List of Determiners আৰু ইয়াৰ কিছু ব্যৱহাৰ 2022

মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ Assamese MediumEnglish Grammar ৰ আন এক গুৰুত্বপূৰ্ণ আলোচনালৈ স্বাগতম জনাইছো। আজিৰ আলোচনাত আমি ইংৰাজী ব্যাকৰণৰ List of Determiners আৰু ইয়াৰ কিছু ব্যৱহাৰ উদাহৰণৰ সৈতে আলোচনা কৰিবলৈ প্ৰয়াস কৰিছোঁ। আশা কৰোঁ এই লিখনিয়ে আপোনাক উপকাৰ কৰিব। আপুনি যদি Class 10 ৰ শিক্ষাৰ্থী তেন্তে আপুনি পঢ়াৰ ওপৰিও আনৰ সৈতে ভাগ বতৰা কৰক যাতে আনেও উপকৃত হব পাৰে।

ইয়াৰ আগতে আমি Assamese MediumEnglish Grammar ৰ আন আন বিষয় যেনে Articles, Sentences আদিৰ বিষয়ে সবিশেষ আলোচনা কৰিছোঁ, যদি আপুনি এতিয়াও পঢ়া নাই তেন্তে লিংকত ক্লিক কৰি এতিয়াই পঢ়িব পাৰে।


Determiners কি? List of Determiners ৰ কিছু উদাহৰণ দিয়া

যিবােৰ word, Noun ৰ আগত বহি Noun বােৰৰ countable, uncountable, নির্দিষ্ট-অনির্দিষ্ট আদি নিৰূপণ কৰে, সেইবােৰক Determiners বােলে। কিছুমান গুৰুত্বপূৰ্ণ List of Determiners হল some, any, many, much, more, lots of, a lot of, few, a few, the few, little, a little, the little, each, every, no, not, enough, plenty of ইত্যাদি।

ওপৰত উল্লেখ কৰা List of Determiners ৰ বিষয়ে আমি তলত উদাহৰণৰ সৈতে আলোচনা কৰিছোঁ।

List of determiners

Some ৰ ব্যৱহাৰ

সংখ্যা বা পৰিমাণ বুজাবলৈ countable আৰু uncountable দুয়ােবিধ Noun ৰ আগত some ৰ ব্যৱহাৰ কৰা হয়। যেনে –
There are some boys present in the class.
The man has bought some mangoes for his children.
The girl went to the market with some money.
Mother has put some more salt in the curry.

Note: সাধাৰণতে Assesrtive আৰু Affirmative Sentence অত ‘some’ ব্যৱহাৰ কৰা হয়।

Any ৰ ব্যৱহাৰ

সংখ্যা বা পৰিমাণ বুজাবলৈ countable আৰু uncountable দুয়ােবিধ Noun ৰ আগত সাধাৰনতে Negative আৰু Interrogative Sentence অত Any ৰ ব্যৱহাৰ কৰা হয়। যেনে-
Do you need any help from me?.
They did not know any man in this town.
I don’t have any friends here.
She can’t buy any books now.
Did they have any difficulty finding the house?

কিন্তু, কেতিয়াবা Interrogative আৰু Negative Sentence অতাে Some ৰ ব্যৱহাৰ হ’ব পাৰে। যেনে—
Can you lend me some money?
Some people don’t want wealth.

ঠিক তেনেদৰে Affirmative Sentence অতাে any ব্যৱহাৰ হ’ব পাৰে। যেনে-
Any man can do this work.
You can do anything you please.

Many ৰ ব্যৱহাৰ

সংখ্যা বুজাবলৈ countable plural noun অৰ আগত Many ৰ ব্যৱহাৰ কৰা হয়। Many ৰ সলনি lots of ও ব্যৱহাৰ কৰিব পাৰি। যেনে—
Many people attended the meeting.
They have many relatives in this city.
This book contains many chapters.

Much ৰ ব্যৱহাৰ

পৰিমাণ বুজাবলৈ uncountable noun ৰ আগত much ৰ ব্যৱহাৰ কৰা হয়, Much ৰ সলনি a lot of ৰ ব্যৱহাৰ কৰা হয়। যেনে—
A rich man has much/a lot of money.
The passenger has much/a lot of luggage with him.

More ৰ ব্যৱহাৰ

দুটাৰ মাজত তুলনা বুজাবলৈ more ব্যৱহাৰ কৰা হয়। যেনে-
She is much taller than her brother.
Raju is much wiser than Biju.
Tendulkar plays much better than any other cricketer in India.
Raju is more intelligent than Biju.
He got more help from his father than his mother.

Little, a little, the little ৰ ব্যৱহাৰ

সাধাৰনতে little, a little, the little কেৱল uncountable Singular Noun ৰ আগত ব্যৱহৃত হয়। ইয়াৰ বাহিৰে little, a little, the little ৰ আন আন ব্যৱহাৰ few, a few, the few ৰ সৈতে প্রায় একেই। little, a little, the little এ পৰিমানৰহে আভাস দিয়ে।

Little ৰ ব্যৱহাৰ

প্রায় নােহােৱা বা নথকা পৰিমাণ সূচাবলৈ little ব্যৱহাৰ হয়। যেনে-
There is little water in the pond.
He has little patience and so he gets irritated easily.
A poor man has little money to spare.

A little ৰ ব্যৱহাৰ

অলপ পৰিমাণ অর্থ a little ব্যৱহাৰ কৰা হয়। যেনে-
A little learning is a dangerous thing.
There is just a little milk in the jug.
Only a little help will be enough for me.

The little ৰ ব্যৱহাৰ

যি অলপ পৰিমাণ আছে তাৰে আটাইখিনিকে বুজাবলৈ the little ব্যৱহাৰ কৰা হয়। যেনে-
We should utilize the little intelligence that we possess.
I am very thankful to him for the little help he has offered to me.

Few, A few, The few ৰ ব্যৱহাৰ

সাধাৰণতে few, a few আৰু the few, এই তিনিওটা countable plural noun অৰ আগত ব্যৱহাৰ হয়।

Few ৰ ব্যৱহাৰ

Few প্রায় নথকা বা নােহােৱা অৰ্থত ব্যৱহাৰ কৰা হয়। যেনে-
I have few friends in this town.
Few men live to be one hundred.
The class was canceled because few students were present.
Few people were present and so the meeting was called off.

Note: Just আৰু only ৰ পিছত countable noun থাকিলে a few আৰু uncountable noun থাকিলে a little ব্যৱহাৰ হয়।

A few ৰ ব্যৱহাৰ

অলপ সংখ্যক অর্থত a few ব্যৱহাৰ কৰা হয়। just, only আৰু quite শব্দৰ পিছতাে a few ব্যৱহাৰ কৰা হয়। যেনে—
There are a few students present in the class today,
Only a few friends helped him in his distress.
Quite a few people supported the view.

The Few ৰ ব্যৱহাৰ

যি অলপ সংখ্যক আছে তাৰে আটাইকে বুজাবলৈ the few ব্যৱহাৰ কৰা হয়। যেনে-
The few friends I have are all poor.
Raju bought the few books, he needed.
The few apples he bought are all rotten.

Each আৰু Every ৰ ব্যৱহাৰ

দুটা বা তাতকৈ বেছিৰ ভিতৰত এটাক বুজাবলৈ Each, ব্যৱহাৰ কৰা হয়। যেনে—
Each of the two boys has bought a pen.

আনহাতে, দুটাতকৈ বেছিৰ ভিতৰত এটাক বুজাবলৈ every ব্যৱহাৰ কৰা হয়। যেনে—
Every boy in the class will get a prize.

Either আৰু Neither ৰ ব্যৱহাৰ

দুটাৰ এটা বা দুটাৰ প্ৰত্যেকটোকে বুজাবলৈ either ব্যৱহাৰ কৰা হয়। যেনে—
You may write it either with a pen or with a
The boy answered either of the questions.

আনহাতে, দুটাৰ কোনােটোকে নুবুজাবলৈ neither ব্যৱহাৰ কৰা হয়।যেনে –
Neither he nor his brother is guilty.
Both of the apples were rotten, he took neither.

Between আৰু Among ৰ ব্যৱহাৰ

দুটাৰ মাজত বুজাবলৈ between ৰ ব্যৱহাৰ কৰা হয়। যেনে
Abdul is sitting between Raju and Rahim.
Divide these mangoes between you two.

আনহাতে, দুটাতকৈ বেছিৰ মাজত বুজাবলৈ among ৰ ব্যৱহাৰ কৰা। যেনে –
Who among you can answer the question?
The boy distributed chocolates among his friends on his birthday.


Conclusion on List of Determiners

এতিয়ালৈকে আমি আজিৰ আলোচনাত List of determiners হিচাপে some, any, many, much, more, lots of, a lot of, few, a few, the few, little, a little, the little, each, every, no, not, enough, plenty of আদিৰ সবিশেষ আলোচনা কৰাৰ ওপৰিও উদাহৰণো কিছু দিবলৈ প্ৰয়াস কৰা হৈছে।

যদি আপোনাৰ আমাৰ লিখনি ভাল লাগিছে তেন্তে ইয়াক আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে ভাগ বতৰা কৰক। যদি আপোনাৰ কিবা প্ৰশ্ন থাকে তেন্তে Comment Section ত জনাব পাৰে। আমি যথা সময়ত উত্তৰ দিবলৈ প্ৰয়াস কৰিম। আপুনি ইচ্ছা কৰিলে Assamese Medium Facebook PageFollow কৰি আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ অব্যাহত ৰাখিব পাৰে।

1 thought on “List of Determiners আৰু ইয়াৰ কিছু ব্যৱহাৰ 2022”

Leave a Comment