দশম মান শ্ৰেণীৰ বিজ্ঞানৰ দশম অধ্যায় “পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ” ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আজি আমি Assamese Medium ত আলোচনা কৰিবলৈ প্ৰয়াস কৰিছো। ইয়াৰ আগতে আমি Class 10 Science ৰ আন আন অধ্যায়সমূহ আলোচনা কৰিছো, আপুনি যদি পঢ়িব খোজো তেন্তে তলত দিয়া হৈছিল লিংকৰ পৰা পঢ়িব পাৰে।
- Also Read:
এই Class 10 Science Chapter 10 Assamese Medium Question Answer ৰ জৰিয়তে আপোনালোকক 2024 চনত হব লগা HSLC Final Exam ত বহুতো সহায় কৰিব বুলি আমি আশাবাদী।
গতিকে আপোনালোকে Class 10 Science Chapter 10 Assamese Medium Question Answer ৰ বাবে এই লিখনি পঢ়িব পাৰে আৰু ইচ্ছা কৰিলে আনকো সহায় কৰিবলৈ বন্ধু বান্ধৱীৰ সৈতে share কৰিব পাৰে।

পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ চমু বিৱৰণ
Contents
বিষয় (Subject) | বিজ্ঞান Class 10 Science |
মাধ্যম | অসমীয়া |
পাঠৰ নাম | পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ |
শ্ৰেণী (Class) | দশম (X) |
অধ্যায় (Chapter) | অধ্যায় ১০ |
পাঠ্যক্ৰম (Syllabus) | ছেবা (SEBA) |
পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ দশমৰ প্ৰশ্ন উত্তৰ
ইয়াত আমি পাঠটোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আলোচনা কৰিব প্ৰয়াস কৰিছো যত সকলো প্ৰশ্ন মেট্ৰিকৰ হৈ যোৱা পৰীক্ষা প্রশ্ন কাকতৰ সমাধান ইয়াত সন্নিবিষ্ট আছে।
Page No 168 Question Answer
১। অৱতল দাপােণৰ মুখ্য ফ’কাছৰ সংজ্ঞা দিয়া।
উঃ অৱতল দাপােণৰ মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হােৱা পােহৰৰ ৰশ্মিয়ে প্রতিফলনৰ পিছত মুখ্য অক্ষৰ যিটো বিন্দু কটাকটি কৰে, সেই বিন্দুকে অৱতল দাপােণৰ মুখ্য ফ’কাছ বােলে।
২। গােলাকাৰ দাপােণ এখনৰ ভাঁজ ব্যাসার্ধ 20 ছে.মি। ইয়াৰ ফ’কাছ দৈর্ঘ্য কিমান?
উ : ইয়াত,
ভজ ব্যসার্ধ (R) =20 ছে.মি, ফ’কাছ দৈর্ঘ্য (F)=?
আমি জানাে যে,
F = R/2 ⇒ 20/2
⇒10 ছে.মি
নির্ণেয় ফকাছ দৈর্ঘ্য = 10 ছে মি.।
৩ | এখন দাপােণৰ নাম কোৱা, যিখনে থিয় আৰু বিৱর্ধিত প্রতিবিম্ব গঠন কৰে?
উ : অতল দাপোণ।
৪ | গাড়ীৰ পিছলৈ চোৱা দাপােণ হিচাপে উত্তল দাপােণ কিয় পছন্দ কৰা হয়?
উঃ গাড়ীৰ পিছফালে চোৱাৰ বাবে উত্তল দাপােণ ব্যৱহাৰ কৰা হয়। এই উত্তল দাপােণে সৰুকৈ হ’লেও থিয় প্রতিবিম্ব গঠন কৰে আৰু ইয়াৰ দৃষ্টিক্ষেত্র বহল গতিকে চালকে বহু দূৰলৈকে বিস্তৃত হৈ থকা বস্তু চাব পাৰে।
Page No 171 Question Answer
১। 32cm ভাঁজ ব্যাসার্ধৰ উত্তল দাপোণ এখনৰ ফ’কাছ দৈর্ঘ্য নির্ণয় কৰা।
উঃ ইয়াত,
ভাঁজ ব্যাসার্ধ (R)=32cm
আমি জানাে যে,
F = R/2
F = 32/2
⇒ 16cm
নির্ণেয় ফ’কাছ দৈর্ঘ্য =16cm
২। অৱতল দাপােণ এখনে ইয়াৰ সন্মুখত 10cm দূৰত্বত ৰখা বস্তু এটাৰ তিনিগুণে বিৱধিত সৎপ্রতিবিম্ব গঠন কৰে। প্রতিবিম্বটোৰ অৱস্থান কি?
উ : ইয়াত,
লক্ষ্যবস্তুৰ দূৰত্ব (u) = -10cm
বিৱর্ধন = -3 (যিহেতু প্রতিবিম্ব সৎ)
m =-v/u
∴ v = – mu.
⇒ – (-3) × (-10)
⇒ v = – 30cm
প্রতিবিম্ব দাপােণৰ সন্মুখত 30cm আঁতৰত গঠিত হয়।
Class 10 Science Page No 176 question Answer
১। পােহৰ বায়ুৰ পৰা 1.5ৰ প্রতিসৰণাংকৰ কাচত প্ৰৱেশ কৰিছে। কাচত পােহৰৰ দ্রুতি কিমান হ’ব? শূন্যত পােহৰৰ দ্ৰুতি 3×108 মিঃ প্রতি ছেকেণ্ড।
উঃ কাচৰ প্ৰতিসৰণাংক (n=1.5)
শূন্যত পােহৰৰ দ্ৰুতি (v)=3 × 108 m/s
∴ কাচৰ মাধ্যমত পােহৰৰ দ্রুতি = v/ng
⇒ 3 × 108/1.5
⇒ 2 × 108 m/s
২। পােহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্রৱেশ কৰিছে। পােহৰৰ ৰশ্মিলৰ উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেঁকা হব? কিয়?
উঃ পােহৰৰ ৰশ্মিডাল উলম্বৰ কাষ চাপিব। কাৰণ, পােহৰ লঘুতৰ মাধ্যমৰ পৰা ঘনত্বৰ মাধ্যমলৈ প্রতিসৰিত হলে পােহৰ ৰশ্মি অভিলম্বৰ কাষলৈ আহে।
৩। পােহৰ বায়ুৰ পৰা 1.5 প্রতিসৰণাংকৰ সঁচৰ মাধ্যমলৈ প্রৱেশ কৰিছে। কাচত পােহৰৰ দ্রুতি কিমান হ’ব? শূন্যত পােহৰৰ দ্রুতি 3 × 108 প্রতি চেকেণ্ড।
উঃ ইয়াত, শূন্যত পোহৰৰ বেগ (v) = 3 ×108 m/s
কাঁচৰ প্ৰতিসৰণাংক (ng) = 1.5
আমি জানাে যে,
ng = v/Vg
⇒ v=v/1.5
=3 × 108/1.5
= 2 × 108 m/s
৪। সর্বোচ্চ আৰু সর্বনিম্ন আলােকী ঘনত্বৰ মাধ্যম দুটা কি?
উঃ বেছি আলােকী ঘনত্বৰ মাধ্যমটো হৈছে— হীৰা কম আলােকী ঘনত্বৰ মাধ্যমটো হৈছে— বায়ু।
৫। তােমাক কেৰাচিন, টাৰপেটাইন আৰু পানী দিয়া হৈছে। এই মাধ্যম কেইটাৰ কোনটোত পােহৰৰ দ্রুতি সর্বোচ্চ?
উঃ তালিকাৰ পৰা কেৰাচিন, টাৰপেটাইন আৰু পানীৰ প্রতিসৰণাংক ক্রমে 1.44, 1.47 আৰু 1.33
যিহেতু পানীৰ প্ৰতিসৰণাকে অটাইতকৈ কম গতিকে পানীত পােহৰৰ দ্ৰুতি সৰ্বোচ্চ।
Class 10 Science Page No 184 Question Answer
১। লেন্ছ এখনৰ 1 ডায়প্টাৰৰ সংজ্ঞা দিয়া।
উ : 1 মিটাৰ ফ’কাছ দৈর্ঘ্যৰ লেন্স এখনৰ ক্ষমতাক 1 ডায়’প্টাৰ বােলে।
২। উত্তল লেন্স এখনে বেজি এটাৰ সৎ আৰু ওলােটা প্রতিবিম্ব। তাৰ পৰা 50 ছে.মি. দূৰত্বত গঠন কৰে। যদি প্রতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয়, তেন্তে লক্ষ্যবস্তুটো উত্তল লেন্ছৰ সন্মুখত ক’ত ৰখা হৈছিল? ইয়াৰ ক্ষমতা নির্ণয় কৰা।
উ : প্রতিবিম্বৰ দূৰত্ব (v) = 50 ছে.মি.
লক্ষ্যবস্তুৰ দূৰত্ব (u) =?
ক্ষমতা (P) =?
∴ u = -v = – 50cm

৩। 2 মি. ফকাছ দৈর্ঘ্যৰ অৱতল লেন্ছ এখনৰ ক্ষমতা নির্ণয় কৰা।
উঃ ইয়াত, ফকাছ দৈর্ঘ্য = -2 মি.
আমি জানাে যে,
(P)= 1/f
⇒ 1/-2
⇒ -0.5D
Class 10 Science Chapter 10 Exercise Solution
১। তলত দিয়া কোনটো পদার্থ লেনছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নােৱাৰি?
(a) পানী (b) কাচ (c) প্লাষ্টিক (d) মৃত্তিকা
উ : (d) মৃত্তিকা।
২। অৱতল দাপােণ এখনে গঠন কৰা প্রতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পােৱা গ’ল। লক্ষ্যবস্তুৰ অৱস্থান কত হ’ব লাগিব ?
(a) মুখ ফ’কাছ আৰু ভাজ ব্যাসার্ধৰ মাজত
(b) ভাজ কেন্দ্ৰত
(c) ভাঁজ কেন্দ্ৰৰ বাহিৰত
(d) দাপােণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত
উঃ (d) দাপােণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।
৩। লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্রতিবিম্ব পাবলৈ হলে লক্ষ্যবস্তুটো উত্তল লেন্ছৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব ?
(a) লেন্ছৰ মুখ্য ফ’কাছত
(b) ফ’কাচ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত
(c) অসীমত।
(d) লেন্ছৰ আলােক কেন্দ্ৰ আৰু মুখ্য ফ’কাছ মাজত
উঃ (b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত।
৪ | এখন গােলাকাৰ দাপােণ আৰু এখন ক্ষীণ গােলাকাৰ লেন্ছ প্রত্যেকৰে ফ’কাছ দৈর্ঘ্য -15cm । দাপােণ আৰু লেন্ছৰ প্ৰকৃতি কেনেকুৱা হ’ব পাৰে?
(a) দুয়ােখন উত্তল
(b) দুয়ােখন অরতুল।
(c) দাপােণখন অৱতল আৰু লেছখন উত্তাল
(d) দাপােণখন উত্তল আৰু লেইখন অতল।
উঃ (b) দুয়ােখন অৱতল।।
৫। দাপােণ এখনৰ পৰা যিমানে দূৰত্ব থিয় নােহােৱা লাগে প্রতিবিম্বটো সদায় থিয় হয়। দাপােণখন কেনেকুৱা হ’ব পাৰে?
(a) সমতল (b) অৱতল। (c) উত্তল (d) হয় সমতল নাইবা উত্তল
উঃ (d) হয় সমতল নাইবা উত্তল।
৬। অভিধানত থকা সৰু সৰু আখৰবােৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেন্ছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা?
(a) 50 cm ফ’কাছ দৈর্ঘ্যৰ উত্তল লেন্ছ।
(b) 5 cm ফ’কাছ দৈর্ঘ্য অৱতল লেন্ছ।
(c) 5 cm ফ’কাছ দৈর্ঘ্যৰ উত্তল লেন্ছ।
(d) 5cm ফ’কাছ দৈর্ঘ্য অৱতল লেন্ছ।
উ : (c) 5 cm ফ’কাছ দৈর্ঘ্যৰ উত্তল লেন্ছ।
৭। 50 ছেমি ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপােণ এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্রতিবিম্ব পাব বিচাৰিছে। দাপােণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হােৱা উচিত? প্রতিবিম্বৰ প্রকৃতি কি হ’ব? প্রতিবিম্বটো। লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু। এই ক্ষেত্ৰত প্রতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মি চিত্র আঁকা।
উঃ অবতল দাপােণ ব্যৱহাৰ কৰি লক্ষ্যবস্তু এটাৰ থিয় প্রতিবিম্ব পাবলৈ লক্ষ্যবস্তুটো মেৰু আৰু ফ’কাছৰ মাজত ৰাখিব লাগিব। গতিকে লক্ষ্যবস্তুৰ পৰিসৰ 0 তকৈ ডাঙৰ আৰু 50 ছে.মি.তকৈ কম হ’ব। দাপােণখনে গঠন কৰা প্রতিবিম্ব অসৎ, থিয় আৰু ই লক্ষ্যবস্তুতকৈ ডাঙৰ হ’ব।

৮। তলত দিয়া পৰিস্থিতিসমূহত ব্যৱহাৰ কৰা দাপােণৰ প্ৰকাৰ লিখা
(a) গাড়ীৰ হেডলাইট (b) গাড়ীৰ পিছলৈ চোৱা দাপােণ (c) সৌৰ ভাতী
উঃ (a) গাড়ীৰ হেডলাইট: অৱতল দাপােণ ব্যৱহাৰ কৰা হয়।
(b) গাড়ীৰ পিছলৈ চোৱা দাপােণ: উত্তল দাপােণ।
(c) সৌৰ ভাতী : অৱতল দাপােণ।
৯। উত্তল লেন্ছ এখনৰ অর্ধাংশ ক’লা কাগজেৰে ঢাকি দিয়া হ’ল। এই লেন্থখনে বস্তু এটাৰ সম্পূর্ণ প্রতিবিম্ব গঠন কৰিবনে? তােমাৰ উত্তৰ পৰীক্ষাৰ যােগেদি প্রমাণ কৰা। তােমাৰ পৰ্যবেক্ষণসমূহ ব্যাখ্যা কৰা।

চিত্রত দেখুওৱাৰ দৰে লেন্ছ এখনৰ আধা অংশ কলা কাগজেৰে ঢাকি দিলেও ই বস্তু এটাৰ সম্পূর্ণ প্রতিবিম্ব গঠন কৰে। এই ক্ষেত্ৰত প্রতিবিম্বটোৰ তীব্রতা হ্রাস হয়, প্রতিবিম্ব সৎ আৰু ওলােটা হয়।
১০। 5cm দৈৰ্ঘ্যৰ বস্তু এটা 10 cm ফ’কাচ দৈৰ্ঘ্যৰ অভিসাৰী লেছ এখনৰ পৰা 25cm দূৰত্বত ৰখা হ’ল। ইয়াৰ ৰশ্মিচিত্র আঁকা আৰু গঠিত প্রতিবিম্বৰ অৱস্থান আকাৰ আৰু প্রকৃতি নির্ণয় কৰা।
উঃ ইয়াত,
u = – 25 cm
f = + 10 cm
v = ?, h=5cm
আমি জানাে যে,

লেন্ছৰ পৰা 16.67cm দূৰত্বত প্রতিবিম্ব গঠন হ’ব।
আকৌ,

প্রতিবিম্বৰ আকাৰ ঋণাত্মক গতিকে প্রতিবিম্বটো ওলােটা আৰু প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ সৰু আৰু 16.67 ছেমি. দূৰত অৱস্থিত।
ৰশ্মি চিত্রঃ স্কেল 1 একক =5cm

১১। 15cm ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্স এখনে তাৰ পৰা 10cm দূৰত্বত প্রতিবিম্ব এটা গঠন কৰে। লক্ষ্যবস্তুটো লেন্সৰ পৰা কিমান দূৰত্বত আছে।
উঃ ইয়াত, v = – 10 cm, f = – 15 cm, u = ?
আমি জানাে যে,

∴ u= – 30 (লক্ষ্যবস্তু দাপােণৰ পৰা 30cm আঁতৰত আছে)
১২। 15cm ফ’কাচ দৈৰ্ঘ্যৰ উত্তল দাপােণএখনৰ পৰা 10cm দূৰত্বত বস্তু এটা ৰখা হল। প্রতিবিম্বৰ অবস্থান আৰু প্রকৃতি নির্ণয় কৰা।
উ: ইয়াত, u = – 10cm, f = + 15cm, v = ?
আমি জানাে যে,

আকৌ,
m = -v/u
⇒ 6/-10
= + 3/5
প্রতিবিম্ব দাপােণৰ পিছফালে 6 cm দূৰত গঠিত হ’ব। বিবর্ধন নাথাক , ই অসৎ আৰু থিয়।
১৩। সমতল দাপােণে +1 বিবর্ধন দিয়ে। ইয়াৰ অর্থ
উঃ ইয়াৰ অৰ্থ হ’ল- লক্ষ্যবৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ। দুৰত্ব সমান। ইহঁতৰ আকৃতি সমান। + চিনে অসৎ প্রতিবিম্ব
১৪। 30cm ভাজ ব্যাসার্ধৰ উত্তল দাপােণ এখনৰ সমুখত 20cm দূৰত্বত 5 cm দৈৰ্ঘ্য এটা বস্তু ৰখা হ’ল। প্রতিবিম্বৰ অৱস্থান, প্রকৃতি আৰু আকাৰ নির্ণয় কৰা।
উ: ইয়াত, h = 5cm, u = – 20m, R = 30cm, r = R/2 = 15 cm
আমি জানাে যে,

= + 8.57cm
প্রতিবিম্ব দাপােণৰ পিছফালে দাপােণৰ পৰা 8.57cm দূৰত গঠিত হ’ব। ই অসৎ আৰু থিয় হ’ব।
এতিয়া,

প্রতিবিম্বৰ আকাৰ = 2.2 cm
১৫। 18 cm ফ’কাছ দৈর্ঘ্যৰ অৱতল দাপােণ এখনৰ সন্মুখত 27cm দূৰত্বত 7cm আকাৰৰ বস্তু এটা ৰখা হৈছে। দাপৌণখনৰ পৰা কিমান দূৰত্বত পর্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন কৰা প্রতিবিম্ব এটা পােৱা যাব? প্রতিবিম্বৰ আকাৰ আৰু প্রকৃতি নির্ণয় কৰা।
উঃ ইয়াত, h=7cm, u = 27cm, f = – 18cm, h’ =?, v=?
আমি জানাে যে,

দাপােণৰ সন্মুখত 54cm দূৰত পর্দাখন ৰাখিব লাগিব। আকৌ,

প্রতিবিম্ব সৎ, আৰু ওলোটা, লক্ষ্যবস্তুতকৈ ডাঙৰ। প্রতিবিম্বৰ আকৃতি = -14 চেঃমিঃ
১৬। -2.0D ক্ষমতাৰ লেএখনৰ ফ’কাছ দৈর্ঘ্য কিমান? লেন্সৰ প্রকৃতি কেনেকুৱা?
উঃ ইয়াত, লেখনৰ ক্ষমতা

প্রকৃতি অৱতল লেন্স যিহেতু ফ’কাছ দৈর্ঘ্য ঋণাত্মক।
১৭। ডাক্তৰ এজনে বিধান দিয়া সংশােধনীমূলক লেন্ছৰ ক্ষমতা +1.5 D৷ লেনছখনৰ ফ’কাছ দৈর্ঘ্য নির্ণয় কৰা। এই লেন্ছখন অভিসাৰী নে অপসাৰী?
উঃ ইয়াত, লেখনৰ ক্ষমতা (P) = + 1.5D
আমি জানাে যে,

Additional Question Answer Class 10 Chapter 10 Assamese Medium
১। 2 মিটাৰ ফ’কাছ দৈর্ঘ্যৰ অৱতল লেন্স এখনৰ ক্ষমতা নির্ণয় কৰা।
উ : অবতল লেখনৰ ক্ষমতা (P) = 1/-2
= – 0.5D
2। উত্তল দাপােণ এখনৰ বিবর্ধন 1/n। যদি ফকাছ দৈর্ঘ্য f হয়, বস্তুৰ স্থান, প্রতিবিম্বৰ স্থান ভাজ ব্যাসার্ধ rত প্ৰকাশ কৰা।
উঃ ইয়াত,

৩। পােহৰৰ প্ৰতিফলন কাক বােলে? প্রতিফলন নিয়ম দুটা লিখা।
উঃ পােহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত আপতিত হৈ পুনৰ আগৰ মাধ্যমলৈ উভতি অহাকে পােহৰৰ প্রতিফলন বােলে। প্রতিফলনৰ নিয়ম দুটা হ’ল-
(ক) আপতিত ৰশ্মি, প্রতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একেটা সমতলত থাকে।
(খ) আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান।
৪। অৱতল দাপােণৰ দুটা ব্যৱহাৰ লিখা।
উঃ অৱতল দাপােণৰ দুটা ব্যৱহাৰ হ’ল-
(ক) দাড়ি খুৰােৱা দাপােণ হিচাপে অৱতল দাপােণ ব্যৱহাৰ
(খ) টর্চ লাইট, চার্চ লাইট আৰু গাড়ীৰ হেডলাইটত অৱতল সাপােণ ব্যৱহাৰ কৰা হয়।
৫ | প্ৰতিসৰণাংক কাক বােলে? ইয়াৰ গাণিতিক প্রকাশ ৰাশিটো লিখা।
উঃ শূন্যত পােহৰৰ দ্রুতি আৰু কোনাে এটা মাধ্যমত পােহৰৰ দ্রুতিৰ অনুপাতক সেই মাধ্যমটোৰ প্ৰতিসৰণাংক বােলে।।
ইয়াৰ গাণিতিক প্রকাশ ৰাশিটো হ’ল-
nm = C/V
৭। লেন্ছৰ ক্ষমতাৰ সংজ্ঞা দিয়া। ইয়াৰ গাণিতিক ৰাশিটো লিখা। ইয়াৰ এছ, আই একক কি?
উঃ লেন্স এখনৰ ফ’কাছ দৈর্ঘ্যৰ ব্যস্তনুপাতক লেন্ছৰ ক্ষমতা বালে। ইয়াৰ গাণিতিক প্রকাশ ৰাশিটো হ’ল— P ইয়াৰ এছ, আই, একক হল ডায়প্টাৰ।
৮। সমতল দাপোণৰ ফ’কাছ দৈর্ঘ্য-
(a) শূন্য (b) ধনাত্মক (c) ঋণাত্মক (d) অসীম।
উঃ (d) অসীম।
৯। এখন লেনন ক্ষমতা 2 ডায়প্টাৰ। ইয়াৰ ফ’কাছ দৈর্ঘ্য হ’ব
(a) 25 হেমি। (b) 100 ছেমি। (c) 75 ছেমি। (d) 50 ছেমি।
উ: (d) 50 ছেমি।
১০। কোনটা মাধ্যমত পােহৰৰ বেগ আটাইতকৈ বেছি?
উ : শূন্য মাধ্যমত।
১১। উত্তল দালােণ এখনৰ সমুখত 1০ ছেমি. দূৰত্বত লক্ষ্য বস্তু এটা ৰখা হৈছে। দাপােণৰ পিছফালে 5ছেমি, দূৰত্বত প্রতিবিম্ব গঠন হৈছে। উক্তল দাপােণৰ ফ’কাছ দৈর্ঘা উলিওৱা।
উ: (b) দিয়া আছে, উত্তল দাপােণৰ U = -10 cm, V = 5 cm Therefore f = ?
দাপােণৰ সূত্রমতে
1/v + 1/u = 1/f
⇒ 1/5 – 1/10 = 1/f
⇒1/10 = 1/f
⇒ f = 10
নির্ণেয় ফ’কাছ দৈর্ঘ্য 10 cm
১২। 30 ছে.মি. ফ’কাছ দূৰত্বৰ এখন উত্তল লেন্সে 3 গুণ পৰিবর্ধিত সৎ প্রতিবিম্ব গঠন কৰে। লক্ষ্য বস্তুৰ অৱস্থান নির্ণয় কৰা।
উ: দিয়া আছে উত্তল লেন্সৰ f=30 cm
m = – 3 ( প্রতিবিম্ব সৎ)
লেন্সৰ বিৱর্ধনৰ সূত্রমতে

∴লক্ষ্যবস্তুৰ নির্ণেয় অৱস্থান দাপােণৰ সন্মত 40 cm দূৰত্বত।
১৩। প্রতিসৰণৰ সূত্ৰ লিখা।
উ: প্রতিসৰণৰ সূত্ৰবােৰ হৈছে—
(i) আপতিত ৰশ্মি, প্রতিসৰিত ৰশ্মি আৰু আপতন বিন্দুত টনা ‘অভিলম্ব সদায় একেখন সমতলত থাকে।
(ii) আপতন কোণৰ ছাইন আৰু প্ৰতিসৰণ কোণৰ ছইনৰ অনুপাত সদায় ধ্ৰুৱক।
১৪। গাড়ীৰ পিছলৈ চোৱা দাপােণ হিচাপে উওল দাপােণ কিয় ব্যৱহাৰ হয়? বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপােণ এখনৰ ভঁজ ব্যাসার্ধ 4m দাপােণখনৰ পৰা 5m দূৰত্বত এখন ৰাছ আছে। বাছখনৰ প্রতিবিম্বৰ স্থান নির্ণয় কৰা।
উঃ উত্তল দাপােণত গঠিত হােৱা প্রতিবিম্ব সদায় অসৎ আৰু থিয় আৰু লক্ষ্যবস্তুৰ তুলনাত সৰু আকাৰৰ। উত্তল দাপােণৰ প্ৰতিফলক পৃষ্ঠ বাহিৰলৈ ভাজ খােৱা হােৱাৰ বাবে ইয়াৰ দৃষ্টিক্ষেত্ৰ বহল। ফলত বৃহৎ পৰিসৰৰ লক্ষ্যবস্তুৰ, প্রতিবিম্ব দাপােণত গঠিত হয় সেয়েহে গাড়ীচালকৰ সুবিধা হয়। সেইবাবে গাড়ীৰ পিছলৈ চোৱা দাপােণ হিচাপে উক্তল দাপোণ ব্যৱহাৰ কৰা হয়। এতিয়া, উওল দাপােণখনৰ-
ভাজ ব্যাসার্ধ (R) = 4m.
ফকাছ দৈর্ঘ্য (f) = 4=2m
লক্ষ্যবস্তু দূৰত্ব (u) = 5m,
. প্রতিবিম্বৰ দূৰত্ব (v) =?
আমি জানাে যে-

বাছখনৰ প্ৰতিবিম্ব স্থান দাপোনৰ পিছফালে 1.43m
১৫। ত্রিভুজাকাৰ গ্লাচ প্রিজমৰ মাজেদি পােহৰৰ প্রতিসৰণৰ সময়ত উৎপন্ন হােৱা বিচ্যুতি কোণ আঁকা।
PE→ আপতিত ৰশ্মি <i- আপতন কোণ
EF→প্রতিসৰিত ৰশ্মি <r- প্রসিৰণ কোণ।
FS→ নির্গত ৰশ্মি। <e– নির্গত কোণ
<A→ প্রিজমৰ কোণ
< D– বিচ্যুতি কোণ

শেষ বাক্য: Class 10 Science Chapter 10 Assamese Medium Question Answer
আপুনি যদি Class 10 Science Chapter 10 Assamese Medium Question Answer লিখনিৰ এই অংশ পঢ়ি আছে তেন্তে আমি নিশ্চিত যে আপুনি হয় এজন দশম মান শ্ৰেণীৰ শিক্ষাৰ্থী নহয় এজন শিক্ষক। এই লিখনিয়ে (Class 10 Science Chapter 10 Assamese Medium Question Answer) যদি আপোনাক অকণমান সহায় কৰেছে তেন্তে আনৰ সৈতে ভাগ বতৰা কৰি আনকো পঢ়িবলৈ সুবিধা কৰি দিয়ক।
ইয়াৰ ওপৰিও যদি Class 10 Science Chapter 10 Assamese Medium Question Answer পঢ়ুতে কিবা অসুবিধা পাইছে তেন্তে Assamese Medium Facebook Page ক Follow কৰি জনাব পাৰে, আমি নিশ্চয় যথা সময়ত আপোনাৰ সমাধান দিবলৈ প্ৰয়াস কৰিম।
প্ৰশ্ন উত্তৰবোৰ আৰু ভালকৈ দিব ।
আমি আমাৰ ফালৰ পৰা ১০০% চেষ্টা কৰোঁ। কৰবাত ভুল থাকিলে জনাব।