Class 7 Assamese Chapter 8 Question Answer | মিছাইল মানৱ

Class 7 Assamese Chapter 8 Question Answer তথা সপ্তম মান শ্ৰেণীৰ অসমীয়া বিষয়ৰ অষ্টম অধায় “মিছাইল মানৱ” প্ৰশ্ন উত্তৰ আজি আমি আপোনালোকৰ বাবে আলোচনা কৰিব গৈ আছো।

ইয়াৰ আগতে আমি Class 7 Assamese ৰ আন আন অধ্যায় সমূহৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিছো। আপুনি বিচাৰিলে তলত উল্লেখ কৰা লিংকত ক্লিক কৰি পঢ়িব পাৰে আৰু নিজকে Final Exam ৰ বাবে ১০০% নম্বৰ পাবলৈ প্ৰস্তুত কৰিব পাৰে।

Class 7 Assamese Chapter 8 Question Answer

Class 7 Assamese Chapter 8 Question Answer 2023

আগৰ দৰেই আমি এইবেলি আপোনালোকৰ বাবে Class 7 Assamese Chapter 8 Question Answer ৰ আলোচনাত পাঠ্যপুথিত উল্লেখ কৰা অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ, ব্যাখ্যা লগতে কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ যোগান ধৰাৰ প্ৰয়াস কৰিছো। তেন্তে আহক, কোনো সময় নষ্ট নকৰাকৈ আজি আমি পোনে পোনে Class 7 Assamese Chapter 7 Question Answer আলোচনা কৰোঁ।

ক— পাঠভিত্তিক ক্রিয়া

এই ভাগত আমি আপোনালোকৰ সৈতে আলোচনা কৰিম পাঠ্যপুথিৰ অন্তৰ্গত অতি গুৰুত্বপূৰ্ণ কিছু প্ৰশ্ন উত্তৰ যিয়ে আপোনাক আগন্তুক পৰীক্ষাত সহায় কৰিব

অতি চমু উত্তৰ দিয়া

ক) ‘মিছাইল মানৱ’ নামেৰে কাক জনা যায় ?
উত্তৰঃ ‘ মিছাইল মানৱ ’ নামেৰে ভাৰতৰত্ন এ. পি. জে. আব্দুল কালামক , জনা যায় ।

খ) সফলতাৰে ভাৰতৰ ভূমিত প্রথম উৎক্ষেপণ কৰা কৃত্রিম উপগ্ৰহটোৰ নাম কি ?
উত্তৰঃ সফলতাৰে ভাৰতৰ ভূমিত প্রথম উৎক্ষেপণ কৰা কৃত্রিম উপগ্ৰহটোৰ নাম হ’ল- ৰােহিণী উপগ্রহ ।

গ) আব্দুল কালামে শেষ নিশ্বাস কত ত্যাগ কৰিছিল ?
উত্তৰঃ আব্দুল কালামে ২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙত শেষ নিশ্বাস কত ত্যাগ কৰিছিল ।

ঘ) তেখেতৰ মতে শিশুৰ বাবে আদর্শ নায়ক কোন কোন ?
উত্তৰঃ তেখেতৰ মতে শিশুৰ ১৫ বছৰ বয়সলৈকে পিতৃ – মাতৃ , প্রাথমিক আৰু হাইস্কুলৰ শিক্ষকসকল আদর্শ নায়ক ।

চমু উত্তৰ লিখা

ক) “ সপােন দেখা , সপােন দেখা , সপােনেই চিন্তালৈ পৰিবৰ্তন হ’ব আৰু চিন্তাৰ ফলশ্রুতিয়েই হ’ল কাম — এই কথাষাৰি কোনে কাক কৈছিল ?
উত্তৰঃ “ সপােন দেখা , সপােন দেখা , সপােনেই চিন্তালৈ পৰিবৰ্তন হ’ব আৰু চিন্তাৰ ফলশ্রুতিয়েই হ’ল কাম — এই কথাষাৰি এ.পি.জে. আব্দুল কালামে অকণিহঁতক উপদেশ দিবলৈ গৈ এনেদৰে কৈছিল ।

খ) তেখেত কি বিষয়ত অনুৰাগী আছিল ?
উত্তৰঃ তেখেত বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ উপৰি সংগীত আৰু সাহিত্য বিষয়ত অনুৰাগী আছিল ।

গ) আব্দুল কালামক স্কুলীয়া জীৱনত কি ৰহস্যই প্রভাৱান্বিত কৰিছিল ?
উত্তৰঃ আব্দুল কালামক স্কুলীয়া জীৱনত আকাশৰ বিশালতা আৰু উৰন্ত চৰাইজাকৰ ৰহস্যই প্রভাৱান্বিত কৰিছিল ।

ঘ) মনে – প্রাণে ভাৰতক তেখেতে কি হােৱাটো বিচাৰিছিল ?
উত্তৰঃ মনে – প্রাণে ভাৰতক তেখেতে এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্র হােৱাটো বিচাৰিছিল ।

৩। শব্দৰ লগত অর্থ মিলােৱা —

উত্তৰঃ

উৎপেক্ষণ :- প্রচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা ।
প্রজ্বলিত :- বৰকৈ জ্বলা ( জুই ) ।
আভ্যন্তৰীণ :- ভিতৰুৱা ।
বিচক্ষণ :- পাৰ্গত , উত্তম ।
অদম্য :- যাক দমাব বা বশ কৰিব নােৱাৰি ।
দিগন্ত :- দিগবলয় , আকাশৰ সীমা ।
ভূষণ :- অলংকাৰ ।
নিৰীক্ষণ :- দূৰৈৰ পৰা ভালকৈ চোৱা ।

খ — ভাষা অধ্যয়ন ( ব্যৱহাৰিক ব্যাকৰণ )

জানো আহা:

ষষ্ঠ শ্রেণীত তােমালােকে ণত্ববিধিৰ কথা পাই আহিছা । যেনে— গৱেষণা, বৰণ আদি শব্দ। এই পাঠটোত প্রক্ষেপণ, উৎক্ষেপণ, ৰূপায়ণ আদি শব্দবােৰ মন কৰা। আগতে পাই অহা নিয়ম মতে এই শব্দ কেইটাৰ মূর্ধণ্য ‘ ণ’ৰ ঠিক আগত ‘ ঋ ’ , ‘ ৰ ’ আৰু ষ ’ বর্ণটো নাই। এই ক্ষেত্ৰত আন এটা ণত্ববিধিৰ নিয়ম ইয়াত প্রয়ােগ হৈছে । সেয়া হৈছে— ঋ, ৰ, ষ আৰু নৰ মাজত কোনাে স্বৰবৰ্ণ বা ক, খ, গ, ঘ, ঙ ( কবর্গ ) বা ‘ প, ফ, ব, ভ, ম ( প-বর্গ ) ’ বা য, ৱ, হ, য় বা ‘ং ’ ( অনুস্বৰ ) থাকিলেও দন্ত্য ন মূদ্ধণ্য হয় । যেনে , প্রক্ষেপণ = প্র – ক্ষেপণ ( ইয়াত ণৰ আগত পবর্ণ থকাৰ কাৰণে মূর্ধণ্য ণ হৈছে ), ৰাৱণ=ৰা-ৱ-ণ ( ইয়াত ৰ আৰু ণ ৰ মাজত ৱ থকাৰ কাৰণে দন্ত্য ন মূর্ধণ্য ণ হৈছে )।

কিন্তু ঋ, ৰ, ষ আৰু ন -ৰ মাজত অন্য বর্ণ থাকিলে দন্ত্য ন টো মূর্ধণ্য ণ নহয়। যেনে – ৰােদন, ৰঞ্জন, স্ৰজন। (টোকা— সংস্কৃতত ‘য়’ আৰু ‘য’ ধ্বনি একে)

৪। তলত উল্লেখ কৰা শব্দবােৰত কি বিধিমতে ‘ণ’ আৰু ‘ষ’ ব্যৱহাৰ হৈছে কোৱা ।
প্রাণ , ভূষণ , ৰােহিণী , বিচক্ষণ , উৎক্ষেপণ , আভ্যন্তৰীণ ।
উত্তৰঃ
প্রাণ, আভ্যন্তৰীণ :- ৰ’ ৰ পিছত বহা কাৰণে মূর্ধন্য – ‘ণ ’ হৈছে ।
ভূষণ :- ‘ষ’ ৰ পিছত বহাৰ কাৰণে মূর্ধন্য – ‘ণ ’ হৈছে ।
ৰােহিণী , বিচক্ষণ আৰু উৎক্ষেপণ :- ঋ , ৰ , ষ আৰু ন-ৰ মাজত কোনাে স্বৰবৰ্ণ ; ক – বর্গ , প – বর্গ বা য , ৱ , হ , য় বা ‘্ ’ অনুস্বৰ থাকিলেও দন্ত্য ন মূর্ধন্য ‘ ণ ’ হৈছে ।

৫। ণত্ববিধিৰ নিয়ম খটুৱাই তলৰ শব্দবােৰত ‘ণ’ বা ‘ন’ বহুৱাই পূৰ কৰা ৷
ৰ– , ধ –, তৃ– , বর্জ– , শ্ৰৱ– , কৃপ–, পঠ– , ৰঞ্জ– , ৰাৱ– , বিভীষ– , ৰামায় —, কীর্ত—।
উত্তৰঃ ৰণ , ধন , তৃণ , বর্জন , শ্ৰৱণ , কৃপণ , পঠন , ৰঞ্জন , ৰাৱণ , বিভীষণ , ৰামায়ণ , কীর্তন ।

৬। তলত দিয়া শব্দবােৰৰ বিপৰীত অর্থ বুজোৱা শব্দ লিখা ।
জাগ্রত , সফলতা , কৃত্রিম , উৎসাহ , সুপ্ত , অক্ষম ।
উত্তৰঃ

জাগ্রতসুপ্ত
সফলতাবিফলতা
কৃত্রিমঅকৃত্রিম
 উৎসাহনিৰুৎসাহ
সুপ্তজাগ্রত
সক্ষমসক্ষম

৭। বাক্য ৰচনা কৰা – মনে – প্রাণে , শয়নে – সপােনে , আকাশী পথ , অদম্য ইচ্ছা , বিনিময়
উত্তৰঃ

  • মনে – প্রাণে :- মনে – প্রাণে কৰিলেহে কামত সফলতা পাব পাৰি ।
  • শয়নে – সপােনে :- শয়নে – সপােনে চিন্তা কৰিলেহে ভাল কথাৰ সূত্ৰ উলিয়াব পাৰি ।
  • কাশী পথ :- উৰা জাহাজবােৰ আকাশী পথেৰে চলাচল কৰে ।
  • অদম্য ইচ্ছা :- অদম্য ইচ্ছা আৰু চেষ্টা থাকিলেহে আশা কৰা ফল পাব পাৰি ।
  • বিনিময় :- কঠোৰ শ্ৰম কৰাৰ বিনিময়ত সি চাকৰিটো পালে ।

৮। প্রশ্নত দিয়া মতে শব্দ গঠন কৰি নতুন শব্দটিৰ অৰ্থ লিখা ।
প্র + চেষ্টা উৎ + ক্ষেপণ প্র + ক্ষেপণ উৎ + পীড়ন প্র + জ্বলিত উৎ + সাহ
উত্তৰঃ

  1. প্র + চেষ্টা = প্রচেষ্টা :- প্রয়াস , যত্ন ।
  2. প্র + ক্ষেপণ = প্রক্ষেপণ :- জোৰেৰে দলিয়াই বা মাৰি পঠিওৱা ।
  3. প্র + জ্বলিত = প্রজ্বলিত :- বৰকৈ জ্বলা ( জুই ) ।
  4. উৎ + ক্ষেপণ = উৎক্ষেপণ :- প্রচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা ।
  5. উৎ + পীড়ন = উৎপীড়ন :- অত্যাচাৰ , উপদ্ৰৱ ।
  6. উৎ + সাহ = উৎসাহ :- আনন্দৰে কামলৈ আগবাঢ়ি যােৱা ভাব , উদ্যোগ ।

‘গ ’ জ্ঞান সম্প্রসাৰণ

৯। আব্দুল কালামৰ মতে পিতৃ – মাতৃ আৰু শিক্ষকসকল আদৰ্শৰ নায়ক । তােমাৰ নিজৰ আদৰ্শৰ নায়ক কোন ?
উত্তৰঃ মােৰ আদৰ্শৰ নায়ক হ’ল— মােৰ মা – দেউতা আৰু পূজনীয় শিক্ষাগুৰুসকল ।

১০। ছবিখনলৈ ভালদৰে নিৰীক্ষণ কৰি আলােচনা কৰা আৰু লিখিবলৈ চেষ্টা কৰা ৷ প্রয়ােজনত শিক্ষক – শিক্ষয়িত্ৰীৰ পৰা সহায় ল’বা ।

উত্তৰঃ এনেধৰণৰ প্ৰশ্নবোৰৰ উত্তৰ নিজে নিজে চেষ্টা কৰক, লাগিলে আপুনি শিক্ষক – শিক্ষয়ত্ৰীৰ সহায় লব পাৰে।

১১। তােমালােকে ব্যৱহাৰ কৰা ঘড়ী, কলম, ফোন, ৰেডিঅ’, দূৰদৰ্শন, বে’লগাড়ী, উৰাজাহাজ আদিৰ আৱিষ্কাৰকৰ তথ্য সংগ্রহ কৰি আৱিষ্কাৰক আৰু চন উল্লেখ কৰা–
উত্তৰঃ

সামগ্ৰীৰ নামআৱিষ্কাৰকৰ নামআৱিষ্কাৰৰ চন 
ঘড়ীখ্রীষ্টিয়ান হাইজেনচ১৬৫৭
কলমলুই এডছন ৱাটাৰমেন১৮৮৪ 
ফোনছেমুৱেল আলেকজেণ্ডাৰ গ্রাহাম১৮৭৬
ৰেডিঅ’গুগ্লিয়েলমা মাৰ্কিন১৮৯৫
দূৰদৰ্শনজন লােগি বেয়ার্ড১৯২৫
ৰে’লগাড়ীজেমছ ৱাট১৭৬৯
উৰাজাহাজউইলবাৰ ৰাইট আৰু আৰভিল ৰাইট১৯০৩
ছপা যন্ত্ৰযােহান গুটেনবার্গ ১৪৫৫
চিলাই কলটমাছ ছেন্ট১৭৯০
বাইচাইকেলজন ডেনিছ১৮১৭-১৮

অতিৰিক্ত প্রশ্নোত্তৰ

(১) মিছাইল মানে কি?
উত্তৰ :-দূৰলৈ নিক্ষেপ কৰা ক্ষেপণাস্ত্রকে মিছাইল বোলে।

(২) ৰোহিণী উপগ্রহটি উৎক্ষেপণ কেতিয়া হৈছিল ?
উত্তৰ:-১৯৮০ চনৰ ১৮ জুলাইৰ ৰাতিপুৱা ৮ বাজি ৩০ মিনিটত।

(৩) ৰোহিণী উপগ্রহ উৎপেক্ষণৰ সফলতাৰ আঁৰৰ ব্যক্তিজন কোন আছিল?
উত্তৰঃ ৰোহিণী উপগ্রহ উৎপেক্ষণৰ সমস্ত সফলতাৰ আঁৰৰ মানুহজন আছিল এৰ’নেটিক ইঞ্জিনীয়াৰ আবুল পাকিৰ জয়নাল আবেদীন আব্দুল কালাম।

(8) বোহিণী উপেক্ষণ কোন সংস্থাই কৰিছিল?
উত্তৰ: ‘ভাৰতীয় মহাকাশ বিজ্ঞান সংস্থা ই কৰিছিল।

(৫) কিহৰ বিফলতাই কালামক হতাশ কৰিছিল?
উত্তৰঃ ১৯৭৯ চনৰ ১০ আগষ্টত এছ এল ভি (SLV-3)ৰ পৰীক্ষামূলক উৎপেক্ষেপণত হোৱা বিফলতাই কালামক হতাশ কৰিছিল।

(৬) আব্দুল কালামৰ শিক্ষাগুৰু আৰু পথপ্ৰদৰ্শক কোন আছিল?
উত্তৰঃ আব্দুল কালামৰ শিক্ষাগুৰু আৰু পথ প্রদর্শক আছিল অধ্যাপক সতীশ

(৭) এটা সময়ত আব্দুল কালামে ভাৰতীয় মহাকাশ বিজ্ঞান সংস্থাৰ সঞ্চালক পদৰ পৰা কিয় পদত্যাগ কৰিব বিচাৰিছিল ?
উত্তৰঃ ১৯৭৯ চনৰ ১০ আগষ্টত এছ এল ভি (SLV-3)ৰ পৰীক্ষামূলক উৎপেক্ষণত হোৱা বিফলতাত হতাশ হৈ আব্দুল কালামে সঞ্চালক পদৰ পৰা পদত্যাগ কৰিব বিচাৰিছিল।

(৮) আব্দুলক সঞ্চালক পদৰ পৰা পদত্যাগ নকৰিবলৈ কোনে পৰামৰ্শ দিছিল?
উত্তৰঃ আব্দুলৰ শিক্ষাগুৰু আৰু পথপ্ৰদৰ্শক অধ্যাপক সতীশ ধাৱানে।

(৯) ‘কালামৰ নেতৃত্বত মাত্ৰ দহ বছৰৰ ভিতৰতে ভাৰতে পাঁচটা অতি গুৰুত্বপূৰ্ণ মিছাইল প্রকল্প বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হয়।’ — প্রকল্প পাঁচটা কি কি?
উত্তৰঃ প্রকল্প পাঁচটা হ’ল— নাগ, পৃথ্বী, আকাশ, ত্ৰিশূল আৰু অগ্নি।

(১০) আব্দুল কালাম ভাৰতৰ ‘মিছাইল মানৱ’ নামেৰে প্ৰখ্যাত হৈ পৰাৰ কাৰণ কি আছিল?
উত্তৰঃ ‘ভাৰতীয় মহাকাশ বিজ্ঞান সংস্থা ই তেওঁৰ নেতৃত্বত চলোৱা ক্ষেপণাস্ত্ৰসমূহৰ সফলতাৰ কাৰণেই তেওঁ ভাৰতৰ ‘মিছাইল মানৱ’ নামেৰে প্ৰখ্যাত হৈ পৰিছিল।

(১১) আব্দুল কালামে সাগৰৰ উপকূললৈ গৈ গভীৰভাৱে কি নিৰীক্ষণ কৰিছিল?
উত্তৰ: সাগৰৰ উপকূললৈ গৈ আব্দুল কালামে তাত সাৰেং আৰু গঙা-চিলনী চৰাইবোৰে আকাশী পথেৰে উৰি ফুৰিবলৈ কৰা প্ৰচেষ্টাক গভীৰভাৱে নিৰীক্ষণ কৰিছিল৷

(১২) আব্দুল কালামে আমাৰ শিক্ষা ব্যৱস্থাত কি বিষয়ত গুৰুত্ব দিছিল ?
উত্তৰঃ সৃজনশীল বিষয়ত গুৰুত্ব দিছিল।

(১৩) আব্দুল কালামে অকণিহঁতক কি বুলি উপদেশ দিছিল?
উত্তৰ: আব্দুল কালামে অকণিহঁতক এই বুলি উপদেশ দিছিল— “সপোন দেখা, সপোন দেখা, সপোনেই চিন্তালৈ পৰিবৰ্তন হ’ব আৰু চিন্তাৰ ফলশ্রুতিয়েই হ’ল কাম।”

(১৪) যুৱ সমাজক কালামে কি বুলি গণ্য কৰিছিল?
উত্তৰঃ ভাৰতৰ ভৱিষ্যতৰ চালিকা শক্তি হিচাপে গণ্য কৰিছিল।

(১৫) আব্দুল কালামৰ মতে শিশুৰ কিমান বছৰ বয়সলৈকে পিতৃ-মাতৃ, প্রাথমিক আৰু হাইস্কুলৰ শিক্ষকসকল আদর্শ নায়ক?
উত্তৰঃ শিশুৰ ১৫ বছৰ বয়সলৈকে।

(১৬) আব্দুল কালাম কোন সময় ছোৱাৰ কাৰণে ভাৰতৰ ৰাষ্ট্ৰপতি আছিল।
উত্তৰঃ ২০০২ চনৰ পৰা 2007 চনলৈ এই কালছোৱাত।

(১৭) আব্দুল কালামৰ পিতৃ-মাতৃৰ নাম লিখা।
উত্তৰঃ পিতৃ- জয়নাল আবেদীন মাৰাকেয়াৰ। মাতৃ – আচিয়াম্মা।

(১৮) আব্দুল কালামৰ দুখনি গ্ৰন্থৰ নাম লিখা
উত্তৰঃ মিছন ইণ্ডিয়া, উইংচ অব ফায়াৰ ।

(১৯) আব্দুল কালামৰ গ্ৰন্থৰ অসমীয়ালৈ অনুবাদ কৰা দুখনি গ্ৰন্থৰ নাম লিখা।
উত্তৰ: মিছন ইণ্ডিয়া, অগ্নিৰ ডেউকা।

(২০) কোন চনত কল্পনা চাওলাই প্রথম মহাকাশলৈ গৈছিল ?
উত্তৰ: ১৯৯৭ চনত।

(২১) কোন চনত মহাকাশ অভিযানত কল্পনা চাওলাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল?
উত্তৰঃ ২০০৩ চনত।

(২২) বিশ্বৰ প্ৰথম মহাকাশচাৰী কোন?
উত্তৰঃ ইউৰি গ্যাগৰিন।

Watch Video Class on Class 7 Assamese Chapter 8 Question Answer

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment