Class 10 Science Chapter 8 Question Answer in Assamese

জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে হল দশম মান শ্ৰেণীৰ বিজ্ঞানৰ আন এক গুৰুত্বপূৰ্ণ অধ্যায়। আজি Assamese Medium ত আমি Class 10 Science Chapter 8 Question Answer in Assamese আলোচনা কৰিব প্ৰয়াস কৰিছোঁ।

ইয়াত আমি পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিছোঁ। ইয়াৰ আগতে আমি Class 10 Science ৰ আন আন অধ্যায় সমূহ নিয়াৰিকৈ আলোচনা কৰিছোঁ। যদি আপুনি পঢ়িব খোজে বা প্ৰশ্ন উত্তৰ জানিব বিচাৰে তেন্তে তলত উল্লেখ কৰা লিংকৰ পৰা আপুনি অনায়েশে চাব পাৰিব।

পাঠভিত্তিক প্রশ্নোত্তৰ

Q.1. প্রজনন প্রক্রিয়াত DNA প্রতিলিপিৰ আৱশ্যকতা কি?
Ans. DNA জীৱদেহত থকা প্রধান জেনিটিক দ্রব্য। ই বংশগত লক্ষণ বা চৰিত্ৰসমূহৰ বাহক। ইয়াৰ জৰিয়তে বংশগত চৰিত্ৰসমূহ পুৰুষানুক্রমে গতি কৰে। ই জেনিটিক কার্যত ভাগ লয় আৰু প্ৰ’টিন সংশ্লেষণ কার্যকে ধৰি জীৱবোৰ সকলো জৈৱ সংশ্লেষণ প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে।

Q.2. প্ৰজাতিৰ কাৰণে ভিন্নতা প্রয়োজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় কিয়?
Ans. এটা প্ৰজাতিয়ে নিজৰ বংশ বৃদ্ধি কৰিলেও পাছৰ বংশত কিছুমান বৈশিষ্ট্যৰ পাৰ্থক্য পৰিলক্ষিত হয়। এই পার্থক্য পৰিবেশ আৰু জনন প্ৰবাৰ পৰিৱৰ্তনৰ মাজত হয়। একে জাতৰ জীৱৰ আকাৰ, আকৃতিৰ গঠনৰ পাৰ্থক্যই হ’ল ভিন্নতা বা প্ৰকাৰণ। এই ভিন্নতাৰ ফল পোৱাৰ কাৰণে বহু সময় লাগে। সেই কাৰণে ভিন্নতা একজনে ব্যক্তিৰ বাবে তাৎপর্যপূর্ণ নহয়।

পাঠভিত্তিক প্রশ্নোত্তৰ

Q.1. দ্বিখণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজৰ প্ৰভেদ কি কি?
Ans. দ্বি-বিভাজন আৰু বহুবিভাজনৰ পাৰ্থক্য:

দ্বি-বিভাজনবহুবিভাজন
(i) মাতৃদেহ দুটা খণ্ডত বিভক্ত হয়।(i) মাতৃদেহৰ পৰা বহু অপত্য খণ্ডৰ সৃষ্টি হয়।
(ii) প্রকৃতপক্ষে অঙ্গজ জনন।(ii) এক প্ৰকাৰ অনুন্নত অযৌন জনন।
(iii) ৰেণু বা স্পোৰ উৎপন্ন নহয়।(iii) ৰেণু বা স্পোৰ সৃষ্টি হয়।
(iv) সাধাৰণত: প্ৰাণীৰ অনুকূল পৰিবেশত ঘটি থাকে।(iv) সাধাৰণত: প্ৰাণীৰ প্ৰতিকূল পৰিবেশত সম্পন্ন হয়।

Q.2. যদি কোনো জীবই ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰে তেতিয়া ই কেনেদৰে লাভান্বিত হ’ব?
Ans. ৰেণুধাৰণকাৰী উদ্ভিদক ৰেণুধৰ উদ্ভিদ বোলে। মস্ ফাৰ্ণ আৰু সপুষ্পক উদ্ভিদৰ ডিপ্লয়েড (2n) ৰেণুধৰ উদ্ভিদৰ ৰেণুস্থলীত পৰিণত ৰেণু মাতৃকোষ মিঅ’ছিচ পদ্ধতিতে বিভাজিত হৈ চাৰিটা হ্যাপ্লৱেড অপত্য কোষ গঠন কৰে। ৰেণুস্থলীত ৰেণুবোৰ পৰিণত হৈ ৰেণুস্থলী বিদীর্ণ হয়, ফলত ৰেণুবোৰৰ বিস্তাৰ ঘটে।

প্রতিকূল পৰিবেশত বেণুবোৰ দীর্ঘকাল সুপ্ত অৱস্থাত থাকিব পাৰে। অধিকাংশ উদ্ভিদ ৰেণু সৃষ্টিৰ প্ৰতিকূল অৱস্থা অতিক্রম কৰে। অনুকূল পৰিবেশত ৰেণু অঙ্কুৰিত হৈ নূতন উদ্ভিদৰ সৃষ্টি কৰে।

Q.3. উচ্চ খাপৰ জীৱই কিয় পুনৰ্জীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণ দর্শাব পাৰিবানে?
Ans. উচ্চ খাপৰ উদ্ভিদ পুনৰজীবন পদ্ধতিৰে নতুন জীৱৰ জন্ম দিব নোৱাৰে। কাৰণ—
(i) সিহঁতৰ শৰীৰ অধিক জটিলভাৱে গঠিত।
(ii) উচ্চ খাপৰ উদ্ভিদবোৰৰ বিশেষ অংগবোৰ বিশেষকামৰ ভাবে নির্দিষ্ট।
(iii) উচ্চ খাপৰ উদ্ভিদবোৰৰ দেহত শ্রমবিভাজন বিদ্যমান।

Q.4. বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে কিয় আংগিক বিস্তাৰণ প্ৰয়োগ কৰা হয়?
Ans. উদ্ভিদ মূল, কাণ্ড, পাত বা মুকুল অথবা আন কোনো অংগৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয় ইয়াক আংগিক বিস্তাৰণ বোলে। এই ধৰণৰ প্ৰজননৰ পৰা অধিক সংখ্যক নতুন উদ্ভিদ পাব পাৰি। কাৰণ—

  1. উদ্ভিদে বীজ উৎপাদনৰ ক্ষমতা অথবা যৌন প্রজনন ক্ষমতা হেৰুৱালেও প্রজনন সম্ভব হয়।
  2. নির্বাচিত উদ্ভিদৰ পৰা বাঞ্ছিত লক্ষ্মণযুক্ত উদ্ভিদ পাব পাৰি।
  3. দীর্ঘসুপ্ততাৰ বীজ থকা উদ্ভিদক সহজভাবে গজাব পাৰি।
  4. মাতৃউদ্ভিদৰ সচৰাচৰ সংক্রমণবোৰ আঁতৰাব পাৰি আৰু ৰোগমুক্ত উদ্ভিদ পাব পাৰি।
  5. ভিন ভিন উদ্ভিদৰ আৱশ্যকীয় লক্ষণ সংযোজিত কৰি অর্থনৈতিকভাবে গুৰুত্বপূর্ণ উদ্ভিদ উৎপন্ন কৰিব পাৰি।
  6. বিস্তাৰণ এক মিতব্যয়ী পদ্ধতি।

Q.5. প্রজনন প্রক্রিয়াৰ এটা অংশ হিচাবে ডি.এন.এ. (DNA) প্রতিলিপিকৰণ কিয় প্রয়োজন?
Ans. জীৱসমূহৰ দেহৰ অবয়ব একে হ’লে দেখিবলৈ একে সাদৃশ্যৰ হয়। যদি দেহৰ অবয়ৱ একেধৰণৰ হ’বলগীয়া হয় তেন্তে ইয়াৰ গঠনৰ প্ৰতিলিপি একেধৰণৰ হ’ব লাগিব। কোষকেন্দ্ৰৰ ভিতৰৰ ক্ৰম’জ’মবোৰ DNA অণুরে পিতৃ-মাতৃৰ গুণবোৰ উত্তৰপুৰুষলৈ বহন কৰি দিয়ে। এই DNA অণুবোৰ প্ৰ’টিন গঠনৰ উৎস। DNA ৰ বাহকৰ গুণ ভিন্ন হ’লে ভিন্ন প্ৰকাৰৰ প্ৰটিন সংশ্লেষণ হয়। ভিন্ন প্ৰকাৰৰ প্ৰ’টিনবোৰে জীৱদেহৰ অবয়ৱ সলনি কৰে।

বংশবৃদ্ধিৰ মূল কাৰ্য হৈছে DNA ৰ প্ৰতিলিপি গঠন। দেহৰ কোষে কিছুমান ৰাসায়নিক বিক্ৰিয়াৰ সহায়ত DNA অণুৰ নকল সৃষ্টি কৰে। এই DNA অণুৰ পৰা অপত্য কোষত দুটা DNA প্রতিলিপিৰ সৃষ্টি হয় আৰু দুয়োটা DNA অণু এটা আনটোৰ পৰা পৃথক থাকে। এতিয়া এই অপত্যকোষ দুটা একে সাদৃশ্যৰ হ’ব। ইয়াৰ কাৰণে প্ৰজনন প্ৰক্ৰিয়াৰ এটা অংশ হিচাপে DNA ৰ প্ৰতিলিপিকৰণ প্ৰয়োজন।

পাঠভিত্তিক প্রশ্নোত্তৰ

Q.1. নিষেচন আৰু পৰাগযোগৰ পাৰ্থক্য কেনেধৰণৰ?
Ans. পৰাগযোগ আৰু নিষেচনৰ মাজত পার্থক্য:

পৰাগযোগনিষেক বা নিষেচন
(i) ফুলৰ পৰাগধানীৰ পৰা গৰ্ভমুণ্ডলৈ পৰাগৰেণুৰ স্থানান্তৰণ আৰু জমা কৰা কাৰ্য্যকে পৰাগযোগ বুলি জনা যায়।(i) পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনৰ ফলত যোজন কোষ (দ্বিগুণ কোষ) উৎপন্ন হোৱা প্ৰক্ৰিয়াই হ’ল নিষেচন।
(ii) ই এটা ভৌতিক প্রক্রিয়া। ইয়াত কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয়।(ii) ই এটা রাসায়নিক প্রক্রিয়া। ইয়াত নতুন পদার্থ অর্থাৎ ‘যাইগ’ট উৎপন্ন হয়।

Q.2. শুক্রাশয় আৰু প্ৰষ্টেট গ্ৰন্থিৰ ভূমিকা কি?
Ans. শুক্রাশয় (Testes): ডিম্বাকৃতিৰ সৰু মোনা-সদৃশ পেশীৰে গঠিত এই অংগযোৰ উদৰ গহৰৰ বাহিৰত এটা মোনাৰ নিচিনা গঠনৰ ভিতৰত থাকে। চেমিনিফেৰাছ টিউবিউল নামৰ মিহি নলীকাৰ ভিতৰত ই শুক্রাণু আৰু পুং যৌন হৰম’ন (টেষ্ট ষ্টাৰণ) উৎপন্ন হয়।

প্রষ্টেট গ্রন্থি (Prostate Gland): এই সব গ্ৰন্থিটো শুক্ৰাধাৰ আৰু মূত্রাশয় (বা মূত্রস্থলী)ৰ তলত অৱস্থিত। ই এবিধ দুগ্ধ সদৃশ তবল নিঃসরণ কৰে। এই তৰলৰ পৰিমাণ মুঠ শুক্ৰৰ 30%। এডাল সব নলীয়ে এই তৰল আৰু শুক্রাণু ইউৰেথ্ৰা বা বুদ্ধ’ৰয়েল গ্ৰন্থিলৈ বহন কৰে।

Q.3. কৈশোৰ কালত ছোৱালীৰ দেহত কেনেধৰণৰ পৰিবৰ্তন দেখা যায় ?
Ans. কৈশোৰ কালত ল’ৰা আৰু ছোৱালীৰ দুয়োৰে ক্ষেত্ৰত কিছুমান পৰিবৰ্তন দেখা যায়। এই সময় ছোৱাত কাষলতি আৰু কৰক্তনত, যৌনাংগৰ কাষত চুলি গজা দেখিবলৈ পোৱা যায়। ইয়াৰ ফলত এই অংশ কলা বৰণৰ হয়। ভৰি আৰু হাতত পাতল নোম হোৱাৰ লগতে মুখমণ্ডলত পাতল চুলি গুঁজে। মুখৰ ছাল তেলেতিয়া হয় আৰু ফলত এই অংশত শালমইনা উঠে। এই সময়ত আমি আমাৰ দেহৰ উপৰিও আনৰ দেহৰ বিষয়ে নতুনকৈ সচেতন আৰ সজাগ হ’বলৈ আৰম্ভ কৰো।

ইয়াৰোপৰি ছোৱালীবিলাকৰ কিছুমান বেলেগ বেলেগ পৰিবর্তন দেখা পোৱা যায়। ছোৱালীবিলাকৰ স্তন যুগলৰ আকাৰ বাঢ়িবলৈ ধৰে আৰু স্তনাগ্ৰন্থৰ ছালখন ক’লা হয়। এই সময়ত ছোৱালীবোৰৰ ঋতুচক্র আৰম্ভ হয়। এই সকলোবিলাক পৰিবর্তন লাহে লাহে সংঘটিত হয়। একেজন ব্যক্তিৰ ক্ষেত্ৰত এনে পৰিবৰ্তন একে সময়ত বা নির্দিষ্ট বয়সত নহ’বও পাৰে।

Q.4. মাতৃদেহত ভ্ৰূণকোষে কেনেকৈ পুষ্টি লাভ কৰে?
Ans. জননফুলে ক্ষৰণ কৰা হৰম’ন বিধে জনন ফুলীয় হ’বমন গৰ্ভাৱস্থাত ভ্ৰূণৰ বিকাশ সাধন কৰায়। জননফুলৰ মাধ্যমে ভ্রুণ গ্লুক’জ আৰু অক্সিজেন পায়।

Q.5. যদি মহিলা এগৰাকীয়ে কপাৰ-টি (Copper-T) ব্যৱহাৰ কৰে, তেতিয়া ই যৌন ৰোগ সঞ্চাৰণ প্ৰতিৰোধী হ’বনে?
Ans. ক’পাৰ–T (Copper-T) যৌনৰোগৰ পৰা মহিলা এগৰাকীক ৰক্ষা নকৰে। কাৰণ যোনিত (Vagina) প্রবাহী পদাৰ্থৰ আগমন ঘটে আৰু তাৰ পৰা যৌনৰোগ হব পাৰে।

অনুশীলনীৰ প্ৰশ্নোত্তৰ

Q.1. অযৌন প্ৰজননৰ মুকুলোদ্‌গম সংঘটিত হয়— (ক) এমিবাত (খ) ঈষ্টত (গ) প্লাজম’ডিয়ামত (ঘ) লেইচ্‌মেনিয়াত।
Ans. (খ) ঈষ্টত।

Q.2. তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয়? (ক) ডিম্বাশয় (খ) জৰায়ু (গ) শুক্ৰবাহী নলী (ঘ) ফেলোপিয়ান নলী।
Ans. (গ) শুক্রবাহী নলী।

Q.3. পৰাগধানীত পোৱা হয়— (ক) বেটুপাত (খ) ডিম্বক (গ) স্ত্রীকেশৰ (ঘ) পৰাগ ৰেণু।
Ans. (ঘ) পৰাগ ৰেণু।

Q.4. অযৌন প্রজনন প্রক্রিয়াতকৈ যৌন প্রজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ কি কি?
Ans.

অযৌনপ্ৰজননৰ সুবিধাসমূহ হ’ল:

  1. প্ৰক্ৰিয়াটো সৰল।
  2. বিভাজনৰ হাৰ খৰতকীয়া।
  3. এক-পিতৃ জড়িত হয়।

যৌনপ্ৰজননৰ সুবিধাসমূহ হল

  1. নতুনকৈ সৃষ্টি হোৱা প্ৰাণীবোৰক দেখাত মাক-দেউতাকতকৈ বেলেগ।
  2. চাৰিত্রিক বৈশিষ্ট্যৰ প্ৰকাৰণ (variation) ঘটে।
  3. ই বিৱৰ্তন প্ৰক্ৰিয়াত সহায় কৰে।
  4. নতুন প্রজাতিৰ উৎপত্তিত এনে ধৰণৰ প্রজননে সহায় কৰে।
  5. সন্তান-সন্ততিবোৰ পিতৃ-মাতৃতকৈ বলী আৰু উন্নত হয়।

Q.5. মানুহৰ শুক্রাশয় কেইটাই কি কি কাম কৰে?
Ans. শুক্রাশয় (Testes): ডিম্বাকৃতিৰ সৰু মোনা-সদৃশ পেশীৰে গঠিত এই অংগযোৰ উদৰ গহ্বৰৰ বাহিৰত এটা মোনাৰ নিচিনা গঠনৰ ভিতৰত থাকে। চেমিনিফেৰাছ টিউবিউল নামৰ মিহি নলীকাৰ ভিতৰত ই শুক্রাণু আৰু পুং যৌন হৰম’ন (টেষ্ট ষ্টাৰণ) উৎপন্ন হয়।

Q.6. স্নাতুস্রাৱ বা ঋতুস্রাব কিয় হয়?
Ans. প্ৰতি 28 দিনৰ অন্তৰত মাইকি মানুহৰ ডিম্বাশয় আৰু জৰায়ুত সংঘটিত হোৱা কাৰ্য্যকলাপৰ চক্ৰকেই স্নাতুস্ৰাৱ বা ঋতুস্রাব বোলে। এই সময়ছোৱাত 4-5 দিন ধৰি অনিষিক্ত ডিম্বাণু, তেজ, এণ্ডমেট্রিয়াম (জৰায়ুৰ অন্ত: আৱৰণ) আদি যোনিপথেৰে নিঃসৃত হয়।

Q.7. দীর্ঘচ্ছেদত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা।
Ans.

Q.8. বিভিন্ন প্ৰকাৰৰ গৰ্ভনিৰোধ পদ্ধতিসমূহ কি কি?
Ans. (i) প্রতিবন্ধকতা পদ্ধতি: এই পদ্ধতিত কণ্ড ‘ম (Condoms) ব্যবহাৰ কৰা হয়। এইবোৰ শুক্রাণুক ডিম্ববাহী নলীত যাবলৈ সবাসৰি বাধা দিয়ে।
(ii) ৰাসায়নিক পদ্ধতি: এই পদ্ধতিত চিকিৎসকে জন্মনিৰধক টেবলেট দিয়ে। এই টেবলেট গেমেট তৈরী হ’বলৈ বাধা দিয়ে।
(iii) শল্য চিকিৎসা পদ্ধতি: স্ত্রীজনন অংগ ডিম্ববাহী নলী আৰু পুংজনন অংগ শুক্ৰবাহী নলীৰ অস্ত্রপচাৰ কৰি জন্মনিয়ন্ত্রণ কৰা হয়।

Q.9. এককোষী আৰু বহুকোষী জীৱৰ বিভিন্ন প্ৰকাৰৰ অযৌন আৰু যৌন প্রজনন প্ৰক্ৰিয়াৰ কৌশলসমূহ কেনেধৰণৰ?
Ans. এককোষী জীৱবোৰ এটামাত্র কোষ দ্বাৰা গঠিত। ইহঁতে বিভাজন আৰু মুকুলন পদ্ধতি দ্বাৰা বংশবিস্তাৰ কৰে। আনহতে, বহুকোষীজীৱবোৰ অযৌন প্ৰজনন আৰু যৌন প্রজনন দ্বাৰা বংশ বিস্তাৰ কৰে।

Q.10. প্রজনন প্রক্রিয়াই কোনো প্ৰজাতিৰ জীৱৰ আবাদীৰ স্থিতি কেনেকৈ ৰক্ষাত সহায় কৰে?
Ans. জন্ম-মৃত্যুৰ সংখ্যা সমানুপাতত ৰাখি জনসংখ্যাত স্থিৰতা (Stability) আনিব লাগে। অর্থাৎ জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ প্ৰায় একে ৰখা উচিত। জন্মনিয়ন্ত্রণ পদ্ধতিৰ দ্বাৰা আমি জনসংখ্যা নিয়ন্ত্রণ ৰাখি আবদীৰ স্থিতি ৰক্ষা কৰিব পাৰি।

Q.11. গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি?
Ans. গৰ্ভনিবোধক পদ্ধতি গ্ৰহণ কৰা উচিত, কাৰণ —
(i) ইয়াৰ দ্বাৰা AIDS, গণৰিয়া, ছিফিলিছ, আদি ৰোগসমূহৰ পৰা ৰক্ষা পাব পাৰি।
(ii) সীমিত সংখ্যক শিশুৰ জন্মদান সম্ভব।
(iii) জনন অংগবোৰ সুস্থ থাকে।
(iv) জনসংখ্যা নিয়ন্ত্রিত হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

Q.1. অযৌন প্রজননৰ বিভিন্ন পদ্ধতিসমূহ কি কি?
Ans. (i) বিভাজন। যেনে–বেক্টেৰিয়া।
(ii) মুকুলন। যেনে–ইষ্ট।
(iii) খন্ডন। যেনে–বায় ‘ফ্লাইটা।

Q.2. পৰাগযোগৰ সংজ্ঞা লিখা।
Ans. ফুলৰ পৰাগধানীৰ পৰা গৰ্ভমুণ্ডলৈ পৰাগৰেণুৰ স্থানান্তৰণ আৰু জমা কৰা কাৰ্য্যকে পৰাগযোগ বুলি জনা যায়।

Q.3. পার্থক্য লিখা: কলম আৰু কাটিং।
Ans.

কলমকাটিং
(i) এই পদ্ধতিত কাণ্ডৰ টুকুৰা এটা মাটিত দৃঢ়ভাৱে থকা এজোপা উদ্ভিদ সংলগ্ন কৰা হয়।(i) এই পদ্ধতিত আর্দ্রভূ মিত সংৰোপণৰ বাবে এটুকুৰা কাণ্ড অথবা কাটিং ব্যৱহাৰ কৰা হয়।

Q.4. প্ৰাণীৰ কাৰণে প্ৰজনন কিয় অপৰিহার্য?
Ans. প্ৰাণীৰ কাৰণে প্ৰজনন অপৰিহাৰ্য কাৰণ এই প্ৰক্ৰিয়াৰ দ্বাৰাই জীবই নিজৰ লক্ষণ বিশিষ্ট অনুরূপ অপত্য জীৱৰ সৃষ্টি কৰিব পাৰে। পৃথিৱীত জীৱৰ অস্তিত্ব বজাই ৰাখিবলৈ প্রজনন অতি আৱশ্যাক। তদুপৰি ইয়াৰ সহায়ত পূৰ্বপুৰুষৰ জেনেটিক পদার্থ নতুন জীৱৰ দেহলৈ পৰিবাহিত হয়।

Q.5. প্ৰাণীৰ প্ৰজননৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি?
Ans. প্ৰাণীৰ প্ৰজননৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল-
(i) অনুৰূপ অপত্য জীৱৰ উৎপত্তি।
(ii) প্ৰজাতিৰ অস্তিত্বৰ ধাৰাবাহিকতা ৰক্ষা কৰা।
(iii) আনুবংশিক পদাৰ্থৰ নৱীকৰণ।

Q.6. কৈশোৰ অৱস্থা কাক বোলে?
Ans. শৈশৱ পাৰ হৈ জীৱনৰ যি পৰ্যায় বিকাশৰ মাজেৰে গৈ শিশুৱে যুৱাবস্থা পায় সেই সময়ছোৱাই কৈশোৰ অৱস্থা আৰু সেই পৰ্য্যায়ৰ মানুহক কিশোৰ-কিশোৰী বুলি কোৱা হয়।

Q.7. অংগজ বিস্তাৰণ কি?
Ans. উদ্ভিদ কোনো অংগজ অংশৰ পৰা দুই বা ততোধিক উদ্ভিদ উৎপন্ন কৰাকে অংগজ বিস্তাৰণ বোলে। এই পদ্ধতিৰে উদ্ভিদৰ খৰতকীয়া বৃদ্ধি হয়।
অংগজ বিস্তাৰণ দুই প্ৰকাৰৰ। যেনে-
(a) প্রাকৃতিক অংগজ বিস্তাৰণ।
(b) কৃত্রিম অংগজ বিস্তাৰণ।

Q.8. প্রাণীৰ কাৰণে প্ৰজনন কিয় অপৰিহাৰ্য্য?
Ans. প্ৰজনন প্ৰাণীৰ এটা অতি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আৰু ই জীৱৰ প্ৰাথমিক ধর্ম। প্রজনন প্ৰক্ৰিয়াৰে জীৱই নিজৰ বংশ বৃদ্ধি কৰে। ই কোনো এটা প্ৰজাতিক বৰ্তাই ৰাখে। যিহেতু জীৱৰ জীৱনকাল নিৰ্দ্দিষ্ট, সেয়ে প্ৰজনন প্ৰক্ৰিয়াৰে জীৱই নিজৰ বংশ ৰক্ষা কৰে।

Q.9. প্ৰাণীৰ প্ৰজননৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি?
Ans. প্ৰাণীৰ প্ৰজননৰ প্ৰধান বৈশিষ্ট্যসমূহ হল:
(i) প্রজননে প্ৰাণীক জড়ৰ পৰা পৃথক কৰিছে।
(ii) প্ৰজননৰ দ্বাৰা প্ৰাণীয়ে নিজৰ বংশ ৰক্ষা আৰু বৃদ্ধি কৰে।
(iii) মৃত্যুৱে সকলো প্ৰজাতিৰ সংখ্যা কমাই দিয়ে, কিন্তু প্ৰজননৰ দ্বাৰা প্ৰাণী বংশবৃদ্ধি কৰে আৰু বংশ ৰক্ষা কৰে।

Q.10. অযৌন প্রজননক কিয় একপিতৃ প্রজনন বুলি কোৱা হয়?
Ans. জননকোষৰ বিকাশ নোহোৱাকৈ আৰু জননকোষৰ মিলন নোহোৱাকৈ প্ৰাণীয়ে বংশ বৃদ্ধি কৰা প্ৰক্ৰিয়াক অযৌন প্রজনন বোলে। এই ধৰণৰ প্ৰজননত স্ত্রী জনন অংগত জিনৰ বিনিময় নহয় বাবে একপিতৃৰ পৰাই জীৱৰ বিকাশ হয়। এনে প্ৰজননত মিঅ’ছিছ আৰু ছিনগেমী জড়িত নহয়। সেয়ে, এনে ধৰণৰ প্রজননক এক পিতৃপ্রজননো বোলে।

Q.11. অযৌন প্ৰজননৰ প্ৰকাৰসমূহ কি কি?
Ans. অযৌন প্ৰজননৰ প্ৰকাৰসমূহ হ’ল:
(i) বিভাজন।
(ii) মুকুলোদ্‌গম।আৰু
(iii) ভাঙন।

Q.12. অযৌন প্রজননৰ সুবিধা আৰু অসুবিধাসমূহ চমুকৈ লিখা।
Ans. অযৌন প্ৰজননৰ সুবিধাসমূহ:
(i) এটা জীৱৰ পৰা আন এটা নতুন জীৱৰ সৃষ্টি হ’ব পাৰে।
(ii) অযৌন প্রজনন সৰল আৰু দৈহিক কোষ বিভাজনৰ দ্বাৰা সম্পন্ন হয়।

অযৌন প্ৰজননৰ অসুবিধাসমূহ:
(i) অযৌন প্ৰজননৰ দ্বাৰা সৃষ্ট জীৱৰ সাধাৰণতে পৰিবৰ্তিত পাৰিপার্শ্বিক অৱস্থাৰ লগত খাপ খুৱাই ল’ব পৰা ক্ষমতা না থাকে।
(ii) সকলো জীৱ বংশগতভাৱে একে আৰু ইয়াৰ প্ৰজননৰ দ্বাৰা সৃষ্ট জীৱৰ জিনীয় ভিন্নতা দেখা নাযায়।

Q.13. যৌন প্রজননৰ বৈশিষ্ট্যসমূহ চমুকৈ লিখা।
Ans. যৌন প্ৰজননৰ বৈশিষ্ট্যসমূহ হ’ল:
(i) এই ধৰণৰ প্ৰজননত দুটা বিপৰীত লিংগৰ মিলন হৈ যোজন কোষৰ সৃষ্টি কৰে।
(ii) পুংজনন কোষ আৰু স্ত্রী জনন কোষৰ মিলনৰ ফলত নিষেচন হয়।
(iii) এগুণীয়া (n) ক্ৰ’মজ’মে দুগুণীয়া (2n) ক্ৰ’মজমৰ সৃষ্টি কৰে।
(iv) এইটো লেহেমীয়া জটিল প্রক্রিয়া।
(v) মিঅ’টিক বিভাজন হয়।

Q.14. মানুহৰ প্ৰজনন তন্ত্ৰৰ লগত জড়িত বিভিন্ন অংগসমূহৰ নাম লিখা।
Ans. মানুহৰ প্ৰজনন তন্ত্ৰৰ লগত জড়িত বিভিন্ন অংগসমূহৰ নাম হ’ল:—
পুংজনন তন্ত্ৰৰ ক্ষেত্ৰত: শুক্রাশয়, এপিডাইমিছ, এযোৰ শুক্ৰবাহী নলী, শুক্ৰক্ষেপক নলী আৰু শিশু।
জনন তন্ত্ৰৰ ক্ষেত্ৰত: এযোৰ ডিম্বাশয়, এযোৰ ডিম্ববাহী নলী বা ফেল’পিয়ান নলী, জৰায়ু আৰু যোনি। ইয়াৰে উপৰিও শুক্ৰাধাৰ, প্ৰষ্টেট গ্রন্থি, কাউপাৰৰ গ্ৰন্থি, বাৰ্থলিনৰ গ্ৰন্থিয়ে জনন প্ৰক্ৰিয়াত অংশ লয়।

Q.15. নিষেচন কাকে বোলে?
Ans. পুংজনন কোষ আৰু স্ত্রী জনন কোষৰ মিলনকে নিষেচন বোলে।
নিষেচনৰ ফলস্বৰূপে, একক কোষ যোজন কোষৰ পৰাই বহুতো জটিল অৱস্থাৰ মাজেৰে গৈ প্ৰাণী এটাৰ বিকাশ হয়।

Q.16. উদ্ভিদত কেই প্ৰকাৰৰ প্ৰজনন দেখা যায়?
Ans. উদ্ভিদৰ ক্ষেত্ৰত দেখা দিয়া দুই ধৰণৰ প্ৰজনন হ’ল—
(a) অযৌন প্রজনন: যৌন কোষ বা জনন কোষৰ মিলনৰ অবিহনেই নতুন সন্ততিৰ জন্ম দিয়া প্ৰজনন প্রক্রিয়াক উদ্ভিদৰ অযৌন প্রজনন বোলে। উদ্ভিদৰ অযৌন প্ৰজননৰ ক্ষেত্ৰত দুটা স্বতন্ত্ৰ পৰাগ ৰেণুৰ অবিহনেই বংশ বৃদ্ধি হয়। উদ্ভিদ জগতত এনে প্ৰজননৰ মাত্ৰা অধিকভাবে দেখা যায়।
উদ্ভিদৰ অযৌন প্রজনন বিভিন্ন ধৰণে হ’ব পাৰে। যেনে— দ্বিঅংগী বিভাজন, বহুঅংগী বিভাজন, মুকুলন, ৰেণু গঠন, খণ্ডন, অংগজ প্রজনন ইত্যাদি।
(b) যৌন প্রজনন: বিপৰীত লিংগ পুং আৰু স্ত্রী জনন কোষৰ মিলনৰ ফলত নতুন পূর্ণাংগ উদ্ভিদৰ জন্ম হোৱা প্ৰজনন প্ৰক্ৰিয়াক উদ্ভিদৰ যৌন প্রজনন বোলে। উদ্ভিদৰ ক্ষেত্ৰত পুংকেশৰ হৈছে পুরুষ জননকোষ আৰু স্ত্রীকেশৰ হৈছে স্ত্রীজনন কোষ।
সপুষ্পক উদ্ভিদৰ যৌন প্রজনন ফুলৰ প্ৰজনন স্তৱক দুটাত প্রথমে আৰম্ভ হয়। পুংজনন স্তবকটোক পুংস্তৱক আৰু স্ত্রী-প্রজনন স্তৱকটোক স্ত্রী-স্তৱক বোলে। পুংত্তৱক আৰু স্ত্ৰীস্তৱকৰ এককক ক্ৰমে পুংকেশৰ আৰু স্ত্রীকেশৰ বুলি কোৱা হয়। পুংস্তৱক পুংকেশৰ আৰু স্ত্রীস্তবক স্ত্রীকেশৰতে দুই ৰেণুকোষৰ উৎপত্তি হয়।

Q.17. সপুষ্পক উদ্ভিজ্জত হোৱা অযৌন প্রজননসমূহ উল্লেখ কৰা।
Ans. সপুষ্পক উদ্ভিদৰ অযৌন প্রজননৰ ক্ষেত্ৰত উদ্ভিদ দেহৰ কোনো অংশ পৃথক হৈ গৈ তাৰপৰা পূৰ্ণাংগ উদ্ভিদ এজোপাৰ জন্ম হয়। এই ধৰণৰ প্রজননক অংগজ প্রজনন বুলিও কোৱা হয়। সপুষ্পক উদ্ভিদত হোৱা অযৌন প্রজননসমূহ তলত উল্লেখ কৰা হ’ল–
(a) ৰাইজ’ম: ৰাইজ ‘মসমূহ হৈছে মাটিৰ তলত মাটিৰ অনুভূমিকভাৱে হোৱা কাণ্ড, য’ৰ পৰা, উদ্ভিদৰ কলি ওলাই এজোপা পূর্ণ গছ হয়। উদাহরণ: হালদি, আদা আদি।
(b) স্ফীতকন্দ: এইবোৰ মাটিৰ তলত থকা কিছুমান কাণ্ডৰ মূল ওয়তি উঠি শকত হৈ পৰা কাণ্ড। এই স্ফীত কন্দবোৰে মূল গছজোপাৰ পৰা পৃথক হৈ পৰিলে, এজোপা নতুন গছৰ জন্ম দিয়ে। উদাহরণ : আলু ইত্যাদি।
(c) স্থূলকাণ্ড: স্থূলকাণ্ডবোৰ ৰাইজমৰ কেন্দ্রীভূত কাণ্ড। ইহঁত মাটিস তলৰ পৰা পোন হৈ ওলাই আহে আৰু দেখাত চুটি, শক্তিশালী তথা মাংসাল। এইজোপা উদ্ভিদৰ কলি উৎপন্ন কৰে, যিয়ে এসময়ত নতুন উদ্ভিদৰ জন্ম নিয়ে। উদাহৰণ : এম’ৰফ ফেলছ আদি।
(d) ধাৱক: ই এক প্ৰকাৰৰ মাটিৰ ওপৰেৰে বগাই যোৱা কাণ্ড। ইয়াৰ নির্দিষ্ট ব্যবধান থকা গাঁঠিৰ পৰা শিপা আৰু পোখা ওলায়। দুটা পোখাৰ মাজত ধাৱকৰ দ্বাৰা হোৱা সংযোগ ছিগি গৈ স্বতন্ত্র উদ্ভিদ হয়। উদাহৰণ: টুে মানিমুনি ইত্যাদি।
(e) শিপা: কিছুমান উদ্ভিদৰ শিপাৰ আগ অংশ শকত হয়। এনে ধৰণৰ শিপাৰ পৰা পুলি হয়। উদাহৰণ: ডালিয়াৰ শিপা।
(f) বাল্ব বা কণ্ড: কিছুমান উদ্ভিদৰ খাদ্য সঞ্চয় কৰিবৰ বাবে শকত শঙ্কপত্র থাকে। এইবোৰ লগলাগি কাণ্ডৰ দৰে হয়। ইয়াকে বাহু বোলে। শঙ্কপত্ৰৰ কক্ষত কলি ওলাই এজোপা নতুন গছ হয়। উদাহৰণ : পিঁয়াজ আদি।
(g) পাত: কিছুমান উদ্ভিদৰ পাতৰ দাঁতিৰ পৰা মুকুল ওলায়। প্রতিটো মুকুল শিপা আৰু প্ৰৰোহৰে পূৰ্ণাংগ উদ্ভিদত পৰিণত হয়। উদাহৰণ : পাতেগজাৰ পাত।

Q.18. নিম্নখাপৰ উদ্ভিজ্জত হোৱা অযৌন প্রজননৰ প্ৰকাৰবোৰ লিখা ৷
Ans. অযৌন প্রজননত দুটা (পুংলিংগ আৰু স্ত্রী) স্বতন্ত্ৰজনৰ প্ৰয়োজন নাই। দ্রুত বংশবৃদ্ধিৰ বাবে এই প্রক্রিয়া বৰ সুবিধাজনক। ইয়াক চাৰিটা ভাগত ভগাব পাৰি–
(a) বিভাজন। (b) ৰেণু গঠন। (c) মুকুলন। (d) খণ্ডন।
(a) বিভাজন: এই প্রক্রিয়াত এটা কোষ সমান আকাৰৰ দুটা কোষত বিভক্ত হয়। এনেকুৱা প্ৰক্ৰিয়া বেক্টেৰীয়া আৰু প্রটিষ্টাত দেখা যায়।
(b) ৰেণু গঠন: কিছুমান উদ্ভিদৰ কোষবিভাজনৰ দ্বাৰা এককোষী দেহৰ সৃষ্টি হয়। সেইবোৰ মাতৃ দেহৰ পৰা পৃথক হৈ আহি অংকুৰিত হৈ স্বতন্ত্র উদ্ভিদৰ উৎপত্তি ঘটায়। এইবোৰকে ৰেণু বোলে। বেক্টেৰীয়া, ভেঁকুৰ, মাছ, শেলাই আনিত ৰেণু সৃষ্টি হয়।
(c) মুকুলন: ইষ্ট নামৰ ভেঁকুৰৰ দেহৰপৰা একোটা সৰু টেমুনা ওলায়, ই ক্ৰমাৎ বাঢ়ি বাঢ়ি ডাঙৰ হয়। ইয়াতে মুকুলটো ছিগি গৈ স্বতন্ত্র ইষ্ট কোষত পৰিণত হয়।
(d) খণ্ডন: কিছুমান ভেঁকুৰ আৰু শেলাইৰ দেহ ছিগি টুকুৰা টুকুৰ হয় আৰু প্ৰতিটো টুকুৰাৰ পৰা পূর্ণাঙ্গ উদ্ভিদ হয়।

Q.19. অযৌন প্রজননৰ বৈশিষ্ট্য কি?
Ans. (i) এক পিতৃ জড়িত হয়। বিপৰীত লিংগৰ প্ৰাণী জড়িত নহয়।
(ii) মাইট’ছিছ অথবা এমাইট’ছিছ কোষবিভাজন হয়।
(iii) নতুন জীৱব্যক্তি অথবা সন্তান-সন্ততিবোৰ জিনীয় ভাবে একেই।
(iv) প্ৰজননৰ হাৰ খৰতকীয়া।
(v) প্রক্রিয়াটো সৰল।

Q.20. অযৌন প্ৰজননৰ সুবিধা আৰু অসুবিধাসমূহ কি কি?
Ans.সুবিধা:
(i) প্ৰক্ৰিয়াটো সৰল।
(ii) বিভাজনৰ হাৰ খৰতকীয়া।
(iii) এক পিতৃ জড়িত হয়।

অসুবিধা:
(i) এটা জনুৰ পৰা পৰৱৰ্তী জনুটো সদৃশ জীৱৰ দ্বাৰা উৎপত্তি হয়।
(ii) পিতৃ-মাতৃৰ ত্রুটিসমূহ সন্তান-সন্ততিলৈ সঞ্চাৰিত হয়।
(iii) প্ৰকাৰণ নথকাৰ বাবে বিৱৰ্তন নঘটে।
(iv) প্রজাতিসমূহে পৰিৱর্তিত পৰিবেশত অভিযোজন কৰিব নোৱাৰে।

Q.21. যৌন প্রজনন কাক বোলে?
Ans. এনে প্ৰজননত পুং আৰু স্ত্রী উভয় লিঙ্গই জড়িত হয়। পুং যৌন এককটোক পুং জননকোষ বা শুক্রাণু আৰু স্ত্রী যৌন এককটোক স্ত্রীজনন কোষ বা ডিম্বাণু বুলি কোৱা হয়। দুয়োবিধ জনন কোষৰ মিলনৰ ফলত নিয়েচন হয়। নিষেচনৰ পাছত সৃষ্টি হোৱা যোজন কোষৰ পৰা নতুন প্রাণীৰ বিকাশ ঘটে। শুক্রাণুবোৰ শুক্রাশয়ত আৰু ডিম্বাণুবোৰ ডিম্বাশয়ত সৃষ্টি হয়। উদ্ভিদ আৰু উন্নত প্ৰাণীৰ প্ৰজনন হ’ল যৌন প্রজনন। যেনে— মাছ, পতংগ, উভচৰ, সৰীসৃপ, চৰাই আৰু স্তন্যপায়ী ইত্যাদি।

Q.22. যৌন প্রজননৰ তাৎপর্য কি?
Ans.
(i) নতুনকৈ সৃষ্টি হোৱা প্ৰাণীবোৰ দেখাত মাক-দেউতাকতকৈ বেলেগ।
(ii) চাৰিত্রিক বৈশিষ্ট্যৰ প্ৰকাৰণ (variation) ঘটে।
(iii) ই বিৱৰ্তন প্ৰক্ৰিয়াত সহায় কৰে।
(iv) নতুন প্ৰজাতিৰ উৎপত্তিত এনে ধৰণৰ প্ৰজননে সহায় কৰে।
(v) সন্তান-সন্ততিবোৰ পিতৃ-মাতৃতকৈ বলী আৰু উন্নত হয়।

Q.23. যৌন প্রজননৰ বৈশিষ্ট্য কি কি?
Ans.
(i) এই বিধ প্রজননত মতা আৰু মাইকী দুয়োবিধ ভিন্ন লিংগী প্রাণী জড়িত হয়।
(ii) পিতৃ-মাতৃৰ প্রত্যেকে যৌন কোষ উৎপন্ন কৰে, পুং প্রাণীটোৱে পুং জননকোষ বা শুক্রাণু আৰু স্ত্ৰীয়ে ডিম্বাণু উৎপন্ন কৰে।
(iii) জনন কোষবোৰ এগুণ ক্ৰ’মজ’ম যুক্ত অর্থাৎ ইয়াত n সংখ্যক ক্ৰ’মজ ‘ম থাকে।
(iv) মাইট’ছিছ কোষ বিভাজনৰ দ্বাৰা জননকোষ উৎপন্ন হয়।
(v) দুটা জননকোষৰ মিলনৰ ফলত যোজনকোষৰ (zygote) সৃষ্টি হয়।
(vi) পুনৰাবৃত্ত মাইট ছিচ বিভাজনৰ দ্বাৰা যোজনকোষটো ভূগত (embryo) পৰিণত হয়।
(vii) সন্তান-সন্ততিবোৰ অৰ্থাৎ নতুনকৈ জন্ম হোৱা প্ৰাণীবোৰ জিনীয়ভাবে বেলেগ বেলেগ।
(viii)নতুনকৈ সৃষ্ট প্রাণীবোৰৰ অভিযোজন ক্ষমতা ইহঁতৰ পিতৃমাতৃতকৈ উন্নত মানদণ্ডৰ।

Q.24. যৌন হৰম’নৰ কাৰ্যসমূহ লিখা।
Ans.
(i) শুক্রাণুজনন (পুংজনন কোষ / শুক্রাণু গঠন প্রক্রিয়া) প্রক্ৰিয়াত সহায় কৰে।
(ii) ডিম্বজনন বা অভজনন স্ত্রীজনন কোষ/ডিম্ব গঠন প্রক্রিয়া নিয়ন্ত্রণ কৰে।
(iii) অভুলেছন নিয়ন্ত্রণ কৰে।
(iv) জৰায়ুত ভ্রুণ প্রতিস্থাপন প্রক্রিয়া নিয়ন্ত্রণ কৰে।
(v) দুগ্ধোৎপাদন প্রক্রিয়া স্তন গ্ৰন্থিৰ পৰা দুগ্ধ ক্ষৰণ প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে।
(vi) সন্তান জন্মৰ সময়ত জৰায়ুৰ সংকোচন নিয়ন্ত্ৰণ কৰে।”
(vii) মানুহৰ যৌন চৰিত্ৰসমূহ নিয়ন্ত্রণ কৰে।
(viii) গৌণ যৌন চৰিত্ৰসমূহ প্রকাশ পায়। যেনে— পুৰুষৰ দাঢ়ি, গোফৰ সৃষ্টি, স্ত্ৰীৰ শ্ৰোণীদেহৰ প্ৰসাৰণ স্ত্ৰী আৰু পুৰুষ উভয়ৰে কণ্ঠস্বৰ সলনি, স্ত্রীব ক্ষেত্ৰত দুগ্ধ গ্ৰন্থিৰ বিকাশ সাধন ইত্যাদি।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment