দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানত অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া (Displacement Reaction in Assamase) পঢ়াৰ আগত এটা সৰু উদাহৰণৰ কথা কব বিছাৰিছো যাতে আপোনালোকে অতি সহজে বুজিব পাৰে Displacement Reaction কি আৰু ইয়াক কেনেকৈ প্ৰকাশ কৰিব পাৰি ।
Table of Contents
Displacement Reaction কি আৰু ইয়াক কেনেকৈ প্ৰকাশ কৰিব পাৰি
ইয়াত A আৰু B দুজন মানুহ। ইয়াৰে A অলপ ক্ষীণ আৰু B ভালেখিনি শকত আৰু বহুত শক্তিবান মানুহ। C আন এজন মানুহ যি A আৰু B ৰ লগৰীয়া । এতিয়া AC য়ে একেলগে কৰবাত ফুৰিব গৈ আছে। আন এটা চৰ্ত সাপেক্ষে BC দুয়োজনে ফুৰিব গৈ আছে।
এতিয়া কথাটো হল যদি প্ৰথম ক্ষেত্ৰত B মানুহজনে AC ৰ A ক আঁতৰাব খোজে আনটো ক্ষেত্ৰত A যদি BC ৰ B ক আঁতৰাব খোজে কি ঘটিব?
যিহেতু AC ফুৰিব গৈছে তেন্তে যদি B য়ে AC ৰ পৰা A ক আঁতৰাব খোজে তেন্তে অতি সহজেই আঁতৰাব পাৰিব কাৰণ B অতি শক্তিশালী A ৰ তুলনাত। আনহাতে BC যদি একেলগে গৈ আছে আৰু A য়ে B ক আঁতৰাব খোজে তেন্তে নোৱাৰিব কাৰণ B ৰ তুলনাত A দুৰ্বল।
আগতে উল্লেখ কৰা মতে যিহেতু B বেছি শক্তিবান গতিকে ই অনাসয়ে A ক অপসৰণ কৰিব পাৰিব। কিন্তু আনটো ক্ষেত্ৰত যিহেতু A অতিকম শক্তিশালী সেয়ে ই কেতিয়াও B ক BC ৰ পৰা অপসৰণ কৰা সম্ভৱ নহয়।
এতিয়া কথাটো হল ওপৰোক্ত আলোচনা মতে এটা বস্তু স্পষ্ট যে বেছি শক্তিশালী কম শক্তিশালীক তাৰ অৱস্থাৰ পৰা অপসৰণ কৰিব পাৰে।
ঠিক তেনেদৰে অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া সেইটোৱেই যত অতি সক্ৰিয় মৌল এটাই অতিকৈ কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা অপসাৰিত বা প্ৰতিস্থাপিত কৰিব পাৰে।
AB + C ———> AC + B
উদাহণস্বৰূপে,
Zn + CuSO4 ------> ZnSo4 + Cu Fe+ CuSO4------ FeSO4 + Cu
সক্ৰিয়তা শ্ৰেণী: কোন কিমান সক্ৰিয়-( The Reactivity Series)
অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুজিবলৈ সক্ৰিয়তা শ্ৰেণী মনত ৰাখিব লাগিবই। আপোনালোকৰ সুবিধাৰ্থে ধাতুৰ সক্ৰিয়তা শ্ৰেণীটো উল্লেখ কৰা হল –
K, Na ,Ca, Mg, Al, Zn, Fe, Pb, H, Cu, Hg , Ag, Ah, Pt
উপৰোক্ত মৌল কেইটা ক্ৰমে বাওঁফালৰ পৰা সৌফাল লৈ ক্ৰমান্নয়ে সক্ৰিয়তা কমি গৈছে। এতিয়া কথা হল ওপৰোক্ত সক্ৰিয়তা শ্ৰেণী আপুনি এক মিনিটত মনত ৰাখিব পাৰিব। যদিহে তলৰ বাক্যটো মনত ৰাখে।
পছকেমেএযি আলে হাকমাছি গোপ্লে
ইয়াত প্ৰতিটো বৰ্ণমালা ক্ৰমান্নয়ে সক্ৰিয় শ্ৰেণীৰ একোটা মৌলৰ নাম নিৰ্দেশ কৰিছে।
Class 10 General Science ৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ এটা গুৰুত্বপূৰ্ণ বিষয় হল অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া (Displacement Reaction) ৰ পিছত কাৰ্যকলাপ 1.9 ৰ কথা আলোচনা কৰিব লাগিব। এই কাৰ্যকলাপ 1.9 ত যি পৰিঘটনা ঘটিছে তাক অতি চমুকৈ বৰ্ণনা কৰিব গৈ আছোঁ ।
কাৰ্যকলাপ 1.9 ত CuSO4 দ্ৰৱৰ ৰং কিছু পৰিমাণে পৰিৱৰ্তন হোৱা পৰিলক্ষিত হয়।
এই পৰিঘটনা কেৱল মাত্ৰ প্ৰতিস্থাপন বা অপসৰণ বিক্ৰিয়াৰ কাৰণেই হৈছে। Cu ৰ তুলনাত Fe বেছি সক্ৰিয়, বাবে CuSO4 দ্ৰৱৰ পৰা Cu ক প্ৰতিস্থাপিত কৰিছে। সেয়ে CuSO4 দ্ৰৱৰ কিছু ৰঙৰ পৰিৱৰ্তন ঘটিছে।
Important Questions From Displacement Reaction in Assamese
প্ৰয়োজনীয় প্ৰশ্ন হিচাপে আপুনি হল 2021 ৰ পৰীক্ষাৰ বাবে এই কেইটা প্ৰশ্ন পঢ়িব পাৰে।
- লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেটৰ দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয়?
- অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া কাক বোলে উদাহৰণ দিয়া।
শেষ বাক্য: Displacement Reaction in Assamese
Class 10 Science Assamese Medium ৰ Chemical Reaction and Equation ৰ অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া যাক Displacement Reaction বুলিও জনা যায়, তাক আমি এটা উদাহৰণৰ সৈতে আলোচনা কৰিলোঁ। আপুনি পাঠ্য পুথটো ভালদৰে পঢ়িলে আৰু AssameseMedium.Com ৰ লিখনিৰ সৈতে বুজিব চেষ্টা কৰিলে অতি সহজেই বুজিব পাৰিব। আশা কৰো আপুনি Assamese Medium প্ৰয়োজন সাপেক্ষে বন্ধু বান্ধৱীৰ সৈতে Share কৰিব।
[…] (Decomposition Reaction) , অপসৰন বা প্ৰতিষ্ঠাপন (Displacement Reaction) আৰু দ্বি-অপসৰন বিক্ৰিয়া (Double Displacement Reaction) […]
[…] […]
Sir/ma’am displacement reactionr jodi example likhibo ahe ki likhim
কেৱল মাত্ৰ আপোনাৰ সুবিধাৰ বাবে Displacement Reaction ৰ বহুত কেইটা উদাহৰণ আকৌ সংযোগ কৰিছো। আশা কৰো আপোনাৰ সুবিধা হব।