[1236+] Assamese Love Quotes | Assamese Love Status

আমি বহু সময়ত লক্ষ্য কৰিছো, বহু লোকে Assamese Love Quotes বিচাৰি হাবাথুৰি খাই ফুৰি থাকে। আপুনিও যদি তেনে ব্যক্তি তেন্তে আজিৰ এই লিখনি আপোনাৰ বাবেই।

আজি আমি Assamese Medium নামৰ এই শিক্ষামূলক ৱেবছাইটত Assamese Love Quotes কিছু আগবঢ়াবলৈ আহিছোঁ, যিয়ে হয়তো আপোনাক কেতিয়াবা সহায় কৰিব।

Assamese Love Quotes | Assamese Love Status

এই শিক্ষামূলক ৱেবছাইটত আমি সাধাৰণতে ষষ্ট শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো বিষয়ৰ যিকোনো অধ্যায়ৰ সমাধান কৰিবলৈ চেষ্টা কৰোঁ।

কিন্তু কেতিয়াবা কেতিয়াবা Assamese Love Quotes ৰ দৰে বহুত লিখনিও প্ৰকাশ কৰোঁ। ইয়াৰ আগতে আমি মহৎ লোকৰ বাণী নামৰ এটা পোষ্ট লিখিছোঁ যাৰ জৰিয়তে বহুতো লোক উপকৃত হৈছে। যদি আপুনিও পঢ়িব খোজে তেন্তে লিংকত ক্লিকত কৰি পঢ়িব পাৰে লগতে আনৰ লগত ভাগ বতৰা কৰিব খোজে।

Assamese Love Quotes

Heart Touching Assamese Love Quotes

ই এনেকুৱা এজন মানুহ বিচাৰোঁ যাৰ লগত
মই ধেমালি কৰিব পাৰোঁ, ফুৰ্তি কৰিব
পাৰোঁ, হিয়া উজাৰি ভালপাব পাৰো।

তেওঁ খুব Smart বা Perfect নহলেও হব,
মাথোঁ মোৰ পাগলামিবোৰ চম্ভালি চিৰদিনৰ
বাবে মোক আঁকোৱালি ৰাখিলেই হল।

যিজনে আপোনাক হাজাৰ ব্যস্ততা
আৰু ভীৰৰ মাজতো পাহৰি নাযায়
সেইজনেই আচলতে আপোন।

কোনে কয় যে আশা আৰু আকাংক্ষাবোৰ
কেৱল মা দেউতাইহে পূৰ কৰিব পাৰে,
যদি জীৱনসংগীজন সঠিক হয়
আশাও পূৰণ হয়, আকাংক্ষাবোৰো পূৰণ হয়।

হ’ব পাৰা পৃথিৱীখনৰ কাৰণে তুমি
এজন সাধাৰণ মানুহ কিন্তু মোৰ বাবে
তুমিয়েই পৃথিৱী।

সম্পৰ্ক এটাত যদি দুজনৰ মাজত
কেতিয়াও কাজিয়া নহয় তেন্তে
জানি ল’ব যে সম্পৰ্ক হৃদয়েৰে নহয়
মগজুৰে পালন কৰি আছে।

ভালপোৱানো ভালদৰে নাজানো কিন্তু
তুমি কাষলে ভালপোৱাৰ সকলো
সজ্ঞা সম্পূৰ্ণ হৈ উঠে।

মোৰ পৃথিৱীখন তালৈকেহে আছে
য’লৈকে মোৰ লগত তুমি আছা।

জীৱনসংগীজন ধুনীয়া অথবা চকুত লগাকৈ
সুন্দৰ নহ’লেও হয়, সুখী হ’বলৈ তেওঁ
সঁচা আৰু সৰল মনৰ অধিকাৰী হ’লেই যথেষ্ট।

বাট যিমানেই কঠিন নহওক কিয়
যদি সেই বাটত তুমি আৰু তোমাৰ
সঁহাৰি থাকে তেন্তে জীৱনৰ এই যাত্ৰা
সহজ হৈ পৰিব।

পৃথিৱীৰ আটাইতকৈ সুন্দৰ সম্পৰ্ক সেইটোহে
য’ত কাজিয়া লগাৰ পিছত এজনৰ এটা চৰী
আৰু আনজনৰ এটা মিঠা হাঁহিৰে সম্পৰ্কটো
পুনৰ আগৰ দৰে হৈ পৰে।

যদি তুমি লগত থাকা তেন্তে জীৱনৰ
প্ৰতিটো দুখ হাঁহি হাঁহি পাৰ কৰি দিম।

সম্পৰ্ক এটা হৃদয়ৰ পৰা হ’ব লাগে
আৰু অভিমান বোৰ শব্দৰে হ’ব লাগে মাথোঁ।

ভালপোৱা সেইয়া যে কাৰোবাক দেখিয়েই হৈ যায়
ভালপোৱা সেইয়াহে য’ত তোমাক আন কাৰোৰে হ’বলৈ নিদিয়ে।

মোৰ সুখ, মোৰ পৃথিৱী, মোৰ শুভকামনা
সকলো তোমাৰ পৰা আৰম্ভ হয় আৰু
তোমাতেই শেষ হয়।

এটা কথা তুমি স্বীকাৰ কৰা বা নকৰা
জীৱনসংগীক তুমি গুৰুত্ব দিয়া বা নিদিয়া
জীৱনত এনেকুৱা কিছুমান সময় আহে
য’ত গোটেই পৃথিৱীখনে তোমাক পাহৰি যাব
আৰু লগত মাত্ৰ সেই সংগীজন থাকিব।

যিজনে আপোনাক নিজৰ প্ৰয়োজন
আৰু নিজে অকলে থকাৰ সময়ত আপোনাক
বিচাৰে সেইজন আপোনাক ভাল নাপায়
বৰঞ্চ আন কাৰোবাক নোপোৱালৈকে
ভালপোৱাৰ অভিনয় কৰি মাথো সময়
কটাব বিচাৰে।

মই জনা নাছিলোঁ আচলতে জীৱন মানে কি
কিন্তু তোমাক লগ পালো আৰু
জীৱনৰ সংজ্ঞাও শিকিলোঁ।

প্ৰেমত সদায় কিছু উন্মাদনা থাকে।
কিন্তু উন্মাদনাত সদায় কিবা কাৰণো থাকে

প্ৰেম হৈছে এনে এক পৰিস্থিতি য’ত আন এজন
ব্যক্তিৰ সুখ আপোনাৰ নিজৰ বাবে অপৰিহাৰ্য

তোমাক কিমান ভালপাওঁ সেয়া ভাষাৰে বুজাব
নোৱাৰো, কেৱল তুমি মাথো মোৰ হোৱা সেয়াই বিচাৰো।

প্রেম ভালপোৱা জীৱনত বহুবাৰ হ’ব পাৰে,
কিন্তু সঁচা ভালপোৱা জীৱনত এবাৰে হয় যাক
অন্তৰৰ পৰা কেতিয়াও মচিব নোৱাৰি।

কাৰোবাক ভালপাওঁ বুলি ক’বলৈ
সময় নালাগে, কিন্তু সেই ভালপোৱা
জীয়াই ৰাখিবলৈ গোটেই জীৱন লাগে।

মোৰ সুখী জীৱনৰ প্ৰতিটো কাৰণ,
প্ৰতিটো আশা, প্ৰতিটো সপোন..
মাথোঁ তুমি

সুখত নহয়, মই দুখতেই সুখী,
সুখবোৰ তেওঁকে দিয়া ভগৱান
যাক মই নিজতকৈও বেছি ভালপাওঁ।

তুমি মোৰ First Love নাছিলা,
কিন্তু মই কথা দিলোঁ তুমিয়ে
মোৰ Last Love থাকিবা।

হাজাৰ হাজাৰ লাইকতকৈ তোমাৰ এটি
Love React অতি মূল্যৱান।

শৰীৰ চুব পৰাটো নহয়,
হৃদয় চুব পৰাটোহে প্ৰকৃত প্ৰেম।

কাৰোবাক ভালপাওঁ বুলি কবলৈ
সময় নালাগে কিন্তু সেই ভালপোৱা
জীয়াই ৰাখিবলৈ গোটেই জীৱনটো লাগে।

জীৱনত সেই দুজন ব্যক্তিক নাপাহৰিবা,
যিয়েই তোমাৰ সুখৰ বাবে নিজৰ
আশা ত্যাগ কৰিলে।

শাসন তেওঁহে কৰা যায় যাক বহুত বেছি
অন্তৰৰ পৰা ভালপোৱা হয়।

কাৰোবাক ভালপোৱা মানে বিবাহ নহয়,
ভালপোৱা মানে এজনে আনজনৰ
প্ৰতি থকা মৰম আৰু বিশ্বাস।

জীৱনসংগী ধুনীয়া নহয়, সঁচা হব লাগে,
যাক মই চকু মুদি বিশ্বাস কৰিব পাৰো।

যদি আমি সঁচাকৈয়ে কাৰোবাক
ভাল পাবলৈ বিচাৰোঁ তেন্তে আমি
ক্ষমা কৰিবলৈয়ো শিকিব লাগিব।

মোৰ জীৱনত এনেকুৱা মানুহ নালাগে,
যি মোৰ সাধাৰণ এটা ভুলৰ অজুহাত
লৈ মোৰ পৰা আঁতৰি যায়,

মোক এনে এজন সংগীৰ প্ৰয়োজন,
যিয়ে মোৰ ভুলবোৰক শুধৰাই মোক
আঁকোৱালি লব পাৰে।

তুমি আহিবা বুলিয়েই আকাশ
ডাৱৰীয়া বৃষ্টি অহা নাই নামি,
তুমি আহিবা বুলিয়ে কৃষ্ণচূড়াৰ ফুলবোৰ
এতিয়াও যোৱানাই সৰি।

হেৰাই যোৱা সপোন আকৌ বিচাৰি যাম,
তোমাক নাপালে তুমি দিয়া মিঠা মিঠা
স্মৃতি তাতেই বিচাৰি পাম।

ভালপোৱা মানে সদায় কাষত থকা নহয়,
ভালপোৱা মানে দূৰত থাকিও সদায়
তোমাৰ বুকুত থকা।

প্ৰশ্ন যিটোৱেই হওঁক উত্তৰ তুমি,
ৰাস্তা যিটোৱেই হওঁক লক্ষ্য তুমি,
কষ্ট যিমানেই হওঁক সুখ তুমি,
তোমাক যিমানেই খং নকৰোঁ কিয়,
তথাপি মোৰ প্ৰিয় ভালপোৱা তুমি।

এবাৰ মাথোঁ মোৰ মনৰ কিতাপখন মেলি
চোৱা, প্ৰথম পৃষ্ঠাৰ পৰা শেষলৈ কেৱল
তুমি, তুমি আৰু তোমাৰ নামেই পাবা।

মৰমে কেতিয়াওঁ নকয় তুমি কোন?
মৰমে মাথোঁ কয় তুমি মোৰ।

মৰমে কেতিয়াওঁ নকয় তুমি ক’ত থাকা?
মৰমে মাথোঁ কয় তুমি মোৰ অন্তৰত থাকা।

মৰমে কেতিয়াওঁ নকয় তুমি মোক ভাল পোৱানে?
মৰমে মাথোঁ কয় মই তোমাকেই ভাল পাও।

তুমি মোক ভাল পোৱানে নোপোৱা
সেয়া মোৰ বিষয় নহয়,
তোমাক মই ভালপাওঁ সেয়াই
মোৰ আনন্দ ।

প্ৰেম কৰি প্ৰতিদান দিম এইটো
আৱশ্যক নহয়, তোমালৈ মনত পৰিলে তোমাক কৈ দিম
এইটোও আৱশ্যক নহয়, কন্দাজনেতো হৃদয়েৰেই কান্দে দুচকু
যেচকুলোৰে বোৱাবই লাগিব সেইটোও আৱশ্যক নহয়।

কেতিয়াও নুসুধিবা মোক মই তোমাক
কিমান ভাল পাওঁ? মাথো জানিবা, তুমি যিমান অনুভৱ
কৰিব পাৰিছা, তাৎকৈ বহুত বেছি মই তোমাক
ভালপাওঁ, আৰু যিটো তুমি
অনুভৱ কৰিব নোৱাৰিবা না মই বুজাৱ পাৰিম!

মই তোমাক খুব খুব
ভালপাব বিচাৰো আৰু তাৰ বিনিময়ত মোক
তোমাৰ পৰা একোকেই নালাগে।

Heart touching Assamese Love Quotes Reels

Heart touching Assamese Love Quotes Video

Heart touching Assamese Love Quotes PDF

Download Now

Heart touching Assamese Love Quotes Pic

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment