
b) কাগজ এখিলা ৰকেটৰ আকৃতিত কটা।
c) কাগজ এখিলা জ্বলোৱা।
d) কাগজ এখিলা ভাঁজ কৰি চৰাই বনোৱা।
e) মম গলোৱা ।

উত্তৰঃ a) চাউলৰ পৰা ভাত ৰন্ধাৰ পিছত পুনৰ চাউলখিনি পাব নোৱাৰি।
b) কাগজ এখিলা ৰকেটৰ আকৃতিত কটাৰ পিছত আকৌ আগৰ আকৃতিত কাগজখন পাব নোৱাৰি।
c) কাগজ এখিলা জ্বলোৱাৰ পিছত ছাই হৈ যায়। ইয়াক্ পুনৰাই কাগজৰূপে পাব নোৱাৰি।
d) কাগজ এখিলা ভাঁজ কৰি চৰাই বনোৱাৰ পিছত পুনৰাই কাগজখন আগৰ আকৃতিত পাব পাৰি। আকৃতিৰ কোনো পৰিৱৰ্তন নহয়।
e) মম গলোৱাৰ পিছত পুনৰ মমডাল আগৰ আকৃতিত পাব নোৱাৰি।

৩। এটা কাঁচৰ বটলৰ মুখখন পানীত বুৰাই ৰখা হৈছে (ছবি চোৱাঁ) তাৰ পাছত বটলটোৰ পিছফালটো গৰম কৰা হৈছে। অলপ পাছতে পানীত বুৰবুৰণি ওলাইছে। বুৰবুৰণি কিয় ওলাইছে লিখা।
উত্তৰঃ

চিত্ৰত দেখুওৱাৰ দৰে এটা কাঁচৰ বটলৰ মুখখন গামলাত থকা পানীত বুৰাই ৰখা হ’ল। এতিয়া বটলটোৰ পিছফালে জ্বলি থকা মম এডালেৰে তাপ প্ৰয়োগ কৰা হ’ল। এতিয়া পানীত বুৰবুৰণিৰ সৃষ্টি হৈছে। ইয়াৰ কাৰণটো হ’ল যে জুইৰ তাপ পাই বটলৰ ভিতৰত থকা বায়ুখিনি বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰিছে। এই বায়ুৰ চলাচলৰ বাবে পানীত বুৰবুৰণি হৈছে।

৪। গৰম কৰিলে বায়ুৰ আয়তন বাঢ়ে— এই কথা প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰা ।
উত্তৰঃ এটা প্ৰকাণ্ড বেলুন লোৱা হ’ল । এতিয়া ইয়াৰ ভিতৰৰ বায়ুখিনি চিত্ৰত দিয়া ধৰণে গৰম কৰা হ’ল । বায়ু গৰম হ’লে পাতল হয় আৰু ওপৰলৈ উৰি যায় । আচলতে ঠাণ্ডা বায়ুতকৈ গৰম বায়ুৱে বেছি ঠাই আগুৰে । অৰ্থাৎ বায়ু গৰম হ’লৈ বায়ুৰ আয়তন বাঢ়ে ।

৫। এল পি জি বায়ুতকৈ গধুৰ । ধৰা , ৰান্ধনি ঘৰত চিলিণ্ডাৰৰ পৰা গেছবিধ ওলাই আছে । বতাহ যেনিবা বলা নাই । গেছবিধ ওপৰলৈ উৰি যাব নে তলত জমা হৈ থাকিব ?
উত্তৰঃ এল পি জি বায়ুতকৈ গধুৰ । ধৰা হ’ল ৰান্ধনি ঘৰত চিলিণ্ডাৰৰ পৰা গেছবিধ ওলাই আছে । বতাহ যেনিবা বলা নাই । কিন্তু এল পি জি গেছবিধ ওপৰলৈ উৰি যাব । কাৰণ ই অক্সিজেনৰ সংস্পৰ্শত অহাৰ লগে লগে পাতল হৈ পৰে আৰু ই অত্যন্ত জ্বলনশীল ।

৬। জ্বলালে মমবাতি এডাল নাইকিয়া হৈ যায় । কিয় নাইকিয়া হয় লিখা ।
উত্তৰঃ মমবাতি এডাল জ্বলালে নাইকিয়া হৈ যায়। কাৰণ দহনৰ ফলত ইয়াৰ পৰা জলীয় বাষ্প আৰু কার্বন ডাই অক্সাইড উৎপন্ন হয় । আৰু এই দুয়োটাই ( জলীয় বাষ্প আৰু কাৰ্বন ডাই অক্সাইড ) বায়ুৰ লগত মিলি যায় ।

৭। দ্ৰাৱ , দ্ৰাৱক আৰু সংপৃক্ত দ্ৰৱৰ সংজ্ঞা লিখাঁ । দ্ৰাৱ আৰু ভ্ৰাৱকৰ উদাহৰণ দিয়া ।
উত্তৰঃ ধৰাহ’ল এটা পাত্ৰত চেনি আৰু পানীৰ মিশ্ৰণ লোৱা হ’ল । চেনি আৰু পানীৰ দ্ৰৱটোত চেনিক দ্ৰাৱ (solute) বুলি কোৱা হয় আৰু পানীখিনিক দ্ৰাৱক (solvent) বুলি কোৱা হয়।

এক নিৰ্দিষ্ট পৰিমাণৰ পানীত নিৰ্দিষ্ট পৰিমাণৰ চেনিহে মিহলাব পাৰিম। চেনিখিনি পানীৰ লগত মিহলি হৈ যাব। কিন্তু পানীতকৈ, চেনি যদি অধিক দিও তেতিয়া অতিৰিক্ত চেনিখিনি পানীৰ লগত মিহলি নহৈ জমা হৈ থাকিব। ইয়াকে সংপৃক্ত দ্ৰৱ বোলে।

৮। বস্তু এটা জ্বলালে আচলতে কি ঘটে লিখাঁ। উদাহৰণ দিয়া।
উত্তৰঃ বস্তু এটা জ্বলালে ইয়াৰ দহন হয়। ধৰাহ’ল কাগজ এটুকুৰা জ্বলালো। জ্বলোৱাৰ পিছত ই জলীয় বাষ্প আৰু কাৰ্বন-ডাই-অক্সাইডলৈ পৰিৱৰ্তিত হয়। ফলত ইয়াৰ ক্ষয় হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

১। লু মানে কি ?
উত্তৰঃ মে’, জুন মাহত দিল্লী, ৰাজস্থান আদিত অতিপাত গৰম হয়। তেতিয়া গৰম বতাহ বয়। ইয়াক লু (loo) বোলে।

২। পানী আৰু জলীয় বাষ্প কি অৱস্থাত থাকে ?
উত্তৰঃ পানী জুলীয়া অৱস্থা (liquid state) ত থাকে আৰু জলীয় বাষ্প গেছীয় অৱস্থা (gaseous state) ত থাকে।

৩। পানী কেতিয়া কঠিন অৱস্থাত পাব পাৰি ?
উত্তৰঃ পানী ঠাণ্ডা পালে গোট মাৰি বৰফ হয়। ইয়াকে পানীৰ কঠিন অৱস্থা বোলে।

৪। ৰাসায়নিক পৰিৱৰ্তন কাক বোলে ?
উত্তৰঃ দুটা বা ততোধিক বেলেগ বেলেগ মৌলৰ সংমিশ্ৰণৰ ফলত এটা নতুন যৌগ পোৱাৰ লগতে তাৰ ৰাসায়নিক গঠন সলনি হয়, তেতিয়া তাক ৰাসায়নিক পৰিৱৰ্তন বোলে।

৫। ভৌতিক পৰিৱৰ্তন বুলিলে কি বুজা ?
উত্তৰঃ প্ৰকৃতিত নিজে নিজে কিছুমান অৱস্থাৰ পৰিৱৰ্তন হোৱা দেখা যায়। আকৌ দুটা বা ততোধিক মৌলৰ সংমিশ্ৰণৰ ফলত নতুন যৌগ উৎপন্ন হয় যদিও ইয়াৰ যদি ৰাসায়নিক গঠন একে থাকে বা কোনো ৰাসায়নিক পৰিৱৰ্তন নহয়, তেতিয়া তাক ভৌতিক পৰিৱৰ্তন বোলে।

Class 6 Science Chapter 11 Question Answer PDF Note

Download PDF Note

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment