Class 10 Science Chapter 16 Assamese Medium

Class 10 Science Chapter 16 Assamese Medium তথা দশম মান শ্ৰেণীৰ সাধাৰণ বিজ্ঞান বিষয়ৰ ১৬তম অধ্যায় “প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা” ৰ সম্পূৰ্ণ সমাধান কৰিবলৈ প্ৰয়াস কৰিছোঁ।

আজি আমি Class 10 Science Chapter 16 Assamese Medium তথা প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা নামৰ অধ্যায়ত উল্লেখ কৰা প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমি দিবলৈ প্ৰয়াস কৰিছোঁ। এই Class 10 Science Chapter 16 Assamese Medium ৰ বিষয়ে পঢ়াৰ আগতে এটি কথা উল্লেখ কৰিব খুজিছোঁ যে ইয়াৰ আগতে আমি Class 10 Science প্ৰায় সকলো অধ্যায়ৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিছোঁ, যদি আপুনি সেইবোৰ পঢ়িব আছে তেন্তে তলৰ লিংকত ক্লিক কৰি পঢ়িব পাৰে।

Class 10 Science Chapter 16 Assamese Medium

Class 10 Science Chapter 16 Assamese Medium প্ৰশ্ন উত্তৰ

প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা নামৰ ১৬ তম অধ্যায়ৰ মাজ ভাগত কিছু কিছু প্ৰশ্ন শুধিছে যাৰ উত্তৰ আমি উল্লেখ কৰাৰ লগতে অনুশীলনীৰ প্ৰশ্ন উত্তৰও আলোচনা কৰিছোঁ।

Class 10 Science Page No 269 প্ৰশ্নাৱলী

1.পৰিবেশ হিতৈষী হ’বলৈ তােমাৰ কি কি অভ্যাসৰ পৰিবৰ্তন কৰিব পাৰা?
উত্তৰ – পৰিবেশ হিতৈষী হ’বলৈ আমি কিছুমান অভ্যাস পৰিবৰ্তন কৰিব পাৰো –

  1. ব্যৱহাৰ হৈ নথকা সময়ত ফেন আৰু লাইটৰ বৈদ্যুতিক চুইটচ্ বন্ধ কৰি বিদ্যুৎ সঞ্চয় কৰিব পাৰো ৷
  2. ফুটা পাইপ মেৰামতি কৰি পানী সঞ্চয় কৰিব পাৰো ৷
  3. খাদ্য বস্তুৰ আপচয় ৰোধ কৰিব পাৰো ৷
  4. বৰ্জিত পদাৰ্থ যেনে প্লাষ্টিক, কাগজ, কাঁচ আদিক বৰ্জন নকৰি আন সামগ্ৰী প্ৰস্তুত কৰিব পাৰো ৷
  5. কিছুমান বস্তু যেনে ব্যৱহাৰ কৰা লেফাফা, প্লাষ্টিকৰ বটল ইত্যাদি পেলাই নিদি পুনৰ ব্যৱহাৰযোগ্য কৰি ব্যৱহাৰ কৰিব পাৰো ৷
  6. নিজা গাড়ী ব্যৱহাৰ নকৰি ৰাজহুৱা যানবাহনত যাতায়ত কৰিব পাৰো ৷
  7. ওচৰৰ ঠাইত চাইকেল নাইবা খোজ কাঢ়ি যাতায়ত কৰিব পাৰো ৷
  8. প্লাষ্টিকৰ মোনা ত্যাগ কৰি কাপোৰৰ মোনা ব্যৱহাৰ কৰিব পাৰো ৷
  9. কম বিদ্যুত খৰচ কৰা বৈদ্যুতিক সজুলি ব্যৱহাৰ কৰিব পাৰো ৷ উদাহৰণ স্বৰূপে, চি. এফ. এল বাল্ব ব্যৱহাৰ কৰি বিদ্যুৎ ৰাহি কৰিব পাৰো ৷
  10. ৰাজহুৱা স্থানত আবৰ্জনা নেপেলাই নিৰ্দিষ্ট ডাষ্ট বিনত পেলাব পাৰো ৷\

2.ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰাৰ সুবিধা কি হব পাৰে?
উত্তৰ – ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰাৰ সুবিধা সমূহ তলত উল্লেখ কৰা হ’ল –

  1. অৰ্থনৈতিক ভাৱে লাভাম্ভিত হ’ব ৷
  2. কম সময়ত চাহিদা পূৰণ হ’ব ৷
  3. বৰ্তমান প্ৰজন্মৰ প্ৰয়োজন পূৰণ হ’ব ৷
  4. ঔদ্যোগিক বিকাশ হ’ব ৷

3.সম্পদৰ এনেধৰণৰ সুবিধাৰ পৰা দীর্ঘম্যাদী ব্যৱহাৰৰ সুবিধাবােৰ কেনেকৈ পার্থক্য কৰিবা ?
উত্তৰ – সম্পদৰ ক্ষন্তেকীয়া আৰু দীর্ঘম্যাদী ব্যৱহাৰৰ সুবিধাবােৰৰ পাৰ্থক্য সমূহ তলত উল্লেখ কৰা হ’ল –

ক্ষন্তেকীয়া ব্যৱহাৰদীর্ঘম্যাদী ব্যৱহাৰ
১.ক্ষন্তেকীয়া অৰ্থনৈতিক লাভ হয় ৷১. দীৰ্ঘকালিন অৰ্থনৈতিক লাভ হয় ৷
২. সম্পদৰ ভাণ্ডাৰ অতি সোনকালে শেষ হয় ৷২.সম্পদৰ ভাণ্ডাৰ দীৰ্ঘ দিনলৈ শেষ নহয় ৷
৩.বৰ্তমান প্ৰজন্মৰ প্ৰয়োজন পূৰণ হয় ৷৩.বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজন পূৰণ হয় ৷
৪.নতুন প্ৰযুক্তি সংযোজনৰ সুবিধা বা সময় কম ৷৪. নতুন প্ৰযুক্তি সংযোজনৰ সুবিধা বা সময় পোৱা যায় ৷
৫. সম্পদৰ সমবিতৰণ নহয় ৷৫. সম্পদৰ সমবিতৰণ হয় ৷
৬. উদ্যোগিক বিকাশ দ্ৰুত গতিত হৈ এটা সময়ত স্থবিৰ হয় ৷৬. উদ্যোগিক বিকাশ লাহে লাহে কিন্তু অবিৰত ভাৱে হয় ৷

4.সম্পদসমূহৰ সমভাৱে বিতৰণ হ’ব লাগে বুলি কিয় ভাবা? আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কি শক্তিয়ে কাম কৰি আছে?
উত্তৰ – সম্পদসমূহৰ সমভাৱে বিতৰণ হ’ব লাগে কাৰণ সম্পদৰ ওপৰত সকলো শ্ৰেণীৰ জনসাধাৰণৰ সমান অধিকাৰ আছে ৷ সম্পদৰ সমবিতৰণ নহলে কোনো শ্ৰেণীৰ লোক বঞ্চিত হোৱা সম্ভাৱনা থাকে যি উচিত নহয় ৷ ইয়াৰ উপৰিও সমবিতৰণে জনসাধাৰণৰ সমভাৱে উন্নয়ন সাধন কৰে যি সামগ্ৰিক ভাৱে দেশৰ বিকাশত আৰিহণা যোগায় ৷ আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কাম কৰি থকা কিছুমান শক্তি –

  1. বিভিন্ন ধৰণৰ দুৰ্নীতি ৷
  2. অত্যাধিক লোভ ৷
  3. ক্ষমতাশালী ব্যক্তিৰ অসৎ উদ্দেশ্য ৷
  4. ধনিক শ্ৰেণীৰ অতি মাত্ৰা ব্যৱহাৰ আৰু লুন্ঠন ৷
  5. ব্যৱসায়ী বা উদ্যোগিক মহলৰ হেচা ইত্যাদি ৷

Class 10 Science Page No 273 প্ৰশ্নাৱলী

1.বন আৰু বন্যপ্রাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে ?
উত্তৰ – বন আৰু বন্যপ্রাণীসমূহ সংৰক্ষণ কৰাতো অত্যন্ত প্ৰয়োজনীয় ৷ জীৱজগতখনত যিমান জীৱ আছে সকোলোৱে পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল ৷ গছে প্ৰাণীৰ বাবে অক্সিজেন যোগান ধৰে ৷ একেদৰে উদ্ভিদে সালোক সংশ্লেষণৰ বাবে লাগতীয়াল কাৰ্বন ডাই অক্সাইড প্ৰাণীৰ পৰা লাভ কৰে ৷ বন বা বন্যপ্ৰাণী ধ্বংস কৰিলে প্ৰকৃতিৰ ভাৰসাম্য বিনষ্ট হয় ৷
বন ধ্বংসৰ ফলত হ’ব পৰা সমস্যা সমূহ –প্ৰদূষণৰ মাত্ৰা নিয়ন্ত্ৰন নহয়, বৰষুণৰ পৰিমাণ কমে, মাটিৰ ক্ষয়ীভৱন বৃদ্ধি হয়, সেউজ গৃহ গেছৰ বৃদ্ধি হয়, ভূ-জলৰ স্তৰ তললৈ নামি যায় ইত্যাদি ৷

2.বনাঞ্চল সংৰক্ষণ সম্পর্কে মতামত আগবঢ়োৱা।
উত্তৰ – প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ সহায়ত মানৱ জাতিয়ে উন্নয়নৰ উচ্চতম শিখৰত উপন্নিত হৈছে যদিও এই উন্নয়নৰ বাবে মানৱ সমাজে প্ৰকৃতিৰ ওপৰত নিৰ্বিচাৰ অত্যাচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷ প্ৰযুক্তি বিদ্যাৰ বিকাশৰ সমান্তৰাল ভাৱে প্ৰাকৃতিক সম্পদবোৰ বিনষ্ট হোৱা দেখা গৈছে ৷ আজিৰ এই সময়ত প্ৰাকৃতিক সম্পদবোৰ সংৰক্ষণ কৰা আত্যন্ত প্ৰয়োজন হৈ পৰিছে কাৰণ এনেকৈয়ে যদি প্ৰকৃতিৰ ধ্বংস চলি থাকে পৃথিৱীৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহি পৰিব ৷
বনাঞ্চল সংৰক্ষণৰ বাবে লব পৰা কিছুমান পদক্ষেপ –

  • বনাঞ্চলৰ সম্পদ সমূহ সুপৰিকল্পিতভাৱে ব্যৱহাৰ কৰিব লাগিব ৷
  • বনাঞ্চলৰ স্থানীয় লোক সকলোৰ লগত একগোট হৈ বনাঞ্চল ৰক্ষাৰ চিন্তা কৰিব লাগিব ৷
  • বনাঞ্চলৰ স্থানীয় লোক সকলে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বন আৰু বন্যপ্ৰাণীৰ সংৰক্ষণ নীতিবোৰ পুনৰ আৰম্ভ কৰিব লাগিব ৷
  • বৃক্ষৰোপন কাৰ্যসূচী হাতত লৈ বনাঞ্চলৰ কালি বৃদ্ধি কৰিব লাগিব৷
  • গছ কটা বন্ধ কৰিব লাগিব ৷
  • অত্যাধিক পশুচাৰণ বন্ধ কৰিব লাগিব ৷
  • উদ্যোগবোৰৰ বনৰ উপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব লাগিব ৷
  • বন ৰক্ষাৰ বাবে চৰকাৰে কিচুমান আইন প্ৰনয়ন কৰিব লাগিব ৷

Class 10 Science Page No 276 প্ৰশ্নাৱলী

1.তােমালােকৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতি বা ব্যৱস্থাপনাবােৰ বিচাৰি উলিওৱা।
উত্তৰ – আমাৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবোৰ –
1. মাটিত গাঁত খান্দি বা হ্ৰদ বান্ধি মাটিৰ জলভাগ আবদ্ধ কৰা ৷
2. ঠায়ে ঠায়ে জলবিভাজিকা নিৰ্মান কৰা ৷
3. বিভিন্ন প্ৰকাৰে মাটিৰে নাইবা শিলেৰে পাৰ বন্ধা ৷
4. বালি আৰু চূণেৰে জলাধাৰ নিৰ্মাণ কৰা ৷
5. ঘৰৰ চালত পানী জমা ব্যৱস্থাপনা ইত্যাদি ৷

2.পাহাৰীয়া অঞ্চল বা সমতল অঞ্চল বা মালভূমি অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবােৰৰ মাজত তুলনা কৰা।
উত্তৰ – পাহাৰীয়া অঞ্চলত সাধাৰণতে পানী সঞ্চায়নৰ বাবে নিজৰা আদিৰ পৰা বৈ অহা পানীৰ ওপৰত নিৰ্ভৰশীল হ’ব লগা হয় ৷ নিজৰাৰ পানী নলাৰ সহায়ত বিভিন্ন অঞ্চললৈ সৰবৰাহ কৰা হয় ৷ কিছুমান অঞ্চলত পাহাৰৰ দাঁতিকাষৰীয়া ঠাইত পানীৰ আধাৰ স্থাপন কৰা হয় ৷
আনহাতে সমতল অঞ্চল বা মালভূমি অঞ্চলৰ সমান ভূভাগত জল সঞ্চয়নৰ গঠন প্ৰায় অৰ্ধচন্দ্ৰাকৃতিৰ মাটিৰ বান্ধ নাইবা চাপৰ, পোন কংক্ৰিত আৰু শিলগুটিৰে বন্ধোৱা “চেক ডামচ্” সাধাৰণতে বোৱতী পানীয়ে কৰা দ নলা বা জানত নিৰ্মাণ কৰা হয় ৷ বাৰিষা কালত এইবোৰৰ লগত সংলগ্ন পুখুৰীবোৰ উপচি থাকে কিন্তু বেছি ভাগ জলাশয় খৰালি শুকাই যায় ৷ জলাশয়বোৰ শুকাই গলেও সেই অঞ্চলবোৰৰ ভূগৰ্ভৰ পানী উদজীৱিত হয় যি জল সঞ্চয়নৰ প্ৰধান উদ্দেশ্য ৷

Class 10 Science অনুশীলনী প্ৰশ্নাৱলী

1.পৰিবেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰখনত কেনেধৰণৰ পৰিবৰ্তনৰ পৰামৰ্শ আগবঢ়াবা?
উত্তৰ – পৰিবেশৰ ক্ষমতা ৰক্ষাৰ বাবে ঘৰখনত কৰিবলগীয়া পৰিবৰ্তন –

  • ব্যৱহাৰ হৈ নথকা সময়ত ফেন আৰু লাইটৰ বৈদ্যুতিক চুইটচ্ বন্ধ কৰি বিদ্যুৎ সঞ্চয় কৰিব পাৰো ৷
  • ফুটা পাইপ মেৰামতি কৰি পানী সঞ্চয় কৰিব পাৰো ৷
  • খাদ্য বস্তুৰ আপচয় ৰোধ কৰিব পাৰো ৷
  • বৰ্জিত পদাৰ্থ যেনে প্লাষ্টিক, কাগজ, কাঁচ আদিক বৰ্জন নকৰি আন সামগ্ৰী প্ৰস্তুত কৰিব পাৰো ৷
  • কিছুমান বস্তু যেনে ব্যৱহাৰ কৰা লেফাফা, প্লাষ্টিকৰ বটল ইত্যাদি পেলাই নিদি পুনৰ ব্যৱহাৰযোগ্য কৰি ব্যৱহাৰ কৰিব পাৰো ৷
  • প্লাষ্টিকৰ মোনো ত্যাগ কৰি কাপোৰৰ মোনা ব্যৱহাৰ কৰিব পাৰো ৷
  • কম বিদ্যুত খৰচ কৰা বৈদ্যুতিক সজুলি ব্যৱহাৰ কৰিব পাৰো ৷ উদাহৰণ স্বৰূপে, চি. এফ. এল বাল্ব ব্যৱহাৰ কৰি বিদ্যুৎ ৰাহি কৰিব পাৰো ৷
  • শাক-পাচলি আৰু পশুৰ অবৰ্জনাবোৰৰ পৰা পচন সাৰ তৈয়াৰ কৰি বাগিচাত ব্যৱহাৰ কৰিব পাৰো ৷
  • ঘৰৰ চালৰ পানী সংৰক্ষণৰ ব্যৱস্থা লব পাৰো ৷
  • গেছ বা বিদ্যুতৰ পৰিবৰ্তে কিছুমান কাম যেনে পানী গৰম কৰা আদি সৌৰ শক্তিৰে কৰিব পাৰো ৷

2.পৰিবেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে তােমালােকৰ বিদ্যালয়ত কেনেধৰণৰ পৰিবৰ্তনৰ পৰামর্শ দিবা?
উত্তৰ – পৰিবেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে আমাৰ বিদ্যালয়ত কিছুমান পৰিবৰ্তন কৰিব পাৰো –

  1. ব্যৱহাৰ হৈ নথকা সময়ত ফেন আৰু লাইটৰ বৈদ্যুতিক চুইটচ্ বন্ধ কৰি বিদ্যুৎ সঞ্চয় কৰিব পাৰো ৷
  2. ফুটা পাইপ মেৰামতি কৰি পানী সঞ্চয় কৰিব পাৰো ৷
  3. কম বিদ্যুত খৰচ কৰা বৈদ্যুতিক সজুলি ব্যৱহাৰ কৰিব পাৰো ৷ উদাহৰণ স্বৰূপে, চি. এফ. এল বাল্ব ব্যৱহাৰ কৰি বিদ্যুৎ ৰাহি কৰিব পাৰো ৷
  4. বিদ্য়ালয়ৰ ঘৰৰ চালৰ পানী সংৰক্ষণৰ ব্যৱস্থা লব পাৰো ৷
  5. বৰ্জিত পদাৰ্থ পেলাবলৈ ডাষ্ট বিন(Dust Bin)ৰ ব্যৱহাৰ কৰিব পাৰো ৷
  6. সৌৰ শক্তি ব্যৱহাৰ কৰি বিদ্যুৎ ৰাহি কৰিব পাৰো ৷
  7. সময়ে সময়ে বৃক্ষৰোপন কাৰ্যসূচী হাতত লব পাৰো ৷
  8. পৰিবেশ দিৱসত ৰেলী উলিয়াই সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ মাজত পৰিবেশ সচেতনতা বৃদ্ধি কৰিব পাৰো ৷
  9. জীৱ নিম্নিকৰণযোগ্য আৰু জীৱ অনিম্নিকৰণযোগ্য আবৰ্জনাবোৰ পৃথকে পৃথকে ৰখা অভ্যাস কৰিব পাৰো৷

3. এই অধ্যায়ত আমি দেখিলাে বন আৰু বন্যপ্রাণীৰ প্ৰধানকৈ চাৰিটা অংশীদাৰ (Stake holders) আছে। এইবােৰৰ ভিতৰত কোনটো অংশীদাৰৰ বনসম্পদৰ ব্যৱস্থাপনাৰ বিষয়ে সিদ্ধান্ত ল’ব পৰা কর্তৃত্ব থাকিব লাগে? তুমি কিয় তেনেকৈ ভাবা?
উত্তৰ – বন আৰু বন্যপ্ৰাণীৰ চাৰিটা অংশীদাৰ হ’ল –
(i) বনাঞ্চল বা বনাঞ্চলৰ কাষৰীয়া অঞ্চলত বসবাস কৰা মানুহবোৰ
(ii) ভূমিৰ গৰাকী আৰু চৰকাৰৰ বনবিভাগ
(iii) উদ্যোগপতিবোৰ আৰু
(iv) বন্যপ্ৰাণী আৰু প্ৰকৃতিপ্ৰেমী ব্যক্তিবোৰ ৷
এইবােৰৰ ভিতৰত বনসম্পদৰ ব্যৱস্থাপনাৰ বিষয়ে সিদ্ধান্ত ল’ব পৰা কর্তৃত্ব আতাইতকৈ বেছি চৰকাৰৰ বনবিভাগৰ থাকিব লাগে কাৰণ তেওঁলোকে বনজ সম্পদৰ নিয়ন্ত্ৰনৰ দায়িত্বত আছে ৷ তাৰ ওপৰি বনসম্পদৰ ব্যৱস্থাপনাৰ বাবে তেওঁলোকে অন্য অংশীদাৰৰ লগত যোগসূত্ৰ স্থাপন কৰি ব্যৱস্থা ল’ব পাৰে ৷

4. তলৰ সম্পদসমূহৰ ওপৰত এজন সাধাৰণ ব্যক্তি হিচাপে কেনেধৰণৰ ব্যৱস্থাপনাৰ দায়িত্ব ল’বা – (a) বন আৰু বন্যপ্রাণী (b) জলসম্পদ (c) কয়লা আৰু পেট্রলিয়াম
উত্তৰ – (a) বন আৰু বন্যপ্রাণী – বন আৰু বন্যপ্রাণীৰ বাবে ল’ব পৰা ব্যৱস্থাপনা –
• বনাঞ্চলৰ সম্পদ সমূহ সুপৰিকল্পিতভাৱে ব্যৱহাৰ কৰিব লাগে ৷
• বৃক্ষৰোপন কাৰ্যসূচী হাতত ল’ব লাগে ৷
• গছ কটা বন্ধ কৰিব লাগে ৷
• বন্যপ্রাণী হত্যা বন্ধ কৰিব লাগে ৷
• বনাঞ্চল বেদখল কৰিব নালাগে ৷
(b) জলসম্পদ – জলসম্পদৰ বাবে ল’ব পৰা ব্যৱস্থাপনা –
• ফুটা পাইপ মেৰামতি কৰি পানী সঞ্চয় কৰিব লাগে ৷
• ঘৰৰ চালৰ পানী সংৰক্ষণৰ ব্যৱস্থা লব লাগে ৷
• সমাজত জলসম্পদ ৰক্ষাৰ বাবে সচেতনতা বৃদ্ধি কৰিব লাগে ৷
• পানীৰ অপব্যৱহাৰ ৰোধ কৰিব লাগে ৷
(c) কয়লা আৰু পেট্রলিয়াম – কয়লা আৰু পেট্রলিয়ামৰ বাবে ল’ব পৰা ব্যৱস্থাপনা –
• ব্যৱহাৰ হৈ নথকা সময়ত ফেন আৰু লাইটৰ বৈদ্যুতিক চুইটচ্ বন্ধ কৰি বিদ্যুৎ সঞ্চয় কৰিব লাগে ৷
• কম বিদ্যুত খৰচ কৰা বৈদ্যুতিক সজুলি ব্যৱহাৰ কৰিব পাৰি ৷ উদাহৰণ স্বৰূপে, চি. এফ. এল বাল্ব ব্যৱহাৰ কৰি বিদ্যুৎ ৰাহি কৰিব পাৰি ৷
• নিজা গাড়ী ব্যৱহাৰ নকৰি ৰাজহুৱা যানবাহনত যাতায়ত কৰিব লাগে ৷ ৷
• ওচৰৰ ঠাইত চাইকেল নাইবা খোজ কাঢ়ি যাতায়ত কৰিব লাগে ৷
• গেছ বা বিদ্যুতৰ পৰিবৰ্তে কিছুমান কাম যেনে পানী গৰম কৰা আদি সৌৰ শক্তিৰে কৰিব লাগে৷

5. তুমি এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবােৰৰ ব্যৱহাৰ কম কৰিবলৈ কি কৰিবা?
উত্তৰ – বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবােৰৰ ব্যৱহাৰ কমকৈ কৰিবলৈ তলত উল্লেখিত পদক্ষেপবোৰ ল’ব পাৰো –

  1. ব্যৱহাৰ হৈ নথকা সময়ত ফেন আৰু লাইটৰ বৈদ্যুতিক চুইটচ্ বন্ধ কৰি বিদ্যুৎ সঞ্চয় কৰিব পাৰো ৷
  2. ফুটা পাইপ মেৰামতি কৰি পানী সঞ্চয় কৰিব পাৰো ৷
  3. খাদ্য বস্তুৰ আপচয় ৰোধ কৰিব পাৰো ৷
  4. বৰ্জিত পদাৰ্থ যেনে প্লাষ্টিক, কাগজ, কাঁচ আদিক বৰ্জন নকৰি আন সামগ্ৰী প্ৰস্তুত কৰিব পাৰো ৷
  5. কিছুমান বস্তু যেনে ব্যৱহাৰ কৰা লেফাফা, প্লাষ্টিকৰ বটল ইত্যাদি পেলাই নিদি পুনৰ ব্যৱহাৰযোগ্য কৰি ব্যৱহাৰ কৰিব পাৰো ৷
  6. নিজা গাড়ী ব্যৱহাৰ নকৰি ৰাজহুৱা যানবাহনত যাতায়ত কৰিব পাৰো ৷
  7. ওচৰৰ ঠাইত চাইকেল নাইবা খোজ কাঢ়ি যাতায়ত কৰিব পাৰো ৷
  8. প্লাষ্টিকৰ মোনো ত্যাগ কৰি কাপোৰৰ মোনা ব্যৱহাৰ কৰিব পাৰো ৷
  9. কম বিদ্যুত খৰচ কৰা বৈদ্যুতিক সজুলি ব্যৱহাৰ কৰিব পাৰো ৷ উদাহৰণ স্বৰূপে, চি. এফ. এল বাল্ব ব্যৱহাৰ কৰি বিদ্যুৎ ৰাহি কৰিব পাৰো ৷
  10. ৰাজহুৱা স্থানত আবৰ্জনা নেপেলাই নিৰ্দিষ্ট ডাষ্ট বিনত পেলাব পাৰো ৷

7. এই পাঠত উত্থাপন হােৱা সমস্যাৰ ভিত্তিত আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ বহনক্ষম ব্যৱহাৰৰ কাৰণে তােমালােকৰ জীৱন শৈলীৰ কি পৰিবৰ্তন কৰিবা ?
উত্তৰ – আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ বহনক্ষম ব্যৱহাৰৰ আমাৰ জীৱন শৈলীত কিছুমান পৰিবৰ্তন কৰিব পাৰো –
• ব্যৱহাৰ হৈ নথকা সময়ত ফেন আৰু লাইটৰ বৈদ্যুতিক চুইটচ্ বন্ধ কৰি বিদ্যুৎ সঞ্চয় কৰিব পাৰো ৷
• ফুটা পাইপ মেৰামতি কৰি পানী সঞ্চয় কৰিব পাৰো ৷
• খাদ্য বস্তুৰ আপচয় ৰোধ কৰিব পাৰো ৷
• বৰ্জিত পদাৰ্থ যেনে প্লাষ্টিক, কাগজ, কাঁচ আদিক বৰ্জন নকৰি আন সামগ্ৰী প্ৰস্তুত কৰিব পাৰো ৷
• কিছুমান বস্তু যেনে ব্যৱহাৰ কৰা লেফাফা, প্লাষ্টিকৰ বটল ইত্যাদি পেলাই নিদি পুনৰ ব্যৱহাৰযোগ্য কৰি ব্যৱহাৰ কৰিব পাৰো ৷
• নিজা গাড়ী ব্যৱহাৰ নকৰি ৰাজহুৱা যানবাহনত যাতায়ত কৰিব পাৰো ৷
• ওচৰৰ ঠাইত চাইকেল নাইবা খোজ কাঢ়ি যাতায়ত কৰিব পাৰো ৷
• প্লাষ্টিকৰ মোনো ত্যাগ কৰি কাপোৰৰ মোনা ব্যৱহাৰ কৰিব পাৰো ৷
• কম বিদ্যুত খৰচ কৰা বৈদ্যুতিক সজুলি ব্যৱহাৰ কৰিব পাৰো ৷ উদাহৰণ স্বৰূপে, চি. এফ. এল বাল্ব ব্যৱহাৰ কৰি বিদ্যুৎ ৰাহি কৰিব পাৰো ৷
• ৰাজহুৱা স্থানত আবৰ্জনা নেপেলাই নিৰ্দিষ্ট ডাষ্ট বিনত পেলাব পাৰো ৷

Class 10 Science Chapter 16 Assamese Medium ৰ শেষ বাক্য

আজি আমি আগতে উল্লেখ কৰাৰ দৰে Class 10 Science Chapter 16 Assamese Medium ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিব প্ৰয়াস কৰিছোঁ। ইয়াত আলোচনা কৰা প্ৰশ্ন উত্তৰৰ উপৰিও যদি আপোনাৰ কিবা অসুবিধা থাকে তেন্তে অনুগ্ৰহ কৰি Assamese Medium Facebook PageFollow কৰি তাত আপুনি জনাব পাৰে বা আপুনি Comment কৰিও জনাব পাৰে। আমি যথা সময়ত ইয়াৰ সমাধান দিবলৈ প্ৰয়াস কৰিম।

Leave a Comment