Class 6 Assamese Chapter 6 Question Answer | মিত্ৰামিত্ৰ প্ৰশ্ন উত্তৰ

আপুনি যদি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ Class 6 ৰ শিক্ষাৰ্থী তেন্তে আপুনি আজি ইয়াত Class 6 Assamese Chapter 6 Question Answer [মিত্ৰামিত্ৰ প্ৰশ্ন উত্তৰ] বিনামূলীয়াকৈ পাব।

আনকি আপুনি যদি অসমীয়া মাধ্যমৰ বিদ্যালয়ত চাকৰি কৰি আছে তেন্তে আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীৰ বাবে মিত্ৰামিত্ৰ প্ৰশ্ন উত্তৰ [Class 6 Assamese Chapter 6 Question Answer] লিখাৰ প্ৰয়োজন নাই, ইয়াৰ পৰাই দিব পাৰিব।

মিত্ৰামিত্ৰ প্ৰশ্ন উত্তৰ। Class 6 Assamese Chapter 6 Question Answer 2023

Class 6 Assamese Chapter 6 Question Answer ত আমি ক্ৰিয়া-কলাপৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিছো। ইয়াত আছে অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ আৰু ব্যাকৰণ (Assamese Grammar) সমন্ধীয় কিছু প্ৰশ্ন উত্তৰ দিয়াৰ প্ৰয়াস কৰা হৈছে। আশা কৰোঁ এই লিখনিয়ে আপোনাক বহুত সহায় কৰিব।

Class 6 Assamese Chapter 6 Question Answer

ক) পথ্যভিত্তিক ক্ৰিয়া – প্ৰশ্ন উত্তৰসমূহ

১। শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই জানি লোৱা — কক্ষ, নিৰুদ্দিষ্ট, কৃতজ্ঞ, প্ৰচণ্ড, ককৰ্থনা, প্ৰভুভক্ত, শীঘ্ৰে, প্ৰতিশ্ৰুতি, কৃতঘ্ন, প্ৰত্যুষতে, সুমিষ্ট, ন্যায়পৰায়ণ, শূলবিদ্ধ, যথাবিধি, উদাসীন, ঘাতক, সৎকাৰ, সহানুভূতিশীল, স্বৰ্ণকাৰ, নিমগ্ন, তিলমাত্র

উত্তৰঃ

শব্দ – অৰ্থ
কক্ষ — কোঠালী ।
নিৰুদ্দিষ্ট — হেৰাই যোৱা ।
কৃতজ্ঞ — উপকাৰৰ শলাগ লওঁতা ।
প্ৰচণ্ড — প্ৰবল; ভয়ানক ।
ককৰ্থনা — তিৰস্কাৰ; ভৰ্ৎসনা ।
প্ৰভুভক্ত– গৰাকীৰ প্ৰতি মান্যতা বা ভক্তি ৰাখোঁতা ।
শীঘ্ৰে –ততালিকে ।
প্ৰতিশ্ৰুতি — দিন বা কৰিম বুলি কৰা প্ৰতিজ্ঞা ।
কৃতঘ্ন — অশলাগী; উপকাৰীক অপকাৰ কৰোঁতা ।
প্ৰত্যুষতে — নিচেই ৰাতিপুৱাতে ।
সুমিষ্ট — বৰ সোৱাদ, বৰ মিঠা ।
ন্যায়পৰায়ণ — ন্যায়ৰ প্ৰতি দৃঢ়ভাৱে আস্থাশীল ।
শূলবিদ্ধ — থিয়কৈ পোতা জোঙা কাঠ, বাঁহ আদিত বহুওৱা ।
যথাবিধি –উচিত নিয়মেৰে ।
উদাসীন — সংসাৰৰ সুখ ইচ্ছা নকৰা ।
ঘাতক — নাশ কৰোঁতা; বধ কৰোঁতা ।
সৎকাৰ — শুশ্ৰূষা ।
সহানুভূতিশীল — আনৰ দুখত দুখী আৰু সুখত সুখী হওঁতা ।
স্বৰ্ণকাৰ — সোণাৰি ।
নিমগ্ন — মিলি যোৱা; বুৰ যোৱা ।
তিলমাত্র — অকণমান; যৎসামান্য ।

২। প্ৰশ্নবোৰৰ উত্তৰ দিয়া

(ক) যজ্ঞদত্তই উদ্ধাৰ কৰা মানুহজনৰ বৃত্তি কি ?
উত্তৰঃ যজ্ঞদত্তই উদ্ধাৰ কৰা মানুহজনৰ বৃত্তি আছিল স্বৰ্ণকাৰিতা; অৰ্থাৎ তেওঁ সোণাৰি আছিল ।

(খ) সৰ্পই কাৰ শৰীৰত বিষবাণ মাৰিছিল ?
উত্তৰঃ সৰ্পই মহাৰাণীৰ শৰীৰত বিষবাণ মাৰিছিল ।

(গ) বাঘে যজ্ঞদত্তক দিয়া অলংকাৰখিনি কাৰ আছিল ?
উত্তৰঃ বাঘে যজ্ঞদত্তক দিয়া অলংকাৰখিনি ৰাজকুমাৰৰ আছিল ।

(ঘ) মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে যজ্ঞদত্তক কি প্ৰদান কৰিলে?
উত্তৰঃ মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে যজ্ঞদত্তক মন্ত্ৰী পাতিলে ।

(ঙ) কাৰ ককৰ্থনা সহিব নোৱাৰি দৰিদ্ৰ লোকজনে ঘৰ এৰি অৰণ্যত প্রবেশ কৰিছিল ?
উত্তৰঃ পত্নীৰ ককৰ্থনা সহিব নোৱাৰি দৰিদ্ৰ যজ্ঞদত্তই ঘৰ এৰি অৰণ্যত প্রবেশ কৰিছিল ।

৩। নাটিকাখন ভালদৰে পঢ়ি ইয়াৰ অন্তৰ্নিহিত ভাবটো কোৱা ।
উত্তৰঃ ‘মিত্রামিত্ৰ’ নামৰ নাটিকাখনৰ সোণাৰিৰ কৃতঘ্ন চৰিত্ৰ প্ৰকাশ পাইছে । তেওঁৰ নিচিনা বহুত মানুহেই যজ্ঞদত্তৰ নিচিনা সহজ-সৰল উপকাৰী মানুহৰ প্ৰতি অন্যায় কৰে। কিন্তু ইয়াৰ বিপৰীতে সামান্য জীৱ-জন্তুয়ো কৃতজ্ঞতা প্ৰকাশ কৰিব জানে । এতেকে বহু ক্ষেত্ৰত মানুহতকৈ সাধাৰণ প্ৰাণীয়েই শ্ৰেষ্ঠ ।

৪। নাতিকাখন পঢ়িবলৈ চাৰিজনীয়া দল গঠন কৰা আৰু চাৰিজনৰ প্ৰত্যেকে মহাৰাজ, মহামন্ত্ৰী, যজ্ঞদত্ত আৰু দ্বাৰপালৰ চৰিত্ৰ ভগাই লৈ ক্ৰমে ৰক্ষা কৰি নাটকীয়ভাবে সংলাপবোৰ পঢ়া ।
উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা ।

৫। কোনে কাক কৈছিল লিখা

(ক) দ্বাৰপালজনক মই কি পুৰস্কাৰেৰে পুৰস্কৃত কৰিম ?
উত্তৰঃ প্ৰশ্নোক্ত কথাষাৰ মাহাৰাজে মহামন্ত্ৰীক কৈছিল ।

(খ) এয়া ৰাজকোঁৱৰৰ অলংকাৰ আছিল । আজিৰ পৰা এইবোৰ আপোনাৰ ।”
উত্তৰঃ উক্ত কথাষাৰ বাঘে যজ্ঞদত্তক কৈছিল ।

(গ) “আপুনি চিন্তা নকৰিব । ঈশ্বৰৰ আদেশ আৰু মহাৰাণীৰ কপালৰ লিখন অনুসৰি মই তেওঁৰ গালৈ বিষবাণ মাৰিম ।’
উত্তৰঃ প্ৰশ্নত উল্লেখ কৰা কথাষাৰ সাপে যজ্ঞদত্তক কৈছিল ।

খ) ভাষা অধ্যয়ণ: প্ৰশ্নবোৰৰ উত্তৰ

ইয়াৰ জৰিয়তে আমি আপোনালোকৰ সৈতে এতিয়া Class 6 Assamese Chapter 6 Question Answer ত অসমীয়া ব্যাকৰণ সম্বন্ধীয় কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰিব গৈ আছে, যিয়ে আপোনাক বহুত উপকাৰ কৰিব।

৬। তলত শব্দবিলাকৰ সন্ধি ভাঙা আৰু কি সন্ধি লিখা — মিত্রামিত্ৰ, পুৰস্কাৰ, স্বৰ্ণালংকাৰ, উদ্ধাৰ, শুদ্ধাশুদ্ধি, জগন্নাথ
উত্তৰঃ

  • মিত্রামিত্ৰ — মিত্ৰ + অমিত্ৰ – স্বৰসন্ধি
  • স্বৰ্ণালংকাৰ– স্বৰ্ণ + অলংকাৰ – স্বৰসন্ধি
  • শুদ্ধাশুদ্ধি– শুদ্ধ + অশুদ্ধি — স্বৰসন্ধি
  • পুৰস্কাৰ — পুৰঃ + কাৰ — বিসৰ্গসন্ধি
  • উদ্ধাৰ — উৎ + ধাৰ — ব্যঞ্জনসন্ধি
  • জগন্নাথ –জগৎ + নাথ — ব্যঞ্জনসন্ধি

৭। শব্দবোৰ স্বৰসন্ধি, ব্যঞ্জনসন্ধি আৰু বিসৰ্গসন্ধি নিৰ্ণয় কৰি তালিকাভুক্ত কৰা।
উদ্ গতি (উৎ +গতি)
সংস্কৃতি (সম্+কৃত)
জনৈক (জন+এক)
গঙ্গোৰ্মি (গঙ্গা+ঊৰ্মি)
প্ৰত্যুত্তৰ (প্ৰতি+উত্তৰ)
লোকাচাৰ (লোক+আচাৰ)
দেৱেশ্বৰ (দেৱ+ঈশ্বৰ)
নিস্বাৰ্থ (নিঃ+স্বাৰ্থ)
দুৰ্নীতি (দুঃ+নীতি)
উল্লাস (উৎ+লাস)
প্ৰত্যেক (প্ৰতি+এক)
তপোবন (তপঃ+বন)
উত্তৰঃ

স্বৰসন্ধিব্যঞ্জনসন্ধিবিসৰ্গসন্ধি
গঙ্গোৰ্মি
প্ৰত্যুত্তৰ 
লোকাচাৰ
দেৱেশ্বৰ
প্ৰত্যেক
সংস্কৃতি
উল্লাস
দুৰ্নীতি
তপোবন

৮। পাঠত সুস্বাদু আৰু সুমিষ্ট শব্দ দুটা আছে । এনেধৰণৰ ‘সু’ উপসৰ্গযুক্ত পাঁচটা শব্দ লিখি উলিওৱা ।
উত্তৰঃ
সু+নাম = সুনাম
সু+প্ৰভাত= সুপ্রভাত
সু+ফল= সুফল
সু+বাস= সুবাস
সু+খ্যাতি=সুখ্যাতি

গ) জ্ঞান সম্প্ৰসাৰণ: প্ৰশ্ন উত্তৰসমূহ

৯। তলত দিয়া শব্দবোৰৰ ক্ষুদ্ৰাৰ্থবোধক ৰূপবোৰ লিখি অৰ্থ উল্লেখ কৰা ।

উত্তৰঃ

শব্দক্ষুদ্ৰাৰ্থবোধক ৰূপঅৰ্থ
কণকণিকাক্ষুদ্ৰ মণি
পুস্তকপুস্তিকাসৰু পুথি
কথাকথিকাসৰু প্ৰবন্ধ বা আলোচনা
লতালতিকাসৰুলতা

১০। ছবিত চাই প্ৰশ্নৰ উত্তৰ দিয়া ।

(ক) ছবিকেইখনত প্ৰকাশ পোৱা কাহিনীটো কোৱা ।
উত্তৰঃ দুজন বন্ধুৱে এদিন হাবিৰ ফাললৈ ফুৰিবলৈ গৈছিল । তেনেতে এটা ভালুক আহি তেওঁলোকৰ সন্মুখত উপস্থিত হ’ল । এজন বন্ধুৱে আনজনক এৰি আত্মৰক্ষা কৰিবলৈ গছৰ ওপৰত উঠিল । ইজনে উপায় নাপাই মৰা মানুহৰ ভাও জুৰি পৰি থাকিল আৰু ভালুকটোৱে তেওঁক শুঙি আঁতৰি গ’ল ।

(খ) দুজন বন্ধুৰ এজনে ভালুক দেখি ক’ত উঠিল ?
উত্তৰঃ ভালুক দেখি এজন বন্ধু গছত উঠিলগৈ ।

(গ) আনজন বন্ধুৱে কি কৰিলে ?
উত্তৰঃআনজন বন্ধুৱে মৰা মানুহৰ ভাও পৰি থাকিল ।

(ঘ) ভালকুটোৱে ওচৰ চাপি আহি কি কৰিলে ?
উত্তৰঃ ভালকুটোৱে আহি মৰাৰ ভাও জুৰি থকাজনক শুঙি লাহে লাহে আঁতৰি গ’ল ।

(ঙ) শেষত বন্ধু দুজনে কি কথা পাতিলে ?
উত্তৰঃ বন্ধুৰ কথা নাভাবি আত্মৰক্ষা কৰিবলৈ গছত উঠা বন্ধুজনে নামি আহি আনজনক সুধিলে যে– ভালুকটোৱে তেওঁৰ কাণে কাণে কি ক’লে । ইজন বন্ধুৱে ক’লে– ভালুকটোৱে কৈ গ’ল যে বিপদত সহায় কৰাজনহে আচল বন্ধু ।

১১। শিক্ষকক সুধি শ্ৰী শ্ৰী মাধৱদেৱৰ ‘চোৰধৰা’ অথবা ‘পিম্পৰা গুচোৱা’ৰ কাহিনীটো জানি লোৱা আৰু শ্ৰেণীত সেই কাহিনী নিজৰ কথাৰে কোৱা ।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা ।

১২। তলৰ কাহিনীখিনি নাটকীয় সংলাপত লিখা ।
মহাৰাজে তেওঁৰ জীয়ৰী ৰাজকন্যা মণিমালাক বুজাইছে যে ফুলবোৰ প্ৰকৃতিৰ অনুপম সৃষ্টি । সেইবোৰ ছিঙিলে মৰহি যায় । কিন্তু গছত সেই ফুলবোৰ সজীৱ হৈ থাকে । নিজৰ থোপা সজাবলৈ বা গোন্ধ ল’বলৈ জধে-মধে ছিঙিব নালাগে ।

উত্তৰঃ মহাৰাজ : আই মণিমালা, প্ৰকৃত শুৱনি কৰে কুসুমে, যিদৰে তোমাৰ উপস্থিতিত শুৱনি হৈছে আমাৰ ৰাজকাৰেং । ফুলবোৰ ফুলনিৰ গছতহে সজীৱ আৰু ৰঙীন হৈ থাকে । পুত্ৰী, অকাৰণত ছিঙিলে ফুলবোৰ মৰহী যায় । সেয়ে আই, খোপাত গুজিবলৈ আৰু সুবাস ল’বলৈ ফুলবোৰ গছৰ পৰা আজুৰি নানিবা ।

১৩। ‘মিত্রামিত্ৰ’ নাটিকাখনত মহাৰাজৰ ন্যায়পৰায়ণতা প্ৰকাশ পাইছে । লগতে সাধাৰণ প্ৰাণীবোৰৰ প্ৰতি তেওঁৰ সহানুভূতি আৰু মৰম-চেনেহ প্ৰকাশিত হৈছে । জীৱ-জন্তুৰ প্ৰতি আমি কিয় দয়া-মৰম প্ৰদৰ্শন কৰিব লাগে, শিক্ষকৰ সহায়ত আলোচনাচক্ৰ পাতি নিজৰ নিজৰ মতামত দাঙি ধৰা ।
উত্তৰঃ আমাৰ দৰে জীৱ-জন্তুবোৰো প্ৰকৃতিৰ অবিচ্ছেদ্য অংগ। জীৱ-জন্তু নথকা পৃথিৱী এখনৰ কথা কল্পনাও কৰিব নোৱাৰি । সিহঁতেই পৃথিৱীখনক বিচিত্র আৰু সুন্দৰ কৰি ৰাখিছে ।

জীৱৰ পৃথিৱীখন সকলোৰে বসবাসৰ উপযোগী কৰি ৰখাৰ ক্ষেত্ৰত প্ৰতিটো প্ৰজাতিৰ ভূমিকা আছে । উদ্ভিদ আৰু প্ৰাণী পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল । উদ্ভিদ নাথাকিলে যিদৰে প্ৰাণী জীয়াই থাকিব নোৱাৰে, সেইদৰে প্ৰাণীয়েও উদ্ভিদৰ বংশ বৃদ্ধিত অনবৰতে সহায় কৰে ।

মানুহৰ দৰে সামান্য প্ৰাণীৰে অনুভূতি আছে, কৃতজ্ঞতাবোধৰ দৰে সদগুণ আছে, জ্ঞানেন্দ্ৰিয় আছে । সিহঁতেও আনন্দ কৰিব জানে, কষ্ট পালে কন্দিবও জানে । মানুহৰ দৰে সিহঁতেও নিজৰ জাকৰ আন সদস্যৰ মৃত্যুত শোক পায় । সেয়েহে সিহঁতৰ প্রতি আমি দয়াপৰাবশ হ’ব লাগে ।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment