Class 11 Biology Chapter 4 Question Answer in Assamese

যিহেতু Class 11 Science ৰ পৰীক্ষা সমাগত তাৰ প্রতি লক্ষ্য ৰাখিয়ে আজি আমি আপোনালোকৰ বাবে Class 11 Biology Chapter 4 Question Answer in Assamese অৰ্থাৎ একাদশ শ্ৰেণীৰ জীৱ বিজ্ঞানৰ প্ৰথম গোট পাঠ: ৪ প্ৰাণীজগত প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আপুনি যদি Class 11 Biology পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে তেন্তে এই লিখনিয়ে আপোনাক কিছু পৰিমাণে সহায় কৰিব।

Class 11 Biology Chapter 4 Question Answer in Assamese

ইয়াত আজি Assamese Medium ত আমি Class 11 Biology Chapter 4 Question Answer in Assamese অৰ্থাৎ পাঠ: ৪ ত যি প্ৰশ্ন দিয়া আছে তাৰ আলোচনা কৰিব গৈ আছো। তলত আপুনি Class 11 Biology Chapter 4 Question Answer in Assamese পাব। ইয়াৰ ওপৰিও Class 11 Biology Chapter 4 Question Answer in Assamese PDF ডাউনলোড কৰিব পাৰিব।

Watch FREE Video Classes


Class 11 Biology Chapter 4 Question Answer in Assamese | অনুশীলনীৰ প্ৰশ্নোত্তৰ

১: যদি সাধাৰণ বৈশিষ্ট্যসমূহ বিবেচনাত অনা নহয় , তেনেহ’লে প্ৰাণীৰ শ্ৰেণী বিভাজনত তুমি কি কি অসুবিধাৰসন্মুখীন হ’বা ?
উত্তৰ : সাধাৰণ বৈশিষ্ট‍্যসমূহ যেনে ― সংগঠনৰ স্তৰ , সমমিতি , কোষীয় সংগঠন , দেহগুহা , খণ্ডীভৱন , পৃষ্ঠ ৰজ্জু ইত্যাদি যদি প্ৰাণীৰ ক্ষেত্ৰত বিবেচনা কৰি চোৱা নাযায় তেন্তে কোনটো প্ৰাণী কি শ্ৰেণী , বৰ্গ, গণ ,গোত্ৰ , প্ৰজাতিত অন্তৰ্ভুক্ত হ’ব সয়া আমি সঠিকভাৱে নিৰ্ণয় কৰিব নোৱাৰিম । পৰিণতিত একোটা নিৰ্দিষ্ট প্ৰাণীৰ সঠিক বিৱৰণত ব‍্যাঘাত সৃষ্টি হ’ব ।

২: তোমাক যদি এটা প্ৰাণীৰ নমুনা দিয়া হয় , ইয়াক বৰ্গীকৰণ কৰতে কি কি পদক্ষেপ ল’বা ?
উওৰ : সংগঠনৰ স্তৰ, সমমিতি, কোষীয় সংগঠন, দেহগুহা, খণ্ডীভৱন, পৃষ্ঠৰজ্জু আদি ভিত্তিত প্ৰাণীজগতক বহলভাৱে শ্ৰেণীবিভাজন কৰাৰ পদক্ষেপ ল’ম ।

৩: অন্তঃ কোষীয় আৰু বহিঃ কোষীয় পাচনৰ পাৰ্থক্য লিখা ।
উত্তৰ : অন্তঃ কোষীয় পাচন :-
ক) খাদ্যৰ পাচন দেহ কোষৰ ভিতৰত হয় ।
খ) পাচন হোৱা খাদ্য ভেকুওলৰ মাজেৰে চাইট’প্লাজমত প্ৰৱেশ কৰে । আৰু বহিঃ

কোষীয় পাচন :-
ক) খাদ্যৰ পাচৰ দেহ কোষৰ সন্ধীবাহিৰত হয় ।
খ) পাচন হোৱা খাদ্য পোনে পোনে।কোষত প্ৰৱেশ কৰে ।

৪: পৰজীৱী চেপেটাকৃমিৰ বিশেষ লক্ষণসমূহ কি ?
উত্তৰ : ক) দেহত শোষক আৰু হাকোট থাকে
খ) অন্তঃ পৰজীৱী হিচাপে থাকে
গ) দেহগুহিকাহীন প্ৰাণী ।

৫: সন্ধীপদী প্ৰাণী প্ৰাণীজগতৰ আটাইতকৈ ডাঙৰ গোষ্ঠী বুলি গণ্য কৰাৰ কাৰণবোৰ কি ?
উওৰ : পৃথিৱীত বসবাস কৰা 2/3 অংশ প্ৰাণী সন্ধীপদী পৰ্বৰ অন্তৰ্ভুক্ত । সিহঁতৰ দেহ সংগঠন অংগস্তৰীয় । দেহ দ্বিপাৰ্শ্বীয়ভাৱে সমমিত , ত্ৰিস্তৰীয় , খণ্ডিত আৰু গুহিকাযুক্ত । ইহঁতৰ দেহ কৃত্তিকাৰে তৈয়াৰী বহিঃকংকালেৰে আবৃত । দেহটো শিৰ , বক্ষ আৰু উদৰত বিভক্ত ।সিহঁতৰ সন্ধিযুক্ত উপাংগ আছে ( আৰ্থ – সন্ধি , প’দা – উপাংগ ) । শ্বসন অংগবোৰ হ’ল জলক্লোম , পুস্তিজলক্লোম , পুস্তিক্লোম অথবা শ্বাসনলী বা ট্ৰেকিয়া । সংবহনতন্ত্ৰ মুক্ত প্ৰকৃতিৰ ।সংবেদনশীল অংগবোৰ হ’ল শৃংগিকা , চকু (যৌগিক আৰু সৰল ) , সন্তুলনপট , অথবা সমতাৰক্ষাকাৰী অংগ । ৰেচনকাৰ্য মালপিঘিয়ান নলিকাৰদ্বাৰা সম্পন্ন হয় ।ইহঁতবোৰ একলিংগ প্ৰাণী । নিষচন সাধাৰণতে অন্তৱৰ্তীভাৱে সম্পন্ন হয় ।

৬: পানী সংবহন তন্ত কোন গোষ্ঠীৰ লক্ষণ – ক) ৰন্ধী প্ৰাণী , খ) টিন’ফ’ৰা , গ) কন্টকচৰ্মী , ঘ) পৃষ্টদণ্ডী
উওৰ : কন্টকচৰ্মী ।

৭: “সকলো মাৰুদণ্ডী প্ৰাণীৰ পৃষ্ঠীদণ্ডী কিন্ত সকলো পৃষ্টদণ্ডী মাৰুদণ্ডী নহয় ” এই বাক‍্যটোক যুক্তিৰে ব‍্যাখ‍্যা কৰা ।
উওৰ : পৃষ্ঠদণ্ডী প্ৰাণীৰ বিশেষ বৈশিষ্ট্য যেনে ―
ক) পৃষ্ঠৰোজ্জু থাকে ,
খ) মূখ্য স্নায়ুতন্ত্ৰ পৃষ্ঠীয় ,
গ) টেটু , ক্লোমৰন্ধেৰে ছিদ্ৰিত ,
ঘ) হৃদযন্ত্ৰ অংকীয় ,
ঙ) এডাল পশ্চাদ পায়ুপুচ্ছ ইত‍্যাদি থাকে ।

কিন্তু এই চৰিত্ৰৰ উপৰিও মেৰুদণ্ডী প্ৰাণীৰ অংকীয় আৰু পেশীয় হৃদযন্ত্ৰ থাকে , যাৰ দুটা , তিনিটা বা চাৰিটা কোঠালী থাকে , বৃক্কৰ দ্বাৰা ৰেচন কাৰ্য আৰু আকৃতি নিয়ন্ত্ৰণ হয় ইত্যাদি ।আনহাতে , মেৰুদণ্ডী প্ৰাণীৰ পৃষ্ঠৰজ্জুডাল ভ্ৰূণাৱস্থাত থাকে । এইডাল পৈনত অৱস্থাত উপাস্থি অথবা হাড়ৰ দ্বাৰা তৈয়াৰী ৰাজহাড়ৰ দ্বাৰা প্ৰতিস্থাপিত হয় । অৰ্থাৎ মাৰুদণ্ডী প্ৰাণীৰ কেতবোৰ বৈশিষ্ট্য পৃষ্ঠদণ্ডী প্ৰাণীৰ অন্তৰ্ভুক্ত কিন্তু পৃষ্ঠদণ্ডী প্ৰাণীৰ অন্তৰ্ভুক্ত আটাইবোৰ বৈশিষ্ট্য মাৰুদণ্ডী প্ৰাণীৰ অন্তৰ্ভুক্ত নহয় । সেয়ে সকলো মাৰুদণ্ডী প্ৰাণী পৃষ্ঠদণ্ডী কিন্তু সকলো পৃষ্ঠদণ্ডী প্ৰাণী মেৰুদণ্ডী নহয় ।

৮: মৎসৰ বায়ুথলীৰ উপস্থিতিৰ গুৰুত্ব কি ?
উওৰ : পানীৰ প্লাবিতা নিয়ন্ত্ৰণ কৰি সাঁতোৰা বা চলাচল কৰাত সহায় কৰে ।

৯: পক্ষীৰ উৰিব পৰা অভিযোজনবোৰ কি ?
উওৰ : পক্ষীৰ শৰীৰৰ হাড়বোৰ ফোপোলা । তাত বায়ুকোষ থাকে । যিয়ে উৰিবলৈ সহায় কৰে‌ ।

১০: ডিম্বজ প্ৰাণীৰ কণী পৰাৰ সংখ্যা বা স্তন‍্য প্ৰাণীৰ পোৱালী জগোৱা সংখ্যা সমান হয় নে ? কিয় ?
উত্তৰ : নহয় । কিয়নো স্তন‍্যপায়ীৰ পোৱালী জগোৱাৰ সময়তকৈ ডিম্বজ প্ৰাণীৰ কণীৰ পৰা সংখ্যা বেছি হয় ।

১১: কোন প্ৰাণীৰ দেহত প্ৰথমবাৰৰ বাবে খণ্ডীভৱন দেখা যায় । ক) চেপেটা কৃমি , খ) ঘূৰণীয়া কৃমি , গ) বলয়ী প্ৰাণী , ঘ) সন্ধীপদী প্ৰাণী ।
উওৰ : (গ) বলয়ী প্ৰাণী ।

১২: মানুহৰ দেহত পৰজীৱিৰূপে বাসকৰা প্ৰাণীৰ এখন তালিকা প্ৰস্তুত কৰা ।
উত্তৰ : ক) ফিটা পেলু ,
খ) যকৃত কৃমি ,
গ) এছকাৰিছ ,
ঘ) উচেৰিয়া ,
ঙ) এংকাইল’ষ্টমা ,
চ) ওকনি ।


Class 11 Biology Chapter Chapter 4 Question Answer PDF

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment