Class 12 Assamese Question Answer

আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো Assamese Medium ৱেবচাইটলৈ যত আমি ক্লাছ ৬ ৰ পৰা আৰম্ভ কৰি ক্লাছ ১২ লৈকে সকলো বিষয়ৰ প্ৰশ্ন উত্তৰ আলোচনা কৰোঁ। সেইবাবেই আজি আমি আপোনাৰ বাবে Class 12 Assamese Question Answer লৈ আহিছোঁ।

Class 12 Assamese Question Answer For HS Final Exam

আপুনি যদি Class 12 Assamese Question Answer ৰ অধ্যায় সমূহৰ চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ, ব্যাখ্যা লগতে যিকোনো Assamese Grammar ৰ সমস্যা আছে তাৰ সমাধান বিচাৰি ইয়ালৈ আহিছে তেন্তে আপুনি নিশ্চয় সঠিক স্থানত আহিছে। আজি আপুনি Class 12 Assamese Question Answer [দ্বাদশ শ্ৰেণীৰ] গোটেই কেইটা অধ্যায়ৰ প্ৰশ্ন উত্তৰ পাব।

Watch FREE Video Classes

মোৰ মাতৃমুখ দৰ্শন প্ৰশ্ন উত্তৰ

অতি চমু প্ৰশ্ন (মূল্যাংক-১)

১। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটো ক’ৰপৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটো ড॰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী ( প্ৰথম খণ্ড ) পৰা লোৱা হৈছে।

২। সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত ?
উত্তৰঃ সম্বলপুৰ ভাৰতৰ উৰিষ্যাত অৱস্থিত ৷

৩। বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক’ৰপৰা ক’লৈ যাত্ৰা কৰিছিল?
উত্তৰঃ বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰপৰা অসমলৈ যাত্ৰা কৰিছিল ৷

৪। ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল?
উত্তৰঃ ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী আছিল তেওঁৰ সহধৰ্মিনী প্ৰজ্ঞাসুন্দৰী আৰু সৰুজনী কন্যা ৷

৫। লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম ‘লিতিকাই’৷

চমু প্ৰশ্ন (মূল্যাংক-২/৩)

১। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটিৰ নামাকৰণৰ তাৎপৰ্য ব্যাখ্যা কৰা ৷
উত্তৰঃ কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ যোৱা সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমৰপৰা আঁতৰি থাকিবলগীয়া হৈছিল ৷ প্ৰায় ডেৰ-দুকুৰি বছৰৰ পিছত মাতৃভূমি অসমলৈ অহাৰ কথাটো তেওঁ মাতৃৰ মুখ দৰ্শনৰ লগত ৰিজাইছে ৷ সেয়েহে পাঠটিৰ নাম ‘মোৰ মাতৃমুখ দৰ্শন’ দিয়া হৈছে ৷

২। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষটিত ‘মাতৃ’ শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল?
উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষটিত ‘মাতৃ’ শব্দৰে মাতৃভূমি অসমক বুজোৱা হৈছে৷প্ৰায় ডেৰ-দুকুৰি বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল ৷

৩। লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল?
উত্তৰঃ গুৱাহাটী অহাৰ পিছত কটন কলেজৰ ছাত্ৰসকলে গধূলি সভা পাতি বেজবৰুৱাক নিমন্ত্ৰণ কৰিছিল আৰু সভাত তেওঁলোকৰ একোজনে শুৱলাকৈ ইংৰাজী আৰু অসমীয়াত ভাষণ দিছিল ৷ কোনোৱে সুললিত কণ্ঠেৰে গীত গাইছিল আৰু কোনোৱে বিয়াহৰ ওজাপালি গাই লেখকক আহ্লাদিত কৰিছিল ৷ এনেদৰেই ছাত্ৰসকলে লেখকক অভিনন্দন জনাইছিল ৷

৪। ‘মোৰ মাতৃমুখ দৰ্শন’ৰ লেখকে উল্লেখ কৰা ‘মজিউ’ আৰু ‘জ্ঞান’ কোন আছিল?
উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ৰ লেখকে উল্লেখ কৰা ‘মজিউ’ আছিল কবি আৰু বিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু ‘জ্ঞান’ আছিল আৰ্লল কলেজৰ প্ৰিন্সিপাল জে. বৰুৱা বেৰিষ্টাৰ এট্-লৰ ৷

৫। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ উল্লেখ কৰা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ-
ক) প্ৰাকৃতিক সৌন্দৰ্য- ব্ৰহ্মপুত্ৰৰ মাজৰ উমানন্দ, কামাখ্যা, অশ্বক্ৰান্ত আদি অলেখ অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্যৰে গুৱাহাটী ভৰপূৰ ৷ এই সমূহে লেখকক আনন্দ দিছিল ৷
খ) ঐতিহাসিক উৎকৰ্ষ- গুৱাহাটী বিভিন্ন ঐতিহাসিক স্থানেৰে ভৰপূৰ ৷ এইবোৰে তীৰ্থযাত্ৰীৰ তীৰ্থস্পৃহা পলুৱাব পাৰে ৷ এই ঐতিহাসিক স্থানসমূহৰ বাবেও গুৱাহাটীক লেখকে বৰ ভাল পায় ৷
গ) প্ৰাচীন জ্ঞান-গৌৰৱৰ গৰিমা- গুৱাহাটীত থকা বহু প্ৰাচীন স্থানে প্ৰত্নতাত্ত্বিক প্ৰাচীন জ্ঞানৰ দুৱাৰ মুকলি কৰি মনত বিস্ময় জগাই দিব পাৰে ৷ এইবোৰৰ বাবেও গুৱাহাটী লেখকৰ বৰ আদৰৰ ৷

দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫)

১। ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেলযাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা ৷
উত্তৰঃ কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোৱা সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমলৈ আহিব পৰা নাছিল ৷ অৱশেষত ১৯৩০ চনৰ ১৯ চেপ্তেম্বৰত সম্বলপুৰৰপৰা অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰে ৷ সংগী আছিল সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী আৰু সৰু জী ৷ বেংগল-নাগপুৰ ৰেলেৰে সম্বলপুৰৰ পৰা দুঘণ্টা যাত্ৰা কৰি তেওঁ ঝাৰচোগোড়া জংচনত নামে আৰু তাৰ পৰা কলিকতা অভিমুখী ৰেলত উঠে ৷ তেওঁলোকে লগত খোৱা বস্তু নিয়া নাছিল৷যাৰ বাবে তেওঁৰ পৰিয়ালটো ভোকে-লঘোণে যাব লগা হ’ল ৷ ২৯ চেপ্তেম্বৰৰ ৰাতি ৮ মান বজাত তেওঁ কলিকতাত নামি এঠাইত এমুঠি খাই নিশাটোৰ বাবে জিৰণি ল’লে ৷ কলিকতাৰপৰা অসম অভিমুখী যাত্ৰাত আকৌ গাড়ীখনত অত্যাধিক যাত্ৰী উঠিও লেখকৰ পৰিয়ালক যথেষ্ট আহুকালত পেলালে ৷ ২১ চেপ্তেম্বৰত লেখকৰ পৰিয়ালে শিয়ালদাহ ষ্টেচন এৰি ২২ চেপ্তেম্বৰত গুৱাহাটীত উপস্থিত হয়হি ৷

২। ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষিকৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা ৷
উত্তৰঃ মহাদেৱে কাম বন নকৰি ভাং ধতুৰা খাই ঘৰতে বহি থকা দেখি এদিন পাৰ্বতীয়ে ককৰ্থনা কৰিলে ৷ ঘৰতে বৃষভটো আছে, ঘাঁহ পানী খাই নোদোকাটো হৈছে ৷ তাৰেই হাল বাই খেতি বাতি কৰি ধান এগালমান আৰ্জিব পাৰে বুলি ধিক্কাৰ দিলে ৷ পাৰ্বতীৰ কথা শুনি মহাদেৱৰ বৰ বেজাৰ লাগিল ৷ লগে লগেই খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প ল’লে আৰু বৃষভৰ ওপৰত উঠি পথাৰলৈ গ’ল ৷ কৃষিকৰ্ম আৰম্ভ হ’ল ৷ কিছুদিনৰ ভিতৰতে খেতি কৰি গোটেইখন উভয়নদী কৰি পেলালে ৷ শোৱা, খোৱা গুছিল৷ঘৰলৈ আহিবলৈ এৰিলে ৷ ইফালে হিতে বিপৰীতে হোৱাত পাৰ্বতী সমস্যাত পৰিল ৷ গিৰিয়েকক ঘৰলৈ মাতি আনিবলৈ নন্দী ভৃংগীকে আদি কৰি যোৰে যোৰে মানুহ পঠিয়াবলৈ ধৰিলে৷পিছে কামত নাহিল ৷ এইবাৰ নাৰদক ৰিপুৱা ধৰিলে ৷ নাৰদে মহাদেৱক ঘৰলৈ আহিবলৈ খাটনি ধৰিলে ৷ কাৰো কথা নুশুনা মহাদেৱে নাৰদৰ খাটনিকো কাণ নকৰিলে ৷ অনেক ভাবি পাৰ্বতীয়ে এইবাৰ অসংখ্য মহ-ডাঁহ, চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠাই দিলে ৷ একো কামত নাহিল ৷ অৱশেষত হাহা আৰু হুহু নামৰ দুটা মানসপুত্ৰ সৃষ্টি কৰি পঠিয়াই দিয়াত মহাদেৱৰ সমস্ত খেতি পুৰি ধ্বংস কৰিলে ৷

৩। হাহা হুহু কোন আছিল? এওঁলোকক কি কাৰণে সৃষ্টি কৰিছিল লিখা ৷
উত্তৰঃ হাহা হুহু পাৰ্বতীৰ মানসপুত্ৰ আছিল ৷
মহাদেৱে কাম বন নকৰি ভাং ধতুৰা খাই ঘৰতে বহি থকা দেখি এদিন পাৰ্বতীয়ে ককৰ্থনা কৰিলে ৷ ঘৰতে বৃষভটো আছে, ঘাঁহ পানী খাই নোদোকাটো হৈছে ৷ তাৰেই হাল বাই খেতি বাতি কৰি ধান এগালমান আৰ্জিব পাৰে বুলি ধিক্কাৰ দিলে ৷ পাৰ্বতীৰ কথা শুনি মহাদেৱৰ বৰ বেজাৰ লাগিল ৷ লগে লগেই খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প ল’লে আৰু বৃষভৰ ওপৰত উঠি পথাৰলৈ গ’ল ৷ কৃষিকৰ্ম আৰম্ভ হ’ল ৷ কিছুদিনৰ ভিতৰতে খেতি কৰি গোটেইখন উভয়নদী কৰি পেলালে ৷ শোৱা, খোৱা গুছিল৷ঘৰলৈ আহিবলৈ এৰিলে ৷ ইফালে হিতে বিপৰীতে হোৱাত পাৰ্বতী সমস্যাত পৰিল ৷ গিৰিয়েকক ঘৰলৈ মাতি আনিবলৈ নন্দী ভৃংগীকে আদি কৰি যোৰে যোৰে মানুহ পঠিয়াবলৈ ধৰিলে ৷ পিছে কামত নাহিল ৷ এইবাৰ নাৰদক ৰিপুৱা ধৰিলে৷নাৰদে মহাদেৱক ঘৰলৈ আহিবলৈ খাটনি ধৰিলে ৷ কাৰো কথা নুশুনা মহাদেৱে নাৰদৰ খাটনিকো কাণ নকৰিলে ৷ অনেক ভাবি পাৰ্বতীয়ে এইবাৰ অসংখ্য মহ-ডাঁহ, চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠাই দিলে ৷ একো কামত নাহিল ৷ অৱশেষত হাহা আৰু হুহু নামৰ দুটা মানসপুত্ৰ সৃষ্টি কৰি পঠিয়াই দিয়াত মহাদেৱৰ সমস্ত খেতি পুৰি ধ্বংস কৰিলে ৷

৪। ‘ডিবৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল৷’-ডিবৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা ৷
উত্তৰঃ দীৰ্ঘদিনৰ অন্তত মাতৃভূমিলৈ আহি বেজবৰুৱাই বহু পৰিবৰ্তন দেখা পাইছিল ৷ ডিব্ৰুগড়ৰ গোটাচেৰেক কথাই লেখকক বৰ আনন্দিত কৰিছিল ৷ প্ৰথমে ডিব্ৰুগড়ৰ অসমীয়া তিৰোতাসকল শিক্ষা-দীক্ষা আৰু ৰাজহুৱা কথাদিত পুৰুষৰ সমকক্ষ হ’বলৈ আগবাঢ়িছিল৷সভা-সমিতি পতাত তেওঁলোক আগৰণুৱা হৈ পৰিছিল ৷ অথচ তেওঁলোকৰ স্ত্ৰীসূলভ গাম্ভীৰ্য আৰু কমনীয়তাৰ এচুলিমানো হ্ৰাস হ’বলৈ দিয়া নাছিল ৷ সভাই সমিতিয়ে বক্তৃতা দিয়াৰ ক্ষেত্ৰত দুই এগৰাকীয়ে অনেক পুৰুষকো চেৰ পেলাইছিল ৷ দ্বিতীয়তে ডিব্ৰুগড়ৰ ডেকাসকলৰ উদ্যমৰ ফলত সমৃদ্ধ হৈ পৰা ৰংগশালাটো দেখিও লেখকে মনত সন্তোষ পাইছিল ৷ থিয়েটাৰৰ বাবে অসমীয়া চিত্ৰবিদ ডেকাসকলে অঁকা ছবি এনে সুন্দৰ আছিল যে সেইবোৰ কলিকতাৰ নিপুণ চিত্ৰবিদ ডেকাসকলে অঁকা ছবিতকৈ কোনো গুণে কম নাছিল ৷ নাট্যকলাত ডিব্ৰুগড়ৰ সম্ভ্ৰান্তঘৰৰ ডেকাসকলে আশাতীত ভাৱে উন্নতি কৰিছিল ৷ পেইণ্টিং আৰু ফটোগ্ৰাফীত মুক্তানাথ বৰদলৈয়ে কৃতিত্ব দেখুৱাইছিল ৷ প্ৰভাতচন্দ্ৰ দাস আৰু জনদিয়েকৰ অভিনয়ে কলিকতাৰ বিখ্যাত অভিনেতাতকৈ কোনোগুণে কম নাছিল৷এনেবোৰ কথাই লেখকৰ মনত বৰ সন্তোষ দিছিল ৷

৫। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত বুজাই লিখা ৷
উত্তৰঃ নাট মঞ্চায়নৰ ক্ষেত্ৰত মৌলিক নাটৰ অভিনয় সৰহ কৰিবলৈ পৰামৰ্শ দি বেজবৰুৱাই কৈছিল যে বিদেশী নাটক মঞ্চায়ন কৰাত তেওঁ বৰ সন্তোষ পালেও ঘোৰ বিৰোধী নহয় ৷ অৱশ্যে তেনে নাটকবোৰৰ অনুবাদ প্ৰকৃত অসমীয়া অনুবাদ হ’ব লাগে বুলি উল্লেখ কৰিছে৷ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাৱ সম্পদেৰে অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শোভন কথা বুলিও তেওঁ উল্লেখ কৰিছে৷ কিন্তু সেয়া কৰিবলৈ যাওঁতে বাৰি বঙলুৱা অনুবাদ নকৰি আচল অসমীয়া অনুবাদ হোৱা উচিত বুলিও তেওঁ পৰামৰ্শ দিছে ৷

অতিৰিক্তঃ

১। বেজবৰুৱাই চাকৰি কৰা কোম্পানীটোৰ নাম আছিল “বাৰ্ড কোম্পানী” ৷
২। “ভ্ৰমৰংগ” শ্বেক্সপীয়েৰৰ “Comedy of Errors” নাটকৰ অনুবাদ ৷
৩। শ্বেক্সপীয়েৰৰ “Comedy of Errors” নাটকখনৰ অসমীয়া অনুবাদৰ লগত জড়িত ছাত্ৰ কেইগৰাকী হ’ল- ৰমাকান্ত বৰকাকতি,ঘনশ্যাম বৰুৱা,ৰত্নধৰ বৰুৱা আদি ৷
৪। লক্ষ্মীনাথ বেজবৰুৱাক আধুনিক সাহিত্যৰ কাণ্ডাৰী বুলি কোৱা হয় ৷
৫। বেজবৰুৱাৰ ৰচিত একমাত্ৰ উপন্যাস-পদুমকুঁৱৰী ৷
৬। বেজবৰুৱাই ১৯২৪ চনত গুৱাহাটীত অনুস্হিত হোৱা অসম সাহিত্য সভাৰ অধিবেশনত সভাপতিত্ব কৰিছিল ৷
৭। বেজবৰুৱাৰ ৰচিত বুৰঞ্জীমূলক নাটককেইখন হ’ল- জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ, বেলিমাৰ ৷

(পাঠটোৰ পৰা ২০১৭ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্র: ‘মােৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটো ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উঃ ‘মােৰ মাতৃ দর্শন’ শীর্ষক পাঠটো ড° নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলীৰ (প্রথম খণ্ডৰ) পৰা সংগ্রহ কৰা হৈছে।

প্র: লক্ষ্মীনাথ বেজবৰুৱাক কিয় অসমীয়া চুটিগল্প জনক বুলি কোৱা হয়?
উঃ জোনাকী আলােচনীত লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ দ্বাৰা ৰচিত গল্পৰ জৰিয়তে অসমীয়া চুটিগল্পৰ শুভাৰম্ভ বিকাশৰ যাত্ৰাৰ সূচনা কৰে। সেয়েহে লক্ষ্মীনাথ বেজবৰুৱাক চুটিগল্পৰ জনক বুলি কোৱা হয়। তেওঁৰ ৰচিত চুটিগল্প হ’ল জোনবিৰি, সাধুকথাৰ কুকি, কেহােকলি, সুৰভি আদি।

প্র: ‘মােৰ মাতৃমুখ দর্শন’ পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজ বৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেলযাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা।
উঃ লিখক লক্ষ্মীনাথ বেজবৰুৱাদেৱে কামৰ ব্যস্ততাৰ কাৰণে ডেৰকুৰি-দুকুৰি বছৰৰ পাছত মাতৃমুখ দর্শনৰ বাবে সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্রা কৰিছিল। দুর্গাপূজাৰ বন্ধত ৰেল কোম্পানীয়ে যাত্রীক ভাড়াৰ সুবিধা কৰি দিয়া বাবে লিখকে সেই সুযােগ এৰি নিদি ১৯৩০ চনৰ ১৯ ছেপ্টেম্বৰত অসমলৈ যাত্ৰা আৰম্ভ কৰিছিল। এই যাত্ৰাৰ সংগী আছিল তেখেতৰ সহধর্মিণী আৰু সৰু জীয়েক। সংস্কৃত শ্লোক আছে যে পথে নাৰী বিবর্জিত। অর্থাৎ যাত্রাপথত নাৰী লগত থাকিলে আহুকালে দেখা দিয়ে। গতিকে ক’ৰবালৈ গলে লগত তিৰােতা মানুহ নিব নালাগে। কিন্তু লিখকৰ ক্ষেত্ৰত তেনে কোনাে বিপদ হােৱা নাছিল। তেওঁৰ ভার্যা লগত থকা বাবে ৰেল যাত্ৰাত সহায়হে হৈছিল। লিখকৰ ভাষাত মই কওঁ মােৰ বহু দর্শনত ‘পথে নাৰী বর্জিতা নহয় সম্পূজিতাহে। যাত্রা পথত তেখেতৰ ভার্যাই ৰেলৰ টিকট কিনা, ফল কাটি দিয়া, পিঠা-চাহ পানীৰ যোগান ধৰা আনকি ৰেলৰ খােটালী ভাত-পানীৰ যােগান ধৰি ভােক নিবাৰণ কৰাৰ দৰে, শুরৰ সময়ত পার্টীখন পাৰি দিয়া, গাৰুটো মূৰৰ তলত গুজি দিয়া, বিচনীৰে বিচি ঘাম দূৰ কৰা আদি কামবােৰে তেওঁক লঘু আনন্দৰে যাত্ৰা সুসম্পাদিত হৈ অন্ত পৰিছিল। সেয়েহে লেখকৰ বাবে নাৰী পথত যে গলগ্রহ নহয় বৰং গলৰ মালাহে অর্থাৎ মালতীৰ মালা। লিখকৰ সেইবাৰৰ ৰেল যাত্ৰাটো কিছু বিৰক্তিকৰ আছিল। তেওঁলােক সেইদিনা সম্বলপুৰৰ পৰা ৩১ মাইল দূৰৈৰ বেংগল, নাগপুৰ ৰেলৰ জংছন ঝাৰচোগােড়া জংছন পাওঁতে কিছু পলম হােৱাত ঝাৰচোগােড়া পােৱাৰ আগতে বােম্বাই মেইলখনে, ষ্টেচন এৰিছিল। পিছত ষ্টেচনতে অপেক্ষা কৰি থাকোতে ৰাতি দুই তিনিমান বজাতহে কলিকতালৈ যােৱা পেছেঞ্জাৰ এখনত উঠি পিছদিনা ৰাতি ৮ বজামানত কলিকতা পাইছিল। এই যাত্ৰাত ৰাতিটো অনাহাৰে থাকিবলগীয়া হৈছিল কিয়নাে তেওঁলােকে এইখন ট্রেইনত খাবৰ বাবে একো নিয়া নাছিল। লগত জমা থকা খােৱা বস্তুও শেষ হৈছিল। গতিকে সময় বাঢ়ি যােৱাৰ লগে লগে তেওঁলােক ভােকত অতিষ্ঠ হৈ পৰিছিল। গার্ডক কৈ খৰগপুৰ আৰু চক্ৰধৰপুৰ ৰিফ্রেছমেণ্ট ৰূমৰ মেনেজাৰলৈ টেলিগ্রামাে কৰিছিল আহাৰ যােগান ধৰাৰ বাবে। কিন্তু টেলিগ্রাম কৰবাত পৰি থাকিল, তেওঁলােকৰ বাবে কোনাে সঁহাৰি নাহিল। ফুটা নাৱত চিৰচিৰকৈ পানী সােমােৱাদি ওৰে দিনটো লেখকৰ পেটত ভােকে চিৰচিৰাই থাকিল। অৱশেষত পেটৰ ভােকৰ ফুটাত সােপা দি ৰাখিবলৈ ষ্টেচনত বিক্ৰী কৰা কচুৰি-শিঙৰাকে খাই তেওঁলােকে কলিকতা পালে। ট্রেইন যাত্ৰাত দ্বিতীয় শ্রেণীৰ ডবাবােৰত কিছুমান মগনিয়াৰ মানুহ সােমাই ভিৰ কৰিছিল। শেষত মানুহৰ ভিৰ বাঢ়ি ডবাবােৰ অন্ধকূপ যেন হৈ পৰিছিল। এনেদৰে নানা আহুকালৰ মাজেৰে আহি লেখকে বাইশ তাৰিখে গুৱাহাটীত উপস্থিত হৈছিলহি।

পাঠটোৰ পৰা ২০১৮ বৰ্ষত অহা প্ৰশ্নসমূহ

প্রঃ ‘মােৰ মাতৃ মুখ দর্শন’ত লেখকে উল্লেখ কৰা মাজিউ’ আৰু জ্ঞান’ কোন আছিল?
উ : ‘মােৰ মাতৃমুখ দর্শন’ত লেখকে উল্লেখ কৰা ‘মাজিউ’ আছিল সুকবি, সু-বিখ্যাত চাহ খেতিয়ক সদাগৰ শ্ৰীযুত চন্দ্র কুমাৰ আগৰৱালা আৰু জ্ঞান’ আছিল আর্সল কলেজৰ প্রসিদ্ধ প্রিন্সিপাল মিষ্টাৰ জে বৰুৱা বেৰিষ্টাৰ এৰ।

প্রঃ ডিব্ৰুগড়ৰ অসমীয়া তিৰােতাসকলৰ কেনে ধৰণৰ গড়গতি আৰু কার্যকলাপত লক্ষ্মীনাথ বেজবৰুৱা আনন্দ বিমিশ্রিত আচৰিত হৈ পৰিছিল চমুকৈ লিখা। (2021) নাইবা-
‘ডিব্ৰুগড়ত গােটাচেৰেক কথাই মােক বৰ সন্তোষ দিছিল’– ডিব্ৰুগড়ত কোনবােৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল, বুজাই লিখা। (2018)
উঃ লেখকে মাতৃমুখ দর্শনৰ বাবে অসমলৈ আহি কেইদিনমান ডিব্ৰুগড়ত কটাইছিল। কথাতে কয় ‘আইৰাে বার্তা, গংগাৰৰ যাত্রা। বেজবৰুৱায়াে ডিব্ৰুগড়ত থকা জী-জোঁৱাইৰ খবৰ লােৱাৰ লগতে বন্ধুবান্ধব, সতীর্থ সকলৰ লগতে সাক্ষাৎ কৰিছিল। দুই-এদিন ডিবুৰুতে থাকি কিছুমান নতুন নতুন জ্ঞান লাভ কৰিছিল। গােটাচেৰেক দুই-এটা কথাই তেওঁক সন্তোষ দিছিল বুলি কৈছে। প্রথমে তেওঁ সন্তোষ লাভ কৰিছিল ডিবুৰৰ অসমীয়া মহিলাসকলৰ কার্যকলাপ, মাত কথা, ব্যৱহাৰ দেখি। তেওঁলােক ওৰণিৰ তলতে আবদ্ধ হৈ চেঁচুকৰ ডেমডেউকা হৈ থকা নাই। শিক্ষা-দীক্ষা আৰু ৰাজহুৱা কাম-কাজততা আজি-কালি তেওঁলোক অগ্রণী, সকলাে সজ কামত পুৰুষৰ সমানে আগ্রহী হৈ অংশ লয়। ৰক্ষণশীল সমাজৰ শিকলি ছিঙি তেওঁলোেক ওলাই আহিছে। সভা-সমিতিত সুন্দৰ বক্তৃতা দি নামজ্বলা পুৰুষকো চেৰ পেলাইছে। ৰামমােহন ৰায়ৰ স্মৃতিসভাত কল্যাণীয়া শ্ৰীমতী যােগা দেৱীৰ বক্তৃতা শুনি তেওঁ বৰকৈ অভিভূত হৈ পৰিছিল। অসমীয়া তিৰােতাই মাজতে বােৱা-কটা এৰিছিল। কিন্তু ডিবুৰুৰ মহিলাসকলে পুনৰ হাতে-কামে বােৱা কটা গ্ৰহণ কৰিছিল। বেজবৰুৱাদেৱক সন্তোষ দিয়া আন এটা কথা হল বালিকা স্কুলখনৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীমতী গৌৰীপ্রভা চলিহাৰ ব্যৱহাৰ। তেওঁ লগত সহশিক্ষয়িত্ৰী আৰু একুৰিমান ছাত্ৰী লৈ বেজবৰুৱাক সাক্ষাৎ কৰিবলৈ আহিছিল। তেওঁলােকে বেজবৰুৱাক সন্মান যাচি বিদ্যালয়খনলৈ গৈ দুই এটি জ্ঞান গর্ভ উপদেশ দিবলৈ নিমন্ত্রণ কৰিছিল। তেওঁলােকৰ নিমন্ত্রণে লেখকক বৰকৈ আনন্দিত কৰিছিল। লেখকক তেওঁলােকৰ সন্মান আৰু আন এক কার্যই বৰকৈ সন্তোষ দিছিল। স্কুলখনলৈ তেওঁ গৈ পােৱাত তেওঁলােকে বৰ আদৰ-সাদৰ কৰিছিল। বাছকবনীয়া ৰূপৰ বঁটা এটাত যি কাকত এডুখৰি দি সন্মান জনাইছিল সেয়াই সদায় সন্তোষ দি থাকিব বুলি উল্লেখ কৰিছে। ডিবুৰুৰ সম্রান্ত ঘৰৰ মহিলাসকলৰ ব্যৱহাৰেও লেখকক সন্তোষ দিছিল। তেওঁলােকৰ মুগাৰ কাপােত ছােৱা সভাৰ অভিনন্দন পত্ৰখন লাভ কৰি বৰ আনন্দ লাভ কৰিছিল। এয়া যেন তেওঁৰ হাতত আদৰৰ সমল হৈ থাকিব।

ডিবুৰুৰ ডেকাসকলৰ সাংস্কৃতিক চিন্তা-ভাৱনা। দেখিও লেখকে সন্তোষ পাইছিল। ৰংগশালত ডেকাসকলৰ গান-বাজনা, নাট-যাত্রা-ভাওনা আদিৰ অনুশীলন দেখি লেখকে বৰ আনন্দ পাইছিল। স্নেহাস্পদ মুক্তানাথ বৰদলৈৰ পেইন্টিং আৰু ফটোগ্রাফীয়েও তেওঁক সন্তোষ দিছিল।

পাঠটোৰ পৰা ২০১৯ বৰ্ষত অহা প্ৰশ্নসমূহ

প্রঃ লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণকথা কি বিষয়ক গ্রন্থ?
উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণকথা’ এখন তত্ত্বমূলক গ্রন্থ।

প্রঃ লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ উল্লেখ কৰা।
উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ কাৰণ তিনিটা হ’ল—(১) গুৱাহাটীৰ প্রাকৃতিক সৌন্দর্য (২) গুৱাহাটীৰ ঐতিহাসিক উৎকর্ষ আৰু (৩) গুৱাহাটীৰ প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা।

প্রঃ “পানীমে মীন পিয়াসী।
মােক শুনত শুনত লাগে হাসি”।
এই পদ ফাকি কাৰ ৰচনা? পদফাঁকি অর্থ কি? বেজবৰুৱাই কি প্ৰসংগত ইয়াৰ অৱতাৰণা কৰিছে?
উঃ এই পদফাঁকি ভক্ত কবীৰৰ ৰচনা। এই পদফাঁকি এটা দোহাৰ অন্তৰ্গত। বেজবৰুৱাদেৱ বছৰ ধৰি কর্মব্যস্ততাৰ বাবে মাতৃভূমিলৈ আহিব পৰা নাছিল। এজন অসমীয়া ডেকাই গপ বা অভিমানত তেওঁ মাতৃভূমিৰ পৰা আঁতৰি আছে বুলি অভিযােগ কৰিছিল। এই অভিযােগৰ উত্তৰ দিবলৈ গৈ বেজবৰুৱাই এই পদফাকিৰ অৱতাৰণা কৰিছে। মানুহৰ অন্তৰতে ঈশ্বৰ আছে যদিও ভক্তিহীন অজ্ঞানী মানুহে তেওঁক উপলব্ধি কৰিব নােৱাৰে। অজ্ঞানীজনৰ এনে অৱস্থা দেখি কবিৰ হাঁহি উঠে।

লক্ষ্মীনাথ বেজবৰুৱাই কর্মব্যস্ততাৰ বাবে বহুবছৰ ধৰি অসমলৈ অহা নাছিল। কলিকতা, সম্বলপুৰ আদিতে বেছি বছৰ কটাইছিল। শিৱসাগৰত অনুষ্ঠিত সভা এখনত এজন অসমীয়া ডেকাই কয় যে বেজবৰুৱাই গপ বা অভিমান কৰিহে মাতৃ ভূমিৰ পৰা আতৰি আছে। মাতৃভূমিৰ প্ৰতি তেওঁৰ যেন আস্থা কমি গৈছে। এয়া শিৱসাগৰীয়া এজন ডেকাৰ অভিযােগ। বেজবৰুৱাই প্রবাসত থাকিও যে মাতৃভূমিৰ প্ৰতি সেৱা কৰি আছে সেয়া যেন ডেকাই বুজি পােৱা নাই। বিধিৰ বিপাকত পৰিলে এডিঙি পানীত থকা মানুহেও পানী বিচাৰি নাপাই পিয়াহত শুকাই মৰে। তেনেদৰে অসমত থাকিও কিছুমানে অসমৰ প্ৰতি একো নকৰে।

পাঠটোৰ পৰা ২০২০ বৰ্ষত অহা প্ৰশ্নসমূহ

প্রঃ ‘Comedy of Errors’ৰ অসমীয়া ভাঙনি “ভ্ৰমৰংগ” কোন চনত প্ৰকাশ পাইছিল?
উঃ ‘Comedy of Errors’ৰ অসমীয়া ভাঙনি “ভ্ৰমৰংগ” ১৮৮৮ চনত প্রকাশ পাইছিল।

প্রঃ যথা নিযুক্তোহস্মি তথা কৰােমি” পদটিৰ অর্থ লিখা।
উঃ উক্ত সংস্কৃত পদটিৰ অৰ্থ হ’ল— যিদৰে বা যিটো কামৰ বাবে নিযুক্ত হৈছে, তাকে কৰিছে।

ব্যাখ্যা কৰা :- কালৰ পীড়নত আজিৰ অসম জীর্ণ-শীর্ণ-দীর্ণ।”
উ : “কালৰ পীড়নত আজিৰ অসম জীর্ণ-শীর্ণ-দীর্ণ।” উপৰােক্ত বাক্যৰি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত ‘মােৰ মাতৃমুখ দর্শন’ নামৰ প্রবন্ধটিৰ পৰা তুলি দিয়া হৈছে।

সােণত সুৱগা চৰা অসমী আইয়ে চিৰকাল অসমবাসীক গৌৰৱান্বিত কৰি আহিছে। ইয়াৰ প্রাকৃতিক সৌন্দৰ্য্য, ঐতিহাসিক উৎকর্ষ, প্রাচীন গৰিমাই অসমবাসীক যেন বিশ্ব দৰবাৰত জিলিকাই তুলিছে। চিৰদিন অসমীয়াৰ গৌৰৱৰ ধ্বজা হৈ অহা অসম আজি যেন কালৰ পীড়নত স্নান হৈ যাব ধৰিছে। যুগ-যুগ ধৰি বিভিন্ন জাতি-জনজাতিয়ে অসম মাতৃৰ বুকুত কৰি অহা আঘাতে যদিও অসম মাতৃক জীর্ণ কৰি তুলিছে, তথাপি কেতিয়াও দুর্বল কৰিব পৰা নাই। অসমযাত্রী বিদেশীয়ে অসমীয়াৰ ঢকুৱাৰ বেৰ গুৱাহাটীত নেদেখে, বৰং যিমানকৈ চকু বহলকৈ মেলে, সিমানলৈ বৰচুৰিয়াৰ ফেৰহে দেখিবলৈ পাব বুলি কৈ বেজবৰুৱাদেৱে গুৱাহাটীক অসমৰ গৌৰৱৰ চানেকি বুলি শলাগিছে। অর্থাৎ বিদেশীৰ আঘাতত মান হ’ব খোজা অসমী আইৰ ঐতিহ্য, কীর্তিক গুৱাহাটীয়ে নতুনকৈ প্রতিষ্ঠা কৰা বুলি কোৱাৰ প্ৰসংগতে বেজবৰুৱাদেৱে এই বাক্যৰিৰ অৱতাৰণা কৰিছে।

প্রঃ সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত?
উ : সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত।


মগনিয়াৰ প্ৰশ্ন উত্তৰ

অতি চমু প্ৰশ্নঃ (মূল্যাংক-১)

১। অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবি গৰাকী কোন?
উত্তৰঃ অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবি গৰাকী যতীন্দ্ৰনাথ দুৱৰা৷

২। কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল?
উত্তৰঃ কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম ১৮৯২ চনত হৈছিল৷

৩। যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি জনা যায়?
উত্তৰ: যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি জনা যায়৷

৪। ‘ওমৰ তীৰ্থ’ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ?
উত্তৰঃ ‘ওমৰ তীৰ্থ’ পুথিখনি ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ ‘ৰুবায়ত’ পুথিৰ ভাৱানুবাদ৷

৫। যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাই ‘বনফুল’ কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল৷

চমু প্ৰশ্নঃ (মূল্যাংক-২/৩)

১। কথা-কবিতা বুলিলে কি বুজা?পৰৰ ইয়াৰ দুটা বৈশিষ্ট্য লিখা ৷
উত্তৰঃ কবিত্বময়ী কথা লিখাৰ ভংগীৰে লিখা একশ্ৰেণীৰ কবিতাকে কথা-কবিতা বুলি কোৱা হয় ৷
কথা-কবিতাৰ দুটা বৈশিষ্ট্য হ’ল-
১) কথা-কবিতাত ৰূপকৰ সমাৱেশ থাকে৷
২) কথা-কবিতাত এটাই মাত্ৰ কেন্দ্ৰস্হ ভাৱ থাকে৷

২। কবিতা আৰু কথা-কবিতাৰ মাজত কি কি পাৰ্থক্য আছে?
উত্তৰঃ পুৰণি কবিতাবোৰত পৰম্পৰাগত ছন্দৰ প্ৰয়োগ কৰা হয়৷ তেনেদৰে আধুনিক কবিতাবোৰতো মুক্তক ছন্দৰ প্ৰয়োভৰ ঘটে৷ এক কথাত কবিতাত ছন্দৰ প্ৰয়োগ অপৰিহাৰ্য ৷ কিন্তু কথা-কবিতা ছন্দৰ বান্ধোনত বন্দী নহয়৷ই মুক্তভাৱে কথা কোৱাৰ ভংগীত ৰচিত কবিত্বময়ী সাহিত্য ৷

৩। ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা ৷
উত্তৰঃ ওমৰ খায়াম একাদশ শতিকাৰ এগৰাকী ইৰাণী কবি, গণিতজ্ঞ, জ্যোতিৰ্বিদ ৷ তেওঁ ৰচনা কৰা এখন পুথি হ’ল ৰুবায়ৎ ৷

৪। মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে?
উত্তৰঃ মগনিয়াৰজনে কবিৰপৰা গভীৰ মানৱতাবোধ আৰু সহানুভূতি দান পোৱাৰ কথা কৈছে৷কবি মগনিয়াৰজনৰ দৰেই নিঃস্ব আছিল৷ কিন্তু তেওঁৰ অন্তৰ দয়া, স্নেহেৰে ভৰপূৰ আছিল৷ মগনিয়াৰজনে কিবা এটা বিচাৰোঁতে কবিয়ে তেওঁৰ হাতদুখন ধৰি সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছিল৷ সেই সহানুভূতিখিনি মগনিয়াৰজনৰ কাৰণে উৎকৃষ্ট দান আছিল ৷

৫। ‘ককাই মোৰ ওপৰত খং নকৰিবা,মোৰ হাতত একোৱেই নাই৷’ – কোনে কি প্ৰসংগত এই উক্তি কৰিছিল?
উত্তৰঃ উক্ত কথাখিনি কবিয়ে মগনিয়াৰজনক কৈছিল৷এদিন কবি বাটৰে গৈ থাকোঁতে এজন মগনিয়াৰক লগ পাইছিল৷ হাড়, ছাল ওলোৱা মগনিয়াৰজনে হাতখন মেলি কবিক কিবা এটা বিচাৰিছিল৷ কিন্তু কবিও মগনিয়াৰজনৰ দৰেই নিঃস্ব আছিল৷ মগনিয়াৰজনক দিবৰ বাবে তেওঁৰ হাতত কোনো পাৰ্থিৱ সম্পদ নাছিল৷ কিন্তু কবিৰ অন্তৰ দয়া, আন্তৰিকতা, স্নেহেৰে ভৰপূৰ আছিল৷ মগনিয়াৰজনৰ হত দুখন ধৰি কবিয়ে সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছিল৷

দীঘল প্ৰশ্ন (মূল্যাংক – ৪/৫)

১। ‘মগনিয়াৰ’ শীৰ্ষক কথা-কবিতাটিৰ সাৰাংশ লিখা ৷
উত্তৰঃ অসমীয়া সাহিত্যত প্ৰথম কথা-কবিতাৰ জনক যতীন্দ্ৰনাথ দুৱৰাৰ “মগনিয়াৰ” এটা উৎকৃষ্ট কথা-কবিতা৷কবিতাটোত ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভৰ “The Beggar” নামৰ কথা-কবিতাটোৰ সাদৃশ্য আছে৷ কবিতাটোত কবিয়ে এজন সৰ্বহাৰা মগনিয়াৰ ছবি অংকন কৰিছে৷ কবিয়ে মগনিয়াৰজনক বাটত লগ পাইছিল৷ দৰিদ্ৰতাই কোঙা কৰা মগনিয়াৰজনে সহায় বিচাৰি কবিলৈ দুহাত আগবঢ়াই দিছিল৷ কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত কোনো পাৰ্থিৱ বস্তু নাছিল৷ যাৰ বাবে মগনিয়াৰজনৰ হাতত ধৰি কবিয়ে গভীৰ সহানুভূতি ব্যক্ত কৰিলে আৰু তেওঁক খং নকৰিবলৈ অনুৰোধ জনালে৷ কবিৰ আন্তৰিকতা, দয়া আৰু স্নেহ অনুভৱ কৰি মগনিয়াৰজন আৱেগিক হৈ পৰিল৷ মগনিয়াৰজনে কবিৰ এই মানৱীয় অনুভূতিখিনিকি মহান দান বুলি গণ্য কৰিলে আৰু কবিক ধন্যবাদ জ্ঞাপন কৰিলে৷ কবিতাটোৰ মাজেৰে ব্যক্তি হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতাৰ প্ৰকাশ ঘটিছে৷

২। ‘মগনিয়াৰ’ পাঠটিত কথা-কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে?
উত্তৰঃ ‘মগনিয়াৰ’ যতীন্দ্ৰনাথ দুৱৰাৰ এটি উৎকৃষ্ট কথা-কবিতা ৷ সাধাৰণতে কথা-কবিতাবোৰত বহুতো সাধাৰণ বৈশিষ্ট্য লক্ষ্য কৰা যায়৷’মগনিয়াৰ’ কবিতাটোৰ এই লক্ষণসমূহ আলোচনা কৰা হ’ল- কথা-কবিতাবোৰ ৰূপকাত্মক৷’মগনিয়াৰ’ কবিতাটোতো ৰূপকৰ সঠিক প্ৰয়োগ ঘটিছে৷ মগনিয়াৰ ৰূপকৰ জৰিয়তে কবিয়ে সমাজৰ শোষিত আৰু অৱহেলিত লোকসকলৰ মৰ্মবেদনা আৰু সেইসকলৰ প্ৰতি কবিৰ সহানুভূতি প্ৰকাশ পাইছে৷কথা-কবিতাবোৰত এটি মাত্ৰ কেন্দ্ৰস্হ ভাৱ থাকে৷সমাজৰ শোষিত আৰু অৱহেলিত এটা শ্ৰেণীৰ প্ৰতি কবিৰ গভীৰ মানৱতাবোধ কবিতাটোত মৰ্মস্পৰ্শী ৰূপত প্ৰতিফলন হৈছে৷ কথা-কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত৷ ‘মগনিয়াৰ’ কবিতাত মগনিয়াৰজনৰ আৱয়ৱিক বৰ্ণনাত চিত্ৰধৰ্মিতাৰ পয়োভৰ ঘটিছে ৷ কবিতাটো পঢ়ি যাওঁতে চকুৰ সন্মুখত এজন সৰ্বহাৰা মগনিয়াৰ কৰুণ ছবি ভাঁহি উঠে ৷

৩। কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্যকৃৰ্তিৰ এটি চমু পৰিচয় দাঙি ধৰা ৷
উত্তৰঃ অসমীয়া সাহিত্যজগতত ‘বনফুল’ কবিৰূপে খ্যাত যতীন্দ্ৰনাথ দুৱৰাই অসমীয়া কাব্য-সাহিত্যলৈ ভালেমান অৰিহণা আগবঢ়াইছে৷ তেওঁৰ কবিতাপুথিকেইখন হ’ল- ওমৰ তীৰ্থ, আপোন সুৰ আৰু মৰমৰ সুৰ৷ ‘বনফুল’ নামৰ কাব্যপুথিখনৰ বাবে দুৱৰাই সাহিত্য অকাঁডেমি বটাঁ লাভ কৰিছিল৷ এই বটাঁ লাভ কৰা তেওঁৱেই প্ৰথম অসমীয়া৷ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ ৰুৱায়তক প্ৰথম অসমীয়ালৈ ভাঙনি কৰি দুৱৰাই ওমৰ তীৰ্থ পুথিখন ৰচনা কৰে৷ ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভৰ ‘Poems in Prose’ আৰু অলিভ শ্ৰাইনাৰ ৰচনাৰ আলমত দুৱৰাই কথা-কবিতা ৰচনা কৰিছিল৷ অসমীয়া ভাষাত পোনপ্ৰথমে কথা-কবিতা ৰচনা কৰা যতীন্দ্ৰনাথ দুৱৰাৰ কথা-কবিতাৰ পুথিখনৰ নাম হৈছে -‘কথা-কবিতা’৷

৪। ‘মগনিয়াৰ’ পাঠটি ক’ৰপৰা সংগ্ৰহ কৰা হৈছে?পাঠটিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা ৷
উত্তৰঃ ‘মগনিয়াৰ’ পাঠটি যতীন্দ্ৰনাথ দুৱৰাৰ ‘কথা-কবিতা’ নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে৷
কবিতাটোৰ মূল বক্তব্য হৈছে- ব্যক্তি হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতা৷ইয়াত মগনিয়াৰজনে সমাজৰ দলিত শোষিত শ্ৰেণীটোক প্ৰতিনিধিত্ব কৰিছে৷ দৈনন্দিন জীৱন ধাৰণৰ মৌলিক প্ৰয়োজনখিনিৰ পৰাও তেওঁলোক বঞ্চিত৷মগনিয়াৰজনক দেখা পাই কবিৰ নিজৰ নিঃস্বৰূপটো উপলব্ধি কৰিছে৷যাৰ বাবে তেওঁ মগনিয়াৰজনৰ হাতখন সাৱটি ধৰি অকণমান সহানুভূতি প্ৰদৰ্শন কৰিছে৷ইফালে মগনিয়াৰজনো কবিৰ এই কৰ্মত আচৰিত হৈছে৷ কিয়নো সমাজৰ তথাকথিত ধনাঢ্যসকলে এনেদৰে কেতিয়াও তেওঁক সহানুভূতি আৰু আন্তৰিকতা দেখুওৱা নাছিল ৷ সেইখিনিৰ বাবে তেওঁ কবিক কৃতজ্ঞতা জনাইছে ৷

৫। ‘মগনিয়াৰ’ পাঠটিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ ভাষাত লিখা ৷
উত্তৰঃ কবিয়ে বাটত এদিন এজন মগনিয়াৰক লগ পাইছিল৷দৰিদ্ৰতাই কোঙা কৰা মগনিয়াৰজনে সহায় বিচাৰি কবিলৈ দুহাত আগবঢ়াই দিছিল৷ কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত কোনো পাৰ্থিৱ বস্তু নাছিল৷ কবিয়ে মগনিয়াৰজনৰ হাতদুখন সাৱটি একো দিব নোৱাৰাৰ বাবে খং নকৰিবলৈ অনুৰোধ জনালে৷কবিৰ আন্তৰিকতা, দয়া আৰু স্ন” অনুভৱ কৰি মগনিয়াৰজন আৱেগিক হৈ পৰিল৷ মগনিয়াৰজনে কবিৰ এই মানৱীয় অনুভূতিখিনিকে মহান দান বুলি গণ্য কৰি কবিক অশেষ ধন্যবাদ জ্ঞাপন কৰিলে ৷

পাঠটোৰ পৰা ২০১৫ বৰ্ষত অহা প্ৰশ্নসমূহ

প্রঃ যতীন্দ্রনাথ দুৱৰাই কোনখন কাব্যপুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উঃ যতীন্দ্রনাথ দুৱৰাই বনফুল কবিতাপুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

প্রঃ ওমৰ তীর্থ’ কাব্যপুথিৰ মুল কি?
উ : ‘ওমৰ তীর্থ’ কাব্যপুথিৰ মূল হল— ফার্চী ছুফী কবি ওমৰ খায়ামৰ ৰুবায়ত।

প্রঃ কোনগৰাকী বিদেশী সাহিত্যিকৰ কোনটো কথা- কবিতাৰ লগত মগনিয়াৰৰ সাদৃশ্য আছে? নাইবা যতীন্দ্রনাথ দুৱৰাৰ মগনিয়াৰ কথা কবিতাটো কোনগৰাকী ৰুচ সাহিত্যিকৰ কোনটো কবিতাৰ লগত সাদৃশ্য আছে?
উ : যতীন্দ্রনাথ দুৱৰাৰ মগনিয়া’ৰ কথা কবিতাটো ৰুছ সাহিত্যিক আইভান টুর্গেনিভৰ “The Beggar” নামৰ কথা কবিতাটোৰ লগত সাদৃশ্য আছে।

পাঠটোৰ পৰা ২০১৬ বৰ্ষত অহা প্ৰশ্নসমূহ

প্রঃ অসমীয়া সাহিত্যত প্রথম কথা কবিতা ৰচনা কৰা কৰিগৰাকী কোন?
উঃ অসমীয়া ভাষাৰ প্ৰথমগৰাকী কথা কবিতাৰ ৰচক হ’ল যতীন্দ্র নাথ দুৱৰা।

প্রঃ কবিয়ে লগ পােৱা মগনিয়াৰজনৰ শৰীৰৰ চমু বর্ণনা দিয়া।
উঃ কবিয়ে লগ পােৱা মগনিয়াৰজন আছিল বুঢ়া বেমাৰী। তেওঁৰ গাৰ হাড়-ছাল ওলােৱা, ওঁঠ দুটা শেতা আৰু চকু দুটা ৰঙা আছিল। তেওঁৰ উখহা অপৰিষ্কাৰ হাত আৰু গাত ফটা-কাপােৰ আছিল। দেখিলেই ধৰিব পাৰি তেওঁ দৰিদ্ৰতাৰজ্বলন্ত প্রতিমূর্তি।

পাঠটোৰ পৰা ২০১৭ বৰ্ষত অহা প্ৰশ্নসমূহ

প্র: “কি হল একো কথা নাই”- ইয়াৰ কাৰণে অশেষ ধন্যবাদ”—কথাষাৰ কোনে কি প্ৰসংগত কৈছিল বুজাইলিখা।
উ : উক্ত কথাষাৰ যতীন্দ্রনাথ দুৱৰাৰ মগনিয়াৰ নামৰ কথা- কবিতাটোৰ পৰা তুলি অনা হৈছে। এই কথাষাৰ মগনিয়াৰজনে কবি যতীন্দ্রনাথ দুৱৰাক কৈছিল।
কবিয়ে ৰাষ্টাৰে গৈ থাকোত হাড় ছাল ওলােৱা, ফটা কাপােৰ পিন্ধা এজন মগনিয়াৰক লগ পাইছিল। কবিয়ে সুন্দৰকৈ বুজি পাইছিলে যে তেওঁ দৰিদ্ৰতাৰ কবলত পৰি শুকাই ক্ষিণাই গৈছে, সর্বদেহত দৰিদ্ৰতাৰ চিন পৰিস্ফুট। মগনিয়াৰজনৰ প্রতি কবিৰ পুতৌ জন্মিছিল যদিও মগনিয়াৰজনক দিবলৈ কবিৰ হাতত একোৱেই নাছিল। সেই সময়ত মগনিয়াৰজনৰ দৰে কবিয়ে নিজকে অসহায় আৰু ভিক্ষাৰী বুলি অনুভৱ কৰিছিল। সেই সময়ত মগনিয়াৰজনৰ প্রতি
কবিৰ অন্তৰত সহানুভূতিৰ বাহিৰে দিবলৈ একো নাছিল। কবিয়ে মগনিয়াৰজনৰ দুহাতত সাবটি ধৰি কৈছিল ককাই, মােৰ ওপৰত খং নকৰিবা মােৰ হাতত একোৱেই নাই। সেয়েহে মগনিয়াজনৰ দুই ওঁঠেৰে আনন্দৰ হাঁহি বিৰিঙিছিল। মুখৰ মধুৰ মাত এষাৰিও কেতিয়াবা বহুমূলীয়া দান হ’ব পাৰে। তেওঁ ভাবিছিল অন্তত এইজনেই মানুহ যিজনে মগনিয়াৰজনক ঘৃণা নকৰে। তেওঁৰ বাবে ইয়াতকৈ মহৎ দান একো হ’ব নােৱাৰে বুলি ভাবি মগনিয়াৰজনে কবিক অশেষ ধন্যবাদ জনাইছিল। দুখীয়াৰ প্রতি মানৱতাবােধেই যে সর্বশ্রেষ্ঠ দান এই কথা কবিয়ে নিজেও বুজি পাইছিল। দৰিদ্ৰতাৰ প্ৰতি থকা আন্তৰিকতা, সহানুভূতি, এই
কথাষাৰৰ মাজত সুন্দৰকৈ প্ৰকাশ পাই ছিল। মগনিয়াৰজনে কবিৰ পৰা কোনাে বস্তু পােৱা নাছিল যদিও তেওঁৰ প্ৰতি কবিয়ে যি আন্তৰিকতা দেখুৱাইছিল
তাকেই তেওঁ দান বুলি ধৰি লৈছিল।

পাঠটোৰ পৰা ২০১৮ বৰ্ষত অহা প্ৰশ্নসমূহ

প্রঃ ওমৰ তীর্থ’ পুথিখন কোন পুথিৰ ভাবানুবাদ?
উঃ ওমৰ তীর্থ’ পুথিখনি ফাচী ছুফী কবি ওমৰ খায়ামৰ ৰুবায়ত নামৰ পুথিখনৰ ভাবানুবাদ।

প্রঃ মগনিয়াৰ শীৰ্ষক কথা কবিতাটোৰ মূলভাৱ লিখা। F-20
উঃ ‘মগনিয়াৰ নামৰ কথা-কবিতাটি কবি যতীন্দ্র নাথ দুৱৰাদেৱৰ দ্বাৰা ৰচিত। এদিনাখন কবি বাটেদি গৈ থাকোতে এটা বুঢ়া বেমাৰীহাড়-ছাল ওলাই শুকাই-খীনাই যােৱা মগনিয়াৰ দেখা পাইছিল। মগনিয়াৰজন আহি কবিৰ কাষতে ৰৈছিলহি। কবিয়ে মগনিয়াৰজনক ভালদৰে পর্যবেক্ষণ কৰি দেখা পাইছিল যে মগনিয়াৰজনৰ ওঁঠ দুটা শেঁতা চকু দুটা ৰঙা আৰু গাত কাপোৰ বুলিবলৈ অলপমান ফটা কাপােৰৰ বাহিৰে আন একোৱেই নাই। কবিৰ নিজ চকুৰ আগতে দৰিদ্ৰতাৰ এনে শােক লগা দৃশ্য দেখা পাই মগনিয়াৰজনৰ বাবে বহুত দুখ লাগিছিল, দুখত পৰি যে কেনেকুৱা হৈছে। কবিয়ে এনেদৰে মগনিয়াৰজনৰ কথা ভাবি থাকোতে মগনিয়াৰজনে তাৰ ওখহা অপৰিষ্কাৰ হাতদুখন মেলি কবিক কিবা এটা দিবৰ বাবে অনুৰােধ কৰিলে। কবিয়ে লৰালৰিকৈ নিজৰ চোলাৰ জেপত হাত সুমুৱাই খেপিয়াই চালে, কিন্তু দুর্ভাগ্যবশতঃ মগনিয়াজনক দিবলৈ কবিয়ে একোকে নাপালে, টকা নাই, ঘড়ী নাই আনকি এখন ৰুমালাে নাই।

কবিয়ে নিজৰ লগত একোকে অনা নাছিল। কবিয়ে নিজৰ পকেটত বস্তু বিচাৰি নােপােৱা স্বত্ত্বেও মগনিয়াৰজনে কিবা এটা পােৱাৰ। আশাত তেতিয়াও কবিৰ ওচৰত হাত পাতিয়েই ৰৈ আছিল আৰু ভোক-পিয়াহে থকা তাৰ দুর্বল শৰীৰটো কঁপিবলৈ ধৰিছিল। মগনিয়াজনৰ এইটো অৱস্থা দেখা পাই কবি আৰু থিৰেৰে থাকিব নােৱৰিলে। তেওঁ তৎক্ষণাত মগনিয়াৰজনৰ হাতত থাপ মাৰি ধৰি কবিয়ে একো দিব নােৱাৰ বাবে তেওঁক খং কৰিবলৈ মানা কৰিলে, কবিৰ ভাষাত— ‘ককাই মােৰ ওপৰত খং নকৰিবা, মােৰ হাতত একোৱেই নাই। তাৰ পিছত মগনিয়াৰজনে আচৰিত ধৰণে এবাৰ কবিলৈ চালে আৰু তাৰ শেতা ওঁঠ দুখনেৰে অলপ হাঁহিলে আৰু কবিৰ হাত দুখনতাে নিজৰ হাতেৰে ধৰি অতি কষ্টেৰে কলে—“একো নহয়, ইয়াৰ কাৰণে অশেষ ধন্যবাদ। ইও যে এটা দান। অর্থাৎ মগনিয়াৰজনে ইয়াকে বুজালে যে কবিয়ে পার্থিব বস্তু একো দিব নােৱাৰিলেও তেওঁ মগনিয়াৰজনক কৰা ব্যৱহাৰৰ যােগেদি নিজৰ মানৱীয় গুণৰ পৰিচয় দিলে। মগনিয়াৰজনৰ কথাৰ পৰা কবিয়ে বুজি পালে যে মগনিয়াৰজনৰ দৰে কবিও একেবাৰে নিম্ন। মগনিয়াৰজনৰ দৰে তেওঁৰ হাততাে পাৰ্থিৱ বস্তু একো নাই আৰু কবিৰ লগৰীয়া এজনৰ পৰা কবিয়েও এটা আর্শীবাদ পালে।

পাঠটোৰ পৰা ২০১৮ বৰ্ষত অহা প্ৰশ্নসমূহ

প্রঃ সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী কোন।
উঃ যতীন্দ্রনাথ দুৱৰা হৈছে সাহিত্য একাডেমী বঁটাপ্রাপ্ত প্রথম গৰাকী অসমীয়া।

প্রঃ কথা কবিতা বুলিলে কি বুজা? ইয়াৰ তিনিটা বৈশিষ্ট্য লিখা। (১৪, ১৮, ২০)
উঃ যি কবিতা সাধাৰণতে গদ্যতৰচনা কৰা হয় তেনে কবিতাক কথা কবিতা বােলা হয়। গদ্যত ৰচিত হয় কাৰণে কথা কবিতাত ছন্দ নাথাকে। কথা কবিতাৰ শ্ৰষ্টা হ’ল ৰুছিয়াৰ বিখ্যাত সাহিত্যিক আইভান টুর্গেনিভ। অসমীয়া ভাষাত প্ৰথম কথা কবিতা ৰচনা কৰে কবি যতীন্দ্রনাথ দুৱৰাই। কথা কবিতাৰ তিনিটা বৈশিষ্ট্য হল—
(১) চিত্র ধর্মীতাঃ কথা কবিতা চিত্রধর্মীতাৰ ওপৰত প্রতিষ্ঠিত।
(২) এটা মাত্ৰ ভাৱ প্ৰধানঃ চনেটৰ দৰে কথা কবিতাতাে এটি মাত্র কেন্দ্রস্থ ভাব থাকে। সেই কেন্দ্রস্থ ভাৱটো বিভিন্ন চিত্ৰৰ সহায়ত সজীৱ কৰি তােলা হয়।
(৩) ৰূপকাত্মকঃ কথা কবিতা ৰূপকাত্মক, ইয়াত সংযােজন কৰা প্ৰত্যেকটো চিত্ৰৰ অন্তৰালত একোটি বেলেগ ভাৱ ছদ্মৰূপে অৱস্থান কৰে

পাঠটোৰ পৰা ২০২০ বৰ্ষত অহা প্ৰশ্নসমূহ

প্রঃ কথা কবিতা কোন শতিকাত সৃষ্টি হৈছিল? কোনগৰাকী কবিক ইয়াৰ জনক বুলি কোৱা হয়?
উঃ কথা কবিতা উনৈশ শতিকাত সৃষ্টি হৈছিল। ৰুছ সাহিত্যিক আইভান টুর্গেনিভক কথা কবিতাৰ জনক বুলি কোৱা হয়।

প্রঃ মগনিয়াৰ পাঠটি ক’ৰপৰা সংগ্ৰহ কৰা হৈছে?
উঃ মগনিয়াৰ পাঠটি যতীন্দ্র নাথ দুৱৰাদেৱৰ কথা কবিতা নামৰপুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে।

প্র : যতীন্দ্র নাথ দুৱৰাই কোন চনত আৰু ক’ত জন্ম হয়?
উ : ১৮৯২ চনত শিৱসাগৰৰ আমােলাপট্টিত যতীন্দ্র নাথ দুৱৰাৰ জন্ম হয়।

প্র : যতীন্দ্র নাথ দুৱৰাই অসম সাহিত্য সভাৰ কোন। স্থানত অনুষ্ঠিত অধিৱেশনত সভাপতিত্ব কৰিছিল?
উ : যতীন্দ্র নাথ দুৱৰাই অসম সাহিত্য সভাৰ ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত হােৱা চতুর্বিংশ অধিৱেশনত সভাপতিত্ব কৰিছিল।

প্রঃ ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা।
উঃ ওমৰ খায়াম হ’ল ফাৰ্চী চুফী কবি। তেওঁৰ ৰচিত এখন বিখ্যাত পুথি হ’ল—ৰুবায়ত।

প্রঃ যতীন্দ্রনাথ দুৱৰাক কি কবি বুলি কোৱা হয়?
উ : যতীন্দ্রনাথ দুৱৰাক বনফুলৰ’ কবি বুলি কোৱা হয়।

প্রঃ কথা কবিতা ৰচনা কৰোঁতে কোনগৰাকী আফ্রিকাৰ লেখিকাৰ দ্বাৰা যতীন্দ্রনাথ দুৱৰা অনুপ্রাণিত হৈছিল?
উঃ কথা কবিতা ৰচনা কৰোঁতে আফ্রিকাৰ লেখিকা অলিভ শ্রাইনাৰৰ ৰচনাৰ দ্বাৰা যতীন্দ্রনাথ দুৱৰা অনুপ্রাণিত হৈছিল।

অতি চমু প্রশ্ন প্রশ্নোত্তৰ

১। অসমীয়া ভাষাৰ প্ৰথমগৰাকী কথা-কবিতা’ ৰচক কোন?
উত্তৰ: যতীন্দ্র নাথ দুৱৰা।

২। যতীন্দ্র নাথ দুৱৰাই ৰচনা কৰা কথাকবিতা পুথিখনিৰ নাম কি?
উত্তৰ: কথা কবিতা।

৩। যতীন্দ্র নাথ দুৱৰাই কোন চনত জন্ম লাভ কৰিছিল?
উত্তরঃ ১৮৯২ চনত।

8। যতীন্দ্র নাথ দুৱৰাৰ ওমৰতীর্থ’ কোন গৰাকী ফাৰ্চী ছুফী কবিৰ কাব্যৰ ভাবানুবাদ?
উত্তৰ: ওমৰ খায়াম।

৫। ‘ওমৰ তীর্থ’ কাব্য-পুথিৰ মূল কি?
উত্তৰ: ওমৰ খায়ামৰ ৰুবায়ত’।

৬। যতীন্দ্র নাথ দুৱৰাই অসম সাহিত্য সভাৰ কোন স্থানত অনুষ্ঠিত অধিবেশনত সভাপতিত্ব কৰিছিল ?
উত্তৰ: ১৯৫৫ চনত গুৱাহাটীৰ অধিবেশনত।

৭।‘মগনিয়াৰ পাঠটি ক’ৰপৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ কথা কবিতা’ৰ পৰা সংগ্রীহিত।

৮। ৰুছ সাহিত্যিক ‘টুর্গেনিভ’ৰ কোনটো কথা কবিতাটোৰ লগত ‘মগনিয়াৰ’ৰ সাদৃশ্য আছে?
উত্তৰঃ “The Beggar” ৰ লগত সাদৃশ্য আছে।

৯। দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰা কবিতাপুথিখনৰ নাম কি?
উত্তৰ: দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰা কবিতা পুথিখনৰ নাম হ’ল ‘বনফুল’।

১০। কথা কবিতা’ৰচনা কৰোতে কোন গৰাকী আফ্রিকাৰ লেখিকাৰ দ্বাৰা যতীন্দ্রনাথ দুৱৰা অনুপ্রাণিত হৈছিল?
উত্তৰ : অলিভ শ্লাইনাৰ।

১১। মগনিয়াৰ’ পাঠটিৰ কেন্দ্রস্থ ভাবটো কি?
উত্তৰ: দৰিদ্ৰতাৰ আন্তৰিকতা।

১২। যতীন্দ্র নাথ দুৱৰাই লিখা দুখন কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ ওমৰ তীর্থ’, ‘আপােন-সুৰ’, ‘বনফুল’, ‘ মিলন সুৰ’ আৰু ‘মৰমৰ সুৰ’।

১৩। ‘মগনিয়াৰ জনৰ শৰীৰৰ চমু বর্ণনা দিয়া।
উত্তৰঃ মগনিয়াৰ জনৰ ওঁঠ শেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপােৰ। মগনিয়াৰ জনৰ উখহা অপৰিষ্কাৰ হাত, তেওঁৰ চকুৰ সন্মুখত দৰিদ্রতা। মগনিয়াৰ জনৰ শৰীৰ অতি দুর্বল; সেয়ে মগনিয়াৰ জনৰ কপনি উঠা কবি যতীন্দ্র নাথ দুৱাৰাই দেখিছে।


আনন্দৰাম বৰুৱা প্ৰশ্ন উত্তৰ

(ক)অতি চমু প্রশ্ন (প্রতিটা প্ৰশ্নৰ মূল্যাংক -১)

১। আনন্দৰাম বৰুৱাৰ ক’ত জন্ম হৈছিল?
উত্তৰ: উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত।

২। ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক’লৈ গৈছিল?
উত্তৰ: ভাৰতত শিক্ষা শেষ কৰি আনন্দ ৰাম বৰুৱা সুদূৰ ইউৰূপলৈ গৈছিল ।

৩। আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে?
উত্তৰ: মহাবীৰ চৰিত।

৪। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হােৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা।
উত্তৰ: আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হােৱা বিদেশী পণ্ডিত জন হ’ল – জগত বিখ্যাত পণ্ডিত মেক্স মূলাৰ।

৫। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র কি আছিল?
উত্তৰ: আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র আছিল কর্ম।

(খ) চমু প্রশ্নঃ (প্ৰতিটো প্রশ্নৰ মূল্যাংক – ২ অথবা ৩)

১। আনন্দৰাম বৰুৱাৰ কোনবােৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া ?
উত্তৰ: আনন্দৰাম বৰুৱাৰ পিতৃ-মাতৃ তথা আত্মীয়-স্বজনৰ প্রতি শ্রদ্ধা, ভক্তি, স্বদেশপ্রেম, জ্ঞান চর্চাৰ প্ৰতি স্পৃহা, একাগ্রতা, কর্মদক্ষতা আদি গুণবােৰ সদায় অনুকৰণ কৰিবলগীয়া।

২। আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰােপলৈ যাবলৈ কিয় সাহ কৰা নাছিল ?
উত্তৰ: আজিকালি বিলাতলৈ অনেক যায়। গতিকে বর্তমান ই একো আচৰিত হােৱা কথা নহয়। কিন্তু, আনন্দ ৰাম বৰুৱাই যি কালত বিলাতলৈ গৈছিল, সেই কালত ভাৰতৰ পৰা নিচেই কম মানুহেহে ইউৰােপলৈ যাবলৈ সাহ কৰিছিল। যিসকলে সাত সাগৰ, তে’ৰ নদী পাৰ হৈ দুর্গম পথ অতিক্রম কৰাৰ সাহ কৰিব পাৰে, তেনে সাহসিয়ালহে ইউৰােপলৈ গৈছিল। যাওঁতে অশেষ পৰিশ্ৰমৰাে আৱশ্যক আছিল। পৰিশ্ৰম নকৰা আৰু সাহ নথকা লােকসকলে ইউৰােপলৈ যাবলৈ সাহস গােটাব পৰা নাছিল। তাৰােপৰি বিলাতলৈ গ’লে নিজৰ জাতি যােৱাৰ ভয় থাকে। অধিকসংখ্যক লােকেই পৰিশ্ৰম নকৰা, সাহসৰ অভাৱী আৰু জাতি যাবলৈ নিবিচৰাৰ বাবেই নিচেই কম ভাৰতৰ মানুহহে সেইসময়ত বিলাতলৈ গৈছিল। জ্ঞান প্ৰতি থকা একান্ত আগ্রহৰ বাবে তেওঁলােকে ইউৰােপলৈ যাব পাৰিছিল।

৩। কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল ?
উত্তৰ: জগত বিখ্যাত পণ্ডিত হৈয়াে আনন্দৰাম বৰুৱাই দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্র, পৰশুৰাম আৰু জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি সন্তোষ লাভ কৰিছিল।

8। আনন্দৰামৰ নিজ দেশৰ প্ৰতি ভক্তিও কম নাছিল’- বুজাই লিখা।
উত্তৰঃ আনন্দৰামৰ নিজ দেশৰ প্রতি ভক্তি কম নথকাৰ কথাটো অধ্যাপক উপেন্দ্র চন্দ্র লেখাৰুৱে পাঠটিত উদাহৰণৰ সৈতে প্রমাণ কৰি দেখুৱাইছে। ‘প্রাগজ্যোতিষপুৰ সম্ভৱম’ বুলি কৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তেওঁক প্রকাশিত গ্রন্থসমূহতে আনন্দৰামে এইদৰে পৰিচয় দিছে। তেওঁৰ ‘মহাবীৰ চৰিত’ ৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখােতে কামৰূপৰ ভাওনাৰ উল্লেখ কৰিছে । এইদৰে য’তে সুবিধা পাইছে ত’তে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ উল্লেখ কৰি তেওঁ স্বদেশপ্রেমৰ পৰিচয় দিছে। শ্রদ্ধেয় ভূঞা ডাঙৰীয়াই দিয়া আনন্দ ৰাম বৰুৱা জীৱনীৰ বিৱৰণবােৰৰ পৰা আমি জানিব পাৰাে যে তেওঁ সদায় নিজ দেশ আৰু দেশৰ লােকসকলৰ সন্মান ৰক্ষা কৰিছিল। আমিও ক’ব পাৰাে যে যি দেশৰ পিতৃ-মাতৃৰ পৰা আনন্দৰামৰ দৰে আজীৱন জ্ঞান-পিপাসু আৰু প্রকৃত কর্মী পুত্ৰৰ জন্ম হব পাৰে সেই দেশৰ নৰ-নাৰী আটাইয়ে শ্রদ্ধা পায়।

৫। কি কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব?
উত্তৰঃ নৱযুগৰ আৰম্ভণী অসমীয়াৰ পক্ষে গৌৰৱময় কৰি তােলাৰ বাবে আনন্দ ৰাম বৰুৱা সদায় পূজ্য থাৈকিব।

(গ) দীঘল প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক – ৪ অথবা ৫)

১।মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে? ‘আনন্দৰাম বৰুৱা’ পাঠটিৰ আধাৰত বুজাই লিখা।
উত্তৰ: উক্ত বাক্যশাৰী উপেন্দ্র চন্দ্ৰ লেখাৰুদেৱে আনন্দ ৰাম বৰুৱাৰ আদৰ্শ আৰু কৰ্মৰ কথা ক’বলৈ গৈ মন্তব্য কৰিছে। আনন্দ ৰাম বৰুৱাই অসমৰে এখন সৰু গাৱত আন সাধাৰণ অসমীয়াৰ দৰে খাৰ-পাত, কল-কুঁহিয়াৰকে খাই ডাঙৰ-দীঘল হৈছিল বুলি লেখাৰুৱে কৈছে। কিন্তু, আনন্দৰাম একান্তভাৱে জ্ঞান চর্চা কৰা অসাধাৰণ ব্যক্তি আছিল। ইয়েই তেওঁক বিশেষত্ব। ইয়েই তেওঁ মহৎ আৰু অমৰ কৰি তুলিছে। তেওঁৰ মূল্যৱান সংস্কৃত গ্রন্থসমূহৰ কাৰণে তেওঁ সদায় পূজনীয় হৈ থাকিব। ইয়াৰ উপৰি, তেওঁ তেওঁৰ জীৱনত যিবিলাক আদর্শ দেখুৱাই গৈছে সেইবােৰ সদায় অনুকৰণ কৰিবলগীয়া। গতিকে পথ দেখাওতা ৰূপে আনন্দৰামক সদায় স্মৰণ কৰি আকাৰহীন আনন্দ ৰামক মূর্তিমন্ত কৰি সদায় চকুৰ আগত ৰখাৰ পােষকতা অধ্যাপক উপেন্দ্র চন্দ্ৰ লেখাৰুৱে কৰিছে। অধ্যাপক লেখাৰুৰ মতে প্রকৃততে মহাপুৰুষসকলৰ পদাংক অনুসৰণ কৰি প্রত্যেক মানুহে নিজকে উন্নতিৰ পথেৰে পৰিচালিত কৰিব পাৰে।

২। একাগ্রতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল?
উত্তৰ: একাগ্রতাৰ গুণতে আনন্দ ৰাম বৰুৱাই অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ’ব পাৰিছিল। একাগ্ৰতাৰ গুণেই আনন্দৰামক সাহস আৰু শক্তিদান কৰিছিল। সেই দেখিয়ে আগৰ জ্ঞানীসকলে সকলাে জ্ঞান লাভৰ লগতে একাগ্রতা সাধন কৰিবলৈ কৈছিল। ল’ৰাকালতে ভাওনা আদি অভিনয় উৎসৱত যােগ দিওঁতে আনন্দ ৰাম যেনে একমন আছিল, সেইদৰে লিখা-পঢ়া বিষয়ত তেওঁ একমনা আছিল। সেয়েহে গােটেই অমৰ কোষখনি তেওঁ ল’ৰাকালতে কণ্ঠস্থ কৰিব পাৰিছিল। নানা কুভাৱক মনত ঠাই দিলে আৰু মনপুতি নালাগিলে কোনেও এনেদৰে পাঠ আয়ত্ব কৰিব নােৱাৰে আৰু কোনাে বিষয়তে সফল হ’ব নােৱাৰে। আনন্দ ৰাম বৰুৱা কৰ্মত একনিষ্ঠভাৱে লিপ্ত আছিল। তেওঁ একাগ্ৰতাৰে জ্ঞান, চৰ্চাৰ অনুৰাগ সাধনাক প্ৰৱলভাৱে অব্যাহত ৰাখিছিল।

৩। প্রসংগ -সংগতি দর্শই ব্যাখ্যা কৰা — কৰ্মই জীৱন আৰু কর্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ।
উত্তৰ: উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভৰ’ অন্তৰ্গত উপেন্দ্র চন্দ্ৰ লেখাৰু দেৱৰ ৰচিত ‘আনন্দৰাম বৰুৱা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র আছিল কমই ধর্ম। উক্ত কথাফাঁকিৰ দ্বাৰা এই কথাটিকে বুজোৱা হৈছে। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র আছিল কর্ম। তেওঁৰ মতে কর্মই জীৱন আৰু কর্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ। তেওঁ কেতিয়াও কামৰ বাবে প্রশংসা বা মান নিবিচাৰিছিল। আনন্দৰাম বৰুৱাৰ কর্মময় জীৱনত জগত বিখ্যাত পণ্ডিত মেক্সমুলাৰৰ দৰে লােকেও বিস্ময় মানিছিল। অদম্য কর্মস্পৃহা আৰু কৰ্মী মনােভাৱ থকা বাবেই জীৱনকালৰ অতি চমু যাত্ৰাতাে তেওঁ অতি উচ্চ মানদণ্ডৰ গ্ৰন্থ ৰচনা কৰি বিশ্ববিখ্যাত হৈ পৰিছিল। সেয়ে লেখকে জীৱনৰ আন এটি নাম কর্ম বুলি কৈছে আৰু কর্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ বুলি উল্লেখ কৰিছে।

8। আনন্দৰাম বৰুৱাৰ মহৎ আদৰ্শৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰোঁ বুজাই লিখা।
উত্তৰ: আনন্দৰামৰ মহৎ আদৰ্শৰ কথা আলােচনা কৰি, তেওঁৰ স্মৃতি মন্দিৰ স্থাপন কৰি তেওঁৰ স্মৃতিত গ্রন্থাদি ৰচনা কৰি, অনুসন্ধান সমিতি আদিৰ সূত্রপাত কৰি আমি নিজকে উন্নতিৰ পথত পৰিচালিত কৰিব পাৰাে আৰু মহৎ আদৰ্শৰ প্রতি শ্রদ্ধা দেখুৱাই আমাৰ নিজ মনােবৃত্তিৰ আৰু শিক্ষা সাধনাৰ পৰিচয় দিব পাৰে।

৫। প্রাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে, বুজাই লিখা।
উত্তৰ: অধ্যাপক উপেন্দ্র চন্দ্ৰ লেখাৰুৰ মত অনুসৰি আনন্দ ৰাম বৰুৱাৰ আগতে সংস্কৃত চর্চা বৰ বিশেষ ৰকমে হৈছিল বুলি ক’ব নােৱাৰি। পাশ্চাত্যৰ লােকসকলে প্ৰাচ্যৰ জ্ঞানৰাজিৰ বিশেষ আলােচনা কৰিবলৈ সুবিধা পােৱা নাছিল। কিন্তু আনন্দ ৰাম বৰুৱাৰ পিছত এই কাম উজু হৈ পৰিছিল। প্রাচ্য আৰু পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰামৰ স্থান অতি উচ্চ। তেওঁকে আদর্শ কৰি ভাৰততাে বহুতে সংস্কৃত চর্চা কৰিবলৈ ধৰিলে। আমাৰ অসমৰ লােকসকলৰ তেওঁ গৌৰৱ ৰবি। আজিও যিসকল লােকে দেশত শক্তি অনুসৰি চৰ্চা আৰু অনুসন্ধান কৰিছে আৰু খ্যাতি লাভ কৰিছে সেই সকলাে প্রকৃতপক্ষে আনন্দৰামৰ আদৰ্শত অনুপ্রাণিত হৈছে। একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত জগতৰ জাতিসমূহৰ মাজত উচ্চ আসন দাবী কৰিব পাবে আনন্দ ৰাম বৰুৱাই যিজনে প্রথমে নবযুগৰ আৰম্ভণিৰ আত্মবিশ্বাসৰ মাজেৰে আমাৰ মাজত প্রত্যয় জন্মালে তেওঁ হৈছে আনন্দ ৰাম বৰুৱা। আনন্দ ৰাম বৰুৱাই তেওঁৰ জীৱন আৰু কৰ্মৰ দ্বাৰা তেওঁ জাতিসমূহৰ আৰু লগতে প্ৰাচ্য-পাশ্চাত্যৰ ঐক্য সাধন কৰিছিল।

2015 বৰ্ষত অহা প্ৰশ্ন উত্তৰসমূহ

প্র: আনন্দৰাম বৰুৱাই ল’ৰাকালতে কণ্ঠস্থ কৰা (2020)
উ: আনন্দৰাম বৰুৱাই ল’ৰাকালতে কণ্ঠস্থ কৰা গ্ৰন্থখন হ’ল— ‘অমৰকোষ।

প্র: আনন্দৰাম বৰুৱাক কিহে মহৎ আৰু অমৰ কৰি তুলিছে?
উ: আনন্দৰাম বৰুৱা সদায় একাগ্ৰ আছিল বাবে একান্তভাৱে জ্ঞান চর্চা কৰিছিল। একাগ্ৰতাৰ বলতেই তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ’ব পাৰিছিল যিয়ে তেওঁক মহৎ আৰু অমৰ কৰি তুলিছিল। একান্তভাৱে জ্ঞান চর্চা কৰাৰ ফলতেই তেওঁ মেধাৰ পৰিচয় দি ভাৰতীয় প্রশাসনিক সেৱাত উত্তীর্ণ হ’ব পাৰিছিল। তেৱেই হৈছে ভাৰতীয় প্রশাসনিক সেৱাত উত্তীর্ণ হােৱা প্ৰথমজন অসমীয়া আৰু পঞ্চমজন ভাৰতীয়।

2016 বৰ্ষত অহা প্ৰশ্ন উত্তৰসমূহ

প্রঃ আনন্দৰাম বৰুৱাই কামৰূপৰ ভাওনাৰ উল্লেখ কোনখন গ্ৰন্থত কৰিছিল? (2013)
উঃ আনন্দৰাম বৰুৱাই তেওঁৰ ৰচিত মহাবীৰ চৰিতৰ সংস্কৃত ব্যাখ্যাত নাট অভিয়নৰ বিষয়ে লিখোতে কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে।

প্রঃ কিহৰ বাবে আনন্দৰাম বৰুৱাই চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল?
উ: আনন্দৰাম বৰুৱা কৰ্মত একনিষ্ঠভাৱে লিপ্ত আছিল। তেওঁৰ জ্ঞান চর্চাৰ অনুৰাগ ইমান প্রবল আছিল যে অন্য কথা বা সাংসাৰিক বিষয়ৰ প্রতি ভাৱিবলৈ সময় নাছিল। সেয়েহে তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল।

প্রঃ আনন্দৰামৰ মূলমন্ত্র আছিল কর্ম, চমুকৈ আলােচনা কৰা
উঃ কমই আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র আছিল। একান্তভাৱে অবিৰামগতিত কাম কৰি তেওঁ বৰ আনন্দ পাইছিল। প্রকৃত কর্মীয়ে কেতিয়াও কামৰ বাবে প্রশংসা নিবিচৰাৰ দৰে তেৱাে কাম কৰি প্রশংসা বা মান বিচৰা নাছিল। এই টোৱেই প্রকৃত কর্মীৰ চিন। তেওঁৰ কাম আৰু সংকল্প দেখি মেক্স মূলাৰৰ দৰে পণ্ডিতেও বিস্ময় মানিছিল। তেও চাকৰি জীৱনৰ কম বয়সৰ ভিতৰত উচচ খাপৰ গ্ৰন্থ প্রকাশ কৰি সকলােকে আচৰিত কৰিছিল। তেওঁ অন্যান্য পুথি প্ৰকাশ কৰিবলৈ সংকল্প লৈছিল যদিও অকাল মৃত্যুৱে সেই আশা পূৰণ হ’ব নিদিলে। তেওঁৰ কৰ্মৰাজিৰ বাবে সদায় অসমীয়া সমাজত পূজনীয় হৈ থাকিব।

2017 বৰ্ষত অহা প্ৰশ্ন উত্তৰসমূহ

প্রঃ আনন্দৰাম বৰুৱাই কেনেধৰণে নিজৰ পৰিচয় দি সন্তোষ লাভ কৰিছিল?
উঃ সংস্কৃত সাগৰ মথি জগতবিখ্যাত পণ্ডিতৰ শাৰীত বহিও আনন্দৰাম বৰুৱাই নিজৰ পিতৃ-মাতৃ, ভাই-ককাই, স্বদেশ আৰু স্ব-জাতিক পাহৰা নাছিল। আনন্দৰাম বৰুৱাই দুর্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ আৰু পৰশুৰাম আৰু জানকীৰামৰ ভ্ৰাতৃ বুলি নিজৰ পৰিচয় দি সন্তোষ লাভ কৰিছিল।

প্রঃ উপেন্দ্র চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেৱৰৰ গ্ৰন্থখনৰ নাম কি?
উঃ উপেন্দ্র চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেৱৰৰ গ্ৰন্থখনৰ নাম হ’ল—কথাগুৰু চৰিত।

2018 বৰ্ষত অহা প্ৰশ্ন উত্তৰসমূহ

প্রঃ উপেন্দ্র চন্দ্ৰ লেখাৰুৰ সম্পাদিত গ্রন্থ দুখনৰ নাম লিখা
উঃ উপেন্দ্র চন্দ্ৰ লেখাৰুৰ সম্পাদিত গ্রন্থ দুখনৰ নাম হ’ল- ভক্তি বিবেক আৰু কথা সাহিত্য।

প্রঃ একাগ্রতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল?
উঃ আনন্দৰাম বৰুৱা সদায় একাগ্ৰ আছিল। এই একাগ্রতা গুণৰ বাবে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ’ব পাৰিছিল। এই গুণেই তেওঁক সাহস,
আৰ শক্তি দান কৰিছিল। সেই বাবে আগৰ জ্ঞানীসকলে সকলাে জ্ঞান লাভৰ লগতে একাগ্রতা সাধন কৰিবলৈ কৈছিল। ল’ৰাকালতে ভাওনা আদি উৎসৱত যােগ দিওঁতে আনন্দৰাম যেনে একমনা আছিল সেইদৰে লিখা-পঢ়া বিষয়ত তেওঁ একমন আছিল। সেয়েহে গােটেই অমৰকোষ গ্রন্থখন তেওঁ ল’ৰা কালতে কণ্ঠস্থ কৰিব পাৰিছিল।

2019 বৰ্ষত অহা প্ৰশ্ন উত্তৰসমূহ

প্রঃ ভাৰতীয় প্রশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী অসমীয়া কোন?
উঃ ভাৰতীয় প্রশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী অসমীয়া হল- আনন্দৰাম বৰুৱা।

প্রঃ প্ৰসংগ সংগতি দশাই ব্যাখ্যা কৰা— (ক) কমই জীৱন আঁক কর্মহীনতাই প্রকৃত মৃত্যুপ।
উঃ ব্যাখ্যেয় গদ্যফাকি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ” অন্তর্গত “আনন্দৰাম বৰুৱা” নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে।
লেখক উপেন্দ্রচন্দ্ৰ লেখাৰদেৱে কৰ্ম সংস্কৃতিয়ে কেনেকৈ মানুহক মহত্ত্বৰ মন্দিৰত উপনীত কৰােৱায়, সেই সন্দৰ্ভত উক্ত কথাষাৰ ব্যক্ত কৰিছে। আনন্দৰাম বৰুৱাই কর্মময় জীৱন অতিবাহিত কৰি আৰু একাগ্ৰতাৰ দ্বাৰা অসাধাৰণ কমী হ’ব পাৰিছিল। অবিৰামগতিত কাম কৰি তেওঁ আনন্দ পাইছিল। একাগ্ৰতাৰে কাম কৰি কামৰ বাবে তেওঁ প্রশংসা বা মান নিবিচাৰিছিল। ইয়ে প্রকৃত কৰ্মীৰ চিন। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম বয়সৰ ভিতৰত তেওঁ যিমানবিলাক উচ্চ খাপৰ গ্ৰন্থ প্ৰকাশ কৰিছিল দেখিলে আচৰিত মানিব লাগে। তেওঁ কঠোৰ কৰ্ম শক্তিৰে আৰু উচ্চ শিক্ষাৰে শিক্ষিত হৈ সংস্কৃত সাহিত্যত পাণ্ডিত্যৰ পৰিচয় দিছিল। তেওঁৰ কাম আৰু সংকল্প দেখি আন নালাগে জগত বিখ্যাত পণ্ডিত মেক্স মূলাৰৰ দৰে লােকেও বিস্ময় মানিছিল। “কর্মহীন হৈ এশবছৰ জীয়াই থকাতকৈ কর্মমুখৰ হৈ অলপদিন জীয়াই থকাটোৱেই শ্রেয়” এই বাণী যে আনন্দৰাম বৰুৱাৰ জীৱনেই দেখুৱাই গ’ল। সেয়েহে কর্মই জীৱন আৰু কর্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ।

2020 বৰ্ষত অহা প্ৰশ্ন উত্তৰসমূহ

প্র: এনক আর্ডেনৰ অনুবাদকগৰাকীৰ নাম লিখা।
উ: এনক আর্ডেনৰ অনুবাদকগৰাকীৰ নাম হ’ল—উপেন্দ্র চন্দ্ৰ লেখাৰু।

প্রঃ “তােমােৰে আনন্দ বৰুৱাই” বুলি কোনটো কবিতাত কোনে শক্তি গাইছে।
উঃ “তােমাৰে আনন্দ বৰুৱাই” বুলি পাঠত থকা কবিতাৰ শাৰী দুটা লক্ষ্মীনাথ বেজবৰুৱাই ‘অসম সংগীত’ নামৰ কবিতাটোত প্রশস্তি গাইছে।

প্রঃ প্রাচ্য আৰু পাশ্চাত্যৰ ভাৰত সম্মিলনত আনন্দৰাম বৰুৱাৰ স্থান নির্ণয় কৰা। (2017)
উঃ যি সময়ত অসমীয়া হােৱাটো জাতি যােৱাৰ ভয় আছিল, সেই সময়ত আনন্দ বৰুৱাই প্রাচ্য পাশ্চাত্যৰ মাজত সংযােগ সেতু গঢ়ি জ্ঞানৰ লােহব বিলাবলৈ সক্ষম হৈছিল। আনন্দৰাম বৰুৱাই ইউৰােপ, আমেৰিকালৈ গৈ জ্ঞান চর্চা কৰিছিল। আনন্দৰামৰ জৰিয়তে পাশ্চাত্য দেশসমূহে প্রাচ্যৰ জ্ঞান লাভ কৰাৰ সুবিধা পাইছিল। চৰ্চা কৰি পশ্চিমৰ দেশসমূহত প্ৰাচ্যৰ ভাষা, সংস্কৃতি, দর্শন বিলাই ফুৰিছিল। আনন্দৰাম বৰুৱাৰ কাৰণেই পাশ্চাত্যৰ লােকসকলে প্ৰাচ্যৰ জ্ঞানৰাজিৰ বিষয়ে আলােচনা কৰিবলৈ সুবিধা পালে। গতিকে প্রাচ্য-পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰাম বৰুৱাৰ স্থান অতি উচ্চ। সেয়েহে কবিয়ে দেশবাসীৰ দৃষ্টি আকর্ষণ কৰি গাইছে ‘তােমাৰে আনন্দ বৰুৱাই চোৱা সংস্কৃত সাগৰ মথি। য়ুৰুপ, এচিয়াত কিৰিতি ৰাখিলে, জগতে কৈছে ডাঠি।


হস্তিবিদ্যাৰ্ণৱ পুথি প্ৰশ্ন উত্তৰ

ভাৰতীয় আদৰ্শত বৈৰাগী প্ৰশ্ন উত্তৰ

চিঠি প্ৰশ্ন উত্তৰ

অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা প্ৰশ্ন উত্তৰ

বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো প্ৰশ্ন উত্তৰ

বৰগীত প্ৰশ্ন উত্তৰ (উঠৰে উঠ বাপু)

বিশ্বখনিকৰ প্ৰশ্ন উত্তৰ

মিলন প্ৰশ্ন উত্তৰ

জনতাৰ আহ্বান প্ৰশ্ন উত্তৰ

কাঠমিস্ত্ৰীৰ ঘৰ প্ৰশ্ন উত্তৰ

আঘোণৰ কুঁৱলী প্ৰশ্ন উত্তৰ

উভতি নহাৰ কবিতা প্ৰশ্ন উত্তৰ

কৰুণতম প্ৰশ্ন উত্তৰ

Leave a Comment