আমাৰ কাপোৰ

আপুনি বাৰু অসম জাতীয় বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থী নেকি বা আপুনি শিক্ষক নেকি? আপোনাৰ বাবে এই লিখনি, যিয়ে আপোনাক বহুত উপকৃত কৰিব।

আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো Assamese Medium ৱেবচাইটৰ আন এক গুৰুত্বপূৰ্ণ আলোচনালৈ।

Watch FREE Video Classes

Class 6 Science তথা অসমীয়া মাধ্যমৰ ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ “আমাৰ কাপোৰ” প্ৰশ্ন উত্তৰ আমি ছাত্ৰ ছাত্ৰীৰ বাবে লৈ আহিছোঁ।

আমাৰ কাপোৰ মূলকথা

মানুহৰ তিনিপ্ৰকাৰৰ মৌলিক প্রয়োজন আছে। সেই কেইবিধ হ’ল— অন্ন, বস্ত্ৰ আৰু বাসস্থান। এই তিনিবিধ বস্তুৰ প্ৰয়োজন অনিবার্য। ইয়াত আমি কাপোৰ বা বস্ত্ৰৰ বিষয়ে আলোচনা কৰিম। পৃথিৱীৰ সকলো ঠাইৰ মানুহে কাপোৰ পৰিধান কৰে। কিন্তু ঠাই ভেদে, লিংগ ভেদে, বয়স ভেদে, সময়ভেদে মানুহে বেলেগ বেলেগ বস্ত্ৰ পৰিধান কৰা দেখা যায়। আমি জাৰৰ দিনত চুৱেটাৰ, জেকেট আদি গৰম কাপোৰ পিন্ধো। আনহাতে গৰমৰ দিনত কপাহী কাপোৰ বা আন পাতল কাপোৰ পিন্ধো। এই বিভিন্ন ধৰণৰ কাপোৰবোৰ বিভিন্ন ধৰণৰ সূতাৰে বোৱা হয়। সাধাৰণতে সূতা আঁহৰ পৰা তৈয়াৰ কৰা হয়। তুলা, মৰাপাটৰ আঁহ, কপাহ, শিমলু গছৰ তুলা আদি প্রাকৃতিক আঁহ। ভেড়া, ছাগলী, শহাপহু আদিৰ নোমৰ পৰা ঊণ সংগ্ৰহ কৰা হয়। পাটপলু, মুগাপলু আৰু এড়ীপলুৰ লেটাৰ পৰা আঁহ সংগ্ৰহ কৰা হয়।

আকৌ নাইলন, পলিএষ্টাৰ আদিবোৰ সংশ্লেষিত আঁহ ৷ এইবোৰ প্ৰকৃতিত পোৱা নাযায়। এই আঁহবোৰ পৰীক্ষাগাৰত প্ৰস্তুত কৰা হয়। নাৰিকলৰ শুকান বাকলিৰ পৰাও আঁহ পোৱা যায়। ইয়াৰ পৰা ৰচী, দলিচা, ছোফা, তুলি আদি তৈয়াৰ কৰা হয়। বাকলিবোৰ কেঁচা হলে দহমাহ মান পানীত তিয়াই থৈ এইবোৰ প্ৰস্তুত কৰা হয়। আকৌ শণ গছৰ পৰা লিনেন আঁহ তৈয়াৰ কৰা হয়। প্রাচীন ইজিপ্তত তিচি (linseed) গছৰ আঁহেৰে তৈয়াৰী কাপোৰ পিন্ধিছিল। চীন দেশত পুৰণি কালত মানুহে পলুৰ পৰা পাট সূতা উলিয়াইছিল। এনেদৰে পুৰণি কালত মানুহে প্ৰকৃতিত পোৱা বস্তুৰে কাপোৰ প্ৰস্তুত কৰি লৈছিল।

আমাৰ কাপোৰ

আমাৰ কাপোৰ প্ৰশ্ন উত্তৰ

১। শুদ্ধ উত্তৰটো বাছি উলিওৱা।

i) ফলৰ পৰা পোৱা আঁহবিধ হ’ল—
a) মৰাপাট ।
b) লিনেন ।
c) কপাহ ।
d) মুগা ।
উত্তৰঃ (c) কপাহ ।

ii) কোনটো থূপৰ আটাইকেইবিধ আঁহ উদ্ভিদৰপৰা পোৱা—
a) মৰাপাট, কপাহ, পাট ।
b) মৰাপাট, কপাহ, মুগা ।
c) কপাহ, নাইলন, এড়ি ।
d) কপাহ, নাৰিকলৰ আঁহ, লিনেন ।
উত্তৰঃ (d) কপাহ, নাৰিকলৰ আঁহ, লিনেন ।

iii) কপাহৰপৰা গুটি গুচোৱা সঁজুলিবিধ হ’ল ―
a) নেওঠনী ।
b) যঁতৰ ।
c) টাকুৰি ।
d) চেৰেকি ।
উত্তৰঃ (a) নেওঠনী ।

২। আমাক কাপোৰ কিয় লাগে চমুকৈ লিখাঁ।
উত্তৰঃ আমাৰ মৌলিক প্ৰয়োজনৰ ভিতৰত এবিধ হ’ল বস্তু বা কাপোৰ। আমি লজ্জা নিবাৰণৰ বাবে কাপোৰ পিন্ধো। আৰু ঠাণ্ডা, গৰম, ৰ’দ, বতাহ আদিৰ পৰা ৰক্ষা পাবলৈ আমি কাপোৰ পিন্ধো। গৰমৰ দিনত সূৰ্যৰ তাপে আমাক যথেষ্ট ক্ষতি কৰে আৰু জাৰৰ দিনত অতিপাত ঠাণ্ডাই আমাৰ দেহত যথেষ্ট ক্ষতি কৰে। কাপোৰে এইবোৰৰ পৰা ৰক্ষা কৰে।

৩। উদ্ভিদৰ পৰা পোৱা চাৰিবিধ আঁহৰ নাম লিখা।
উত্তৰঃ উদ্ভিদৰ পৰা পোৱা চাৰিবিধ আঁহ হ’ল— মৰাপাট, কপাহ, নাৰিকলৰ আঁহ আৰু লিনেন।

৪। কপাহৰ খেতিৰ বাবে কেনেকুৱা জলবায়ুৰ প্ৰয়োজন ? কোন সময়ত ইয়াৰ গুটি সিঁচা হয় ?
উত্তৰঃ কপাহ খেতিৰ বাবে গৰম আৰু সেমেকা (moist) জলবায়ুৰ প্রয়োজন। সাধাৰণতে বাৰিষাৰ ঠিক আগেয়ে কপাহৰ গুটি সিঁচা হয়।

৫। মৰাপাটৰ আঁহ কেনেকৈ প্ৰস্তুত কৰা হয় ?
উত্তৰঃ মৰাপাটৰ আঁহ আচলতে মৰাপাট গছৰ বাকলিৰ পৰা পোৱা যায়। গছবোৰ পূৰঠ হোৱাৰ পিছত গছবোৰ গুৰিতে কাটি আনি মুঠি মুঠিকৈ বান্ধি পথাৰত থিয়কৈ ৰাখে। চাৰি-পাচদিন এনেদৰে ৰাখিলে পাতবোৰ সৰি যায়। লগে লগে গছবোৰৰ পচনো আৰম্ভ হয়। তাৰ পিছত মুঠিবোৰ একেলগে পুখুৰীৰ পানীত সম্পূৰ্ণকৈ বুৰাই থয়। এনেদৰে ৰাখিলে আঁহবোৰ মুকলি হয়। প্রায় এমাহমান পিছত খেতিয়কে আঁহবোৰ একৱায়। এই আঁহবোৰ পিছত ৰ’দত শুকায়।

৬। নাৰিকলৰ কোন অংশৰ পৰা আঁহ উলিওৱা হয় ? নাৰিকলৰ আঁহৰ ব্যৱহাৰ সম্বন্ধে চমুকৈ লিখা।
উত্তৰঃ নাৰিকলৰ বাকলিৰ পৰা আঁহ উলিওৱা হয়। শুকান নাৰিকলৰ বাকলিত মুগা বৰণৰ আঁহ পোৱা যায়। ইয়াৰ দ্বাৰাই জৰী, দলিছা, ছোফা, তুলি আদি প্ৰস্তুত কৰা হয়।

আকৌ কেঁচা নাৰিকলৰ আঁহবোৰ বগা। এই আঁহবোৰ প্ৰায় দহ মাহ পানীত তিয়াই ৰাখিব লাগে। পিছত হাতেৰে মৰিয়াই চুটি-দীঘল আঁহবোৰ পৃথক কৰা হয়। এই আঁহেৰে প্ৰধানকৈ ৰছী তৈয়াৰ কৰা হয়।

৭। প্ৰাণীৰ পৰা পোৱা, উদ্ভিদৰপৰা পোৱা আৰু সাংশ্লেষিক আঁহ চিনাক্ত কৰা।
উত্তৰঃ প্ৰাণীৰ পৰা পোৱা : এড়ি, মুগা, ঊণ।
উদ্ভিদৰ পৰা পোৱা : কপাহ, লিনেন, মৰাপাটৰ আঁহ।
সাংশ্লেষিক আঁহ : নাইলন, পলিএষ্টাৰ।

৮। শুদ্ধ উত্তৰটো চিনাক্ত কৰাঃ

a) গৰমত কপাহী কাপোৰ উপযোগী।
উত্তৰঃ শুদ্ধ ।

b) যঁতৰেৰে কাপোৰ বোৱা হয়।
উত্তৰঃ অশুদ্ধ ।

c) মৰাপাটৰ ফলৰপৰা আঁহ উলিওৱা হয়।
উত্তৰঃ অশুদ্ধ ।

d) নাৰিকলৰ গা-গছৰপৰা আঁহ উলিওৱা হয়।
উত্তৰঃ অশুদ্ধ ।

e) ধুতী আৰু শাৰী হ’ল আচলতে কাপোৰৰ টুকুৰা।
উত্তৰঃ শুদ্ধ ।

f) ‘পূজাৰী ৰজা’ৰ মূৰ্তি মহেঞ্জোদাৰোত পোৱা গৈছে।
উত্তৰঃ শুদ্ধ ।

g) প্রাচীন চীন দেশত পলুৰপৰা পাত সূতা আহৰণ কৰিছিল।
উত্তৰঃ শুদ্ধ।

আমাৰ কাপোৰ অতিৰিক্ত প্রশ্নোত্তৰ

১। আদিম মানুহৰ গাৰ গঠন আৰু প্ৰকৃতি কেনেকুৱা আছিল ?
উত্তৰঃ আদিম যুগত মানুহ, গৰিলা, চিম্পাঞ্জী আদি সকলোৰে অৱস্থা একেই আছিল। এক বান্দৰজাতীয় প্রাণী (ape বন মানৱ)। এই প্রাণীবিধৰ গা নোমেৰে ঢকা আছিল। ইয়াৰে এটা শাখাৰ গাৰ নোম ক্ৰমাৎ লোপ পাবলৈ ধৰে। ফলত জাৰৰ পৰা নিজকে ৰক্ষা কৰাৰ প্ৰয়োজন হ’ল। এই শাখাটোৱে আজিৰ মানুহলৈ পৰিৱৰ্তিত হয়। প্রথম অৱস্থাত তেওঁলোকে গছৰ পাত, জন্তুৰ ছাল আদি পিন্ধিছিল। পিছত কাপোৰ বৈ ব্যৱহাৰ কৰিবলৈ শিকিলে।

২। সূতা ক’ৰ পৰা তৈয়াৰ কৰা হয় ?
উত্তৰঃ সূতাৰ উৎস বহুত। সূতা কপাহ, শিমলু, এৰী পলু, কিছুমান গছৰ আঁহ আদিৰ পৰা তৈয়াৰ কৰা হয়।

৩। দুবিধ সংশ্লেষিত আঁহৰ উদাহৰণ দিয়া।
উত্তৰঃ দুবিধ সংশ্লেষিত আঁহৰ উদাহৰণ হ’ল— নাইলন আৰু পলিএষ্টাৰ।

৪। কপাহ খেতিৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰঃ কপাহ হ’ল সমগ্ৰ বিশ্বৰ অতি আৱশ্যকীয় আঁহ। কপাহ গছৰ ফলৰ পৰা (বা ছেঁইৰ পৰা) ইয়াক আহৰণ কৰা হয়। গছজোপা সাধাৰণতে যথেষ্ট সৰু আৰু চাপৰ। গছত ডাল থাকে। কপাহ খেতিৰ বাবে গৰম আৰু সেমেকা (moist) জলবায়ুৰ প্ৰয়োজন। মাটিখিনি সাৰুৱা হ’ব লাগে। যথেষ্ট বৰষুণো লাগে। সাধাৰণতে বাৰিষাৰ ঠিক আগেয়ে কপাহ গুটি সিঁচা হয়। গুটিৰ পৰা গজালি মেলে বা পুলি হয়। তাৰ দুমাহমান পিছত ফুলৰ কলি ওলায়। ফুল সম্পূৰ্ণকৈ ফুলিবলৈ প্ৰায় বিছদিনমান লাগে। ফুলপাহ ফুলোঁতে বগা বৰণৰ হয়। পাছত গুলপীয়া আৰু শেষত ৰঙা হয়। তাৰ পাছত পাহিবোৰ শুকাই সৰি যায়। ফলত ভিতৰৰ সৰু ছেইটো ওলাই পৰে। ছেঁইৰ ভিতৰত গুটিবোৰ থাকে। কপাহৰ সৰু-সৰু আঁহে গুটিক আৱৰি থাকে। গুটিবোৰ লাহে-লাহে ডাঙৰ হয় আৰু পূৰঠ হ’লৈ ছেঁইটো ফাটি গৈ কপাহবোৰ ওলাই আহে।

৫। ভাৰতৰ কপাহ উৎপাদন হোৱা ৰাজ্য কেইখনৰ নাম লিখা।
উত্তৰঃ ভাৰতৰ কপাহ উৎপাদন হোৱা ৰাজ্যকেইখুন হ’ল—গুজৰাট, মহাৰাষ্ট্ৰ, পঞ্জাৱ, উত্তৰ প্ৰদেশ, মধ্যপ্রদেশ, অন্ধ্রপ্রদেশ আৰু তামিলনাড়ু।

৬। বিদেশী বস্ত্ৰ বৰ্জন কৰি হাতে বোৱা কাপোৰ পিন্ধিব লাগে। এইখিনি কথা কোনে কৈছিল ?
উত্তৰঃ মহাত্মা গান্ধীয়ে।

৭। লিনেন আঁহ কি ?
উত্তৰঃ শন গছৰ পৰা (বা তিচি, linseed) এইবিধ আঁহ উলিওৱা হয়। গছবিধ সৰু, জোপোহা। আঁহ উলিয়াবলৈ গা-গছডাল কাটি পানীত ডুবাই থ’ব লাগে। তেতিয়া গা-গছৰ বাকলি এৰাই যায়। পিছত বাকলি ভালদৰে গুচাই আঁহ সংগ্ৰহ কৰা হয়।

৮। কাপোৰ ব্যৱহাৰ কেতিয়াৰ পৰা কৰা হয় ?
উত্তৰঃ আজিৰ পৰা প্ৰায় 1,70,000 বছৰ আগৰ পৰা কাপোৰ ব্যৱহাৰ হৈ আহিছে।

৯। বেজী কেতিয়া উদ্ভাৱন কৰা হৈছিল ?
উত্তৰঃ চিলাই কৰা বেজী প্রায় 50,000 বছৰ আগতে উদ্ভাৱন কৰা হয়।

১০। প্রাচীন ভাৰতৰ এখন বিখ্যাত চহৰৰ নাম লিখা।
উত্তৰঃ প্রাচীন ভাৰতৰ এখন বিখ্যাত চহৰ আছিল মহেঞ্জোদাৰো।

১১। ‘পূজাৰী ৰজাৰ মূৰ্তি’ ক’ত পোৱা গৈছিল ?
উত্তৰঃ ‘পূজাৰী ৰজা’ (priest king) ৰ মূৰ্তি মহেঞ্জোদাৰোত পোৱা গৈছিল।

১২। প্রাচীন ইজিপ্তত কিহেৰে তৈয়াৰী কাপোৰ পিন্ধিছিল ?
উত্তৰঃ প্রাচীন ইজিপ্তত তিচি (linseed) গছৰ আঁহেৰে তৈয়াৰী কাপোৰ পিন্ধিছিল।

১৩। চীনত প্ৰথমে কিহৰ পৰা সূতা তৈয়াৰ কৰিছিল ?
উত্তৰঃ চীন দেশত পুৰণি কালতে পলুৰ পৰা পাট সূতা উলিয়াইছিল।

AJB Class 6 Science Chapter 6 Question Answer PDF

Leave a Comment