[Latest 5786+] Assamese Caption for Instagram 2023

আমি ইন্টাৰনেটত কিবা বিচাৰি থাকোঁতে গম পালোঁ যে বৰ্তমান মানুহে গুগলত Assamese Caption for Instagram বহুত বিচাৰি থাকে আৰু তাৰ বাবেই আজি আমি Assamese Medium নামৰ এই ৱেবছাইটৰ জৰিয়তে আপোনালোকৰ বাবে কিছু Assamese Caption for Instagram লৈ আহিছোঁ।

আপুনি যদি বিভিন্ন পৰিস্থিতি আহি Assamese Caption for Instagram বিচাৰি আছে যি আপুনি WhatsApp Status বা Instagram বা ফেচবুকত পোষ্ট কৰিব, তেন্তে এই লিখনি আপোনাৰ বাবেই।

ইয়াত আমি Assamese Caption for Instagram, Attitude Caption for Instagram, Sad Assamese Caption for Instagram, Possitive Assamese Caption for Instagram, Motivation Assamese Caption for Instagram আৰু ভাগ ভাগকৈ বহু কেইটা Caption লিখিছোঁ।

Assamese Caption for Instagram

ইয়াৰ ওপৰিও এই Assamese Caption for Instagram ৰ বাবে কিছু পোষ্টাৰ বনাবলৈ চেষ্টা কৰা হৈছে যি আপুনি পোনে পোনে WhatsApp, Instagram বা Facebook ত share কৰিব পাৰিব।

Latest Assamese Caption for Instagram 2023

সময় মূল্যৱান, কিন্তু সপোন দেখাৰ কোনো সময় নাথাকে।

আপুনি দেখা সকলো সপোন দিঠকৰত সম্ভৱ, কেৱল সপোন দেখক আৰু কৰ্ম কৰি যাওঁক।

কিছুমান মানুহ আছে যিয়ে সপোনৰ পৃথিৱীত বাস কৰে আৰু কিছুমানে বাস্তৱৰ পৃথিৱীত বাস কৰি বাস্তৱৰ লগত মুখামুখি হয়। সপোন দেখাটো সহজ কিন্তু বাস্তৱৰ মুখামুখি হবলৈ সাহস আৰু ধৈৰ্যৰ প্ৰয়োজন।

সপোনৰ অবিহনে সফলতা কঢ়িয়াই আনিব নোৱাৰি আৰু সফলতা কৰ্মৰ অবিহনে পাব নোৱাৰি।

যিসকলে বেছি কাম কৰে, তেওঁলোকে বেছিকৈ সপোন দেখে।

আপোনাৰ সপোনবোৰ বাস্তৱায়িত কৰিবলৈ দিনত সপোন দেখিব ৰাতি নহয়।

নিজৰ সপোন পূৰণ কৰিবলৈ চেষ্টা কৰক, শক্তিশালী হৈ থাকক, আৰু কেতিয়াও হাৰ নামানিব।

মোৰো এক সৰু সপোন আছে, মোৰ সপোন হৈছে এখন বাগিছাত মোৰ ঘৰ হব আৰু কোনো বস্তু বিছাৰি যাতে বজাৰলৈ যাব নালাগে।

সফলতা আন একো নহয় কেৱল দিনত দেখা সপোনবোৰৰ পূৰ্ণতা।

আপুনি যিটো বিশ্বাস কৰে তাকেই কৰক, যি সপোন দেখিছা তাকেই পূৰণ কৰিবলৈ চেষ্টা কৰা কিন্তু কোনো নিৰীহ ব্যক্তি বা প্ৰাণীৰ অপকাৰ নকৰিবা।

সপোন দেখা কিন্তু সপোনবোৰ পূৰ্ণ নহলে কেতিয়াও বিচলিত নহবা, কাৰণ সেইবোৰ সপোন outdated হব পাৰে কাৰণ এই পৃথিৱীত সকলো বস্তুৰে expiry date থাকে।

সপোন দেখা কেতিয়াও বন্ধ নকৰিব। কাৰণ সপোন কৰ্মৰ প্ৰতি আকৰ্ষিত কৰে।

ডাঙৰ সপোন সৰু সৰু সপোনৰ জৰিয়তেই পূৰ্ণতা পায়।

সপোন আনৰ বাবে আৰু সন্তুষ্টি নিজৰ বাবে ৰাখিবলৈ চেষ্টা কৰিবা সুখি হবা।

সপোনবোৰ জীৱনৰ বাবে অতি প্ৰয়োজনীয়।

আশা আৰু সপোন একেই নে?

ইচ্ছাশক্তি থাকে মানে সপোন দেখি থাকা সফল হবাই এদিন।

সকলোৰে ভাল দিন আহিব কেৱল সপোন দেখিবলৈ বাদ নিদিব।

ভৱিষ্যত আপোনাৰ সপোনৰ ওপৰত আধা আৰু কৰ্মৰ ওপৰত আধা নিৰ্ভৰ কৰে।

যদি আপুনি এতিয়াও বিচাৰি পোৱা নাই, তেন্তে বিচাৰি থাকক আপোনাৰ সপোনৰ আধাৰ।

মা’ ৰ বাবে Assamese Caption for Instagram

মোৰ সকলো বন্ধু বান্ধৱী তোমাৰ দৰে মা বিচাৰে। মই বহুত সুখী তুমি যে কেৱল মোৰ মা।

মা সকলোৰে থাকে কিন্তু তোমাৰ দৰে মা সকলোৰে ভাগ্যত নাই।

এই আধুনিক পৰিবৰ্তনৰ জোৱাৰত তোমাৰ মোৰ প্ৰতি মৰম একেই থাকিল।

সকলো পৰিস্থিতিত সাহসেৰে সন্মুখীন হবলৈ তোমাৰ পৰাই শিকিছো মা।

মই আজি যি পাইছোঁ এয়া একমাত্ৰ তোমাৰ বাবেই সম্ভৱ হৈছে।

মা সংসাৰৰ সকলো বাধা অকলেই যুঁজ দিবলৈ সক্ষম।

মা লগত মোৰ কেৱল মনৰ নহয় হৃদয়ৰো অন্তহীন সংযোগ আছে।

পৃথিৱীৰ বাবে তুমি মা, কিন্তু আমাৰ বাবে তুমিয়ে পৃথিৱী।

মা-এক প্ৰকাশ কৰিব নোৱাৰা সুখানোভূতি।

ছুপাৰহিৰো বহুত দেখিলোঁ কিন্তু মাৰ লগত কাৰো তুলনা নহয়।

মাৰ অবিহনে ঘৰ সম্পূৰ্ণ নহয়।

তুমি যিমানেই ডাঙৰ হোৱা লাগিলে, তুমি নিজে মা হোৱা লাগিলে, তোমাৰ নিজৰ মা অবিহনে আধৰুৱা।

তুমি মোৰ মা আৰু জীৱনজোৰা বন্ধু।

মই তোমাক যিমান বাৰ ভালপাও বুলি কলেও সুখী হব নোৱাৰোঁ কাৰণ মই প্ৰকাশ কৰিব পৰাতকৈ বেছি ভালপাও।

ভাল বেয়াৰ মাজত পাৰ্থক্য সন্তানক এগৰাকী মাতৃৰ বাহিৰে কোনেও বেছি ভালকৈ শিকাব নোৱাৰে।

মাৰ লগত পাৰ কৰা প্ৰতিটো সময় BEST

মা ই কোৱা ধৰণে কৰিলে কোনো কামেতেই বিফল নোহোৱা।

জগতৰ সকলোৰ বাবে তুমি এগৰাকী মা কিন্তু আমাৰ বাবে মায়ে হৈছে জগত।।
মা, মই আৰু আমি, এক সুন্দৰ মিঠা অনুভৱ।

তুমি যিমানেই বেয়া হোৱা লাগিলে আনে তোমাৰ number block কৰিলেও মায়ে কেতিয়াও নকৰে।

মাৰ কোলাৰ সমান সুৰক্ষিত ঠাই এই পৃথিৱীত দ্বিতীয় খন নাই।

মোৰ বাবে জীৱনৰ সকলো ত্যাগ কৰিব পৰা একমাত্ৰ ব্যক্তি হল মোৰ অতিকৈ চেনেহৰ আই।

আই সকলো সময়ত সুখী থাকে কাৰণ আই সুখী নহলে কোনো সুখী নহয়।

আইৰ মৰমৰ প্ৰতিদান বস্তুৰে দিবলৈ চেষ্টা নকৰিবা কাৰণ তুমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰিবা।

বিশ্বৰ সকলোকে অন্তহীন মৰম বুজাবলৈ এটা শব্দই যথেষ্ট, সেয়া হৈছে মা। মোৰ মা মোৰ বাবে এক সুন্দৰ অনুভৱ, যাক মই ভাষাৰে বুজাব নোৱাৰো, কেৱল অনুভৱ কৰোঁ।

মই আনৰ দৃষ্টিত ভাল নে বেয়া সেয়া মই কেতিয়াও গুৰুত্ব নিদিওঁ, কিন্তু তোমাৰ দৃষ্টিত কেতিয়াও বেয়া হব নিবিচাৰোঁ।মা হৈছে একমাত্ৰ ব্যক্তি যি তোমাৰ বাবে হাজাৰটা উজাগৰী নিশা কটাইছে আৰু হাজাৰটা উজাগৰী নিশা কটাবলৈ সকলো সময়তে সাজু আছে।

Assamese Caption for Instagram 2023

জীৱনত কেতিয়াবা দুখ হলেহে সুখৰ আচল অৰ্থ বুজা যায়।

দুখে জীৱন জীয়াই থকাৰ পাঠ পঢ়াই।

দুখৰ সময়খিনি শিকাৰ সময় হিচাপে গণ্য কৰিব লাগে।

মোক দুখ জীৱনৰ লগত offer হিচাপে বিনামূল্যে পাইছোঁ।

নিসংগতাই আপোনাক যি শিক্ষা দিব তাক কোনো কিতাপতে পঢ়িব নোপোৱা।

ভগৱান মোৰ জীৱনত সুখ নিবিচাৰোঁ, মাত্ৰ দুখবোৰ কিছু কম বেদনাদায়ক হওঁক।

মই সহজ জীৱন নিবিচাৰোঁ, মাত্ৰ কঠিন সময়বোৰ কটাবলৈ শক্তি বিচাৰোঁ।

জীৱনটো এখন ছবি অংকন কৰাৰ দৰে, যত ৰবৰ ব্যৱহাৰ কৰিব নোৱাৰি।

সুখ আৰু দুখ মোৰ নিজৰ, যেতিয়া যি প্ৰয়োজন হয়, ব্যৱহাৰ কৰিম।

মোৰ নিজৰ দুখ বোৰ তোমাক নিদিওঁ, তোমাৰ দুখবোৰো মই গ্ৰহণ নকৰোঁ।

তুমি নাহিলে, নেদেখিলে মোৰ বুকুৰ ঢপঢপনি তীব্ৰ হয়, এয়াই নেকি প্ৰেম!

সুখী মানুহে সুখ বোৰ ইমানেই উপভোগ কৰে, দুখ বোৰ লগে লগে আঁতৰি যায়।

অপ্ৰিয় হলেও সত্য, কোনো মানুহে সম্পূৰ্ণ সুখী নহয়।

আনৰ ওপৰত সদায় কম নিৰ্ভৰশীল হবা, সুখী হবা।

অসুখী মানুহে আনক কেতিয়াও সুখী কৰিব নোৱাৰে।

সুস্থ শৰীৰৰ মানুহে দুখটো সুস্থিৰ থাকিব পাৰে, আৰু অসুস্থ শৰীৰৰ মানুহে সুখটো উপভোগ কৰিব নোৱাৰে।

চকুলো কেৱল দুখত নহয়, সুখতো নিগৰে।

নিজৰ মনত দুখবোৰ সাঁচি নাৰাখিবা, সুখবোৰ প্ৰতি মূহুৰ্তত উপভোগ কৰিবলৈ চেষ্টা কৰিবা।

তুমি আনৰ বাবে সলনি হোৱাৰ কোনো প্ৰয়োজন নাই, ধৰি লবা তোমাৰ সঠিক মানুহজন এতিয়াও লগ পোৱা নাই।

মই Available, Limited Edition, Only one.

মোৰ পৰা ৰাণীৰ দৰে ব্যৱহাৰ পাবলৈ মোক ৰজাৰ দৰে ব্যৱহাৰ দিব লাগিব।

মই পৃথিৱীত কাকো impress কৰিব অহা নাই, মাত্ৰ মই মোৰ জীৱনটো উপভোগ কৰি সুখী হব আহিছোঁ।

মই মহাণ হব বিচৰা নাই , কিন্তু মহৎ কাম নিশ্চয় কৰি যাম।

মই ইমানেই দুখীয়া যে দুখটো চকু পানী বিচাৰি নাপাওঁ।

দুখীয়াই তেতিয়াহে নিজকে দুখীয়া বুলি অনুভৱ কৰে, যেতিয়া ধনীয়ে দুখীয়া বুলি অনুভৱ কৰাই।
Sorry, মোৰ সফলতাৰ ফিৰিঙতি তোমাৰ চকুত পৰা বাবে।

তোমালোকে নোৱাৰিব বুলি কোৱা বাবেই মই আজি সফল হলো, Thank You.

সফলতাৰ যাত্ৰা কৰিব বিচাৰিলে এখোজ দুখোজ কৈ আগবাঢ়ি যাবা, পলম হ’ব পাৰে, কিন্তু সফলতা নিশ্চিত।

এই দেৱতা আৰু দৈত্যৰ পৃথিৱীত মইয়ে একমাত্ৰ পৰী।

No বুলি কব পৰাটো এক প্ৰকাৰৰ কলা। যিয়ে এই কলা আয়ত্ব কৰিব পাৰিব তেওঁ কেতিয়াও বিপদত নপৰে।

তোমাৰ শুদ্ধ, অশুদ্ধ বিচাৰে তোমাৰ আচল ৰূপটো প্ৰকাশ পায়।

আনে মোৰ বিষয়ে কি ভাৱে, মোৰ চিন্তাৰ পৰিধিত নপৰে।

সফলতা আৰু বিফলতাৰ মাজৰ পাৰ্থক্য মাত্ৰ এয়াই যে বিফলতা সফলতাৰ এখোজ পাছত থাকে।
কঠিন পৰিস্থিতিত জীৱনটোক গালি নিদিবা, ভাৱি লবা ই জীৱনৰ এক শিক্ষা।

Be Yourself, Be Original, Be Unique.

মোক Judge কৰাৰ আগতে দহবাৰ ভাবিবা, কাৰণ মই যি দেখাব বিচাৰোঁ তাকহে তুমি দেখিছা।

Attitude Assamese Caption for Instagram

তোমাৰ চহীটো যেতিয়ালৈকে অটোগ্ৰাফ নহয় তেতিয়ালৈকে পৰিশ্ৰম কৰা।

সফলতাই অচিনাক্ত শত্ৰুৰ সৃষ্টি কৰে।

Awesome Attitude মোৰ একমাত্ৰ পৰিচয়।

তোমাৰ ঠেক চিন্তাই মোক ঢুকি নাপাবা।

হয়, মই হাঁহি আছোঁ, কিন্তু তোমাৰ বাবে নহয়।

মোৰ পৰা ভাল ব্যৱহাৰ আশা কৰিছা যদি মোক তুমি best ব্যৱহাৰ দিব লাগিব।

কিমান উৰিবা তুমি, এদিন মোৰ ওচৰ চাপিব লাগিবই।

তোমাৰ Attitude Control নকৰিলে এদিন Attitude তোমাক Control কৰিব।

নীল আকাশৰ তলত, মাটিৰ ওপৰত, মই এক জ্বলন্ত অগ্নিশিখা।

কেতিয়াবা নিজকে চিনি পাবলৈ, জানিবলৈ, ঘৰৰ বাহিৰত এটা খোজেই যথেষ্ট।

মই ৰাস্তা বিচাৰি নাপালে, ৰাস্তা বনাই লওঁ।

মই পুৰণি হৈ যোৱা নাই, মাত্ৰ অতীতক জীয়াই ৰাখিছোঁ।

মোৰ ব্যক্তিত্ব এটাই, Attitude কেইবাটাও। তোমাৰ যি Attitude পচন্দ হয় দিব পাৰো।

মই তোমাৰ দাপোন মাত্ৰ, তুমি ভাল হলে, মই অতি ভাল, তুমি বেয়া হলে, মই অতিকৈ বেয়া।

তুমি হয়টো নাজনা মই মোৰ hater ক hate নকৰোঁ, একেবাৰে শেষ কৰি দিও।

মই শুদ্ধ সিদ্ধান্তত বিশ্বাস নকৰোঁ, মই যি সিদ্ধান্ত লও তাক শুদ্ধ কৰাত হে বিশ্বাসী।

তোমাৰ Attitude মোক দুখ দিব পাৰে, কিন্তু মোৰ Attitude তোমাক শেষ কৰি দিব।

Negativity পৰা আঁতৰত থাকিলেহে Positive ফল আশা কৰিব পাৰি।

মানুহৰ এটা কথা কোৱাৰ পাছত দহটা শুনাৰ ধৈৰ্য থকা উচিত।

মই যেতিয়াই সফলতাৰ চাবি বিচাৰি পাওঁ, তেতিয়াই কোনোবাই তলাটো সলাই দিয়ে।

মোৰ Attitude মোৰ পৰিচয়, তাত তোমাৰ Problem হৈছে যদি কথা পাতিবলৈ বাদ দিয়া।

তোমাৰ Rejection মোৰ বাবে নতুন Opportunity।

Attitude, Knowledge আৰু Skill মোৰ আচল সৌন্দৰ্য্যৰ চিক্ৰেট।

Possitive Assamese Caption for Instagram

Positive Attitude সকলোঁ সলনি কৰি দিব পাৰি।

মোক বেয়া পাই তুমি নিজকে ভালপোৱা কৰিব নোৱাৰা।

তুমি নিজে যি হব বিচৰা, কৰিব বিচৰা তাকে কৰা, আনে কি হোৱাটো বা কৰাটো বিচাৰে সেয়া অৰ্থহীন।

সদায় Warrior হোৱা Worrier নহয়।

মই চাপৰ নহয়, মাত্ৰ মাটিৰ লগত মোৰ সম্পৰ্ক অধিক গাঢ়হে ।

কেৱল ব্যস্ত হলেই নহব, ফলাফল দিবও পাৰিব লাগিব।

তুমি প্ৰতি মূহুৰ্তত সন্ধান কৰা পখিলাজনী এইজনীয়ে। বিশ্বাস কৰা।

তুমি যিমানেই ওপৰৰ পৰা পৰিবা, সিমানেই বেছি গভীৰ জ্ঞান অৰ্জন কৰিব পাৰিবা আৰু দুগুণ উৎসাহী হৈ আগবাঢ়ি যাবা।

তুমি গুৰুত্বহীন যেতিয়ালৈকে বিখ্যাত নোহোৱা।

মই এনে লোকক কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ, যাৰ বন্ধুত্ব সকলোৰ লগত থাকে।

মই আনক Follow নকৰোঁ, মই একমাত্ৰ নিজকে হে Follow কৰো ।

মোৰ একমাত্ৰ Problem হ’ল মোৰ Attitude

Change ‘ONE DAY’ into ‘TODAY’.

কাইলৈৰ কাম আজিয়েই কৰা আৰু আজিৰ কাম এতিয়াই কৰা।

Negative Attitude দ্বাৰা Positive ফল আশা নকৰাই ভাল। Think positive, Live positive।

মোৰ জীৱন মোৰ ইচ্ছা। মোৰ জীৱনৰ কাহিনী মই নিজে লিখিম।

কোনো কাৰণ নোহোৱাকৈ আঁতৰি গৈছা যেতিয়া ক্ষমা বিচাৰি উভতিও নাহিবা।

মোক কেৱল মোৰ মাজতে বিচাৰি পাবা। মোক আনৰ মাজত বিচাৰি লাভ নাই।

যিসকলে তোমাক avoid কৰে তেওঁৰ পাছত ঘূৰি সময় নষ্ট নকৰাই উত্তম।

যদি মোৰ বিষয়ে বেয়াকৈ আনক কব বিচৰা ,মোৰ ওচৰত আহিবা। মই আৰু অলপ শিকাই দিম।
যাৰ সাহস আছে তেওঁয়েই বিজয়ী হয়।

মোৰ কোনো Attitude নাই। মোৰ ব্যক্তিত্ব তোমাৰ চিন্তাৰ পৰিধিৰ বাহিৰত।

দুষ্টৰ পৰা আঁতৰত থকাৰ অন্যতম উপায় হল, নিজকে ৰহস্যময় কৰি তোলা।

Motivation Assamese Caption for Instagram

গোপনীয়তা সফলতাৰ এক অন্যতম স্তম্ভ।

মানুহৰ এটাই ধৰ্ম হওঁক মানৱতা।

মোক অনুসৰণ কৰা কিন্তু নকল নকৰিবা।

প্ৰবল ইচ্ছা শক্তিৰ পৰাহে ইপ্সিত লক্ষ্য উপনীত হব পাৰে।

আনৰ লগত যুঁজ দিয়াতকৈ নিজৰ লগত নিজে যুঁজ দিয়া, বেছি লাভৱান হবা।

তুমি ভয় নাখাবা, মই এতিয়াও হাঁহি আছোঁ।

যদি কোনোবাই তোমাক শিল মাৰে, তুমি ইটা মৰাৰ সামৰ্থ্য ৰাখিবা ।

যিদৰে মহাকাশত কোনো সীমা নাই সেইদৰে সম্ভাৱনাৰো কোনো সীমা নাই। বিচাৰি লোৱাটো তোমাৰ কাম।

মা দেউতা সমান ছাঁ দিয়া বটবৃক্ষ জীৱনত দ্বিতীয় জন বিচাৰি নাপাবা।

মহান চিন্তা মহান কৰ্ম সাধাৰণ জীৱন যাপন কৰা লোকেহে কৰিব পাৰে।

এপাহ ফুলে কাষৰ ফুলপাহৰ লগত প্ৰতিযোগিতা কৰি নুফুলে, স্বকীয় ৰূপত ফুলে আৰু সময়ত মৰহি যায়।

মই কেৱল মইহে, তোমাৰ Opinion প্ৰয়োজন বোধ নকৰোঁ।

মই শক্তিশালী, মই ধুনীয়া আৰু কি প্ৰয়োজন মোক!

Confidence সহায়ত আধা যুঁজ ৰণত নমাৰ আগতে জয় কৰিব পাৰি।

নতুন কিছু Assamese Caption for Instagram

মই স্বার্থপৰ বা অহংকাৰী নহয়, মাথোঁ সেইবোৰ মানুহৰ পৰা আঁতৰি থাকোঁ যাৰ ওচৰত মোৰ কোনো মূল্য নাই।

সপোন যিমান ৰঙীন হয় বাস্তৱ সিমানেই কঠিন হয়।

সঁচা কথা মনে মনে সহ্য কৰি থাকিলে আপুনি ভাল, কিন্তু সন্মুখত চিধা চিধি কৈ দিলে আপোনাৰ সমান বেয়া কোনো নাই।

সম্পর্ক এটা জীয়াই ৰখাৰ ইচ্ছা যদি দুয়োফালৰ পৰা সমানে থাকে, তেন্তে পৃথিৱীৰ কোনো সম্পর্কই ভাঙি নাযায়।

শৰীৰৰ সৌন্দৰ্য লৈ কেতিয়াও গৌৰৱ নকৰিবা, কাৰণ শৰীৰটো তোমাৰ সৃষ্টি নহয়। বংশকলৈ কেতিয়াও গৌৰৱ নকৰিবা, কাৰণ বংশ নির্বাচন কৰি তুমি জন্ম গ্রহণ কৰা নাই, গৌৰৱ কৰা তোমাৰ উন্নতি আৰু চৰিত্র লৈ, যিটো তুমি নিজেই গঢ়িছা।

যিয়ে নিজৰ বেয়া সময় দেখিছে তেওঁ কেতিয়াও আনৰ বেয়া হোৱাটো নিবিচাৰে।

কোনো পুৰুষে যদি কোনো নাৰীক সন্মান দিয়ে তেন্তে বুজিবা যে সেই পুৰুষ কোনো সন্মানীয় নাৰীৰ পুত্র। কিয় জানেনে এজনী সভ্য মাকেহে তেওঁৰ পুত্রক সভ্যতাৰ শিক্ষা দিয়ে।

কেতিয়াও কোনো বস্তুৰ অহংকা কৰা উচিত নহয়, মনত ৰাখিবা ঈশ্বৰে যিটো দিব জানে সেইটো কাঢ়ি নিবও জানে।

সপোন বোৰ নিজক লৈ দেখা উচিত আনক লৈ নহয়, কিয়নো এই পৃথিৱীৰ সম্পর্কৰ কোনো ভৰষা নাই।

জীৱনত যিমানে আঘাত পাবা সিমানে আপোন মানুহবোৰক চিনিব শিকিবা, কোন আচলতে কেনেকুৱা কোন তোমাৰ কিমান আপোন।

অবিশ্বাস্য হলেও সত্য টকা অবিহনে পুৰুষৰ জীৱন, আৰু ৰূপ অবিহনে নাৰীৰ জীৱন কষ্টকৰ।

কষ্টৰ পৰিমান যেতিয়া বাঢ়ি যায় তেতিয়া মানুহে কান্দিব এৰি মনে মনে থাকিবলৈ শিকি যায়।

জন্মৰ পৰাই অভাৱ শব্দটোৰ লগত ঘনিষ্ঠ সম্পর্ক আছে, সেয়ে কেতিয়াও মানি নলওঁ অভাৱে স্বভাৱ নষ্ট কৰে।

আপত্তি নাই, সুখ নকৰো যি পাইছো তাতেই সুখী, কোনোবাইতো এই খিনিও পোৱা নাই।

দেউতাকৰ টকাৰে দামী গাড়ী লৈ ঘূৰি ফুৰা লৰাবোৰতকৈ সৰু সৰু কাম কৰি ঘৰখন চলাই, চাইকেল চলোৱা ল’ৰাক বেছি সন্মান কৰোঁ।

যি মানুহে আনৰ কথা অলপো ভাবিব নোৱাৰে তেওঁ মানুহ হোৱাৰ অর্থ নাই।

জীৱনত এনেকুৱা এজন মানুহৰ প্রয়োজন যিয়ে স্বার্থ নোহোৱাকৈ ভাল পাব, আৰু প্রয়োজন নোহোৱাকৈ খবৰ ল’ব।

মানুহে অকলে অকলে হাঁহিব নোৱাৰে, হাঁহিবলৈ এজন সংগী প্রয়োজন, কিন্তু মানুহৰ দুখ হ’লে অকলে অকলে কান্দিব লগা হয়, কাৰণ দুখৰ কোনো সংগী নাথাকে।

সেইজন মানুহ বহুত বেছি সংস্কাৰী যিজনে যিমান খংত থাকিলেও বেলেগৰ লগত কথা পতাৰ শিষ্টাচাৰ পাহৰি নাযায়।

গুৰুত্ব থাকিলে সকলো সম্পর্কই টিকিব সেয়া বন্ধুত্বই হওঁক বা ভালপোৱা।

বাস্তৱতা তুমি যাক যিমান গুৰুত্ব দিবা তেওঁ তোমাক সিমানেই অৱহেলা কৰিব।

ভালপোৱাই হওঁক বা বন্ধুত্বই, বেয়া সময় আহিলে বুজা যায় সম্পর্কটো কিমান গভীৰ।

বিচাৰিলেই সকলো পোৱা নাযায় যদি সেয়া তোমাৰ ভাগ্যতে নাথাকে।

সম্পর্ক সেয়া নহয় যি আনক দেখুওৱা হয়, সম্পর্ক সেইয়াহে যি হ্রদয়েৰে পালন কৰা হয়।

কিছুমান মানুহে মোক বহুত ভাল পায় কেৱল মাত্র প্রয়োজনৰ সময়ত।

সৎ পথত চলিলে হয়তো কষ্ট হ’ব, কিন্তু জয় এদিন তোমাৰে হ’ব।

মিঠা মিঠা কথা কোৱা মানুহবোৰে আচলতে আমাক ঠগি থৈ গুচি যায়, প্রকৃত সঁচা মনৰ মানুহবোৰ সদায় খঙাল হয় আৰু কিবা বেয়া দেখিলে মুখৰ আগতেই কৈ দিয়ে।

মনৰ কষ্ট আৰু চকুপানী কাকো দেখুৱাত নাই, নিজৰ জীৱন সুখৰ নহলেও কাকো কোৱাত নাই, কাৰণ সকলোৱে কষ্ট দিব পাৰে কিন্তু কষ্টৰ ভাগ লবলৈ কোনেও নাহে।

সফলতাৰ পাছত অভিনন্দন জনোৱা মানুহ বহুত পাবা, কিন্তু বিফলতাৰ পাছত কাষত মাত্র এজনক পাবা আৰু সেইজন স্বয়ং তুমি নিজেই।

কাৰােবাৰ মনত জয় কৰি তুমি যিমান সুখী হ’ব, তাতকৈ কাৰােবাৰ বিশ্বাস জয় কৰি বেছি সুখী হ’বা। কাৰণ সকলােবােৰ সস্পর্কৰ মূলমন্ত্র হ’ল বিশ্বাস।

মানুহে সকলােৰে সৈতে অভিনয় কৰিব পাৰিলেও নিজৰ সৈতে কেতিয়াও অভিনয় কৰিব নােৱাৰে। সেইবাবেই প্রতিজন মানুহে নীৰৱে উচুপে।

জীৱনত যেতিয়া লৈকে সফল হৈ থাকিবা, তেতিয়ালৈকে মানুহৰ হাত তালিৰ শেষ নহয়। কিন্তু যেতিয়া তুমি ব্যর্থ হ’বা, তেতিয়া তােমাক তুলি ধৰাত হাত আগবঢ়ায় দিয়া কোনাে নেলিয়া।

খং উঠি কাকে এনেকুৱা একো কথা নক’বা, খং কমিলে যি কথা ভাবি নিজকে সেইজনৰ ওচৰত সৰু যেন অনুভৱ হয়।

যিটো বস্তু পাবলৈ তুমি অধৈর্য হৈ পৰিবা, সেইটো বস্তু নাপাবও পাৰা, কিন্তু যিটো পাবলৈ তুমি ধৈর্য ধৰিবা, সেইটো বস্তু নিশ্চয় পাবা।

যি তােমাক কষ্ট দিয়ে, তেওঁক পাহৰি যােৱা, কিন্তু কষ্টৰ সময়ত যি সংগ দিয়ে তেওঁক কেতিয়াও পাহৰি নযাবা।

এডাল ৰছীৰ ওপৰত থিয় হৈ থকাৰ নাম হ’ল চার্কাছ। আৰু অশান্তিৰ মাজতাে শান্ত হৈ থকাৰ নাম হ’ল জীৱন।

এনেকুৱা এগৰাকীক মোৰ জীৱন সংগী হিচাপে বিচাৰো, যি গৰাকীয়ে মোক পোৱাৰ পিছত দ্বিতীয় জনৰ কথা নাভাবে।

অপ্রিয় সত্য আপোনাৰ সফলতাত আপোনাৰ সম্পর্কীয় মানুহবোৰে হে বেছিকৈ হিংসা কৰে।

জীৱনটো খুবেই কষ্টকৰ কিন্তু কাকো বুজাব পৰা নাযায়, মনটো বৰ অসহায় কিন্তু সেইয়া কাকো
দেখুৱাব পৰা নাযায়, জীৱনত বহুত কিবা কিবি সপোন দেখিব পাৰি কিন্তু বিচাৰিলে সকলো পোৱা নাযায়।

আপুনি জীৱনত কষ্ট দিয়াৰ আগত এবাৰ ভাবি চাব নিজে কষ্ট পালে কেনেকুৱা লাগে, মনত ৰাখিব যে কাৰোবাক কষ্ট দি কোনো মানুহ বেছি দিন সুখত থাকিব নোৱাৰে।

গছৰ ওপৰত বহি থকা চৰাইটো ডালটো ভাগি যাব বুলি কেতিয়াও ভয় নকৰে, কিয়নো সিহঁতৰ নিজৰ ডেউকাৰ ওপৰত বিশ্বাস থাকে,সেয়েহে সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব।

বেলিটোও অকলশৰীয়া কিন্তু সদায় পোহৰ দি থাকে, আপোনাৰ কাষত কোনোবাই থাকক বা নাথাকক সদায় নিজকে সুখী ৰাখক আৰু হাঁহি থাকক।

মানসিক শান্তিয়ে পৃথিৱীৰ সকলোতকৈ ডাঙৰ সুখ।

কাৰোবাৰ ওপৰত লোৱা প্রতিশোধৰ আবন্দ থাকে মাত্র কেইটামান দিন, কিন্তু কাৰোবাক ক্ষমা কৰাৰ আনন্দ থাকে গোটেই জীৱন।

সম্পর্কবোৰ চৰাইৰ দৰে জোৰকৈ ধৰিবা মৰি যাব, লাহেকৈ ধৰিবা উৰি যাব, মৰমত ধৰিবা সদায় থাকিব।

আজি কালি কোনোবাই খবৰ ল’লে ভাল বুলিয়েই কওঁ, কিমানক নো বেয়া বুলি কম।

সলনি হৈ যাম এদিন এতিয়া মোক বেয়া পোৱা সকলোৱে তেতিয়া মোক পাগলৰ দৰে বিচাৰি ফুৰিব।

এটা সপোন ভাঙি চিঙি যোৱাৰ পিছত ভাগৰি নপৰি অন্য এটি সপোন দেখাৰ উদ্যামেই হৈছে জীৱন।

আজিৰ দিনত মানুহে মিছা কথা লাহেকৈ ক’লেও শুনা পাই, কিন্তু সঁচা কথা চিঞৰি থাকিলেও শুনা নাপাই।

হ্রদয় হে ভাহিছে, জীৱনটো নহয়। কোনোবাই এৰি গৈছে, উশাহটোৱে এৰি যোৱা নাই। এনেদৰে কিমান আৰু, নিজকে কষ্ট দিবাু! সুখী হ’বলৈ চেষ্টা কৰা, তোমাৰ সময় হে বেয়া, জীৱন নহয়।

সুখী হ’বলৈ অসংখ্যা মানুহৰ দৰকাৰ নাই, দৰকাৰ মাথো সেই মানুহজনৰ যিজনে আপোনাৰ মূল্য আৰু আপোনাৰ গুৰুত্ব বুজিব।

মানুহে তোমাক তেতিয়াই ভাল বুলি কয়, যেতিয়া তোমাক তেওঁৰ ইচ্ছা মতে ব্যৱহাৰ কৰিব পাৰে।

কেতিয়াও শৰীৰ চাই প্রেম নকৰিবা, তেনহলে সফল হ’ব নোৱাৰিবা্‌ ব্যক্তিত্বৰ প্রেমত পৰিবা সাত জনমলৈ পাহৰিব নোৱাৰিবা।

মানুহে দুখ পাহৰি যাব পাৰে, কষ্ট পাহৰি যাব পাৰে, কিন্তু আপোন জনৰ পৰা পোৱা বিশ্বাসঘাতকতা কেতিয়াও পাহৰি যাব নোৱাৰে।

এজন মানুহ তেতিয়াই অকলে থকাৰ কথা ভাবে, যেতিয়া তেওঁ দেখে, তেওঁক সকলোৱে ঠগাইছে।

সাপলৈ ভয় নালাগিলেও কিছুমান বিশেষ মানুহক দেখিলে সাপতকৈও বিশাক্ত যেন লাগে।

যাৰ ওচৰত আপোনাৰ বাবে সময় নাই তেওঁক কেতিয়াও আমনি নকৰিব, কিয়নো তেওঁলোক তেওঁলোকৰ দুনীয়াত ব্যস্ত সেয়েহে তেওঁলোকৰ পৃথিৱী আপোনাৰ প্রয়োজন নাই।।

ধুনীয়া বুলি প্রেম নকৰিবা চৰিত্রহীনো হ’ব পাৰে, জাৱৰ বুলি খালত নেপেলাবা সোনো হ’ব পাৰে, শিল বুলি খোজ নিদিবা তুলাও হ’ব পাৰে, দুখীয়া বুলি ঘৃণা নকৰিবা তেওঁৰো এটা ভাল মন থাকিব পাৰে।

জীৱনত কিছুমান প্রশ্ন থাকে তাৰ উত্তৰ কেতিয়াও নিমিলে, কিছুমান ভুল থাকে কেতিয়াও শুধৰাই ল’ব নোৱাৰি, আৰু কিছুমান কষ্ট থাকে জীৱনত সেইবোৰ কাকো ক’ব নোৱাৰি।

প্ৰিয়জনৰ পৰা সঁচা মৰম সন্মান, পোৱাৰ পাছত প্ৰকৃত বুজি পোৱা ছোৱালী জনীয়ে কেতিয়াও দামী দামী উপহাৰ নিবিচাৰে, সঁচা মৰম আৰু সন্মানতকৈ একো ডাঙৰ হ’ব নোৱাৰে।

জীয়াই থাকিব পৰাটোৱেই এতিয়া এক সফলতা হৈ পৰিছে।

এজোপা ফুলৰ বাবে যদৰে ৰ’দ বৰষুণৰ প্রয়োজন, ঠিক তেনেদৰে প্রশংসা আৰু সমালোচনাও জীৱনত আগুৱাই যাবলৈ প্রয়োজন।

মানুহে কয় জীৱনটো খত্নেকীয়া ! কিন্তু নিজৰ আশা পূৰণৰ আগমুহূৰ্তৰ সময়খিনি যে কিমা দীঘলীয়া অনুভৱ কৰাজনে বুজিব !

মন সদায় সুন্দৰ হ’ব লাগে, চেহেৰা সুন্দৰ বা ধুনীয়া প্ৰফাইল update চাই বন্ধু পাতিব নালাগে।

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment