Class 11 Biology Chapter 5 Question Answer in Assamese

যিহেতু Class 11 Science ৰ পৰীক্ষা সমাগত তাৰ প্রতি লক্ষ্য ৰাখিয়ে আজি আমি আপোনালোকৰ বাবে Class 11 Biology Chapter 5 Question Answer in Assamese অৰ্থাৎ একাদশ শ্ৰেণীৰ জীৱ বিজ্ঞানৰ দ্বিতীয় গোটৰ পাঠ “সপুষ্পক উদ্ভদৰ দৈহিক গঠন বা আকাৰ” প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আপুনি যদি Class 11 Biology পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে তেন্তে এই লিখনিয়ে আপোনাক কিছু পৰিমাণে সহায় কৰিব।

Watch FREE Video Classes

ইয়াত আজি আমি Class 11 Biology Chapter 5 Question Answer in Assamese অৰ্থাৎ “সপুষ্পক উদ্ভদৰ দৈহিক গঠন বা আকাৰ” ত যি প্ৰশ্ন দিয়া আছে তাৰ আলোচনা কৰিব গৈ আছো। তলত আপুনি Class 11 Biology Chapter 5 Question Answer in Assamese পাব। ইয়াৰ ওপৰিও Class 11 Biology Chapter 5 Question Answer in Assamese PDF ডাউনলোড কৰিব পাৰিব।

Class 11 Biology Chapter 5 Question Answer in Assamese

Class 11 Biology Chapter 5 Question Answer in Assamese | অনুশীলনীৰ প্ৰশ্নোত্তৰ

১: মূলৰ ৰূপান্তৰ বুলিলে কি বুজা ?
উওৰ : নিয়মীয়া কাৰ্য সম্পাদন কৰাৰ উপৰি মূলে কেতবোৰ বিশেষ কাৰণত অন‍্যান‍্য কিছুমান কাৰ্য সম্পাদন কৰাৰ বাবে নানা আকাৰ ধাৰণ কৰি ৰূপান্তৰিত হয় ; যেনে ― খাদ‍্য সঞ্চয় , অতিৰিক্ত বল প্ৰদান, জৈৱিক কাৰ্য , অংগজ প্ৰজনন ইত্যাদি । ইয়াকে মূলৰ ৰূপান্তৰ বুলি কোৱা হয় ।

২: বাহ‍্যিক চৰিত্ৰৰ ওপৰত ভিত্তি কৰি তলৰ উক্তিসমূহৰ যুক্তি প্ৰদৰ্শন কৰা ―
(ক) উদ্ভাদৰ মাটিৰ তলত থকা সকলো অংগই মূল নহয় ।
(খ) ফুল এবিধ ৰূপান্তৰিত কাণ্ড ।

(ক) উত্তৰ: কিয়নো মাটিৰ তলত থকা সকলো অংগত মূলৰ বৈশিষ্ট্য দেখিবলৈ পোৱা নাযায় । কেতবোৰ গছৰ কাণ্ডৰ পৰা মাটিৰ তলটো ঠাল ঠেঙুলি মেলে । এই ঠাল – ঠেঙুলিবোৰ লাহী , দীঘল আৰু মাটিৰ তলতে বাঢ়িবলৈ ধৰে ।সৰু – ডালবোৰৰ মূৰটো মাটিৰ তলতে ওফন্দি পৰে । যেনে ― আলু । আলুত গাঠি , পাব শল্কপত্ৰ আৰু স্বাভাৱিক মুকুল থাকে ।

(খ) উত্তৰ: সপুষ্পক উদ্ভিদৰ প্ৰজনন প্ৰক্ৰিয়া কাৰ্যকাৰী কৰিবৰ বাবে বিশেষ স্থানত কাণ্ড অদ্ভুতভাৱে ৰূপান্তৰিত হয় । প্ৰজননৰ বাবে ৰূপান্তৰিত হোৱা কাণ্ডকে ফুল বোলে । কাণ্ড সৃষ্টিকাৰী মুকুলেই (আংগিক মুকুল) যথা সময়ত পুস্প মুকুললৈ পৰিণত হৈ ফুলৰ সৃষ্টি কৰে । আমি জানো যে কাণ্ডত গাঁঠি , পাব থাকে । এই গাঁঠিবোৰৰ পৰাই কেতবোৰ নিৰ্ধাৰিত নিয়মত পাত ওলায় ; ফুলবোৰো আচলতে এনে ধৰণৰ একোডাল ৰূপান্তৰিত কাণ্ড আৰু ৰূপান্তৰিত কিছুমান পাতৰ সমষ্টি । কাণ্ড আৰু পাত দুয়োবিধেই বিশেষভাৱে ৰূপান্তৰিত হৈ ফুললৈ পৰিণত হয় । ৰূপান্তৰিত কাণ্ডডালেই ফুলৰ পুষ্পাক্ষ আৰু ৰূপান্তৰিত পাতবোৰেই ফুলৰ বিভিন্ন পুষ্প চক্ৰ ।

যদিও পুষ্পাক্ষ এডালত স্পষ্টকৈ গাঁঠি , পাব দেখা পোৱা নাযায় তথাপিও পুস্পক্ষ ডালত চাৰিটা গাঁঠি আৰু পাব অত‍্যন্ত চাপ খাই থাকে । অৱশ‍্য কেতবোৰ ফুলৰ পুস্পাক্ষত গাঁঠি আৰু পাব স্পষ্টকৈ দেখা যায় ।যেনে ― জুনুকাফুল , ভূতমূলা ইত্যাদি। পাঁব , গাঠি থকাটো কাণ্ডৰ বৈশিষ্ট্য হেতুকে পুস্পাক্ষও এডাল কাণ্ড । আনহাতে পুস্পাক্ষ ডালৰ বৃদ্ধি সাধাৰণতে স্ত্ৰীস্তৱকৰ বিকাশ হৈয়ে শেষ হৈ যায় , কিন্তু বনৰীয়া গোলাপকে আদি কৰি কেতবোৰ ফুলত স্ত্ৰীস্তৱক বিকশিত হোৱাৰ পিছতো পুষ্পাক্ষডাল ওপৰলৈ বাঢ়ি গৈ পুনৰ ডালপাত বহন কৰে । ডাল – পাত ধাৰণ কৰাটো কাণ্ডৰ বৈশিষ্ট । গতিকে পুষ্পাক্ষডাল এডাল ৰূপান্তৰিত কাণ্ড । ওপৰৰ যুক্তিৰ পৰা প্ৰমাণিত হয় যে ফুল ৰূপান্তৰিত কাণ্ড ।

৩: এটা পক্ষল যৌগিক পাত কি হিচাপে এটা কৰতল যৌগিক পাততকৈ বেলেগ ?
উত্তৰ: পক্ষল যৌগিক পত্ৰৰ পত্ৰিকাবোৰ পত্ৰ অক্ষডালৰ দুয়োকাষে একান্তৰ বা অভিমুখ হৈ ওলায় । আনহাতে কৰতল যৌগিক পত্ৰৰ পত্ৰ – অক্ষডালৰ মূৰত এক বা একাধিক মাখিপাত লাগি থাকে অথবা পত্ৰিকাবোৰ দুয়োকাষে একান্তৰ বা অভিমুখ হৈ নোলায় ।

৪: উদাহৰণৰ সৈতে বিভিন্ন প্ৰকাৰৰ পত্ৰবিন‍্যাসৰ ব‍্যাখ‍্যা কৰা ।
উত্তৰ :

ওপৰত দেখুওৱাৰ দৰে পত্ৰবিন‍্যাস ঘাইকৈ তিনি প্ৰকাৰৰ ।
ক) একান্তৰ পত্ৰবিন‍্যাস : কেতবোৰ গছৰ কাণ্ড আৰু ঠাল – ঠেঙুলিবোৰৰ প্ৰতিটো গাঁঠিৰ পৰা এটাকৈ মাথোন পাত ওলায় । ফলত পাতবোৰ কাণ্ডৰ ওপৰত কেইবা শাৰীত সজ্জিত হৈ পৰে । এনে ধৰণৰ পত্ৰবিন‍্যাসক একান্তৰ পত্ৰবিন‍্যাস বোলে ।যেনে ― আম , কঁঠাল ইত্যাদি ।
খ) অভিমুখ পত্ৰবিন‍্যাস : কিছুমান গছৰ কাণ্ডৰ প্ৰতিটো গাঁঠিৰ দুয়োকাষৰ পৰা পৰস্পৰ মুখা – মুখিকৈ দুটাকৈ পাত ওলায় ; এনে পত্ৰবিন‍্যাসক অভিমুখ পত্ৰবিন‍্যাস বোলে ।যেনে ― মধুৰিআম , আকন ।
গ) আৰ্বত বা চক্ৰাকাৰ পত্ৰবিন‍্যাস : কেতবোৰ গছৰ কাণ্ডৰ প্ৰতিটো গাঁঠিৰ পৰা দুয়োকৈ অধিক পাত ওলায় চক্ৰকাৰে সজ্জিত হৈ পৰে । তেনে ধৰণৰ পত্ৰবিন‍্যাসক আবৰ্ত বা চক্ৰাকাৰ পত্ৰবিন‍্যাস বোলে । যেনে ― কৰবী , শিমলু ইত্যাদি ।

৫: তলৰ উক্তি সমূহৰ সূএ লিখা ।
(ক) পুষ্পপত্ৰ বিন‍্যাস
(খ) অমৰাবিন‍্যাস
(গ) সমমিত পুষ্প
(ঘ) অপ্ৰতিসম পুষ্প

(ক) উত্তৰ : ফুলৰ কলিৰ প্ৰতিটো বৃতি আৰু পাহিয়ে নিজস্ব চক্ৰৰ প্ৰতিটো সদস‍্য বা উপাংগৰ লগত সংগতি ৰাথি পুষ্পাক্ষৰ দৰে সাজোন দিয়া প্ৰক্ৰিয়াক পুষ্পপত্ৰ বিন‍্যাস বোলে ।
(খ) উত্তৰ : গৰ্ভাশয়ৰ ভিতৰত ডিম্বকৰ সাজোন প্ৰণালীক অমৰাবিন‍্যাস বোলে ।
(গ) উত্তৰ : যদি কোনো এটা ফুল যিকোনো ব‍্যাসাদ্ধৰ দিশৰ পৰা সমানে দুটা ভাগত ভাগ কৰিব পৰা যায় তাকে সমমিত পুষ্প বোলে ।
(ঘ) উত্তৰ : যেতিয়া কোনো এটা পুষ্পক নিৰ্দিষ্ট এটা দিশত কৰা উপম্বীয় ছেদন প্ৰক্ৰিয়াৰে মাত্ৰ দুটা সমান ভাগত ভগাব পৰা যায় তাকে অপ্ৰতিসম পুষ্প বোলে ।

৬: পাৰ্থক্য লিখা : (ক) নিয়তাকাৰ আৰু অনিয়তাকাৰ পুষ্পবিন‍্যাস
(খ) গুচ্ছমূল আৰু অস্থানিক মূল

(ক) উত্তৰ : নিয়তাকাৰ আৰু অনিয়তাকাৰ পুষ্পবিন‍্যাস :-

নিয়তাকাৰঅনিয়তাকাৰ
(ক) এইবিধ পুষ্পবিন‍্যাসত পুষ্পদণ্ড ডালৰ বৃদ্ধি সীমাবদ্ধ ।
(খ) অগ্ৰস্থ মুকুলটো পুষ্প মুকুলত পৰিণত হৈ ফুল ফুলিবলৈ ধৰে ।
(গ) এইবিধ পুষ্পবিন‍্যাসত ফুলবোৰ অধোমুখী পৰ্যায়ত বিকশিত হয় ।
(ঘ) নিয়ত পুষ্পবিন‍্যাস সাধাৰণতে তিনি প্ৰকাৰৰ ।
(ক) এইবিধ পুষ্পবিন‍্যাসত পুষ্পদণ্ডডালৰ বৃদ্ধি অনিৰ্দিষ্ট ।
(খ) পুষ্পদণ্ডডালৰ একেবাৰে মূৰত ফুল নুফুলে ।
(গ) এইবিধ পুষ্পবিন‍্যাসত ফুলবিলাক অগ্ৰ্যো মুগ পৰ্য্যায়ত সজ্জিত হয় ।
(ঘ) অনিয়ত পুষ্পবিন‍্যাস কেইবা প্ৰকাৰৰ হয় ।
(খ) গুচ্ছমূল আৰু অস্থানিক মূল

(খ) উত্তৰ : গুচ্ছমূল আৰু অস্থানিক মূল

গুচ্ছমূলঅস্থানিক মূল
(ক) এইবিলাক ৰূপান্তৰিত অস্থানিক মূল গছৰ গুৰিৰ পৰা উৎপন্ন হয় ।
(খ) এইবিলাক গছৰ গুৰিৰ পৰা একেলগে থোপ বান্ধি ওলোৱা কিছুমান কন্দাল মূল ।
(গ) গুচ্ছমূল হ’ল নিৰ্দিষ্ট আকাৰ নথকা দীঘল , মঙহাল মূল ।যেনে – ডালিয়া , শতমূল।
(ক) উদ্ভিদ দেহৰ যিকোনো অংশৰ পৰা উৎপত্তি হয়।
(খ) গাঁঠি বা পাতৰ পৰা অসংখ্য শিপাৰ সৃষ্টি হয় ।
(গ) এনে মূল মাটিৰ উপৰি ভাগত থাকে ।যেনে – ধান , কুঁহিয়াৰ ।

৭: চিহ্নিত চিত্ৰ আঁকা ― (ক) বুটমাহৰ বীজ , (খ) মাকৈ বীজৰ দীৰ্ঘচ্ছেদ
উত্তৰ :

৮: কাণ্ডৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ : বীজৰ অংকুৰণৰ পিছত জন্মকাণ্ডৰ পৰা মাটিৰ ওপৰলৈ পোহৰ অভিমুখে বৃদ্ধি পাই অহা অংশকে কাণ্ড বোলে । কাণ্ডত , গাঁঠি , পাব,পুষ্পমুকুল , আংগিক মুকুল থাকে । মাটিৰ উপৰিভাগত বীজ যেনে অৱস্থাতে নাথাকে কিয় , গজালি মেলাৰ পিছত কাণ্ড সদায় পোহৰ অভিমূখে গতি কৰে । কেতিয়াবা বিশেষ কাৰণ বশত : কোনো উদ্ভিদৰ কাণ্ড মূলৰ দৰে মাটিৰ তলতে থাকে , যেনে ― আদা , পিয়াজ ইত্যাদি । ডাল , পাত , ফুল , ফল ধাৰণ কৰা হ’ল কাণ্ডৰ মূখ্য কাম ।

৯: ফুলনো কি ? এটা আদৰ্শ সপুষ্পক ফুলৰ বিভিন্ন অংশৰ চমু বৰ্ণনা দিয়া ।
উত্তৰ : সপুষ্পক উদ্ভিদৰ প্ৰজনন প্ৰক্ৰিয়া কাৰ্যকৰী কৰা এক ৰূপান্তৰিত কাণ্ডই হ’ল ফুল ।সাধাৰণতে প্ৰায়বোৰ ফুলৰে এডাল ঠাৰি থাকে ; এই ঠাৰিডালক পুষ্পবৃন্তিকা বোলে । পুষ্পবৃন্তিকাৰ মূৰৰ চুটি অথচ শকত লাটুমাকাৰ অংশক পুষ্পক বোলে । প্ৰায়বোৰ ফুলতে এই পুষ্পক্ষডাল চাৰিটা চাপ খাই থকা গাঁঠিৰ সমষ্টি ফুলৰ বাকী অংশসমূহ পুষ্পাক্ষডালৰ চাপখাই থকা গাঁঠিতে চক্ৰাকাৰে সজ্জিত হৈ থাকে । ইয়াৰ প্ৰতিটো খলপকে চক্ৰ বোলে । এপাহ আদৰ্শ ফুলত চাৰিটা চক্ৰ থাকে ।

সেইকেইটা ক্ৰমে ―
(ক) বেটু বা বৃতি : কেতবোৰ সৰু সৰু সেউজীয়া বিশেষ ধৰণৰ পাতেৰে এই চক্ৰ গঠিত । ইয়াৰ প্ৰতিটো পাতক বেটুপাত বোলে ।
(খ) দলমণ্ডল : বেটুৰ ওপৰতে দ্বিতীয় চক্ৰ অৰ্থাৎ দলমণ্ডল অৱস্থিত । ইয়াৰ প্ৰতিটো অংশক পাহি বা দল বোলে । পাহিবোৰ সাধাৰণতে বেটুপাতত কৈ আকাৰত ডাঙৰ , বিভিন্ন ৰঙেৰে ৰঞ্জিত , উজ্জ্বল ,চকুত লগা আৰু সুগন্ধিযুক্ত ।
(গ) পুংস্তৱক বা পুংকেশৰ চক্ৰ : পুংস্তৱক ফুলৰ তৃতীয় চক্ৰ । এই চক্ৰ এডাল অথবা কেইবাডালো দীঘল অথচ লাহী কেশৰৰ দ্বাৰা গঠিত । ইয়াৰ প্ৰতিডালকে পুংকেশৰ বোলে ।
(ঘ) স্ত্ৰীস্তৱক বা গৰ্ভকেশৰ চক্ৰ : ফুল পাহৰ একেবাৰে মূৰত অৰ্থাৎ পুস্তৱকৰ ওপৰত স্ত্ৰী – স্তৱক অৱস্থিত । স্ত্ৰী – স্তৱকেই ফুলৰ শেষ চক্ৰ । ইয়াৰ প্ৰতিটো অংশক স্ত্ৰীকেশৰ বা গৰ্ভকেশৰ বা গৰ্ভপত্ৰ বোলে ।

১০: বিভিন্ন ধৰণৰ পাতৰ ৰূপান্তৰে উদ্ভিদৰ কি হিচাপে সহায় কৰে ?
উত্তৰ : সালোক সংশ্লেষণৰ বাহিৰও আন আন কাৰ্যৰ বাবে পাতৰ ৰূপান্তৰ হয় । মটৰ মাহৰ গছৰ দৰে বগাই যাবলৈ পাত আকৰ্ষলৈ পৰিৱৰ্তিত হয় বা আত্মৰক্ষাৰ বাবে সাগৰফেনাও কাঁইটলৈ ৰূপান্তৰ হয় । পিয়াজ , নহৰু আদিৰ মঙহাল পাতে খাদ্য সঞ্চয় কৰে । অষ্ট্ৰেলিয়ান একাচিয়া’ৰ পাত সৰি যায় বাবে বৃন্ত ই চেপেটা হৈ ফলকৰ কাম কৰে ইত্যাদি ।

১১:পুষ্পবিন‍্যাসৰ সূত্ৰ লিখা । সপুষ্পক উদ্ভিদৰ বিভিন্ন প্ৰকাৰৰ পুষ্পবিন‍্যাসৰ বিষয়ে লিখা ।
উত্তৰ : বেছিভাগ উদ্ভিদত সাধাৰণতে পাতৰ কক্ষত বা কাণ্ডৰ আগত এটাতকৈ অধিক ফুল একেলগে থোপা বান্ধি ফুলে । এনেদৰে কেতবোৰ নিৰ্দিষ্ট প্ৰণালীৰে পুষ্পক্ষত ফুলৰ সাজোনক পুষ্পবিন‍্যাস বোলে ।
পুষ্পবিন‍্যাসক ঘাইকৈ দুটা প্ৰকাৰত ভাগ কৰা হয় ―
(ক) ৰেচিম’জ বা অনিয়ত : এইবিধ পুষ্পবিন‍্যাসত পুষ্পদণ্ডডাল অগ্ৰমুকুলৰ সহায়েৰে ওপৰলৈ অনিৰ্দিষ্ট ভাৱে বাঢ়ি গৈ থাকে । পুষ্পদণ্ডৰ তল ফালৰ পৰা ক্ৰমান্বয়ে ওপৰলৈ ফুল ফুলিবলৈ ধৰে কিন্তু পুষ্পদণ্ডডালৰ একেবাৰে মূৰত ফুল নুফুলে । ফুলবিলাক আগ্ৰোমুখ পৰ্য্যায়ত পুষ্পদণ্ডডালত সজ্জিত হৈ পৰে ; অৰ্থাৎ তলৰ ফুলবিলাক ওপৰৰ ফুল বিলাকতকৈ আগতে পূৰঠ হয় । এনে ধৰণৰ পুষ্পবিন‍্যাসকে ৰেচিম’জ বা অনিয়ত পুষ্পবিন‍্যাস বোলে ।

(খ) চাইম’জ বা নিয়ত পুষ্পবিন‍্যাস : এইবিধ পুষ্পবিন‍্যাসত পুষ্পদণ্ডডালৰ বৃদ্ধি সীমাবদ্ধ । অগ্ৰস্থ মুকুলটো পুষ্প মুকুলত পৰিণত হৈ ফুল ফুলিবলৈ ধৰে আৰু লগে লগে পুষ্পদণ্ডডালৰ বৃদ্ধি শেষ হৈ পৰে । অগ্ৰস্থ পুষ্পমুকুলটোৰ তলৰ পৰা একাষে নাইবা দুয়োকাষে গৌণ পুষ্পদণ্ড ওলাই পুনৰ একেদৰেই এপাহ ফুল মেলিয়েই বৃদ্ধি শেষ হৈ যায় । ফুলবোৰ অবৃন্তক বা সবৃন্তক । এইবিধ পুষ্পবিন‍্যাসত ফুলবোৰ আধোমুখী পৰ্য্যায়ত বিকশিত হয় ; অৰ্থাৎ আগৰ বা মূৰৰ ফুলবোৰ সদায় গুৰিৰ ফুলবোৰতকৈ আগতে পূৰঠ হয় ।


Class 11 Biology Chapter 5 Question Answer PDF

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment