Chemistry Concept Class 10 ৰসায়ন বিজ্ঞান ধাৰণা

ঘৰ এখন বান্ধিবলৈ ললে যেনেকৈ ঘৰৰ আগত তাৰ ভেটি (Foundation) সঠিক ৰূপত গঢ় দিব লাগে; ঠিক তেনেকৈ যিকোনো বিষয়ৰ ওপৰত অধ্যয়ন কৰিবলৈ গলে তাৰ আগতে সেই বিষয়ৰ ভেটি যাক আমি Primary Concept বুলিও বুজো তাক সঠিক ৰূপত গঢ় দিবলৈ প্ৰয়োজন থাকে।

অসমীয়া মাধ্যমৰ দশম মান শ্ৰেণীৰ বিজ্ঞান(Class 10 general science for Assamese Medium) ৰ প্ৰথম অংশত আছে ৰসায়ন বিজ্ঞান (Chemistry Class 10) যিটো আৰম্ভ কৰাৰ আগতে কিছুমান ধাৰণা (Chemistry Concept Class 10 ) জনাটো খুবেই প্ৰয়োজন।

Chemistry Concept For Class 10 Assamese Medium

ৰসায়ন বিজ্ঞান ধাৰণা (Concept of chemistry)

ৰসায়ন বিজ্ঞান আঁতি গুৰি মাৰি বুজিবলৈ হলে অতি গুৰুত্বপূৰ্ণ কিছুমান শব্দ আৰু তাৰ সংগতি ৰাখি কিছুমান উদাহৰণ আমি আগতে বুজিব লাগিব। যেনে- মৌল (Element), যৌগ (Compound), পৰমাণু (Atom), ৰাসায়নিক সংকেত (Chemical Formula) ইত্যাদি।

  1. মৌল (Element):- কোনো ভৌতিক বা ৰাসায়নিক উপায়েৰে ভাঙিব নোৱাৰা পদাৰ্থৰ মৌলিক ৰূপ।
  2. যৌগ (Compound):- দুটা বা ততোধিক মৌল ৰাসয়নিক ভাৱে সংযোজিত হোৱা বিশুদ্ধ পদাৰ্থ।
  3. পৰমাণু (Atom):- এটা মৌলৰ ক্ষুদ্ৰতম কণা যিয়ে ৰাসায়নিক বিক্ৰিয়াত অংশ গ্ৰহণ কৰে।
  4. অণু (Molecule):- ই দৰাচলতে পদাৰ্থ এটাৰ ক্ষুদ্ৰতম কণা যিয়ে মুক্ত অৱস্থাত থাকি পদাৰ্থটোৰ সম্পূৰ্ণ ধৰ্ম বহন কৰে।
  5. ৰাসায়নিক সংকেত (Chemical Formula):- কোনো যৌগৰ ৰাসায়নিক সংকেত হল যৌগটোৰ গঠনৰ চিহ্নয় উপস্থাপন ।

ৰসায়ন বিজ্ঞানৰ ধাৰণাৰ উত্তম উদাহৰণ (Example to understand the concept of Chemistry)

ধৰা’হল এখন পকীঘৰ নিৰ্মাণৰ কাম চলি আছে। ঘৰখন সম্পূৰ্ণ কৰোতে প্ৰধানত বলি, চিমেণ্ট, ইটা, ৰড আদি কৰি বহুত সামগ্ৰীৰ প্ৰয়োজন আছে। এতিয়া কথা হল সম্পূৰ্ণ ঘৰটো যদি এটা পদাৰ্থ হিচাপে ধৰা হয় তেন্তে এই পদাৰ্থটো ইটা, বলি, চিমেণ্ট, ৰড্ আদিৰে গঠিত। এই প্ৰতিবিধ হল পদাৰ্থৰ একো একোটা উপাদান।

Chemistry Concept Class 10

ইয়াৰ ওপৰিও কিছুমান প্ৰয়োজনীয় Concept আমি ৰাখিব লাগিব যাতে Chemistry Class 10 in Assamese Medium ৰ পঢ়িবলৈ বহুত সহজ অনুভৱ হয়।

পৰ্য্যবৃত্ত তালিকা (Periodic Tale): বৰ্তমানলৈকে আৱিষ্কৃত মৌল সমূহৰ অৱস্থান, অৱস্থা আৰু প্ৰকৃতি জানিবলৈ 1984 চনত IUPAC (International Union of Pure &Applied Chemistry) ৰ অনুমোদন কৰা এখন তালিকা। এই তালিকাত মুঠ 18 টা স্তম্ভ আছে যাক বৰ্গ আৰু পথালিকৈ মুঠ 7 টা শাৰী আছে যাক পৰ্যায় বুলি কোৱা হয়।

periodic table Assamese medium for class 10 chemistry concept

পাৰমাণৱিক সংখ্যা (Atomic Number):- পৰ্য্যবৃত্ত তালিকা থকা মৌল সমূহৰ ক্ৰমিক নম্বৰক পাৰমাণৱিক নম্বৰ বুলি জনা যায়। মৌল এটাৰ পাৰমাণৱিক নম্বৰ বা পাৰমাণৱিক সংখ্যাই মৌলটোত থকা মুঠ ইলেক্ট্ৰন (Total Number of Electron) ৰ সংখ্যা বুজায়। যেনে-

Atomic Number

পাৰমাণৱিক ভৰ ( Atomic Mass):- পৰমাণু এটাত থকা মুঠ প্ৰটন আৰু নিউট্ৰনৰ ভৰক পাৰমাণৱিক ভৰ বোলে। যেনে-

Atomic Mass In chemistry concept

যোজ্যতা (Valency):- কোনো পৰমাণুৱে তাৰ ওচৰৰ সম্ভ্ৰান্ত গেছ (Inert Gas) ৰ ইলেক্ট্ৰননীয় সজ্জা পাবলৈ যিমান সংখ্যক ইলেক্ট্ৰন ত্যাগ বা গ্ৰহণ কৰে তাক যোজ্যতা বোলে।

ইলেক্ট্ৰননীয় সজ্জা/বিন্যাস ( Electronic Configuration):- মৌলৰ পৰমাণুত থকা মুঠ ইলেক্ট্ৰন সমূহ 2n² সূত্ৰৰ সহায়ত বিভিন্ন খোল (যেনে – K, L, M, N) আদিত বন্টিত হৈ যি বিন্যাস হয়। যেনে-

What is valency in Assamese medium

সম্ভ্ৰান্ত গেছ( Inert Gas):- পৰ্য্যবৃত্ত তালিকাত থকা 18 বৰ্গৰ মৌল যাৰ যোজক কক্ষ সদায় সম্পূৰ্ণ থাকে।

আধান ( Charge):- আধান সাধাৰণতে Physics & Chemistry ত একেই প্ৰায়। আধান বুলিলে বৈদ্যুতিক আধনকে বুজায়। ই দুই প্ৰকাৰৰ

  • ধনাত্মক আধান (কেটায়ন- Cation)
  • ঋণাত্মক আধান (এনায়ন- Anion)

ধাতু (Metal):- ইয়াক বিদ্যুৎ ধনাত্মক মৌল বুলিও কোৱা হয়। যিয়ে ৰাসায়নিক বিক্ৰিয়াত ইয়াৰ এটা বা ততোধিক যোজক ইলেক্ট্ৰন ত্যাগ কৰি ধনাত্মক আধানযুক্ত কেটায়ন গঠন কৰে।

অধাতু ( Non- Metal):- ইয়াক বিদ্যুৎ ঋণাত্মক মৌল বুলিও কোৱা হয়। যিয়ে ৰাসায়নিক বিক্ৰিয়াত এটা বা ততোধিক যোজক কক্ষত ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আধানযুক্ত এনায়ন গঠন কৰে।


Conclusion on Concept of Chemistry Class 10

মৰমৰ ছাত্ৰ-ছাত্ৰী তথা পঢ়ৱৈ বন্ধু-বান্ধৱীসকল, এতিয়ালৈকে আমি ৰসায়ন বিজ্ঞানৰ ধাৰণা (Basic Chemistry Concept For Class 10) বিষয়ে আলোচনা কৰিলোঁ। এই কথাখিনি মনোযোগেৰ পঢ়িলে বা ইয়াৰ কিছু কথা মনত ৰাখিলে দশম মান শ্ৰেণীৰ ৰসায়ন বিজ্ঞান (Class 10 Chemistry Assamese Medium) বুজিবলৈ অতি সহজ অনুভৱ হব।

এতিয়া আমি Class 10 Science ৰ প্ৰথম অধ্যায় “ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ” (Chemical Reaction and equation) পঢ়িবলৈ আগবাঢ়িম।


প্ৰত্যুত্তৰ দিয়ক