WhatsApp
Get FREE PDF
আপুনি যদি Assamese Medium ত অধ্যয়ন কৰা শিক্ষাৰ্থী তেন্তে আপোনাক কোৱাৰ প্ৰয়োজনেই নাই যে Assamese Grammar কিমান গুৰুত্বপুৰ্ণ বিষয়।
Assamese Grammar য়ে ছাত্ৰ ছাত্ৰীক কিমান দূৰ সহায় কৰিব পাৰিব তাৰ কথা চিন্তা কৰিয়ে আমি আগতে অসমীয়া ব্যাকৰণৰ বহু গুৰুত্বপূৰ্ণ অধ্যায় আমি আলোচনা কৰিছো। তলত দিয়া লিংকৰ পৰা আপুনি পঢ়িব পাৰে।
- You Can Also Read:
এটা শব্দত প্ৰকাশ কৰা | Expression in one word 2023
Expression in one word বা এটা শব্দত প্ৰকাশ কৰা Assamese Grammar ৰ এক গুৰুত্বপূৰ্ণ বিষয়। Class 6 ৰ পৰা আৰম্ভ কৰি Class 12 লৈকে অসমীয়া বিষয়ত এটা শব্দত প্ৰকাশ কৰা বা Expression in one word অতি প্ৰয়োজন।
সেইবাবেই বাবেই আজি আমি আপোনালোকৰ বাবে কিছু গুৰুত্বপূৰ্ণ এটা শব্দত প্ৰকাশ কৰা বা Expression in one word লৈ আহিছোঁ যিয়ে আপোনাক আগন্তুক পৰীক্ষাত যতেষ্ট সহায় কৰিব।
- কৰিবলগীয়া কাম – কৰ্তব্য।
- ষাক সহজে লাভ কৰা যায় – সুলভ।
- ষাক পাবলৈ টান – দুৰ্লভ, দুষ্প্ৰাপ্য।
- যাৰ পুত্ৰ নাই – অপুত্ৰক।
- যি সংকল্প কৰিছে – কৃতসংকল্প।
- যি অনাই-বনাই ঘূৰি ফুৰে – যাযাবৰ, অঘৰী।
- যাৰ মূৰত চুলি নাই – তপামূৰা।
- যি কোনো পক্ষ নলয় – নিৰপেক্ষ।
- যি মৰোঁ মৰোঁ অৱস্থাত আছে – মুমূৰ্ষু।
- যাৰ পূৰ্ব জন্মৰ কথা মনত আছে – জাতিস্মৰ
- যি সমাপ্ত হোৱা নাই – অসমাপ্ত।
- যি ৰণত মতলীয়া – ৰণমত্ত।
- য’লৈ যোৱা টান –দু ৰ্গম।
- যি কণীৰপৰা জন্মে – অণ্ডজ।
- যি বিষ্ণুক পূজা কৰে – বৈষ্ণৱ।
- যি শিৱক পূজা কৰে – শৈৱ।
- যি শক্তিক পূজা কৰে – শাক্ত।
- (কথা) কোৱাৰ যি ইচ্ছা – বিবক্ষা।
- যাৰ দয়া-মমতা নাই – নিৰ্দয়।
- মাৰিবলৈ (বা হনন কৰিবলৈ) কৰা ইচ্ছা – জিঘংসা।
- যাৰ কোনো শত্ৰু নাই (বা শত্ৰু জন্মা নাই) – অজাতশত্ৰু
- যি গোচৰ তৰে – গুচৰীয়া।
- যি সকলো জানে – সৰ্বজ্ঞ।
- যিজনে ভাল-বেয়া বিচাৰ কৰিব নোৱাৰে – অবিৱেচক।
- যাক পৰিহাৰ কৰিব নোৱাৰি – অপৰিহাৰ্য।
- যি কথা কোৱা উচিত নহয় – অকথ্য।
- যিজনে ইন্দ্ৰয় জয় কৰিব পাৰে – জিতেন্দৰিয়।
- যি কথাৰ অৰ্থ নাই – অৰ্থহীন, নিৰৰ্থক।
- যিজনে ভৱিষ্যৎ চিন্তা কৰিব পাৰে – দূৰদৰ্শী
- যিজনে দূৰলৈ দেখে – দূৰদৰ্শী
- যাৰ দুই হাত সমানে চলে – সব্যসাচী।
- যি আগেয়ে হোৱা নাই – অভূতপূৰ্ব।
- নিজে নিজে হোৱা – স্বয়স্তু।
- পি্ খোৱা বস্তু – পেয়।
- চ্লেকি খোৱা বস্তু – লেহ্য।
- চোবাই খোৱা বস্তু – চব্য।
- দৰমহা নোলোৱাকৈ কাম কৰা মানুহ – অবৈতনিক।
- আনৰ দোষ দেখা স্বভাৱ – অসূয়া।
- ভৰিৰপৰা মূৰলৈকে – আপাদমস্তক।
- সখিয়েকৰ মাক – আমৈ।
- বন্ধু-বান্ধৱৰ সৈতে – সবান্ধৱে (সবান্ধৱ)।
- কাৰো নাম নধৰাকৈ পৰা গালি – গুৱাল-গালি।
- লোকক দেখি পাছত যি কৰে – অনুকৰণ ৷
- এটা সন্তান হোৱাৰ পিছত আৰু সন্তান নোহোৱা তিৰোতা – কাকবন্ধ্যা, বিয়ৈবীজী
- ফুল নুফুলাকৈ গুটি হোৱা গছ। – বনস্পতি।
- সীমা নথকা – অসীম।
- মাটিৰে নিৰ্মিত – মৃন্ময়।
- মেলত পাৰ্গত – মেলেকী।
- হতভাগ্য যাৰ – হতভগা।
- ধান ৰোৱা তিৰোতা – ৰোৱনী।
- ধান দোৱা তিৰোতা – দাৱনী।
- বীণা আছে পাণিত (হাতত) যাৰ – বীণাপাণি।
- দেশৰ ভালৰ কাৰণে কাম কৰা মানুহ – দেশকৰ্মী।
- দেশৰ কামত মৃত্যু বৰণ কৰা মানুহ – ছহিদ্ (শ্বহীদ্)।
- পথৰপৰা যি বিচলিত হৈছে – পথজৰষ্ট।
- নোহোৱা বস্তু যি উলিয়ায় – আৱিষ্কাৰক, উদ্ভাৱক।
- ৰূপেৰে নিৰ্মিত বা ৰূপ চৰোৱা – ৰূপোৱালী।
- সোণেৰে নিৰ্মিত বা সোণ চৰোৱা – সোণোৱালী।
- দেশক ভাল পোৱা মানুহ – দেশ-ভক্ত, দেশ-প্ৰেমিক।
- নিজৰ ওপৰত যি নিৰ্ভৰ কৰে – স্বাৱলম্বী, আত্মনিৰ্ভবশীল।
- বহুত কল-গছ থকা ঠাই – কলনি।
- আনৰ ভাল দেখিব নোৱাৰা – পৰশত্জীকাতৰ।
- গোটেই জীৱন জুৰি – আজীৱন।
- দীৰ্ঘকাল জীয়াই থকা – দীৰ্ঘজীৱী।
- হঠাতে হোৱা ঘটনা – আকস্মিক।
- বিহুৰ আগদিনা – উৰুকা।
- লোকৰপৰা নিন্দা – লোকনিন্দা।
- যি হিচাপমতে নচলে – বেহিচাপী।
- ভিক্ষাৰ অভাৱ – দুৰ্ভিক্ষ।
- ঘৰ নাই যাৰ – অঘৰী।
- প্রৱাসত থকা মানুহ – প্রৱাসী, প্রৱসুৱা।
- একে গুৰুৰ শিষ্য – সতীৰ্থ, হৰি ভকত।
- সত্য কথা কোৱা মানুহ – সত্যবাদী।
- ঈশ্বৰত যাৰ বিশ্বাস নাই – নাস্তিক।
- যাৰ অন্ত নাই – অনন্ত।
- বোকাত যাৰ জন্ম – পংকজ।
- নিজৰ ৰূপ-যৌৱন লৈ গৌৰৱ কৰা তিৰোতা – মানিনী।
- যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে – কৃতজ্ঞ।
- যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে – অকৃতজ্ঞ, কৃতত্ন।
- যি পুৰুষৰ ঘৈণীয়েক মৰিছে – বৰলা।
- যাক দেখা নাযায় – অদৃশ্য।
- যি নাৰীৰ স্বামী মৰিছে – বিধৱা।
- এবাৰ ফল দিয়াৰ পাছতে যি গছ মৰি যায় – ওষধি।
- বিয়া নকৰোৱা মানুহ – অবিৱাহিত, বৰলা বা ডাং বৰলা।
- একে উদৰৰপৰা বা একে মাকৰপৰা জন্ম যাৰ – সহোদৰ, সহোদৰা (স্নীলিঙ্গ)।
- পৰৰ অধীন – পৰাধীন।
- পৰৰ মুখলৈ অপেক্ষা কৰা মানুহ – পৰমুখাপেক্ষী।
- পৰৰ সৌভাগ্য দেখি যি কাতৰ হয় – পৰশম্জীকাতৰ।
- যি গৰু-ম’হৰ গাড়ী চলায় – গাড়োৱান।
- কানি খোৱা মানুহ – কানীয়া।
- বাটেদি যোৱা মানুহ – বাটৰুৱা।
- মিছা কথা কোৱা মানুহ – মিছলীয়া।
- কাঁহৰ বাচন গঢ়োঁতা – কঁহাৰ ৷
- মাটিৰ বাচন সাজোঁতা – কুমাৰ ৷
- যি সকলে নাও বায় – নাৱৰীয়া।
- যি জলত চৰে – জলচৰ ।
- যি শত্ৰুক বধ কৰে – শত্ৰুঘ্ন।
- ব্যাকৰণত যি পাৰদশী – বৈয়াকৰণিক, বৈয়াকৰণ।
- যাক সহজে লঙ্ঘন কৰিব নোৱাৰি – অলঙ্ঘ্য ।
- অতিশয় শীতো নহয় অতিশয় উষ্ণও নহয় – নাতিশীতোষ্ণ।
- যিজনে আইন জানে – আইনজ্ঞ।
- যাৰ কোনো সন্তান নাই – নিৰ্বংশ।
- যিজনী তিৰোতাৰ ল’ৰা-ছোৱালী (সন্তান) নহ’ল – বাঁজী।
- যাৰ কোনো সন্তান নাই – নিঃসন্তান।
- কঁঠালৰ সৰু সৰু কলি – মুচি ।
- নিচেই সৰুতে মাক অথবা বাপেক মৰা সন্তান – মাউৰা।
- নিচেই সৰুতে মাক-বাপেক মৰা নিৰাশ্ৰয় সন্তান – ঘাট-মাউৰা ৷
- বেঙৰ নেজ থকা সৰু পোৱালি – লালুকী ।
- গড়ৈ মাছৰ সৰু সৰু পোৱালি – গড়ৈচিৰিকা।
- কাৱৈ মাছৰ সৰু পোৱালি – কাৱৈটিলা ৷
- আগলৈ অধিক এটা শব্দত প্ৰকাশ কৰা বাক্য দিয়া হ’ব।
- অ’ত ত’ত ঘুৰি ফুৰা লোক, যাৰ ঘৰ বাৰী নাই = অঘৰী
- আগে আগে গমন কৰে যি = অগ্ৰগামী
- আনৰ দোষ দেখা স্বভাৱ = অসূয়া
- আনৰ ভাল দেখিব নোৱাৰা = চকুচৰহা,পৰশ্ৰীকাতৰ
- আহাৰ জীৰ্ণ নোযোৱা কাৰণে হোৱা বেমাৰ = অজীৰ্ণ
- ঈশ্বৰক বিশ্বাস নকৰা লোক = নাস্তিক
- নিজৰ ওপজা ঠাই = জন্মভূমি
- নিজে নিজে হোৱা = স্বয়ম্ভূ
- নোহোৱা বস্তু উদ্ভাৱন কৰোতা = আৱিষ্কাৰক
- নোহোৱা বস্তু সৃষ্টি কৰা = উদ্ভাৱন
- নোহোৱা বস্তুৰ উদ্ভাৱন = আৱিস্কাৰ
- পকী ঘৰ নিৰ্মাণ কৰা লোক = ৰাজমিস্তিৰি
- পনীয়া গাখীৰ দিয়া গাই = জলাহী
- ধান থোৱা ঘৰ- ভঁৰাল।
- খাবলৈ অনা কলপুলি- পচলা।
- যি চিঠি বিলায়- পিয়ন।
- যি আগতে শুনা নাই- অশ্ৰুতপূৰ্ব।
- যি ঘটনা আগতে ঘটা নাই- অভুতপূৰ্ব।
- যি জন্তু পোহা হয়- পোহনীয়া।
- যি অতিশয় দীঘল নহয়- নাতিদীর্ঘ।
- যি জুইত পুৰি নাযায়- অদাহ্য।
- যি আনৰ ভাল দেখিব নোৱাৰি- পৰশ্ৰীকাতৰ, চকু-চৰহা।
- যি তিৰোতাই ধান ৰোৱে- ৰোৱনী।
- যি তিৰোতাই ধান দায়- দাৱনী।
- যি তিৰোতাৰ স্বামী মৰিছে- বিধৱা, বাঁৰী।
- যি পুৰুষৰ ঘৈনীয়েক মৰিছে- বৰলা, বিপত্নীক।
- যি আনৰ অধীন- পৰাধীন।
- যি আনৰ অধীন নহয়- স্বাধীন।
- যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে- ডকাইত।
- যি মাটিত সাৰ নাই- অসাৰুৱা।
- যি মাটিৰ উৎপাদিকা শক্তি নাই- অনুৰ্বৰা।
- যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে- স্বাৱলম্বী, আত্মনিৰ্ভৰশীল।
- যি অভাৱত থাকে- অভাৱী, অভাবগ্রস্ত।
- যি অলপতে শুনে- শহাকণীয়া।
- যি পৰৰ ওপৰত নিৰ্ভৰ কৰি চলে- পৰনিৰ্ভৰশীল।
- যি নিজকে পণ্ডিত বুলি ভাবে- পণ্ডিতম্মন্য।
- যি বস্তু দিব পৰা নাযায়- অদেয়।
- যি দেশৰ ভক্ত- দেশভক্ত।
- যি মাতৃৰ মাত্ৰ এটাহে সন্তান- কাকবন্ধ্যা।
- যি দেশক ভাল পায়- দেশপ্রেমিক।
- যি কথা জনা নাযায়- অজ্ঞাত, অজানিত।
- যি আনৰ মুখলৈ বাট চাই থাকে- পৰমুখাপেক্ষী।
- যি পথৰ পৰা বিচলিত হৈছে- পথভ্রষ্ট।
- যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে- কিংকৰ্তব্যবিমূঢ়, হতবুদ্ধি।
- যি দেশৰ বাবে মৃত্যুবৰণ কৰে- স্বহিদ, ছহিদ।
- যি মানুহৰ নিজাপী ঘৰ নাই- অঘৰী।
- যি কৰ্মত বীৰৰ তুল্য- কৰ্মবীৰ।
- যি জন সাহিত্যত সম্ৰাটৰ তুল্য- সাহিত্য-সম্ৰাট।
- যি অনুষ্ঠান শৰৎ কালত হয়- শাৰদীয়।
- যি দীৰ্ঘকাল জীয়াই থাকে- দীর্ঘজীবী।
- যি খুজি খায়- খোজনিয়াৰ।
- যি মাগি খায়- মগনিয়াৰ।
- যি এটা চকুৰে নেদেখে- কণা।
- যি বিদ্যাৰ আলয়- বিদ্যালয়।
- যি একে গোত্ৰৰ- সগোত্ৰ।
- যি বিদেশৰ পৰা আহে- বিদেশী।
- যি সহজতে জীণ নাযায়- গুৰুপাকী, দুষ্পাচ্য।
- যি ঠাই অতি ঠাণ্ডাও নহয় গৰমো নহয়- নাতিশীতোষ্ণ।
- যি ঠাই অতি কষ্টৰে লঙ্ঘন কৰা যায়- দুৰ্লঙ্ঘ।
- যি যন্ত্ৰৰে হাতেৰে সূতা কটে- যঁতৰ।
- যি ইন্দ্ৰিয় জয় কৰিব পাৰে- জিতেন্দ্ৰিয়।
- যি কষ্ট সহ্য কৰিব পাৰে- কষ্টসহিষ্ণু।
- যি বিধিসম্মত- বৈধ।
- যি বিধিসম্মত নহয়- অবৈধ।
- যি ঈশ্বৰক বিশ্বাস কৰে- আস্তিক।
- যি কথা কোৱা উচিত নহয়- অকথ্য, অকথনীয়।
- যি ঈশ্বৰক বিশ্বাস নকৰে- নাস্তিক।
- যি কোনো কাম কৰিব নোৱাৰে- অকৰ্মণ্য, অসাঁঠন।
- যি গুণীৰ গুণ বুজিব পাৰে- গুণগ্ৰাহী।
- যি পৰিণাম চিন্তা কৰি কাম কৰে- পৰিণামদৰ্শী।
- যি ভৱিষ্যতৰ কথা চিন্তা কৰিব পাৰে- দূৰদৰ্শী।
- যি ভৱিষ্যতৰ কথা চিন্তা কৰিব নোৱাৰে- অদূৰদৰ্শী।
- যি সঁচা কথা কয়- সত্যবাদী।
- যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে- অকৃতজ্ঞ, কৃতঘ্ন।
- যি দুই হাত সমানে চলাব পাৰে- সব্যসাচী।
- যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে- কৃতজ্ঞ।
- যি মিছা কথা কয়- মিছলীয়া।
- যি অলপতে ভয় খায়- ভয়াতুৰ।
- যি একো নাজানে- অজ্ঞ।
- যি কণীৰপৰা জন্মে- অণ্ডজ।
- যি একেলগে পঢ়ে- সহপাঠী।
- যি নিশাহে চৰে- নিশাচৰ।
- যি যোগৰ পৰা ভ্ৰষ্ট হৈছে- যোগভ্ৰষ্ট।
- যি নিজে নিজে হয়- স্বয়ম্ভু।
- যি আনফালে মন দিয়ে- অন্যমনস্ক।
- যি ধন খৰচ নকৰে- কৃপণ।
- যি মাছ-মাংস খায়- আমিষাহাৰী।
- যি মাছ-মাংস নাখায়- নিৰামিষাহাৰী।
- যি ভাষাত পাৰ্গত- ভাষাবিদ।
- যি লোকক দেখি পাছত কৰা যায়- অনুকৰণ।
- যি নিজৰ পেটলৈহে চিন্তা কৰে- আপোনপেটীয়া, স্বাৰ্থপৰ।
- যি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে- ভিক্ষাৰী।
- যি নিয়মমতে খৰচ কৰে- মিতব্যয়ী।
- যি নিয়মমতে খৰচ নকৰে- অমিতব্যয়ী।
- যি কথা বিশ্বাস কৰিব নোৱাৰি- অবিশ্বাস্য।
- যি মৰো মৰো অৱস্থা হৈছে- মুমূর্ষ।
- যি কাৰো পক্ষৰ নহয়- নিৰপেক্ষ।
- যি পৰৰ ঠাইত বাস কৰে- প্ৰবাসী।
- যি সহ্য কৰিব পাৰে- সহিষ্ণু।
- যি ক্ষয় হ’বলৈ ধৰিছে- ক্ষয়িষ্ণু।
- যি বিষ্ণুক উপাসনা কৰে- বৈষ্ণৱ।
- যি মাটি ফুটি ওলায়- উদ্ভিদ।
- যি শিৱক উপাসনা কৰে- শৈৱ।
- যি শক্তিক উপাসনা কৰে- শাক্ত
- যি গোচৰ তৰে- গুচৰীয়া।
- যি বাঢ়িবলৈ ধৰিছে- বৰ্দ্ধিষ্ণু।
- যি জানিবলৈ আগ্ৰহী- জিজ্ঞাসু।
- যি সমাপ্ত হোৱা নাই- অসমাপ্ত।
- যিটো সুধিবলগীয়া- জিজ্ঞাস্য।
- যাক মূল্য দি কিনিব নোৱাৰি- অমূল্য।
- যাক সহজে ভাঙিব পাৰি- ভঙ্গুৰ।
- যাক সহজতে লাভ কৰিব নোৱাৰি- দুৰ্লভ।
- যাক সহজতে লাভ কৰিব পাৰি- সুলভ।
- যাক ভেদ কৰিব নোৱাৰি- অভেদ্য।
- যাক সহজে ভেদ কৰিব নোৰাৰি- দুৰ্ভেদ্য।
- যাক বধ কৰা উচিত- বধ্য।
- যাক নিবাৰণ কৰিব নোৱাৰি- অনিবার্য।
- যাক পৰিত্যাগ কৰিব নোৱাৰি- অপৰিহাৰ্য, অপৰিত্যাজ্য।
- যাক বুজিব পাৰি- বোধগম্য।
- যাক বধ কৰা অনুচিত- অবধ্য।
- যাক সহজে বুজা যায়- সহজবোধ্য।
- যাক কল্পনা কৰিব নোৱাৰি- অকল্পনীয়, কল্পনাতীত।
- যাৰ সীমা আছে- সসীম।
- যাৰ সীমা নাই- অসীম।
- যাৰ আদি নাই- অনাদি।
- যাৰ অন্ত নাই- অনন্ত।
- যাৰ আশ্রয় নাই- নিৰাশ্ৰয়।
- যাৰ ওপৰত গোচৰ তৰে- পাদকীয়।
- যাৰ সকলো বস্তু অঁটাকৈ আছে- আটন্তিয়াৰ।
- যাৰ ঋণ আছে- ঋণী।
- যাৰ ধৰ্মলৈ ভয় আছে- ধৰ্মভীৰু।
- যাৰ বিবেচনা শক্তি নাই- অবিবেচক।
- যাৰ পিতৃ-মাতৃ দুয়ো মৰিছে- ঘাট-মাউৰা।
- যাৰ গুণ আছে গুণী।
- যাৰ মান আছে- মানী।
- যাৰ বল আছে- বলী।
- যাৰ মৰণ নাই- অমৰ।
- যাৰ ধাৰ আছে- ধৰুৱা।
- যাৰ নাম নাই- অনামী, অনামা।
- যাৰ বল নাই- নিৰ্বলী, দুৰ্বল।
- যাৰ একোয়েই নাই- নিঃস্ব।
- যাৰ মূৰত চুলি নাই- তপা।
- যাৰ নাম ৰাতিপুৱাই স্মৰণ কৰা উচিত- প্ৰাতঃ স্মৰণীয়।
- যাৰ হাত আঁঠুৰ তললৈকে পৰে- অজানুলম্বিত।
- যাৰ আগমন আহ্বান কৰা হয়- স্বাগত।
- যাৰ পূৰ্বজন্মৰ কথা মনত আছে- জাতিস্মৰ।
- য’ত মানুহ বেছি- জনবহুল।
- য’ত কোনো মানুহ নাই- জনশূন্য।
- য’লৈ যোৱা কষ্টসাধ্য- দুৰ্গম।
- কোনো কথাৰ নিশ্চয় কৰিবলৈ পঠিওৱা বিশ্বাসী মানুহ- সঁজাতী।
- একেজন গুৰুৰে শিষ্য- হৰিভকত, সতীৰ্থ।
- মাটিৰে যি নিৰ্মিত- মৃন্ময়।
- গধুলি যি চকুৰে নেদেখে- কুকনৰীকণা।
- হঠাতে হোৱা ঘটনা- আকস্মিক।
- মেলত যি পাৰ্গত- মেলেকী।
- বধ কৰিবলৈ ইচ্ছা- জিঘাংসা।
- মাগিলেও ভিক্ষা নোপোৱা সময়- দুৰ্ভিক্ষ।
- আনৰ দোষ দেখা স্বভাৱ- অসূয়া।
- আহাৰ জীৰ্ণ নোহোৱা কাৰণে হোৱা বেমাৰ- অজীৰ্ণ।
- দৰমহা বা বেতন নোলোৱাকৈ কৰা কাম- অবৈতনিক।
- কাৰো নাম নধৰাকৈ পৰা গালি- গুৱাল-গালি।
- ঘৰত থকা জন্তু- বনৰীয়া।
- জুই ধৰি ৰখা ঠাই- জুহাল।
- প্ৰাণক পণ কৰি- প্ৰাণপণে।
- কোনো কাৰ্য কৰিবলৈ স্থিৰ কৰা- কৃত সংকল্প।
- জন্তুৰ নিচিনা- জান্তৱ।
- নাম নিদিয়াকৈ দিয়া (চিঠি)-বেনামী।
- বনত থকা জন্তু- ঘৰচীয়া।
- বাটেৰে যোৱা লোক- বাটৰুৱা।
- ঘাঁহেৰে ভৰা ঠাই- ঘাঁহনি।
- কলেৰে ভৰা যি ঠাই- কলনি।
- বনেৰে ভৰা যি ঠাই- বননি।
- বৰষুণ নোহোৱা যি বতৰ- খৰাং।
- ঠেং নোহোৱা ভেকুলী পোৱালি- লালুকী।
- দ নোহোৱা ঠাই- তৰাং।
- ৰং আছে য’ত- ৰঙালী।
- ভোগ আছে য’ত- ভোগালী।
- কাণেৰে নুশুনা লোক- কলা।
- গৰু বন্ধা ঠাই- গোহালি।
- স্বামী থকা তিৰোতা- আয়তী, সধৱা।
- সোণৰ দৰে বৰণ যাৰ- সোণালী, সোণোৱালী।
- সাহ আছে যাৰ- সাহিয়াল, সাহসী
- ৰূপৰ দৰে বৰণ যাৰ- ৰূপালী, ৰূপোৱালী।
- ৰন্ধা-বঢ়া কৰা ঠাই- ৰান্ধনি-ঘৰ, ৰান্ধনি-শাল।
- ম’হ বন্ধা ঠাই- খুঁটি।
- মাটিৰ নিচেই সৰু টেকেলি- ভুৰুকা।
- গোটেই জীৱন জুৰি- আজীৱন।
- নোহোৱা বস্তু উদ্ভাৱন কৰোতা- আৱিস্কাৰক, আৱিস্কৰ্তা।
- দুয়োটা চকুৰে নেদেখা লোক- অন্ধ।
- একে সময়তে হোৱা- সমসাময়িক।
- চোবাই খোৱা যি বস্তু- চব্য।
- পি খোৱা বস্তু- পেয়।
- চেলেকি খোৱা বস্তু- লেহা।
- বিহুৰ আগদিনা- উৰুকা।
- বটা সৰিয়হেৰে কৰা চাট্নি- কাহুঁদি।
- খাৰণি সনা সৰিয়হৰ গুৰি- খাঁৰলি, বেহুৱা।
- বাঁহ গাজ খুন্দি কৰা খাদ্য-বস্তু- খৰিচা।
- মিহি নোহোৱা গুৰি- খৰচি।
- একে ঠাইতে থিতাপি হৈ নথকা এজাতি লোক- অঘৰী।
- একে মাতৃৰ সন্তান- সহোদৰ, সোদৰ।
- এবাৰ গুটি লাগি মৰা গছ- ঔষধি।
- লোকক দেখি পিছে পিছে যোৱা- অনুসৰণ।
- লোকৰ পৰা পোৱা নিন্দা- লোকনিন্দা।
- এটা সন্তান জন্ম হোৱাৰ পৰা আন এটা জন্ম হোৱালৈকে সময়- আনজ।
- পনীয়া গাখীৰ দিয়া গাই- জলাহী।
- ভৰিৰ পৰা মূৰলৈ- আপাদ-মস্তক।
- য’ত বহুতো ল’ৰা-ছোৱালীয়ে পঢ়ে- পঢ়াশালি।
- ফুল নুফুলাকৈ গুটি হোৱা- বনষ্পতি।