Class 7 Assamese Chapter 7 Question Answer তথা সপ্তম মান শ্ৰেণীৰ অসমীয়া বিষয়ৰ সপ্তম অধায় “জতুৱাৰ জঁট” প্ৰশ্ন উত্তৰ আজি আমি আপোনালোকৰ বাবে আলোচনা কৰিব গৈ আছো।
ইয়াৰ আগতে আমি Class 7 Assamese ৰ আন আন অধ্যায় সমূহৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিছো। আপুনি বিচাৰিলে তলত উল্লেখ কৰা লিংকত ক্লিক কৰি পঢ়িব পাৰে আৰু নিজকে Final Exam ৰ বাবে ১০০% নম্বৰ পাবলৈ প্ৰস্তুত কৰিব পাৰে।
- You Can Also Read:
Class 7 Assamese Chapter 7 Question Answer 2023
আগৰ দৰেই আমি এইবেলি আপোনালোকৰ বাবে Class 7 Assamese Chapter 7 Question Answer ৰ আলোচনাত পাঠ্যপুথিত উল্লেখ কৰা অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ, ব্যাখ্যা লগতে কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ যোগান ধৰাৰ প্ৰয়াস কৰিছো। তেন্তে আহক, কোনো সময় নষ্ট নকৰাকৈ আজি আমি পোনে পোনে Class 7 Assamese Chapter 7 Question Answer আলোচনা কৰোঁ।
ইয়াৰ আগতে আহক আমি জতুৱাৰ জঁট কবিতা আৰু কবিৰ পৰিচয়ৰ লগতে কিছু দৰকাৰী কথা শিকি লওঁ।
জতুৱাৰ জঁট
‘আকাশত চাং পতা’ ‘নপতা ফুকনে’
‘অহুকাণে-পহুকাণেট বহুকথা শুনে,
‘আলাসৰ লাড়ু খায় ‘গা-নচুৱাই’
‘আটোম-টোকাৰি’টিও ‘গাই বাই চাই’।
‘অঁকৰা উঠিলে মৈত’ লাগে ‘হুৱা-দুৱা’;
সাধ্য নাই কাৰো তাক সহজে নমোৱা।
‘আঁকোৰ -গোজালি’ হয় ‘আপুতৰ পুত’;
‘ঘিট্ মিট্’ আন্ধাৰত সবে দেখে ভূত।
‘জোলোঙাৰ মেকুৰী’টো পৰিলে ওলাই
‘অলপ-ধতুৱা’বোৰে বৰ ভয় খায়।
‘আঁঠুৱা-তলৰ মহ’ সঁচাই অঁকৰা
‘লোভত আপোন -ঘাতী’, ‘আওমৰণে মৰা’ ।
মূধচ ফুটিলে চালে বৰষুণ সৰে
‘মূধা-ফুটা’ নামবোৰ ‘ঢক ফুটি’ পৰে ।
নিশিকিলে, নাজানিলে ফকৰা-যোজনা
হয় বোলে তেনে লোক বুধিত টোকোনা।
‘গোটগৰু’ হ’লে হয় ‘আলৈ – আথানি’;
পৰীক্ষাৰ বহীতো পাৰো ৰঙা পেনে কণী।
কবি- শ্ৰী গগন চন্দ্ৰ অধিকাৰী
কবিৰ পৰিচয়: শ্ৰীগগন চন্দ্ৰ অধিকাৰীৰ জন্ম হয় ১৯৪১ চনত ছায়গাঁৱৰ কামোৰী সত্ৰত। শিশু সাহিত্যিক হিচাপে ইতিমধ্যে তেখেতে জনপ্ৰিয় আৰু খিয়াতি লাভ কৰিছে। তেখেতৰ শিশু গ্ৰন্থসমূহৰ কেইখনমান হ’ল— ‘টকাত একোটা হাতী’ ‘ৰ’দালি এৰ’দ অকণ দে’, ‘আখৰৰ গীত’, ‘মনোম খবৰৰ পেৰা’, ‘মাখন মামাৰ সাধু’, ‘ওমলা ঘৰৰ পুথি’ আদি৷
‘টকাত একোটা হাতী’ পুথিখনৰ বাবে তেখেতে অসম সাহিত্য সভাৰ পৰা শ্ৰেষ্ঠ ‘শিশু সাহিত্য বঁটা’, ‘ৰ’দালি এৰ’দ দে’ পুথিখনৰ বাবে ‘নেচনেল বুক ষ্ট্ৰাষ্ট বঁটা’ লাভ কৰিছে। ২০১০ চনত তেখেতে ‘সাহিত্য অকাডেমি বঁটা ও লাভ কৰিছে।
জানো আহাঁ:
জতুৱা ঠাঁচনিজৰ জাতৰ বস্তুৱেই জতুৱা আৰু ধৰণ, ভংগী, শৈলীয়েই ঠাঁচ গতিকে জতুৱা ঠাঁচ শব্দহে নিজৰ ভাষাব প্রকাশ ভংগীক বুজায়। সকলো ভাষাৰে একোটা নিজা প্ৰকাশৰ ভংগী বা ঠাঁচ আছে। অসমীয়া ভাষাতো এনে ভংগী প্রকাশক ভালেমান জতুৱা ঠাচ আছে। জতুৱা ঠাঁচৰ আঁৰত একোটা অর্থ লুকাই থাকে। তাক নাজানিলে জতুৱা ঠাঁচ বুজিবও নোৱাৰি আৰু ব্যৱহাৰো কৰিব নোৱাৰি। জতুৱা ঠাঁচে ভাষাৰ গাম্ভীর্য বঢ়ায়, শ্ৰুতি-মধুৰ কৰে। ‘জতুৱাৰ জঁট’ কবিতাটিত ভালেমান জতুৱা ঠাঁচ ব্যৱহাৰ কৰা হৈছে।
ক – পাঠভিত্তিক ক্রিয়া
১| যতি, বিৰামলৈ লক্ষ্য ৰাখি কবিতাটি শুদ্ধ উচ্চাৰণেৰে পঢ়া ।
উত্তৰঃ নিজে নিজে কৰিবলৈ যত্ন কৰা
২। কবিতাটি আবৃত্তি কৰা ।
উত্তৰঃ নিজে নিজে কৰিবলৈ যত্ন কৰা
অতি চমু প্ৰশ্ন উত্তৰ
ক) কবিতাটোৰ মতে আকাশত চাং কোনে পাতে ?
উত্তৰঃ আকাশত চাং পাতে নপতা ফুকনে ।
খ) অহুকাণে – পহুকাণে মানে কি ?
উত্তৰঃ অহুকাণে – পন্থকাণে মানে হ’ল আৰ তাৰ পৰা ঘুনুক – ঘানাককৈ ।
গ) মিটমিট আন্ধাৰত কি দেখে ?
উত্তৰঃ ঘিটমিট আন্ধাৰত ভূত দেখে ।
ঘ) কোনবােৰ লােকে বৰ ভয় খায় ?
উত্তৰঃ অলপ – ধতুৱাবোৰে বৰ ভয় খায় ।
ঙ) কবিয়ে কাক বুধিত টোকোনা বুলি কৈছে ?
উত্তৰঃ ফকৰা – যােজনা নজনা , নিশিকা লােকবিলাক বুধিত টোকোনা বুলি কবিয়ে কৈছে ।
পাঠৰ আলমত চমু প্ৰশ্ন উত্তৰ
ক) মৈত উঠিলে সহজে কাক নমাব নােৱাৰি ?
উত্তৰঃ অঁকৰা মৈত উঠিলে সহজে নমাব নােৱাৰি । কাৰণ অকৰাই কাৰো কথা শুনিব বা মানিব নােখােজে । নিজৰ কথাত লাগি থাকে আৰু নিজৰ ইচ্ছামতে চলিব খােজে । তেনে লােক মৈত উঠিলে নিজে ইচ্ছা কৰি নামি নাহিলে আনে টানি – ধুহি নমাই আনিব খুজিলেও সহজে সি নামি নাহে।
খ) আঁঠুৱাৰ তলৰ মহৰ কি অৱস্থা হয় ?
উত্তৰঃ আঁঠুৱাৰ তলৰ মহ কম ঠাইত আৱদ্ধ হয় আৰু তাৰ পৰা ওলাই আহিব খুজিলেও ওলাই আহিব নােৱাৰে । তাৰ এই দুৰৱস্থাৰ কথা নাভাবি আঁঠুৱাৰ ভিতৰত থকা মানুহক সি কামুৰিবলৈ বিচাৰে আৰু অনবৰতে কাণৰ কাষত উৰি থাকি কুনুকুনাই থাকে । ফলত মানুহৰ হাতত সি সহজতে মৃত্যুৰ মুখত পৰে ।
গ) ফকৰা – যােজনা নাজানিলে বা নিশিকিলে কি হয় ?
উত্তৰঃ ফকৰা – যােজনা হ’ল ভাষাৰ অলংকাৰ । ইয়াক প্ৰয়ােগ কৰিলে ভাষা সুন্দৰ , ৰসাল , গাম্ভীর্যপূর্ণ হয় । গতিকে ইয়াক নাজানিলে বা নিশিকিলে সি টোকোনা হয় । অর্থাৎ সি কম বুদ্ধিৰ হয়।
খ— ভাযা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
৫। পাঠত বিচাৰি তলৰ শব্দবােৰৰ বিপৰীত অর্থ বুজোৱা শব্দ লিখা ।
পােহৰ , অসাধ্য , নির্লোভ , জটিল , বেছি , মিছা ।
উত্তৰঃ বিপৰীত অর্থ বুজোৱা শব্দ—
পোহৰ | আন্ধাৰ |
জটিল | সহজ |
অসাধ্য | সাধ্য |
বেছি | কম |
বিলোভ | লোভ |
মিছা | সঁচা |
৬৷ পাঠত তােমালােকে ‘ হুৰা- দুৱা লাগে , বৰষুণ সৰে , চাং পাতে , কথা শুনে’ আদি জতুৱা ঠাচৰ ক্ৰিয়াবােৰ পাইছা । ইয়াৰ আলমত তলৰ শব্দবােৰৰ লগত খাপখােৱা শুদ্ধ ক্রিয়াপদটো চিনাক্ত কৰি খালী ঠাই পূৰ কৰা ।
উত্তৰঃ
কলম ( ধৰে / লয় ) | কলম ধৰে । |
চেপা ( মাৰে / পাতে ) | চেপা পাতে । |
চেঁকী ( বান্ধ / দিয়ে ) | চেঁকী দিয়ে । |
পাচি ( গঢ়ে / সাজে ) | পাচি সাজে । |
খেল ( কৰে / খেলে ) | খেল খেলে । |
মৰম ( লাগে / ধৰে ) | মৰম লাগে । |
৭। ‘জতুৱাৰ জট’ কবিতাটোৰ পৰা পাঁচটা জতুৱা ঠাঁচ উলিয়াই একোটাকৈ বাক্য সাজা।
উত্তৰঃ
গা-নচুৱাই ফুৰা (কাম বন নকৰি ধুন মাৰি ফুৰা, ধেমালি কৰি ফুৰা) – তাৰ দৰে গা-নচুৱাই ফুৰা মানুহক কোনও ভাল নাপায়।
আলাসৰ লাড়ু (অতি মৰমৰ) – ৰহিম একমাত্ৰ সন্তান বাবে মাক দেউতাকৰ আলাসৰ লাডু়।
ঘিট্ মিট্ (বৰ বেছি অন্ধকাৰ) – অমাৱশ্যাৰ নিশা ঘিট্ মিট্ আন্ধাৰ হয়।
নপতা ফুকন (নিজকে নিজে ডাঙৰ মানুহ বুলি ভবা) – হৰিৰ কথা কোনেও নুশুনে কাৰণ তেওঁ এজন নপতা ফুকন লোক।
অহুকাণে পহুকাণে (আৰ-তাৰ পৰা) – বিজয়ে চাকৰি পোৱা খবৰটো অহুকাণে পহুকাণে শুনিছো।
এটা শব্দত প্ৰকাশ কৰা
আনৰ ভাল দেখিব নোৱাৰা –
উত্তৰঃ চকুচৰহা
ঘুনুক – ঘানাককৈ যি কথা শুনা যায় –
উত্তৰঃ পহুকাে
যিজন মাক – বাপেকৰ অতি মৰমৰ –
উত্তৰঃ আলাসৰ লাড়ু
যি নিয়ম মতে খৰচ কৰে –
উত্তৰঃ মিতব্যয়ী।
৯| জতুৱা ঠাচৰ অর্থ জানাে আহা –
উত্তৰঃ
জতুৱা ঠাঁচ | অৰ্থ |
কুন্দত কটা | ধুনীয়া , নিপােটল । |
খােলাকটিৰ তাল | কোনাে কামত নহা । |
চুঙা বাদুলি | সংসাৰৰ বিষয়ে একো নজনা লােক , অনভিজ্ঞ । |
কথা চহকী | বেছিকৈ কথা কোৱা । |
বুকুৰ কুটুম | অতি আপােনজন নিজৰ ঘৰ এৰি কলৈকো নোযোৱা । |
বগলী ভকত | ভণ্ড । |
গ – জ্ঞান সম্প্রসাৰণ
১০। কথােপকথনখিনি পঢ়িতাত থকা জতুৱা ঠাচসমূহৰ এনেদৰেঅর্থবােৰ জানি লােৱা।
উত্তৰঃ
কান – সমনীয়া | সমবয়সীয়া । |
হাত – দীঘল | ক্ষমতাশালী । |
হাত-সাৰ | মুক্ত হােৱা । |
হাত – লৰ | চোৰ । |
হাড়ে – ছলে লগা | লেৰেলা, ক্ষীণ । |
চকু – মুদা | মৃত্যু হােৱা । |
নাম – জ্বলা | বিখ্যাত । |
হাত-টান | কৃপণ । |
হাত – ধাে | আশা এৰ । |
হাড়ক মাটি কৰ | কঠিন শ্ৰম কৰা । |
১১। তৰা-নৰা ছিঙি , আলৈ – আথানি , বাট ল’লে , আলাসৰ লাডু , এই জতুৱা ঠাচকেইটা ব্যৱহাৰ কৰি এটা দফা প্রস্তুত কৰা ।
উত্তৰঃ শেৱালী মাক – দেউতাকৰ একমাত্র সন্তান কাৰণে তাই মাক – দেউতাকৰ বৰ আলাসৰ লাড় আছিল । এদিন তাই মােমায়েকৰ ঘৰলৈ বুলি খােজ কাঢ়ি অকলে বাট ল’লে । এনেতে কুকুৰপ এটাই ভুকি তাইলৈ খেদি অহাত ভয়তে তাই তৰা – নৰা ছিঙি ঘৰলৈ দৌৰি আহোঁতে বৰ আলাই – আথানি হ’ল ।
১২। তলৰ যােজনা দুফাকি অর্থ বুজাই লিখা –
ক) আপদৰ মাত , অকালৰ ভাত
উত্তৰঃ আকাল অর্থাৎ দুর্ভিক্ষৰ সময়ত এমুঠি ভাত এজন মানুহৰ প্ৰাণ ৰক্ষাত সহায় কৰে ; ভাত মুঠি খাই তেওঁ প্রাণ পােৱা যেন পায় । আকালত সেই ভাত মুঠিয়েই তেওঁৰ মহান উপকাৰ সাধন কৰে ।
আপদত পৰা মানুহক সহানুভূতিৰে দিয়া আনৰ মাত এষাৰেই তেওঁৰ কাৰণে ডাঙৰ সহায় , মনােবলৰ ডাঙৰ প্রেৰণা । আপদত ধৈর্য ধৰি আপদৰ মুখামুখি হ’বলৈ সেই মাতষাৰেই তেওঁক সাহস দিয়ে ।
খ) কথাতে বঁটা পায় , কথাতে কটা যায় ।
উত্তৰঃ মানুহে কথা ক’ব জানিলে মানুহৰ পৰা প্রশংসা আনকি বঁটা বাহনাে পায় । সৎ আৰু সুন্দৰ কথা ক’ব জনা মানুহে সমাজত আদৰ – সন্মান পায় । কিন্তু কথা ক’ব নাজানিলে , ক’ব নলগীয়া কথা য’তে – ত’তে ক’লে মানুহে কওঁতাজনক বেয়া পায় , আনকি তেনে কিছুমান কথাৰ কাৰণে তেওঁ ৰাইজ , সমাজৰ পৰা গৰিহণা পােৱাৰ উপৰি মৃত্যুৰ মুখত পৰাৰ দৰে পৰিস্থিতিৰাে অৱস্থা হয় ।
গতিকে কথা কওঁতে সদায় উচিত সময়ত , উচিত ঠাইত , উচিত ব্যক্তিক ভাবি চিন্তি ক’ব লাগে ।
ঘ – প্রকল্প
১৩। তোমাৰ জ্যেষ্ঠজনে বিভিন্ন সময়ত প্ৰসংগক্ৰমে ব্যৱহাৰ কৰা কথাৰ ঠাঁচ বা শৈলী সংগ্ৰহ কৰি পঢ়ি শুনোৱা আৰু অৰ্থ বুজাই কোৱা।
উত্তৰঃ প্রশ্নত কোৱা মতে কথাৰ ঠাচ বা শৈলী সংগ্রহ কৰি পঢ়ি শুনাবলৈ আৰু অর্থ বুজাই ক’বলৈ যত্ন কৰা । প্রয়ােজনত শিক্ষকৰ পৰা সহায় ল’বা ।