উদ্ভিদ আৰু ইয়াৰ অংগসমুহ প্ৰশ্ন উত্তৰ

আপুনি বাৰু অসম জাতীয় বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থী নেকি বা আপুনি শিক্ষক নেকি? আপোনাৰ বাবে এই লিখনি, যিয়ে আপোনাক বহুত উপকৃত কৰিব।

আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো Assamese Medium ৱেবচাইটৰ আন এক গুৰুত্বপূৰ্ণ আলোচনালৈ।

Class 6 Science তথা অসমীয়া মাধ্যমৰ ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ “উদ্ভিদ আৰু ইয়াৰ অংগসমুহ” প্ৰশ্ন উত্তৰ আমি ছাত্ৰ ছাত্ৰীৰ বাবে লৈ আহিছোঁ।

উদ্ভিদ আৰু ইয়াৰ অংগসমুহ মূলকথা

উদ্ভিদ আমাৰ পৰম বন্ধু। উদ্ভিদ অবিহনে আমি জীয়াই থাকিব নোৱাৰো। উদ্ভিদ বিভিন্ন প্ৰকাৰৰ আছে। ঠাইভেদে, জলবায়ু ভেদে প্ৰকৃতিত বিভিন্ন ধৰণৰ গছ-গছনি পোৱা যায়। উদ্ভিদৰ ধৰ্মৰ ওপৰত ভিত্তি কৰি উদ্ভিদসমূহক বিভিন্ন ভাগত ভাগ কৰা হৈছে। ইয়াৰ দুটা প্ৰধান ভাগ হ’ল— সপুষ্পক উদ্ভিদ আৰু অপুষ্পক উদ্ভিদ। যিবোৰ উদ্ভিদৰ ফুল হয় সেইবোৰ উদ্ভিদক সপুষ্পক উদ্ভিদ বোলে। যেনে— আম, লিচু আদি। আকৌ যিবোৰ উদ্ভিদৰ ফুল নহয়, সেইবোৰক অপুষ্পক উদ্ভিদ বোলে। যেনে— শেলাই, ঢেকীয়া আদি। আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদক আকৌ চাৰিটা ভাগত ভাগ কৰা হৈছে। যেনে—তৃণ (herb), গুল্ম বা জোপোহা (shrub), বৃক্ষ (tree) আৰু লতা (climbers) । বীজৰ ওপৰত ভিত্তি কৰি গুপ্তবীজী আৰু নগ্নবীজী এই দুটা ভাগত ভাগ কৰা হৈছে। আমাৰ দেহটো যেনেকৈ বিভিন্ন অংগৰে ভৰপূৰ, তেনেকৈ উদ্ভিদৰ দেহতো বিভিন্ন অংগৰে ভৰপূৰ হৈ আছে।

উদ্ভিদ আৰু ইয়াৰ অংগসমুহ

উদ্ভিদ আৰু ইয়াৰ অংগসমুহ প্ৰশ্ন উত্তৰ

১। তলৰ তথ্যসমূহ শুদ্ধকৈ লিখা।

a) কাণ্ডই পানী মিহলি খনিজ দ্রব্য শোষণ কৰে।
উত্তৰঃ শিপাই পানী মিহলি খনিজ দ্রব্য শোষণ কৰে।

b) পাতে গছ থিয় হৈ থকাত সহায় কৰে।
উত্তৰঃ শিপাই গছ থিয় হৈ থকাত সহায় কৰে।

c) সকলো ফুলতে পাহি আৰু বৃতি একেধৰণৰ।
উত্তৰঃ সকলো ফুলতে পাহি আৰু বৃতি একে ধৰণৰ নহয়।

d) গর্ভাশয়ৰ ডিম্বক ফললৈ ৰূপান্তৰিত হয়।
উত্তৰঃ গর্ভাশয় ডিম্বক বীজলৈ ৰূপান্তৰিত হয়।

২। কাণ্ডৰ কাৰ্য উল্লেখ কৰা।
উত্তৰঃ কাণ্ডৰ কাৰ্যসমূহ হ’ল—

  • শিপাই মাটিৰ তলৰ পৰা কঢ়িয়াই লোৱা পানী, সাৰ, খনিজ লৱণ আদি কাণ্ডই ডাল-পাত আদিলৈ পৰিবহণ কৰে।
  • পাতে সূৰ্যৰ তাপৰ সহায়ত প্ৰস্তুত কৰা খাদ্য, কাণ্ডইশিপালৈ পৰিবৰণ কৰে।

৩। জালসিবাবিন্যাস পোৱা 4 বিধ উদ্ভিদৰ নাম লিখাঁ।
উত্তৰঃ জালসিবাবিন্যাস পোৱা 4 বিধ উদ্ভিদ হ’ল— আম, কঁঠাল, জাম,কদম ইত্যাদি ।

৪। সমান্তৰাল সিৰাবিন্যাস থকা 4 বিধ উদ্ভিদৰ নাম লিখাঁ।
উত্তৰঃ সমান্তৰাল সিৰাবিন্যাস থকা 4 বিধ উদ্ভিদ হ’ল—নাৰিকল, তামোল,বচ, কল আদি।

৫। পাতৰ লক্ষণ অনুসাৰে উদ্ভিদৰ মূল কি কি ধৰণৰ হয় লিখাঁ।
উত্তৰঃ পাতৰ লক্ষণ অনুসাৰে উদ্ভিদৰ মূল দুই ধৰণৰ – গুচ্ছ শিপা বা অস্থানিক শিপা আৰু ঘাই শিপা বা মুখ্য শিপা।

৬। গছৰ কোন অংশই খাদ্য প্রস্তুত কৰিব পাৰে উল্লেখ কৰা।
উত্তৰঃ গছৰ পাতে খাদ্য প্রস্তুত কৰিব পাৰে।

৭। সালোক সংশ্লেষণ কি ?
উত্তৰঃ উদ্ভিদৰ সেউজীয়া পাতত পত্ৰহৰিৎ (chlorophyll) নামৰ এবিধ পদার্থ থাকে। ইয়াৰ উপস্থিতিত খাদ্য প্রস্তুত হয়। প্ৰক্ৰিয়াটোত সূৰ্যৰ পোহৰো লাগে। এই প্রক্রিয়াত অক্সিজেন গেছ নির্গত হয়। খাদ্য প্রস্তুতিৰ এই প্ৰক্ৰিয়াটোক সালোক সংশ্লেষণ বোলে।

৮। উদ্ভিদৰ কোনটো অংশত গৰ্ভাশয় থাকে ?
উত্তৰঃ উদ্ভিদৰ ফুলত গৰ্ভাশয় থাকে। ফুলৰ সোমাজত থকা গৰ্ভদণ্ডডালৰ আনটো মূৰত ই অৱস্থিত।

৯। মধ্যসিৰা কি ?
উত্তৰঃ উদ্ভিদৰ পাতৰ পত্ৰফলকৰ গুৰিৰ পৰা আগলৈকে থকা ডাঙৰ স্পষ্ট সিৰাডালক মধ্যসিৰা (mid vein) বোলে।

১০। পাহিবোৰ কিয় ৰঙীণ ?
উত্তৰঃ প্ৰকৃতিত বিভিন্ন প্ৰজাতিৰ ফুল পোৱা যায়। বিভিন্ন প্ৰজাতিৰ ফুলবোৰৰ ৰং বেলেগ বেলেগ হয়। এইটো ফুলবোৰৰ এটা বৈশিষ্ট্য।

১১। শুদ্ধ উত্তৰ বাছি উলিওৱা।

(i) তলত দিয়া উদ্ভিদবোৰৰ কোনটো অপুষ্পক উদ্ভিদ ?
a) মূলা ।
b) আদা
c) কঁঠাল ।
d) ঢেঁকীয়া ।
উত্তৰঃ (d) ঢেঁকীয়া ।

(ii) সমান্তৰাল সিৰা পোৱা যায়—
a) কলপাতত ।
b) আমৰ পাতত ।
c) জবা গছৰ পাতত ।
d) আঁহত গছৰ পাতত ।
উত্তৰঃ (a) কলপাতত ।

(iii) তলত দিয়াবোৰৰ কোনটো কাণ্ড নহয় ?
a) গাজৰ ।
b) আদা ।
c) আলু ।
d) হালধী ।
উত্তৰঃ (c) আলু ।

উদ্ভিদ আৰু ইয়াৰ অংগসমুহ অতিৰিক্ত প্রশ্নোত্তৰ

১। সপুষ্পক উদ্ভিদ কাক বোলে ? উদাহৰণ দিয়া।
উত্তৰঃ যিবোৰ উদ্ভিদৰ ফুল হয়, সেইবোৰ উদ্ভিদক সপুষ্পক উদ্ভিদ (phanerogams) বোলে। যেনে – আম, লিচু, গোলাপ, পদুম আদি।

২। অপুষ্পক উদ্ভিদ কাক বোলে ? উদাহৰণ দিয়া।
উত্তৰঃ যিবোৰ উদ্ভিদৰ ফুল নহয়, সেইবোৰ উদ্ভিদক অপুষ্পক উদ্ভিদ (cryptogams) বোলে। যেনে – ঢেঁকীয়া (ferm), মছ (moss) আদি।

৩। গুপ্তবীজী উদ্ভিদ কাক বোলে ?
উত্তৰঃ কিছুমান উদ্ভিদৰ ফলৰ ভিতৰত গুটি বা বীজ থাকে, সেইবোৰ উদ্ভিদক গুপ্তবীজী উদ্ভিদ (angiosperm) বোলে। যেনে— আম, লিচু, জলফাই ইত্যাদি।

৪। নগ্নবীজী উদ্ভিদ কাক বোলে ?
উত্তৰঃ কিছুমান গছৰ বীজটো মুকলিকৈ থাকে, এটা শংকু আকৃতিৰ অংশত লাগি থাকে। এইবোৰক নগ্নবীজী উদ্ভিদ (gymnosperm) বোলে। যেনে – পাইন গছ।

৫। উদ্ভিদক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে ?
উত্তৰঃ উদ্ভিদক প্ৰধানকৈ চাৰিটা ভাগত ভাগ কৰা হৈছে। সেইবোৰ হ’ল ― তৃণ (herb), গুল্ম বা জোপোহা (shrub), বৃক্ষ (tree) আৰু লতা (climber)

৬। তৃণজাতীয় উদ্ভিদবোৰ কেনেকুৱা ?
উত্তৰঃ তৃণজাতীয় উদ্ভিদবোৰ চাপৰ। ইহঁতৰ কাণ্ড কোমল আৰু ঠাল ঠেঙুলি কম। এইবোৰ প্ৰায়েই সেউজীয়া। যেনে— ঘাঁহ-বন, শাক আদি ।

৭। গুল্মজাতীয় উদ্ভিদবোৰ কেনেকুৱা ?
উত্তৰঃ গুল্মজাতীয় উদ্ভিদবোৰ বেছি ওখ নহয়, কিন্তু জোপোহা হয়। ইহঁতৰ গুৰি অংশৰ পৰাই ঠাল-ঠেঙুলি ওলায়। কাণ্ড টান, বেছি শকত নহয়। পাত, ফুল আদি আছে। যেনে— বেঙেনা, জলকীয়া, গোলাপ আদি।

৮। বৃক্ষজাতীয় উদ্ভিদবোৰ কেনেকুৱা ?
উত্তৰঃ বৃক্ষজাতীয় উদ্ভিদবোৰ বৰ ওখ হয়। কাণ্ড কঠিন আৰু শকত। এইবোৰৰ ডাল, পাত, ফুল, ফল আদি থাকে। যেনে ― আম, কঁঠাল, আঁহত ইত্যাদি।

৯। লতাজাতীয় উদ্ভিদবোৰ কেনেকুৱা ?
উত্তৰঃ লতাজাতীয় উদ্ভিদৰ কাণ্ড দুর্বল। সেইবাবে থিয় হৈ থাকিব নোৱাৰে। এইবোৰ মাটিত বগাই যায়। যেনে— মানিমুনি, পদিনা ইত্যাদি।

আকৌ কিছুমান লতাজাতীয় উদ্ভিদৰ কাণ্ড অতি দীঘল আৰু লেহুকা। ইহঁতে আন গছ বা বস্তুৰ সহায় লৈ বগাই যায়। এইবোৰক আৰোহী লতা বোলে। যেনে— মটমাহ, উৰহী, লাও, কোমোৰা ইত্যাদি।

১০। বিটপ কি ?
উত্তৰঃ উদ্ভিদৰ কাণ্ডক বিটপ বোলে।

১১। উদ্ভিদৰ শিপাৰ কাম কি ?
উত্তৰঃ উদ্ভিদৰ শিপাৰ কামবোৰ হ’ল—

  1. শিপাই গছডালক উভালি নপৰাকৈ মাটিত খামুচি ধৰি থাকে।
  2. শিপাই মাটিৰ তলৰ পৰা সাৰ, পানী, খনিজ লৱণ আদি কঢ়িয়াই লয়।
  3. শিপাই মাটি সংৰক্ষণ কৰাত সহায় কৰে।

১২। শিপা প্ৰধানকৈ কেই প্ৰকাৰৰ ? কি কি ?
উত্তৰঃ শিপা প্ৰধানকৈ দুই প্ৰকাৰৰ। যেনে – গুচ্চ শিপা আৰু ঘাই শিপা । কিছুমান উদ্ভিদৰ শিপাবোৰ থুপ খাই থাকে। আটাইবোৰ শিপাৰ আকাৰ প্ৰায় একে। এই শিপাবোৰ গছৰ গুৰিৰ পৰাই ওলায়। ইয়াক গুচ্ছ শিপা বা আস্থানিক শিপা (adventitious root) বোলে। যেনে – বনৰ শিপা, তামোলৰ শিপা, নাৰিকলৰ শিপা ইত্যাদি।

আন কিছুমান উদ্ভিদত এডাল ডাঙৰ শিপা থাকে। এই শিপাডালক ঘাই শিপা বা মুখ্য শিপা (tap root) বোলে। যেনে – আমৰ শিপা, কঁঠালৰ শিপা ইত্যাদি।

১৩। ৰূপান্তৰিত শিপা কাক বোলে ?
উত্তৰঃ কিছুমান গছৰ কাণ্ডৰ পৰা বা গাঁঠিৰ পৰা শিপা ওলাই মাটিলে আগবাঢ়ি যায়। এই শিপাবোৰক ৰূপান্তৰিত শিপা বোলে। যেনে— তামোল, কুঁহিয়াৰ, বট, আঁহত, কেতেকী আদি গছত এনে শিপা ওলোৱা দেখা যায়।

১৪। উদ্ভিদৰ কাণ্ডৰ মাজেৰে পানী পৰিবাহিত হয়। এইটো এটা পৰীক্ষাৰ সহায়ত ব্যাখ্যা কৰা।
উত্তৰঃ এটা কাঁচৰ পাত্ৰত অলপ পানী লৈ তাত এডাল বগা ফুল থকা কোমল ডাল ৰখা হ’ল। এতিয়া পাত্ৰটোত অলপ ৰঙীণ চিয়াহী দিয়া হ’ল। কিছু সময় পিছত দেখা গ’ল যে গছৰ ডালটো লাহে লাহে চিয়াহীৰ ৰং ল’ব ধৰিছে। গতিকে ইয়াৰ পৰা বুজিব পাৰি যে গছৰ গা-গছ আৰু ডালৰ মাজেৰে পানী পৰিবাহিত হয়।

১৫। পত্রবৃত্ত কি ?
উত্তৰঃ কিছুমান গছৰ পাত এডাল মিহি ঠাৰিৰে ডালত লাগি থাকে। আন কিছুমান পাতৰ এই ঠাৰি নাথাকে। এই মিহি ঠাৰিডালক পত্রবৃত্ত (petiole) বোলে।

১৬। পত্রফলক কি ?
উত্তৰঃ উদ্ভিদৰ পাতৰ পত্ৰবৃস্তত লাগি থকা সেউজীয়া চেপেটা অংশটোক পত্রফলক (leaf blade) বোলে।

১৭। সিৰা কি ?
উত্তৰঃ পত্রফলকত কিছুমান সূতাৰ দৰে অংগ থাকে। এই অংগবোৰক সিৰা (vein) বোলে।

১৮। মধ্যসিৰা কি ?
উত্তৰঃ পত্রফলকৰ গুৰিৰ পৰা আগলৈকে এডাল ডাঙৰ স্পষ্ট সিৰা-থাকে। ইয়াক মধ্যসিৰা (mid vein) বোলে।

১৯। শাখা সিৰা কি ?
উত্তৰঃ মধ্যসিৰাৰ পৰা আন বহুতো সৰু-সৰু সিৰা ওলায়। এইবোৰক শাখা সিৰা বোলে।

২০। সিৰা বিন্যাস কি ?
উত্তৰঃ শাখা সিৰাবোৰে বিভিন্ন ধৰণৰ গঠনেৰে পত্ৰফলকক আৱৰি থাকে। ইয়াকে সিৰাবিন্যাস (venation) বোলে।

২১। পত্ৰহৰিৎ কি ?
উত্তৰঃ উদ্ভিদৰ পাতত এবিধ ৰঞ্জক পদার্থ থাকে। ইয়াৰ বাবে পাতবোৰ সেউজীয়া হয়। এই পদার্থবিধক পত্ৰহৰিৎ বা হৰিৎকণা (chlorophyll) বোলে।

২২। সালোক সংশ্লেষণ কাক বোলে ?
উত্তৰঃ উদ্ভিদৰ পাতত থকা পত্ৰহৰিতে সূৰ্যৰ তাপৰ পৰা শক্তি সংগ্ৰহ কৰি লৈ তাৰ সহায়ত খাদ্য প্রস্তুত কৰে। খাদ্য প্রস্তুত কৰা এই প্ৰক্ৰিয়াটোক সালোক সংশ্লেষণ (photosynthesis) বোলে।

২৩। পত্ৰৰন্ধ কি ?
উত্তৰঃ উদ্ভিদৰ পাতবোৰত কিছুমান ক্ষুদ্র ক্ষুদ্র ছিদ্ৰ বা বিন্ধা থাকে। এইবোৰক পত্ৰৰন্ধ (stomata) বোলে।

২৪। প্রস্বেদন বুলিলে কি বুজা ?
উত্তৰঃ উদ্ভিদৰ পাতত থকা পত্ৰৰন্ধ্ৰৰ মাজেৰে উদ্ভিদৰ অপ্ৰয়োজনীয় পানী জলীয় বাষ্পৰূপে উলিয়াই দিয়া হয়। আকৌ পত্ৰৰন্ধৰ মাজেৰে উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰে আৰু অক্সিজেন গেছ এৰি দিয়ে। এই গোটেই প্রক্রিয়াটোক প্রস্বেদন (transpiration) বোলে।

২৫। ফুলৰ প্ৰধান অংশ কেইটা কি কি ?
উত্তৰঃ ফুলৰ প্ৰধান অংশ চাৰিটা। সেইবোৰ হ’ল–চুপহি (calyx), পাহি বা দলমণ্ডল (corolla), পুংস্তৱক (androecium) আৰু স্ত্ৰীশুৱক (gynoecium)। এই চাৰিওটা অংশযুক্ত ফুলেই হ’ল পূৰ্ণাংগ ফুল।

২৬। বিভিন্ন অংশবোৰ দেখুৱাই এটা পূৰ্ণাংগ ফুলৰ ছবি আঁকা।
উত্তৰঃ

২৭। পৰাগধানী কি ?
উত্তৰঃ পুংস্তৱকৰ ওপৰৰ অংশত হালধীয়া গুড়ি কিছুমান লাগি থাকে। এইবোৰক পৰাগধানী (anther) বোলে।

২৮। পুংস্তৱক আৰু স্ত্ৰীস্তৱক কি ?
উত্তৰঃ জবা ফুলটোৰ মাজভাগৰ পৰা নলীৰ দৰে অংশ এটা ওলাই আহে। এই অংশটোক পুংস্তৱক (androecium) বোলে। গর্ভাশয়, গর্ভদণ্ড আৰু গৰ্ভমুণ্ডক একেলগে স্ত্রীস্তৱক (gynoecium) বোলে।

২৯। গর্ভাশয় ক’ত অৱস্থিত ?
উত্তৰঃ গৰ্ভাশয় (ovary) ফুলৰ ঠাৰিডালৰ ওপৰত থাকে।

৩০। সূত্ৰ লিখা : গর্ভমুণ্ড, গর্ভদণ্ড, গর্ভাশয়, ডিম্বক, পুষ্পাক্ষ আৰু পুষ্পাধাৰ।
উত্তৰঃ পুংস্তৱকৰ (androecium) বাহিৰৰ মূৰটোত পাঁচটা ৰঙা টেমুনাৰ দৰে অংশ থাকে, এইবোৰক গৰ্ভমুণ্ড (stigma) বোলে।

পুংস্তৱকৰ সোঁমাজত এডাল মিহি সূতাৰ দৰে নলী থাকে। এই নলীডালক গর্ভদণ্ড (style) বোলে। গর্ভদণ্ডডালৰ এটা মূৰ শকত। ইয়াক গৰ্ভাশয় (ovary) বোলে।

গর্ভাশয়ৰ ভিতৰত সৰু সৰু গুটিৰ নিচিনা কিছুমান অংশ থাকে। এইবোৰক ডিম্বক (ovule) বোলে। ফুলৰ ঠাৰিডালক পুষ্পাক্ষ (thalamus) বোলে।

কিছুমান ফুলত পুষ্পাক্ষ নাথাকে। ওপৰভাগ বহল। ইয়াত ফুলটো লাগি থাকে। এই বহল অংশটোক পুষ্পাধাৰ (receptacle) বোলে। ৰজনীগন্ধা এনে এবিধ ফুল।

৩১। অসম্পূর্ণ ফুল কি ?
উত্তৰঃ অমিতা ফুল এবিধ অসম্পূর্ণ ফুল (incomplete flower)। ইয়াৰ এপাহ ফুলতে পুংস্তৱক আৰু স্ত্ৰীস্তৱক একেলগে নাথাকে। অর্থাৎ এপাহ ফুলত তিনিটা অংশহে থাকে। এজোপা অমিতা গছত স্ত্রীস্তৱকযুক্ত ফুল ফুলে। এনে ফুলৰ পুষ্পাক্ষ চুটি। আন এজোপা গছত পুংস্তৱক থকা ফুল ফুলে। এনে ধৰণৰ তিনিটা অংশ থকা ফুলেই হ’ল অসম্পূর্ণ ফুল।

৩২। ভেঁকুৰ কি ?
উত্তৰঃ ভেঁকুৰ বিভিন্ন প্ৰকাৰৰ আছে। এইবোৰ সাধাৰণতে পচা বস্তুৰ ওপৰত গজে। বেংছতা এবিধ ভেঁকুৰ। আমি খোৱা কাঠফুলাও আন এবিধ ভেঁকুৰ। পাওৰুটি (bread) এটুকুৰা পেলাই থ’লেও তাত ভেঁকুৰৰ সৃষ্টি হয়। আগতে ভেঁকুৰক এক শ্ৰেণীৰ উদ্ভিদ বুলি ভাবিছিল। কিন্তু প্ৰাণীৰ সৈতেও মিল আছে। আজি-কালি ভেঁকুৰক পৃথককৈ অধ্যয়ন কৰা হয়। উদ্ভিদৰ সৈতে ৰখা নহয়।

৩৩। কেক্টাছে কেনেকৈ খাদ্য প্রস্তুত কৰে ?
উত্তৰঃ কেক্টাছৰ পাত নাই। কিন্তু ইহঁতৰ গা-গছ সেউজীয়া আৰু কাঁইটে আৱৰা। ইহঁতৰ গাত পত্ৰহৰিৎ থাকে। সেইবাবে ইহঁতে সালোক সংশ্লেষণ কৰিব পাৰে।

AJB Class 6 Science Chapter 7 Question Answer PDF

ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী, ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰাৰ লগতে Assamese Medium ত CEO যিয়ে সকলো বিষয়ৰ লিখনিসমূহ চোৱাচিতা কৰে।

Leave a Comment