সন্ধি ভাঙা | Assamese Grammar for HSLC/HS 2024

সন্ধি ভাঙা বা সন্ধি পাতা ই কোনো বেলেগ বেলেগ বস্তু নহয়। সন্ধি ভাঙা বা সন্ধি পাতা একেই মাথো প্ৰকাশ কৰাৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ আগতে আমি সন্ধি সম্পর্কীয় এটা লিখনি প্ৰকাশ কৰিছো। যদি আপুনি এতিয়াও পঢ়া নাই, এতিয়াই ক্লিক কৰি পঢ়িব পাৰে ।

ইয়াত আমি একো এবাৰ আপোনালোকৰ সৈতে আলোচনা কৰিব গৈ আছো Class 10 Assamese Grammar ৰ পৰা এটা গুৰুত্বপূৰ্ণ বিষয় সেয়া হয় সন্ধি ভাঙা বা সন্ধি পাতা। সন্ধি ভাঙা বা সন্ধি পাতা আলোচনা কৰাৰ আগতে আমি একো এবাৰ সন্ধিৰ বিষয়ে কিছু কথা আলোচনা কৰিব বিচাৰিছো। সন্ধি সদাৰণতে তিনিবিধ – স্বৰসন্ধি, ব্যঞ্জনসন্ধি আৰু বিসৰ্গসন্ধি

সন্ধি ভাঙা

সন্ধি ভাঙা বা সন্ধি পাতা বহুত আছে যদিও আমি ইয়াত স্বৰসন্ধি, ব্যঞ্জনসন্ধি আৰু বিসৰ্গসন্ধিৰ হে কিছু উদাহৰণ আলোচনা কৰিম। ইয়াৰ পিছত আমি সন্ধি ভাঙা বা সন্ধি পাতাৰ বহু উদাহৰণ আমি সময়ে সময়ে যোগ কৰি থাকিম ।

সন্ধি ভাঙা: স্বৰসন্ধি

স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয়, তাক স্বৰসন্ধি বোলে ।

আ = অ + অ

জলাধিপতি = জল + অধিপতি
পদাৰ্পণ = পদ + অৰ্পণ
দেবাসুৰ = দেৱ + অসুৰ
পঞ্চামৃত = পঞ্চ + অমৃত
ফলাফল = ফল + অফল
স্বাধীন = স্ব + অধীন
শংকৰাব্দ = শংকৰ + অব্দ
দাবানল = দাব + অনল
পুষ্পাঞ্জলি = পুষ্প + অঞ্জলি
নৰাধম = নৰ + অধম
অজাসুৰ = অজ + অসুৰ
পৰাধীন = পৰ + অধীন
চৰাচৰ = চৰ + অচৰ
অজৰামৰ = অজৰ + অমৰ
নীলাচল = নীল + অচল
নৰকাসুৰ = নৰক + অসুৰ
শতাব্দ = শত + অব্দ
দেশান্তৰ = দেশ + অন্তৰ
সাধ্যাতীত = সাধ্য + অতীত
গোলাৰ্দ্ধ = গোল + অৰ্দ্ধ
শোকাভিভূত = শোক + অভভূত
হিতাহিত = হিত + অহিত
লাভালাভ = লাভ + অলাভ
হস্তাক্ষৰ = হস্ত + অক্ষৰ

আ = অ + আ

পৰমানন্দ = পৰম + আনন্দ
হতাশা = হত + আশা
ৰত্নাকৰ = ৰত্ন + আকৰ
ভোকাতুৰ = ভোক + আতুৰ
দশানন = দশ + আনন
শোকাতুৰ = শোক + আতুৰ
ষড়ানন = ষড় + আনন
মেঘালয় = মেঘ + আলয়
শুভাগমন = শুভ + আগমন
শৃংখলাবদ্ধ = শৃংখল + আবদ্ধ
বিবেকানন্দ = বিবেক + আনন্দ
জীৱনালেখ্য = জীৱন + আলেখ্য
হিমালয় = হিম্ + আলয়
পিঞ্জৰাবদ্ধ = পিঞ্জৰ + আবদ্ধ
পূৰ্ণাহুতি = পূৰ্ণ + আহুতি
হতাহত = হত + আহত
হিমালয় = দেৱ + আলয়
চিত্তাকৰ্ষক = চিত্ত + আকৰ্ষক

আ = আ + আ

ৰমানন্দ = ৰমা + আনন্দ
শ্ৰদ্ধাস্পদ = শ্ৰদ্ধা + আস্পদ
মহাশয় = মহা + আশয়
কাৰাগাৰ = কাৰা + আগাৰ
উমানন্দ = উমা + আনন্দ
মহালয় = মহা + আলয়
বিদ্যালয় = বিদ্যা + আলয়
গৱেষণাগাৰ = গৱেষণা + আগাৰ
সদানন্দ = সদা + আনন্দ
দয়াৰ্দ্ৰ = দয়া + আৰ্দ্ৰ
মন্ত্ৰণালয় = মন্ত্ৰণা + আলয়
সুধাকাৰ = সুধা + আকাৰ

আ = আ + অ

বিদ্যাৰ্ণৱ = বিদ্যা + অৰ্ণৱ
কথামূত = কথা + অমূত
মহামহিমাৰ্ণৱ = মহামহিমা + অৰ্ণৱ
আশাতীত = আশা + অতীত
ধাৰণাতীত = ধাৰণা + অতীত
মহাৰ্ঘ = মহা + অৰ্ঘ
বিদ্যালংকাৰ = বিদ্যা + অলংকাৰ
সীমান্ত = সীমা + অন্ত
আশানুৰূপ = আশা + অনুৰূপ
যাত্ৰাভিনয় = যাত্ৰা + অভিনয়

ঈ = ই + ই

অতীন্দ্ৰিয় = অতি + ইন্দ্ৰিয়
অতীব = অতি + ইব
অভীষ্ট = অভি + ইষ্ট
মুনীন্দ্ৰ = মুনি + ইন্দ্ৰ
প্ৰতীতি = প্ৰতি + ইত
অতীত = অতি + ইত

ঈ = ই + ঈ

ক্ষিতীশ = ক্ষিতি + ঈশ
যতীশ = যতি + ঈষ
প্ৰতীতি = প্ৰতি + ঈক্ষা
গিৰীশ = গিৰি + ঈশ
অধীশ্বৰ = অধি + ঈশ্বৰ
পৰীক্ষা = পৰি + ঈক্ষা

ঈ = ঈ + ঈ

দিল্লীশ্বৰ = দিল্লী + ঈশ্বৰ
সতীশ = সতী + ঈশ
মহীশ = মহী + ঈশ
শ্ৰীশ = শ্ৰী + ঈশ

ঈ = ঈ + ই

শচীন্দ্ৰ = শচী + ইন্দ্ৰ
শচীন্দ্ৰ = মহী + ইন্দ্ৰ
মহতীচ্ছা = মহতী + ইচ্ছা
সুধীন্দ্ৰ = সধী + ইন্দ্ৰ

এ = অ + ই

ভৱেন্দ্ৰ = ভৱ + ইন্দ্ৰ
দেৱেন্দ্ৰ = দেৱ + ইন্দ্ৰ
ইতৰেতৰ = ইতৰ + ইতৰ
গজেন্দ্ৰ = গজ + ইন্দ্ৰ
নৰেন্দ্ৰ = নৰ + ইন্দ্ৰ
যোগেন্দ্ৰ = যোগ + ইন্দ্ৰ

এ = অ + ঈ

পৰমেশ্বৰ = পৰম + ঈশ্বৰ
ভৱেশ = ভৱ + ঈশ
গণেশ = গণ + ঈশ
দীনেশ = দীন + ঈশ
নৰেশ = নৰ + ঈশ
দেবেশ্বৰ = দেৱ + ঈশ্বৰ

এ = আ + ই

যথেষ্ট = যথা + ইষ্ট
যথেচ্ছা = যথা + ইচ্ছা
মহেন্দ্ৰ = মহা + ইন্দ্ৰ

এ = আ + ঈ

ৰমেশ = ৰমা + ঈশ
তাৰকেশ্বৰী = তাৰকা + ঈশ্বৰী
মহেশ = মহা + ঈশ

ও = অ + উ

শীতোষ্ণ = শীত + উষ্ণ
বৃকোদৰ = বৃক + উদৰ
সূৰ্যোদয় = সূৰ্য + উদয়
নন্দতসৱ = নন্দ + উতসব
প্ৰশ্নোত্তৰ = প্ৰশ্ন + উত্তৰ
স্নাতকোত্তৰ = স্নাতক + উত্তৰ
পাদোদক = পাদ + উদক
হিতোপদেশ = হিত + উপদেশ

ও = আ + উ

যথোচিত = যথা + উচিত
গংগোদক = গঙ্গা + উদক
মহোদধি = মহা + উদধি
মহোদৰ = মহা + উদৰ
কথোপকথ = কথা + উপকথন
যথোপযুক্ত = যথা + উপযুক্ত
মহোদয় = মহা + উদয়
বিদ্যােতসাহী = বিদ্যা + উতসাহী
মহোতসৱ = মহা + উতসৱ

(ৰে’ফ) = অ + ঋ আৰু (ৰে’ফ ) = আ +ঋ

উত্তমৰ্ণ = উত্তম + ঋণ
মহৰ্ষি = মহা + ঋষি
দেৱৰ্ষি = দেৱ + ঋষি
অধমৰ্ণ = অধম + ঋণ
ৰাজৰ্ষি = ৰাজা + ঋষি
সপ্তৰ্ষি = সপ্ত + ঋষি

আৰ্ত = অ + ঋত, আৰ্ত =আ + ঋত

ভোকাৰ্ত = ভোক + ঋত
ক্ষুধাৰ্ত = ক্ষুধা + ঋত
শোকাৰ্ত = শোক + ক্ষুকাৰ্ত
শীতাৰ্ত = শীত + ঋত
ভোকাৰ্ত = তৃষ্ণা + ঋত

ঐ = অ + এ , ঐ = অ + ঐ, ঐ = আ + ঐ

তথৈবচ = তথা + এবচ
মহৈশ্বৰ্য = মহা + ঐশ্বৰ্য
পৰমৈশ্বৰ্য = পৰম + ঐশ্বৰ্য
হিতৈষী = হিত + এষী
একৈক = এক + এক
জনৈক = জন + এক
মতৈক্য = মত + ঐক্য

ঔ = অ + ও; ঔ = অ + ঔ ;ঔ = আ + ঔ; ঔ = আ + ঔ

বনৌষধি = বন + ঔষধি
জলৌকা = জল + ওকা
মহৌষধ = মহা + ঔষধ

্য ( য-কাৰ) = ই + অ

অত্যন্ত = অতি + অন্ত
আদ্যন্ত = আদি + অন্ত
যদ্যপি = যদি + অপি
অত্যধিক = অতি + অধিক
প্ৰত্যহ = প্ৰতি + অহ

্য ( য-কাৰ ) = ই + আ

প্ৰত্যাশা = প্ৰতি + আশা
ইত্যাদি = ইতি + আদি

্য (য-কাৰ) = ঈ + অ

নদ্যম্বু = নদী + অম্বু

্য (য-কাৰ) = ই + উ

উপৰ্যুপৰি = উপৰি + উপৰি
অত্ত্যুদয় = অতি + উদয়
প্ৰত্যুপকাৰ = প্ৰতি + উপকাৰ
অভ্যুদয় = অভি + উদয়

্য় (য-কাৰ) = ই + এ

প্ৰত্যেক = প্ৰতি + এক

ৱ = উ + অ ; ৱা =উ +আ; ৱে = উ + এ

নয়ন = নে + অন
গায়ক = গৈ + অক
বিনায়ক = বিনৈ + অক
শয়ন = শে + অন
নায়ক = নৈ + অক

সন্ধি ভাঙা: ব্যঞ্জনসন্ধি

ব্য়ঞ্জনবৰ্ণৰ লগত ব্য়ঞ্জনবৰ্ণৰ বা ব্য়ঞ্জনবৰ্ণৰ লগত স্বৰবৰ্ণৰ লগত ব্য়ঞ্জনবৰ্ণৰ মিলনেই ব্যঞ্জনসন্ধি বোলে ।

তদুপৰি = তত + উপৰি
দিগন্ত = দিক্ + অন্ত
আচ্ছাদন = আ + ছাদন
গন্তব্য = গম্ + তব্য
সংলগ্ন = সম্ + লগ্ন
মৃন্ময় = মৃত + ময়
পৰিচ্ছেদ = পৰি+ ছেদ
উচ্ছেদ = উত + ছেদ
সংযোগ = সম্ + যোগ
ণিজন্ত = ণিচ্ + অন্ত
বাংময় = বাক্ + ময়
তদ্ধিত = তত + হিত
যাচ্ঞয় = যাচ্ + না
সম্ৰাজ্ঞী = সম্ + ৰাজ + নী
প্ৰকৃষ্ট = প্ৰ + কৃষ + ত
কৃদন্ত = কৃ + অন্ত
পৰিচ্ছন্ন = পৰি + ছন্ন
সংকীৰ্ণ = সম্ + কীৰ্ণ
সন্তান = সম্ + তান
বৃষ্টি = বৃষ + তি
চলচ্চিত্ৰ = চলত + চিত্ৰ
উচ্চাৰণ = উত + চাৰণ
দিগগজ = দিক্ + গজ
সংস্কৃত = সম্ + কৃত
জগন্নাথ = জগত + নাথ
উন্মাদ = উত + মাদ
সংগতি = সম্ + গতি
সদুপদেশ = সত + উপদেশ
সম্ৰাট = সম্ + ৰাট্
উন্মত্ত = উত + মত্ত
সংকাৰ্ণ = সম্ + কীৰ্ণ
সদাশয় = সত + আশয়
সজ্জন = সত + জন
সচ্চৰিত্ৰ = সত + চৰিত্ৰ
সংশয় = সম্ + শয়
কিন্নৰ = কিম্ + নৰ
যাৱজ্জীৱন = যাবত + জীৱন
ৰাজ্ঞী = ৰাজ + নী
সংযোগ = সম্ + যোগ
উন্নতি = উত + নতি
উদ্ধত = উত + হত
আচ্ছন্ন = আ + ছন্ন
বিচ্ছিন = বি + ছিন্ন
বাগীশ = বাক্ + ঈশ

বিসৰ্গসন্ধি সন্ধি ভাঙা

বিৰ্সগ আৰু ব্য়ঞ্জনবৰ্ণ বা স্বৰবৰ্ণৰ মাজত যি সন্ধি হয়, তাক বিসৰ্গসন্ধি বোলে ।

নীৰৱ = নিঃ + ৰৱ
বাচস্পতি = বাচঃ+ পতি
নিৰৱচ্ছন্ন = নিঃ + অৱচ্ছিন্ন
নিস্তেজ = নিঃ+ তেজ
নিঃ + ৰোগ = নিৰোগ
মনঃ + তাপ = মনস্তাপ
মনঃ + ৰম = মনোৰম
নিঃ + আকাৰ = নিৰাকাৰ
দুঃ + অৱস্থা = দুৰৱস্থা
নিঃ + চয় = নিশ্চয়
মনঃ + যোগ = মনোযোগ
নিঃ + ৰস্ = নীৰস
আৱিঃ + কাৰ = আৱিষ্কাৰ
নিঃ + কলংক = নিষ্কলংক
পুনঃ + অপি = পুনৰপি
নিঃ+ চিত = নিশ্চিত
দুঃ + গম = দুৰ্গম
নিঃ + অৱধি = নিৰৱধি
বহিঃ + কাৰ = বহিষ্কাৰ
নিঃ + চিন্ত = নিশিচন্ত
বনঃ + পতি = বনস্পতি
তিৰঃ + কাৰ = তিৰস্কাৰ
সৰঃ + বৰ = সৰোবৰ
শিৰঃ + ছেদ = শিৰশে্ছদ
দুঃ + তৰ = দুস্তৰ
মনঃ + হৰ = মনোহৰ
দঃ + নীতি = দুৰ্নীতি
ততঃ + অধিক = ততোধিক
দুঃ + গতি = দুৰ্গতি
ভাঃ + কৰ = ভাস্কৰ
দুঃ + প্ৰাপ্য = দুষ্প্ৰাপ্য
আশীঃ + বাদ = আশীবাৰ্দ
ইতঃ + ততঃ = ইতস্ততঃ
অহঃ + ৰাত্ৰ = অহোৰাত্ৰ
দুঃ + কৰ = দুষ্কৰ
নিঃ + নয় = নিৰ্ণয়
নিঃ + ঠুৰ = নিষ্ঠুৰ
তপঃ + বন = তপোবন
দুঃ + ঘোৰ = দুৰ্ঘোৰ
নিঃ + তাৰ = নিস্তাৰ
নমঃ + কাৰ = নমস্কাৰ
নিঃ + ফল = নিষ্ফল
বযঃ + অধিক = বয়োধিক
নিঃ + পাপ = নিষ্পাপ
পুৰঃ + কাৰ = পুৰস্কাৰ
দুঃ + চিন্তা = দুশ্চন্তা
দুঃ + মতি = দুৰ্মতি
অহঃ + নিশা = অহৰ্নিশ

শেষ বাক্য

আজি আমি Assamese Medium ৰ ছাত্ৰ ছাত্ৰীৰ বাবে আলোচনা কৰিলোঁ ভাঙা বা সন্ধি পাতাৰ কিছু উদাহৰণ । যদি আপুনি জানিব খোজা সন্ধি ভাঙা বা সন্ধি পাতা ইয়াত নাই তেন্তে আমাৰ Assamese Medium Facebook Page Follow কৰি আমাক জনাব পাৰে বা আপুনি Comment Section ত জনাব পাৰে । আমি যিকোনো সময়ত আপোনাৰ উত্তৰ দিবলৈ যত্ন কৰিম ।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

20 thoughts on “সন্ধি ভাঙা | Assamese Grammar for HSLC/HS 2024”

Leave a Comment