Class 10 Science Chapter 6 Assamese Medium তথা জীৱন প্রক্রিয়া নামৰ দশম মান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় 6 ৰ সবিশেষ আজি আমি আলোচনা কৰিম।Class 10 Science ৰ Biology তথা জীৱ বিজ্ঞান ভাগৰ জীৱন প্রক্রিয়া নামৰ অধ্যায়ত যি বিষয় সমূহ আলোচনা কৰা হৈছে সেই বিষয়ে আমি বিতং আলোচনা কৰিম।
- You Can Also Read:
ইয়াৰ আগতে আমি দশম মান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ আন আন অধ্যায় সমূহ নিয়াৰিকৈ আলোচনা কৰাৰ পিছতে প্ৰশ্ন উত্তৰ আলোচনা কৰিছোঁ। ঠিক সেই মতে আজি আমি আলোচনা কৰিম Class 10 Science Chapter 6 Assamese Medium তথা জীৱন প্রক্রিয়া নামৰ অধ্যায়। Assamese Medium ত আপুনি আন আন অধ্যায় সমূহ পঢ়িবলৈ তলৰ লিংকত ক্লিক কৰক।
Class 10 Science Chapter 6 Assamese Medium ৰ সবিশেষ
খালী চকুৰে দেখা চলাচলসমূহ জীৱৰ নিৰ্ণায়ক চৰিত্ৰ হ’ব নােৱাৰে। অতি ক্ষুদ্র মাত্ৰাৰ চলাচলসমূহ খালী চকুৰে দেখা পােৱা সম্ভৱ নহয়। উদাহৰণস্বৰূপে, অণুৰ চলাচল। কিন্তু এই অণুসমূহৰ চলাচল জীৱৰ বাবে অতিকৈ প্রয়ােজনীয়।
সেয়েহে কোনাে এটা বস্তু জীৱ নে জড় তাক বিচাৰ কৰিবলৈ অণুসমূহৰ চলাচল এক মুখ্য কাৰক হ’ব পাৰে। আণৱিক চলাচলসমূহ জীৱৰ বাবে প্রয়ােজনীয়, কিয়নাে জীৱসমূহ কিছুমান সুসংগঠিত গঠন।
সিহঁতৰ শৰীৰত কলা থাকে, কলাসমূহ কোষেৰে গঠিত, আকৌ কোষসমূহ আন কিছুমান ক্ষুদ্রাতিক্ষুদ্র কোষ অংগাণুৰে গঠিত। কিন্তু পৰিৱেশৰ প্ৰভাৱৰ বাবে, জীৱৰ এই সুসংগঠিত আৰুশৃংখলা গঠনবােৰ সময়ত ভাগি যাব পাৰে।
যদি শৃংখলা ভাগি যায়, জীৱটোও সেই পৰিস্থিতিত জীয়াই থাকিব নােৱাৰে। সেয়ে জীৱসমূহে সিহঁতৰ গঠনৰােৰ মেৰামতি কৰি থাকিবলগীয়া হয়। যিহেতু এই সকলােবােৰ গঠন অণুৰে গঠিত, সেয়ে জীৱসমূহে অনবৰতে অণুসমূহৰ চলাচল কৰি থাকিবলগীয়া হয়।
জীৱন প্রক্রিয়াসমূহ
জীৱদেহক সুচাৰুৰূপে চলাই নিয়া ক্রিয়াসমূহ তেতিয়াও চলি থাকিব লাগে যেতিয়া জীৱটোৱে নির্দিষ্ট কোনাে এক কার্যকৰি নাথাকে। যিবিলাক প্রক্রিয়াই একেলগে জীৱদেহক সুচাৰুৰূপে চলাই নিয়া কার্য সমাধা কৰে, সেই প্রক্রিয়াসমূহকে জীৱন প্রক্রিয়া বােলে।
যিহেতু জীৱদেহক চলাই নিয়া প্রক্রিয়াসমূহে জীৱৰ শৰীৰৰ ক্ষয়-ক্ষতি আৰু ভাঙোন। প্রতিৰােধ কৰে, সেয়ে জীৱদেহক তাৰ বাবে শক্তিৰ দৰকাৰ হয়।
এই শক্তি এটা ব্যক্তিগত জীৱৰ বহিঃ পৰিবেশৰ পৰা আহে। সেয়েহে শৰীৰৰ বাহিৰৰ পৰা শক্তিৰ উৎস এটা শৰীৰৰ ভিতৰলৈ স্থানান্তৰিত কৰিব পৰা এটা প্রক্রিয়াৰ দৰকাৰ হয়। এই প্রক্রিয়াটোকে পৰিপুষ্টি বােলা হয়।
বাহিৰৰ শক্তিৰ উৎসমূহৰ প্রকৃতি বােলেগ বেলেগ হ’ব পাৰে। সেয়েহে এই শক্তিৰ উৎসমূহ শৰীৰৰ ভিতৰত ভাঙি বা নতুনকৈ গঠন কৰি তাক এক সুষম শক্তিৰ উৎসলৈ ৰূপান্তৰিত কৰাৰ প্রয়ােজন হয়, যাতে তাক জীৱদেহক চলাই নিবলৈ প্রয়ােজন হােৱা বিভিন্ন আণৱিক চলাচল আৰু জীৱদেহৰ বৃদ্ধি আৰু বিকাশৰ বাবে প্রয়ােজনীয় অণুৰ গঠনৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়। এই প্রক্রিয়াৰ বাবে বহুতাে জীৱে বহিঃ পৰিৱেশৰ পৰা . আহৰণ কৰা অক্সিজেন ব্যৱহাৰ কৰে।
যি প্ৰক্ৰিয়াৰদ্বাৰা জীৱই শৰীৰৰ বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰে আৰু কোয়ীয় প্রয়ােজনৰ বাৰে সেই অক্সিজেন ব্যৱহাৰ কৰি খাদ্যৰ উৎসব, বিশ্লেষণ কৰে, সেই প্রক্রিয়াক শ্বসন বলে।
এককোষী জীৱৰ ক্ষেত্ৰত খাদ্যগ্রহণ, গেছৰ আদান-প্রদান বা বর্জনীয় পদার্থ নিষ্কাশনৰ বাবে বিশেষ অংগৰ প্ৰয়ােজন নহয়, কাৰণ এনে জীৱৰ গােটেই আৱৰণীখনেই পৰিৱেশৰ লগত প্রত্যক্ষভাৱে সংলগ্ন হৈ থাকে। কিন্তু বহুকোষী জীৱৰ ক্ষেত্ৰত ইহঁতৰ সকলােবােৰ কোষেই বহিঃ পৰিৱেশৰ লগত প্রত্যক্ষভাৱে সংলগ্ন হৈনাথাকিবও পাৰে।
সেয়েহে সাধাৰণ ব্যাপন প্রক্রিয়াই এনে জীৱৰ কোষসমূহৰ প্ৰয়ােজন পূৰাব নােৱাৰে। সেয়েহে বহুকোষ! জীৱৰ শৰীৰৰ কোনাে এঠাইৰ পৰা আন এঠাইলৈ খাদ্য, অক্সিজেন আৰু বর্জনীয় পদাথৰ স্থানান্তৰণৰ বাবে বিশেষ পৰিবহন তন্ত্র থাকে।
যেতিয়া ৰাসায়নিক বিক্রিয়াসমূহে কার্বনৰ উৎস আৰু অক্সিজেন ব্যৱহাৰ কৰি শক্তি উৎপাদন কৰে, তেতিয়া এই বিক্রিয়াসমূহে বহুতাে উপজাত পদার্থও সৃষ্টি কৰে, যিবিলাক জীৱৰ শৰীৰৰ কোষসমূহৰ বাবে অকল অপ্রয়ােজনীয়ই নহয়, সিহঁত আনকি জীৱকোষৰ বাবে হানিকাৰকো হ’ব পাৰে।
এই বর্জনীয় উপজাত পদার্থসমূহ, সেয়েহে শৰীৰ পৰা আঁতৰােৱা আৰু বাহিৰলৈ নিষ্কাশন কৰাটো প্রয়ােজনীয়। এই প্রক্রিয়ায় ৰেচন বােলা হয়।
স্বপােষিত, পৰপােষিত জীৱ আৰু সালােক সংশ্লেষণ
খাদ্য সামগ্রী আহৰণৰ পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি জীৱসমূহক দুটা ভাগত বিভক্ত কৰা হৈছে স্বপােষিত জীৱ আৰু পৰপােষিত জীৱ। স্বােষিত জীৱসমূহে সৰল খাদ্য সামগ্রী ব্যৱহাৰ কৰে, যাক ইহঁতে কার্বন-ডাই-অক্সাইড আৰু পানীৰ দৰে অজৈৱ উৎসৰ পৰা আহৰণ কৰে।
সেউজীয়া উদ্ভিদসমূহ আৰু কিছুমান বেক্টেৰিয়া স্বপােষিত জীৱৰ অন্তর্গত। আনহাতে পৰপােষিত জীৱসমূহে জটিল খাদ্য পদার্থ ব্যৱহাৰ কৰে, যাক শৰীৰটো চলাই নিয়া আৰু শৰীৰৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰাৰ আগতে সৰল অৱস্থালৈ ভাঙিবলগীয়া হয়। এই কার্য সমাধান কৰিবলৈ পৰপােষিত জীৱসমূহে কিছুমান জৈৱ অনুঘটক ব্যৱহাৰ কৰে, যাক উৎসেচক বােলা হয়।
স্বপােষিত পৰিপুষ্টিত সালােক সংশ্লেষণ প্রক্রিয়াই জীৱৰ কাৰ্বন আৰু শক্তিৰ প্রয়ােজন পূৰণ কৰে। সালােকসংশ্লেষণ এনে এক প্রক্রিয়া যত স্বপােষিত জীৱে কার্বন ডাই অক্সাইড আৰু পানী গ্রহণ কৰি তাক সূৰ্যৰ পােহৰ আৰু পত্ৰহৰিত্ৰ উপস্থিতিত কার্বহাইড্রেটলৈ ৰূপান্তৰিত কৰে।
উৎপন্ন হােৱা কাৰ্বহাইড্রেটৰ যিখিনি লগে লগে ব্যৱহৃত নহয়, সেইখিনি। শ্বেতসাৰ হিচাপে, ভৱিষ্যতে ব্যৱহাৰ কৰিব পৰাকৈ আভ্যন্তৰীণ শক্তিৰ ভাণ্ডাৰ হিচাপে উদ্ভিদদেহত সঞ্চিত হয়।
সালােক সংশ্লেষণ (Photosynthesis)ত জড়িত ৰাসায়নিক বিক্রিয়াটো হ’ল :-
6CO2 + 12H2O → C6H12O6 + 6O2 + 6H2O
সালােক সংশ্লেষণত জড়িত স্তৰসমূহ হ’ল :-
- পত্ৰহৰিতৰ দ্বাৰা পােহৰ শক্তিৰ শােষণ।
- পােহৰ শক্তিক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ আৰু পানীৰ অণুৰ বিশ্লেষণৰ দ্বাৰা হাইড্রজেন আৰু অক্সিজেনৰ উৎপাদন।
- কার্বন-ডাই-অক্সাইডক কার্বহাইড্রেটলৈ বিজাৰণ।
হৰিৎকণা নামৰ কোষ অংগাণুত পত্ৰহৰিৎ সঞ্চিত হৈ থাকে। আনহাতে, উদ্ভিদৰ পাতৰ পৃষ্ঠত থকা সৰু সৰু ৰব্ৰুবােৰৰ দ্বাৰা যাক পত্ৰৰন্ধ বােলা হয়, উদ্ভিদে বায়ুমণ্ডলৰ। পৰা কার্বন-ডাই-অক্সাইড আহৰণ কৰে। পত্ৰৰন্ধ্র ছিদ্রটি মুকলি হােৱা আৰু বন্ধ হােৱা কার্য। ৰক্ষীকোষসমূহে নিয়ন্ত্রণ কৰে।
যেতিয়া ৰক্ষীকোষসমূহৰ ভিতৰলৈ পানী সােমাই আহে, তেতিয়া ইহঁত ওফন্দি উঠে আৰু পত্ৰৰ্দ্ধৰ ছিদ্রটি মুকলি হৈ যায়। তেনেদৰে, পানী বাহিৰলৈ ওলাই যােৱাৰ ফলত ৰক্ষীকোষবােৰ সংকচিত হলে পত্রৰৰ ছিদ্রটি বন্ধ হৈ পৰে।
গ্রুক’জৰ বাহিৰেও স্বপপাষী জীৱসমূহক দেহৰ নিৰ্মাণৰ বাবে আন আন কেঁচা সামগ্ৰীৰাে প্রয়ােজন হয়। স্থলজ উদ্ভিদসমূহে সালােক-সংশ্লেষণত ব্যৱহাৰ হােৱা পানী শিপাৰ সহায়ত মাটিৰ পৰা গ্ৰহণ কৰে। আন আন প্রয়ােজনীয় পদার্থসমূহ যেনে নাইট্রজেন, ফছফৰাছ, আইৰণ আৰু মেগনেছিয়াম উদ্ভিদে মাটিৰ পৰা আহৰণ কৰে।
প্ৰটিন আৰু আন কেতবােৰ যৌগৰ সংশ্লেষণৰ বাবে নাইট্রজেন এক অতিকৈ প্ৰয়ােজনীয় মৌল। উদ্ভিদে নাইট্র’জেন। অজৈৱনাইট্রেট আৰুনাইট্রাইটৰ ৰূপত আহৰণ কৰে অথবা কিছুমান বেক্টেৰিয়াই বায়ুমণ্ডলীয় নাইট্রজেনৰ পৰা তৈয়াৰ কৰা জৈৱ যৌগ হিচাপে আহৰণ কৰে।
পৰপােষিত জীৱসমূহে সিহঁতৰ পুষ্টি আহৰণৰ বাবে বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰে। মৃতজীৱীবিলাকে শৰীৰৰ বাহিৰত খাদ্যদ্রব্যবােৰক ভাঙি দিয়ে আৰু পিছত তাক শােষণ কৰে। এনে জীৱৰ উদাহৰণ হ’ল ব্রেড ম’ল্ড (Bread Mould), ইষ্ট (Yeast), কাঠফুলা (Mushrooms) ৰ দৰে ভেঁকুৰবিলাক।
পূর্ণগ্রাসী প্রাণীসমূহে গােটেই খাদ্যদ্রব্যখিনিকে শৰীৰৰ ভিতৰলৈ সুমুৱাই নিয়ে আৰু পিছত তাক সৰল অৱস্থালৈ বিশ্লেষণ কৰে। পৰজীৱী জীৱসমূহে জীৱিত উদ্ভিদ আৰু প্ৰাণীৰ পৰা পুষ্টি আহৰণ কৰে। কিছুমান পৰজীৱী জীৱৰ উদাহৰণ হ’ল কাচকাটা (Cuscuta), টিক (ticks), জোঁক, ওকণি আৰু ফিটাপেলু।
এমিবাই খাদ্য গ্রহণৰ বাবে কোষৰ পৃষ্ঠৰ কিছুমান অস্থায়ী আঙুলি সদৃশ প্রবর্ধৰ সহায়। লয়, যিয়ে খাদ্যৰ কণিকাটোক চাৰিওফালৰ পৰা আগুৰি ধৰি এক খাদ্যৰসধানীৰ সৃষ্টি কৰে।
খাদ্য-ৰসধানীটোৰ ভিতৰত জটিল পদার্থসমূহ সৰল অৱস্থালৈ ভাগি যায়, যি পিছত ব্যাপন প্রক্রিয়াৰে কোষ প্রসূত সােমাই পৰে। অপাচিত অৱশেষ পদার্থখিনি কোষৰ পৃষ্ঠলৈ। অনা হয় আৰু পিছত কোষৰ পৰা বৰ্জন কৰা হয়।
পেৰ্বামিচিয়ামৰ কোষটোৰ এক নির্দিষ্ট আকৃতি, থাকে আৰু কোষটোৰ এক বিশেষ হানতহে খাদ্য গ্রহণ কৰা হয়। কোষটোৰ সমগ্র পৃষ্ঠত থকা কেশৰ বা চিলিয়াৰ সহায়ত খাদ্যদ্রব্য সেই বিশেষ স্থানলৈ অনা হয়।
মানুহৰ পৰিপুষ্টি
মানুহৰ পৰিপুষ্টি খাদ্যনলীত (Alimentary canal) সংঘটিত হয়। খাদ্যনলীডাল মুখৰ পৰা গুহ্যদ্বাৰলৈ বিয়পি থকা এডাল দীঘল নলী।
যেতিয়া আমি মুখত খাদ্যগ্ৰহণ কৰাে, মুখ-গহুৰত থকা লালটি গ্রন্থি (Salivary gland) সমূহে নিঃসৰুণ কৰা লালটিৰ লগত খাদ্যখিনি মিহলি হয়। লালটিত লালটি এমাইলেজ বা ছেলিভাৰী এমাইলেজ (Salivalry amylase) নামৰ এক উৎসেচক থাকে, যিয়ে শ্বেতসাৰ ।
বা ষ্টার্চ (starch) ৰ বিশ্লেষণ কৰি শৰ্কৰা উৎপন্ন কৰে। লালটিয়ে খাদ্যক ভিজা আৰু পিছল। কৰে, যাৰ ফলত খাদ্যনলীৰে ইয়াৰ পৰিবহণ মসৃণ হয়। মুখ-গহুৰৰ পৰা গ্ৰাসনলী বা ইচ’ফেগাচেৰে (oesophagus) খাদ্য গৈ পাকস্থলীত পৰে। পাকস্থলী এটা ডাঙৰ অংগ যি।
খাদ্য পৰাৰ লগে লগে প্ৰসাৰিত হয়। পাকস্থলীৰ পেশীযুক্ত বেৰে কিছুমান পাচক ৰসেৰে খাদ্যক মিহলি কৰাত সহায় কৰে। পাকস্থলীৰ বেৰত থকা পাচক গ্রন্থিয়ে নিঃসৰণ কৰা ৰসত হাইড্ৰ’ক্লৰিক এছিড, এক প্রটিন বিশ্লেষী উৎসেচক পেপচিন আৰু মিউকাছ থাকে।
হাইড্রক্লৰিক এছিড়ে এক আম্লিক মাধ্যমৰ সৃষ্টি কৰে যিয়ে পেপচিনৰ কার্যত সহায় কৰে। মিউকাছে পাকস্থলীৰ আভ্যন্তৰীণ আৱৰণীখনক সাধাৰণ অৱস্থাত এছিডৰ ক্ৰিয়াৰ পৰা সুৰক্ষা প্রদান কৰে। পাকস্থলীৰ পৰা খাদ্যৰ প্রস্থান নিষ্টাৰ পেশী (Spinchter muscle) নামৰ এক বিশেষ পেশীয়ে নিয়ন্ত্রণ কৰে। পাকস্থলীৰ পৰা খাদ্যখিনি ক্ষুদ্রান্তত সােমায়।
ক্ষুদ্রান্তই যকৃৎ আৰু অগ্নাশয়ৰ পৰা নিঃসৰিত ৰস লাভ কৰে। যকৃতৰ পৰা নিঃসৰিত পিত্তৰসে খাদ্যক ক্ষাৰকীয় গুণবিশিষ্ট কৰি তাত অগ্নাশয়ৰ ৰসৰ ক্ৰিয়াত সহায় কৰে। ইয়াৰ উপৰি, পিত্তৰসত থকা পিত্তলােণে চীৰ ডাঙৰ ডাঙৰ পিণ্ডবােৰক সৰু সৰু পিণ্ডলৈ ভাঙি দি তাত অগ্নাশয় ৰসত থকা উৎসেচকৰ ক্ৰিয়াৰ দক্ষতা বঢ়ায়।
অগ্নাশয়ে অগ্নাশয় ৰস নিঃসৰণ কৰে, য’ত প্ৰটিন বিশ্লেষী উৎসেচক ট্রিপচিন আৰু লিপিড বা চর্বী বিশ্লেষী। উৎসেচক লাইপেজ থাকে। ক্ষুদ্রান্তৰ বেৰত কিছুমান গ্রন্থি থাকে যিয়ে আন্ত্রিক ৰস নিঃসৰণ কৰে। এই ৰসত থকা উৎসেচকসমূহে শেষত কার্বহাইড্রেটক গ্রুক’জলৈ, প্র’টিনক এমিন’ এছিডলৈ আৰু চৰ্বীক ফেটি এছিড আৰু গ্লিচাৰ’ললৈ ৰূপান্তৰিত কৰে।।
পাচিত খাদ্যক ক্ষুদ্রান্তৰ বেৰে শােষণ কৰে। ক্ষুদ্রান্তৰ অন্তঃআৱৰণীখনত অসংখ্য আঙুলিসদশ প্রবর্ধ থাকে, যাক ভিলাই বােলা হয়, ‘যিয়ে শােষণৰ বাবে পৃষ্ঠকালি বৃদ্ধি কৰে। ভিলাইবিলাক ৰক্তনলীৰে সংলগ্ন হৈ থাকে, যিয়ে শােষিত খাদ্যক শৰীৰৰ প্ৰতিটো কোষলৈ কটিয়াই নিয়ে।
অপাচিত খাদ্যাংশ বৃহদান্ত্ৰলৈ পঠিয়াই দিয়া হয়, য’ত থকা ভিলাইবােৰে অতিৰিক্ত পানীভাগ অপাচিত খাদ্যৰ পৰা শােষণ কৰি লয়। বাকী দ্রব্যখিনি গুহ্যদ্বাৰেৰে শৰীৰৰ পৰা. উলিয়াই দিয়া হয়।
শ্বসন আৰু পৰিবহণ
শ্বসন হ’ল এনে এক প্রক্রিয়া যাৰ দ্বাৰা পৰিপুষ্টিৰ জৰিয়তে আহৰণ কৰা খাদ্যদ্রব্য ব্যৱহাৰ কৰি বিভিন্ন জীৱন প্রক্রিয়াত কাৰ হােৱা শক্তি উৎপাদন কৰা হয়। কিছুমান জীৱই কোষত গ্লুক’জৰ বিশ্লেষণৰ দ্বাৰা কার্বন-ডাই-অক্সাইড আৰু পানী উৎপন্ন কৰিবলৈ অক্সিজেন ব্যৱহাৰ কৰে, আনহাতে আন কিছুমান জীৱে এই প্রক্রিয়াত অক্সিজেন ব্যৱহাৰ নকৰে।
শ্বসন প্রথম স্তৰত ছয় কার্বযুক্ত গ্লুক’জ অণুক বিশ্লেষণ কৰি তিনি কার্বনযুক্ত পাইভেট অণ উৎপন্ন কৰা হয়। এই প্রক্রিয়া কোষ প্রৰসত সংঘটিত হয়। আকৌ উৎপন্ন হােৱা লাইভেট পুনৰ ইথানল আৰু কার্বন-ডাই-অক্সাইডলৈ ৰূপান্তৰিত হ’ব পাৰে।
এই প্রক্রিয়া। কষ্টৰ দেহত হােৱা কিম্বনৰ সময়ত সংঘটিত হয়। যিহেতু এই প্রক্রিয়া বায়ু (অক্সিজেন) ৰ। অনুপস্থিতিত সংঘটিত হয়, ইয়াক অবাত শ্বসন বােলা হয়। ইয়াৰ পিছৰ পৰ্যায়ত কোষৰ মাইটকণ্ডিয়াত অক্সিজেনৰ উপস্থিতিত পাইভেটৰ বিশ্লেষণ সংঘটিত হয়। এই প্রক্রিয়াত তিনি কার্বনযুক্ত পাইভেট অণু ভাঙি তিনিটা কার্বন-ডাই-অক্সাইড অণু উৎপন্ন হয়।
এই প্রক্রিয়াৰ আন এটা বিক্রিয়াজাত পদার্থ হ’ল পানী। যিহেতু এই প্রক্রিয়া বায়ু (অক্সিজেন)ৰ উপস্থিতিত সংঘটিত হয়, ইয়াক সবাত শ্বসন বােলা হয়। সবাত শ্বসনত উৎপন্ন শক্তিৰ পৰিমাণ অবাত শ্বসনৰ তুলনাত যথেষ্ট বেছি। কেতিয়াবা, আমাৰ পেশীকোষসমূহেও অবাত ধৰণে শ্বসন কৰে, য’ত অক্সিজেনৰ অনুপস্থিতিত পাইভেট লেটিক এছিডলৈ পৰিবর্তিত হয়।
কিছুমান ক্ষিপ্র কার্যৰ সময়ত লেটিক এছিড উৎপন্ন হােৱাৰ ফলত আমাৰ মাংসপেশী টান খাই পৰে, যাক আমি ক্রেম্প (cramps) হােৱা বুলি কওঁ। কোষীয় শ্বসনৰ সময়ত উৎপন্ন শক্তিক লগে লগে ATP নামে এক অণুৰ সংশ্লেষণত ব্যৱহাৰ কৰা হয়, যাক পিছত কোষৰ আন সকলাে ক্রিয়া-কলাপৰ বাবে ইন্ধন বা চালিকা শক্তি হিচাপে ব্যৱহাৰ কৰা হয়।
উদ্ভিদ দেহত কার্বন-ডাই-অক্সাইড আৰু অক্সিজেনৰ ব্যাপনৰ দিশ পৰিৱেশৰ অৱস্থা আৰু উদ্ভিদৰ প্ৰয়ােজনৰ ওপৰত নিৰ্ভৰশীল। ৰাতি যেতিয়া সালােকসংশ্লেযুণ সংঘটিত নহয়, আদান-প্রদানৰ ক্রিয়া হিচাপে উদ্ভিদদেহৰ পৰা মুখ্যতঃ কার্বন-ডাই অক্সাইড নিষ্কাশিত হয়।
আনহাতে, দিনৰ ভাগত শ্বসনত উদ্ভৱ হােৱা কার্বন-ডাই অক্সাইড সালােকসংশ্লেষণত ব্যৱহৃত হয়, সেয়েহে দিনৰ ভাগত কার্বন-ডাই-অক্সাইডৰ নিষ্কাশন নহয়। তাৰ সলনি অক্সিজেনৰ বৰ্জন দিনৰ ভাগৰ মুখ্য ক্রিয়া হিচাপে পৰিগণিত হয়।
মানুহৰ ক্ষেত্ৰত নসিকান্ধ্র (nostrils) ৰ সহায়ত বায়ু দেহৰ ভিতৰলৈ সােমােৱা হয়। ইয়াৰ পৰা বায়ু ডিঙিৰে পাৰ হৈ হওফঁওলৈ যায়। ডিঙিত কিছুমান উপস্থিৰ বলয় (rings) থাকে। এই বলয়বােৰে বায়নলীডাল ভাগি নপৰাকৈ ৰাখে।
হাওঁফাওঁৰ ভিতৰত বায়ুনলীডাল মান সৰু সৰু নলীকালৈ ভাগি যায়, যিবােৰ কিছুমান বেলুন সদৃশ গঠনত শেষ হয়। বেলুন সদৃশ গঠনসমূহক বায়ুকোষ বা এলভিওলি (Alveoli) বােলা হয়।
বায়ুকোষসমূহৰ ৰক্তনলীৰ জালিকা থাকে। যেতিয়া আমি উশাহ লওঁ, আমি আমাৰ কামিহাড়বােৰ লে তােলাে আৰু মধ্যচ্ছদাখন বহলাই দিওঁ৷ ইয়াৰ ফলত বক্ষগহ্বৰৰ আয়তন বাড়ে।বায়ু হাওঁফাওঁৰ ভিতৰলৈ প্ৰৱেশ কৰে আৰু হাওঁফাওঁৰ ভিতৰত প্ৰসাৰিত মূহ বায়ুৰে পূৰ্ণ হৈ পৰে। শৰীৰৰ আন আন অংশৰ পৰা তেজে কার্বন-ডাই অক্সাইড কঢ়িয়াই আনি বায়ুকোষত এৰি দিয়ে আৰু বায়ুকোষৰ ভিতৰৰ অক্সিজেন তেজে গ্রহণ কৰে।
মানুহৰ ক্ষেত্ৰত, শ্বাসৰঞ্জক (Respiratory Pigment) হ’ল হিমগ্লবিন যাৰ অক্সিজেনৰ প্রতি এক তীব্র আসক্তি থাকে। এই শ্বাসৰঞ্জকবিধ তেজৰ লােহিত ৰক্ত কণিকাত থাকে।
অক্সিজেনৰ তুলনাত কার্বনডাই-অক্সাইড পানীত বেছিকৈ দ্ৰৱণীয়। সেয়েহে আমাৰ তেজতকার্বন-ডাই-অক্সাইড মুখ্যতঃ দ্ররীভূত অৱস্থাত পৰিবাহিত হয়। মানুহৰ শৰীৰত বিভিন্ন দ্রব্যৰ পৰিবহণ প্রধানকৈ তৰল সংযােজক কলা তেজৰ সহায়ত সংঘটিত হয়।
তেজৰ মুখ্য উপাদান হল এক তৰল মাধ্যম যাক প্লাজমা বােলা হয়। প্লাজমাত তেজৰ কোষবােৰ ওপঙি থাকে। প্লাজমাই দ্ৰৱীভূত অৱস্থাত খাদ্য, কার্বন-ডাইঅক্সাইড আৰু নাইট্রজেনজাতীয় ৰেচন পদার্থ পৰিবহণ কৰে।
হৃদপিণ্ড হ’ল পেশীৰে গঠিত এক অংগ, যিয়ে গােটেই শৰীৰত তেজৰ সঞ্চালন কৰে। অক্সিজেনযুক্ত তেজ হাওঁফাওঁৰ পৰা আহি হৃদপিণ্ডৰ ওপৰৰ বাঁওফালে থকা পাতল আৱৰণীযুক্ত কোঠালিত সােমায়, যাক বাঁও অলিন্দ (left atrium) বােলা হয়।
তেজ গ্রহণ কৰি থকাৰ সময়ত বাঁও অলিন্দ প্ৰসাৰিত অৱস্থাত থাকে। পিছত ইয়াৰ সংকোচন ঘটে আৰু ইয়াৰ তলত থকা কোঠালিটো, বাঁও নিলয় (left ventricle) ৰ একেসময়তে প্রসাৰণ ঘটে। ইয়াৰ ফলত বাঁও অলিন্দৰ পৰা বাঁও নিলয়লৈ তেজৰ স্থানান্তৰ ঘটে।
যেতিয়া পেশীযুক্ত বাঁও নিলয়ৰ সংকোচন ঘটে, তেতিয়া তেজ গােটেই শৰীৰলৈ ওলাই যায়। যেতিয়া হৃদপিণ্ডৰ ওপৰৰ সোঁফালে থকা কোঠালিটো, সোঁ অলিন্দ (right atrium) ৰ প্ৰসাৰণ ঘটে তেতিয়া গােটেই শৰীৰৰ পৰা অহা অক্সিজেন ৰহিত তেজ এই কোঠালিটোত সােমায়।
যেতিয়া সে অলিন্দৰ সংকোচন ঘটে, ইয়াৰ তলৰ কোঠালিটো, সোঁ নিলয় (right ventricle) ৰ একে সময়তে প্ৰসাৰণ ঘটে। ইয়াৰ বাবে তেজ সোঁ অলিন্দৰ পৰা সোঁ নিলয়ত সােমায়। সোঁ নিলয়ৰ সংকোচনৰ ফলত তেজে অক্সিজেনযুক্ত হ’বৰ বাবে হাওঁফাওঁলৈ গতি কৰে।
হৃদপিণ্ডৰ পৰা শৰীৰৰ বিভিন্ন অংগলৈ তেজ কঢ়িয়াই নিয়া ৰক্তনলীসমূহক ধমনী বােলা হয়। সিৰাসমূহে বিভিন্ন অংগৰ পৰা তেজ সংগ্রহ কৰে আৰু হৃদপিণ্ডলৈ উভটাই আনে। কোনাে এটা অংগ বা কলা পােৱাৰ পিছত, ধমনীবােৰ সূক্ষ্ম সূক্ষ্ম ৰক্তনলীলৈ বিভাজিত হৈ যায়, যাতে প্রতিটো ব্যক্তিগত কোষকেই তেজৰ যােগান ধৰিব পৰা যায়।
আটাইতকৈ সৰু ৰক্তনলীসমূহৰ বেৰবােৰ এটা কোষৰ সমান ডাঠ হয় আৰু এইবােৰক ৰক্তকেশিকা বােলা হয়। তেজত অনুচক্রিকা কোষবােৰ থাকে, যিয়ে তেজৰ লগত গােটেই শৰীৰতে সঞ্চালিত হৈ থাকে। অনুচক্রিকা কোষসমূহে ক্ষতস্থানবোেৰত ৰক্তনলীৰ ক্ষত অংশ বন্ধ কৰি তেজ গােট মৰাত সহায় কৰে।
ৰক্তকেশিকাৰ ৰক্কবােৰৰ মাজেদি প্লাজমাৰ কিছু অংশ, প্রটিন আৰু কিছু ৰক্তকণিকা সংকোষীয় স্থানলৈ সৰকি আহে। ইয়াকে লসিকা (Lymph) বা কলাৰস (tisC. fluid) বলে। লসিকাই অস্ত্ৰৰ পৰা পাচিত আৰু শােষিত চর্বী কঢ়িয়ায় আৰু বহিঃকোষীয়আনৰ পৰা অতিৰিক্ত তৰল তেজলৈ ঘূৰাই নিয়ে।
উদ্ভিদত পৰিবহণ
উদ্ভিদ দেহত জাইলেম কলাৰ মাজেৰে শিপাৰ দ্বাৰা আহৰণ কৰা পানী আৰু খনিজ উদিশত পৰিবাহিত হয়। উদ্ভিদৰ শিপাৰ যিবােৰ কোষ মাটিৰ লগত প্রত্যক্ষ সম্পর্কত কে সেই কোষসমূহে আয়নসমূহ আহৰণ কৰি লয়। ইয়ে উদ্ভিদৰ শিপা আৰু মাটিৰ মাজত আয়নৰ গাঢ়তাৰ পাৰ্থক্যৰ সৃষ্টি কৰে। সেয়েহে, এই পার্থক্য দূৰ কৰিবলৈ পানী মাটিৰ পৰা শিপালৈ প্ৰৱাহিত হয়।
ইয়াৰ ফলত, শিপাৰ জাইলেমলৈ পানীৰ এক স্থিৰ প্রবাহ সময় যিয়ে উদ্ভিদ দেহত পানীৰ এক স্তম্ভৰ সৃষ্টি কৰি তাক অবিৰতভাৱে ওপৰলৈ ঠেলি থাকে। শিপাৰ চাপৰ বাহিৰেও, প্রস্বেদন টান (Transpiration pull) হ’ল জাইলেম কলাৰ মাজেৰে পানীৰ পৰিবহণৰ বাবে আন এক মুখ্য চালিকা শক্তি।
উদ্ভিদদেহত সালােকসংশ্লেষণৰ দ্ৰৱণীয় বিক্রিয়াজাত পদাৰ্থৰ পহিণক খাদ্য স্থানান্তৰণ (Translocation) বােলা হয়। খাদ্য স্থানান্তৰণ আন এক সংবহন কলা, ফ্লোৱেমত সংঘটিত হয়। সালােক-সংশ্লেষণৰ বিক্রিয়াজাত পদার্থৰ বাহিৰেও ফ্লোৱেমে এমিন’ এছিড আৰু আন পদার্থও পৰিবহন কৰে।
খাদ্য আৰু আন পদাৰ্থৰ স্থানান্তৰণ চালনি.নলীকা (Sieve tube) সংগীকোষ (companion cell) ৰ সহযােগত ঊর্ধ্ব আৰু নিম্নমুখী দুয়ােটা দিশতেই সংঘটিত হয়। জাইলেমৰ মাজেৰে হােৱা পৰিবহণৰ বিপৰীতে, ফ্লোৱেমৰ মাজেৰে হােৱা পৰিবহণত শক্তিৰ ব্যৱহাৰ হয়।
ৰেচন
শৰীৰৰ পৰা হানিকাৰক বিপাকীয় বর্জনীয় পদার্থ নিষ্কাশন কৰাৰ জৈৱিক প্রক্রিয়াক ৰেচন (Excretion) বােলা হয়। মানুহৰ ৰেচন তন্ত্রত প্রধান অংগসমূহ হ’ল– এযােৰ বৃক্ক, এযােৰ মূত্রনলী (ureters),.এটা মূত্রথলী (urinary bladder) আৰু এটা মূত্রাশয় (urethra)।
বৃক্কৰ মেীলিক পৰিস্ৰাৱণ এককবােৰক নেফ্রন বােলে। নেফ্রনবােৰ হ’ল কিছুমান দীঘল পলাৰ দৰে গঠন, যাৰ এটা মূৰ কাপৰ আকৃতিৰ। এই অংশটোৱে পৰিস্ৰাৱণৰ পিছত প্রাথমিক এখন সংগ্রহ কৰে।
নেফ্রনৰ পিছৰ অংশত প্রাথমিক পৰিশ্ৰুতৰ পৰা কিছুমান পদার্থ যেনে— মুক’জ, এমিন’এছিড, লৱণ আৰু বহু পৰিমাণে পানী পুনৰ শােষিত হয়। প্রতিটো কতে সৃষ্টি হােৱা মূত্র দুডাল মূত্রনলীৰে আহি মূত্রথলীত জমা হয়, য’ৰ পৰা সময়ে সময়ে ই শৰীৰৰ পৰা নিষ্কাশিত হয়।
উদ্ভিদে অক্সিজেন আৰু কার্বন-ডাই-অক্সাইডক ৰেচন পদার্থ হিচাপে পত্রৰৰ দ্বাৰা ক্ৰয়াৰে শৰীৰৰ পৰা আঁতৰ কৰে। উদ্ভিদে অতিৰিক্ত পানীভাগ প্রস্বেদনৰ দ্বাৰা শৰীৰৰ পৰা উলিয়াই দিয়ে।
উদ্ভিদদেহৰ বর্জনীয় পদার্থ উদ্ভিদে পাততে সঞ্চিত কৰি ৰাখে, যি পিছত পাতৰ লগত উদ্ভিদৰ শৰীৰৰ পৰা সৰি পৰে। আন কিছুমান বর্জনীয় পদার্থ ৰেজিন (Resins) আৰু আঠা (Gums) হিচাপেও সংগৃহীত হয়। উদ্ভিদে কিছুমান বর্জনীয় পদার্থ সিহঁতৰ চাৰিওফালে থকা মাটিতাে নিষ্কাশন কৰে।