[AJB] Class 6 Science Chapter 15 Question Answer in Assamese | চুম্বক

আপুনি বাৰু Class 6 Science Chapter 15 Question Answer in Assamese তথা অসম জাতীয় বিদ্যালয়ৰ বিজ্ঞান বিষয়ৰ ১৫তম অধ্যায় “চুম্বক প্ৰশ্ন উওৰ” বিচাৰি আছে নেকি?

তেন্তে চিন্তাৰ কোনো কাৰণ নাই, আমি আপোনালোকৰ বাবে আজি Class 6 Science Chapter 15 Question Answer in Assamese লৈ আহিছোঁ। আপুনি আজিৰ লিখনিত এই অধ্যায়ৰ সকলো প্ৰশ্ন উত্তৰ পাব।

ইয়াৰ আগতে আমি Assamese Medium নামৰ এই শিক্ষামূলক ৱেবছাইটত Class 6 Science (AJB) ৰ বহু কেইটা অধ্যায় আলোচনা কৰিছো। আপুনি প্ৰয়োজনবোধ কৰিলে তলত উল্লেখ কৰা লিংকৰ জৰিয়তে পঢ়িব পাৰে –

Class 6 Science Chapter 15 Question Answer in Assamese 2023

আমি আগতে উল্লেখ কৰিছো যে, আজি আমি Class 6 Science Chapter 15 Question Answer in Assamese আলোচনা কৰিম। আজিৰ আলোচনাত এই অধ্যায়ত উল্লেখিত সকলো প্ৰশ্ন উত্তৰ দিয়াৰ লগতে আমি অতিৰিক্ত কিছু প্ৰশ্ন উত্তৰ যোগান ধৰাৰ প্ৰয়াস কৰিছো।

Class 6 Science Chapter 15 Question Answer in Assamese

ইয়াৰ ওপৰিও আমি সকলো প্ৰশ্ন উত্তৰ মিলাই এক সুন্দৰ PDF Notes প্ৰস্তুত কৰি এই লিখনিৰ একেবাৰে তলফালে সংযোগ কৰিছো। আপুনি বিচাৰিলে PDF Notes Download কৰিব পাৰে।

শুদ্ধ উত্তৰটো বাছি উলিওৱা

(i) সাগৰত দিশ নিৰ্ণয় কৰিবলৈ নাৱিকসকলে ব্যৱহাৰ কৰা আহিলাবিধ হ’ল—
a) লো-ৰ দণ্ড ।
b) দূৰবীন ।
c) পেৰিস্ক’প ।
d) কম্পাছ ।
উত্তৰঃ (d) কম্পাছ ।

(ii) তলৰ কোনটো চুম্বকীয় পদার্থ নহয় ?
a) লো ।
b) নিকেল ।
c) ক’বাল্ট ।
d) তাম ।
উত্তৰঃ (d) তাম ।

(iii) তলৰ কোনবিধ প্রাকৃতিক চুম্বক ?
a) নিকেল ।
b) পাৰা ।
c) গেড ‘লিনিয়াম ।
d) ল’ডষ্টন ।
উত্তৰঃ (d) ল’ডষ্ট’ন ।

(iv) চুম্বকৰ একেজাতীয় মেৰুৰ মাজত ―
a) আকর্ষণ হয় ।
b) বিকর্ষণ হয় ।
c) কেতিয়াবা আকর্ষণ আৰু কেতিয়াবা বিকর্ষণ হয় ।
d) ওপৰৰ এটাও নহয়।।
উত্তৰঃ (b) বিকর্ষণ হয় ।

(v) ভূ-চুম্বকৰ উত্তৰ মেৰু থাকে ―
a) উত্তৰ দিশত ।
b) দক্ষিণ দিশত ।
c) পূব দিশত ।
d)পশ্চিম দিশত ।
উত্তৰঃ ( b ) দক্ষিণ দিশত ।

(vi) চুম্বক এডাল মুক্তভাবে ওলোমাই থ’লেই কোন দিশত স্থিৰ হৈ ৰ’ব ?
a) উত্তৰ – দক্ষিণ ।
b) পূর্ব – পশ্চিম ।
c) উত্তৰ – পূব ।
d) দক্ষিণ – পূর্ব ।
উত্তৰঃ ( a ) উত্তৰ – দক্ষিণ ।

(vii) তলৰ চুম্বকীয় পদাৰ্থৰ শুদ্ধ শ্ৰেণীটো বাছি উলিওৱা—
a) লো , নিকেল , প্লাষ্টিক ।
b) লো , নিকেল , ক’বাল্ট ।
c) নিকেল , কাঠ , প্লাষ্টিক ।
d) ক’বাল্ট , কাঁচ , লো ।
উত্তৰঃ ( b ) লো , নিকেল , ক’বাল্ট ।

(viii) তলৰ কোনটো ক্ষেত্ৰত আকর্ষণ ঘটিব ?
a) NS SN
b) N S গজাল
c) NS কাঁচ
d) SN NS
উত্তৰঃ ( b ) N S গজাল ।

(ix) চুম্বক এডালৰ কোনটো অংশত আকর্ষণ বল বেছি ?
a) মূৰত ।
b) মাজত ।
c) সকলো অংশতে সমান ।
d) ওপৰৰ এটাও নহয় ।
উত্তৰঃ ( a ) মূৰত ।

চমুকৈ উত্তৰ দিয়া

i) চুম্বক কাক বোলে ? দুবিধ ভিন ভিন প্ৰকাৰৰ চুম্বকৰ উদাহৰণ দিয়া ।
উত্তৰঃ লো আৰু আন চুম্বকীয় পদার্থক আকর্ষণ কৰিব পৰা পদার্থবিধক চুম্বক বোলে । দুবিধ চুম্বকৰ উদাহৰণ ক্ৰমে দণ্ড চুম্বক আৰু ল’ডষ্ট’ন ।

ii) চুম্বকীয় পদাৰ্থ আৰু অচুম্বকীয় পদার্থ কাক বোলে ? প্রত্যেকৰে দুটাকৈ উদাহৰণ দিয়া ।
উত্তৰঃ যিবোৰ পদাৰ্থক চুম্বকে আকর্ষণ কৰে , সেইবোৰ পদাৰ্থক চুম্বকীয় পদার্থ বোলে । যেনে— লো আৰু তাম ।

যিবোৰ পদাৰ্থক চুম্বকে আকৰ্ষণ নকৰে, সেইবোৰ পদাৰ্থক অচুম্বকীয় পদাৰ্থ বোলে। যেনে— কাগজ আৰু মাটি।

iii) চুম্বকৰ আৱিষ্কাৰ কিদৰে হৈছিল ?
উত্তৰঃ চুম্বকৰ আৱিষ্কাৰ হৈছিল গ্ৰীছ দেশত। বহু বছৰ আগতে গ্ৰীছ দেশত মেগ্‌নেছ নামৰ এজন ভেড়া ৰখীয়া আছিল। ভেড়া চৰাওঁতে মেগ্‌নেছে এডাল কাঠৰ লাঠি লৈ ফুৰিছিল। এই লাঠিডালৰ আগত লোৰ টুপি লগোৱা আছিল। এদিন ভেড়া চৰাই থাকোঁতে তেওঁৰ লাঠিডালৰ আগটো এটা ডাঙৰ শিলত লাগি ধৰিছিল। ইয়াৰ অৰ্থ হ’ল, লাঠিডালক শিলটোৱে আকৰ্ষণ কৰিছিল। লো-ক আকর্ষণ কৰা বস্তুৰ বিষয়ে মানুহে এনেদৰে গম পালে। ভেড়া ৰখীয়াজনৰ নামেৰে সেই শিলটোৰ নাম মেগনেটাইট ৰখা হৈছিল।

iv) এবিধ প্রাকৃতিক চুম্বকৰ নাম লিখা।
উত্তৰঃ এবিধ প্রাকৃতিক চুম্বক হ’ল মেগনেটাইট (Magnetite) বা ল’ডষ্টন (Lodestone)

v) কৃত্রিম চুম্বক কি ?
উত্তৰঃ চুম্বকে কিছুমান পদাৰ্থক জৈাৰেৰে আকৰ্ষণ কৰে। যেনে— লো, ক’বাল্ট আদি। এনে পদাৰ্থক চুম্বকলৈ পৰিৱৰ্তিত কৰিব পাৰি। এনেদৰে প্ৰস্তুত কৰা চুম্বকক কৃত্রিম চুম্বক বোলে।

vi) ব্লেড এখনক কিদৰে চুম্বকলৈ পৰিণত কৰিবা বর্ণনা কৰা।
উত্তৰঃ এডাল দণ্ড চুম্বক আৰু এখন ব্লেড লোৱা হ’ল। প্ৰথমতে ব্লেডখন টেবুলৰ ওপৰত ৰাখিলো। দণ্ড চুম্বকডালৰ এটা মূৰ ব্লেডখনৰ এমূৰত ৰাখিলোঁ। তাৰ পাছত চুম্বকডালৰ মূৰটো ব্লেডখনৰ ওপৰেৰে আনটো মূৰলৈ চোঁচৰাই আনিলো। চুম্বকডাল দাঙি ধৰিলো। আকৌ চুম্বকডালৰ সেই মূৰটোৰে হেঁচি ধৰি আগৰ দৰে চোঁচৰাই আনিলো। এই কামটো 20 বাৰ মান কৰিলো। এতিয়া চুম্বকডাল আঁতৰাই থৈ ব্লেডখন আলপিন কেইটামানৰ ওচৰলৈ নিয়া হ’ল। দেখা গ’ল যে ব্লেডখনে আলপিনকেইটা আকৰ্ষণ কৰিছে।

vii) চুম্বকৰ মেৰু কাক বোলে ?
উত্তৰঃ দণ্ড চুম্বক এডালৰ দুয়ো মূৰত আকৰ্ষণ বল বেছি। এই মূৰ দুটাক চুম্বকৰ মেৰু বোলে।

viii) চুম্বকৰ দুটা ধর্ম উল্লেখ কৰা।
উত্তৰঃ চুম্বকৰ দুটা ধৰ্ম হ’ল—

  • চুম্বকে লো আকর্ষণ কৰে।
  • দুডাল দণ্ডচুম্বকৰ একে মেৰুবিশিষ্ট ফাল দুটা লগ-লগাই দিলে বিকর্ষণ কৰিব।

ix) ভূ-চুম্বক কি ?
উত্তৰঃ পৃথিৱীখনেও এডাল চুম্বকৰ দৰে আচৰণ কৰে। ইয়াৰ প্ৰভাৱতে ওলোমাই থোৱা চুম্বকডাল সদায় উত্তৰা-দক্ষিণা হৈ থাকে। ইয়াকে ভূ-চুম্বক বোলে।

(x) চুম্বক এডাল মুক্তভাবে ওলোমাই থ’লে কিয় উত্তৰা দক্ষিণাকৈ থাকে ?
উত্তৰঃ চুম্বক এডালৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু এই দুটা মেৰু থাকে। চুম্বক এডাল মুক্তভাৱে ওলোমাই ৰাখিলে, ভূ-চুম্বকৰ বলত ই উত্তৰ-দক্ষিণমুৱা হৈ যায়। ভূ-চুম্বকৰ উত্তৰ ফালে চুম্বকৰ দক্ষিণ মেৰু আৰু ভূ-চুম্বকৰ দক্ষিণফালে চুম্বকৰ উত্তৰ মেৰু বোলে।

(xi) চুম্বক এডালৰ দুয়ো মূৰে আকৰ্ষণ বল বেছি বুলি কিদৰে গম পাব পাৰি ?— এটা পৰীক্ষাৰ সহায়ত বৰ্ণনা কৰা।
উত্তৰঃ এডাল দণ্ডচুম্বক লোৱা হ’ল। কাষত বহুতো আলপিন থোৱা হ’ল। লগে-লগে চুম্বকড়ালে আলপিনবোৰ আকৰ্ষণ কৰি ল’লে। কিন্তু দেখা গ’ল যে চুম্বকৰ মাজভাগত বেছি আলপিন জমা হোৱা নাই, কিন্তু দুয়ো মূৰত বহুত পৰিমাণৰ আলপিন জমা হৈছে। গতিকে ইয়াৰ পৰা বুজিব পাৰি যে চুম্বৰ্ক এডালৰ দুয়ো মূৰে আকৰ্ষণ বল বেছি।

xii) চুম্বকৰ দুটা ব্যৱহাৰ উল্লেখ কৰা।
উত্তৰঃ চুম্বকৰ দুটা ব্যৱহাৰ হ’ল—

  1. কম্পাছত চুম্বক ব্যৱহাৰ কৰা হয়।
  2. ৰেডিঅ’ বা স্পীকাৰত চুম্বক ব্যৱহাৰ কৰা হয়।

xiii) কোন ক্ষেত্ৰত আকৰ্ষণ আৰু কোন ক্ষেত্ৰত বিকর্ষণ হ’ব ?

A) উত্তৰ মেৰুৰ ওচৰলৈ উত্তৰ মেৰু আহিলে ।
উত্তৰঃ উত্তৰ মেৰুৰ ওচৰলৈ উত্তৰ মেৰু আহিলে বিকর্ষণ হ’ব।

B) উত্তৰ মেৰুৰ ওচৰলৈ দক্ষিণ মেক আহিলে ।
উত্তৰঃ উত্তৰ মেৰুৰ ওচৰলৈ দক্ষিণ মেৰু আহিলে আকর্ষণ হ’ব।

C) দক্ষিণ মেৰুৰ ওচৰলৈ দক্ষিণ মেৰু আহিলে ।
উত্তৰঃ দক্ষিণ মেৰুৰ ওচৰলৈ দক্ষিণ মেৰু আহিলে বিকর্ষণ হ’ব।

(xiv) এডাল চুম্বকৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু কিদৰে চিনাক্ত কৰিবা ?
উত্তৰঃ চুম্বক এডাল মুক্তভাৱে ওলোমাই ৰাখিলে সদায় উত্তৰা দক্ষিণা হৈ থাকে। গতিকে উত্তৰ ফালে থকা মূৰটো উত্তৰ মেৰু আৰু দক্ষিণফালে থকা মূৰটো দক্ষিণ মেৰু বুলি চিনাক্ত কৰিব পাৰি।

(xv) কম্পাছ কি ? ইয়াৰ এটা ব্যৱহাৰ উল্লেখ কৰা।
উত্তৰঃ কম্পাছ এবিধ আহিলা। ইয়াৰ সহায়ত দিশ নিৰ্ণয় কৰিব পাৰি।

সাগৰত জাহাজ চলাওতে কম্পাছ ব্যৱহাৰ কৰে। কম্পাছৰ সহায়ত নাৱিকসকলে দিশ নিৰ্ণয় কৰি লয়।

অতিৰিক্ত প্রশ্নোত্তৰ

১। চুম্বক ক’ত আৱিষ্কাৰ হৈছিল ?
উত্তৰঃ গ্ৰীছ দেশত।

২। চুম্বক কোনে আৱিষ্কাৰ কৰিছিল ?
উত্তৰঃ মেগ্‌নেছ নামৰ মানুহ এজনে।

৩। মেগনেট নামটো কেনেকৈ হ’ল ?
উত্তৰঃ মেগনেট আৱিষ্কাৰ কৰা মানুহজনৰ নাম মেগনেছ আছিল। সেইবাবে তেওঁৰ নামেৰে মেগনেট নামটো ৰখা হ’ল।

৪। প্রাকৃতিক চুম্বক আৰু কৃত্রিম চুম্বক কাক বোলে? উদাহৰণ দিয়া।
উত্তৰঃ প্ৰকৃতিত নিজে সৃষ্টি হোৱা চুম্বকক প্রাকৃতিক চুম্বক বোলে। যেনে ল’ডষ্ট’ন বা মেগনেটাইট।
চুম্বকে কিছুমান বস্তু জোৰেৰে আকৰ্ষণ কৰে। যেনে— লো, কোবাল্ট আদি। এনে পদার্থক চুম্বকলৈ পৰিৱৰ্তিত কৰিব পাৰি। এনেদৰে প্ৰস্তুত কৰা চুম্বকক কৃত্রিম চুম্বক বোলে। যেনে–দণ্ড চুম্বক, বুটাম চুম্বক, অশ্বখুৰা চুম্বক, আঙঠি আকৃতিৰ চুম্বক আদি ।

৫। ল’ডষ্ট’ন শব্দটো কেনেকৈ সৃষ্টি হ’ল ?
উত্তৰঃ ল’ডষ্ট’ন শব্দটো লিড ষ্ট’ন (Lead stone)ৰ পৰা সৃষ্টি হৈছে। লিড শব্দৰ অৰ্থ হ’ল পথৰ দিশ দেখুওৱা। চুম্বকৰ এই গুণটোৰ বাবে ইয়াৰ নাম ল’ডষ্টন হ’ল।

Class 6 Science Chapter 15 Question Answer PDF

Class 6 Science Chapter 15 Question Answer in Assamese

Download PDF Note

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment