Class 6 Science Chapter 14 Question Answer in Assamese

অসম জাতীয় বিদ্যালয়ৰ বিজ্ঞান বিষয়ৰ ১৪তম অধ্যায় “বিদ্যুৎ প্ৰশ্ন উত্তৰ” তথা Class 6 Science Chapter 14 Question Answer in Assamese যদি আপুনি বিচাৰি আজি Assamese Medium নামৰ এই শিক্ষামূলক ৱেবচাইটত আহিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই।

ইয়াৰ আগতে আমি আপোনালোকৰ বাবে Class 6 Science Assamese Jatiya Bidyalaya ৰ বাবে বহু কেইটা অধ্যায়ৰ আলোচনা কৰিছো, আপুনি প্ৰয়োজনবোধ কৰিলে তলত দিয়া লিংকৰ জৰিয়তে পঢ়িব পাৰে-

Class 6 Science Chapter 14 Question Answer in Assamese 2023

আজি আমি আপোনালোকৰ বাবে Class 6 Science Chapter 14 Question Answer in Assamese ত অতি চমু প্ৰশ্ন উত্তৰ, কিছু চমু প্ৰশ্ন উত্তৰ, ব্যাখ্যামূলক প্ৰশ্ন উত্তৰ লগতে কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ প্ৰয়াস কৰিছো।

Class 6 Science Chapter 14 Question Answer in Assamese

শুদ্ধ উত্তৰটো বাছি উলিওৱাঁ

(i) তলৰ কোনবিধ আহিলাই বিদ্যুৎ যোগান ধৰিব পাৰে ?
a) বিদ্যুৎ কোষ ।
b) বাল্ব ।
c) তামৰ তাঁৰ ।
d) ইস্ত্রি ।
উত্তৰঃ (a) বিদ্যুৎকোষ ।

(ii) বর্তনী এটা মুক্ত বা বন্ধ কৰিবলৈ কোনবিধ আহিলা ব্যৱহাৰ কৰা হয় ?
a) বেটাৰি ।
b) ছুইচ ।
c) বাল্ব ।
d) প্লাগ ।
উত্তৰঃ (b) ছুইচ ।

(iii) বাল্ব এটাৰ ভিতৰত উজ্বলি উঠি পোহৰ বিলোৱা তাঁৰডাল হ’ল ―
a) প্লাগ ।
b) ছুইচ ।
c) ফিলামেন্ট ।
d) ওপৰৰ এটাও নহয় ।
উত্তৰঃ (c) ফিলামেন্ট ।

(iv) তলৰ কোনবিধ পদার্থ বিদ্যুতৰ পৰিবাহী নহয় ?
a) তাম ।
b) ৰূপ ।
c) গ্রেফাইট ।
d) প্লাষ্টিক ।
উত্তৰঃ (d) প্লাষ্টিক ।

(v) তলৰ কোনটো ক্ষেত্ৰত বৰ্তনীৰ মাজেৰে বিদ্যুৎপ্ৰৱাহ চালিত হ’ব ?

উত্তৰঃ (C)

পাঠ্যভিত্তিক চমু উত্তৰ

(i) বিদ্যুৎপ্ৰৱাহ কোনটো মেৰুৰপৰা কোনটো মেৰুলৈ প্ৰৱাহিত হয় ?
উত্তৰঃ বিদ্যুৎপ্ৰৱাহ ধনাত্মক মেকৰ পৰা ঋণাত্মক মেৰুলৈ প্ৰৱাহিত হয়।

(ii) এটা বন্ধ বৰ্তনীৰ চিত্ৰ আঁকা।
উত্তৰঃ

(iii) টর্চ লাইট এটাত কি ধৰণৰ ছুইচ ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ টৰ্চ লাইট এটাত পিছলাই নিব পৰা ছুইচ ব্যৱহাৰ কৰা হয় ।

(iv) বৈদ্যুতিক বর্তনী কি ?
উত্তৰঃ বিদ্যুৎ প্ৰৱাহিত হ’ব পৰা পথেই হ’ল বৈদ্যুতিক বর্তনী।

(v) বন্ধ বর্তনী কাক বোলে ?
উত্তৰঃ বৈদ্যুতিক ছুইচৰ সহায়ত বৰ্তনী এটাত বিদ্যুৎ প্ৰৱাহ চালিত কৰিলে, তাক বন্ধ বর্তনী বোলে।

(vi) বর্তনী এটাত বিদ্যুৎ কোষৰ কাম কি ?
উত্তৰঃ বৰ্তনী এটাত বিদ্যুৎ কোষে বিদ্যুৎ যোগান ধৰে।

(vii) বর্তনী এটাত ছুইচৰ কাম কি ?
উত্তৰঃ বৰ্তনী এটাত ছুইচটো অন কৰি দিয়াৰ লগে লগে বাল্বটো থকা বৰ্তনীটো ‘বন্ধ’ হৈ পৰে আৰু বাম্বটোৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হয়। ফলত বাম্বটো জ্বলি উঠে। ছুইচটো অফ কৰি দিলে বাল্বটোৰ মাজেৰে বিদ্যুৎ প্ৰৱাহ বন্ধ হৈ পৰে। ফলত বাল্বটো নুমাই যায় বা নজ্বলে।

(viii) বিদুৎ ব্যৱহাৰ হোৱা দুবিধ আহিলাৰ নাম লিখা।
উত্তৰঃ বিদ্যুৎ ব্যৱহাৰ হোৱা দুবিধ আহিলা হ’ল—বাল্ব, ফেন আদি।

(ix) দেৱালঘড়ী এটাই বিদ্যুৎ ক’ৰপৰা পায় ?
উত্তৰঃ দেৱালঘড়ী এটাই বিদ্যুৎ বেটাৰীৰ পৰা পায়।

(x) বিদ্যুৎকোষ এটাৰ মেৰু দুটাৰ নাম কি ?
উত্তৰঃ বিদ্যুৎ কোষ এটাৰ মেৰু দুটাৰ নাম ধনাত্মক মেৰু আৰু ঋণাত্মক মেৰু।

(xi) বিদ্যুৎকোষ এটাত বিদ্যুৎ কেনেদৰে উৎপন্ন হয় ?
উত্তৰঃ বিদ্যুৎ কোষ এটাৰ মেৰু দুটা থাকে। এফালে ধনাত্মক মেক আৰু আনফালে ঋণাত্মক মেৰু। বিদ্যুৎ কোষটোৰ ভিতৰত কিছুমান পদার্থ থাকে। যেতিয়া আমি আহিলাৰ লগত ইয়াক সংযোগ কৰো, তেতিয়া এই পদাৰ্থবোৰৰ মাজত ৰাসায়নিক বিক্রিয়া ঘটি বিদ্যুৎ উৎপন্ন হয়।

(xii) বহুদিন ব্যৱহাৰ কৰাৰ পিছত বিদুৎকোষ এটাই বিদ্যুৎ যোগান ধৰিব নোৱাৰা হয় কিয় ?
উত্তৰঃ বহুদিন ব্যৱহাৰ কৰাৰ পিছত কোষটোৰ ভিতৰত ৰাসায়নিক বিক্রিয়া ঘটি বন্ধ হৈ যায়। তেতিয়া কোষটোৱে বিদ্যুৎ যোগান ধৰিব নোৱাৰা হয়। অর্থাৎ কোষৰ ভিতৰত থকা পদাৰ্থবোৰৰ শক্তি ক্ষয় হয়।

(xiii) বাল্ব এটাই কিদৰে পোহৰ বিলায় ?
উত্তৰঃ বাল্বত থকা ধাতুৰ ঘেৰটোৰ সৈতে এটা বিদ্যুৎ কোষৰ এটা মূৰ (+ বা –) সংযোগ কৰিব লাগে আৰু কোষটোৰ আনটো মূৰ বাল্বটোত থকা ধাতুৰ টুপীটোৰ লগত সংযোগ কৰিব লাগে। তেতিয়া বাল্বটোৰ ভিতৰত থকা ফিলামেণ্টডালৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হয়। ফলত ফিলামেন্টডাল তপত হৈ উঠে। তেতিয়া বাম্বটো উজ্জ্বল হৈ পোহৰ বিলায়।

(xiv) এটা বাল্ব, এটা বিদ্যুৎকোষ আৰু এটা ছুইচ থকা এটা বৈদ্যুতিক বৰ্তনীৰ চিত্ৰ আঁকা।
উত্তৰঃ

(xv) বিদ্যুৎ প্ৰৱাহৰ দিশ কি ?
উত্তৰঃ বিদ্যুৎ প্ৰৱাহৰ দিশ ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুলৈ বুলি ধৰা হয়।

(xvi) এটা বন্ধ বর্তনী আৰু এটা খোলা বর্তনীৰ চিত্ৰ আঁকা।
উত্তৰঃ

(xvii) বিদ্যুতৰ পৰিবাহী আৰু অপৰিবাহী পদার্থ কাক বোলে?প্রত্যেকৰে দুটাকৈ উদাহৰণ দিয়া।
উত্তৰঃ যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্যুৎ পৰিবাহিত হয়, সেইবোৰ পদার্থক বিদ্যুতৰ পৰিৱাহী পদাৰ্থ বোলে। যেনে—তাম, লো, এলুমিনিয়াম, ছিলভাৰ আদি।

যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্যুৎ পৰিবাহিত নহয়, সেইবোৰ পদাৰ্থক বিদ্যুতৰ অপৰিবাহী পদাৰ্থ বোলে। যেনে— কাগজ, প্লাষ্টিক, কাপোৰ আদি ।

(xviii) আমি বৈদ্যুতিক আঘাতৰপৰা কিদৰে ৰক্ষা পৰোঁ ?
উত্তৰঃ আমাৰ শৰীৰটোও বিদ্যুতৰ পৰিবাহী। শৰীৰৰ মাজেৰে বিদ্যুৎ পাৰ হৈ গ’লে আঘাত পাওঁ। ছুইচ, সচৰাচৰ ব্যৱহাৰ কৰা বৈদ্যুতিক তাঁৰ আদিত প্লাষ্টিক বা ৰবৰৰ দৰে অপৰিবাহী পদাৰ্থৰ আৱৰণ এটা থাকে। সেয়ে এইবোৰ বস্তু ছুলেও আমাৰ গালৈ বিদ্যুৎ পৰিৱাহিত নহয়। ফলত আমি বৈদ্যুতিক আঘাতৰপৰা ৰক্ষা পৰোঁ।

(xix) এটা টৰ্চৰ চিত্র আঁকা।
উত্তৰঃ

(xx) টৰ্চৰ বাল্ব এটা কেনেদৰে জ্বলি উঠে ? প্রয়োজনীয় চিত্র আঁকিবা।
উত্তৰঃ টৰ্চ বা চুঙাচাকি আমি প্ৰায়েই ব্যৱহাৰ কৰা এবিধ বৈদ্যুতিক আহিলা। ইয়াৰ চুঙা আকৃতিৰ যতন এটাৰ ভিতৰত বিদ্যুৎকোষ সুমুৱাই থোৱা হয়। সন্মুখৰ ফালে বাল্বটো লগাই দিয়া হয়। টৰ্চত পিছলাই নিব পৰা এটা ছুইচ থাকে। ছুইচটো আগুৱাই দিলে বর্তনীটো বন্ধ হয় আৰু বাল্বটো জ্বলি উঠে।

অতিৰিক্ত প্রশ্নোত্তৰ

১। বিদ্যুৎ কোষত (+) আৰু (-) চিন কিয় দিয়া থাকে ?
উত্তৰঃ বিদ্যুৎ কোষত এটা ধনাত্মক দিশ আৰু এটা ঋণাত্মক দিশ থাকে। (+) চিনটোৱে ধনাত্মক দিশ আৰু (-) চিনটোৱে ঋণাত্মক দিশ সূচায়।

২। বন্ধ বর্তনী আৰু খোলা বর্তনী কি ?
উত্তৰঃ বর্তনী এটা সংযোগ কৰিলে যেতিয়া বাল্বটো জ্বলি উঠে, তেতিয়া তাক বন্ধ বর্তনী বোলে। বৰ্তনী এটাৰ মাজৰ সংযোগ যদি ক’ৰবাত চিগি থাকে, তেতিয়া বাল্বটো নজ্বলে। তেতিয়া তাক খোলা বর্তনী বোলে।

৩। বিদ্যুৎকোষৰ কাম কি ?
উত্তৰঃ বিদ্যুৎকোষে বিদ্যুৎ যোগান ধৰে।

৪। বিদ্যুৎকোষৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ বেটাৰী এটা বিদ্যুৎকোষ।

Class 6 Science Chapter 14 Question Answer PDF Note

Download PDF Note

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment