Class 10 Science Chapter 14 MCQ Assamese

আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো Assamese Medium ৱেবচাইটৰ আন এক গুৰুত্বপূৰ্ণ আলোচনাত। আজি আমি Class 10 Science Chapter 14 MCQ in Assamese আপোনালোকৰ বাবে লৈ আহিছোঁ যিয়ে আপোনাক আগন্তুক HSLC Final Exam 2023 ত সহায় কৰিব।

Class 10 Science Chapter 14 MCQ Assamese

ইয়াৰ আগতে আমি Class 10 Science MCQ for HSLC 2023 কিছু আলোচনা কৰিছো। আপোনাৰ প্ৰয়োজন হলে লিংকত ক্লিক কৰি পঢ়িব পাৰে। তেন্তে আজি আহক আমি Class 10 Science Chapter 14 MCQ in Assamese আলোচনা কৰোঁ।

Class 10 Science Chapter 14 MCQ Assamese Medium অধ্যায়ঃ ১৪ – শক্তিৰ উৎসসমূহ

1. বায়ুশক্তি উৎপাদনত ভাৰতৰ স্থান কিমান
(a) প্রথম
(b) তৃতীয
(c) পঞ্চম
(d) সপ্তম
উত্তৰ: (c) পঞ্চম

2. বায়ুশক্তি উৎপাদনত কোন দেশৰ স্থান প্রথম –
(a) অষ্ট্ৰেলিয়া
(c) ভাৰত
(b) হলেণ্ড
(d) জার্মানী )
উত্তৰ: (d) জার্মানী

3. সৌৰ কোষৰ প্ৰস্তুতকৰণত কি ধাতু ব্যৱহাৰ হয়
(a) এলুমিনিয়াম
(b) কেডমিয়াম
(c) ছিলিকন
(d) ৰূপ
উত্তৰ: (c) ছিলিকন

4. তলৰ কোনটো জৈৱ উপাদান শক্তিৰ উৎসৰ উদাহৰণ নহয় ?
(a) খৰি
(c) নিউক্লীয় শক্তি
(b) গোবৰ গেছ
(d) কয়লা
উত্তৰ : (c) নিউক্লীয় শক্তি

5. আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎসৰ শক্তি হ’ল সঞ্চিত সৌৰশক্তি। তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় ?
(a) ভূ-তাপীয় শক্তি
(c) নিউক্লীয় শক্তি
(b) বায়ু শক্তি
(d) জৈৱ উপাদান
উত্তৰ : (c) নিউক্লীয় শক্তি

6. পেট্ৰ’ল আৰু ডিজেল হৈছে –
(a) নৱীকৰণযোগ্য শক্তিৰ উৎস
(b) প্ৰদূষণ নকৰা শক্তিৰ উৎস
(c) শক্তিৰ মুখ্য উৎস
(d) নৱীকৰণ অযোগ্য শক্তিৰ উৎস
উত্তৰ : (d) নৱীকৰণ অযোগ্য শক্তিৰ উৎস ।

7. পেট্ৰ’লিয়ামৰ পাতত জড়িত এটা প্রক্রিয়া হৈছে—
(a) ঘনীভৱন
(b) বাষ্পীভৱন
(c) পাতন
(d) তৰলীকৰণ
উত্তৰ: (b) বাষ্পীভৱন

8. এনথ্রাছাইটত থকা কাৰ্বনৰ পৰিমাণ হৈছে—
(a) 65%
(c) 95%
(b) 78%
(d) 99%
উত্তৰ : (c) 95%

9. খাৰুৱা তেলৰ তাপ অপঘটন কৰাৰ কাৰণটো—
(a) খাৰুৱা তেলত সহজে পৰিবহণযোগ্য কৰিবলৈ
(b) কেল’ৰি মান বঢ়াবলৈ
(c) অশুদ্ধি আঁতৰাবলৈ
(d) উৎপন্ন হোৱা পেট্ৰ’লৰ পৰিমাণ বঢ়াবলৈ
উত্তৰ : (d) উৎপন্ন হোৱা পেট্ৰ’লৰ পৰিমাণ বঢ়াবলৈ

10. এল. পি. জিক সংৰক্ষিত কৰা হয়—
(a) উচ্চ চাপত
(b) কম উষ্ণতাত
(c) অনুঘটকৰ উপস্থিতিত
(d) ওপৰত উল্লেখ কৰা আটাইকেইটা
উত্তৰ : (a) উচ্চ চাপত

11. নিউক্লীয় শক্তি উৎপাদন কৰা হয়—
(a) নিউক্লীয় একীভৱনৰ দ্বাৰা
(b) তাপ অঘটনৰ দ্বাৰা
(c) নিউক্লীয় বিখণ্ডনৰ দ্বাৰা
(d) বিভাজন পাতনৰ দ্বাৰা
উত্তৰ : (c) নিউক্লীয় বিখণ্ডনৰ দ্বাৰা

12. প্লাষ্টিকবোৰ—
(a) অপচয়ৰ-পৰা-শক্তি উদ্যোগবোৰৰ কাৰণে শক্তিৰ উত্তম উৎস
(b) অপচয়ৰ-পৰা-শক্তিৰ উদ্যোগত ব্যৱহাৰ কৰিব নোৱাৰি
(c) জীৱনমনীয়
(d) এবিধ জীৱাৱশেষ শক্তিৰ উৎস
উত্তৰ : (a) অপচয়ৰ-পৰা শক্তি উদ্যোগবোৰৰ কাৰণে শক্তিৰ উত্তম উৎস

13. তৰলীকৃত পেট্ৰলীয়াম গেছৰ প্ৰধান উপাদান হৈছে –
(a) এক্টিন
(b) বিউটিন
(c) বিউটেন
(d) পেন্টেন
উত্তৰ: (c) বিউটেন

14. তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয় ?(HSLC ’16)
(a) জীৱাশ্ম ইন্ধন
(b) জীৱভৰ
(c) নিউক্লীয় শক্তি
(d) বায়ু শক্তি
উত্তৰ: (c) নিউক্লীয় শক্তি

15. তলৰ কোনটো সৌৰশক্তি আধাৰিত নহয় ?(HSLC-2018)
(a) জৈৱ উপাদান
(b) নিউক্লীয় শক্তি
(c) ভূতাপীয় শক্তি
(d) বায়ু শক্তি
উত্তৰ : (b) নিউক্লীয় শক্তি ।

16. তলৰ কোনটো জীৱ-ভৰ শক্তিৰ উৎসৰউদাহৰণ নহয় ?(HSLC-2019)
(i) খৰি
(ii) নিউক্লীয় শক্তি
(iii) গোবৰ গেছ
(iv) কয়লা
উত্তৰ : (ii) নিউক্লীয় শক্তি

17. তলত কোনটো অপৰম্পৰাগত শক্তিৰ উৎস?(HSLC-2022)
(i) জীৱাশ্মজাত ইন্ধন
(ii) তাপভিত্তিক শক্তি প্রকল্প
(iii) জলশক্তি প্রকল্প
(iv) সৌৰশক্তি
উত্তৰ : (iv) সৌৰশক্তি

18. পানী গৰম কৰিবলৈ সৌৰ জল হীটাৰ এটা ব্যৱহাৰ খৰিব নোৱৰা দিনটো হৈছে এটা —
(a) ৰৌদ্রোজ্বল দিন
(b) ডাৱৰীয়া দিন
(c) গৰম দিন
(d) বতাহে কোবোৱা দিন
উত্তৰ: (b) ডাৱৰীয়া দিন

19. কিহৰ পৰা ক’ক উৎপন্ন হয়
(a) পেট্রলিয়াম
(b) বিটুমিনাচ কয়লা
(c) কাঠ কয়লা
(d) আয়ন
উত্তৰ: (b) বিটুমিনাচ কয়লা

20. বায়ুকল সাজিবলৈ বতাহৰ বেগ অতিকমেও কিমান হোৱা উচিত
(a) 15 km/hr
(b) 200km/hr
(c) 10km/hr
(d) 5 km/hr
উত্তৰ : (a) 15 km/hr

21. জোৱাৰ শক্তি উৎপাদন কৰিবলৈ বাসন্তী জোৱাৰ আৰু লঘু জোৱাৰৰ ব্যৱধান অতি ক্রমেও কিমান হোৱা উচিত
(a) 5 মিটাৰ
(b) 6 মিটাৰ
(c) 4 মিটাৰ
(d) 7 মিটাৰ
উত্তৰ: (d) 7 মিটাৰ

22. বতাহৰ দেশ বুলিলে কি বুজা যায়
(a) ছিডনি
(b) ডেনমার্ক
(c) নিউজিলেণ্ড
(d) ইৰাক
উত্তৰ: (b) ডেনমার্ক

Leave a Comment