Concepts of salt Class 10 Science | লৱনৰ ধাৰণা

এতিয়ালৈকে আমি দশম মান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ দ্বিতীয় অধ্যায় এছিড ক্ষাৰক আৰু লৱণৰ বিষয়ে সকলো কথাই আলোচনা কৰিলোঁ। এতিয়া আমি Concepts of salt Class 10 Science (লৱনৰ ধাৰণা) ৰ বিষয়ে আলোচনা কৰিম।

Assamese Medium ত আপোনালোকে বৰ্তমান Class 10 ৰ সকলো বিষয়ৰ ওপৰত সবিশেষ আলোচনা আৰু সম্পূৰ্ণ প্ৰশ্ন উত্তৰ পাব। আগলৈ আমি Class 9 বা Class 8 ৰ সকলো বিষয়ৰ ওপৰত সবিশেষ আলোচনা আৰু প্ৰশ্ন উত্তৰৰ সৈতে অতিৰিক্ত প্ৰশ্ন উত্তৰৰ PDF Notes ৰ যোগান ধৰিম।

Concepts of salt Class 10 Science

Concepts of salt Class 10 Science Chapter 2 | লৱনৰ ধাৰণা

আমি যদি একেবাৰে সহজ ভাষাত কব যাও তেন্তে সাধাৰণতে এছিড আৰু ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত লৱনৰ সৃষ্টিৰ লগতে পানী উৎপন্ন হয়।

এছিড + ক্ষাৰ ---------> লৱণ+ পানী

যেনে –

 HCl + NaOH ———- NaCl +H2O

এছিড আৰু ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা লৱণ কেতিয়াবা আম্লিক (Acidic Salt) , ক্ষাৰকীয় (Basic Salt) আৰু কেতিয়াবা প্ৰশম (Neutral Salt) হোৱা দেখা যায়।

১) তীব্ৰ এছিড + মৃদু ক্ষাৰ --------> আম্লিক লৱণ + পানী
2) মৃদু এছিড + তীব্ৰ ক্ষাৰ-------> ক্ষাৰকীয় লৱণ + পানী
3) তীব্ৰ/ মৃদু  এছিড +  তীব্ৰ/ মৃদু ক্ষাৰ -----> প্ৰশম লৱণ + পানী

বহু ৰাসায়নিক দ্ৰব্যৰ এবিধ কেঁচা সামগ্ৰী হিচাপে NaCl

খোৱা লৱণ (NaCl) ক বহুত ৰাসায়নিক দ্ৰব্য যেনে – ছডিয়াম হাইড্ৰক্সাইড(NaOH), বেকিং ছডা (NaHCO3) , ব্লিছিং পাউডাৰ(CaOCl2) , কাপোৰ ধোৱা ছডা (Na2CO3.10H2O) আদি প্ৰস্তুত কৰাৰ অন্যতম কেঁচা সামগ্ৰী।

আমি এতিয়া Sodium Hydroxide, Bleaching Powder, Baking Soda, Washing Soda আদিৰ প্ৰস্তুত প্ৰণালী আৰু ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিম।

ছডিয়াম হাইড্ৰক্সাইডৰ প্ৰস্তুত প্ৰণালী আৰু ব্যৱহাৰ

ব্ৰাইন (ছডিয়াম ক্লৰাইড জলীয় দ্ৰৱ) ৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে ই বিয়োজিত হৈ ছডিয়াম হাইড্ৰক্সাইড(Sodium Hydroxide, NaOH) উৎপন্ন হয়।

2NaCl+ 2H20 ——–> 2 NaOH + Cl2 + H2

ছডিয়াম হাইড্ৰক্সাইডৰ ব্যৱহাৰ (Use of Sodium Hydroxide)

1) ধাতুৰ পৰা গ্ৰীজ আঁতৰাবলৈ ব্যৱহাৰ কৰা হল ।

2) চাবোন আৰু অপদাৰ্থক প্ৰস্তুত ব্যৱহাৰ কৰা হয়।

3) কাগজ বা কৃত্ৰিম আঁহ প্ৰস্তুত কৰোঁতেও ছডিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰা হয়।

ব্লিছিং পাউডাৰৰ প্ৰস্তুত প্ৰণালী আৰু ব্যৱহাৰ

শুকান শিথলীত চূণ [ Ca(OH)2] ৰ লগত ক্লৰিনৰ (Cl2)  ক্ৰিয়াৰ ফলত ব্লিছিং পাউডাৰ উৎপন্ন হয়।

Ca (OH)2 + Cl2———-> CaOCl2+ H2O

ব্লিছিং পাউডাৰৰ ব্যৱহাৰ (Uses of Bleaching Powder)

1. কপাহী আৰু লিনেন কাপোৰ বিজৰিত কৰাত।

2. ৰাসায়নিক উদ্যোগত জাৰক পদাৰ্থ হিচাপে ব্লিছিং পাউডাৰৰ ব্যৱহাৰ কৰা হয়।

3. খোৱা পানী  বীজানুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয়।

বেকিং ছডাৰ প্ৰস্তুত প্ৰণালী আৰু ব্যৱহাৰ

ব্ৰাইন আৰু কাৰ্বন – ডাই – অক্সাইডৰ উপস্থিতিত এমনিয়া (NH3) ৰ বিক্ৰিয়া ঘটাই Amonium Chloride (NH4Cl) আৰু Sodium Hydro Carbonate (NaHCO3) প্ৰস্তুত কৰে আৰু এই  NaHCO3 ক  বেকিং ছডা বুলিও কোৱা হয়।

NaCl  +H2O+ CO2+ NH3 ——> NH4Cl+ NaHCO3

বেকিং ছডাৰ ব্যৱহাৰ Uses of Baking Soda

1. বেকিং পাউডাৰ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়।

2. অম্লনাশক প্ৰস্তুত কৰাৰ ব্যৱহাৰ কৰা হয়।

3. অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয়।

কাপোৰ ধোৱা ছডাৰ প্ৰস্তুত প্ৰণালী আৰু ব্যৱহাৰ

বেকিং ছডা (NaHCO3)  ক উত্তপ্ত কৰি ছডিয়াম কাৰ্বনেট (NaCO3) পোৱা যায়। ছডিয়াম কাৰ্বনেটৰ পূন: স্ফটিকৰণ ঘটালে কাপোৰ ধোৱা ছডা( NaCO3.10 H2O) প্ৰস্তুত কৰা হয়।

 NaCO3+ 10 H2O——-> Na2CO3.10H2O

কাপোৰ ধোৱা ছডাৰ ব্যৱহাৰ Uses of Washing Soda

1. ঘৰুৱা চাফাই কামত ব্যৱহাৰ কৰা হয়।

2. পানীৰ স্থানীয় কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

উপৰোক্ত আলোচনাত উল্লেখ কৰা কাপোৰ ধোৱা ছডাৰ সংকেতত (Na2CO3.10H2O) থকা  10H2O য়ে কি অৰ্থ বহন কৰিছে আপোনালোকে জানেনে ? ইয়াক সাধাৰণতে স্ফটিকাবদ্ধ জল (Crystalline Water) বোলে।

স্ফটিকাবদ্ধ জল হল লৱণ এটাৰ সংকেত এককত থকা নিৰ্দিষ্ট সংখ্যক পানীৰ অনু। এনেধৰণৰ উদাহৰণ বহুত আছে। যেনে – CuSO4.5H2O, Na2CO3.10H2O, CaSO4.2H2O

প্লাষ্টাৰ অৱ পেৰিচৰ প্ৰস্তুত প্ৰণালী আৰু ব্যৱহাৰ

জিপছাম CaSo4.2H2O)  ক 373 k উষ্ণতাত কৰিলে পানীৰ অনু হেৰুৱাই CaSo4.1/2H2O ত পৰিণত হয়। ইয়াক প্লাষ্টাৰ অৱ পেৰিচ বোলে।

CaSO4.2H2O ——-> CaSO4.1/2H2O + 1.1/2H2O

প্লাষ্টাৰ অৱ পেৰিচৰ ব্যৱহাৰ

1) ভগা হাড় ‍সঠিক স্থানত ধৰি ৰাখিবলৈ প্লাষ্টাৰ অৱ পেৰিচৰ ব্যৱহাৰ কৰা হয়।

2) পুতলা , ঘৰ সজা সামগ্ৰী আদি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়।

Important Questions for 2021 SEBA Exam

  1. ব্রাইন কি?
  2. ছডিয়াম হাইড্ৰক্সাইডৰ প্ৰস্তুত প্ৰণালী আৰু ব্যৱহাৰ উল্লেখ কৰা।
  3. ব্লিচিং পাউডাৰৰ প্ৰস্তুত প্ৰণালী আৰু ব্যৱহাৰ লিখা ।
  4. বেকিং ছডাৰ সংকেত কি ? ইয়াক কিদৰে প্ৰস্তুত কৰা হয় আৰু ব্যৱহাৰ উল্লেখ কৰা।
  5. কাপোৰ ধোৱা ছডাৰ ৰাসায়নিক সংকেত কি? ইয়াৰ প্ৰস্তুত প্ৰণালী আৰু ব্যৱহাৰ উল্লেখ কৰা।
  6. স্ফটিকাবদ্ধ জল কাক বোলে ? কেইটামান যৌগৰ উদাহৰন দিয়া ।
  7. প্লাষ্টাৰ অৱ পেৰিচ কাক বোলে ? ইয়াৰ ব্যৱহাৰ উল্লেখ কৰা ।

শেষ বাক্য: Concept of Salts Class 10 Science

Concepts of salt class 10 Science Assamese Medium ত আমি এতিয়ালৈকে আলোচনা কৰিলোঁ লৱণ কি বা বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ উৎপন্ন কৰাত ব্যৱহাৰ হোৱা খোৱা লৱনৰ প্ৰয়োজনীয়তা। NaCl ক পণ্য হিচাপে ব্যৱহাৰ কৰি কিদৰে  আদি প্ৰস্তুত কৰা হয় আৰু ইহঁতক কি কি কামত ব্যৱহাৰ কৰা হয়।

যদি আপুনি সম্পূৰ্ণ আলোচ্য বিষয় সমূহ বুজিব পৰিছে, তেন্তে HSLC 2022 SEBA Exam Questions কিছু আমি যোগ কৰিছোঁ, সেইখিনি ৰ উত্তৰ আপুনি কৰিব পাৰিব। যদি আপোনাৰ এই প্ৰশ্নৰ উত্তৰ লগা হৈ আছে তেন্তে Assamese Medium Facebook PageLike & Follow কৰিব পাৰে।

1 thought on “Concepts of salt Class 10 Science | লৱনৰ ধাৰণা”

Leave a Comment