Verbs in English Grammar with examples। Verb ৰ সবিশেষ আলোচনা

Verbs in English Grammar with examples ৰ আন এক গুৰুত্বপূৰ্ণ আলোচনাত আজি আমি আপোনালোকক আকৌ এবাৰ Assamese Medium লৈ স্বাগতম জনাইছোঁ।

আজিৰ আলোচনাত আমি Verbs in English Grammar with examples অৰ্থাৎ ইংৰাজী ব্যাকৰণত ক্ৰিয়া কি, ক্ৰিয়াৰ বিভিন্ন প্ৰকাৰ, ক্ৰিয়াৰ বিভিন্ন উদাহৰণ কিছু কিছু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিব গৈ আছো। আপুনি যদি এজন শিক্ষাৰ্থী, শিক্ষানুৰাগী বা এজন শিক্ষক তেন্তে আজিৰ Verbs in English Grammar with examples আলোচনাই অলপ হলেও সহায় কৰিব।

Topic details

TipocVerbs in English Grammar With Examples
ClassClass 6, Class 7, Class 8, Class 9, Class 10, Class 11, Class 12
SubjectEnglish Grammar
LanguageEnglish / Assamese
Board/ UniversityBoard of Secondary Education Assam/ SEBA/ NCERT
Verbs in English Grammar with examples

ইয়াত আমি English Grammar ৰ এক গুৰুত্বপূৰ্ণ বস্তু আলোচনা কৰিম। ইয়াৰ আগতে Assamese Medium ত ইংৰাজী ব্যাকৰণৰ Articles, Determiners, Sentences আদি বিষয়ত আলোচনা কৰিছোঁ। আপুনি যদি পঢ়া নাই বা উপৰোক্ত বিষয়সমূহৰ বিষয়ে জানিব লগা আছে তেন্তে এতিয়াই লিংকত ক্লিক কৰি পঢ়িব পাৰে।


Verbs in English Grammar with examples 2022

English Grammar ত Verb বা অসমীয়াত যাক ক্ৰিয়া বুলি কোৱা হয় তাৰ বিভিন্ন প্ৰকাৰ আছে। ইয়াত আমি বহু প্ৰকাৰৰ Verb ৰ বিষয়ে আলোচনা কৰাৰ উপৰিও সিহঁতৰ উদাহৰণ আৰু ব্যৱহাৰ কিদৰে হয় তাৰো আলোচনা কৰা হব। তেন্তে আহক আমি পলম নকৰাকৈ আজিৰ বিষয় Verbs in English Grammar with examples ত অলপ মনোযোগ দিও।

What is Verb? Mention different types of verbs

যি পদে কোনাে কাম কৰা বা হােৱা বুজায়, তাক Verb বােলে।Sentence বা বাক্যত সম্পাদন কৰা ভিন ভিন কাৰ্য্যৰ ভিত্তিত Verb ৰ ভিন ভিন প্ৰকাৰৰ (Types of verbs) আছে। সাধাৰনতে, Object থকা আৰু নথকালৈ verb দুই প্রকাৰৰ। যেনে –

  1. Transitive Verb (সকর্মক ক্রিয়া)
  2. Intransitive Verb (অকর্মক ক্রিয়া)

What is Transitive Verb? Give some examples

যি Verb ৰ Object (কর্মা) থাকে, তাক Transitive Verb বােলে।যেনে –
Ganguly plays Cricket.
Parents love their children.

ইয়াত Cricket আৰু their Children হল বাক্য দুটাৰ Object আৰু Plays, Love হল ইয়াত Transitive Verb অৰ্থাৎ (সকর্মক ক্রিয়া)। সাধাৰনতে, Verb ক কি (what) বা কাক (Whom) বুলি প্রশ্ন কৰিলে যি উত্তৰ পােৱা যায়, তাক Object বােলে।

What is an Intransitive Verb? Give some examples

যি Verb ৰ Object নাথাকে, তাক Intransitive Verb বােলে। যেনে-
The boys are swimming in the river.
We should get up early in the morning.

Transitive Verb (সকর্মক ক্রিয়া) আৰু Intransitive Verb (অকর্মক ক্রিয়া) ৰ বাহিৰেও বহুত প্ৰকাৰৰ Verb English Grammar ত আছে। Sentence শেষ কৰা আৰু নকৰালৈ Verb দুই প্রকাৰৰ। সেইবোৰ হল –

  1. Finite Verb (সমাপিকা ক্রিয়া)
  2. Non-Finite Verb (অসমাপিকা ক্রিয়া)

What is Finite Verb? Give some examples

যি verb এ sentence শেষ কৰা বুজায়, তাক Finite Verb বােলে। অথবা, যি verb ৰ ৰূপ Tense আৰু Subject ৰ Number আৰু Person অনুসৰি পৰিবৰ্ত্তন হয়, তাক Finite Verb বােলে। যেনে—
They came home yesterday.
Raju returns home in the evening every day.
They return home in the afternoon.
ইয়াত came, returns আৰু return ওপৰত উল্লেখ কৰা বাক্য তিনিটাৰ Finite Verb অৰ্থাৎ সমাপিকা ক্রিয়া।

What is a Non-Finite Verb? Give some examples

যি verb এ Sentence শেষ কৰা নুবুজায়, তাক Non-finite Verb বােলে অথবা যি verb ৰ ৰূপ Sentence ত সদায় একে থাকে; অর্থাৎ Tense আৰু Subject ৰ Number আৰু Person অনুসৰি পৰিবর্তন নহয়, তাক Non-finite Verb বােলে। যেনে—
Coming home, they began to work.
The man came home and began to work
She studies hard to pass the examination.

ইয়াত coming, work, to pass আদি Non-Finite Verb হিচাপে ব্যৱহাৰ কৰা হৈছে।

Non-Finite Verb বোৰ সাধাৰণতে Sentence ত Participle আৰু Infinitive হিচাপে ব্যৱহৃত হয়। যেনে—
We saw the thief running away.
Having finished the work, he took a rest.
I want to meet the Principal of the college.
She likes to play on the radio.

ওপৰৰ বাক্যবোৰ running, having finished আদি Participle আৰু to meet, to play আদি infinitive হিচাপে ব্যৱহাৰ হৈ আছে।

What are Verbs of Incomplete Predication?

যিবোৰ verb ৰ অৰ্থ সম্পূর্ণ কৰিবলৈ আন যিকোনাে word or words যােগ দিব লাগে, তেনে Verb অক Verb of Incomplete Predication বােলে। যেনে-
He seems to be happy.
We made him our captain.
They elected APJ Abdul Kalam the President of India.

ইয়াত seems, made, আৰু elected শব্দবোৰ বাক্যত Verbs of Incomplete Predication হিচাপে ব্যৱহাৰ হৈ আছে।

এনেদৰে, Verb ৰ পিছত যােগ হােৱা word or words ক Complement বােলে। এই Complement এ Subject ক describe কৰিলে তাক Subjcetive Complement বােলে আৰু Object অক describe কৰিলে তাক Objective Complement বােলে। যেনে—
The boys look happy today.
The subjects chose him as the king of the state.

ওপৰত উল্লেখ কৰা উদাহৰণ দুটাত happy today য়ে Subjcetive Complement আৰু the king of the state য়ে Objective Complement হিচাপে কাম কৰি আছে।

What are Reflexive Verbs? Give some examples

যি Verb এ একেজন ব্যক্তিক বা একেটা বস্তুকে ইয়াৰ Subject আৰু Object হিচাপে গ্রহণ কৰে, তেনে Verb অক Reflexive Verb বােলে। যেনে—
The man killed himself.
The students absented themselves.
The dog hides itself.
Shakespeare taught himself.

ইয়াত himself, themselves, itself আদি word Reflexive verb হিচাপে কাম কৰি আছে।

What Are Impersonal Verbs? Give some examples

যি verb ৰ নিৰ্দিষ্ট কোনো Subject নাথাকে আৰু Subject হিচাপে It বা There ৰ ব্যৱহাৰ হয়, তেনে Verb ক Impersonal Verbs বােলে। যেনে—
It rains heavily in June.
It is 10 O’clock on my watch.
There are 50 students in our class.
There was a king in Ayodhya.

What are Auxiliary Verbs or Helping Verbs? How may Auxiliary verbs are there in English Grammar?

যি verb এ আন verb ৰ আগত বহি Number, tense, mood আদি প্ৰকাশ কৰাত সহায় কৰে, তেনে Verb ক Auxiliary Verbs বা Helping Verb বােলে। ইংৰাজী ব্যাকৰণত মুঠ 24 টা Auxiliary Verbs or Helping Verbs আছে।

be verb = am, is, are, was, were.
do verb = do, does, did.
have verb = have, has, had.
shall, should, will, would, can, could, may, might, need, dare, must, used to, ought to.

ওপৰত উল্লেখ কৰা এই 24 টা আমি English Grammar ত Auxiliary Verbs or Helping Verbs হিচাপে মানি চলবলগীয়া হয়। ইয়াৰে Be Verb আৰু Have verb সদায় Tense ত ব্যৱহাৰ কৰা হয়। Auxiliary Verbs or Helping Verbs ব্যৱহাৰ কৰি তলত কিছু উদাহৰণ উল্লেখ কৰা হৈছে। যেনে –

Some children are playing in the park.
They will visit the zoo next Sunday.
You must love your own country.
They have finished their homework.
The boy can climb this tree easily.

What are Factitive Verbs?

যি Verb ৰ অর্থ সম্পূর্ণ কৰিবলৈ Object ৰ ওপৰিও আন শব্দ বা শব্দ সমষ্টি যােগ দিব লাগে, তাক Factitive Verb বােলে। যেনে-
They called him a hero.
They elected him their chairman.
We selected Raju the captain of our class.

ইয়াত called, elected, selected আদি word এ Factitive Verb হিচাপে ব্যৱহাৰ হৈছে।

What are Causative Verbs in English Grammar?

যি Verb এ আনক পাচি কোনাে কাম কৰা বুজায়, তাক Causative Verb অৰ্থাৎ অসমীয়াত যাক পাচনি ক্রিয়া বােলে। যেনে—
We made him sweep the room.
I got the girl to do the work.
The mother walks the child.

What are Inchoative Verbs?

যি Verb এ এটা পৰিবৰ্তিত অৱস্থাৰ সূচনা কৰা বুজায় তাক Inchoative Verb বােলে। যেনে—
He is getting bald. (সি তপা হ’ব ধৰিছে।)
The boy is growing handsome day by day. (ল’ৰাটো দিনে দিনে ধুনীয়া হ’ব ধৰিছে।)

কিছু উদাহৰণ স্বৰূপে inchoative Verbs আমি প্ৰকাশ কৰিব পাৰে – become, come, go, get, grow, turn ইত্যাদি।

What are Non-Conclusive Verbs?

যি Verb এ অনুভূতি বা সম্পর্ক প্রকাশ কৰে, তাক Non-Conclusive Verb বােলে। এইবােৰ সাধাৰণতে Indefinite tense অত ব্যৱহাৰ হয় Non-Conclusive verb বােৰ সাধাৰণতে Continuous tense অত ব্যৱহাৰ নহয়। যেনে-
The girl appears ill.
The rose smells sweet.
Rahul seems to be intelligent.

কিছু Non-Conclusive Verbs হিচাপে agree, appear, belief, know, love, hate, mind, see, remember আদিক ব্যৱহাৰ কৰিব পাৰি।

What are Strong and Weak Verbs? Give some examples

যিবোৰ verb ৰ past tense আৰু participle form vowel ৰ পৰিৱৰ্তনৰ দ্বাৰা গঠিত হয়, নাইবা verb ৰ সম্পূর্ণ ৰূপটোৱেই সলনি হয়, সেইবােৰ Verb এক Strong Verb বােলে। যেনে—

Present Tense (V1)Past Tense (V2)Past Participle (V3)
SeeSawSeen
DoDidDone
GoWentGone

আনহাতে, যিবোৰ Verb ৰ Past Tense আৰু Past Participle ত -t, -ed, -d, আদিৰে গঠিত হয় নাইবা Verb ৰ ৰূপ একেই থাকে, সেইবােৰক Weak Verbs বােলে। যেনে-

Present Tense (V1)Past Tense (V2)Past Participle (V3)
PlayPlayedPlayed
BendBentBent
HitHitHit

List of strong verbs in English grammar

Present Tense (V1)Past Tense (V2)Past Participle (V3)
GrowGrewGrown
FindFoundFound
EatAteEaten
FlyFlewFlown
GoWentGone
BreakBrokeBroken
Be (Am, Is, Are)Was, WereBeen
GiveGaveGiven
FreezeFrozeFrozen

List of weak verbs in English grammar

Present Tense (V1)Past Tense (V2)Past Participle (V3)
CastCastCast
MeetMetMet
LieLiedLied
PutPutPut
BringBroughtBrought
DealDealtDealt
CatchCaughtCaught
BurnBurntBurnt
DareDaredDared

Conclusion on Verbs in English Grammar

ইয়াত আজি Assamese Medium ত Verbs in English Grammar with examples আলোচনা কৰিলোঁ। ইয়াত আমি English Grammar ত প্ৰয়োজন হোৱা প্ৰতিটো Verbs ৰ বিষয়ে আলোচনা কৰাৰ উপৰিও আপোনাৰ সুবিধাৰ বাবে প্ৰতিটো Verb ৰ কিছু কিছু উদাহৰণ দিয়া হৈছে।

উপৰোক্ত আলোচনাত যদি আপোনাৰ কিবা বুজি পোৱাত অসুবিধা হৈছে তেন্তে আপুনি Comment Section ত জনাবলৈ নাপাহৰিব। আমি আপোনাৰ সমস্যাৰ সমাধান কৰিবলৈ প্ৰয়াস কৰিম। যদি আপুনি আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ অব্যাহত ৰাখিব বিচাৰে তেন্তে Assamese Medium Facebook Page ক এতিয়াই Follow কৰিব পাৰে।

Leave a Comment