আপুনি যদি আগন্তুক HS Final Exam ৰ বাবে Class 12 Physics MCQ Chapter 3 in Assamese বিচাৰি আছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই।
আমি আপোনালোকৰ বাবে আগন্তুক HS Final Exam ত ১০০% কমন থকা কিছু Physics MCQ in Assamese লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ পঢ়িব আৰু অনত সুবিধা হোৱাকৈ শ্বেয়াৰ কৰিব।
Class 12 Physics Chapter 3 MCQ in Assamese | HS 2nd Year Final
১. বৈদ্যুতিক হিটাৰ এটা বিভৱৰ লগত সংযোগ কৰিলে, কেইছেকেণ্ড পাছত প্ৰবাহ স্থিৰ মান পায়। তেন্তে আৰম্ভণিৰ প্ৰবাহ হব____
(ক) স্থিৰ প্ৰবাহৰ সমান
(খ) স্থিৰ প্ৰবাহতকৈ অলপ বেছি
(গ) স্থিৰ প্ৰবাহতকৈ অলপ কম
(ঘ) শূন্য
উত্তৰ: (খ) স্থিৰ প্ৰবাহতকৈ অলপ বেছি
২. দুই বা ততোধিক ৰোধ শ্ৰেণীবদ্ধভাবে সংযুক্ত কৰিলে__
(ক) প্ৰতিটো ৰোধৰ মাজেৰে একে প্ৰবাহ চালিত হব।
(খ) প্ৰতিটো ৰোধৰ মাজেৰে একে বিভৱ চালিত হব।
(গ) প্ৰতিটো ৰোধৰ মাজেৰে চালিত প্ৰবাহ বা বিভৱ একে নহয়।
(ঘ) প্ৰবাহ আৰু বিভৱ দুয়োটাই একে থাকে।
উত্তৰ: (ক) প্ৰতিটো ৰোধৰ মাজেৰে একে প্ৰবাহ চালিত হব।
৩. 5Ω, 4.5Ω আৰু 3Ω ৰ তিনিটা ৰোধক এনেদৰে সংযুক্ত কৰা হৈছে যাতে সৰ্বাধিক ৰোধ পোৱা যায়। ৰোধৰ মান হ’ব__
(ক) 12.5 Ω
(খ) 13.5 Ω
(গ) 14.5 Ω
(ঘ) 16.5 Ω
উত্তৰ: (ক) 12.5 Ω
৪. n টা কোষ সমান্তৰালভাৱে সংযোগ কৰিলে___
(ক) অধিক বিভৱ পোৱা যায়
(খ) অধিক প্ৰবাহ পোৱা যায়
(গ) কম বিভৱ পোৱা যায়
(ঘ) কম প্ৰবাহ পোৱা যায়
উত্তৰ: (খ) অধিক প্ৰবাহ পোৱা যায়
৫. যদি এখন হুইটচটন ব্ৰিজত বেটাৰী আৰু গেলভেন’মিটাৰ সলনি কৰা হয়, তেন্তে গেলভেন’মিটাৰৰ বিক্ষেপন ___
(ক) আগৰ দিশেত সলনি হয়
(খ) সলনি নহয়
(গ) বিপৰীত দিশত সলনি হয়
(ঘ) এটাও নহয়
উত্তৰ: (খ) সলনি নহয়
৬. এটা ধাতুৰ পৰিবাহী মিটাৰব্রিজ বাওঁ ফাঁকত সংযুক্ত কৰি তাপ দিলে, বেলেঞ্চিং পইণ্ট
(ক) সোঁফাললৈ স্থানান্তৰ হ’ব
(খ) বাওঁফাললৈ স্থানান্তৰ হ’ব
(গ) একে থাকে
(ঘ) শূন্যত থাকে
উত্তৰ: (ক) সোঁফাললৈ স্থানান্তৰ হ’ব
৭. এটা ১০টা তাঁৰ থকা পটেনচিওমিটাৰত বেলেঞ্চ পইণ্ট ৭ নম্বৰ তাঁৰত পোৱা যায়। যদি সেইটো ৯ নম্বৰ তাঁৰলৈ স্থানান্তৰ কৰিব বিচাৰে, তেন্তে
(ক) মূল বৰ্তনীত ৰোধৰ মান হ্ৰাস কৰে।
(খ) মূল বৰ্তনীত ৰোধৰ মান বৃদ্ধি কৰে।
(গ) যিটো কোষৰ emf জুখিব লাগে তাৰ সৈতে শ্ৰেণীবদ্ধভাৱে থাকিলে ৰোধৰ মান হ্ৰাস কৰে।
(ঘ) যিটো কোষৰ emf জুখিব লাগে তাৰ সৈতে শ্ৰেণীবদ্ধভাৱে থাকিলে ৰোধৰ মান বৃদ্ধি কৰে।
উত্তৰ: (ঘ) যিটো কোষৰ emf জুখিব লাগে তাৰ সৈতে শ্ৰেণীবদ্ধভাৱে থাকিলে ৰোধৰ মান বৃদ্ধি কৰে।
৮. এটা জংচনৰ মাজেৰে এটা আধান আগবাঢ়িছে, তেন্তে
(ক) ভৰবেগ সংৰক্ষিত হ’ব।
(খ) ভৰবেগ সংৰক্ষিত নহয়
(গ) কিছুমান ঠাইত সংৰক্ষিত হব আৰু কিছুমান ঠাইত নহ’ব
(ঘ) এটাও নহয়
উত্তৰ: (ঘ) এটাও নহয়
৯. মেংগানিন (Manganin) সংকৰৰ ৰোধকতা__
(ক) প্ৰায় তাপমাত্রাৰ ওপৰত নিৰ্ভৰ নকৰে
(খ) তাপমাত্রা বৃদ্ধি হ’লে বেছি হয়
(গ) তাপমাত্রা বৃদ্ধি হ’লে কম হয়
(ঘ) তাপমাত্রা কম হ’লে বেছি হয়
উত্তৰ: (ক) প্ৰায় তাপমাত্রাৰ ওপৰত নিৰ্ভৰ নকৰে
Download Class 12 Physics MCQ in Assamese Chapter 3
ওপৰত উল্লেখ কৰা Class 12 Physics MCQ Chapter 3 in Assamese ৰ যদি আপুনি PDF বিচাৰিছে তেন্তে তলৰ লিংকত ক্লিক কৰি বিনামূল্যত ডাউনলোড কৰিব পাৰিব।
Download Class 12 Physics MCQ in Assamese Chapter 3 PDF
Conclusion
ইয়াত আমি কিছু Physics MCQ in Assamese হে সন্নিবিষ্ট কৰিছো, আমি আগলৈ আৰু সংযোগ কৰিম। আমাৰ লগত থাকক উৎসাহ দিয়ক।