জীৱৰ আৱাসস্থলী

আপুনি বাৰু অসম জাতীয় বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থী নেকি বা আপুনি শিক্ষক নেকি? আপোনাৰ বাবে এই লিখনি, যিয়ে আপোনাক বহুত উপকৃত কৰিব।

আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো Assamese Medium ৱেবচাইটৰ আন এক গুৰুত্বপূৰ্ণ আলোচনালৈ।

Watch FREE Video Classes

Class 6 Science তথা অসমীয়া মাধ্যমৰ ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ “জীৱৰ আৱাসস্থলী” প্ৰশ্ন উত্তৰ আমি ছাত্ৰ ছাত্ৰীৰ বাবে লৈ আহিছোঁ।

জীৱৰ আৱাসস্থলী মূলকথা

পৃথিৱীখন বিভিন্ন জীৱৰ আৱাসস্থলী । জীৱ এটাই স্বাভাৱিকভাৱে বাস কৰা স্থানকে আৱাসস্থলী (habitat) বোলে। জলজ আৱাসস্থলী আৰু স্থলজ আৱাসস্থলী এই দুই ধৰণৰ আৱাসস্থলী পোৱা যায় ৷ কিছুমান জীৱ পানীত থাকে । এইবোৰ হ’ল জলজ আৱাসস্থলীৰ জীৱ । জলজ আৱাসস্থলীৰ প্ৰধান ভাগ দুটা । সেই দুটা হ’ল নিৰ্মল পানী (fresh water) আৱাসস্থলী আৰু লুণীয়া পানী (saline water) আৱাসস্থলী । নির্মল পানী আৱাসস্থলী আকৌ দুই প্ৰকাৰৰ । স্থিৰ (stagnant) আৰু প্ৰৱাহী (flowing) । পুখুৰী (pond) , হ্রদ (lake) বিল আদি স্থিৰ জলজ আৱাসস্থলীৰ উদাহৰণ ।

আনহাতে নিজৰা ( stream ) , নদী ( river ) আদি প্ৰৱাহী জলজ আৱাসস্থলীৰ উদাহৰণ ।

পৃথিৱীৰ স্থলভাগত বহুতো উদ্ভিদ আৰু প্ৰাণী থাকে । সেইকাৰণে স্থলভাগ হ’ল স্থলজ আৱাসস্থলী । স্থলজ আৱাসস্থলী কেইবাপ্ৰকাৰৰ আছে। যেনে — অৰণ্য , মৰুভূমি , উপকূলীয় অঞ্চল পৰ্বতীয়া অঞ্চল , মেৰু অঞ্চল আদি । স্থলজ আবাসস্থলীৰ প্ৰাণীবোৰক কিছুমান ভাগত ভাগ কৰিব পাৰি । যেনে – অন্তভূমিক (Subterranean) , ধাবনশীল (Sursorial) , বৃক্ষীয় (Arboreal) আদি । মাটিৰ তলত থকা প্ৰাণীবোৰ হ’ল অন্তভূমিক প্রাণী । যেনে— কেঁচু । আকৌ ধামনশীল শ্ৰেণীৰ প্ৰাণীবোৰে মাটিৰ ওপৰত ঘূৰি ফুৰে । যেনে— গৰু – ছাগলী । আকৌ গছত বগাই ফুৰা প্ৰাণীবোৰ হ’ল বৃক্ষীয় প্ৰজাতিৰ প্ৰাণী । যেনে – কেৰ্কেটুৱা ।

জীৱৰ আৱাসস্থলী

জীৱৰ আৱাসস্থলী প্ৰশ্ন উত্তৰ

১। খালী ঠাই পূৰ কৰা ।

a ) খাগৰি এবিধ _____ জাতীয় উদ্ভিদ ।
উত্তৰঃ তৃণ।

b ) জীৱ বুলিলে আমি ____ আৰু ____ দুয়োকে বুজোঁ ।
উত্তৰঃ উদ্ভিদ , প্ৰাণী ।

c ) ____ আৰু ____ চৰায়ে উৰিব নোৱাৰে ।
উত্তৰঃ উট চৰাই , কি-উই ।

d ) ____ তৃণভূমিত থাকে ।
উত্তৰঃ এনে প্রাণী ।

২। অতি চমুকৈ উত্তৰ দিয়া ।

a ) আৱাসস্থলী কি ?
উত্তৰঃ জীৱ এটাই স্বাভাৱিকভাৱে বাস কৰা স্থানকে আৱাসস্থলী বোলে । আৱাসস্থলীত থাকি জীৱবোৰে নিজৰ প্ৰয়োজনীয় সকলো কাম কৰিব পাৰে ।

b ) গঁড়ে গৰমত কিয় বোকাত লুটি – বাগৰ দি থাকে ?
উত্তৰঃ গঁড়ৰ দেহৰ উত্তাপ যথেষ্ট বেছি । সেইবাবে গৰমৰ দিনত গৰমৰ পৰা ৰক্ষা পাবৰ বাবে গঁড়বোৰে বোকাত লুটি – বাগৰ দি থাকে ।

c ) অভিযোজন কাক বোলে ? ইয়াৰ প্ৰয়োজনীয়তা কি ?
উত্তৰঃ সকলো জীৱই জীয়াই থাকিবলৈ নিজৰ পৰিৱেশৰ সৈতে নিজকে খাপ খুৱায় । ইয়াৰ বাবে জীৱই বিভিন্ন উপায় বা কৌশল অৱলম্বন কৰে। এনে উপায় বা কৌশলবোৰক অভিযোজন বোলে।

সকলো জীৱৰ আকৃতি , প্রকৃতি , আহাৰ আদি সকলো বেলেগ । উদাহৰণস্বৰূপে মাছকে লোৱা হ’ল । ইহঁতৰ শৰীৰ দীঘলীয়া আৰু এই আকৃতিয়ে ইহঁতক পানীত চলাচল কৰাত সহায় কৰে । ইহঁতৰ ফিছাবোৰে সাঁতুৰাত সহায় কৰে । দেহত থকা পাখিবোৰে গতি সলোৱাত সহায় কৰে । মাছৰ ফুল ( gill ) আছে । ইয়াৰ সহায়ত মাছে পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেন গ্ৰহণ কৰে । এনে অভিযোজনৰ ফলত মাছ পানীত থকাৰ উপযোগী হৈছে।

d ) চৰাইবোৰে উৰিবৰ সময়ত কেনে ধৰণৰ অভিযোজনৰ আশ্ৰয় লয় ?
উত্তৰঃ উৰিবৰ বাবে চৰাইৰ অগ্ৰপদ ( forelimb ) ডেউকালৈ ৰূপান্তৰিত হৈছে । তদুপৰি ইহঁতৰ হাড়বোৰ ফোপোলা । ফলত ইহঁতৰ দেহৰ ওজন কমি যায় । এনে অভিযোজনৰ বাবে চৰাই উৰিব পাৰে ।

৩। a) দুটা স্থলজ আৰু দুটা জলজ আৱাসস্থলীৰ নাম লিখাঁ ।
উত্তৰঃ দুটা স্থলজ আৱাসস্থলী হ’ল — অৰণ্য আৰু মৰুভূমি । আৰু দুটা জলজ আৱাসস্থলী হ’ল— নদী আৰু সাগৰ ।

b ) হৰিণাই আক্ৰমণকাৰীৰপৰা হাত সাৰিবৰ বাবে কি কি অভিযোজনৰ সহায় লয় ?
উত্তৰঃ হৰিণৰ কাণবোৰ দীঘলীয়া । ফলত ইহঁতে সহজে খাদকৰ ( বাঘ , সিংহ ) চলাচলৰ উমান পায় । ইয়াৰ উপৰি ইহঁতৰ চকু মূৰৰ কাষৰ ফালে থাকে । সেয়েহে বিপদৰ সময়ত চাৰিওঁফালে চাব পাৰে । আকৌ হৰিণৰ প্ৰধান অভিযোজন হ’ল দ্ৰুতগতি । এই দ্রুতগতিৰ বাবে ইহঁতে নিজকে আক্ৰমণকাৰীৰ পৰা ৰক্ষা কৰিব পাৰে।

c ) মেটেকা কেনেকৈ পানীত ওপঙি থাকে ?
উত্তৰঃ মেটেকাৰ গা – গছ বা পাতবোৰত অসংখ্য ক্ষুদ্র ক্ষুদ্র ছিদ্রযুক্ত মোনা থাকে । এই মোনাসমূহত থকা বায়ুৱে উদ্ভিদসমূহক ওপঙি থকাত সহায় কৰে ।

৪। বহলাই লিখা ।

a ) মৰুভূমিত প্রাণী আৰু উদ্ভিদৰ অভিযোজনৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ মৰুভূমি ( desert ) ৰ পৰিৱেশ শুকান । ইয়াত অতি কম পৰিমাণে পানী থাকে । দিনৰ ভাগত বৰ গৰম আৰু ৰাতিৰ ভাগত অতিপাত ঠাণ্ডা হয় । মৰুভূমিত থকা জীৱৰ শৰীৰ ইয়াৰ পৰিৱেশত থকাৰ উপযোগীকৈ গঠিত হয় । মৰুভূমিত উট ঠাকে । মৰুভূমিৰ তপত বালি আৰু কম পানী থকা সত্ত্বেও এই পৰিৱেশত জীয়াই থাকিব পৰাকৈ উটৰ দেহটো গঠিত । ইয়াৰ দীঘল ঠেংবোৰে দেহটোক বালিৰ উত্তাপৰ পৰা ৰক্ষা কৰে । উটে কম সময়তে যথেষ্ট পৰিমাণে পানী খাব পাৰে । দেহত পানী সংৰক্ষণৰ বাবে উটে ঘাম নিঃসৰণ নকৰে আৰু কম পৰিমাণৰ মূত্র ত্যাগ কৰে । আকৌ উটৰ পিঠিত এটা কুঁজ আছে । কুঁজটোত ই বহু পৰিমাণে চৰ্বী জমা কৰি ৰাখে । কুঁজটোৱে পানীখিনিক দেহৰ উষ্ণতা ৰক্ষা কৰাত সহায় কৰে। লগতে খাদ্যৰ অভাৱৰ সময়ত কুঁজটোৱে প্ৰয়োজনীয় শক্তিৰ যোগান ধৰে ।

মৰুভূমিত থকা উদ্ভিদসমূহেও অভিযোজন কৰে । এই উদ্ভিদবোৰৰ পাত নাথাকে । পাতসমূহ কাঁইটলৈ ৰূপান্তৰিত হয়। ই উদ্ভিদৰ পৰা ওলাই যোৱা পানীৰ পৰিমাণ কমায় ৷ এই উদ্ভিদৰ কাণ্ড ৰসাল হয় । গতিকে মৰুভূমিত থকা জীৱসমূহৰ দুটা মূল অভিযোজন হ’ল দেহত পানীৰ সংৰক্ষণ আৰু পৰিৱেশৰ অধিক উষ্ণতাৰ লগত খাপ খুৱাই জীয়াই থকা।

b ) মাছৰ জলজ অভিযোজনৰ কিছুমান কৌশল বর্ণনা কৰা ।
উত্তৰঃ মাছৰ শৰীৰ দীঘলীয়া আৰু এই আকৃতিয়ে ইহঁতক পানীত চলাচল কৰাত সহায় কৰে । মাছৰ ফিছা আছে । ফিছাৰ সহায়ত মাছে পানীত সাঁতুৰিব পাৰে । দেহত থকা পাখিবোৰে গতি সলোৱাত সহায় কৰে । মাছৰ ফুল (Gill ) আছে । ইয়াৰ সহায়ত মাছে পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেন গ্ৰহণ কৰে । এনে অভিযোজনৰ ফলত মাছবোৰে পানীত থকাৰ উপযোগী হৈছে ।

c ) চাৰিটা জলজ আৱাসস্থলীৰ বৰ্ণনা কৰা ।
উত্তৰঃ জলজ আৱাসস্থলীৰ প্ৰধান ভাগ দুটা । নির্মল পানী (Fresh Water ) আৱাসস্থলী আৰু লুণীয়া পানী (Saline water) আৱাসস্থলী।

নির্মল পানী আৱাসস্থলী আকৌ দুই প্ৰকাৰৰ । স্থিৰ ( stagnant ) আৰু প্ৰৱাহী ( flowing ) । পুখুৰী ( pond ) , হ্রদ ( lake ) , বিল আদি স্থিৰ জলজ আৱাসস্থলীৰ উদাহৰণ । আকৌ নিজৰা ( stream ) , নদী ( river ) আদি প্ৰৱাহী জলজ আৱাসস্থলীৰ উদাহৰণ ।

d ) উটে মৰুভূমিত থকাৰ উপযোগীকৈ কি কি অভিযোজনৰ সহায় লয় ?
উত্তৰঃ মৰুভূমিৰ পৰিৱেশ শুকান । ইয়াৰ পানীৰ পৰিমাণ অতি কম । চাৰিওঁফালে বালি । দিনত অতিপাত গৰম আৰু ৰাতি অতিপাত ঠাণ্ডা । ইয়াত উট থাকে । উটৰ ভৰিৰ খুৰাবোৰ ফাঁট মেলা । সেইবাবে মৰুভূমিৰ বালিত পিচলি নাযায় । ইহঁতৰ দীঘল ঠেংবোৰে দেহটোক বালিৰ উত্তাপৰ পৰা ৰক্ষা কৰে । উটে কম সময়তে যথেষ্ট পৰিমাণৰ পানী খাব পাৰে । দেহত পানী সংৰক্ষণৰ বাবে উটে ঘাম নিঃসৰণ নকৰে আৰু কম পৰিমাণৰ মূত্র ত্যাগ কৰে । উটৰ পিঠত এটা কুঁজ থাকে ৷ কুঁজটোত ই বহু পৰিমাণে চৰ্বী জমা কৰি ৰাখে । কুঁজটোৰ পানীখিনিয়ে দেহৰ উষ্ণতা ৰক্ষা কৰাত সহায় কৰে । লগতে খাদ্যৰ অভাৱৰ সময়ত কুঁজটোৱে প্রয়োজনীয় শক্তিও যোগান ধৰে ।

জীৱৰ আৱাসস্থলী অতিৰিক্ত প্রশ্নোত্তৰ

১। সকলো জীৱৰে প্ৰয়োজনীয় পাঁচবিধ বস্তুৰ নাম লিখা ।
উত্তৰঃ সকলো জীৱৰে প্ৰয়োজনীয় পাঁচবিধ বস্তু হ’ল—

  • ক) বায়ু— উশাহ ল’বলৈ বায়ু লাগে ।
  • খ ) পানী – জীয়াই থাকিবলৈ পানী লাগিবই ।
  • গ ) খাদ্য — খাদ্য অবিহনে জীয়াই থকা সম্ভৱ নহয় ।
  • ঘ ) সূৰ্য – সূৰ্যৰ পোহৰ অবিহনে কোনো জীৱ জীয়াই নাথাকে ।
  • ঙ ) আশ্রয়স্থল — য’ত জীৱই নিৰাপদে থাকিব পাৰে । জীৱই বংশবৃদ্ধিও কৰে । তাৰ বাবে নিৰাপদ স্থানৰ প্ৰয়োজন ।

২। অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা ।
উত্তৰঃ অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম হ’ল ― কাজিৰঙা ।

৩। অসমৰ এখন অভয়াৰণ্যৰ নাম লিখা ।
উত্তৰঃ অসমৰ এখন অভয়াৰণ্যৰ নাম হ’ল ― মানস অভয়াৰণ্য ।

৪। সাপৰ আৱাসস্থলী কি ?
উত্তৰঃ সাপবোৰ গাঁতত থাকে । গাঁতেই সিহঁতৰ আৱাসস্থলী ।

৫। আৱাসস্থলী প্রধানকৈ কেই প্ৰকাৰৰ আৰু কি কি ?
উত্তৰঃ আৱাসস্থলী প্ৰধানকৈ দুই প্ৰকাৰৰ । স্থলজ আৱাসস্থলী আৰু জলজ আৱাসস্থলী।

৬। স্থলজ আৱাসস্থলীৰ চাৰিটা ভাগ লিখা ।
উত্তৰঃ স্থলজ আৱাসস্থলী চাৰি প্ৰকাৰৰ । যেনে ― উপকূলীয় অঞ্চল আৰু মেৰু অঞ্চল । অৰণ্য , মৰুভূমি , উপকূলীয় অঞ্চল আৰু মেৰু অঞ্চল।

৭। স্থলজ আৱাসস্থলীৰ প্ৰাণীবোৰক কি কি ভাগত ভাগ কৰিব পাৰি ?
উত্তৰঃ স্থলজ আৱাসস্থলীৰ প্ৰাণীবোৰক কিছুমান ভাগত ভাগ কৰা হৈছে। যেনে –

  • ক ) অন্তভূমিক (subterranean) : মাটিৰ তলত থকা প্ৰাণীবোৰ হ’ল অন্তভূমিক প্রাণী । যেনে – কেঁচু ।
  • খ ) ধাবনশীল (cursorial) : এই শ্ৰেণীৰ প্ৰাণীবোৰে মাটিৰ ওপৰত ঘূৰি ফুৰে । যেনে – গৰু।
  • গ ) বৃক্ষীয় (arboreal) : গছত বগাই ফুৰা প্ৰাণীবোৰ এই শ্ৰেণীৰ । যেনে কেৰ্কেটুৱা ।

৮। জলজ আৱাসস্থলীৰ প্ৰধান ভাগ কেইটা কি কি ?
উত্তৰঃ জলজ আৱাসস্থলী প্ৰধানকৈ দুবিধ – নির্মল পানী আৱাসস্থলী আৰু লুণীয়া পানী আৱাসস্থলী ।

৯। নির্মল পানী আৱাসস্থলী কেই প্ৰকাৰৰ ?
উত্তৰঃ নির্মল পানী আৱাসস্থলী দুই প্ৰকাৰৰ । স্থিৰ ( stagnant ) আৰু প্ৰৱাহী ( flowing)

১০। অভিজোেজন কাক বোলে ?
উত্তৰঃ জীয়াই থাকিবলৈ সকলো জীৱই নিজ পৰিৱেশৰ সৈতে নিজকে খাপ খুৱায় । ইয়াৰ বাবে জীৱই বিভিন্ন উপায় বা কৌশল অৱলম্বন কৰে। এই উপায় বা কৌশলবোৰকে অভিযোজন বোলে।

১১। দুবিধ উৰিব নোৱাৰা চৰাইৰ নাম লিখা ।
উত্তৰঃ দুবিধ উৰিব নোৱাৰা চৰাই হ’ল— উট চৰাই ( ostrich ) আৰু কি-উই ( ki – wi )

১২। তৃণভূমি কাক বোলে ?
উত্তৰঃ ঘাঁহ – বন বেছিকৈ থকা , লতা , গুল্ম , শাক – বন আদিৰে পৰিপূৰ্ণ ভূমিক তৃণভূমি বোলে ।

১২। পৰ্বতীয়া অঞ্চলৰ উদ্ভিদৰ আৰু প্ৰাণীবোৰৰ অভিযোজন কেনেকুৱা ?
উত্তৰঃ পৰ্বতীয়া অঞ্চলসমূহ সাধাৰণতে ঠাণ্ডা হয়। কিছুমান অঞ্চলত শীতকালত তুষাৰপাত হোৱাও দেখা যায় । এই জলবায়ুত নিজকে খাপ খুৱাবলৈ জীৱবোৰে বিশেষ অভিযোজনৰ সহায় লয়। এই অঞ্চলৰ গছসমূহ শংকু আকৃতিৰ; ডালবোৰ তললৈ নামি অহা । কেতবোৰ গছৰ পাত বেজীৰ দৰে। এই বিশেষ আকৃতিয়ে বৰষুণৰ পানী আৰু বৰফৰ কণাবোৰ পিছলি যোৱাত সহায় কৰে। উদ্ভিদৰ দৰে এই অঞ্চলত প্রাণীবোৰেও কেতবোৰ অভিযোজনৰ সহায় লয়। শীতৰ পৰা ৰক্ষা পাবলৈ সিহঁতৰ ছাল ডাঠ আৰু নোমযুক্ত হয়।

১৩। বেং, হাঁহ আদিয়ে পানীত কিদৰে অভিযোজন কৰে ?
উত্তৰঃ বেং, হাঁহ আদিৰ ভৰিৰ আঙুলিবোৰৰ মাজত পটা থাকে। এনেকুৱা গঠনে পানীত সাঁতুৰিবলৈ সহায় কৰে।

১৪। সাগৰীয় প্ৰাণীবোৰে কেনেদৰে অভিযোজন কৰে ?
উত্তৰঃ সাগৰত থকা স্কুইড, অক্টোপাছ আদিৰ দেহৰ গঠন দীঘলীয়া নহয়। কিন্তু পানীত চলাচল কৰাৰ সময়ত সিহঁতে দেহটো দীঘলীয়া কৰে। এই প্রাণীসমূহৰ জাইক্লোম থাকে। ডলফিন, তিমিমাছ আদি স্তন্যপায়ী প্ৰাণীৰ দেহত জাইক্লোম নাথাকে। ইহঁতে হাঁওফাঁওৰ (lungs) সহায়ত উশাহ নিশাহ লয়।

Class 6 Science Chapter 5 AJB Question Answer PDF

Leave a Comment