Double Displacement Reaction In Assamese | দ্বি অপসৰণ বিক্ৰিয়া

Double Displacement Reaction in Assamese: ইয়াৰ আগতে আমি অপসৰণ বিক্ৰিয়া (Displacement Reaction In Assamese) ৰ বিষয়ে আলোচনা কৰিলো। যদি আপুনি জানিব বিচাৰে অপসৰণ বিক্ৰিয়া কি , তেন্তে ওপৰৰ লিংকত ক্লিক কৰক। এতিয়া আমি আলোচনা কৰিম Class 10 Science ৰ প্ৰথম অধ্যায় “ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ” ৰ এটা গুৰুত্বপূৰ্ণ বিষয় যি হল (Double Displacement Reaction in Assamese) দ্বি  অপসৰণ বিক্ৰিয়া ।

আপুনি যদি Class 10 Science ৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ বিভিন্ন বিষয়ৰ সম্পূৰ্ণ ধাৰণা (Full Concept) বিচাৰি আছে তেন্তে তলৰ লিংকৰ পৰা জানিব পাৰিব। পলম নকৰাকৈ এতিয়াই ক্লিক কৰক আৰু জানি লও আহক ।

Double Displacement Reaction In Assamese

Displacement Reaction

Decomposition Reaction

Double Displacement Reaction | দ্বি অপসৰণ বিক্ৰিয়া কি?

দ্বি-অপসৰণ বিক্ৰিয়া সাধাৰণতে আয়নৰ বিনিময় ঘটা এক প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া। কিন্তু দ্বি-অপসৰণ বিক্ৰিয়া কি তাক বুজাৰ আগতে আয়ন কি তাক বুজিব লাগিব।

পৰ্যাবৃত্ত তালিকাৰ কোনো মৌলই সুস্থিৰতা লাভ কৰিবলৈ ইয়াৰ বহিৰকক্ষত ইলেক্ট্ৰন গ্ৰহণ বা ত্যাগ কৰি ধনাত্মক বা ঋণাত্মক বাবে আহিত হৈ আয়নৰ সৃষ্টি হয়।  আয়ন সাধাৰণতে দুই প্ৰকাৰৰ-

  1. এনায়ন (Anion)
  2. কেটায়ন (Cation)

মৌল এটাই বহিৰতম কক্ষৰ পৰা ইলেক্ট্ৰন ত্যাগ কৰিলে তাক ধনাত্মক আহিত বা কেটায়ন  (Cation) বোলে। আনহাতে বহিৰতম কক্ষত  ইলেক্ট্ৰন গ্ৰহণ কৰিলে তাক  ঋণাত্মক আহিত বা এনায়ন (Anion)  বোলে।

এতিয়া কথাটো হল দ্বি – অপসৰণ বিক্ৰিয়া (What is double displacement reaction) কি ? যদি AB আৰু CD বিক্ৰিয়ক পদাৰ্থৰ মাজত বিক্ৰিয়া ঘটি AC আৰু BD বিক্ৰিয়াজাত পদাৰ্থৰ উৎপন্ন হয়, তেন্তে এনেধৰণৰ বিক্ৰিয়াক দ্বি – অপসৰণ বিক্ৰিয়া বোলে।

AB + CD —–> AC + BD

ইয়াত AB বিক্ৰিয়ক পদাৰ্থৰ A(+) আৰু B(-), ঠিক সেইদৰে C(+) আৰু D(-) । বিক্ৰিয়াত আয়নৰ বিনিময় ঘটি AC আৰু BD উৎপন্ন হৈছে। দ্বি – অপসৰণ বিক্ৰিয়াৰ উদাহৰণ হিচাপে আমি তলৰ বিক্ৰিয়াৰ কথা উল্লেখ কৰিব পাৰি।

NaSO4+ BaCl2 —-> BaSO4 + 2 NaCl

2KBr+ BaCl2 —->  2KCI + BaBr2

Important Questions Double Displacement Reaction In Assamese Medium

দ্ধি অপসৰণ বিক্ৰিয়াৰ আলোচনা আৰু কিছু উদাহৰণৰ পৰা আমি নিচ্ছয় Double Displacement Reaction in Assamese কি বা ইয়াক কেনেকৈ উপস্তৱন কৰা হয় তাক বুজিব পাৰিব। এতিয়া কথা হল দ্ধি অপসৰণ বিক্ৰিয়া এই বিষয়ৰ পৰা HSLC 2021 EXAMINATION ৰ বাবে কি প্ৰশ্ন সুধিব পাৰে তাক জানি লোৱ হক।

প্ৰশ্ন – দ্ধি অপসৰণ বিক্ৰিয়া কাক বোলে?

প্ৰশ্ন অধ: ক্ষোপন কিক্ৰিয় কাক বোলে ? উদাহৰণ দিয়া।

অসমীয়া মাধ্যমৰ দ্ধি- অপসৰণ বিক্ৰিয়া (Double Displacement Reaction in Assamese) ৰ কাৰণে বহু কেইটা উদাহৰণৰ সৈতে আলোচনা কৰিলোঁ। দ্ধি অপসৰণ বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় কিছু তথ্য যেনে আধন বা আয়ন কি বা আন কিছু তথ্য যি প্ৰয়োজন আছিল। আশা কৰোঁ আপুনি দ্ধি অপসৰণ বিক্ৰিয়া কি তাক বুজিব পৰিছে। Double Displacement Reaction in Assamese ৰ পৰা Important Question যোগ কৰিছোঁ যি HSLC 2024 Exam ৰ বাবে প্ৰয়োজন।

ইয়াৰ উপৰিও যদি আপোনাৰ কিবা জনাৰ প্ৰয়োজন আছে তেন্তে Comment Section ত জনাব পাৰে। আমি Assamese Medium ৰ পৰা যথা সময়ত সঁহাৰি দিব যত্ন কৰিম। আপুনি যদি আমাৰ পৰা পোনপটীয়া যোগাযোগ কৰিব বিচাৰে তেন্তে Assamese Medium Facebook Page টো Follow কৰিব পাৰে।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

3 thoughts on “Double Displacement Reaction In Assamese | দ্বি অপসৰণ বিক্ৰিয়া”

Leave a Comment