ছাত্ৰ জীৱনৰ পৰা আৰম্ভ কৰি জীৱনৰ অন্তিম অৱস্থাতো নিজকে সকলো পৰিবেশত খাপ খুৱাই লৈ যাবলৈ “মহান লোকৰ বাণী বা মহৎ লোকৰ বাণী” য়ে বহুত সহায় কৰে বুলি মই বিশ্বাসী।
মানুহ এজন জীয়াই থাকিবলৈ জীৱনত বহুত ঘাত-প্ৰতিঘাতৰ মাজেৰে পাৰ হব লগা হয়। কেতিয়াবা আপুনি জীৱনৰ বাটত ভাগৰুৱা হৈ পৰে আৰু তেতিয়াই এই মহান লোকৰ বাণী বা মহৎ লোকৰ বাণীয়ে বহুত সহায় কৰে।
আপুনি নিশ্চয় জনে কি এই মহান লোকৰ বাণী বা মহৎ লোকৰ বাণী। ই কোনো কলাজাদু নহয় যাৰ জৰিয়তে আপুনি আপোনাৰ জীৱনৰ গতিপথ সলনি কৰিব পাৰিব। মহান লোকৰ বাণী বা মহৎ লোকৰ বাণী কিছু মহান লোকৰ চিন্তাধাৰা যিয়ে জীৱনত বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে পাৰ কৰি এটা স্থানত থিয় দিছে আৰু তাৰ জীৱনৰ অভিজ্ঞতাৰ পৰা যি কৈছে তাকেই আমি মহান লোকৰ বাণী বা মহৎ লোকৰ বাণী বুলি কও।
যদিও Assamese Medium এটি শিক্ষামূলক ৱেবচাইট কিন্তু ইয়াত আমি পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ ওপৰিও কিছু প্ৰয়োজনীয় কথা আলোচনা কৰোঁ আৰু তাৰ বাবে আমি এবাৰ মহৎ লোকৰ বাণী কিছু আলোচনা কৰিছো। যদি আপুনি পঢ়া নাই তেন্তে লিংকত ক্লিক কৰি পঢ়িব পাৰে।
Table of Contents
Mahat Lukor Bani 2022 | মহান লোকৰ বাণী 2022 | মহৎ লোকৰ বাণী 2022
ইয়াত আজি আমি আপোনালোকৰ বাবে কিছু মহান লোকৰ বাণী বা মহৎ লোকৰ বাণী লৈ আহিছোঁ। এই মহান লোকৰ চিন্তাধাৰা আৰু সিহঁতৰ আদৰ্শই আপোনালোকৰ জীৱন সদায় মঙ্গলময় হওঁক তাৰেই কামনা কৰিছো।
কিছু প্ৰয়োজনীয় মহান লোকৰ বাণী
1. কৰ্মই উপাসনা হাঁহিয়েই জীৱন । – বিষ্ণুপ্ৰসাদ ৰাভা
2. ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক । – ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
3. স্কুল মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু – মহাত্মা গান্ধী
4. শিক্ষাৰ উদ্দেশ্য হ’ল মানুহক মানুহ ৰূপে গঢ়ি তোলা, মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন। – ৰাজা ৰামমোহন ৰায়
5. কিতাপ নথকা ঘৰ, খিৰিকী নথকা কোঠালিৰ দৰে। – এইচ. মেনন
6. আনে কি কৰিছে ভবাতকৈ নিজে কি কৰিছোঁ ভৱাহে বেছি দৰকাৰ। – ৰাজা ৰামমোহন ৰায়
7. অন্য মানুহে খাবলৈহে জীয়াই থাকে, আনহাতে মই জীয়াই থাকিবলৈহে খাওঁ। – চক্ৰেটিছ
8. আমি গোটোৱা সকলোবোৰ সম্পত্তিৰ ভিতৰত জ্ঞান মাথো অবিনাশী। – চক্ৰেটিছ
9. খং নকৰিবা, নিজৰ সৰ্বনাশ হ’ব, অহংকাৰ নকৰিবা, পতন হ’ব, কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ’বা, ফাঁকি নিদিবা, ফাঁকত পৰিবা। – স্বামী বিবেকানন্দ
10. ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা, মানুহক নুজুখিবা। – ৰবীন্দ্ৰনাথ ঠাকুৰ
11. কম কথা কোৱা বেছি কাম কৰা মানুহে সফলতা লাভ কৰিব পাৰে। – ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ
12. এটা বন্দুকৰ গুলিতকৈ এবটল চিয়াঁহীৰ মূল্য বেছি। – মাদাৰ টেৰেছা
13. আমি যাক সৃষ্টি কৰিব নোৱাৰো তাক ধ্বংস কৰাৰ অধিকাৰো আমাৰ নাই। – গুৰু নানক
14. গৃহ হ’ল শিক্ষাৰ আৰম্ভণি বিন্দু । – ৰোচেন ক্ৰেজ
15. মানুহ হোৱা আৰু আনকো মানুহ কৰিবলৈ চেষ্টা কৰা। – স্বামী বিবেকানন্দ
16. তোমাৰ লক্ষ্য স্থান ক’ত ? সেইটো যদি ঠিক কৰিব নোৱাৰা, তেন্তে কোন পথে খোজ দিবা কেনেকৈ জানিবা ৷ তোমাৰ লক্ষ্যই তোমাৰ পথ নিৰ্ধাৰণ কৰিব ৷ – লিটন
17. শিক্ষাই জীৱন, জীৱনেই শিক্ষা ৷ – লজ
18. নিজক সদায় আনন্দত ৰাখিবা ৷ আনন্দময়, উৎসাহী আৰু শক্তিমানৰ কাৰণেহে জগতখন, দুৰ্বল, নিৰুৎসাহী মানুহৰ বাবে নহয় ৷ – ওমাৰ্চন
19. যি মানুহৰ ধৈৰ্য শক্তি আছে, তেওঁৰ অসাধ্য একোৱে নাই ৷ – বেঞ্জামিন ফ্ৰেংকলিন
20. আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক সমালোচনা কৰা ৷ নিজে শুদ্ধ আৰু পবিত্ৰ হ’ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা ৷ – চক্ৰেটিচ
21. মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে ৷ – জৱাহৰলাল নেহৰু
22. আমি যি জানো সি অতি সামান্য ৷ আমি যি নাজানো তাৰ সীমা নাই ৷ – পাৰলেচ
23. কোনোৱে তোমাক সহায় কৰিব নোৱাৰে ৷ নিজেই নিজৰ সহায় লোৱা ৷ – বুদ্ধদেৱ
24. এলেহুৱা মানুহৰ শৰীৰ পেলাই থোৱা চাবিৰ নিচিনা ৷ ব্যৱহাৰ নকৰা চাবিত যেনেকৈ মামৰে ধৰে, কামত নলগোৱা শৰীৰতো সেইদৰে ৰোগ হয় ৷ ব্যৱহাৰ কৰা চাবি যেনে চকচকীয়া , শ্ৰম কৰা শৰীৰো তেনে কটকটীয়া ৷ তুমি যদি সৰহদিন জীয়াই থাকিবলৈ মন কৰা তেন্তে বহি সময় নষ্ট নকৰিবা ৷ – ৰিচাৰ্ড ৷
25. সময়েই ধন ৷ – বেঞ্জামিন ফ্ৰেঙ্কলিন ৷
26. খং নকৰিবা নিজৰে সৰ্বনাশ হ’ব ৷ অহংকাৰ নকৰিবা পতন হ’ব, কাকো ঘৃণা নকৰিবা , নিজেও ঘৃণিত হ’বা , ফাঁকি নিদিবা , ফাঁকত পৰিবা ৷ – বিবেকানন্দ ৷
27. আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা, কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ’ব তুমি নাজানা ৷ – হজৰত মহম্মদ ৷
28. পৰিস্থিতি যিমানেই ভয়লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত ৷ – পিয়েৰ টেলহাৰ্ড
29. সফলতাৰ পিছে পিছে দৌৰি নুফুৰিবা, যদি তুমি সচাঁকৈয়ে সফল হ’ব বিচাৰিছা তেন্তে ক্ষন্তেক জিৰণি লোৱা আৰু ভাবা- তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা ৷ দেখিবা এইবেলি সফলতাই তোমাক খেদি ফুৰিছে ৷ – ডেভিদ ফ্ৰষ্ট ৷
30. এগৰাকী সফল আৰু এগৰাকী অসফল ব্যক্তিৰ মাজত থকা মূল পাৰ্থক্যটো হ’ল সফল ব্যক্তিগৰাকীয়ে তেওঁৰ ভূলৰ পৰাই সদায়েই শিক্ষা লৈ আগবাঢ়ে – ডেল কাৰ্নেগী ৷