খাদ্যৰ পৰিস্কৰণ

আপুনি বাৰু অসম জাতীয় বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থী নেকি বা আপুনি শিক্ষক নেকি? আপোনাৰ বাবে এই লিখনি, যিয়ে আপোনাক বহুত উপকৃত কৰিব।

আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো Assamese Medium ৱেবচাইটৰ আন এক গুৰুত্বপূৰ্ণ আলোচনালৈ।

Class 6 Science তথা অসমীয়া মাধ্যমৰ ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ “খাদ্যৰ পৰিস্কৰণপ্ৰশ্ন উত্তৰ আমি ছাত্ৰ ছাত্ৰীৰ বাবে লৈ আহিছোঁ।

খাদ্যৰ পৰিস্কৰণ মূলকথা

উদ্ভিদৰ দৰে আমি নিজৰ দেহত খাদ্য প্ৰস্তুত কৰি ল’ব নোৱাৰো । আমাৰ খাদ্যবোৰ আমি বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰোঁ । গতিকে খাদ্যবোৰৰ লগত বিভিন্ন অসংগত উপাদান মিহলি হৈ থাকে । আমি খাদ্যৰ পৰা এই উপাদানবোৰ পৃথক কৰাকে খাদ্যৰ পৰিষ্কৰণ বোলা হয় । খাদ্যৰ পৰিষ্কৰণ কৰোঁতে বিভিন্ন ক্ষেত্ৰত বিভিন্ন পদ্ধতি প্ৰয়োগ কৰা হয় ।

খাদ্যৰ পৰিস্কৰণ

খাদ্যৰ পৰিস্কৰণ প্ৰশ্ন উত্তৰ

১। খালী ঠাই পূৰ কৰা ।

a) মিশ্ৰত থকা প্রতিবিধ বস্তুৱেই হ’ল ইয়াৰ _____ ।
উত্তৰঃ মিশ্ৰত থকা প্রতিবিধ বস্তুৱেই হ’ল ইয়াৰ উপাদান ।

b) অক্সিজেন , নাইট্ৰজেন আদি গেছৰ মিশ্ৰন হ’ল ____ ।
উত্তৰঃ অক্সিজেন , নাইট্ৰ’জেন আদি গেছৰ মিশ্ৰণ হ’ল বায়ু ।

২। ঘেঁহুৰ বাকলি আৰু আটা কি পদ্ধতিত পৃথক কৰিব পাৰি ?
উত্তৰঃ আটা মিহি চালনীৰে চালি দিলে আটাবোৰ চালনীৰে সৰকি তলত পৰে আৰু ঘেঁহুৰ বাকলিবোৰ চালনীত ৰৈ যায় । এইদৰে আটাৰ পৰা ঘেঁহুৰ বাকলি আঁতৰোৱা হয়।

৩। মিশ্র কি ?
উত্তৰঃ দুটা বা ততোধিক উপাদন একে লগ হৈ থকাকে মিশ্র বোলে ।

৪। ঘৰত শাক – পাচলিৰ খেতি কৰোঁতে মাটিত থকা শিলৰ টুকুৰাবোৰ কেনেদৰে আঁতৰ কৰিবা ?
উত্তৰঃ শাক – পাচলিৰ খেতি কৰাৰ আগতে মাটিখিনি চাঁহ কৰি ল’ব লাগে । তেতিয়া মাটিত থকা শিলৰ টুকুৰাবোৰ ওলাই পৰে । তেতিয়া আমি মাটিৰ পৰা শিলবোৰ আঁতৰ কৰি দিব পাৰোঁ ।

৫। পানী আৰু চেনিৰ দ্ৰৱৰ পৰা উপাদানবোৰ কেনেকৈ পৃথক কবিবা ?
উত্তৰঃ পানী আৰু চেনিৰ দ্ৰৱৰ পৰা উপাদানবোৰ আমি পৃথক কৰিব পাৰোঁ । এটা পৰীক্ষা তলত বৰ্ণনা কৰা হ’ল ।

প্রথমতে অলপ পানীত চেনি দুচামুচমান দি মিহলি কৰি লোৱা হ’ল । চেনিখিনি পানীৰ লগত মিহলি হৈ গ’ল ৷ এতিয়া পানীৰ পাত্ৰটো কিছুসময় জুইত দি থোৱা হ’ল ৷ এতিয়া জুইৰ তাপত পানীখিনি লাহে লাহে ভাপ হৈ নোহোৱা হৈ যাব । কিন্তু চেনিখিনি পাত্ৰটোত থাকি যাব । এইদৰে পানী আৰু চেনি পৃথক কৰিব পাৰি ।

৬। সাগৰৰ পানীৰ পৰা কিদৰে নিমখ আহৰণ কৰা হয় চমুকৈ লিখা ।
উত্তৰঃ সাগৰৰ পানী লুণীয়া । সাগৰৰ পাৰৰ কিছুমান গাঁতত প্ৰথমে সাগৰৰ পানী জমা হ’ব দিয়া হয় । সূৰ্যৰ তাপত পানী ভাপ হৈ যোৱাৰ পিচত গাঁতবোৰত নিমখ ৰৈ যায় । পিছত সেই নিমখ পৰিশোধন কৰি খোৱাৰ উপযোগী কৰা হয়।

৭। ময়দা – লোৰ গুড়িৰ মিশ্ৰৰ পৰা লোৰ গুড়ি কিদৰে পৃথক কৰিবা ?
উত্তৰঃ ময়দা – লোৰ গুড়িখিনি এখন বগা কাগজত লোৱা হ’ল । এতিয়া এটুকুৰা চুম্বকেৰে মিশ্ৰটো কিছুসময় লৰাই থাকিলে লোৰ টুকুৰাবোৰ চুম্বকত লাগি ধৰিব । এনেদৰে ময়দা – লোৰ মিশ্ৰৰ পৰা লোৰ গুড়ি আঁতৰাব পাৰি ।

৮। যি পদ্ধতিৰে গেছীয় পদার্থক জুলীয়া অৱস্থালৈ পৰিৱৰ্তন কৰা হয় , সেই পদ্ধতিটোক কি বোলে ?
উত্তৰঃ যি পদ্ধতিৰে গেছীয় পদাৰ্থক জুলীয়া অৱস্থালৈ পৰিৱৰ্তন কৰা হয়, সেই পদ্ধতিটোক ঘণীভৱন (condensation ) বোলে ।

৯। শস্যৰ লগত বিভিন্ন অলাগতিয়াল পদার্থ মিহলি হৈ থাকিলে কিদৰে পৃথক কৰিবা ?
উত্তৰঃ শস্যৰ লগত বিভিন্ন অলাগতিয়াল পদার্থ মিহলি হৈ থাকে । এইবোৰ আমি বিভিন্ন উপায়েৰে পৃথক কৰি পাৰোঁ ।

জৰা পদ্ধতি (Winnowing): কুলাৰে শস্যবোৰ জাৰিলে ইয়াৰ লগত থকা বিভিন্ন পাতল উপাদানবোৰ আঁতৰি যায় । আকৌ শস্যত মিহলি হৈ থকা ডাঙৰ উপাদানবোৰ চালনীৰে চালি , শস্যৰ পৰা ডাঙৰ উপাদানবোৰ আঁতৰাব পাৰো ।

১০। মৰণা মৰা আৰু জৰা পদ্ধতি উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।
উত্তৰঃ শস্য মৰণা মৰা পদ্ধতি (Threshing Process) : খেতিপথাৰৰ পৰা ধান , ঘেঁহু , মাহ আদি শস্যবোৰৰ গছবোৰ খেতিয়কে আধামানত কাটি মুঠি কৰি লয় ৷ এই মুঠিবোৰ আনি চোতালত ঘূৰণীয়াকৈ পাৰি লৈ তাৰ ওপৰেৰে গৰু বা ম’হ ঘূৰায় । গৰু বা ম’হৰ গছকত শস্যৰ গুটিবোৰ পৃথক হৈ পৰে । ইয়াকে মৰণা মৰা বুলি কোৱা হয়।

জৰা পদ্ধতি: শস্যৰ লগত বিভিন্ন অলাগতিয়াল উপাদান মিহলি হৈ থাকে । যেনে ধানৰ লগত পতান বা তুঁহ লগ হৈ থাকে । কুলাৰে ধানবোৰ জাৰিলে এই পতান বা তুঁহুবোৰ আঁতৰি যায় ।

১১। দৈনন্দিন জীৱনত ছেকন – পদ্ধতিৰ ব্যৱহাৰৰ উদাহৰণ দিয়া ।
উত্তৰঃ পানী আমাৰ প্ৰাণ । পানী অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। কিন্তু এই পানীৰ লগত বিভিন্ন বিষাক্ত উপাদান লগ হৈ থাকে। আমি ফিল্টাৰৰ সহায়ত পানীৰ পৰা এই বিষাক্ত উপাদানবোৰ আঁতৰাব পাৰোঁ । ইয়াকে ছেকন পদ্ধতি বোলা হয় ।

১২। নিমখ – পানীৰপৰা কেনেকৈ নিমখ আৰু পানী পৃথক কৰি সংগ্ৰহ কৰিবা লিখা ।
উত্তৰঃ ঘণীভৱন (Condensation) পদ্ধতিৰ সহায়ত নিমখ পানীৰ মিশ্ৰণৰ পৰা নিমখ আৰু পানী দুয়োটাই পৃথককৈ পাব পাৰি । প্ৰথমতে নিমখ – পানীৰ মিশ্ৰটো চেঁচা কৰিব লাগিব । তেতিয়া ইয়াৰ পানীবোৰ বাষ্পলৈ পৰিৱৰ্তিত হ’ব । এই জলীয় বাষ্পবোৰ লাহে লাহে আকৌ পানীলৈ পৰিৱৰ্তন হ’ব ।

চিত্ৰত দেখুওৱাৰ দৰে জলীয় বাষ্পবোৰ টোপ – টোপকৈ পানীৰূপে কাষৰ পাত্ৰত পৰি আছে । আৰু নিমখবোৰ প্ৰথম পাত্ৰটোত থাকি যাব ।

১৩। পৰিস্ৰাৱণ কি ?
উত্তৰঃ পানী আৰু মাটি লগ হ’লৈ পানীবোৰ লেতেৰা হয় । এই পানী আৰু মাটিৰ মিশ্ৰখিনি এখন ফিল্টাৰ কাগজ ( filter paper ) ৰ মাজেৰে পাৰ হ’বলৈ দিয়া হয় । ফিল্টাৰ কাগজৰ মাজেৰে পানীখিনি সৰকি যায় কিন্তু মাটিৰ কণিকাবোৰ ফিল্টাৰ কাগজত ৰৈ যায় । এই পদ্ধতিটোক পৰিস্ৰাৱণ ( filtration ) বোলে ।

অতিৰিক্ত প্রশ্নোত্তৰ খাদ্যৰ পৰিস্কৰণ

১। উপাদান কি ?
উত্তৰঃ এটা মিশ্ৰত দুটা বা ততোধিক বিভিন্ন ধৰণৰ বস্তু লগ হৈ থাকে । ইয়াৰ প্ৰতিটো বস্তুক একোটা উপাদান (component) বোলে ।

২। মিশ্ৰৰ উপাদান পৃথকীকৰণ বুলিলে কি বুজা ?
উত্তৰঃ এটা মিশ্ৰত দুটা বা ততোধিক উপাদান লগ হৈ থাকে । এই উপাদানবোৰ কিছুমান বিশেষ পদ্ধতিৰে আমি বেলেগ বেলেগকৈ উলিয়াব পাৰো। ইয়াকে মিশ্ৰৰ উপাদান পৃথকীকৰণ বোলে।

৩। আম্ৰাৱণ পদ্ধতি কি ?
উত্তৰঃ পানী আৰু বালিৰ মিশ্ৰ এটা লোৱা হ’ল । বালিৰ কণিকাবোৰ গধুৰ হোৱা বাবে বালিবোৰ পানীৰ তলিত জমা হ’ব । এতিয়া পাত্ৰটো হেলনীয়া কৰি পানীখিনি আন এটা পাত্ৰত জমা কৰি ল’ব পাৰি । তেতিয়া পানী আৰু বালি পৃথক হৈ পৰিব । এই প্রক্রিয়াটোক আস্রাৱণ পদ্ধতি বোলে ।

৪। অৱক্ষেপণ কি ?
উত্তৰঃ পানী আৰু বালিৰ মিশ্ৰ এটা পাত্ৰত ৰখা হ’ল । এতিয়া বালিৰ কণিকাবোৰ গধুৰ হোৱা বাবে বালিবোৰ পাত্ৰৰ তলিত জমা হ’ব । এনেদৰে জুলীয়া পদাৰ্থৰ পৰা কঠিন পদার্থ জমা হোৱা প্ৰক্ৰিয়াটোক অৱক্ষেপণ ( sedimentation ) বুলি কোৱা হয় ।

৫। গেদ কি ?
উত্তৰঃ অৱক্ষেপণ প্ৰক্ৰিয়াত জুলীয়া পদাৰ্থৰ পৰা কঠিন পদাৰ্থবোৰ তলিত জমা হৈ পৰে । এই কঠিন পদাৰ্থবোৰক গেদ ( sediment ) বোলে ।

৬। বাষ্পীভৱন কি ? পৰীক্ষা কৰি দেখুওৱা ।
উত্তৰঃ এটা টিনৰ পাত্ৰত পানী লোৱা হ’ল । পানীখিনিত অলপ নিমখ মিহলি কৰা হ’ল। নিমখখিনি পানীৰ লগত মিলি নাইকিয়া হৈ গ’ল । এতিয়া এখন টেবুলৰ মাজ অংশ ফুটা কৰি তাৰ ওপৰত পাত্ৰটো ৰখা হ’ল আৰু তলত জুইৰ শিখা এটা ৰখা হ’ল । জুইৰ তাপত পানীবোৰ লাহে লাহে ভাপ হৈ নোহোৱা হৈ যাব আৰু নিমখৰ দানাবোৰ পাত্ৰৰ তলিত জমা হ’ব।এই প্ৰক্ৰিয়াটোৱে বাষ্পীভৱন ।

AJB Class 6 Science Chapter 4 Question Answer PDF

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment