Class 10 Science Chapter 5 Assamese Medium

মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধৱীসকল, আজি আমি Class 10 Science Chapter 5 Assamese Medium তথা মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন নামৰ দশম মান শ্ৰেণীৰ বিজ্ঞানৰ পঞ্চম অধ্যায় আলোচনা কৰিব গৈ আছো।

Class 10 Science Chapter 5 Assamese Medium ত আমি কেৱল এই মূহুৰ্তত প্ৰশ্ন উত্তৰহে যোগান ধৰিব। ইয়াৰ পৰৱৰ্তী সময়ত আমি Class 10 Science Chapter 5 Assamese Medium ত উল্লেখিত প্ৰতিটো বিষয় পুংখানুপুংখভাৱে আলোচনা কৰিম।

Class 10 Science Chapter 5 Assamese Medium

দশম মান শ্ৰেণীৰ বিজ্ঞানৰ পঞ্চম অধ্যায় “মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন” তথা Class 10 Science Chapter 5 Assamese Medium আটাইতকৈ গুৰুত্বপূৰ্ণ অধ্যায় কাৰণ এই অধ্যায়ত আলোচনা কৰা বিষয়সমূহ বুজি নাপালে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, এচিড ক্ষাৰ আৰু লৱণ, ধাতু আৰু অধাতু অধ্যায় কেতিয়াও বুজি নাপাব। সেয়ে এই Class 10 Science Chapter 5 Assamese Medium টো আমি ভালদৰে আলোচনা কৰিব লাগিব।

Class 10 Science Chapter 5 Assamese Medium

ইয়াত আমি এতিয়া পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰ সমূহ আলোচনা কৰিব গৈ আছো। ইয়াৰে কিছুমান প্ৰশ্ন হৈ যোৱা HSLC Final Exam ত সুধিছে। আন কিছু কিছু প্ৰশ্ন আছে যিবোৰ আগন্তুক HSLC 2022 Final Exam ৰ বাবে প্ৰয়োজনীয়।

Class 10 Science Chapter 5 MCQ for HSLC 2024 Exam

  1. এটা পৰমাণুৰ ইলেকট্রনীয় বিন্যাস হ’ল 2, 8, 71 তলত মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব ?(HSLC-2020)
    (i) N (7)
    (ii) F (9)
    (iii) P (15)
    (iv) Ar (18)
    উত্তৰ : (ii) F (9)
  2. মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা ‘K’ মৌলৰ অক্সাইডটোৰ সংকেত হ’ল (HSLC-2022)
    (i) KO2,
    (ii) K2O
    (iii) K2O3
    (iv) K 2 O 2
    উত্তৰ : (ii) K2O
  3. পৰ্য্যাবৃত্ত তালিকাৰ পৰ্য্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিবৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তি সমূহৰ কোনটো উক্তি শুদ্ধ নহয় ?
    (a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে
    (b) যোজক ইলেকট্ৰনৰ সংখ্যা বাঢ়ে
    (c) পৰমাণুসমূহে সহজতে সিহঁতৰ ইলেকট্রন ত্যাগ কৰিব পাৰে
    (d) অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে
    উত্তৰঃ (c) পৰমাণুসমূহে সহজতে সিহঁতৰ ইলেকট্রন ত্যাগ কৰিব পাৰে।
  4. মৌল X যে XCI, সংকেতৰ ক্ল’ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদার্থ। মৌল X তলৰ কোনটোৰে সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি ?
    (a) Na
    (c) Al
    (b) Mg
    (d) Si
    উত্তৰ : (b) Mg
  5. পৰ্য্যাবৃত্ত তালিকাৰ দ্বিতীয় পৰ্য্যায়ত থকা ধাতু সমূহৰ নাম লিখা ।(HSLC ’16)
    (a) কার্বন, হাইড্রজেন
    (b) লিথিয়াম, বেৰিলিয়াম
    (c) জিংক, আৰ্চেনিক
    (d) কেডমিয়াম, ফ্রেমিয়াম
    উত্তৰ: (b) লিথিয়াম, বেৰিলিয়াম
  6. মৌলৰ পৰ্য্যাবৃত্ত তালিকাৰ পৰ্য্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণবিক ব্যাসার্ধক্রমান্বয়ে (HSLC’16)
    (a) বাঢ়ে
    (b) কমে
    (c) একেই থাকে
    (d) ওপৰৰ এটাও নহয়
    উত্তৰ : (b) কমে
  7. পর্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে এটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোন (HSLC-2018)
    (a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে
    (b) যোজক ইলেকট্ৰনৰ সংখ্যা বাঢ়ে
    (c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্রন অধিক সহজে হেৰুৱায
    (d) অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে
    উত্তৰ : (d) অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে
  8. মৌল X যে XCI, সংকেতৰ ক্ল’ৰাইড কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদার্থ। মৌল X তলৰ কোনটোৰে সৈতে একেটা বৰ্গত থকা সম্ভাৱনা সবাতোকৈ বেছি (HSLC-2019)
    (i) Na
    (ii) Mg
    (iii) Al
    (iv) Si
    উত্তৰ : (ii) Mg
  9. ট্রায়াড সূত্ৰ আগবঢ়াইছিল—
    (a) ড’ বাৰেইনাৰে
    (b) মেণ্ডেলিফ
    (c) লোমাৰ মেয়বিন
    (d) নিউলেণ্ডে
    উত্তৰ : (a) ড’বাৰেইনাৰে
  10. আধুনিক পর্যায়বৃত্ত তালিকাৰ ভিত্তি হ’ল—
    (a) পাৰমাণবিক ভৰ
    (b) পাৰমাণৱিক সংখ্যা
    (c) নিউট্ৰ’নৰ সংখ্যা
    (d) ইলেকট্ৰ’নৰ সংখ্যা
    উত্তৰ : (b) পাৰমাণৱিক সংখ্যা
  11. আধুনিক পর্যাবৃত্ত তালিকাখন প্ৰস্তুত কৰা বিজ্ঞানীজনৰ নাম হ’ল-
    (a) মেণ্ডেলিফ
    (c) নীলছ বৰ
    (b) মজলি
    (d) নিউলেণ্ড
    উত্তৰ : (c) নীলছ বৰ
  12. অষ্টক সূত্ৰটো আগবঢ়াইছিল –
    (a) মেয়াৰ
    (b) ড’বাৰেইনাৰ
    (c) নিউলেণ্ড
    (d) মজলি
    উত্তৰ: (c) নিউলেণ্ড
  13. মেণ্ডেলিফৰ দিনত মৌলৰ সংখ্যা আছিল—
    (a) 63
    (c) 9
    (b) 109
    (d) 65
    উত্তৰ : (a) 63
  14. তলত দিয়াবোৰৰ পৰা ধাতুকল্পটো বাছি উলিওৱা ।
    (a) P
    (b) s
    (c) Cl
    (d) Si
    উত্তৰ : (d) Si
  15. একে বৰ্গত থকা মৌল দুটা হ’ল –
    (a) N, O
    (b) Ne, Ar
    (c) K, Ca
    (d) Mn, Fe
    উত্তৰ : (b) Ne, Ar
  16. একে পর্যায়ত থকা মৌল দুটা হ’ল-
    (a) H, He
    (b) Li, Na
    (c) O,s
    (d) B, Al
    উত্তৰ : (a) H, He
  17. তলৰ কোন কেইটা মৌল ড’বাৰেইনাৰে ট্ৰায়াড পোৱা যায়—
    (a) N, P, As
    (c) Ca, cl, P
    (b) Ca, Sr, Ba
    (d) Li, Sr, I
    উত্তৰ : (b) Ca, Sr, Ba
  18. নিউলেণ্ডৰ সময়ত মৌলৰ সংখ্যা ধৰা হৈছিল—
    (a) 50
    (c) 56
    (b) 65
    (d) 105
    উত্তৰ : (c) 56
  19. আধুনিক পর্যাবৃত্ত তালিকাত পঞ্চম পৰ্যায়ত থকা মৌলৰ সংখ্যা হ’ল—
    (a) 8
    (b) 32
    (c) 18
    (d) 20
    উত্তৰ : (c) 18
  20. একে পর্যায়ত থকা মৌলবোৰৰ বাওফালৰ পৰা সোফাললৈ পাৰমাণবিক ব্যাসাৰ্দ্ধ—
    (a) কমি যায়
    (c) একেইথাকে
    (b) বাঢ়ে
    (d) প্রথমতেকমে, পিছতবাঢ়ে
    উত্তৰ : (a) কমি যায়
  21. একে বর্গত থকা মৌল কেইটা-
    (a) Li, Na, k
    (c) Na, Mg, Al
    (b) Li, Be, B
    (d) P,S, Cl
    উত্তৰ : (a) Li, Na, k
  22. পাৰমাণৱিক সংখ্যা 12 হ’লে যোজ্যতা হ’ব-
    (a) 1
    (c) 4
    (b) 2
    (d) 3
    উত্তৰ : (b) 2
  23. আধুনিক পর্যাবৃত্ত তালিকাৰ ভিত্তি হ’ল-
    (a) পাৰমাণৱিক ভৰ
    (b) পৰমাণু ক্রমাংক
    (c) ইলেকট্রনীয় বিন্যাস
    (c) যোজ্যতা
    উত্তৰ : (b) পৰমাণু ক্রমাংক
  24. B, Be, O আৰু Nমৌলকেইটাৰ পাৰমাণৱিক ব্যাসাৰ্দ্ধৰ অধোক্রম হ’ব—
    (a) Be>B>N>O
    (c) B>Be>O>N
    (b) O>N>B>Be
    (d) N>O>Be>B
    উত্তৰ : (a) Be>B>N>O
  25. মৌলসমূহক শ্ৰেণীবিভাজন কৰা পৰ্যাবৃত্ত তালিকাৰ উদ্ভাৱকজন হ’ল-
    (a) লোথাৰ মেয়াৰ
    (b) ই. ৰাডাৰফ’ৰ্ড
    (c) জে. ডব্লিউ. ডবাৰেইনাৰ
    (d) ডি. আই. মেণ্ডেলিভ
    উত্তৰ : (d) ডি. আই. মেণ্ডেলিভ
  26. ক্ষাৰ ধাতু সমূহৰ বহিঃতম খোলত থকা ইলেক্ট্ৰনৰ সংখ্যা হৈছে-
    (a) 1
    (b) 2
    (c) 8
    (d) 4
    উত্তৰ : (a) 1
  27. সবাতোকৈ বিদ্যুৎ ঋণাত্মক মৌলটো হৈছে—
    (a) O
    (b) F
    (c) Cl
    (d) Na
    উত্তৰ : (b) F
  28. পর্যাবৃত্ত তালিকাৰ দ্বিতীয় আৰু চতুর্থ পৰ্যায়ৰ মৌল যথাক্রমে——
    (a) 2, 8
    (b) 8, 8
    (c) 8, 18
    (d) 18, 18
    উত্তৰ : (c) 8, 18
  29. তলত দিয়া মৌলসমূহৰ আয়নীকৰণ শক্তি কোনটোৰ আটাইতকৈ বেছি?
    (a) Li
    (b) B
    (c) N
    (d) o
    উত্তৰ : (c) N
  30. Na, K, Rb আৰু Cs ৰ ধাতবীয় গুণৰ বৰ্ধিত ক্ৰমটো হৈছে—
    (a) Cs < Rb < K < Na
    (b) Na < K < Rb < Cs
    (c) Cs < Na < K<Rb
    (d) Na < Cs < K<Rb
    উত্তৰ : (b) Na < K< Rb < Cs
  31. পর্যাবৃত্ত তালিকাৰ কেইটা বৰ্গ আছে?
    (a) 16টা
    (b) 12টা
    (c) 18টা
    (d) 14টা
    উত্তৰ : (c) 18 টা
  32. আধুনিক পৰ্য্যাবৃত্ত তালিকাত থকা প্ৰথম দহোটা মৌলৰ ভিতৰত কোনকেইটা ধাতু ?
    (a) লিথিয়াম আৰু মেগনেচিয়াম
    (b) লিথিয়াম আৰু হাইড্ৰনিয়াম
    (c) মেগনেলিয়াম আৰু বেৰিলিয়াম
    (d) লিথিয়াম আৰু বেৰিলিয়াম
    উত্তৰ : (d) লিথিয়াম আৰু বেৰিলিয়াম
  33. ট্রায়াড সূত্ৰ আগবঢ়োৱা জার্মান বিজ্ঞানীজনৰ নাম লিখা
    (a) জে. ডব্লিউ. ড’বাৰেইনাৰ
    (b) এ. আৰ নিউলেণ্ড
    (c) ৰাডাৰফৰ্ড
    (d) ওপৰৰ এটাও নহয
    উত্তৰ : (a) জে. ডব্লিউ. ড’বাৰেইনাৰ
  34. অষ্টক সূত্ৰটো কোনজন বিজ্ঞানীয়ে আগবঢ়ায়।
    (a) জে. ডব্লিউ. ড’বাৰেইনাৰ
    (b) ৰাডাৰফৰ্ড
    (c) এ আৰ নিউলেণ্ড
    (d) ওপৰৰ এটাও নহয়
    উত্তৰঃ (c) এ আৰ নিউলেণ্ড
  35. মেণ্ডেলিফৰ তালিকাখনক কি বুলি কোৱা হয় ৷
    (a) মেণ্ডেলিক তালিকা
    (b) মৌল তালিকা
    (c) পর্যায়ক্রম তালিকা
    (d) পর্যাবৃত্ত তালিকা
    উত্তৰ : (d) পর্যাবৃত্ত তালিকা
  36. মেণ্ডেলিফৰ দিনত কিমানটা মৌলৰ অস্তিত্বৰ সম্বন্ধে জনা গৈছিল ?
    (a) 63 টা
    (c) 61 টা
    (b) 62 টা
    (d) 60 টা
    উত্তৰ : (a) 63 টা
  37. মৌলবোৰৰ ভৌতিক আৰু ৰাসায়নিক ধর্মবোৰ মৌলবোৰৰ –—অনুযায়ী পৰ্যায়ক্রমে পৰিবৰ্তন হয় ৷
    (a) পাৰমাণৱিক ওজন
    (b) পাৰমাণৱিক ক্ৰম
    (c) পাৰমাণৱিক ভৰ
    (d) ওপৰৰ এটাও নহয
    উত্তৰঃ (c) পাৰমাণৱিক ভৰ
  38. আধুনিকপর্যাবৃত্ত তালিকাৰ ভিত্তি কি ?
    (a) পাৰমাণৱিক সংখ্যা
    (b) পাৰমাণৱিক ভৰ
    (c) পাৰমাণৱিক ক্ৰম
    (d) ওপৰৰ এটাও নহয়
    উত্তৰ : (a) পাৰমাণৱিক সংখ্যা
  39. আধুনিক পর্যাবৃত্ত তালিকাত পর্যায় আৰু বৰ্গৰ সংখ্যা কিমান ?
    (a) 5 টা পৰ্যায় আৰু 12টা বৰ্গ
    (b) 7 টা পৰ্যায় আৰু 15টা বৰ্গ
    (c) 5 টা পৰ্যায় আৰু 16টা বৰ্গ
    (d) 7 টা পৰ্যায় আৰু 1 ৪টা বৰ্গ
    উত্তৰ : (d) 7 টা পৰ্যায় আৰু 1 ৪টা বৰ্গ
  40. আধুনিক পর্যাবৃত্ত তালিকাখন কোনে প্রস্তুত কৰিছিল ?
    (a) নীলব’ৰ
    (b) জে. ডব্লিউ. ড’বাৰেইনাৰ
    ((c) এ. আৰ নিউলেণ্ড
    (d) ৰাডাৰফৰ্ড
    উত্তৰ : (a) নীলব’ৰ
  41. পর্যাবৃত্ত তালিকাৰ পৰ্যায় কাক বোলে ?
    (a) থিয়কৈ থকা শাৰীবোৰক
    (b) পথালিকৈ থকা শাৰীবোৰক
    (c) কোণীয়াকৈ থকা শাৰীবোৰক
    (d) ওপৰৰ এটাও নহয
    উত্তৰ: (b) পথালিকৈ থকা শাৰীবোৰক
  42. দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত থকা মৌলৰ সংখ্যা কিমান ?
    (a) আঠটা
    (b) দুটা
    (c) দহটা
    (d) ছয়টা
    উত্তৰ : (a) আঠটা
  43. বৰ্গ এটাত মৌলৰ যোজ্যতাৰ কি পৰিবৰ্তন হয় ?
    (a) কমি যায়
    (b) বাঢ়ে
    (c) প্রথমে কমে তাৰ পিছত বাঢ়ে
    (d) একো পৰিৱৰ্তন নহয়
    উত্তৰ : (d) একো পৰিৱৰ্তন নহয

প্ৰশ্ন উত্তৰ Page No 81

১। নিউলেণ্ডছ অষ্টকৰ স্তম্ভবােৰত ড’বাৰেইনাৰৰ ট্রায়াড় আছিলনে? তুলনা কৰা আৰু বিচাৰি উলিওৱা।
উঃ আছিল। উদাহৰণ-Li, Na, K দ্ৰাৱত মৌলবােৰ নিউলেণ্ডছৰ দ্বিতীয় স্তম্ভত আছিল।

২। ড’বাৰেইনাৰৰ শ্রেণী বিভাজনৰ সীমাবদ্ধতাবােৰ কি কি আছিল?
উঃ ড’বাৰেইনাৰৰ শ্রেণী বিভাজনৰ সীমাবদ্ধতা : ড’বাৰেইনাৰৰ মৌলবােৰৰ মাজত তিনিটা ট্রায়ডহে চিনাক্ত কৰিছিল। মৌলৰ শ্রেণী বিভাজনৰ বাবে ই যথেষ্ট নাছিল।

৩। নিউলেণ্ডৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা কি কি আছিল?
উঃ নিউলেগুছৰ অষ্টক নিয়মটোৰ সীমাবদ্ধতা:

  • নিউলেণ্ডছৰ অষ্টক নিয়মটো কেবল মাত্র কেলছিয়াম পর্যন্তহে প্রযােজ্য।
  • নিউলেণ্ডছৰ তালিকাত কেতিয়াবা দুটা মৌল একেটা স্থানতে প্রতিষ্ঠা কৰিছিল। ধৰ্মৰ মিল নথকা মৌলবােৰ একেটা স্তম্ভতে ৰাখিছিল।
  • নিষ্ক্রিয় গেছৰ বাবে নিউলেণ্ডছৰ অষ্টক নীতি প্রযােজ্য নহয়।

প্ৰশ্ন উত্তৰ Page No 85

১। মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নির্ণয় কৰা।
K, C, Al, Si, Ba.

উঃ K20, CO2, AI2O3, SiO2, BaO.

২। গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কৃত হােৱাৰ পূর্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল? (যিকোনাে দুটা)
উঃ স্কেণ্ডিয়াম আৰু জার্মেনিয়াম।

৩। মেগুেলিভে তেওঁৰ পর্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবােৰ কি কি আছিল ?
উ :

  • মেণ্ডেলিভে মৌলসমূহক সিহঁতৰ পাৰমাণৱিক ভৰৰ বর্ধিত ক্ৰমত ৰাখিছিল কিয়নাে মৌলবাৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ পর্যায় ক্রমে সলনি হয়।
  • মৌলসমূহে গঠন কৰা হাইড্রাইড আৰু অক্সাইডবােৰৰ সংকেতক মৌলবােৰৰ শ্ৰেণীবিভাজন কৰোঁতে বিশেষ গুৰুত্ব দিছিল।

৪। সম্রান্ত গেছবােৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে? H.S.L.C-18
উঃ সম্রান্ত গেছবােৰে ৰাসায়নিক বিক্রিয়াত অংশ নলয়। সেইবাবে এইবােৰ গেছক অন্যান্য মৌলতকৈ পৃথক বৰ্গত ৰখা হৈছে।

প্ৰশ্ন উত্তৰ Page No 90

১। আধুনিক পর্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাত থকা আসোঁৱাহবােৰ কিদৰে দূৰ কৰিছিল?
উঃ আধুনিক পর্যাবৃত্ত তালিকাই মেশুেলিভৰ পর্যাবৃত্ত তালিকাত থকা আসোঁৱাহবােৰ তলত দিয়াৰ দৰে দূৰ কৰিছিল

  • হাইড্রজেনৰ স্থানঃ আধুনিক পর্যাবৃত্ত তালিকাত হাইড্রজেনৰ পাৰমাণৱিক সংখ্যা মেগুেলিভৰ পর্যাবৃত্ত তালিকাৰ প্ৰথমটো আসোঁৱাহ হ’ল তেওঁ হাইড্রজেনক তালিকাত সঠিক স্থান দিব পৰা নাছিল।
  • সমস্থানিক অবস্থান : যিবােৰ মৌলৰ পৰমাণুত থকা প্রটনৰ সংখ্যা একে, সেইবােৰৰ পাৰমাণৱিক সংখ্যাও একে। গতিকে সমস্থানিকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি এইবােৰক পর্যাবৃত্ত তালিকাত একেটা বৰ্গতে স্থান দিয়া হৈছে।
  • মেণ্ডেলিভৰ তালিকাত যিবােৰ মৌলৰ স্থান বিতর্ক আছিল সেই সমস্যা আধুনিক পর্যাবৃত্ত তালিকাখন মৌলৰ পাৰমাণবিক সংখ্যাৰ ওপৰত ভিত্তি কৰি সজোৱা বাবে দুৰ হৈছিল।

২। মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্রিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা। তােমাৰ এই বাছনিৰ ভিত্তি কি?
উ : মৌল দুটাৰ নাম হৈছে— (ক) বেৰিয়াম আৰু (খ) কেলছিয়াম।
এই মৌল দুটাৰ যােজক কক্ষত Mgৰ দৰে সমান সংখ্যক ইলেকট্রন থকা বাবে মেগনেছিয়ামৰ দৰে বিক্রিয়া দেখুৱাই।

৩। নাম লিখা।
(a) বহিৰতম কক্ষত এটাকৈ ইলেকট্রন থকা তিনিটা মৌলৰ।।
(b) বহিৰতম কক্ষত দুটাকৈ ইলেকট্রন থকা দুটা মৌলৰ।
(c) পৰিপূৰ্ণ বহিৰতম কক্ষ থকা তিনিটা মৌলৰ।

উঃ (a) লিথিয়াম, ছ’ডিয়াম আৰু পটেছিয়াম।
(b) মেগনেছিয়াম আৰু বেৰেলিয়াম।
(c) হিলিয়াম, নিয়ন আৰু আর্গন।

৪। (a) লিথিয়াম, ছ’ডিয়াম, পটেছিয়াম- এই আটাইকেইটা ধাতু। ইহঁতে পানীৰ সৈতে বিক্রিয়া কৰি হাইড্রজেন মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে?
(b) হিলিয়াম এটা নিষ্ক্রিয় গেছ আৰু নিয়ন এটা প্রায় নিষ্ক্রিয় গেছ। ইহঁতৰ পৰমাণুবােৰৰ মাজত কি কি মিল থকা দেখা যায় ?
উঃ

  • লিথিয়াম, ছ’ডিয়াম, পটেছিয়াম ধাতুৰ মাজৰ সাদৃশ্য এই যে ইহঁতৰ প্রত্যেকৰে পৰমাণুৰ বহিৰতম কক্ষত মাত্র এটাকৈ ইলেকট্রন থাকে।
  • হিলিয়াম আৰু নিয়নৰ মাজৰ সাদৃশ্য হ’ল— ইহঁত দুয়ােটা পৰমাণুৰ বহিঃকক্ষ ইলেকট্রনেৰে পৰিপূৰ্ণ হৈ থাকে।

৫। আধুনিক পর্যাবৃত্ত তালিকাত থকা প্রথম দহােটা মৌলৰ ভিতৰত কোনকেইটা ধাতু?
উঃ প্রথম দহােটা মৌলৰ ভিতৰত লিথিয়াম আৰু বেৰিলিয়াম ধাতু।

৬। পর্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধর্মী হব বুলি অনুমান কৰিবা? Ga, Ge, As, Se, Be
উঃ Beৰ ধাতৱীয় ধর্ম সর্বোচ্চ।

অনুশীলনীৰ প্ৰশ্ন উত্তৰ

১। এটা পৰমাণুৰ ইলেকট্রনীয় বিন্যাস হ’ল 2.8
(a) এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি ?
(b) তলৰ মৌলবােৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব ? (বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবােৰ দিয়া হৈছে) H.S.L.C.-17
N (7) F (9) P (15) Ar (18)
উ: (a) মৌলটোৰ পাৰমাণবিক সংখ্যা হ’ব 17
(b) F(9), (2,7) ৰাসায়নিকভাৱে মৌলৰ লগত একে ৰাসায়নিক সাদৃশ্য থকা মৌলটো হ’ব F(9) কাৰণ ইয়াৰ ইলেকট্রনীয় বিন্যাস 2.7 গতিকে যােজ্যতা একেই।

২। মৌল Xয়ে XCI2 সংকেতৰ ক্ল’ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গােটা পদার্থ। মৌল X. তলৰ কোনটোৰ সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা। সবাতােকৈ বেছি?
(a) Na (b) Mg (c) AI (d) Si
উ : (b) Mg

৩। কোনটো মৌলৰ আছে-
(a) ইলেকট্রনপূর্ণ দুটা কক্ষ ?
(b) 2,8,2 ইলেকট্রনীয় বিন্যাস?
(c) যােক কক্ষত চাৰিটা ইলেকট্রনৰে সৈতে মুঠ তিনিটা কক্ষ?
(d) দ্বিতীয় কক্ষত তিনিটা ইলেকট্রনৰে সৈতে মুঠ তিনিটা।
(e) দ্বিতীয় কক্ষত প্রথম কক্ষৰ দুগুণ ইলেকট্রন ?
উ। (a) নিয়ন, Ne(2.8)
(b) মেগনেছিয়াম, Mg (2.8.2)
(c) ছিলিকন, Si (2.8.4)
(d) ব’ৰণ, B (2.3)
(e) কার্বন, C (2.4)

৪। (a) পর্যাবৃত্ত তালিকাত ব’ৰণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবােৰৰ কি কি সাধাৰণ ধর্ম আছে?
(b) পর্যাবৃত্ত তালিকাত ফ্লৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবােৰৰ কি কি সাধাৰণ ধর্ম আছে?
উ : (a) সিহঁতৰ আটাইবােৰৰে যােজ্যতা 3
(b) সিহঁতৰ আটাইবােৰৰে যােজ্যতা 1

৫। এটা পৰমাণুৰ ইলেকট্রনীয় বিন্যাস 2.8.7
(a) এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি?
(b) তলৰ মৌলবােৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? (বন্ধনিৰ ভিতৰত পাৰমাণৱিক সংখ্যাবােৰ দিয়া হৈছে)।
N(7) F(9) P(15) Ar(18)

উ : (a) ইয়াৰ পাৰমাণৱিক সংখ্যা 17
(b) মৌলটো F(9) ইয়াৰ পৰমাণু ক্ৰমাংক 9 আৰু ইলেকট্রনীয় বিন্যাস 2.7

৬। পর্যাবৃত্ত তালিকাত তিনিটা মৌল A, B আৰু Cৰ স্থানসমূহ তলত দেখুওৱা হৈছে—
16 বর্গ 17 বর্গ
– –
– A
– –
B C
মৌল A ধাতু নে অধাতু?
(b) Cমৌলটো Aতকৈ বেছি সক্রিয় নে কম সক্রিয়
(c) C মৌলটো আকাৰত Bতকৈ ডাঙৰনে সৰু?
(d) মৌল Aএ কেনে ধৰণৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব?

উ : (a) A মৌলটো অধাতু।
(b) Cমৌলটো Aতকৈ কম সক্রিয়।
(c) C মৌলটো আকাৰত Bতকৈ সৰু।
(d) Aএ এনায়ন গঠন কৰিব।

৭। নাইট্রজেন (পাৰমাণৱিক সংখ্যা 7) আৰু ফছফৰাছ (পাৰমাণৱিকত সংখ্যা 15) পর্যাবৃত্ত তালিকাৰ বর্গ 15ত থাকে। এই মৌল দুটাৰ ইলেকট্রনীয় বিন্যাস লিখা। সিহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ’ব আৰু কিয়? (H.S.L.C-15/18)
উ : নাইট্রজেনৰ ইলেকট্রনীয় বিন্যাস2.5 ফছফৰাছৰ পৰমাণু ক্ৰমাংক 15, ইলেকট্রনীয় বিন্যাস 2.8.5 নাইট্রজেন আৰু ফছফৰাছ একেটা বৰ্গৰ মৌল। ফছফৰাছৰ পাৰমাণৱিক আকাৰ নাইট্রজেনতকৈ বেছি। নাইট্রজেনৰ বিদ্যুৎ ঋণাত্মক গুণ ফছফৰাছতকৈ বেছি।

৮। পৰমাণু এটাৰ ইলেকট্রনীয় বিন্যাস আধুনিক পর্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে।
উঃ আধুনিক পৰ্য্যবৃত্ত তালিকাত মৌল এটাৰ পৰমাণু ক্ৰমাংক আৰু ইলেকট্রনীয় বিন্যাসে মৌলটো কোনটো বগত থাকিব তাৰ অৱস্থানৰ সম্ভেদ পােৱা যায়।
উদাহৰণস্বৰূপে—ছডিয়ামৰ ইলেকট্রনীয় বিন্যাস 2.8.1 গতিকে ইয়াৰ যােজক কক্ষত 1 টা মাত্র ইলেকট্রন থাকে বাবে 1 নং বৰ্গত অবস্থিত। ইয়াৰ মুঠ কক্ষ সংখ্যা 3টা গতিকে ইয়াৰ পর্যায় হ’ব তৃতীয়।

৯। আধুনিক পর্যাবৃত্ত তালিকাত কেলছিয়াম (পাৰমাণৱিক সংখ্যা 20) 12,19,21 আৰু 38 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলকেইটাৰ দ্বাৰা পৰিৱেষ্টিত হৈ আছে।। এইকেইটাৰ কাৰ কাৰ ভৌতিক আৰু ৰাসায়নিক ধর্মসমূহ কেলছিয়ামৰ সৈতে মিলে?
উ : কেলছিয়াম পৰমাণু ক্রমাংক Ca= 20
ইলেকট্রনীয় বিন্যাস = 2.8.8.2 ইয়াৰ চাৰিওফালে থকা মৌলকেইটাৰ ইলেকট্রনীয় বিন্যাস হব—
পাৰমাণৱিক সংখ্যা ইলেকট্রনীয় বিন্যাস
Mg (12) 2.8.2
K (19) 2.8.8.1
Sc (21) 2.8.8.3
Sr (38) 2.8.18.8.2
12 আৰু 38 পৰমাণু ক্রমাংক বিশিষ্ট মৌল দুটাৰ ধৰ্ম কেলছিয়ামৰ লগত মিলে।

১০। মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকা আৰু আধুনিক পর্যাবৃত্ত তালিকাৰ মৌলৰ শ্রেণীবিভাজনৰ তুলনা কৰা।
উঃ মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকা-

  1. ৪টা মাত্র বর্গ আছিল।
  2. সমস্থানিকৰ বাবে কোনাে নির্দিষ্ট স্থান নাছিল।
  3. সম্রান্ত গেছক বেলেগ স্থান দিয়া নাছিল।

আধুনিক পর্যাবৃত্ত তালিকা

  1. (ক) মুঠ 18টা বৰ্গ আছে।
  2. (খ) সমস্থানিকবােৰ বাৰে সুকীয়া স্থান ৰখা
  3. (গ) সভ্রান্ত গেছবােৰক এক পৃথক বৰ্গত স্থান দিয়া হৈছে।

কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ

১। পর্যাবৃত্ততালিকাৰ পর্যায় কাক বােলে?
উঃ পর্যাবৃত্ত তালিকাখনত পথালিকৈ থকা শাৰীবােৰক পর্যায় বােলে।

২| এলকালি মৌলবােৰৰ বহিঃখােলত কেইটাকৈ ইলেকট্রন থাকে?
উঃ এটাকৈ ইলেকট্রন থাকে।

৩। আধুনিক পর্যাবৃত্ত সূত্ৰটো লিখা।
উঃ মৌলবােৰৰ ভৌতিক আৰু ৰাসায়নিক ধর্ম মৌলবােৰৰ পাৰমাণবিক সংখ্যা অনুযায়ী পর্যায়ক্রমে পৰিৱর্তন হয়।

৪। এটা মৌলৰ পৰমাণুৰ ইলেকট্রনীয় বিন্যাস হল- 2.8.1 (H.S.L.C.-16)
(i) মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান?
(ii) তলৰ মৌলবােৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য আছে? (বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবােৰ দিয়া আছে)
K(19), Cl(17), Mg(12), Ar(18)
উ : (i) 11 (ii) K (19)

৫। মৌলৰ পৰ্য্যাবৃত্ত তালিকাৰ পৰ্য্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক ব্যাসার্ধ ক্রমান্বয়ে (H.S.L.C.-16)
(a) বাঢ়ে (b) কমে (c) একেই থাকে (d) ওপৰৰ এটাও নহয়।
উ : (b) কমে।

৬। পর্যাবৃত্ত তালিকাৰ পর্যায়বােৰ বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয়? (HSL.C.-18)
(a) মৌলবােৰ কম ধাতৱধৰ্মী হৈ পৰে।।
(b) যােজক ইলেকট্রন সংখ্যা বাড়ে।
(c) পৰমাণুবােৰে সিহঁতৰ যােজক ইলেকট্রন অধিক সহজে হেৰুৱাই।
(d) অক্সাইডবােৰ বেছি আম্লিক হৈ পৰে।
উঃ (c) পৰমাণুবােৰে সিহঁতৰ যােজক ইলেকট্রন অধিক সহজে হেৰুৱাই।


কি কি আলোচনা কৰিলোঁ

আমি আগতেই উল্লেখ কৰিছো যে আজি আমি কেৱল Class 10 Science Chapter 5 Assamese Medium ৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আমাৰ প্ৰতিশ্ৰুতি অনুসৰি আমি আজি আলোচনা কৰিলোঁ All Question Answers Class 10 Science Chapter 5 Assamese Medium তথা Class 10 Science পঞ্চম অধ্যায় মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন।

এই অধ্যায়ত আমি আলোচনা কৰা প্ৰশ্ন উত্তৰৰ উপৰিও যদি আপুনি কিবা প্ৰশ্নৰ কথা ভাবি আছে কিন্তু উত্তৰ বিচাৰি পোৱাত অসুবিধা হৈ আছে তেন্তে আপুনি “Comment Section” ত জনাৱ পাৰে। যদি আপুনি আপোনাৰ প্ৰশ্ন আমাৰ সৈতে পোনপতীয়াকৈ আলোচনা কৰিবলৈ Assamese Medium Facebook PageFollow কৰিব পাৰে।

5 thoughts on “Class 10 Science Chapter 5 Assamese Medium”

Leave a Comment