জীৱ জগত প্ৰশ্ন উত্তৰ | AJB Class 6 Science Chapter 1 QnA

আপুনি বাৰু অসম জাতীয় বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থী নেকি বা আপুনি শিক্ষক নেকি? আপোনাৰ বাবে এই লিখনি, যিয়ে আপোনাক বহুত উপকৃত কৰিব।

আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো Assamese Medium ৱেবচাইটৰ আন এক গুৰুত্বপূৰ্ণ আলোচনালৈ।

Class 6 Science তথা অসমীয়া মাধ্যমৰ ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ জীৱ জগত প্ৰশ্ন উত্তৰ আমি ছাত্ৰ ছাত্ৰীৰ বাবে লৈ আহিছোঁ।

জীৱ জগত পাঠটোৰ মূলকথা

পৃথিৱীখন অসংখ্য উপাদানেৰে গঠিত । হাজাৰ- হাজাৰ উপাদানেৰে গঠিত । এই আটাইবোৰ উপাদানক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে। এই ভাগ দুটা হ’ল — জীৱ আৰু জড় । জীৱৰ আকৌ প্রধান ভাগ দুটা । উদ্ভিদ আৰু প্ৰাণী । উদ্ভিদ বুলি ক’লৈ সৰু দুবৰি বনডালৰ পৰা আদি কৰি সৰু – বৰ সকলো গছ – গছনি , বৃক্ষ , গছ – লতা আদি সকলোকে বুজায় । আকৌ প্রাণী বুলিলে জীৱ – জন্তু , মানুহ , চৰাই চিৰিকতি , সাপ – ভেকুলী আদি সকলোকে বুজায় । আনহাতে জড় বুলিলে এইবোৰ বস্তুকে বুজায় যিবোৰ বস্তুৰ প্ৰাণ নাই । এইবোৰ প্ৰকৃতিত বিভিন্ন ধৰণে সৃষ্টি হয় । ইয়াৰ কিছুমান প্ৰকৃতিৰ দান আৰু কিছুমান হ’ল মৃত জীৱ – জন্তু , চৰাই – চিৰিকতি , গছ গছনি আদিৰ অৱশিষ্ট অংশ আৰু ভগ্নাৱশেষ । জীৱ আৰু জড়ৰ পাৰ্থক্য এইটোৱে যে জীৱই কিছুমান বিশেষ বৈশিষ্ট্য পালন কৰে , যিবোৰ জড়ৰ বাবে অসম্ভৱ হৈ পৰে । ইয়াৰ পৰা বুজিব পাৰি যে সকলো জীৱৰ প্ৰাণ আৰু শক্তি আছে ।

জীৱ জগত প্ৰশ্ন উত্তৰ

খালী ঠাই পূৰ কৰা [জীৱ জগত প্ৰশ্ন উত্তৰ]

( a ) আমি উশাহত ____ গেছ বায়ুৰ পৰা গ্ৰহণ কৰোঁ ।
উত্তৰঃ অক্সিজেন ।
( b ) কুকুৰাৰ পোৱালি ____ ৰ পৰা ওপজে।
উত্তৰঃ কণী ।
( c ) উদ্ভিদে ___ প্ৰক্ৰিয়াৰে নিজৰ খাদ্য প্রস্তুত কৰে ।
উত্তৰঃ সালোক সংশ্লেষণ ।

২। শুদ্ধ উত্তৰ বাছি উলিওৱা ।
( a ) লাজুকীলতাই কি উদ্দীপকৰ প্ৰতি সঁহাৰি জনায় ?
( i ) পোহৰ ।
( ii ) পোহৰ ।
( iii ) স্পর্শ ।
উত্তৰঃ ( iii ) স্পৰ্শ ।

( b ) পৰিৱেশৰ অজৈৱিক উপাদান হ’ল—
( i ) বায়ু ।
( ii ) পানী ।
( iii ) উদ্ভিদ ।
উত্তৰঃ ( i ) বায়ু আৰু ( ii ) পানী ।

( c ) প্ৰাণীৰ দেহত উৎপন্ন হোৱা অলাগতিয়াল বস্তু ওলাই যোৱা পদ্ধতি হ’ল ―
( i ) পাচন ।
( ii ) শ্বসন ।
( iii ) ৰেচন ।
উত্তৰঃ ( iii ) ৰেচন ।

চমুকৈ উত্তৰ দিয়া [জীৱ জগত প্ৰশ্ন উত্তৰ]

৩। জীৱ বুলিলে কি বুজা ?
উত্তৰঃ যিবোৰ বস্তুৰ প্ৰাণ আছে আৰু বংশবৃদ্ধি কৰিব পৰা ক্ষমতা আছে, সেইবোৰ বস্তুক জীৱ বুলি কোৱা হয় । আমাৰ চাৰিওঁফালে থকা জীৱ – জন্তু , চৰাই চিৰিকতি , গছ – গছনি আদি ইয়াৰ উদাহৰণ ।

৪। জীৱৰ বৈশিষ্ট্যসমূহ লিখাঁ ।
উত্তৰঃ জীৱৰ বৈশিষ্ট্যসমূহ হ’ল—

  • জীৱৰ বৃদ্ধি আৰু বিকাশ হয় ।
  • জীৱই খাদ্য গ্রহণ কৰে ।
  • জীৱই উশাহ – নিশাহ লয় ।
  • জীৱৰ চলন হয় ।

৫। আমাৰ চৌপাশ বুলিলে কি বুজা ?
উত্তৰঃ আমাৰ চাৰিওফালে বিভিন্ন জীৱ – জন্তু , চৰাই – চিৰিকতি , গছ- লতিকা আদিয়ে আৱৰি আছে । আমাৰ চাৰিওফালৰ এই পৰিৱেশটোক আমাৰ চৌপাশ বুলি কোৱা হয় ।

৬। পৰিৱেশৰ উপাদান কেই প্ৰকাৰৰ ?
উত্তৰঃ পৰিবেশৰ উপাদানসমূহ প্ৰধানকৈ দুই প্ৰকাৰৰ । সেই দুটা হ’ল—
a) জৈৱিক উপাদান ।
b) অজৈৱিক উপাদান ।

৭। পোৱালি জগাই বংশবৃদ্ধি কৰা দুবিধ প্ৰাণীৰ নাম লিখা ।
উত্তৰঃ পোৱালি জগাই বংশবৃদ্ধি কৰা দুবিধ প্রাণী হ’ল— গৰু , কুকুৰ , মেকুৰী , বাদুলি আদি ৷

৮। উদ্দীপক কাক বোলে ।
উত্তৰঃ গাত গৰম বা চেঁচা বস্তু লাগিলে আমি তৎক্ষণাৎ আঁতৰি আহোঁ বা চকুত ছাট মাৰি ধৰা পোহৰ পৰিলে আমি চকু দুটা মুদি দিওঁ । এই ক্ষেত্ৰত স্পর্শ , অতিপাত গৰম বা ঠাণ্ডা , অতি উজ্জ্বল পোহৰ আদিক উদ্দীপক বোলা হয় ।

৯। জীৱৰ উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱা দুটা উদাহৰণ দিয়া ।
উত্তৰঃ জীৱৰ উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱা দুটা উদাহৰণ হ’ল—
ক ) চকুত উজ্জ্বল পোহৰ আহি পৰিলে , আমি চকু মুদি দিওঁ ।
খ ) গাত গৰম বা চেঁচা বস্তু লাগিলে আমি তৎক্ষণাৎ আঁতৰি আহোঁ ।

১০। জীৱ আৰু জড়ৰ চাৰিটা পার্থক্য লিখা ।
উত্তৰঃ জীৱ আৰু জড়ৰ চাৰিটা পার্থক্য হ’ল ―
ক ) জীৱই খাদ্য গ্ৰহণ কৰে , কিন্তু জড়ই খাদ্য গ্রহণ নকৰে ।
খ ) জীৱই বংশবৃদ্ধি কৰিব পাৰে , কিন্তু জড়ই বংশবৃদ্ধি কৰিব নোৱাৰে ।
গ ) জীৱই চলন কার্য সম্পন্ন কৰে , কিন্তু জড়ৰ চলন নাই । (চলন মানে অংগ – প্ৰত্যংগ লৰচৰ হোৱা)
ঘ ) জীৱই উশাহ – নিশাহ লয় , কিন্তু জড়ই উশাহ – নিশাহ ল’ব নোৱাৰে ।

১১। উদ্ভিদ আৰু প্ৰাণীৰ মাজৰ দুটা পার্থক্য লিখাঁ।
উত্তৰঃ উদ্ভিদ আৰু প্ৰাণীৰ দুটা পার্থক্য হ’ল—
ক ) উদ্ভিদে শ্বসন কাৰ্যৰ জৰিয়তে বায়ুমণ্ডলৰ পৰা কাৰ্বণ – ডাই – অক্সাইড গেছ গ্ৰহণ কৰে ; কিন্তু প্রাণীয়ে অক্সিজেন গেছ গ্ৰহণ কৰে ।
খ ) উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয় ; কিন্তু প্ৰাণীয়ে নিজৰ খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰে ।

১২। ৰেচনৰ প্ৰয়োজনীয়তা কি ?
উত্তৰঃ সকলো জীৱই খাদ্য গ্ৰহণ কৰে । খাদ্যৰ এটা অংশ প্রয়োজন অনুসৰি জীৱদেহত ব্যৱহৃত হয় আৰু খাদ্যৰ অনাৱশ্যকীয় অংশখিনি জীৱদেহৰ পৰা বাহিৰ কবি দিয়াটো নিতান্তই প্রয়োজন । কাৰণ ই শৰীৰত থাকিলে কিছুমান বিষাক্ত দ্ৰব্যৰ সৃষ্টি কৰে । যিটো আমাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক । সেয়েহে এই বর্জনীয় বস্তুবোৰ ৰেচন প্ৰক্ৰিয়াৰ সহায়ত জীৱদেহৰ পৰা বাহিৰ কৰি দিয়া হয় ।

১৩। আন্ধাৰত গছৰ বৃদ্ধি নহয় কিয় ?
উত্তৰঃ আন্ধাৰত গছৰ বৃদ্ধি নহয় । কাৰণ উদ্ভিদে নিজৰ খাদ্য নিজে প্রস্তুত কৰি লয় । ইয়াৰ বাবে সূৰ্যৰ তাপ আৰু পোহৰ নিতান্তই প্ৰয়োজন৷উদ্ভিদৰ পাতত সেউজীয়া পত্ৰহৰিৎ নামৰ এবিধ ৰঞ্জক পদার্থ থাকে । এই পত্ৰহৰিতে সূৰ্যৰ তাপ আৰু পোহৰ শোষণ কৰি লয় আৰু ইয়াৰ সহায়ত কাৰ্ব ‘ হাইড্ৰেট নামৰ খাদ্য উদ্ভিদে তৈয়াৰ কৰি লয় । সূৰ্যৰ পোহৰ অবিহনে উদ্ভিদ জীয়াই থকাটো অসম্ভৱ৷

অতিৰিক্ত প্রশ্নোত্তৰ [জীৱ জগত প্ৰশ্ন উত্তৰ]

১। সালোক সংশ্লেষণ কাক বোলে ?
উত্তৰঃ সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ পৰা শক্তি আহৰণ কৰে । এই শক্তিৰ দ্বাৰা উদ্ভিদে খাদ্য প্রস্তুত কৰে । এই খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক সালোক সংশ্লেষণ বোলে ।

২। প্রধান প্রাকৃতিক উপাদানসমূহ কি কি ?
উত্তৰঃ প্রধান প্রাকৃতিক উপাদানসমূহ হ’ল— বায়ু , পানী , মাটি , সূর্যৰ তাপ , উদ্ভিদ ইত্যাদি ।

৩। ৰেচন ক্রিয়া কাক বোলে ?
উত্তৰঃ সকলো জীৱই খাদ্য গ্রহণ কৰে । খাদ্যৰ এটা অংশ শৰীৰত ব্যৱহৃত হয় । আৰু বাকী অপ্রয়োজনীয় অংশটো শৰীৰত কিছুমান পদ্ধতিৰে আন পদাৰ্থলৈ পৰিৱৰ্তিত হয় । এইবোৰ শৰীৰৰ পৰা বৰ্জন কৰা হয় । এই বৰ্জন কৰা প্ৰক্ৰিয়াটোক ৰেচন ( excretion ) ক্রিয়া বোলে ।

৪। মানুহৰ দৰে আন প্রাণী বা উদ্ভিদে উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়নে ?
উত্তৰঃ মানুহৰ দৰে অন্য প্রাণী বা উদ্ভিদেও উদ্দীপকৰ প্ৰতি সঁহাৰি জনায় । উদাহৰণ স্বৰূপে , যেনে- কেঁচু এডাল চুই দিলে কোচ খাই যায় । লাজুকীলতাৰ পাত চুই দিলে জাপ খাই যায় ।

৫। জীৱই শক্তি ক’ৰ পৰা পায় ?
উত্তৰঃ জীৱই খাদ্যৰ পৰা শক্তি পায় ।

৬। উদ্ভিদ আৰু প্ৰাণীৰ মাজত সম্পৰ্ক কি ?
উত্তৰঃ উদ্ভিদ আৰু প্ৰাণীৰ মাজত ওতঃপ্রোত সম্পর্ক আছে , য’ত উদ্ভিদ অবিহনে প্ৰাণী জীয়াই থাকিব নোৱাৰে আৰুপ্ৰাণী অবিহনে উদ্ভিদ জীয়াই থাকিব নোৱাৰে । উদ্ভিদে শ্বসন কার্যত কার্বন – ডাই অক্সাইড গেছ গ্ৰহণ কৰে আৰু অক্সিজেন এৰি দিয়ে আৰু উদ্ভিদে সালোক সংশ্লেষণ কৰোঁতে যথেষ্ট পৰিমাণে অক্সিজেন গেছ উৎপন্ন হয় । এই অক্সিজেন গেছ গ্ৰহণ কৰি গোটেই প্রাণীজগত জীয়াই আছে । আকৌ প্ৰাণীয়ে গ্ৰহণ কৰা বেছিভাগ খাদ্য উদ্ভিদৰ পৰাই পোৱা যায় । গতিকে উদ্ভিদ অবিহনে প্রাণী আৰু প্ৰাণী অবিহনে উদ্ভিদ জীয়াই থকাটো অসম্ভৱ ।

৭। প্ৰাণী আৰু উদ্ভিদৰ বৃদ্ধি কেতিয়াৰ পৰা হয় ?
উত্তৰঃ প্রাণী আৰু উদ্ভিদ দুয়োটাৰে ভ্ৰূণ অৱস্থাৰ পৰাই বৃদ্ধি হয় । কিন্তু তাৰ বাবে প্রয়োজনীয় খাদ্য বা শক্তি পাব লাগিব ।

৮। জীৱজগতৰ প্ৰধান উপাদান দুটা কি কি ?
উত্তৰঃ জীৱজগতৰ প্ৰধান উপাদান দুটা হ’ল উদ্ভিদ আৰু প্ৰাণী ।

৯। শ্বসন ক্রিয়া বুলিলে কি বুজা ?
উত্তৰঃ সকলো প্ৰাণীয়ে উশাহ – নিশাহ লয় । প্রাণীয়ে উশাহত অক্সিজেন গেছ গ্ৰহণ কৰে আৰু নিশাহত কাৰ্বণ – ডাই – অক্সাইড গেছ এৰি দিয়ে । আনহাতে উদ্ভিদে উশাহত কার্বন – ডাই অক্সাইড গেছ গ্ৰহণ কৰে আৰু নিশাহত অক্সিজেন এৰি দিয়ে । এই উশাহ – নিশাহ লোৱা যি বিশেষ প্রক্রিয়া , এই প্রক্রিয়াক শ্বসন ক্রিয়া বোলা হয় ।

১০। জীৱৰ চলন বুলিলে কি বুজা ?
উত্তৰঃ জীৱই লৰচৰ কৰাকে চলন বোলে । সকলো জীৱ – জন্তু , চৰাই চিৰিকতি আদিয়ে লৰচৰ কৰে । কিন্তু উদ্ভিদে লৰচৰ নকৰে । কিন্তু ইহঁতেও উদ্দীপকৰ প্ৰতি সঁহাৰি জনায় আৰু নিজৰ দেহৰ বাবে প্ৰয়োজনীয় সকলো কার্য চলাই থাকে । এইবোৰকে উদ্ভিদৰ চলন বুলি কোৱা হয় ।

খালী ঠাই পূৰ কৰা

a ) জীৱই ____ প্ৰক্ৰিয়াসমূহ সম্পন্ন কৰে।
উত্তৰঃ জীৱন ।

b ) ____ শ্বসন ক্রিয়া সম্পন্ন কৰে ।
উত্তৰঃ জীৱই ।

c ) জীৱই প্ৰজননৰ সহায়ত ____ বৃদ্ধি কৰে ।
উত্তৰঃ বংশ ।

d ) জীৱই ____ ৰ প্ৰতি সঁহাৰি জনায় ।
উত্তৰঃ উদ্দীপক ।

e ) খাদ্যৰ কাৰণে প্ৰাণীয়ে ____ ৰ ওপৰত নিৰ্ভৰ কৰে ।
উত্তৰঃ উদ্ভিদ ।

f ) উদ্ভিদে ____ প্ৰক্ৰিয়াৰে খাদ্য প্রস্তুত কৰে ।
উত্তৰঃ সালোক সংশ্লেষণ ।

Class 6 Science [জীৱ জগত প্ৰশ্ন উত্তৰ] PDF

Download PDF Note

Leave a Comment